সংখ্যাটোৰ আঁৰৰ কথা

আজি দুমাহমান আগৰ কথা, এদিন অৰবিন্দ গোস্বামী দাদাই ফোন কৰিলে। মাজে মাজে ‘শব্দচিত্ৰ’ গোটৰ কথা বা ইটো সিটো ঘৰুৱা কথা লৈও কথা পতা হৈ থাকে কিন্তু সিদিনা ফোন কৰিয়েই দাদাই ক’লে, 

“ৰাজশ্ৰী, তুমি আমাৰ জুলাই,২০২৪ সংখ্যাৰ আলোচনীখন সম্পাদনা কৰিব লাগিব নহয়!” 

মই বোলো দাদা, ক্ষমা কৰক। মোৰদ্বাৰা এই গুৰু দায়িত্ব বহন কৰা সম্ভৱ নহয়েই। গোটতোত সময় দিব নোৱাৰোঁ আজিকালি সাংসাৰিক ব্যস্ততাৰ কাৰণে। কিন্তু তেওঁ অভয়দান দি লেখা বিচাৰি অনা তথা আন আন গোটেই কামবোৰৰ ভাৰ নিজৰ কান্ধলৈ লৈ মোক আগবাঢ়িবলৈ সাহস দিলে।এই ছেগতে অৰবিন্দ গোস্বামী দাদালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। তেওঁ সাহস নিদিয়া হ’লে একো কামেই নহ’ল হয়। 

গোহাৰিখন গোটত দিয়াৰ পিছতেই আহিল সাক্ষাৎকাৰৰ কথা।এই ক্ষেত্ৰত সহায় কৰিলে কুমকুম দেৱী শৰ্মা বৰুৱা বাইদেৱে। বাইদেৱে কেনেকৈ আগবাঢ়িলে ভাল হ’ব তাৰে মাৰ্গদৰ্শক হৈ সহায় কৰিলে আমাক। সাক্ষাৎকাৰটো যুগুতালে মহেশ দাস মহাশয়ে। তেখেত দুয়োগৰাকীলৈ আন্তৰিক ধন্যবাদ থাকিল।

লেখাৰ ক্ষেত্ৰত ক’বলৈ গ’লে প্ৰথমটো লেখাই আহিল আমাৰ সকলোৰে পৰিচিত সকলোৰে মৰমৰ দেবজিৎ শৰ্মা দাদাৰপৰা। “শব্দচিত্ৰ গোট”ৰ তথা আলোচনীখন প্ৰকাশ কৰাত এখেতৰ অৱদান অতিকৈ গুৰুত্বপূৰ্ণ। যিকোনো সমস্যা এটা আহিলেই ৰাতি দিন নাচাই মেচেজ বা ফোন কৰিবপৰা মানুহজনেই দেবজিত দাদা।তেখেতৰ কবিতাটোৰেই লেখা জমাৰ শুভাৰম্ভণি ঘটিল। যিহেতু যিকোনো ধৰণৰ আলোচনী এখন প্ৰকাশ পাবলৈ লিখকসকল অতিকৈ গুৰুত্বপূৰ্ণ, ‘শব্দচিত্ৰ’ গোটৰ সদস্য-সদস্যা তথা সকলো লিখকলৈ ইয়াৰ জৰিয়তেই ধন্যবাদ আৰু সেৱা আগবঢ়ালোঁ। 

আমাৰ গোটৰ প্ৰশাসক সকল সৰ্বশ্ৰী অৰবিন্দ গোস্বামী দাদা, কুঞ্জ খাউণ্ড বাইদেউ, কাবেৰী মহন্ত বা, উপাসা ভাগৱতী বাইদেউ, সমুজ্জ্বল কাশ্যপ দাদা, কুশল মহন্ত, চাহিন জাফ্ৰি, সমীৰণ শৰ্মা, বৰষা ডেকা, জ্যোৎস্নাৰাণী দাস সকলোকে সমূহীয়াকৈ ধন্যবাদ জনালোঁ। সকলোৱে আন্তৰিকতাৰে সহায়-সহযোগিতা আগবঢ়োৱাৰ লগতে সুন্দৰকৈ বিভিন্ন দিশত পৰামৰ্শ আগবঢ়ালে। 

এইখিনিতে বিশেষভাৱে উল্লেখ কৰিব বিচাৰিছোঁ আমাৰ বৰ্ণাশুদ্ধি টীমটোৰ কথা। মাতু কুকুৰাচোৱা বা, বৰষা, চাহিন তিনিও অতি ক্ষিপ্ৰতাৰে তথা অতিকৈ পাৰদৰ্শিতাৰে গোটেইখিনি বৰ্ণাশুদ্ধি নিৰ্দিষ্ট সময়ৰ ভিতৰতে কৰি দিলে।প্ৰাঞ্জল প্ৰতিম বৰা দাদাই বৰ্তমান ঋতুৰ সৈতে সংগতি ৰক্ষা কৰি সুন্দৰ বেটুপাত প্ৰস্তুত কৰি দিয়া বাবে তেখেতকৈ আন্তৰিকতাৰে ধন্যবাদ জনালোঁ।আলোচনীখনৰ সৈতে বিভিন্ন ক্ষেত্ৰত জড়িতসকলৰ কৰ্মস্পৃহা তথা দক্ষতা অতিকৈ প্ৰশংসনীয়। ইলি তালুকদাৰ বাইদেউৰ শাৰীৰিক অসুস্থতাৰ হেতু তেখেতে আনবাৰৰ দৰে কষ্ট কৰিব নোৱাৰিলেও আমাক বিভিন্ন দিহা পৰামৰ্শেৰে সমৃদ্ধ কৰি তুলিলে। তেখেতলৈ আমাৰ সেৱা আগবঢ়াই সুস্বাস্থ্যৰ কামনা কৰিলোঁ। 

যিকোনো এখন কিতাপ বা আলোচনী তেতিয়াই সফল হয়,যেতিয়া পঢ়ুৱৈ সমাজে তাক আঁকোৱালি লয়। শব্দচিত্ৰ গোটৰ ই- আলোচনীখনে দুটা বছৰ ইতিমধ্যে অতিক্ৰম কৰি তৃতীয় বছৰৰো কেইঢাপমান পাৰ হ’বলৈ ওলাইছে। পাঠকৰ সহায়-সহযোগিতা তথা যোগাত্মক সমালোচনাইহে আমাক ভৱিষ্যতলৈও আলোচনীখনৰ উন্নতিৰ দিশত আগবঢ়াই নিব। সমূহ পাঠকক এই ছেগতে আন্তৰিক ধন্যবাদ তথা সেৱা জনালোঁ। আপোনালোকৰ মৰমেই আমাক সাহস গোটাবলৈ প্ৰেৰণা যোগাইছে। 

সৰ্বশেষত ঘৰত মোক আলোচনীখনৰ কাম কৰিবলৈ সময় উলিয়াই দিবলৈ ঘৰুৱা দায়িত্ব কিছু নিজৰ কান্ধত তুলি লোৱা বাবে মোৰ স্বামী ৰণেন শৰ্মা আৰু ‘মায়ে এতিয়া লিখি আছে’ বোলোতে অসুবিধা নকৰি সহায় কৰা বাবে জীয়ৰী দুজনীলৈও ধন্যবাদ। 

আশা কৰোঁ এইটো সংখ্যাও আপোনালোকে আঁকোৱালি ল’ব আৰু যিকোনো ভুল ভ্ৰান্তি তথা ত্ৰুটী সমূহ আঙুলিয়াই দিবলৈ কুণ্ঠাবোধ নকৰে যেন।  আটাইলৈকে ধন্যবাদ জনালোঁ।

ৰাজশ্ৰী শৰ্মা

সম্পাদিকা

শব্দচিত্ৰ_জীৱন জিজ্ঞাসা

(তৃতীয় বৰ্ষ,তৃতীয় সংখ্যা)

*******

Leave a Reply

Your email address will not be published. Required fields are marked *