শৰ-নন্দিতা ভাণ্ডাৰ কায়ষ্ঠ
সুকন্যাৰ গাটো দুদিন মানৰ পৰা ভাল নহয়।ভাল নহয় মানে দাঁতৰ বিষ।বিষে একেবাৰে মানুহজনীক জ্বলা-কলা কৰি মাৰিছে।কোনোমতেহে সংসাৰৰ লেঠাবোৰ চম্ভালি আছে।পেইন কিলাৰ খাইছে, আগতেই আনি থোৱা মাউথ ৱাছেৰে কুলকুলিও কৰিছে।সাময়িক আৰাম পায়। সেইকণ সময়তে কৰিবলগীয়া কামবোৰ কৰি আজৰি হয়।ধনকো সময় দিব পৰা নাই এইকেইদিন। মাকক খেলিবলৈ মাতি থাকে।নাহিলে মুখখন গোমোঠা কৰি বিছনাতে বাগৰি থাকে।সুকন্যাই আকৌ ল’ৰাকণৰ অভিমানো ভাঙিব লাগে। দেৱজিতে কেঁকাই থকা মৰমী পত্নীক কামত অৱশ্যে লাগি দিছে। সময়নো ক’ত পায়।ব্যক্তিগত খণ্ডৰ অফিচত কিমান কাম, চাকৰি কৰাজনেহে বুজি পাব।ৰাতিপুৱা চাৰে আঠ বজাত গৈ সন্ধিয়া সাত বজাতহে ঘৰ সোমায়।সুকন্যাক সহায় কৰি দিবলৈ ঘৰখনত দ্বিতীয় এগৰাকী মহিলাও নাই। চাকৰি সূত্ৰে দেবজিতে টাউনত থাকিবলৈ লোৱাৰ পিছত সুকন্যা আৰু ধনকো নিজৰ লগত লৈ আনে। বিহুৱে পূজাই গাঁৱৰ ঘৰত গৈ শাহু, শহুৰৰ মন ভাল লগাই আহে তিনিওটাই।
সুকন্যাই মাকৰ লগতে নিতৌ শাহুৱেকক ফোন কৰি গা-মনৰ খবৰ লয়।তাইৰ মাকেও ঘৰুৱা কামৰপৰা আজৰি হলেই একমাত্ৰ জীয়ৰীক ফোনটো লগাবলৈ উচপিচাই থাকে।বছৰেকত দুবাৰমানহে সুকন্যাৰ সৈতে দেখাদেখি হয়, সেয়েহে কথা পাতিয়েই মনটো ভাল লগায়।শাহুৱেকে পিছে সুকন্যাই ফোন কৰিলেহে কথা পাতে,নিজৰ ফালৰপৰা ফোন নকৰে।এইবোৰ কথা লৈ সুকন্যাই মূৰ ঘমাই নাথাকে।নিজৰ দায়িত্ব তাই ঠিকেই পালন কৰি আহিছে।
আজিও সুকন্যাৰ দেবজিত অহাৰ পিছত ৰুটি চাহ বনাই থাকোঁতে বিষটোৱে উক দিবলৈ ধৰে।কোনোমতে মানুহজনক খাবলৈ দি তাই বিছনা ধৰিলে।এইকেইদিন তাই দাঁতৰ বিষৰ বাবে কাৰো লগতে যোগাযোগ কৰিব পৰা নাই।মাকে ফোন কৰিলেও –
“ভালে আছোঁ দিয়া, তোমালোকে নিজৰ যত্ন ল’বা।বিষটোৱে বৰ আমনি কৰিছে।”…..বুলি কৈয়ে সংযোগ বিচ্ছিন্ন কৰে।
দেবজিতে কাপ-প্লেট ধুই সুকন্যাৰ ওচৰতে বহিল।
: বিষটো কমাই নাই ন??
: নাই কমা।সেহাই কয় সুকন্যাই।
মায়ে ফোন কৰিছিল।তোমাৰ দাঁতৰ বিষ বুলি কৈছোঁ।গমেই পোৱা নাই হেনো। তুমি কোৱা নাই নেকি মাক??
: ইমান বিষ, কথা পাতিবলৈকে মন নাযায়। কি আৰু ফোন কৰিম??
: হ’লেও তুমি এবাৰ খবৰটো দিব লাগিছিল।
: তুমি জনাইছা নহয়। হ’ব আৰু গম পালেতো।
: তথাপি, তুমি কোৱাহেঁতেন ভাল পালেহেঁতেন।এনেও তুমি মানত সৰু।দুই মিনিটৰ বাবে ফোন কৰি জনাব পাৰিলাহেঁতেন।এতিয়াও ফোন এটা কৰাচোন।
দেবজিতৰ লগত তৰ্কত লিপ্ত নহৈ সুকন্যাই শাহুৱেকক ফোন লগাই নিজৰ বিষৰ কথাটো অবগত কৰিলে। তেখেতে নিজৰ জ্ঞানৰ ভিত্তিত সুকন্যাক ঘৰুৱা দিহা কিছুমান দিলে।তায়ো ‘হ’ব দিয়ক কৰিম বাৰু, আপোনালোক ভালে থাকিব’….. বুলি কৈ ফোনালাপ সামৰিলে। তিনিদিন নৰক যন্ত্ৰণাসম বিষৰ পিছত সুকন্যাই যেনিবা আৰোগ্য লাভ কৰে।
দুমাহৰ পিছৰ কথা।জেঠমহীয়া প্ৰচণ্ড ৰ’দৰ পিছতে আবেলি ধৰাৰ বুকুলৈ মূষলধাৰ বৰষুণ এজাক নামি আহিল।ৰাতিপুৱা ফৰকাল বতৰ হোৱা বাবে দেবজিতে অফিচলৈ ছাতি নিয়া নাছিল।অকস্মাতে অহা বৰষুণত বৰ বেয়াকৈ তিতিল দেবজিত। টেম্পোৰপৰা নামি ঘৰলৈ পাঁচ মিনিটৰ বাট।সেইকণ ৰাস্তা খোজকাঢ়ি আহোঁতে গোটেই মানু্হটো বৰষুণত বান্দৰ ভিজা দি ভিজিল। ৰাতিৰ পৰা হাঁচি আৰম্ভ হ’ল আৰু শেষ ৰাতি কঁপি কঁপি মানুহজনৰ জ্বৰ উঠিলে।কুচি মুচি শুই থকা দেবজিতৰ কপালত হাত দি সুকন্যা চক খাই উঠে।লগে লগে পেৰাচিটামল এটা খুৱাই দিয়ে মানুহজনক।পিছদিনাখনো দিনটো এৰি এৰি জ্বৰ উঠিয়ে থাকিল। সুকন্যাই দেবজিতৰ সকলো প্ৰকাৰে যত্ন ল’লে। গৰম পানী কৰি দিয়া,নহৰু তেল মালিচ দিয়া, সময়ে সময়ে লাল চাহ বনাই দি অলপ হ’লেও সকাহ যোগালে মানুহজনক।সন্ধিয়াৰ পিছত জ্বৰটো কমিব ধৰিলে।
দুদিন ছুটী লৈ ঘৰতে থাকিল দেবজিত।সুকন্যাই মাকৰ লগতে শাহুৱেককো স্বামীৰ বেমাৰৰ খবৰ দিলে। ল’ৰাৰ বেমাৰৰ কথা শুনি মাকৰ মুখ শুকাই গৈছে। কেইবাবাৰো ফোন কৰিছে দেবজিতক।
আবেলি আগফালৰ বাৰান্দাখনতে অলপ বহিলে দেবজিতে। সুকন্যাই মাকৰ লগত ফোনত কথা পাতিছে। বাহিৰত বহি থাকিলেও দেবজিতে মাক-জীয়েকৰ কথোপকথন ভালকৈয়ে শুনিলে।হয় দুয়ো গৰাকীয়ে দেবজিতৰ অসুখৰ কথাই পাতি আছে।কথা সামৰি সুকন্যাই বাহিৰত বহি থকা দেবজিতৰ বাবে মেৰিগল্ড বিস্কুটৰ সৈতে একাপ ৰঙা চাহ আনি দিলে।নিজৰ বাবেও একাপ হাতত ল’লে। চাহ খোৱাৰ মাজতে দেবজিতে শাহুৱেকে ফোন কৰাৰ কথা উলিয়ালে……
: মোৰ বেমাৰ বুলি মাক কৈছা নে?
: অ’হ কৈছোঁ আকৌ।তোমাৰ সকলো খবৰে জনাওঁ মাক।
চমু উত্তৰ সুকন্যাৰ।
মায়ে মোকটো ফোন কৰি খবৰ এটা ল’ব পাৰিলে হয়।
দেবজিতৰ মাতত অলপ অভিমান ফুটি উঠে।
: অ’ আই।তোমাৰ খবৰ লোৱা বুলি চোন ক’লোৱেই মই। আৰু তোমাৰ পানী লগা জ্বৰহে। এইখিনি সময়ত বহুতৰে হয়েই এনেকুৱা।আৰু এটা কথা, তুমি মাতকৈ মানত সৰু।তুমিও খবৰটো দিব পাৰা। মোৰ অসুখ হ’লে মই জনাওঁ দেখোন।নহয় জানো? ৰ’বা মই তোমাৰ ফোনটো আনি দিওঁ। মাৰ লগত কথা পাতিবা।
সুকন্যাই ভিতৰৰ পৰা ফোনটো আনি দেবজিতৰ হাতত দিয়ে।
: তুমি কথা পাতাচোন। মই বাচনকেইটা আওখালি আনো।কাপ-প্লেটবোৰ ট্ৰে এখনত উঠাই সুকন্যা পাকঘৰলৈ খোজ ল’লে।
দেবজিতে সুকন্যা যোৱাৰ পিনে কিছুপৰ চাই থাকিল।দেবজিতে ঠিকেই বুজিলে সুকন্যালৈ যি পাত শৰ প্ৰয়োগ কৰিছিল,সেইপাত শৰ আজি তালৈকে ওভতি আহিছে। দুৰ্বল লাগি থকা হেতুকে কথা পাতিবলৈ অনিচ্ছা সত্বেও দেবজিতে শাহুৱেকৰ নম্বৰ ডায়েল কৰিলে ৭২৫………
*******
6:46 PM
হয় দেই। ভাল লাগিল।