সম্পাদকীয়

জয়জয়তে ‘শব্দচিত্ৰ – জীৱন জিজ্ঞাসা” ই-আলোচনীৰ লগত জড়িত সমূহ কলা কুশলী তথা প্ৰশাসক আৰু গোটৰ সদস্য সদস্যালৈ অশেষ ধন্যবাদ আৰু সেৱা আগবঢ়াইছো।

এই সম্পাদকীয়টো লিখি থকা সময়তেই  আমাৰ অসম প্ৰদেশত বানপানীৰ সংহাৰী ৰূপ পুনৰবাৰ দেখিবলৈ পোৱা গৈছে। বানপানী আৰু অসমৰ বহুত পুৰণি সম্পৰ্ক। বছৰি বান আহে, মথাউৰি ভাগে। চহা মানুহ আৰু ঘৰচীয়া,বনৰীয়া জীৱ-জন্তুৰ দুখ কুলাই পাচিয়ে নধৰা হয়। বৰষুণ এজাকৰ আশাত ফাগুন চ’ত মাহত হামৰাও কাঢ়ি ফুৰা মানুহেই আকৌ আহাৰত বৰষুণ নাহিবলৈ প্ৰাৰ্থনা জনায় কেৱল বানপানীৰ বাবেই। মন্ত্ৰী-আমোলাই বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰে, সাহায্যও আগবঢ়ায় কিন্তু সেয়া পৰ্য্যাপ্ত নহয়। দুবেলা দুমুঠি আহাৰ যুগুতোৱাৰ চিন্তাত জুৰুলা সাধাৰণ মানুহৰ বৈষয়িক উন্নতিৰ দিশত আগবঢ়া হৈ নুঠে। আজি বিজ্ঞান প্ৰযুক্তিৰ সহায়ত আমি দূৰ দিগন্তত পৃথিৱী সদৃশ বাসোপযুক্ত গ্ৰহৰ সন্ধান কৰিছোঁ, কিন্তু আমাৰ নিজৰ পৃথিৱীখনকেই তিল তিলকৈ মৃত্যুৰ মুখলৈ আগবঢ়াই দিছোঁ। প্ৰাকৃতিক দূৰ্য্যোগৰ আগত কোনেও একো কৰিব নোৱাৰে কিন্তু সঠিক বিজ্ঞান মনস্কতাৰে আগবাঢ়িলে আমি নিশ্চয় সমাগত ভৱিষ্যতত বানপানী বা অন্য দূৰ্য্যোগৰ সৈতে মোকাবিলা কৰিব পাৰিম। ইয়াৰ বাবে আমাক কেৱল লাগে চৰকাৰী সদিচ্ছা আৰু শক্তিশালী জনগাঁথনি। সৰ্বসাধাৰণৰ বাবে চিন্তা কৰা জন প্ৰতিনিধিৰ অভাৱ অসমৰ জাতীয় সংহতিৰ বাবেই দুৰ্ভাগ্যজনক, লংকালৈ যিয়ে যায় সিয়েই ৰাৱণ যাতে নহয় তাৰ উদাহৰণ দাঙি ধৰিবলৈ আমাৰ মন্ত্ৰী আমোলাসকলে চকু দিয়া উচিত।

চৰকাৰী সদিচ্ছা তথা শক্তিশালী চৰকাৰৰদ্বাৰা বহুতো অসাধ্য সাধন কৰিব পাৰি। আমাৰ অসমতে চৰকাৰে ক্ষিপ্ৰতাৰে লোৱা নীতি আৰু কৰ্মৰ আভাস দেখিবলৈ পাইছিলোঁ ক’ভিদ কালত। ক’ভিদ কালত চৰকাৰে যিটো দক্ষতাৰে সমস্যাৰ সৈতে যুজঁ দি পৰিস্থিতি নিয়ন্ত্ৰণাধীন কৰি ৰাখিলে তাৰ শলাগ ল’বই লাগিব। তেনেদৰেই বানপানীৰ আগে আগে নদী জান- জুৰিসমূহ খান্দি বা চাফা কৰি উলিয়াব পাৰি। চহৰাঞ্চলত নলা-নৰ্দমাৰ সুব্যৱস্থা কৰি তাত ঢাকোন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে কোনো মানুহেই দুৰ্ঘটনাগ্ৰস্ত নহয়। গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে ভূতত্ত্ববিদ আৰু সংশ্লিষ্ট বিষয়ববীয়াসকলে এক স্থায়ী সমাধানৰ বাট মুকলি কৰি উলিয়াব লাগে। নদীৰ পাৰত বৃক্ষ ৰোপণ কৰিও ভৱিষ্যতলৈ সুৰক্ষা প্ৰদান কৰিব পাৰি। 

এইটো বছৰতে দেশত সাধাৰণ নিৰ্বাচনো অনুষ্ঠিত হ’ল। কোনো এটা দলেই এইবাৰৰ নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে। প্ৰাক-নিৰ্বাচনী জোঁট বন্ধন মৰ্মে এন.ডি.এ. চৰকাৰ আহিল আৰু শ্ৰী যুত নৰেন্দ্ৰ মোদীয়ে আকৌ এবাৰ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিলে। ভাৰতৰ দৰে গণতান্ত্ৰিক দেশত বিৰোধীৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ। বাৰে বাৰে একেটা দলেই সংখ্যাগৰিষ্ঠতা লাভ কৰিলে যদিও এক স্থায়ী চৰকাৰ জনসাধাৰণে লাভ কৰে,তথাপি কিন্তু বিৰোধীৰ ভূমিকা লাহে লাহে দুৰ্বল হোৱা দেখা যায়।গণতান্ত্ৰিক দেশ এখনৰ বাবে এয়া অতিকৈ অশুভ সংকেত। স্বজনতোষণ তথা ব্যক্তিগত আখেজ পূৰণৰ চিন্তা ৰাজনীতিৰ পথাৰত সোমোৱাটোও অনুচিত। চৰকাৰী বিভাগৰ চোৱা চিতাৰ অনিয়ম বা অন্য কাৰকৰ বাবে হ’লেও এইবাৰৰ চিকিৎসা বিজ্ঞানৰ স্নাতক শ্ৰেণীৰ নামভৰ্তিৰ বাবে অনুষ্ঠিত প্ৰৱেশ পৰীক্ষাত হোৱা অনিয়ম আমাৰ সকলোৰে বাবে উদ্বিগ্নতাৰ বিষয়। এফালে যোগ্য জন বঞ্চিত হোৱাৰ চিন্তা আনফালে অযোগ্য জনৰ হাতত ভৱিষ্যতৰ স্বাস্থ্য ব্যৱস্থাৰ ভাৰ পৰাৰ লক্ষণ , এয়া নিশ্চয় আমাৰ কাৰো কাম্য নহয়। এই নামভৰ্তিৰ বিষয়টো এতিয়া সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰাধীন।এনেকুৱা ধৰণৰেই বিভিন্ন খেলিমেলিৰ লগতে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে খেলা কৰা কাণ্ডসমূহৰ কাৰণেই বাংলাদেশত ছাত্ৰ বিক্ষোভে চৰম অৱস্থা পাইছে। ছাত্ৰ ছাত্ৰীৰ ন্যায্য প্ৰাপ্তিৰ বাবে আৰম্ভ কৰা এই আন্দোলনেই ৰূপ সলনি কৰি এতিয়া চৰকাৰৰ সৈতে সমুখসমৰত লিপ্ত হৈছে। প্ৰযুক্তিৰ ব্যৱহাৰ আৰু প্ৰযুক্তিনিৰ্ভৰতা আজিৰ উঠি অহা প্ৰজন্মৰ প্ৰাণশক্তি। এই প্ৰযুক্তিবিদ্যাৰ যুগতো বানপানীৰ দৰে প্ৰাকৃতিক দূৰ্য্যোগৰ আগত মূৰ দোঁৱাব লগাটো সঁচাকৈয়ে লজ্জাজনক। আমি আশাবাদী যাতে নবীন-প্ৰবীণ সকলোৱে মিলিজুলি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সুৰক্ষা আৰু উন্নতিৰ হকে খোজ দিয়ে আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে পৃথিৱীখনত এক সুস্থ বাতাৱৰণৰ জন্ম লওক।

সকলোলৈকে ধন্যবাদেৰে

সম্পাদিকা

শব্দচিত্ৰ_জীৱন জিজ্ঞাসা

(তৃতীয় বৰ্ষ,তৃতীয় সংখ্যা)

One comment

  • বৰষা ডেকা

    সম্পাদকীয় সুন্দৰ হৈছে

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *