অগ্নিস্নান-জয়ন্ত গগৈ
ক্ৰিং ক্ৰিং কৈ ম’বাইলৰ ৰিংট’নটো বাজি থকা বাবে শইকীয়াই ভাতৰ টেবুলৰ পৰা আধা খোৱাকৈ উঠি আহি ফোনটো তুলি অচিনাকী নম্বৰ দেখি ৰিচিভ কৰিবলৈ ইচ্ছা নকৰি পুনৰ ভাতৰ টেবুলত ওচৰ বহিলেহি।সানি লোৱা ভাত গৰাহ মুখত ভৰাবলৈ লওঁতেই পুনৰ ম’বাইলৰ ৰিংট’নটো বাজি উঠাত খোৱা হাতেৰে পুনৰ উঠি গৈ আগৰ সেই অচিনাকী নম্বৰৰ ডায়েল ক’ললিষ্টত জিলিকি আছিল।শইকীয়াই ম’বাইলটো হাতত লৈ ৰিচিভ কৰি হেল্ল’ বুলি কোৱাৰ লগে লগেই সিফালৰ পৰা একো নকৈ মাথোঁ মহিলা গৰাকীয়ে শোক শোকাই ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে।শইকীয়াই কান্দোন শুনিয়েই বুজিবলৈ বাকী নেথাকিল কোনে তেওঁলৈ ফোন কৰিছে।ক্ষুভ আৱেগবোৰ যেতিয়া বুকুত থুপ খাই থাকেহি তেতিয়া মৌনতাই হেঁচা মাৰি ধৰেহি।শইকীয়াৰো সেয়াই হ’ল আৱেগ আৰু ক্ষুভৰ জুমুৰিত মুখৰ মাত নোহোৱা হৈ গৈছিল।ক’বলৈ বহু কথাই আছিল কিন্তু ক’বলৈ মুখত শব্দই ওলাই নহা হ’ল।জৰ্জৰকৈ বৈ অহা চকুলোখিনি দুগালেদি অহৰহ বাগৰিব ধৰা চকুপানীবোৰ ভেটা দি ৰাখিবৰ বাবে মাথোঁ সদায় অৱলম্বন কৰি অহা উপায়টোকে শইকীয়াই প্ৰয়োগ কৰিছিল।কিন্তু ভাতৰ টেবুলৰ আনটো মুৰে ভাত খাই থকা মাকে তেওঁলৈ একেথিৰে চাইয়ে বুজি উঠিল ফোন কৰা গৰাকী কোন হ’ব পাৰে।কাৰ বাবে ল’ৰাৰ চকুলো বৈ আহিছে।আজি ছয়মাহে দেখি আহিছে বোৱাৰীজনী ঘৰৰ পৰা ওলাই যোৱা দিন ধৰি ল’ৰাটোৱে কেনেকৈ দিনবোৰ পাৰ কৰিছে।মানসিকভাৱে ল’ৰাটো একেবাৰে ভাগি পৰিছে। ভালদৰে যতনাই দিয়া ভাত মুঠিও ভালকৈ খাৱ পৰা নাই।তাৰ সুঠাম নিপোটল শৰীৰটো দিনে দিনে ক্ষীণ হৈ অহাটোও মাকে দেখি আহিছে।মাকজনীয়ে মাথোঁ ভাত কেইটা ভালকৈ খাচোন খা বুলিহে ক’ব পাৰে।ডাঙৰক জুৰ কৰি ভাত কেইটা খোৱাব নোৱাৰি যদিহে খাবৰ ইচ্ছা নকৰে।প্ৰায়েই ভোক নাই বুলি ভাতৰ টেবুলৰ পৰা আধা খোৱা অৱস্থাৰে উঠি যোৱা দেখিবলৈ পাইছে। আজিও আধাখোৱা হাতেৰে ফোনত ব্যস্ত হৈ পৰিছে । পুতেকক খোৱা হাতখন ধুই লচোন বুলি দুবাৰ মান ক’লে।খোৱা হাতেৰে এনেকৈ ব্যস্ত হ’ব নাপায়!মাকৰ কথাই যেন শইকীয়াৰ আৱেগক বেছিকৈহে উথলি উঠালে।একেবাৰে সৰু ল’ৰা এটাৰ দৰেই কান্দোনত ভাগি পৰিল।মাকে তেওঁৰ পিঠিত কিছু সময় দুখন হাতেৰেই আলফুলে মৰমৰ উমেৰে চপৰিয়াই মোহাৰি দিয়াতহে কান্দোন অলপ কমিল।শইকীয়াই ভাত লাগি থকা হাতখন বেচিনত ধুই বেডৰূমলৈ সোমাই গ’ল। ফোনৰ সিফালে থকা গৰাকীৰ উদ্দেশ্যি কথা হ’ল।
-তুমি কান্দিয়েই থাকিবা নে?আৰু কিবা ক’ম বুলি ফোন কৰিলা!
-কিমান কান্দিছো,এটা সময়ততো ভাগৰি যাম চকুপানী টুকি টুকি।মানসিক,শাৰীৰিকভাৱে দুৰ্বল হৈ পৰা হেতুকে,এতিয়া খুব কম সময়তে ভাগৰুৱা হৈ পৰোঁ। মোক ক্ষমা কৰি দিব পাৰিবনে?মই জীৱনত নকৰিবলগীয়া ডাঙৰ এটা অপৰাধ কৰিলোঁ। আপোনাক,বাবাটোক,মা-দেউতাক,নিজৰ মাৰ ঘৰখনক সমাজৰ আগত বহুত লাজত পেলালোঁ। প্ৰেমৰ আৱেগৰ বশৱৰ্তী হৈ নকৰিবলগীয়া দোষণীয় কাম এটা কৰি এতিয়া মই অত্যন্ত দু:খিত,লজ্জিত। প্ৰেমৰ বাবে গঢ়িব বিচৰা সংসাৰৰ প্ৰতি মোৰ আজি তীব্ৰ বিৰাগ-বিৰক্তি জন্মিছে।মই বহুত অকলশৰীয়া হৈ পৰিলোঁ।আপোন সম্বন্ধবোৰত ঘূণে ধৰুৱালো।
-হ’ব দিয়া।মোৰ কথাবোৰ তুমি একেবাৰে গুৰুত্বপূৰ্ণ বুলি নাভাবিলা।চঞ্চলতা,প্ৰেম-আৱেগক বেছিকৈ প্ৰশ্চয় দিলা।চঞ্চলতাবোৰ এৰি তোমাক গাম্ভিৰ্য্যতাৰে খোজ দিবলৈ বাৰে বাৰে উনুকীয়াইছিলো।কথাবোৰ উপেক্ষা কৰি যোৱাৰ বাবেই আজি তুমি দুয়োখন ঘৰকে লাজত পেলালা।উপহাৰ হিচাপে দি গ’লা লাজ,লোক নিন্দা, তিক্ততা আদি বহু কিবাকিবি।ওচৰ চুবুৰীয়াৰ ফুচফুচনিৰ কথা কৈ শেষ কৰিব নোৱাৰি।সকলোৱে ইচ্ আচ্ কৰিবলৈ ল’লে।বাবাটোও বহুত অকলশৰীয়া হৈ পৰিল।সমনীয়াহঁতে দূৰত্ব ৰাখি চলিবলৈ ল’লে।
-আপোনাৰ স্বাস্থ্য ভালে আছেনে?আৰু মা-দেউতাৰ?
-তুমি বিহীন ঘৰ এখনৰ পৰিৱেশ আৰু স্বাস্থ্যৰ কথা কওঁ জানো!ঔষধ খালেও চোন বুকুৰ ধপধপনিবোৰ আগতকৈ বেছি হ’বলৈ ললে।তুমিটো জানাই মোৰ বুকুৰ বিষবোৰ,ধপধপনিবোৰ।যতনাই লোৱা খাদ্যবোৰেও শৰীৰটোক প্ৰয়োজনীয় পুষ্টিৰ যোগান ধৰাত অপৰাগ যেন লাগে!বাবাটোক হোষ্টেলত থৈ অহাৰ পিছত ঘৰখনৰ সকলোফালে নিমাও মাও পৰিৱেশ।সবাক হৈয়ো সকলোৱে ৰ্নিবাক হৈয়ে দিনবোৰ পাৰ কৰিছো।
-মই সকলো বুজিব পাৰিলো।বাবাটোৰ লগত মোৰ কথা হৈছিল।বহুত কান্দিলো।সিও কান্দোনত ভাগি পৰিল! মোৰ দোষৰ বাবেই আপোনাৰ পৰিয়ালৰ,মোৰ মাৰ ঘৰখনক বহু জ্বালা দিলোঁ।মই কৰা দোষণীয় কৰ্মৰ বাবে কেতিয়াও দেখা নোপোৱা পথেৰে যোৱাৰ মন মেলিছিলোঁ।আপোন মানুহ কেইজনৰ আগত ঠিয় দিয়াৰ সাহস হেৰুৱায় পেলাইছিলো।ন মাহ ন দিন গৰ্ভত ৰাখি ঘৰখনলৈ আনন্দৰ বন্যা আনি ডাঙৰ দীঘল কৰা বাবাটোৰ মাত এষাৰ শেষ বাৰৰ বাবে শুনাৰ ইচ্ছাৰে ফোন কৰোঁতে তাৰ কাকূতিত,আপোনাৰ, মা-দেউতাৰ,ঘৰখনৰ পৰিৱেশটোৰ কথা শুনি মোৰ অন্তৰাত্মা এনেকৈ কঁপি উঠিল যে মই যন্ত্ৰণা জয় কৰাৰ পণ ল’বলৈ বাধ্য হৈ পৰিলোঁ।মোৰ কাৰণে জীপাল হৈ পৰা ঘৰখন চন পৰিবলৈ দিয়াৰ দোষে প্ৰতিদিনে মোৰ বুকুখন দহি দহি খাইছে!মোক এবাৰলৈ অগ্নি পৰীক্ষা কৰাৰ অনুমতি দিবনে?বাবাটোৰ কাৰণে সকলো লজ্জা,লাঞ্চনা সহিবলৈ সাজু আছোঁ।অধীৰ প্ৰত্যাশাৰে ৰৈ আছোঁ সম্পৰ্কৰ নতুন এটা অংকৰ বাবে।মোক মাফ্ কৰি দিবনে?মই দোষৰ যন্ত্ৰণাত শয্যাশায়ী হৈ পৰিব লগীয়া হৈছোঁ।
-সময় সুবিধা বুজি তোমাক জনাই আছোঁ বুলি কৈ শইকীয়াই ফোনটো ৰাখিলে।আৱেগ,খং-ৰাগ,ক্ষোভ, তিক্ততা,সামাজিক মৰ্য্যদাৰ চিন্তাত ভাৱগধুৰ হৈ শইকীয়াৰ মুখৰ মাত হেৰাই গৈছিল।কি কৰোঁ কি নকৰোঁ কৰি শইকীয়াই একো উহাদি পোৱা নাই! সংসাৰ,ঘৰ,সমাজ,মান মৰ্য্যদা ইত্যাদি ইত্যাদি নানান চিন্তাত গোটেই নিশাটো বিচনাত ইকাটি সিকাটি বাগৰিয়েই কটালে।মাক-দেউতাকে স্পষ্টকৈ জনাই দিছে তেখেত সকলৰ ক’বলগীয়া একো নাই। বোৱাৰীয়ে যদি ঘুৰি আহি ঘৰখনক আপোন কৰি পুনৰ দায়িত্ব ল’লে তাত তেওঁলোক সঁহাৰি নজনোৱাকৈ নাথাকে।মাথোঁ ঘৰখনক ভালকৈ ধৰি ৰাখিব পাৰিলেই হ’ল।সমাজৰ ভয়ত ঘৰখন শেষ কৰাৰ যুক্তিযুক্ততা নাই।এই ধৰণীত নো আৰু কিমান দিনৰ আলহী তেওঁলোক।সংসাৰখন তোৰহে।পিছলৈ কেনেকৈ আগবাঢ় সম্পূৰ্ণ নিজৰ মতে গঢ়ি ল।দোষনীয় কৰ্মৰ লোকনিন্দা,লাঞ্চনা আদি সহিবই লাগিব।ঘৰৰ বোৱাৰীজনী পৰপুৰুষলৈ পলাই যোৱাৰ পিছত মাক দেউতাকে শইকীয়াক নতুনকৈ সংসাৰ গঢ়াৰ কথা কৈ আছিল।কিন্তু শইকীয়াৰ মনে নেমানে হায়াৰ চেকেণ্ডেৰীত পঢ়ি থকা একমাত্ৰ ল’ৰাটোৰ এগৰাকী মাহীমাকে ঠাই লওক।ল’ৰাটোৰ মন ভাৰাক্তান্ত হওঁক সেই কথা তেওঁ কেতিয়াও নিবিচাৰে।পৰিবাৰে যেতিয়া স্কুলীয়া দিনৰ প্ৰেমিকৰ লগত ঘৰ এৰি গুচি গৈছিল তাৰপিছতো তেওঁৰ দৃঢ়মনা হৈ আছিল পৰিবাৰে কৰা ভুলৰ বাবে নিজে এদিন নহয় এদিন অনুতপ্ত হ’বই। সেইবাবে শইকীয়াই বহু আশাৰে দুৱাৰখন খুলি ৰাখিছিল।শইকীয়াই বহুদিনলৈ পৰিবাৰে ঘৰ এৰি যোৱাৰ পিছতো পৰিবাৰৰ ককায়েক,বায়েকহঁতৰ লগ লাগি ক’ত ক’ত যে যােৱা নাছিল?এনে এডোখৰ ঠাই নাছিল য’ত সিহঁতে থাকিব পৰা সম্ভাৱনীয়তা আছিল। আজি ছয়মাহৰ মুৰত হঠাতে অহা ফোনটোৱে শইকীয়াৰ মনলৈ এক চেপা উত্তেজনা বোৱাই দিলে। কথাবোৰ ভাবি ভাবি থাকোঁতে বুকুৰ কোনোবা এডোখৰত বেছিকৈ বিষ অনুভৱ কৰিলে।শইকীয়া নিশ্চিত আছিল যে তেওঁ একো ভুল কৰা নাই তেনেক্ষেত্ৰত তেওঁক কোনোবাই গুৰুত্ব নিদিয়া কোনো তেওঁৰ পৰা আঁতৰি গ’লে তেওঁৰ একো ক’ব লগা নাথাকে।তথাপি বৰ্তমানৰ পৰিস্থিতি সম্পুৰ্ণ সুকীয়া।গঢ় লৈ উঠা পুৰঠ সংসাৰ এখন ভাগি যোৱাৰ পিছত পুনৰ গঢ়ি লোৱাৰ অগ্নি পৰীক্ষা যথেষ্ট কঠিন।এতিয়া সিদ্ধান্ত লোৱাত সম্পূৰ্ণ এক্তিয়াৰভুক্ত তেওঁ নিজেই।সমাজে কথাবোৰ গ্ৰহণ নকৰিলেই সম্পূৰ্ণ এঘৰীয়া।শইকীয়াৰ মূল সাহস মাক-দেউতাক আৰু একমাত্ৰ ল’ৰাটো। সাহসবোৰ যেতিয়া ঘৰৰ ভিতৰতে আছে,তেন্তে শইকীয়াই বিচলিত হোৱাৰ কোনো যুক্তি নাই। কোনোটো অক্ষমনীয় অপৰাধ কৰিবলৈ যোৱা নাই। ক্ষমাগুণ হৈছে একোগৰাকী সাহসী মানুহৰ ব্যক্তিত্বৰ চানেকি।ইতিহাসৰ কাব্য-মহাকাব্যৰ ভিতৰতেই এনে চৰিত্ৰ বিৰাজমান।বাস্তৱত আমাৰদৰে এইয়াই প্ৰথম হোৱা নাই। নিতৌ এনেধৰণৰ ঘটনাবোৰ হৈয়ে আছে। লাজ লাঞ্চনা আদিবোৰটো কাৰোৰে বাবে চিৰস্থায়ী হৈ নাথাকে।সময়ৰ সোঁতত এই সকলোবোৰ এদিন বিলীন হৈ সাধাৰণ হৈ যায়।প্ৰকৃতিৰ গছ-গছনিও এদিন লঠঙা হয় আৰু ঋতুৰ প্ৰভাৱত পুনৰ ঠন ধৰি উঠে।ই জগতৰ চিৰন্তন ৰীতি।মানুহৰো তেনে দোষ,লাজ-লাঞ্চনা আদি এদিন সমাজ ব্যৱস্থাৰ মাজেৰেই বিলীন হৈ পুনৰুদ্ধাৰ হয়।জীৱনৰ অন্য এক সংজ্ঞা সংগ্ৰাম।সংগ্ৰাম অবিহনে জীৱন জীৱনেই হ’ব নোৱাৰে।জীৱন সংঘাতৰ সতে যুঁজি যুঁজি যি অদম্য সাহস,মনোবল আৰু প্ৰেৰণা বোৰ লাভ কৰা যায়,সিয়ে তেওঁক অসাধ্য সাধনত প্ৰভুত শক্তি দিয়ে।সকলো ফালৰ পৰা ভাগি পৰাৰ পিছতো নতুনকৈ আৰম্ভ কৰাতোও জীৱন।অগ্নিক সাক্ষী কৰি যেতিয়া শইকীয়াই যুগ্মজীৱনৰ নতুন অধ্যায়ৰ পাতনি মেলিছিল,তেন্তে সেই অগ্নিৰে অগ্নিস্নান কৰি পুনৰ জীৱনটোক আগুৱাই লৈ যোৱাৰ সিদ্ধান্ত এটা লৈ লোৱাতো কোনো অপৰাধ হ’ব নোৱাৰে।হাতত থকা ম’বাইলত সেই বিশেষ নম্বৰত ডায়েল কৰিবলৈ উদ্যত হ’ল।দুবাৰমান ৰিং কৰাৰ পাছত ফোনটো ৰিচিভ্ হ’ল।
-হেল্ল’ তুমি ক’ত আছা?ফোনত কথাবোৰ দীঘলীয়া নকৰো।ঘৰৰ সকলোৱে একমত হৈ ক্ষমাক অগ্ৰাধিকাৰ দিছে।ঘৰৰ খুলি ৰখা দুৱাৰখনে সদায়েই তোমাৰ অপেক্ষাত ৰৈ আছে।এতিয়া সিদ্ধান্ত তোমাৰ।মই আগবাঢ়ি যাব পাৰো নে?
-আপুনি মানসিকভাবে অত্যন্ত ভাগৰুৱা হৈ আছে। আপুনি জিৰণি লওঁক।ঘৰখনৰ পৰা যিটো সাহসক সাৰথি সকলো মান সন্মানক জলাঞ্জলি দি ওলাই আহিবলৈ কুন্ঠাবোধ কৰা নাছিলোঁ আজি সেই সাহসৰ ভেঁটিতেই আফচোচ কৰি হ’লেও লাজ-লাঞ্চনা সহি আপোনাৰ চৰণত সেৱা অৰ্পন কৰিলেহে শান্তিৰে উশাহ ল’ব পাৰিম।
*******
11:01 AM
উপযুক্ত কাহিনী। ক্ষমাৰ সমান একো নাই।