শিখণ্ডীৰ পত্নীৰ শেষ প্ৰাপ্তি-ৰঞ্জনা দত্ত

ৰীনা মাহীৰ মহা ঢুকুৱাৰ খবৰটো লুকীয়ে ছমাহমান আগতেই পাইছিল। ৰীনা মাহী লুকীৰ মাকৰ খুৰাকৰ ছোৱালী। তাইৰ মাক খুৰাকৰ পৰিয়ালটোৰ লগত একেলগে যৌথ পৰিয়ালত ডাঙৰ হোৱা বাবে ৰীনা মাহীহঁতক নিজৰ ভনীয়েকৰ দৰেই মৰম কৰিছিল। 

লুকীয়ে খবৰটো পাই মাহীয়েকলৈ দিল্লীৰপৰা ফোনযোগে খবৰ লৈছিল। মাহীয়েকে কোৱামতে মহাকে বৰ বেছিদিন ভুগিবলগীয়া নহ’ল। কেঞ্চাৰৰ একেবাৰে শেষ অৱস্থাতহে ধৰা পৰিছিল। হস্পিতালত দহদিনমান থকাৰ পাছতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰিলে। মাহীয়েকৰ জনা শুনা সকলোৱে এষাৰ কথাই ক’লে-

“গৈছে ভালেই হৈছে।মানুহটোৱে ওৰেটো জীৱন বৰ কষ্ট দিলে মানুহজনীক। এতিয়া শেষ দিন কেইটা অলপ শান্তিৰে যাওক।”

লুকীৰ মহাকৰ নাম বিৰেণ বৰুৱা। টিপটপ বগা ওখপাখ মানুহজনে চেম্পু কৰা চুলিখিনি মাজেৰে সেওঁতা ফালি এফালে ঢৌ তুলি ফণিয়াইছিল। তেওঁৰ ছোৱালীসুলভ কথা-বতৰা আৰু আচাৰ-ব্যৱহাৰৰ বাবে কলেজত পঢ়োতে তেওঁক লগৰবোৰে বিউটি বৰুৱা বুলিয়েই মাতিছিল। 

মাহীয়েকহঁতৰ তিনিগৰাকী বাই ভনীৰ ভিতৰত ৰীনা মাহী আছিল ডাঙৰ। ৰীনা মাহীৰ তলতে বীনা মাহী আৰু ইনা মাহী। ৰীনা মাহী পঢ়াশুনাত যথেষ্ট ভাল আছিল যদিও ভনীয়েক দুজনীৰ দৰে দেখাত ইমান চকুত লগা নাছিল।  বীনা মাহীৰ বিয়াখনো প্ৰায় ঠিক হোৱাৰদৰেই হৈ আছিল। ল’ৰাজন আছিল অষ্ট্ৰেলিয়াৰ ইউনিভাৰ্চিটি এখনৰ প্ৰফেছৰ। সেইবাবে দেউতাকে ডাঙৰ ছোৱালীজনীক আগতে উলিয়াই দিবৰ বাবে ব্যস্ত হৈ পৰিছিল। সেই সময়তে ৰীনা মাহীৰ বাবে বীৰেণ মহাৰ প্ৰস্তাৱটো আহিছিল। তেওঁৰ আচল ঘৰ যোৰহাটৰ ওচৰৰে গাওঁ এখনত। লুকীয়ে মাকৰ মুখত শুনিছিল ককাকে হেনো ল’ৰাজনৰ লগত কথাপাতি কৈছিল…..

“কিয় জানো মোৰ ল’ৰাজনক কিবা এটা একেবাৰে ভাল লগা নাই।”

আইতাকে ফেপেৰি পাতি ধৰিছিল…..

“ইমান অমায়িক ভাল ল’ৰাজনক নো কি বেয়া পাইছা তুমি?”

ককাকে  কিছু সন্দেহেৰে কৈছিল….

“অলপ বেছি তোষামোদকাৰী আৰু মেটেৰিয়েলিষ্টিক কথা বতৰা। আচৰণবোৰো যেন কিছু ছোৱালীসুলভ।”

দেউতাকৰ সন্দেহ মনতেই থাকিলে। ৰীনা মাহীৰ বিয়া দি উলিয়াই দিয়াৰ তিনিমাহৰ পিছতে বীনা মাহীও বিয়া হৈ বিদেশলৈ গুচি গ’ল। 

মাহীয়েকৰ বিয়াৰ সময়ত লুকী বেচ সৰু আছিল। মহাক চাকৰিসূত্ৰে কিছুবছৰ শ্বিলঙত থাকিবলগীয়া হোৱাত লুকীহঁতৰ নংগ্ৰীম হিলৰ ঘৰটোৰ বেচ ওচৰতে ঘৰ এটা ভাড়া লৈ আছিল। সুন্দৰকৈ সজাই পৰাই ৰখা মাহীয়েকহঁতৰ ধুনীয়া ঘৰটোৰ প্ৰতিটো বস্তুতেই সৌন্দৰ্য্যবোধৰ পৰিচয় পোৱা গৈছিল। লুকীহঁতৰ ঘৰৰ বেচ ওচৰতে থকা বাবে মাহীয়েকহঁতৰ ঘৰলৈ তাই খুব গৈছিল। মাকৰ লগত মাহীয়েকৰ কিতাপ, আলোচনী আৰু খোৱা বস্তুৰ বেচ আদান প্ৰদান চলিছিল আৰু লুকীয়ে কেতিয়াবা দিনে দুই তিনিবাৰমানো মাহীহঁতৰ ঘৰলৈ যাব লগা হৈছিল। তাইৰ চাগৈ তেতিয়া তেৰ বছৰ মান বয়স হৈছিল। মানুহৰ শাৰিৰীক সম্পৰ্ক আৰু ভাল বেয়া আদি কথাবোৰ কিছু বুজি পোৱা হৈছিল।

ইমান বছৰ পাৰ হৈ গ’ল যদিও সিদিনা দেখা দৃশ্যটো যেন তাই চকুৰ আগত এতিয়াও স্পষ্টকৈ দেখিবলৈ পায়। যোৰহাটৰ ঘৰত ককাক বেচ কিছুদিন ধৰি অসুস্থ হৈ আছিল। টেলিগ্ৰামযোগে তেওঁৰ চিৰিয়াছ বুলি খবৰটো পাই মাহীয়েক হঠাতে যোৰহাটৰ ঘৰলৈ যাবলগীয়া হৈছিল। মহাকৰ অফিচ আছে বাবে  মাহী অকলেই গৈছিল। সিদিনা ৰাতিপুৱা মাকে লুকীৰ হাতত মহাকৰ বাবে ষ্টিলৰ টিফিন বক্স এটাত  কিবা খোৱা দি পঠাইছিল। তাইৰ স্কুললৈ যাবলৈ দেৰি হৈছিল বাবে বাৰীৰ পিচফালৰ স্কোৱাছৰ চাংখনৰ তলৰ চমু ৰাস্তাটোৰেই মাহীহঁতৰ ঘৰলৈ পোনাইছিল আৰু পিছফালৰ দুৱাৰখন খোলা দেখি সেইফালেদি ভিতৰলৈ সোমাই গৈছিল। মাইকী মানুহৰ দৰে অদ্ভুত সাজপাৰ পিন্ধি ফোঁট লিপষ্টিক লগাই ড্ৰাইভাৰ পৰেশ দাদাক সাৱটি থকা মহাকক দেখি তাই খুব ভয় খাইছিল। মহাক পাগল হোৱা নাইতো? মনে মনে অহা বাটে তাই হাতৰ টিফিন বক্সটো হাততে লৈ আকৌ ঘূৰি আহিছিল। বাৰে বাৰে এটা শব্দই তাইৰ মনলৈ আহিছিল…..

“শিখণ্ডী।”

ৰীনামাহীৰ মহা তাৰমানে শিখণ্ডী!

হঠাতে শিখণ্ডী নামটো মনলৈ অহাৰো এটা কাৰণ আছিল।

সেই সময়ত মানুহবোৰ শ্বিলঙৰপৰা গুৱাহাটীলৈ গঁড়ৰ চিন থকা ৰঙা ট্ৰেন্সপোৰ্ট বাছবোৰত অহা যোৱা কৰিছিল। নংপোৰ বাছ আস্থানৰ ওচৰতে এজোপা ডাঙৰ গছ আছিল। বোধহয় আহঁত গছ। তাৰ কাষেৰে ভিতৰলৈ সোমাই যোৱা পকী ৰাস্তাটোত খাচিয়া মানুহবোৰে মাটিত কাপোৰ পাৰি বহি বাঁহ গাজ, কোমোৰা, জলকীয়া, ৰঙালাও , বাহেক তিতা, বেতগাজ আদি বস্তুবোৰ বিক্ৰী কৰিছিল। কেতিয়াবা কাছ আৰু পহুৰ মাংসও ডাঙৰ কলপাতত থৈ বিক্ৰী কৰিছিল। মাক দেউতাকে পহুৰ মাংস, বাঁহ গাজ আদি কিনাৰ সময়ত লুকীয়ে হাতত পইচা দুটামান লৈ ককায়েকৰ লগত ওচৰৰ মৰ্টনৰ দোকানখন পাইছিলগৈ। সেই দোকানখনৰ কাষৰ দোকানখনতে প্ৰথমবাৰৰ বাবে তেনে মানুহ এজন দেখিছিল। বেছ ওখ পাখ চিকুণকৈ দাড়ি খুৰোৱা মানুহটোৱে চকুত কাজল আৰু ডাঠকৈ চেলাউৰি আঁকি , গালত গুলপীয়াকৈ ৰ’জ পাউদাৰ সানি ওঁঠত কাঢ়াকৈ লিপষ্টিক লগাই বহি আছিল। তাইতকৈ এবছৰ ডাঙৰ ককায়েকে তাইক কৈছিল…………

“সেইটো শিখণ্ডী। মতাও নহয় মাইকীও নহয়। সিহঁত ল’ৰা যদিও নিজকে ছোৱালী সজাই ভাল পায়।”

স্কুলৰ বন্ধবোৰত শ্বিলঙৰপৰা ভৈয়ামলৈ অহা যোৱা কৰোঁতে নংপোৰ দোকানখনত বহি থকা মানুহটো লুকীয়ে সদায়েই দেখিছিল। 

কিন্তু মহাক কেনেকৈ শিখণ্ডী হ’ল? তেওঁ দেখোন মতা মানুহ। মহাই দেখোন মাহীয়েকক বিয়া কৰাইছে?

ঘৰলৈ ঘূৰি আহি টিফিন বক্সটো টেবুলত থৈ বেগটো কান্ধত ওলোমাই তাই স্কুললৈ দৌৰ মাৰিছিল। মাকৰ প্ৰশ্নৰ উত্তৰত দৌৰি যাওঁতে চিঞৰি চিঞৰি কৈ গৈছিল,

“ঘৰত কোনো নাই মা।”

লাহে লাহে লুকী ডাঙৰ হ’ল। কথাবোৰ আগতকৈ বহুত বুজি পোৱা হ’ল। মাহীয়েকে মাকৰ আগত ফুচফুচাই কোৱা কথাবোৰ দুৱাৰৰ আঁৰত লুকাই শুনি শুনি মহাকৰ প্ৰতি ঘৃণাত তাইৰ মনটো কোঁচ খাই পৰিছিল।

“বুজিছা বাইদেউ, তেওঁৰ বাবে মই হৈছো ভাত-পানী ৰন্ধা মানুহ। মোৰ শোৱাকোঠা একেবাৰে বেলেগ। ঘৰখনত নিজৰ ইচ্ছামতে এটা কামো কৰিব নোৱাৰো। আনকি পৰেশ আৰু পোৱালীয়েও মোক কেয়াৰ নকৰে। সিহঁতৰ অতপালিত ঘৰৰপৰা ওলাই গুচি যাম যেন লাগে।”

মাকে ভনীয়েকক কয়…….

“তই আছ কেনেকৈ সেইটোহে মই বুজি নাপাওঁ। তোৰ ইমানবোৰ পঢ়া শুনা আছে , বিচাৰিলে ভাল চাকৰিও পাবি।”

“তেওঁতো চাকৰিৰ নামেই নুশুনে। বৰ অহঙ্কাৰী মানুহ। মই চাকৰি কৰিলে তেওঁৰ হেনো ইজ্জত যাব।”

এটা সময়ত অতিষ্ঠ হৈ মাহীয়েকে গুচি যাব বুলি মনটো প্ৰায় স্থিৰ কৰিছিলেই। তেতিয়াই অঘটনতো ঘটিছিল।

মাহীয়েক সন্তানসম্ভৱা হ’ল! এডজাষ্ট কৰি ল’ম বুলি ভাবি মাহী তেওঁৰ লগত থাকিয়েই গ’ল। লুকীয়ে সৰুৰে পৰা এইবোৰ দেখি শুনি কলেজত পঢ়া সময়ত এই বিষয়ে কিছু পঢ়াশুনাও কৰিছিল। তেতিয়াই তাই পঢ়িছিল যে ভাৰত বৰ্ষত ৩% সমলিঙ্গকামী মানুহৰ বিপৰীতে প্ৰায় ৯% মানুহ বাই চেক্সুৱেল। এই বাই চেক্সুৱেল মানুহবোৰে সমলিঙ্গ আৰু বিপৰীত লিঙ্গ দুয়োৰে প্ৰতি সমান ভাৱে আসক্ত হয়। লুকীয়ে এইটো কথা ভালকৈ ধৰিব পাৰিছিল যে মহাক বাইচেক্সুৱেল আছিল যদিও তেওঁৰ সমলিঙ্গৰ প্ৰতি আসক্তি বেছি আছিল।  

ঘৰত মাহীয়েকৰ অৱস্থাৰ একো পৰিবৰ্তন হোৱা নাছিল। মহাক এনে এটা চৰকাৰী বিভাগৰ বিষয়া আছিল যিটোত টকা আছিল হাতৰ মলিৰ দৰে। দুখীয়া মানুহৰ মাটি-বাৰী আত্মসাৎ কৰি টকাৰ পাহাৰ গঢ়িছিল। সোণৰ গহনা আঙুঠি আদিৰ টোপোলা আনি ঘৰত জমা কৰিছিলহি। ডাঙৰ হোৱাৰ পিছত মাহীয়েকে লুকীৰ মাকৰ আগত কোৱা কথাবোৰত তায়ো ভাগ ল’ব পৰা হৈছিলগৈ।

“বাইদেউ সেইবোৰ কাৰোবাক টকা ধাৰলৈ দি বন্ধকত লোৱা গহনা যেন পাইছো। এইসোপা গোটাই কি কৰিব ভাবি নাপাওঁ জানা! দুখীয়া মানুহৰ শাও লাগি মৰিব।”

মাহীয়েকৰ লগত মানুহজনৰ মনোমালিন্য আৰু দূৰত্ব বাঢ়ি গৈছিল। বয়স বাঢ়িলেও মহাকৰ চখ একেই আছিল। দুখীয়া ঘৰৰ ল’ৰা এটা তেওঁৰ সহায়কাৰী হিচাবে আনি তাক কেইবছৰমান খুব খাতিৰ বাতিৰ কৰি ৰাখি গাঁৱত ছোৱালী চাই বিয়া-বাৰু পাতি মাটি সম্পত্তি দি বিদায় দিছিল। গাঁৱৰ পৰা নতুন ল’ৰা আহিছিল। আগৰদৰেই দুই এবছৰ খাতিৰ বাতিৰ কৰি ৰাখি গাঁৱলৈ পঠাই দিছিল। মাহীয়েকে ঘৰটোৰ একাষত থকা নিজৰ কোঠাত  কিতাপ আলোচনী, ঊল, চিলাই আদিৰ মাজতে ব্যস্ত থাকিবলৈ চেষ্টা কৰিছিল । 

মাহীয়েকৰ ছোৱালী জুপি ক্লাছ ফ’ৰৰপৰাই দাৰ্জিলিঙৰ স্কুল এখনৰ  হোষ্টেলত থাকি পঢ়িছিল। বন্ধত মাজে মাজে ঘৰলৈ আহে। তেনেকৈয়ে তাই কলেজ পালেগৈ। সৰুৰেপৰাই ঘৰৰ বাহিৰে বাহিৰে থকাৰ বাবেই চাগৈ ঘৰৰ প্ৰতি তাইৰ বিশেষ টান নাছিল। পঢ়া শুনাত বেচ ভাল আছিল বাবে ক্লাছ টুৱেলভ পাছ কৰিয়েই স্কলাৰশ্বিপ পাই বিদেশলৈ পঢ়িবলৈ গুচি গ’ল। তাতেই পঢ়াশুনা শেষ কৰি শ্ৰীলঙ্কাৰ আমেৰিকান ল’ৰা এজনৰ সতে বিয়া হৈ তাই এতিয়া আমেৰিকাৰ চিয়াটেল চহৰৰ বাসিন্দা।

দেউতাক ঢুকুৱাৰ খবৰটো পাই জুপি মাত্ৰ এসপ্তাহৰ বাবেহে আহিব পাৰিছিল। এইবাৰ ডিচেম্বৰৰ বন্ধটোৰ লগত আৰু দুদিনমান মিলাই এমাহমান মাকৰ লগত থকাকৈ আহিছে। লুকীও ঠাণ্ডাৰ বন্ধৰ বাবে অসমলৈ আহিছে বাবে মাহীয়েকৰ লগতে জুপিক লগ পাই যাওঁ বুলি ওলাই আহিছে। মহাকৰ হেনো ৰাজগড় অঞ্চলতে চাৰি টুকুৰামান মাটি আছে। ইয়াৰ উপৰি উলুবাৰীতো মহাকৰ দুই এটুকুৰা মাটি আছে । ক’লা টকাবোৰ থবলৈ ঠাই নোহোৱাত গুৱাহাটীৰ অ’ত ত’ত মাটি কিনি থৈছিল। কিছুমান মাটিৰ হেনো একো হিচাবেই নাই। শেষৰ ফালে তেওঁৰ লগত থকা বিশ্বাসী বুলি ভবা কাম কৰা ল’ৰা দুটাই বহুত মাটি হস্তগত কৰিলে। 

বৰ্তমান ৰাজগড় ৰাস্তাৰ এমূৰত থকা আহল বহল চৌহদটোৰ ভিতৰত এটা ডাঙৰ তিনি মহলীয়া ঘৰ। আগফালে ফুলনি আৰু ডাঙৰ ডাঙৰ গছ। দুই এজোপা গছ বেচ পুৰণি বুলি অনুমান কৰিব পাৰি। এই মাটিখিনি গুৱাহাটীৰ যথেষ্ট প্ৰতিপত্তিশালী মানুহ এজনৰ আছিল। মাটিখিনি কেনেকৈ মহাৰ হাতলৈ আহিল ভালদৰে কোনেও নাজানে। লুকী ঘৰটোলৈ পাঁচ বছৰমান আগতে এবাৰ আহিছিল। ৰীনা মাহীয়েক তেতিয়া দুতলাত থকা ডাঙৰ কোঠাটোত আছিল। দৰকাৰ নহ’লে তললৈ নানামিছিলেই। তলৰ সংসাৰখন আছিল মহাকৰ সংসাৰ। টেবুলৰ ফুলদানীত প্লাষ্টিকৰ ৰংচঙীয়া ফুল, পইচা দি কিনা কবি ,সাহিত্যিক, সমাজসেৱকৰ পুৰস্কাৰ ,বঁটা আৰু বেৰত আঁৰি থোৱা পুৰস্কাৰ লোৱা ফটো আদিৰ সতে ড্ৰইং ৰূমটোত সৌন্দৰ্য্যবোধৰ অভাৱ বাৰুকৈয়ে অনুভৱ হৈছিল। 

এতিয়া ঘৰটো আগতকৈ বহুত পৰিপাটি হ’ল। সেই শ্বিলঙত দেখাৰ দৰেই পৰিপাটি। এমব্ৰইডাৰী কৰা কুছন কভাৰ আৰু টেবুল ক্লথ, ফুলদানীত সতেজ ফুলৰ থোপা, এচুকত পৰিপাটিকৈ সজাই থোৱা সোণৰ দৰে চিকচিকাই থকা কাঁহ-পিতলৰ পুৰণি বাচন-বৰ্তন। মাহী আৰু জুপিয়ে মানুহ দুজনমানৰ লগত কথা পাতি আছিল। তাইক দেখি জুপিয়ে বহল হাঁহি এটা মাৰি ক’লে…….

“লুকীবা অকণমান বহা দেই। কামটো শেষ হ’বই আৰু।”

মাহীয়েকেও বহা ঠাইৰপৰাই তাইলৈ  চাই ধুনীয়াকৈ হাঁহি এটা মাৰিলে। মাহীয়েকক বহুত ভাল দেখিছে তাই। আগতকৈ শকত হৈছে বাবেই চাগৈ মুখখন আগতকৈ বহুত পোহৰ পোহৰ লাগিছে। মুখত এক প্ৰশান্তিৰ ভাব। উকীলৰ পোছাক পিন্ধা মানুহ এজনে কাগজ পত্ৰবোৰত মাহী আৰু জুপিৰ চাইন লৈ আঙুলিৰ চাপ ল’লে। যাবলৈ ওলাই দুজনমানে মাহীৰ ভৰি চুই সেৱাও কৰিলে, জুপিয়ে তেওঁলোকক  আগবঢ়াই দিবলৈ বাহিৰলৈ ওলাই গ’ল। 

মাহীয়েক তাইৰ কাষলৈ আহি  ক’লে……

“লুকী মনটোত বৰ শান্তি লাগিছে জান। আজি জু-ৰোডত থকা মাটি আঢ়ৈ কঠা নামঘৰৰ কাৰণে লিখি দিলো।”

জুপি বাহিৰৰপৰা আহি ওচৰতে বহি ল’লে। এমুখ হাঁহি বিয়পাই তাই ক’লে…..

“লুকীবা এই এমাহতে যিমান পাৰোঁ কৰি লওঁ। তাৰপৰাই কেইবাটাও ট্ৰাষ্টৰ লগত ফোন আৰু ই-মেইলযোগে কথা পাতি আছিলো। মায়েও বহুতখিনি কাম আগুৱাই থৈছে।”

“ কি কাম? মাটি বাৰী….?”

“ মাটি বাৰী, টকা, সোণ…কি ক’ম তোমাক। মাৰ বয়স হৈ আহিছে, মইতো একো নলওঁ বুলিয়েই শপত খাইছিলো। কি কৰিম এইবোৰেৰে? সেইকাৰণে অলপ অলপকৈ স্কুল, নামঘৰ, লাইব্ৰেৰী, অনাথ আশ্ৰম আদিৰ বাবে দি ফ্ৰী হ’ব খুজিছো।”

“মাহীক তোমাৰ লগত লৈ নোযোৱা কিয়?”

“মই কৈ কৈ ভাগৰিলো। মা গ’লেও এমাহৰ বেছি নাথাকে বোলে। ইয়াতে থাকি সমাজৰ বাবে যি পাৰে কিবা এটা কৰাৰ ইচ্ছা। গোটেই জীৱনটো নিজৰ ইচ্ছাৰে একো এটা কৰিব নোৱাৰিলে। এতিয়া নিজৰ মতে কৰি থাকক বুলিয়েই মই জোৰ কৰা নাই।”

মাহীয়ে কোনোবা এপাকত ভিতৰত গৈ চাহৰ কথা কৈ আহিছিলে চাগে। মৰম লগা বাগানীয়া ছোৱালী এজনীয়ে ট্ৰে এখনত ঘৰত কৰা বস্তুৰে ধুনীয়াকৈ সজাই-পৰাই চাহ দিলেহি।

মাহীয়েকে ক’লে……

“এইজনী পূৰ্ণিমা। মহাৰ ঢুকুৱাৰ পিছতেই আগৰ চাম বিদায় দিলো। এইৰ গিৰিয়েকটোৱে গাড়ীখন চলায়। এইজনী আকৌ বৰ কামিলা ছোৱালী। যিটোৱেই শিকাইছো এবাৰতে শিকি লৈছে। ঊলৰ চুৱেটাৰ গুঠিবলৈ শিকাইছো। ঊল কিনি আনি দিওঁ। আজিকালি এই চুৱেটাৰৰ অৰ্ডাৰো ল’ব পৰা হৈছে। হাতেৰে গুঠা চুৱেটাৰৰ যে এতিয়াও ইমান ডিমাণ্ড আছে ভবাই নাছিলো। গিৰিয়েকটোও বৰ ভাল।”

লুকী মাহীয়েকৰ ঘৰত বহু সময় বহিল। মাহীয়েকৰ উজলি থকা মুখখনত এক প্ৰশান্তিৰ ভাব বিৰিঙি আছিল। নিজৰ ঘৰত স্বাধীনভাৱে থকাৰ সুখকণ তেওঁ এতিয়াহে পাইছে।

মাহীয়েকৰ মুখখনলৈ চাই চাই লুকীয়ে নিজৰ মনতে কৈ উঠিল……..

“শিখণ্ডীৰ পত্নীৰ শেষ প্ৰাপ্তি…কি সুন্দৰ!!”

*******

One comment

  • Kumkum Devi Sarmabaruah

    ব্যতিক্ৰমী গল্পটো পঢ়ি বৰ ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *