স্বচ্ছতাৰ ৰূপকাৰ-ৰঞ্জিত কুমাৰ শৰ্মা

‘লেতেৰা বস্তি’ত সিহঁত থাকে

চিকচিকিয়া পোছাক আৰু 

কপাহী জোতা পিন্ধি 

বগা-নীলা মুঠিৰে ঝাৰুদণ্ড খামুচি 

গান্ধী জয়ন্তীত সিহঁতে ফটো নুঠে৷ 

সিহঁতে স্বচ্ছতাৰ উৎসৱ নাপাতে

আঁচনি ৰূপায়ণৰ ভাগৰ আঁতৰাবলৈ

লাঞ্চ বা ডিনাৰ পাৰ্টিতো নবহে

নিচাসক্ত ভোগৰ নিশাৰ আবৰ্জনা আঁতৰাই

প্ৰভাতক সিহঁতেই নিৰ্মল কৰে৷ 

হাতত ঝাৰু লৈ সিহঁত আগবাঢ়ে 

পায়খানাৰ পৰা বিমানবন্দৰলৈ 

‘সভ্যতা’ৰ জাবৰ চাফা কৰে৷ 

সিহঁত ঝাৰুদাৰ 

অহ্‌! নহয় 

তেওঁলোক বাপুৰ হৰিজন 

স্বচ্ছতাৰ ৰূপকাৰ৷

*******

Leave a Reply

Your email address will not be published. Required fields are marked *