লিমাৰিক -হৰিচন্দ্ৰ ডেকা
তপামূৰীয়া বৰুৱাই জুৰি লৈ হাল
ৰ’দৰ পোৰণিত লগাই তালফাল
থকা হ’লে জাপী এটা
সূৰ্য্য বেটা কোন কূটা
চহাই পেলালেহেঁতেন গোটেইগাল ৷
ৰাতিপুৱাই কালুৱে সিঁচি এটা খাৱৈ
ভৰদুপৰীয়া পালে মাত্ৰ এটা কাৱৈ
জুই একুৰা লৈ ধৰি
মাছটো খালে সি পুৰি
কালুৰ খক দেখি টিঙিৰিতুলা তাৱৈ ৷
খলিলে দোকানত নাৰাখে বেজী-সূতা
ৰাতি কিনিবলৈ গ’লে লাগে তাৰ মূতা
বেজী সূতা বেচি হেনো
ধনী হোৱা নাই কোনো
সিবোৰৰ সলনি ৰাখে চিলিম দুটা ৷
ধূতি পিন্ধি স্কুটী চলায় গাঁওবুঢ়াই
পোন্ধ যে চুঁচৰি আছে নাজানে খুড়াই
চকাত সোমাই ধূতি
পলকতে খালে লুটি
চকাটোৱে ধূতিখন পেলালে নুৰাই ৷
কচাইৰ গঁড়ালত দেখি কুকুৰটো
লেৰেলা পঠাৰ ঘূৰাই গ’ল মূৰটো
দেখি ছাগলীৰ দশা
কুকুৰে বুলিলে সখা
‘তলা মাৰি থৈছে দেখা নাইনে ঘৰটো?’
ৰাতি পুৱাই গঁড়ালৰ দুৱাৰ খুলি
মোৰ গল কাটি থ’ব হেঙাৰত তুলি
মোৰ মূৰটো কাটি লৈ
ছাগলী বুলি দিব থৈ
উৰুকাত খুৱাব লোকক খাহী বুলি ৷
বান্দৰ কেকোঁৱা ঘঁহি মলুৱা বান্দৰে
হায়ৈবিয়ৈ কৰি কান্দি মাটিত বাগৰে
খোৱা ফল বুলি ভাবি
কাঢ়ি আনিলে দি দাবী
যাৰ পৰা আনিলে সিহঁতৰ লগৰে ৷
নামৰ মাহ প্ৰসাদ খাই লাগে ভাল
দেউৱেহে নাখায় আদাৰ বৰ জাল
আদা খালে পাদা যায়
সেয়েহে কেনেকৈ খায়
আচল কথা কৈ কিয় খান্দি ল’ব খাল ?
পানীপুৰিত ভিৰ বেছি বিয়া-সবাহত
তত নাপায় দি, গিলে একে উশাহত
পিছফালে থকাবোৰে
নাকত সোপা দি মৰে
চেপি চেপি বায়ু এৰে যায় নিশাহত ৷
ফুচকৈ যোৱাটো হেনো ফুচকাৰে গোন্ধ
সেয়েহে হবলা সি খুলি লৈছিল পোন্ধ
ফুচকাৰ লগতে সি
এতিয়া বেচি আছে যি
ৰ’বই নোৱাৰিলে, এৰিয়ে দিলেচোন !
ইলেকচন আহিলে নেতাবোৰে বাৰু
নিজকে কেনেকৈনো কৰে ইমান সৰু
য’তে ত’তে খাই ভাত
তেতিয়া নাযায় জাত
জিকি উঠি খেদি যায় হাতত লৈ লৰু ৷
ফ্ৰিতে দিয়া বস্তু যেনিবা মাছৰ টোপ
লোভনীয় টোপ দেখি জ্ঞান পায় লোপ
ভোগ বিলাসত মজি
বৰশীত যায় বজি
খবৰে নাই চিকাৰী আছে যে লৈ জোপ ৷
কিনাৰামে কিনি থৈছিল একলহ দৈ
মাহটো খাব হেনো অলপ অলপকৈ
এমাহলৈ সাঁচোতে
এক সপ্তাহ পাছতে
পোকে বাহ সাজিলে দৈৰ কলহত গৈ ৷
শিয়াল এটা চুপি আছে হাঁহ খাবলৈ
চালাক বুঢ়ীয়েও দিয়া নাই নিবলৈ
তাক ধৰিবলৈ আজি
চুপি আছে ফান্দ সাজি
ফান্দত পৰিলেই তাক নিব জেললৈ ৷
লিমাৰিক শিকালে জানেনে বাৰু কোনে ?
খুঁটি-নাটি মাৰি ক’লে সুৰেন্দ্ৰ মোহনে
ছন্দৰ কথাও ক’লে
চৰণ ধ্বনি শিকালে
সুৰনো কেনেকৈ আহে ক’লে কাণে কাণে।
*******