শিশু(ছাত্ৰ-ছাত্ৰী), শিক্ষক আৰু অভিভাৱকক — এটি আলোকপাত:-চিত্ৰলেখা দেৱী

আজিকালিৰ শিক্ষা ব্যৱস্থাত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ লগত অভিভাৱকো সমানে জড়িত।এটি শিশুৰ বাবে ঘৰখনেই হৈছে প্ৰথম পঢ়াশালি। বিদ্যালয়লৈ যোৱাৰ আগৰ সময়ছোৱা শিশুটিয়ে মাক- দেউতাক তথা পৰিয়ালৰ আন আন আপোনসকলৰ লগত ডাঙৰ হোৱাৰ সুযোগ লাভ কৰে। পৰিয়ালৰ আন লোকসকলে যেনেদৰে আচৰণ কৰে শিশুটিয়েও তেনেদৰে আচৰণ কৰিবলৈ শিকে। কিয়নো, শিশু সদায় অনুকৰণপ্ৰিয় – পোহনীয়া ভাটৌ চৰাইৰ নিচিনা। চাৰিওফালে যেনে ধৰণৰ পৰিৱেশ দেখা পায়, শিশুটিয়ে তাৰ লগতে মিলি যাবলৈ চেষ্টা কৰে। এইখিনিতে “ৰজা আৰু ভাটৌ চৰাই”ৰ সাধুটো উনুকিয়াব পাৰি। ব্যাধৰ ঘৰৰ অসুস্থ পৰিৱেশত পালিত হোৱা ভাটৌটোৱে ৰজাক দেখা পাই “ধৰ- ধৰ, মাৰ-মাৰ” বুলি কৈছিল আনহাতে সাধুৰ ঘৰৰ সুস্থ পৰিৱেশত পালিত ভাটৌটোৱে “নমস্কাৰ— আহক, বহক” বুলি সম্ভাষণ জনাইছিল। এটি শিশুৱে বাস কৰা ঘৰখনৰ সকলোৱেই নিজৰ নিজৰ আচাৰ-ব্যৱহাৰ, কথা-বতৰাত সাৱধান হোৱা বাঞ্ছনীয়। নহ’লে ঘৰখনৰ প্ৰতিচ্ছবি শিশুটিয়ে পাছত বিদ্যালয়ত প্ৰতিফলিত কৰিব। 

বিদ্যালয়লৈ যোৱাৰ পাছত শিশুটি আগতকৈ এটা বহল পৰিসৰৰ সন্মুখীন হ’ব লগা হয়। এইখিনিতে শিক্ষক আৰু অভিভাৱক দুয়ো শিশুটিৰ সহায়ক হ’ব লাগে। বিদ্যালয়খনৰ পৰিৱেশত মিলিত হ’বলৈ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিমানখিনি কষ্ট স্বীকাৰ কৰিব লাগে তাক নিজ চকুৰে দেখা নাপালে বুজিব নোৱাৰি। নিজৰ মাক-দেউতাকে এটা শিশুকে চম্ভালি ৰাখিব নোৱাৰা ধৰণৰ অলেখ শিশুক নিয়ন্ত্ৰিত কৰি এইসকল শিক্ষকে লিখা-পঢ়াও শিকাব লগা হয়। লাহে লাহে ওপৰ শ্ৰেণীলৈ গৈ থকাৰ লগে লগে শিশুহঁতে বিদ্যালয়ত প্ৰচলিত বিভিন্ন অনুশাসন মানি আগুৱাব লগা হয়। এইখিনিতে অভিভাৱকৰ যথেষ্টখিনি কৰণীয় আছে। ‘বিদ্যালয়লৈ পঠিয়াইছোঁ, যি শিকাই শিকাব ‘ বুলি তেওঁলোকে আওকণীয়া মনোভাৱ পোষণ কৰিলে নহ’ব। আন ল’ৰা-ছোৱালীৰ লগত বন্ধুত্বপূৰ্ণ ব্যৱহাৰ কৰিবলৈ, শিক্ষাগুৰুক সন্মান কৰিবলৈ নিজৰ ঘৰখনতে শিকাব লাগিব। অভিভাৱকে যদি শিক্ষকৰ প্ৰতি অসন্মানজনক আচৰণ দেখুৱায়, সেইখন ঘৰৰ শিশুৱে শিক্ষকৰপৰা কেতিয়াও শিক্ষা আহৰণ কৰিব নোৱাৰে। বিদ্যালয়ৰ নিৰ্দিষ্ট অনুশাসন, বাৰে বাৰে বুজনিৰ পাছতো ভঙ্গ কৰা ছাত্ৰ বা ছাত্ৰীৰ ওপৰত কেতিয়াবা সাধাৰণ ধৰণৰ শাস্তিমূলক ব্যৱস্থা ল’বলগা হয়। এয়া সাধাৰণতে আন ছাত্ৰ ছাত্ৰীৰ বাবে আদৰ্শমূলক হয়। কোনো বিদ্যালয়ৰ কৰ্তৃপক্ষই নিবিচাৰে ছাত্ৰ ছাত্ৰীৰ ক্ষতি হোৱাতো, কিয়নো বিদ্যালয়ৰ বাবে এওঁলোকেই সম্পদ।এনে অৱস্থাত প্ৰায়ে অভিভাৱকক তেওঁলোকৰ সন্তানৰ বিষয়ে জনোৱা হয়। কিছুমান অভিভাৱকে বুজি পায় — কাৰণ, তেওঁলোকে নিজৰ সন্তানক চিনি পায়। সৰহভাগেই বিদ্যালয়ৰ কৰ্তৃপক্ষৰ মুখামুখি নহৈ বাহিৰে বাহিৰে বিদ্যালয়ৰ বিৰুদ্ধে বিষেদগাৰ প্ৰকাশ কৰে, আনকি কিছুমানে সামাজিক মাধ্যমৰো সহায় লৈ একোটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে।

আমাৰ সন্তানহঁত আমাৰ বাবে সদায় মৰমৰ, নিষ্পাপ…..সিহঁতে কেতিয়াও কাৰো অপকাৰ কৰিব নোৱাৰে, কোনো অপৰাধমূলক কাম কৰিব নোৱাৰে। এনে বিশ্বাসেই কেতিয়াবা সিহঁত বিপথগামী হোৱাত সহায় কৰে। আনে সিহঁতৰ ওপৰত কিবা অভিযোগ আনিলেও আমি বিশ্বাস নকৰোঁ ; তদুপৰি অভিযোগৰ সত্যাসত্য বিচাৰ কৰি নাচাওঁ। বৰঞ্চ, অভিযোগকাৰীৰ ওপৰতহে খৰ্গহস্ত হৈ পৰোঁ। আমাৰ এনে মনোভাৱত আমাৰ সন্তানে পুনৰ বিপথগামী হ’বলৈ আমাৰপৰা প্ৰশ্ৰয় লাভ কৰে। অৰ্থাৎ, আমাৰ সন্তান বিপথে যোৱাৰ বাবে আমিয়েই প্ৰথম দায়ী।

অধিক মৰমে, অধিক প্ৰশ্ৰয়ে শিশুৰ অনিষ্ট কৰে।  সিহঁতৰ সকলো আবদাৰ পূৰাবলৈ গ’লে এটা সময়ত এই আবদাৰে সীমা চেৰাই যাব।সামাজিক পৰিৱেশ তথা ঘৰৰ আৰ্থিক অৱস্থাৰ বিষয়ে সিহঁতক সম্যক ধাৰণা দিয়া উচিত। বিনাদ্বিধাই যোগান ধৰা  লাগতিয়াল-অলাগতিয়াল বস্তুবোৰে সিহঁতৰ হেঁপাহ ক্ৰমে বঢ়াই নি থাকে আৰু এটা সময়ত ইয়াৰ পাৰ্থক্য সিহঁতে ধৰিব নোৱাৰা হৈ পৰে। এনেকৈয়ে ছাত্ৰাৱস্থাতে সিহঁতৰ ধূমপান কৰা, মদ্যপান কৰা বা অন্য কোনো নিষিদ্ধ দ্ৰব্য সেৱন কৰা আদি অভ্যাসে গঢ় লৈ উঠে। কিছুমান অভিভাৱকৰ আকৌ নিজৰ সন্তানৰ মনৰ খবৰ লবলৈ আহৰি নাই।প্ৰতিযোগিতাৰ দৌৰত নিজেও দৌৰিছে, নিজৰ সন্তানকো দৌৰাইছে।তাল মিলাব নোৱাৰি শেষত মুখ থেকেচা খাই পৰিছে। 

আজিকালি শিক্ষক আৰু ছাত্ৰৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠিছে।এয়া সমাজৰ বাবে এক  সুখবৰ। পিছে, অতি বেছি সকলোতে বেয়া। আজিৰপৰা দুই /তিনি দশকৰ আগতে বাটে-পথে শিক্ষকক লগ পালে যি কাৰণতেই নহওক শিৰ নত কৰা ছাত্ৰ-ছাত্ৰীখিনিৰেই সন্তানে আজি শিক্ষকক নি:সংকোচে ক’ব পাৰে, “বা: বিন্দাচ লাগিছে দেই চাৰ/বাইদেউ এইটো ড্ৰেছত আজি আপোনাক”। ক্ৰমে ক্ৰমে শিক্ষকৰ প্ৰতি শ্ৰদ্ধা, ভক্তি হেৰাই গৈছে। দৰাচলতে আজিৰ এই যান্ত্ৰিক পৰিৱেশত এই শব্দ দুটাৰ স্থানেই নোহোৱা হৈ পৰিছে।  মোবাইল, লেপটপ হাতলৈ অহাৰ পিছৰপৰা মানুহৰ সৈতে মানুহৰ সম্পৰ্ক প্ৰায় শেষ হৈ পৰিছে। আজিৰ ল’ৰা-ছোৱালীবোৰ আবেগ-অনুভূতিহীন হৈ পৰা দেখা গৈছে, যাৰ বাবে চিৰ নমস্য শিক্ষাগুৰুক হত্যা কৰাৰ বাতৰিও আমি সহ্য কৰিব লগা হৈছে। আচলতে সমাজৰ এয়া এক অৱক্ষয়।

ছাত্ৰ-শিক্ষক-অভিভাৱকৰ মাজত ঘটা বিভিন্ন সংঘাতৰ বাবে আমি পোনছাটেই কাকো জগৰীয়া কৰিব নোৱাৰো। সমাজখন বিভিন্ন স্তৰেৰে আহি আহি বৰ্তমান এনে স্থানত উপৱিষ্ট হৈছেহি যে এতিয়া আমি আগতে নভবা যিকোনো ঘটনাই সুলভ হৈ পৰিব। মই কোনো সমাজবিদ নহয়, মনস্তত্ববিদতো নহয়েই। মই এগৰাকী নিচেই সাধাৰণ মাতৃ…..লগতে নামত শিক্ষয়িত্ৰী (এজন শিক্ষক হ’ব পৰা গুণবোৰ এতিয়াও আয়ত্ব কৰিব পৰা নাই–প্ৰচেষ্টাহে কৰিছো)। শিশুৰ লগত পাৰ কৰা সময়ৰ অভিজ্ঞতাৰপৰাহে এই যৎসামান্য কথা প্ৰকাশ কৰিবলৈ সাহস কৰিছো। ভৱিষ্যতৰ দেশৰ ধৰণীস্বৰূপ শিশুহঁতক সমাজৰ অশুভ শক্তিৰ কবলত পৰাৰ পৰা ৰক্ষা কৰি মানৱ সম্পদ হিচাপে গঢ়ি তোলা আমাৰ সকলোৰে কৰ্তব্য।

*******

One comment

  • Kumkum Devi Sarmabaruah

    অতি দৰকাৰী নিবন্ধ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *