সপোনবোৰ নিৰৱে নিগৰে-বৰষা ডেকা
যন্ত্রণাকাতৰ হৃদয়খনত কিনো সপোন জাগিব
সপোন ৰচিবলৈ ভয়েই লগা হ’ল,
সপোনবোৰ সাৰ্থক নহয় বুলি
সপোনৰ পিছত দৌৰিবলৈও হেঁপাহ নোহোৱা হ’ল।।
অশ্ৰু বৈ থকা দুচকুত
সজল চাৱনিও নোহোৱা হ’ল
ক্লান্ত হৈ ৰওঁ; যেতিয়া অবুজ ভাষাবোৰে হেঁচা মাৰি ধৰে,
মন গহ্বৰত খলকনি তুলি থকা
ইচ্ছাবোৰ দেখোন তাণ্ডৱ ধুমুহাৰ গতি ল’বলৈ ধৰিলে।।
সপোনবোৰ নিৰৱে নিৰলে কোনোবা অজান দেশলৈ গুচি গ’ল
একেবাৰেই উভতি নহাৰ বাটেৰে,
জ্বলি পুৰি ছাই হৈ যোৱা সপোনবোৰৰ বাবেই
যেতিয়াই তেতিয়াই শিতানৰ গাৰুটিও তিতি যোৱা হ’ল
মাথোঁ মনত জাগিহে উঠে যে মোৰ সপোনবোৰ ক’লৈ গ’ল
এনেদৰেই মোকো একো নজনোৱাকৈয়ে।।
*******