অণুগল্প-চন্দ্ৰপ্ৰভা বৰুৱা

(১)অবৈধ
ঘৰৰ কিছুমান অদৰকাৰী বস্তু সোমাই থকা কোঠাটো চিজিল লগাবৰ বাবে সোমাই গলো।পুৰণি বাকচ এটা খুলি চাই দেখিলোঁ,মাটি বাৰী আদিৰ নথি-পত্ৰৰ ওপৰিও কিছুমান কাগজ পত্ৰ আছিল।সেইবোৰ খুচৰি থাকোঁতে দেউতাৰ নাম লিখা থকা এখন ডায়েৰী হাতত পৰিল।সেইখন খুলি চাবলৈ কিয় জানো মোৰ বৰ হাবিয়াস জন্মিল।চকীখন টানি বহি পৰিলোঁ আৰু পাত লুটিয়াই গ’লো।এটা পাতত মোৰ চকু থৰ হৈ ৰ’ল।
তেনেহলে অতদিনে মায়ে মোক ফাকি দি আহিছে!মই দেউতাৰ নহয়,কামকৰা হিচাপে আমাৰ ঘৰত সৰুৰে পৰা থকা ভদকাইৰ হে সন্তান!তাৰ পাছত যেতিয়া মোৰ হুচ আহিছিল,নিজকে মই মাৰ বিচনাত আৱিষ্কাৰ কৰিছিলো আৰু মোৰ কাষত আইতাকে আদি কৰি বহুত মানুহ।

(২) অমানুহ
ই ৰিক্সা খন লৈ যাওঁতে হঠাৎ কুকুৰা এটা তলত সোমাই পৰিল।ঘৰত সামান্য খাদ্য অকণো নথকাৰ বাবে মনটো তাৰ ভাড়াক্ৰান্ত হৈ আছিল।যেতিয়া তাৰ চকু মেল খাইছিল,সি নিজকে আৱিষ্কাৰ কৰিলে লক্ আপৰ চাৰিবেৰৰ মাজত আৰু তেতিয়া সি গোটেই গাতে অনুভৱ কৰিছিল যান্ত্ৰণা।
*******

Leave a Reply

Your email address will not be published. Required fields are marked *