অণুগল্প-ৰঞ্জিত কুমাৰ শৰ্মা
(১)গধূলি
লহিয়া বেলিটোৰ দিশত চিনাকি পথটোৰে গৈ থাকোঁতে অশীতিপৰ লোকজনে বেঁকা হৈ পৰা দেহাটো হাতেৰে খামুচি থকা তৃতীয়খন ভৰিত ভৰ দি এবাৰ পোনাই ল’লে৷কাষেৰে কিৰীলি পাৰি পাৰ হৈ যোৱা চেমনীয়া এজাকক দেখি তেওঁ কিছু চঞ্চল হৈ উঠিল৷পাহৰণি হ’ব ধৰা এই চঞ্চলতা চেমনীয়াজাকেই তেওঁৰ গালৈ ছটিয়াই দিলে৷পিচলৈ ঘূৰি চাই মনৰ দৃষ্টিৰে তেওঁ দেখিলে— একা-বেঁকা এটা দীঘল বাট,কৰবাত মসৃণ কৰবাত গাঁত৷
(২)মিলন
জীৱন বৰুৱাক বোৱাৰীয়েকে বৃদ্ধাশ্ৰম এখনলৈ লৈ গ’ল৷জীৱনৰ বিয়লি বেলাত তেওঁৰ ঠিকনা সলনি হ’ল৷ বৃদ্ধাশ্ৰমত বৰুৱাই পত্নীক লগ পালে৷প্ৰবাসী সৰুপুত্ৰৰ আশ্ৰয়ত থকা বৰুৱানীৰো ঠিকনা সলনি হৈছিল৷
(৩)দশা
মন্দিৰটোৰ সন্মুখত বিলাসী,ধুনীয়া গাড়ী ৰোৱা দেখিলে হৰিকান্ত,ৰমলা,ৰেৱতী,দুখীৰামহঁতৰ দিনটোৰ আশাই পোশা মেলে৷গামোচা,বস্তা,পুৰণি কাপোৰ,ভাঁজলগা কাঁহী আদি সন্মুখত লৈ সিহঁত মন্দিৰটোৰ কাষত নিতৌ বহে৷ ঈশ্বৰক খাটে—মন্দিৰটোত সদায়েই ভক্তৰ ভিৰ হওক৷
কিন্তু,শনি মন্দিৰতনো ভিৰ হ’বনে?আদিতে আশংকা তেনেকুৱাই আছিল৷অৱশ্যে এতিয়া মন্দিৰটো ব্যস্ত হৈ থাকে৷মন্দিৰলৈ অহা বিলাসী,ধুনীয়া গাড়ীৰ সংখ্যাও নবঢ়া নহয়৷সিহঁতৰ চকুৰ আগতে মন্দিৰটোও চহকী হৈছে৷হৰিকান্তই মন কৰিছে—দিন বাগৰাৰ লগে লগে সিহঁতৰ শাৰীটোও দীঘল হৈছে,ভোকাতুৰৰ শাৰী দীঘলীয়া হ’বই!
(৪)ৰোগ
পথটোৰ আনটো ফালে ছন পৰি থকা ঘৰৰে মাটিডৰাত ছাগলীহাল এৰাল দিবলৈ ফুলমতীয়ে ৰাস্তাত উঠিছিলহে মাত্ৰ৷পালে নহয় কাঞ্চনৰ শাহুয়েকজনীয়ে দেখা৷হাতত মোনা এখন ওলোমাই লৈ বুঢ়ীয়ে পুৱাই পুৱাই ক’লৈনো ওলাইছে সেইটো সুধিবলৈকে ফুলমতীয়ে সুযোগেই নাপালে৷তাইক দেখিয়েই বুঢ়ীয়ে মুখখন ঘূৰাই লৈ মুখেৰে ভোৰভোৰাই বেগ দিলে৷
‘পুৱাই পুৱাই বাঁজী কুলক্ষণীজনীক দেখিলোঁ যেতিয়া আজি বা কি অঘটন হয়!হে ঈশ্বৰ বচাবা আৰু…৷’
কথাকেইটা ফুলমতীৰ কাণত ভালদৰে নোসোমালেও বুঢ়ীৰ খঙৰ কাৰণ তাই নুবুজাকৈ নাথাকিল৷
ছাগলীহালৰ সৈতে পথাৰখনলৈ নামি যোৱা ফুলমতীয়ে বুকুৰ জুইকুৰা ঢাকি ৰখা মনেৰে নিজকে সুধিলে—’বিয়াৰ পাচৰে পৰা ছন পৰি থকা মাটিডৰা চহাবলৈ অসুস্থ গিৰীয়েক বাৰু সুস্থ হৈ উঠিবনে?’
(৫)স্বাধীনতাৰ গান
পানীৰ তলত গাঁত খান্দিবৰ উপায় নাছিল৷প্ৰাথমিক বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে দুজন ছাত্ৰৰ সহায়ত ৰছী ওলমি থকা দীঘল বাঁহডাল বিদ্যালয় চৌহদত হাতেৰে হেঁচি হেঁচি পুতিলে৷বাঁহডালৰ চাৰিওপিনে ৰংমন,অশোক,প্লাৱন,শ্যামল,আব্দুল,কৰিম,খাম্পা,পুতুলী আৰু সৰস্বতীহঁত থিয় হ’ল৷সিঁহতৰ কাষত থিয় হ’ল চাৰিজনমান স্থানীয় ব্যক্তিও৷প্ৰধান শিক্ষকে ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰাৰ লগে লগে সকলোৱে অভিবাদন জনালে৷আকাশমুখী সমৱেত কণ্ঠত ধ্বনিত হ’ল—’জন গণ মন অধিনায়ক জয়হে…৷’পতাকাৰ তলত থিয় দিয়াসকলৰ আঁঠু,ঊৰু,কঁকাল বা কোনোবাজনৰ বুকুলৈকে বুৰাই পেলোৱা পানীৰ ধলত বৈ গ’ল স্বাধীনতাৰ গান৷
*******