সাক্ষাৎকাৰ

(লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা, সাহিত্যসেৱী, সমাজকৰ্মী শ্ৰদ্ধেয়া দীপাঞ্জলী দত্ত বাইদেউৰ সৈতে এটি সাক্ষাৎকাৰ।’শব্দচিত্ৰ_জীৱন জিজ্ঞাসা’ ই-আলোচনীৰ হৈ সাক্ষাৎকাৰ গ্ৰহণ কৰিছে ‘শব্দচিত্ৰ’ গ্ৰুপৰ সদস্য মহেশ দাসে)

মহেশ: নমস্কাৰ বাইদেউ। মই ‘শব্দচিত্ৰ’ গোটৰ তৰফৰ পৰা আপোনাৰ লগত আপোনাৰ জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত দুআষাৰ কথা পাতিব খুজিছোঁ। আশাকৰোঁ আপুনি সহায় কৰিব।

দীপাঞ্জলি দত্ত: নমস্কাৰ।প্ৰথমেই মই ‘শব্দচিত্ৰ-জীৱন জিজ্ঞাসা’ ই-আলোচনীৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে মোৰ সাক্ষাৎকাৰ এটি গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।ইয়াৰ লগতে কষ্ট কৰি আপুনি মোৰ ওচৰলৈ অহা বাবে আপোনালৈও আন্তৰিক ধন্যবাদ জনালোঁ।

মহেশ দাস: স্বাগতম বাইদেউ।প্ৰথমে আমি আপোনাৰ জন্ম,জন্মৰ ঠাই আৰু শৈশৱ কালৰ বিষয়ে কিছু কথা জানিব বিচাৰিছোঁ।

দীপাঞ্জলি দত্ত: উত্তৰ লাক্ষীমপুৰৰ নকাড়ীত মোৰ জন্ম।মোৰ পিতৃ হৈছে  প্ৰয়াত  ব্ৰজেন্দ্ৰ নাথ দত্ত আৰু মাতৃ হৈছে প্ৰয়াত লতা দত্ত।মোৰ শৈশৱ আন সাধাৰণ ল’ৰা-ছোৱালীৰ দৰে নাছিল যিহেতু মই ডেৰ বছৰমান বয়সতে হঠাৎ ভৰি এখনৰ বিসংগতি অনুভৱ কৰিছিলোঁ আৰু তেতিয়াৰেপৰা মই দিব্যাঙ্গ ব্যক্তিৰ শাৰীতহে থিয় হৈছিলোঁ।সেইবাবে মই দৌৰা-ঢপলিওৱা আদি কৰিব নোৱাৰিছিলোঁ,সাৱধানেৰে চলা-ফুৰা কৰিব লগা হৈছিল। ফলত খেলা-ধূলা কৰি আন শিশুসকলে যেনেধৰণে শৈশৱ অতিবাহিত কৰে,ঠিক তেনেধৰণে মই শৈশৱ অতিবাহিত কৰিব পৰা নাছিলোঁ।তথাপিও এতিয়া এটা কথা ভাবি মই আপ্লুত হওঁ যে  মোৰ লগৰ যিসকল বন্ধু -বান্ধৱী আছিল,তেওঁলোক আছিল বৰ অনুভৱী হৃদয়ৰ। তেওঁলোকে মোৰ লগত খেলা সময়খিনিত কেতিয়াও দৌৰা-দৌৰি খেল নেখেলিছিল,তাৰ পৰিৱৰ্তে কইনা- দৰা খেলিছিলে,খলি-গুটি খেলিছিল।তেনেকুৱা ধৰণৰ খেলবোৰ খেলি মোকো সেই খেলৰ অংশীদাৰ হবলৈ তেওঁলোকে সুবিধা দিছিল।শৈশৱ তেনেদৰেই পাৰ হল।

মহেশ দাস: এতিয়া আপোনাৰ শিক্ষা আৰু কৰ্মজীৱনৰ বিষয়ে আমি জানিব খুজিছোঁ। আপুনি এখন বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষাৰূপে কাম কৰি কেনেকুৱা পাইছিল, ছাত্ৰীসকলৰ মৰম, শৃংখলা ইত্যাদি কেনেধৰণৰ আছিল,আমাক ক’লে ভাল লাগিব।

দীপাঞ্জলি দত্ত: মোৰ পিতৃ-মাতৃয়ে মই খোজ কঢ়াত অসুবিধা হোৱা দেখি দূৰৰ বিদ্যালয়ত পঢ়িব নিদি ঘৰৰ কাষতে থকা 

‘জনফাৰ্থ মিশ্যন স্কুল’ত মোক নামভৰ্তি কৰাই দিছিল।ঘৰৰপৰা কেইখোজমান দূৰতে স্কুলখন হোৱাত মই খোজ কাঢ়ি অনায়াসে বিদ্যালয়লৈ আহিছিলোঁ আৰু সেই সময়ত সেই স্কুলখন মিশ্যনেৰীসকলে চলাইছিল। আমেৰিকাৰপৰা মানুহ আহি বিদ্যালয়খন চলাইছিল। মই পঢ়া কালত তাত যি গৰাকী প্ৰধান শিক্ষয়িত্ৰী আছিল তেওঁ আছিলে Miss wangtion ।আমি তেতিয়া তেওঁলোকক চাবলৈ পাই বৰ ভাল পাইছিলোঁ।বগা নিপোতল চেহেৰা আৰু বৰ খৰকৈ খোজ কাঢ়িছিল,High hill ৰ চেণ্ডেল পিন্ধিছিল,সেই High hill চেণ্ডেলযোৰ দেখি আমাৰ বৰ ভাল লাগিছিল। তেতিয়া আমি আছিলো সৰু লৰা-ছোৱালী।মিশ্যন স্কুলত সদায় প্ৰাৰ্থনা হৈছিলে।স্কুলত এটা গীৰ্জা আছিল আৰু গীৰ্জাটোত সেই সময়ত যিবোৰ খিড়িকী আছিল,সেই খিড়িকীবোৰ আছিল ৰং-বিৰঙৰ গ্লাছৰ।সেইবোৰ চাই চাই আমি ক’ব নোৱাৰা হৈছিলোঁ,আপোন বিভোৰ হৈছিলোঁ।কিবা কাৰণত সেই গ্লাছ ভাঙি টুকুৰাবোৰ যেতিয়া মাটিত পৰি আছিল,গোটেই লৰা-ছোৱালীবোৰে সেইবোৰ তুলিবলৈ হেতা-ওপৰা লগাইছিল।ময়ো কেইটুকুৰামান তুলি আনিছিলোঁ।ভাল লাগিছিল সেইবোৰ চাই।

বিদ্যালয়ৰ চৌহদত ডাঙৰ ডাঙৰ পমা গছ আছিল আৰু সেই পমা গছবোৰৰ এছাৰি এডাল এডাল লৈয়ে ছাৰ-বাইদেউসকলে  ক্লাছ কৰিবলৈ যায়।আমাৰ সেই পমা গছৰ এছাৰিডাল দেখিলেই ভয়ত তত নাইকিয়া হয়।কিন্তু এটা কথা হ’ল সেই স্কুলখনত ইমান বেছি অনুশাসন নাছিল যদিও নিয়মানুৱৰ্তিতা আৰু সময়ানুৱৰ্তিতাৰ বিষয়ে আমি খুব ভালদৰে বিদ্যালয়ত শিকিছিলোঁ। প্ৰথম মূল্যবোধৰ শিক্ষাও মই তাতে পাইছিলোঁ।উদাহৰণস্বৰূপে ক’ব পাৰোঁ যে স্কুলখনত এগৰাকী দিব্যাংগ শিক্ষয়িত্ৰী আছিল।তেওঁ দুয়োটা ভৰি আছিল অলপ বিসংগতিপূর্ণ।সেই বাইদেউ গৰাকীয়ে আমাক পঞ্চম আৰু ষষ্ঠ শ্ৰেণীত অসমীয়া পঢ়াইছিল।কিন্তু বাইদেউ গৰাকীয়ে গীৰ্জা ঘৰৰ চিৰিত বগাব লাগে,সেই চিৰি বগাবৰ কাৰণে বাইদেউ গৰাকীৰ বৰ অসুবিধা হৈছিল।তেতিয়া প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীয়ে সেই বাইদেউ গৰাকীক কিন্তু ধৰি ধৰি চিৰি কেইটাত উঠাই নিবলৈ হেতা-ওপৰা লগাইছিল।মোৰ এই কথাটো দেখি বৰ ভাল লাগিছিলে যে সকলো গৈছে বাইদেইগৰাকীক সহায় কৰিবলৈ। তাৰ মানে তেওঁলোকৰ অন্তৰত নিশ্চয় বাইদেউ গৰাকীৰ প্ৰতি সমমৰ্মিতা জাগ্ৰত হৈছিল আৰু সেই বাইদেউগৰাকীয়ে আমাক খুব ভালদৰে পঢ়াইছিল,মৰম কৰিছিল।

মোৰ উচ্চাৰণবোৰ শুনি এবাৰ কলেজৰ এজন প্ৰবক্তাই কৈছিলে যে…

“মই ইমান পঢ়ি আহিলোঁ অথচ লখিমপুৰ বালিকা মহাবিদ্যালয়ত যোগদান কৰাৰ পাছতহে বাইদেউৰপৰা অসমীয়া ভাষাৰ শব্দৰ শুদ্ধ উচ্চাৰণবোৰ শিকিলোঁ।”

কথাষাৰ ভাবিলে আচৰিত লাগে।এতিয়া মই ভাবিছো যে সেই দিব্যাঙ্গ বাইদেউগৰাকীয়ে আমাক অসমীয়া  পঢ়ুৱাইছিলে।তেওঁৰ নাম আছিল তিলোত্তমা সন্দিকৈ।তেখেতৰ উচ্চাৰণবোৰ হয়তো নিশ্চয় বৰ ভাল আছিল, নহ’লেনো মোৰ উচ্চাৰণবোৰ কেনেকৈ ভাল হব! আমাৰ ঘৰখনত অৱশ্যে শিক্ষাৰ প্ৰভাৱ এটা আছিল তথাপিও বাইদেউসকলৰ উচ্চাৰণবোৰেও আমাৰ শব্দৰ উচ্চাৰণবোৰৰ ওপৰত বহুতখিনি প্ৰভাৱ পেলাইছিল।

এইখিনিতে আৰু এটা কথা মনলৈ আহিছে।আমাৰ শ্ৰেণীকোঠাৰ ওচৰতে এটা ডাঙৰ পুখুৰী আছিল। পুখুৰীটোৰ পাৰটো ওখ আছিল কিন্তু তাৰ চাৰিওফালে কোনো বেৰা দিয়া নাছিল।তথাপি কোনো ল’ৰা-ছোৱালীয়ে কেতিয়াও সেই পুখুৰীটোৰ পাৰলৈ যাবলৈ ইচ্ছা কৰা নাছিল।ল’ৰা-ছোৱালী যথেষ্ট সংখ্যক আছিল কিন্তু সেই পুখুৰীটোৰ পাৰলৈ যাবলৈ কোনেও ইচ্ছা কৰা নাছিল।নিশ্চয় ছাৰ-বাইদেউসকলে আমাক ভালদৰে কিবা বুজাই কৈছিল,নহ’লেতো আমি কোনো এটা ল’ৰা-ছোৱালী তালৈ নগৈছিলোঁ কিয়!সেই কথাতো ভাবি মই  এতিয়াও কেতিয়াবা আচৰিত হওঁ।

জনফাৰ্থ মিশ্যন স্কুলৰপৰা পাছ কৰি মই উত্তৰ লক্ষীমপুৰ চৰকাৰী সাহাৰ্যপ্ৰাপ্ত বালিকা বিদ্যালয়ত নামভৰ্ত্তি কৰোঁ।বিদ্যালয়খনলৈ প্ৰথম গৈ মই এটা কথাত অলপমান অসুবিধা পাইছিলোঁ।পূৰ্বৰ বিদ্যালয়খনৰ পৰিৱেশ আছিল বৰ শান্ত,হুলস্থূল একেবাৰে নাছিল।নতুন বিদ্যালয়খনলৈ গৈ  হুলস্থুলীয়া পৰিৱেশ এটাৰ মাজত সোমাই মোৰ অলপ দিনলৈকে মূৰৰ কামোৰণিৰ নিচিনা এটা ভাব এটা হৈ আছিল।জনফাৰ্থ স্কুলৰ পৰিৱেশটো কিন্তু মই সেইখন স্কুলত পোৱা নাছিলোঁ।কিন্তু সেইখন স্কুলৰ এটা কথা মোৰ বৰ ভাল লাগিছিলে।

জনফাৰ্থত কোনো উৎসৱ-পার্বন নাপাতে মাত্ৰ বৰদিনটোহে অনুষ্ঠিত হয় আৰু সেই বৰদিনৰ কাৰণে আমি বৰ হেঁপাহেৰে বাট চাই থাকোঁ,২৫ডিচেম্বৰ কেতিয়া আহিব বুলি। তাত যীশুখ্ৰীষ্টৰ জন্মৰপৰা মৃত্যুলৈকে জীৱন কাহিনীটো অভিনয় কৰি দেখুৱাৱাইছিল। সেই নাটকত পৰীও ওলায়।এবাৰ ময়ো তাত পৰী হৈ ওলাইছিলোঁ।কিবা বগা পাখি দুটা লগাই দিছিল আৰু মোৰ বৰ ভাল লাগিছিলে। 

নতুন বিদ্যালয়খনত বহুকেইটা উৎসৱৰ আয়োজন হৈছিল,যিবোৰ আমি আগতে দেখা নাছিলোঁ।বিশেষভাৱে সৰস্বতী পূজা। সৰস্বতী পূজাত ছাত্ৰীসকলেই সকলো কাম কৰিছিল।তেতিয়া কাৰিকৰ আহে যদিও কাৰিকৰে অকল লুচি বনায়,ভাজি আৰু পায়স ৰান্ধে।ইয়াৰ বাহিৰে সকলো যোগাৰ ছাত্ৰীসকলে কৰিব লাগে।ঘৰে ঘৰে গৈ বেলনা মাৰি গোটাব লাগে,ঢাৰি গোটাব লাগে…..।তাৰপিছত আটা চালি লাডু কৰি বেলিব লাগে।কিন্তু সেইবোৰ বেলিবলৈ আকৌ বেলনা মাৰিডালহে ঘৰৰপৰা নিব লাগে।টেবুলবোৰ আগদিনাই বৰ ধুনীয়াকৈ ধুই লৈ ঢাকি থৈ আহে। পাছদিনা সেই টেবুলতে তিনিজনী,চাৰি জানী ছোৱালীয়ে একেলগে ৰুটি বেলে।বেলেগ এটা পৰিবেশ সৃষ্টি হয় ,বৰ ভাল লাগিছিলে।তাৰ পৰাই মেট্ৰিক পাছ কৰিলোঁ।

তাৰ পাছত ডিব্ৰুগড়ৰ কানৈ কলেজত পঢ়িলোঁ। সেই সময়ত কানৈ কলেজখন আছিল অসমৰ ভিতৰত আটাইতকৈ ধুনীয়া,বিল্ডিংটো মানে আটাইতকৈ ধুনীয়া।আমাৰ সময়ত আছিল I.A পৰীক্ষা,Higher Secondary বা Pre-Degree নহয়।তাৰপৰা I.A পাছ কৰিলো।তাত হোষ্টেলৰ ভাত খাই বৰ অশান্তি পাইছিলোঁ।জীৱনত প্ৰথমবাৰৰ কাৰণে হোষ্টেলত আছিলোঁ।বহু দিনলৈকে মই ভালকৈ ভাত খাবই পৰা নাছিলোঁ,পাছত হে খাব পাৰিছিলোঁ।কিন্তু আমি পঢ়া সময়ত সংস্কৃতৰ অগাধ পণ্ডিত এজন কানৈ কলেজৰ অধ্যক্ষ হিচাপে আছিল।তেওঁৰ শুভনাম যোগীৰাজ বসু।তেওঁ চুৰিয়া আৰু চোলাহে পিন্ধিছিল। চুৰীয়াখনো অলপমান ওখকৈ পিন্ধিছিল।মোৰ তাত থাকোঁতে এবাৰ জণ্ডিচ ৰোগ  হৈছিল।তেতিয়া যোগীৰাজ বসু ছাৰে মোৰ খবৰ কৰিবলৈ আহিছিল।খবৰ কৰিবলৈ আহি ৰান্ধনীকেইজনক মাতি আনি কৈছিল 

“দীপাঞ্জলিক জিকা সিজোৱা,ঢেকীয়া সিজোৱাৰ সৈতেহে ভাত খাবলৈ দিবা,আন বস্তু একো নিদিবা।তেল খাব নিদিবা।”

ঢেকীয়া যে জণ্ডিছৰ কাৰণে ভাল,সেইটো কথা মই জনা নাছিলো।সেই কথা মই প্ৰথম চাৰৰপৰা গম পালো।

1961 চনত মই উত্তৰ লক্ষীমপুৰ কলেজৰপৰা BA পাছ কৰিছিলোঁ।তেতিয়া কলেজলৈ ঘৰৰপৰাই অহা যোৱা কৰিছিলোঁ।ৰিক্সা আছিল তেতিয়া।এখন দুখন আছিল,বেছিকৈ নাছিল। BA তাৰপৰা পাছ কৰি মই গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিলোঁ।গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্রী ললোঁ অসমীয়া বিভাগত।পৰীক্ষা দি আহিয়েই মই জনফাৰ্থ মিশ্যন স্কুলত অৰ্থাৎ যিখনত মই সৰুতে পঢ়িছিলোঁ,তাতেই চাকৰিত যোগদান কৰিছিলোঁ।তাত তেতিয়াৰ যিগৰাকী প্ৰধান শিক্ষয়িত্ৰী আছিল,তেওঁৰ নাম মীৰা সন্দিকৈ।তেখেতে আমাক স্কুলত থাকোঁতে ইংৰাজী পঢ়ুৱাইছিল আৰু তেখেতে আহি আমাৰ ঘৰত ক’লেহি যে…..

“দীপাঞ্জলি তুমি বহি থাকিব নালাগে,আহাঁ মোৰ স্কুলতে চাকৰিত সোমোৱাহি।” 

মই কেইমাহমান তাত চাকৰি কৰিলোঁ।ইয়াৰ পাছতে মই উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়তো তিনিমাহমান কাম কৰিলো।সেই সময়তে আকৌ মই পঢ়া যিখন বালিকা বিদ্যালয় আছিল, সেইখনতে এটা post খালী হ’ল। কিন্ত post টো আছিল intermediate…..দৰমহা তাকৰ।তথাপিও মই তাত যোগদান কৰিলোঁ চাকৰিত।তাতে থাকোঁতেই বালিকা মহাবিদ্যালয় এখন খোলাৰ কথা ওলাল।সেই সময়ত আমাৰ স্কুলত তিনিগৰাকী MA পাছ কৰা শিক্ষয়িত্ৰী আছিল।এগৰাকী আছিলে সেই সময়ৰ প্ৰধান শিক্ষয়িত্ৰী পুণ্য হাজৰিকা,আনগৰাকী হেলেনা বেগম আৰু মই।আমি তিনিওগৰাকীয়ে লাগি ভাগি কলেজখন প্ৰতিষ্ঠা কৰাৰ বাবে চেষ্টা চলাইছিলোঁ।শেষত উত্তৰ লক্ষীমপুৰৰ ৰাইজৰ সহযোগত আমি ‘লক্ষীমপুৰ বালিকা মহাবিদ্যালয়’ প্ৰতিষ্ঠা কৰিছিলোঁ।প্ৰথমাৱস্থাত সেই বালিকা মহাবিদ্যালয়খনৰ ক্লাছ মই কাম কৰি থকা আৰু আগতে পঢ়া বালিকা বিদ্যালয়খনতে পুৱা ৬:০০ বজাৰ পৰা ৯:০০ বজালৈ হৈছিল।সেইখিনি সময়ত ৰাতিপুৱা তাত কলেজৰ চাকৰি কৰো।তেতিয়া ৰাতিপুৱা ৬:০০ বজাৰপৰা ৯:০০ বজালৈকে  মই বিনা বেতনত কাম কৰোঁ।আৰু সেই সময়ত আমিয়েই সময় অনুসৰি বেল দিবও লাগে।মেল-মিটিং হ’লেও ৰিক্সা এখনত উঠি চিঠি বোৰ বিলোৱাৰ দায়িত্ব মোক দিয়ে।কলেজখন প্ৰতিষ্ঠা হোৱাৰ পাছত,পইচা-পাতি নাই দিয়া তেতিয়া।প্ৰথমাৱস্থাত ক্লাছৰ সময় ৰাতিপুৱা বেলা আছিল কিন্তু পাছত ক্লাছৰ সময় ৰাতিপুৱাৰপৰা  দুপৰীয়া কৰি পেলালে।ইতিমধ্যে মই,হেলেনা বেগম আৰু পুণ্য হাজৰিকাই দুপৰীয়াৰ সময়খিনিত স্কুলত চাকৰি কৰি আছো।পুণ্য হাজৰিকা সেই সময়ত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰী আছিল।যেতিয়া  ক্লাছৰ সময় দুপৰীয়াৰ ভাগলৈ আহিল,তেতিয়া পৰিচালনা সমিতিৰ secretary য়ে আমাক সুধিলে যে আমি কলেজলৈ যাম নে নাযাম full timer হিচাপে।মানে ইটো চাকৰি এৰি দিব লাগিব।তেতিয়া পুণ্য হাজৰিকাতো এগৰাকী প্ৰধান শিক্ষয়িত্ৰী,তেওঁ ইমানখিনি দৰমহা পায়,কেনেকৈ এৰি দিব?কলেজত আমাক ২০০ টকা দিয়ে।পাছত হেলেনা বেগমেও কলেজত নকৰোঁ বুলি ক’লে।মই কিন্তু মোৰ চাকৰিটো এৰি risk ললোঁ।কলেজখন ইমান কষ্ট কৰি পাতিছোঁ, কেলৈনো কলেজখনলৈ নাযাম,পইচা নহ’লেও হ’ব।সেইবুলি মই কলেজখনলৈ গুচি গলো আৰু  তাৰ পৰাই ভাৰপ্ৰাপ্ত অধ্যক্ষা হিচাপে অৱসৰ গ্ৰহণ কৰিলোঁ।1972 চনত কলেজখন প্ৰতিষ্ঠা হৈছিল।1979 চনতহে কলেজখনে চৰকাৰী সাহায্য পাইছিল।আৰু তেতিয়াৰ পৰা মই উপাধ্যক্ষা আছিলোঁ।

তাত কাম কৰি বেয়া লগা নাছিলে।কাৰণ যি জন অধ্যক্ষ আছিল তেওঁৰ নাম মোহনচন্দ্ৰ ৰয়।প্ৰথমাৱস্থাত ক্লাছ ৰাতিপুৱা বেলা থাকোঁতে পুণ্য হাজৰিকা আছিল অধ্যক্ষা।কিন্তু ক্লাছ দুপৰীয়া হোৱাত যেতিয়া পুণ্য হাজৰিকা থাকিব নোৱাৰো বুলি ক’লে,তেতিয়াতো অধ্যক্ষ এজন লাগিব।তেতিয়া উত্তৰ লক্ষীমপুৰ কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মোহনচন্দ্ৰ ৰয় ছাৰক আমাৰ কলেজলে পৰিচালনা সমিটিৰ President এ মাতি আনিলে।তেওঁ তেতিয়া Full Timer হিচাপে join কৰা নাই ,এবেলা আহে।এই ক্ষেত্ৰত উত্তৰ লক্ষীমপুৰ কলেজৰ যোগানন্দ বৰগোঁহাই ছাৰ আছিল আৰু তেওঁ আমাক সহায় কৰি দিলে।মোহনচন্দ্ৰ ৰয় চাৰে এবেলা মানে আমাৰ কলেজত কাম কৰিব আৰু বাকীখিনি সময় উত্তৰ লক্ষীমপুৰ কলেজত কৰিব।কিন্তু শেষত তেওঁক Full Timer হিচাপে লৈ অহা হ’ল।ছাৰ বৰ ভাল আছিল।কাৰ্যালয় সম্পৰ্কীয় সকলো কথা-বতৰা  মই ছাৰৰপৰাই শিকিছিলোঁ।নিয়মানুৱৰ্তিতা ছাৰৰ বেলেগ ধৰণৰ আছিল আৰু ছাৰে সময়য়ানুৱৰ্তিতাও মানি চলিছিক।আমি  ছাৰৰপৰা বহুখিনি শিকিছিলোঁ।তেওঁৰ ব্যক্তিত্ব অলপ ব্যতিক্ৰমধৰ্মী আছিল। সেইকাৰণে কাম কৰি ভাল লাগিছিলে।মোক ছাৰে NSS(ৰাষ্ট্রীয় সেৱা আঁচনি)ৰ প্ৰথম দায়িত্ব দিলে।চাৰে মোক উত্তৰ লক্ষীমপুৰ কলেজত পঢ়ুৱাইছিলে।সেয়ে চাৰক অমান্য কৰাৰ কথাই নাহে।কেৱল ময়ে নহয়,সকলৱে চাৰক অত্যন্ত শ্ৰদ্ধা ভক্তি কৰিছিল।NSS ৰ দায়িত্ব লোৱাৰ পাছত ইয়াৰ কামবোৰলৈ যাওঁতে যথেষ্ট খোজ কাঢ়িব লাগে।ছোৱালীবোৰৰ লগত গাঁৱলৈ যাব লাগে, তথাপি মই খোজ কাঢ়িছিলোঁ।কেনেকৈ ইমান খোজ কাঢ়িছিলোঁ,মই নিজেই নাজানো।এতিয়া ভাবিলে মই নিজেই আচৰিত হওঁ যে তেতিয়া মই ইমানখন বাট খোজ কাঢ়ি কাঢ়ি ফুৰিছিলোঁ। ২১জনী ছোৱালী মোৰ লগত লৈ গৈছিল।ইমানখিনি ছোৱালীৰ দায়িত্ব বহন কৰিব লাগে।মই যদি সিহঁতৰ লগত নাথাকোঁ,সিহঁতৰ কিবা এটা হ’লে কি হ’ব? সেই দায়িত্ববোধৰ ভাৱটোৱে মোক চাগে অনুপ্ৰাণিত কৰিছিলে।কিন্তু গাঁওবোৰলৈ গৈ বৰ ভাল লাগিছিল।মানুহবোৰৰ সহযোগিতা পাইছিলোঁ।কিন্তু এবাৰ এখন গাঁৱলৈ যাওঁতে এজন ল’ৰাই আমাৰ দলটোক দা এখন লৈ কাটিবলৈ আহিছিল।তাৰ পিছত মই ছোৱালীবোৰক ক’লো_

“যা যা দৌৰ দে,দৌৰ দে।ইয়াৰপৰা পৰা পলা।”

সিহঁতে আকৌ ৰাওচি জুৰি চিঞৰি কান্দিছে এই কথা ভাবি যে সিহঁত পলাই গ’লে মোক ল’ৰাটোৱে কাটিব।মই বোলো ৰহচোন বাৰু ,কি হয় চাওঁ।ল’ৰাটোক মই বুজালো।ল’ৰাটোৱে কৈছে….

“নোৱাৰ আমাৰ গাঁৱলৈ যাব, ঔ আমি কিবা চাফা-চিকুণতাৰ কথা নাজানোঁ নেকি? তহঁতে যে টাউনৰ পৰা আহি আমাক চাফ-চিকুণতা শিকাব আহিছ?”

তেতিয়া মই তাক সকলো কথা ভালদৰে বুজোৱাৰ পাছতহে সি বাট এৰি দিছিল আৰু আমি গাওঁখনলৈ সোমাব পাৰিছিলো।সেইদিনাখন ছোৱালীখিনিৰ অৱস্থাতো দেখি বৰ বেয়া লাগিছিলে।নিজৰো ভয় লাগিছিল যদিও মোৰ যি হয় হ’ব,ছোৱাকেইজনীৰ একো নহওক বুলি ভাবিছিলো।সেই সময়ত মোৰনো ক’ৰপৰা তেনে পৰিস্থিতিৰ মুখামুখি হ’বলৈ মনত সাহস আহিছিল নাজানো।তেনে ঘটনাবোৰে এতিয়াও বহু পুৰণি স্মৃতি সজীৱ কৰি তোলে।

ছাত্ৰী সকলেও মোক যথেষ্ট ভাল পাইছিলে।কিয়নো ইমান ভাল পাইছিল সেয়া মই নাজানো।সিহঁতক পাঠ্যপুথিৰ জ্ঞান দিয়াৰ উপৰিও মই ব্যৱহাৰিক জীৱনৰ বহুতখিনি জ্ঞান দিছিলোঁ।সেইকাৰণে হয়তো ছাত্ৰী সকলে মোক বৰ ভাল পাইছিলে আৰু সিহঁতে সেই কথা এখন ডাঙৰ ৰাজহুৱা মিটিঙত ঘোষণা কৰিছিল। সিহঁতে কৈছিল যে  বাইদেউৰপৰা আমি ব্যৱহাৰিক জীৱনৰ যিমানখিনি কথা শিকিলো,তেনে কথা আন কাৰোপৰা শিকা নাই।সিহঁতে এতিয়াও মোৰ খা-খবৰ লৈ থাকে।ঘৰলৈ আহিব নোৱাৰিলেও ফোনৰ জৰিয়তেই খা-খবৰ লয়।

মহেশ দাস: বাইদেউ আপোনাৰ পৰিয়ালৰ বিষয়ে আমাক অলপ কওক।

দীপাঞ্জলি দত্ত: মোৰ পৰিয়ালত মোৰ মা-দেউতা আৰু আমি চাৰিটা সন্তান।মই ডাঙৰ,মোৰ পাছত হৈছে ভাইটি

ডাক্তৰ দয়া দত্ত।উত্তৰ লখিমপুৰৰ অসামৰিক চিকিৎসালয়ৰপৰা অধীক্ষক হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰিছে।তাৰ পাছৰজনী ভনী হৈছে কল্পনা দত্ত দাস।তাই ল’ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰিছে আৰু সৰুজনী হৈছে গীতাঞ্জলি ৰাজখোৱা। তাই চাকৰি নকৰিলে,গৃহিণী হৈয়ে থাকিল। যদিও আমাৰ পৰিয়ালটোত চাৰিজনৰ কথাহে কৈছোঁ কিন্তু প্ৰকৃততে আমাৰ পৰিয়ালটো যৌথ পৰিয়ালহে আছিলে।প্ৰকাণ্ড পৰিয়াল।২১জন আমাৰ সদস্য আৰু এজন কাম কৰা ল’ৰা।২২জনৰ এটা ডাঙৰ পৰিয়াল।ইমানখিনিৰ ভাত মায়ে ৰান্ধিছিল আৰু সকলোৱে সমিলমিলেৰে আমাৰ পৰিয়ালটো আছিলোঁ। ১৩ টা ল’ৰা-ছোৱালী আমাৰ পৰিয়ালটোত,কিন্তু কোনোদিন দ্বণ্ড,হাই-কাজিয়া লগা নাছিলোঁ।

মহেশ দাস: আপোনাৰ জীৱনৰ কথাখিনিয়ে বৰ আকৰ্ষিত কৰিছে বাইদেউ।এতিয়া আমি আপোনাৰ সাহিত্য চৰ্চাৰ বিষয়ে অলপ জানিব বিচাৰিম।

 দীপাঞ্জলি দত্ত: মোৰ সাহিত্য চর্চা বুলিবলৈ বিশেষ নাই।কাৰণ প্ৰথমাৱস্থাত যিবোৰ লিখিছিলো বাতৰি কাকতত ওলাইছিল বেছিভাগ।সেইবোৰ ভালদৰে সামৰি নোথোৱাৰ বাবে হেৰাই গ’ল।তাৰ পাছত আমাৰ কলেজলৈ আহিল ড০ নিগমানন্দ দাস নামৰ এগৰাকী  ইংৰাজী বিভাগত অধ্যাপক। তেওঁ দেখিলে যে মোৰ সাহিত্য চৰ্চাত অলপ ৰাপ আছে আৰু তেওঁ নিজেও সাহিত্য চৰ্চা কৰে।সেইকাৰণে তেওঁ সদায় লাগি থাকে যে বাইদেউ আপুনি কিতাপ এখন নুলিয়ায় কিয়? মই তেওঁক তেতিয়া কলো যে…….

“শুনা মোৰ লেখাবোৰ যে কত গ’ল,কি হ’ল মই ক’ব নোৱাৰো নহয়! মই যে কেতিয়াবা কিতাপ লিখি উলিয়াম সেই কথা কোনোদিন ভবা নাই।সেইকাৰণে সেইবোৰ সংগ্ৰহ কৰিও থোৱা নাছিলোঁ।এতিয়া কেনেকৈ কিতাপ খন উলিয়াম।”

তেওঁ তেতিয়া বিগত এবছৰকালত মোৰ লেখা য’ত যি প্ৰকাশ হৈছিল সেইবোৰ গোটালে। গোটাই মোক এখন কিতাপ উলিয়াব দিলে।গ্ৰন্থখনৰ নাম ৰখা হৈছিল “সমন্বয়ৰ সুবাস”।

এদিন পুৰণি বাতৰি কাকতবোৰ এনেই মেলি চাওঁতে মোৰ পাঁচ-ছয়টামান প্ৰবন্ধ পালো।সেইকেইটা পঢ়ি বৰ বেয়া হোৱা নাই যেন লাগিল।ইয়াৰ সৈতে বেলেগ বেলেগ আলোচনীত প্ৰকাশ পোৱা প্ৰবন্ধ কেইটামান সংযোগ কৰি  মোৰ দ্বিতীয়খন গ্ৰন্থ প্ৰকাশ কৰিলো।নাম দিলো

“অনুভূতিৰ অনুৰণ”।তাৰ পিছত মোৰ আৰু এখন গ্ৰন্থ প্ৰকাশ পায় “চাইলেণ্ট ভেলী” নামেৰে।লক্ষীমপুৰৰ যিসকল বিশিষ্ট ব্যক্তিৰ মৃত্যু হয়, তেওঁলোকৰ স্মৃতি গ্ৰন্থ এখন ওলায়। সেই স্মৃতিগ্ৰন্থখনত প্ৰায় সংখ্যক মানুহেই তেওঁলোকৰ পৰিয়ালৰ মৃত ব্যক্তিজনৰ বিষয়ে মোক লিখিবলৈ দিয়ে।তেনেকে মই লিখোঁ। লিখোঁতে লিখোঁতে সৰ্বমুঠ ৫৬ জন ব্যক্তিৰ বিষয়ে লিখা হ’ল। তেতিয়া মই ভাবিলোঁ যে এইখিনি গোটায়ো দেখোন মই এখন কিতাপ কৰিব পাৰোঁ।তেতিয়া এই “Silent Valley” নামৰ  কিতাপখন উলিয়ালোঁ।এই তিনিটা মোৰ প্ৰবন্ধ সংকলন।

 তাৰ পাছত মই মানে কলেজত চাকৰি কৰি থাকোঁতে কেইটামান কবিতা লিখিছিলোঁ।কবিতা মই আচলতে আগতে লিখাই নাছিলোঁ কিন্তু এদিন এজন অধ্যাপকৰ লগত কবিতা সম্পৰ্কে মোৰ আলোচনা হ’ল।ঘৰলৈ ঘূৰি আহি কবিতা এটা লিখিবলৈ কলম তুলি ল’লো।কলমেৰে চাৰিটা শাৰীৰ এটা কবিতা নিগৰিল।

“ৰক্তাক্ত আলিবাট 

ভৰি থওঁ ক’ত

ৰক্তৰে ধুব পাৰি জানো

ক্লেদাক্ত পৃথিৱী?” 

      সেইবুলি চাৰিটা শাৰী মনৰপৰা ওলাল।পাছদিনা কলেজলৈ গৈ অসমীয়া বিভাগৰ এগৰাকী অধ্যাপিকা স্বপ্না চেতিয়া গগৈক মোৰ কবিতাটো দেখুৱালো। তেওঁ ক’লে যে…..

“বাইদেউ ভালে হৈছে,ভালে হৈছে….এনেকুৱা আৰু কবিতা লিখক।”

সেইবুলি কোৱাত উৎসাহিত হৈ মই সদায় কলেজৰপৰা আহি এটাকৈ কবিতা লিখা আৰম্ভ কৰিলো।সেইবোৰ কবিতাৰ শাৰীত পৰিছেনে নাই নাজানো বাৰু,তথাপি স্বপ্না চেতিয়াই উদগনি দিলে।তেওঁ মোক ক’লে যে বাইদেউ এইবোৰ এনেদৰে লিখি থ’লে ক’ৰবাত হেৰাই যায়,তাতকৈ আপুনি কিতাপ এখনতে কবিতাকেইটা একগোট কৰি ৰাখক।তেতিয়া এখন প্ৰকাশ হৈছিল মোৰ কবিতাৰ সংকলন “ঝংকাৰ”।

মই মহাবিদ্যালয়ৰপৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত ‘জাতীয় বিদ্যালয়,লক্ষীমপুৰ’ নামেৰে অসমৰ ভিতৰতে দ্বিতীয়খন জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰোঁ আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে নিজে কৰ্মৰত হওঁ।জাতীয় বিদ্যালয়ৰ গ্ৰন্থবোৰত  সদায় সাঁথৰ থাকে।

তেতিয়া মই ভাবিলোঁ যে ল’ৰা-ছোৱালীবোৰক ইমান সাঁথৰবোৰ গোটাই মেলি আনি দিব লাগে,তাতকৈ মই  এখন সাঁথৰপুথিকে উলিয়াওঁ। সেইবুলি সাঁথৰ সংকলন এখন উলিয়ালো।সেইখনৰ নাম ৰাখিলো “এক ক’লো লেখি”।বিভিন্ন আলোচনীত কেতিয়াবা প্ৰবন্ধ একোটা মন গ’লে লিখোঁ,মন নগ’লে নাই। সাধনা বুলি ক’ব নোৱাৰি,সাহিত্য সাধনা মই কৰা নাই। মন গৈছে  লিখিছোঁ,নহ’লে কাৰোবাৰ তাগিদাত হে লিখিবলগীয়া হৈছে। 

মহেশ দাস: বাইদেউ, আপোনাৰপৰা আমি সামাজিক মাধ্যম ফেচবুকত আজিকালি হোৱা সাহিত্য চৰ্চাৰ বিষয়ত অকণমান আশিস -নিৰ্মালি তথা দিহা -পৰামৰ্শ বিচাৰিলোঁ।

দীপাঞ্জলি দত্ত: বৰ্তমান অৱস্থাত ফেচবুকত যি সাহিত্য চৰ্চা হৈছে ,মই সেইটো ভালেই পাইছোঁ।যুৱচামৰ যিখিনি সাহিত্য প্ৰতিভা সেইখিনি ফেচবুকৰ বুকুতে জন্ম হৈছে আৰু আমি দেখিবলৈ পাইছোঁ যে বৰ্তমান  ফেচবুকৰ পৰাই যথেষ্ট সংখ্যক ভাল ভাল সাহিত্যিকৰ সৃষ্টি হৈছে। এই ফেচবুকৰ সাহিত্য ,ই-মেগাজিন যাতে চলন্ত হৈ থাকে আৰু ভৱিষ্যতে যাতে ই সাহিত্য জগতখনক আৰু উজ্জ্বল কৰে তাকে কামনা কৰিছোঁ।’শব্দচিত্ৰ’ৰ কৰ্মকৰতা সকলক পুনৰ ধন্যবাদ জনাইছোঁ।তেওঁলোকে  তেওঁলোকৰ নিজৰ সময় ব্যয় কৰি মোৰপৰা যে ইমান খিনি কথা জানিবলৈ আহিলে,সময় দিলে মোক ,তাৰ বাবে তেওঁলোকলৈও আন্তৰিকতাভৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ।

মহাশ দাস: আপোনালৈও অশেষ ধন্যবাদ।সাক্ষাৎকাৰৰ এই সময়খিনি মোৰ সদায়েই মনত থাকিব।আপুনি সুস্বাস্থ্যৰে কুশলে থাকক,সাহিত্যৰ পথাৰখনলৈ আপোনাৰ অৱদান আগবঢ়াই যাওক,তাৰেই কামনা কৰিলো।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *