শাহুৰ সংসাৰ,মূলঃ জান্নাতুল আক্ততাৰ মুন্নি,অনুবাদ-বিজয়া শৰ্মা
মই দক্ষিণ অঞ্চলৰ ছোৱালী।বিয়া হৈ যেতিয়া ওলোটা পথ ধৰি উত্তৰাঞ্চললৈ যাওঁ তেতিয়া মোৰ বয়স বিশ বছৰ। দেউতাৰ এজন সহকৰ্মীৰ পুত্ৰৰ লগত মোৰ বিয়া হয়। মোৰ স্বামী ৰিফাতৰ দেউতাকৰ যেতিয়া মৃত্যু হৈছিল ৰিফাত তেতিয়া প্ৰাথমিক স্কুলৰ ছাত্র আছিল।গতিকে ল’ৰাৰ মুখলৈ চাই শাহুৱেও দ্বিতীয়বাৰ বিয়াত নবহিল।ৰিফাতৰ কোনো ভাই-ভনী নাই।শাহুয়ে অকলেই ৰিফাতক মানুহ কৰিছে। মোৰ দেউতাই ভাবি চাই দেখিলে যে- একমাত্ৰ ল’ৰা, ননদ-দেৱৰৰ সমস্যা নাই।কেৱল মাত্ৰ মাৰ বয়সৰ শাহু। তাতে আমাৰ শাহু সাহসী, দৃঢ় মহিলা।দেউতাৰ তাতেই ভৰসা পাইছিল নিজৰ বিশ বছৰীয়া ছোৱালীক ইমান দূৰলৈ পঠাবলৈ। তাতে যি গৰাকী মহিলাই অকলেই এই সংসাৰ চম্ভালিছে, নিজৰ সন্তানক মানুহ কৰিছে, তেওঁ কেতিয়াও অবুজ হ’ব নোৱাৰে।সেয়েহে সাত পাঁচ নুগুণি ময়ো সন্মতি দি দিলোঁ বিয়া হ’বলৈ। কিন্তু খুব সোনকালে বুজি উঠিলোঁ এই ঘৰ,এই সংসাৰ মোৰ নহয়। আনকি মোৰ স্বামীও মোৰ নহয়, কেৱল মাত্ৰ শাহুৰ ল’ৰাহে।
আৰম্ভনিতেই শাহুয়ে মোৰ চকুত আঙুলি থৈ বুজাই দিলে যে তেওঁ ল’ৰাক অকলেই মানুহ কৰিছে, গতিকে ল’ৰাৰ ওপৰত অধিকাৰ তেওঁৰ আটাইতকৈ বেছি।ঘৰৰ কোনো কাম কৰিবলৈ মোক মানা কৰা নাছিল, কেৱল দিন আৰু ৰাতিৰ ভাত শাহুৱে বনাইছিলি। দুই বেলাতে ৰিফাতে আমাৰ লগতে খায়। দুপৰীয়া মই আৰু শাহু মায়ে খাওঁ। তেওঁৰ ল’ৰাই তেওঁৰ হাতৰ বাহিৰে বেলেগৰ হাতৰ হেনো সোৱাদ নাপায়।
ৰিফাতেও কোনো দিনে আগবাঢ়ি আহি মোৰ হাতেৰে খাব বিচৰা নাই। সেইকাৰণে মাৰ ঘৰতো মই কোনোদিন ৰিফাতক ৰান্ধি খুওৱা নাই। বিয়াৰ পাঁচ বছৰৰ পাছতো ৰিফাতে নাজানে মই চাহ বনোৱাৰ বাহিৰে ভাত বনাব জানো নে নাই। অফিচৰপৰা আহি ৰিফাতে কোনো দিন মোৰ কোঠাত নোসোমায়। অৱশ্যে ইয়াকে লৈ মই কোনো দিনে মন বেয়া কৰা নাই। অফিচৰ পৰা আহি সতেজ হৈ মাকৰ ওচৰলৈ গুচি যায়। ইয়াৰ পিছত মাক-পুতেকে চাহ-জলপান খাই গল্প কৰিব, টিভি চাব।
এদিন তেনেকৈ গল্প কৰি থাকোঁতে ময়ো সোমাই যোৱাত মোক দেখি শাহুৱে মুখ ক’লা কৰি ক’লে….
: তুমি আমাৰ কথা শুনিবলৈ কিয় আহিছা? ভাবিছা নেকি,তোমাৰ নামত ল’ৰাৰ কাণত বিষ ঢালিছোঁ বুলি। সেই কাম কৰি মই সংসাৰত অশান্তি কৰিব নোৱাৰোঁ নহয়!
শাহুৱে আৰু ক’লে…..
: গোটেই দিনটোৰ পিছত ল’ৰাৰ লগত অকণমান সময় কটাব বিচাৰিলেও তোমাৰ হিংসা হয় বোৱাৰী।
মই ক’লোঁ…..
: দিনটো অকলে থাকি আমনি লাগে কাৰণেহে মই আপোনালোকৰ লগত টিভি চাবলৈ আহিছিলোঁ।
শাহুয়ে ক’লে…….
: ইমান কষ্টৰে নাড়ী কাটি ডাঙৰ কৰা আমাৰ ধনটোক তুমি মোৰপৰা আঁতৰাই নিব বিচাৰিছা? ইমানেই যদি আমনি পোৱা মা আৰু ভনীৰ লগত কথা নাপাতা কিয়?
মই বিব্ৰত হ’লোঁ। ভুল ভাঙিবলৈ কিবা ক’বলৈ গ’লেও ৰিফাতে মনে মনে থাকিবলৈ কয়।
ইয়াৰ পিছৰপৰা মই কোনো সন্ধ্যাই তালৈ যোৱা নাই।ৰাতি ৰিফাতৰ লগত অলপ কথা পাতিব গ’লেও শাহুৰ উৎপাত আৰম্ভ হৈ যায়।
: ৰিফাত, সোনকালে নুশুলে কাইলৈ অফিচলৈ যোৱা দেৰি হৈ যাব।
ৰিফাতে মাকৰ কথা শুনি চুপচাপ শুই পৰে। ৰাতি সাৰে থাকি গল্প কৰা, ভৱিষ্যতক লৈ গল্প কৰা আৰু কেতিয়াও নহয়গৈ। মই হতাশাত বহি পৰোঁ।
এনেয়ো শাহু মায়ে মোৰ লগত বেছি কথা নাপাতে। কিন্তু মই অসুস্থ হ’লে ৰিফাতক মাৰ ৰুমলৈ পঠিয়াই শাহু মা মোৰ লগত শুবলৈ আহে। কাৰণ মোৰ সেৱা কৰিব আহি যদি তেওঁৰ পুত্ৰ অসুস্থ হয়!
গৰ্ভধাৰণৰ গোটেই সময়খিনিতো শাহুমায়ে মোৰ লগত শুইছিল, কাৰণ দেখুৱাইছিল এইবোৰ মাইকী মানুহৰ বেপাৰ,পুৰুষ মানুহে কি বুজিব? যদি কিবা হৈ যায়, সেইবাবেই তেওঁ মোৰ লগত থাকে।
এই সময়ত সকলো নাৰীৰে জীৱন মৰণ সমস্যা। মৃত্যু ভয় আৰু হ’ৰমোনেল চেঞ্জৰ কাৰণে মনলৈ নানা চিন্তা,ভাৱনা আহে।।গতিকে স্বামী কাষত থাকিলে কিছু ভৰষা পোৱা যায়।কিন্তু মই নাপালোঁ।
ৰিফাতে গমেই নাপালে এই সময়ত মোৰনো কি খাবলৈ মন যায়,আনকি বাথৰুমত কেইবাবাৰো মোৰ ঘূৰাই পৰিও গৈছোঁ। কেইবাৰ বমি কৰি নিজে চাফা কৰিছোঁ। আনকি নিহালে পেটত লঠীয়াওঁতে মোৰ কেনে অনুভূতি হয়,সেয়াও গম নাপায়। শাহুৱে প্ৰেচাৰৰ দৰৱ খাই মুখেৰে শব্দ কৰি গভীৰ টোপনিত শুই পৰে।
একমাত্ৰ পুত্ৰৰ ঘৰত একমাত্ৰ নাতি হোৱা স্বত্বেও নিহাল কেতিয়াও আইতাকৰ চকুৰ মণি হ’ব নোৱাৰিছিল। একমাত্ৰ নিহালৰ দেউতাকেই আইতাকৰ মৰমৰ দাবীদাৰ আছিল।
বছৰচেৰেক যোৱাৰ পিছত শাহুৰ লাহে লাহে কঁকালৰ জোৰ কমি আহে , আৰু মই ৰন্ধাৰ দায়িত্ব পালেও তেওঁৰ ইচ্ছা অনুযায়ী ৰান্ধিব লাগিছিল। কোনোদিন যদি নিজৰ ইচ্ছামতে কিবা ৰান্ধিছিলোঁ শাহুয়ে চুই চোৱাও নাছিল।
আলহী আহিলে কোন প্লেটত দিব লাগিব তাৰপৰা আৰম্ভ কৰি কোনো অনুষ্ঠানলৈ যাবলৈ হ’লেও মই আৰু নিহালে কি পিন্ধিম সকলো শাহুমাৰ নিৰ্দেশ মতে হৈছিল।
সকলোৱে কৈছিল, মোৰ ডাঙৰ ভাগ্য।কোনো বস্তুৰ অভাৱ নাই,কোনো চিন্তা নাই। আচলতে কাপোৰ কানি ,খোৱা-বোৱা একোতেই অভাৱ নাছিল। অভাৱ আছিল অধিকাৰৰ।
নিহাল এতিয়া ডাঙৰ কোম্পানীত কৰ্মৰত। দেউতাকে অৱসৰ লৈছে।এতিয়া মাজে মাজে ৰিফাতে দুপৰীয়া ভাত খাই মোৰ লগত গল্প কৰিব আহে। কিন্তু ভাত খাই উঠি দুপৰীয়া শোৱাৰ অভ্যাস মোৰ এই ঘৰতেই আহি আৰম্ভ হৈছিল।সেই অভ্যাসৰ শিকলি এতিয়া আৰু ছিঙিব বিচৰা নাই।
সিদিনা শাহুৱে আহি মোৰ হাতত সংসাৰৰ চাবি কোছা দি ক’লে……
: সংসাৰ মোৰ মতেই চলাব।
মই নল’লোঁ।এতিয়া আৰু মোৰ সংসাৰ কৰাৰ ইচ্ছা নাই।যি আছে মাত্ৰ দায়িত্ববোধ।
সন্মুখত নিহালৰ বিয়া।মাজে মাজে সংসাৰ জীৱনৰ পুৰণি কথাবোৰ ভাবি মই বৰ আতংকিত হৈ উঠোঁ। যদি ময়ো নজনাকৈয়ে শাহুৰ দৰেই হৈ উঠোঁ। সেই কাৰণে কোনো ৰিক্স নলৈ নিহালক মই কৈ দিছোঁ বোৱাৰীক লৈ ওপৰ মহলাত থাকিবলৈ।
নিহাল বুজা ল’ৰা।মাকক দেখি সকলো বুজি উঠিছে। সেইকাৰণে সি একো নক’লে।কিন্তু শাহুৱে আহি মুখতে ধৰিলেহি…….
: বিয়াৰ আগতেই ল’ৰা, বোৱাৰীক বেলেগ কৰি দিলা। কি ধৰণৰ মা তুমি?
মই মৃদু হাঁহি ক’লোঁ…..
: কেনেকৈ বেলেগ হ’ল মা, তেওঁলোকতো ওপৰতেই থাকিব।
শাহুয়ে মুখ ভেঙুচাই ক’লে…..
: এতিয়াই বোৱাৰী ইমান মূৰৰ ওপৰত উঠালে মূৰত কঁঠাল ভাঙি খাব। আৰম্ভণিৰ পৰা হাতত ৰাখা নহ’লে সংসাৰ উছন হ’ব।
মই একো নক’লোঁ। আগৰপৰাই যিহেতু একো কোৱা নাই। তেওঁ কেনেকৈ বুজিব এগৰাকী ছোৱালীয়ে কিমান সপোন লৈ শহুৰৰ ঘৰলৈ আহে নিজৰ এখন সংসাৰৰ আশাত। নিজৰ হাতৰ কিনা এখন চামুচো কিমান দামী। নিজৰ ইচ্ছাত লোৱা এটা সিদ্ধান্তই কিমান আত্মবিশ্বাস যোগায়।
মই গোটেই জীৱন শাহুৰ সংসাৰত ভাড়াতীয়া হিচাবেই থাকিলোঁ। গতিকে মই বিচৰা নাই মোৰ বোৱাৰীৰো তেনেকুৱাই হওক।
*******
10:44 PM
বৰ ভাল পালোঁ।ময়ো তেনেদৰেই কৰিছোঁ।