ইকিগাই -উপাসা ভাগৱতী
অলপ দিনৰ পৰা ‘ইকিগাই’ শব্দটোৱে বৰ চৰ্চা লাভ কৰিছে।এই একে নামৰ কিতাপখনৰ বিষয়েও দুই এঠাইত পঢ়ি আছিলোঁ।হঠাতে ফুৰিবলৈ গৈ এঘৰত কিতাপৰ আলমাৰিত পিতপিতাই বিচাৰি ফুৰোঁতে কিতাপখন চকুত পৰিল আৰু পঢ়িবলৈ ললোঁ।
কিতাপখনৰ বিষয়ে দুই এষাৰ নিলিখাকৈ থাকিব নোৱাৰিলোঁ।এই কিতাপখন আন্তঃৰাষ্ট্ৰীয় বজাৰত সৰ্বাধিক বিক্ৰী হৈছে আৰু এই গ্ৰন্থখনৰ বিষয়বস্তু হ’ল দীৰ্ঘায়ু আৰু আনন্দময় জীৱনৰ জাপানী ৰহস্য।
মানুহ দিনক দিনে স্বাস্থ্য সচেতন হৈ আহিছে।কেনেদৰে জীৱন-যাপন কৰিলে মানুহে আনন্দময়,সুখময় এক সুদীৰ্ঘ জীৱন-যাপন কৰিব পাৰে তাৰে চেষ্টাৰ ফলশ্ৰুতিত বৰ্তমান বহু চৰ্চিত, পঠিত এই কিতাপখন হ’ল ”ইকিগাই।” মূল হেক্টৰ গাৰচীয়া আৰু ফ্ৰান্সেস্ক মিৰালেছৰ এই গ্ৰন্থখনৰ অনুবাদ-ডঃ কুল কমল সেনাপতিৰ।গ্ৰন্থখন মাইমিৰ’ৰ পাব্লিছিং হাউচৰ পৰা প্ৰকাশিত হৈছে।প্ৰথম সংস্কৰণ-২০২২ চন,মূল্য-২৮০ টকা।
কিতাপখনৰ মুখবন্ধতে আছে এটা জাপানী প্ৰবাদ যাৰ পৰা কিতাপখনৰ মূল বিষয়বস্তু কি বুজিব পাৰি -‘কেৱল সক্ৰিয় হৈ থাকিলেহে আপোনাৰ এশ বছৰ জীয়াই থকাৰ ইচ্ছা জাগিব।’
সূচীপত্ৰত আছে–
প্ৰস্তাৱনা,অনুবাদকৰ কথাৰে ইকিগাই..,বার্ধক্য ৰোধৰ (এন্টিএজিং) ৰহস্য,ল’গ’ থেৰাপীৰপৰা ইকিগাইলে,
আপোনাৰ সকলো কামতেই প্রবাহৰ সন্ধান….,দীর্ঘজীৱনৰ অধিপতিসকল,জাপানৰ শতায়ুসকলৰপৰা শিক্ষা,ইকিগাই খাদ্যাভ্যাস,
মৃদু চলাচল, দীঘলীয়া জীৱন,স্থিতিস্থাপকতা আৰু ৱাবি-চাবি…….,উপসংহাৰ নামেৰে কেইবাটাও অধ্যায়।
জীৱনত প্ৰেৰণা আৰু প্ৰবোধ যোগাবলৈ তথা নিজৰ ইকিগাই বিচাৰি উলিয়াবলৈ এই গ্ৰন্থখন পঢ়া আৱশ্যক । প্ৰথমেই আমি জানিব লাগিব এই শব্দটোৰ অৰ্থ কি?
‘ইকি’ আৰু ‘গাই’ দুটা পৃথক অৰ্থৰ শব্দ সংযুক্ত হৈ এই ‘ইকিগাই’ শব্দটো গঠিত হৈছে।ইয়াৰ প্ৰথম শব্দটোৰ অৰ্থ হৈছে জীৱন বা জীৱিত আৰু আনটো শব্দৰ অৰ্থ হৈছে এটা প্ৰভাৱ।এই দুয়োটা শব্দ সংযুক্ত হৈ এই অৰ্থ প্ৰকাশ কৰিব পাৰে— জীৱনৰ অৰ্থ বা এনেকুৱা কিবা এটা যি জীৱনক অৰ্থপূৰ্ণ কৰি তোলে।
ইকিগাইৰ দ্বাৰা জীৱনত পৰিৱৰ্তন সাধিব পৰা সম্বল উপলব্ধ কৰাই কেনেদৰে অনাৱশ্যক বোজা এৰি থৈ নিজৰ উদ্দেশ্য সিদ্ধি কৰিব পাৰি,বন্ধুত্ব বিকশিত কৰিব পাৰি আৰু নিজকে নিজৰ আকাংক্ষাৰ প্ৰতি কেনেকৈ সমর্পিত কৰিব পাৰি তাকে আপোনাক দেখুৱাব। জাপানৰ মানুহে বিশ্বাস কৰে যে প্রত্যেক লোকৰে ভিতৰত ইকিগাই লুকাই থাকে- ইয়েই হ’ল নিতৌ ৰাতিপুৱা শুই উঠি দিনটোৰ বাবে আগবঢ়াৰ কাৰণ। তেওঁলোক দীৰ্ঘজীৱী হৈ থকাৰ মূল কাৰণ।
অক্সফৰ্ড ইংৰাজী অভিধান মতে ইকিগাই এক অনুপ্ৰেৰণামূলক শক্তি যি এজন ব্যক্তিক জীয়াই থকাৰ উদ্দেশ্য প্ৰদান কৰে।সাধাৰণতে ই এনে এক অৱস্থা বা ব্যক্তি বিশেষক বুজায়,যি জীৱনলৈ আনন্দ বা পৰিপূৰ্ণতা কঢ়িয়াই আনে।
ইকিগাইয়ে জীৱনত এটা উদ্দেশ্যৰ ভাবনা থকা আৰু ইয়াক সফল কৰিবলৈ অনুপ্ৰাণিত হোৱাক বুজায়।মিচিকো কুমানো নামৰ ব্যক্তিজনৰ এক অধ্যয়ন অনুসৰি, নিজৰ ভালপোৱা বা ভাললগা কামটো কৰি এজন ব্যক্তিৰ মনত যি প্ৰাপ্তি আৰু পৰিপূৰ্ণতা অনুভৱ হয়,জাপানী ভাষাত এই অনুভৱকে ‘ইকিগাই’ বুলি বৰ্ণনা কৰা হৈছে।ইকিগাইৰ অনুভূতি সৃষ্টি কৰা কাৰ্যকলাপবোৰ কোনো ব্যক্তিৰ ওপৰত জোৰকৈ আৰোপ কৰা নহয়; সেইবোৰ স্বতঃস্ফূৰ্তভাৱে আৰু স্বেচ্ছাই এগৰাকী মানুহৰ মনলৈ আহে বুলি ধাৰণা কৰা হয়,সেয়ে ই সম্পূৰ্ণ ব্যক্তিগত আৰু এজন ব্যক্তিৰ অন্তৰাত্মাৰ ওপৰত ই নিৰ্ভৰ কৰে।জীৱনৰ অৰ্থ বা এনেকুৱা কিবা এটা যি জীৱনক অৰ্থপূৰ্ণ কৰি তোলে।
আপোনাৰ পাৰদর্শিতা,আপুনি কি ভাল পায়,আসক্তি, পেছা,ইকিগাইৰ উদ্দেশ্য,বিশ্বই কি বিচাৰে,বিনিময়ত কি ভোগ,কৰিবলৈ পাব এটা বৃত্তৰ পৰিধিৰ মাজত এই বিষয়সমূহ সোমাই আছে।ইকিগাই সন্দৰ্ভত তাকে আমি পৰ্যবেক্ষণ কৰিব লাগিব আৰু নিজৰ জীৱন চৰ্যা সলনি কৰি এই দিশেৰে ধাৱমান হ’লেহে সুস্বাস্থ্যৰে দীৰ্ঘ জীৱন লাভ কৰিব পাৰিম।
আমি মানুহ,আমাৰ প্রত্যেকৰে জীৱনৰ ‘ইকিগাই’ ভিন্নধৰণৰ,কিন্তু আমি প্রত্যেকেই জীৱনৰ অর্থৰ অন্বেষণ কৰোঁ।যেতিয়াই আমি নিজৰ ‘ইকিগাই’-ৰ সৈতে যুক্ত হব পাৰোঁ তেতিয়াই আমাৰ ওচৰত জীৱন অর্থপূর্ণ বুলি ধাৰণা হয় আৰু কামবোৰে আমাক আনন্দ দিবলৈ আৰম্ভ কৰে।যেতিয়া আমাৰ ‘ইকিগাই’-ৰ সৈতে সম্পর্ক শেষ হৈ যায়,তেতিয়া আমাৰ বাবে জীৱন অর্থহীন হৈ উঠে।
আধুনিক জীৱনে আমাক আমাৰ প্রকৃত স্বভাৱৰ পৰা দূৰলৈ লৈ যায়।পইচা, ক্ষমতা ও পদোন্নতি নামৰ কাৰকবোৰে আমাক মূল স্বভাৱৰ পৰা আঁতৰাই লৈ যায়।এই তিনিটি বস্তু কেতিয়াও নিজৰ জীৱনত বাহৰ পাতিবলৈ দিব নালাগে।আমাৰ ভিতৰত যি উৎসুকতা আৰু অনুভূতি আছে তাক দিশ নির্ধাৰণ যন্ত্রৰ দৰে ব্যৱহাৰ কৰক।সিয়ে আমাক ‘ইকিগাই’ পর্যন্ত লৈ যাব। তাৰপৰা লাভবান হওক, নিজৰ প্রকৃত আনন্দ পর্যন্ত উপস্থিত হবলৈ চেষ্টা কৰক।যিটো পছন্দ নহয়,তাৰ পৰা দূৰত থাকক।নিজৰ ভিতৰৰ উৎসুকতাক মৃত্যু হবলৈ নিদিব,কাৰণ সেইটোৱে আপোনাৰ জীৱনৰ প্ৰকৃত অর্থ বাহিৰ কৰি উলিয়ায়।কোনো মহান কাম কৰা জীৱনৰ উদ্দেশ্য,এনেকুৱাও হ’ব পাৰে,হয়তো ভাল পিতৃ-মাতৃ হোৱা বা আপোনাৰ প্রতিবেশীক সাহায্য কৰাও আপোনাৰ ইকিগাই হ’ব পাৰে।
জীৱনত কিছুমান প্ৰশ্নৰ উত্তৰ বিচাৰি পাব বুলি আপুনি নাভাবিব।কেৱল মাত্র এনে কিছুমান কথা ভাবক যাৰ দ্বাৰা আপুনি নিজৰ সকলোতকৈ পছন্দৰ কামবোৰৰ সৈতে সংযুক্ত হৈ থাকিব পাৰে।আৰু সেই কামকে লৈ ব্যস্ত থাকক,যিকোনো অনুষ্ঠানত যোগ দিয়াৰ চেষ্টা কৰক যাতে বন্ধু-বান্ধৱ ও আত্মীয় স্বজনৰ লগত দেখা কৰিব পাৰে।এইবোৰে আপোনাৰ মনলৈ আনন্দ আনিব আৰু জীৱনটো ৰঙীন হৈ পৰিব।ইয়েই হ’ল একোটা ইকিগাই।গ্ৰন্থখনিতো ইয়াকে বুজোৱাৰ চেষ্টা কৰিছে।
গ্ৰন্থখনৰ প্ৰথমতেই দীৰ্ঘ জীৱিত মানুহৰ ওপৰত ভিত্তি কৰি কিছুমান অঞ্চল ব্লুজ’ন হিচাপে নিৰ্বাচিত কৰি এই সন্দৰ্ভত আলোচনা কৰিছে।লগতে দীৰ্ঘজীৱী হিচাপে বিবেচিত জাপানৰ মানুহৰ বিশ্বাস সম্বন্ধত আলোচনা কৰিছে।তেওঁলোকে বিশ্বাস কৰে যে আপুনি এনে এটা কাম কৰক যি কাম কৰিবলৈ আপুনি ভালপায় আৰু আপুনি ভাল ভাবে কৰিবও পাৰে।তেওঁলোকৰ দাবী, এনে কাম কৰিলে আপুনি ভালে থাকিব,সুখী হৈ থাকিব আৰু দীৰ্ঘদিন বাচি থাকিব।তেওঁলোকৰ বাবে ভালে থকাৰ প্ৰথম চৰ্ত হৈছে নিজকে ব্যস্ত ৰখা।
পৃথিবীত সকলোতকৈ বেচি দীর্ঘায়ু মানুহক দেখা পোৱা যায় জাপানৰ ওকিনাওয়া দ্বীপত আৰু সেই স্থানৰ মানুহৰ দীর্ঘ ও সুখী জীৱনৰ ৰহস্য লৈয়ে লিখা হৈছে এই ‘ইকিগাই’ নামৰ কিতাপখন।সেইবাবেই সুখী ও দীর্ঘ জীৱন-যাপনৰ ৰহস্য জনাৰ বাবে এই কিতাপখন সকলোৱে পঢ়া উচিত।যি আপোনাৰ সুখী জীৱনৰ বাবে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব।
নেচনেল জিঅ’গ্ৰাফীৰ সাংবাদিক ডেন বাটনাৰৰ মতেও অকিনাৱা নিবাসী লোকসকল দীৰ্ঘকাল জীয়াই থকাৰ কাৰণসমূহৰ ভিতৰত এটা কাৰণ হৈছে ইকিগাই। বাটনাৰে কৈছে যে; অকিনাৱানচ্সকলৰ অৱসৰ লোৱাৰ ইচ্ছা খুব কমেইহে থাকে।সুস্থ আৰু সবল হৈ থকালৈকে তেওঁলোকে তেওঁলোকৰ ভালপোৱা কামটো কৰি থাকি ভাল পায়।ঘনিষ্ঠভাৱে বান্ধ খাই থকা বন্ধুৰ গোট মৱাইয়ো হ’ল অকিনাৱানচ্সকল দীৰ্ঘদিন জীয়াই থকাৰ আন এক ৰহস্য।
ৱাকিপিডিয়াত এই সম্পৰ্কে আমি অন্য কিতাপ এখনৰ বিষয়েও জানিব পাৰিলোঁ।আমি পালোঁ যে
যদিও জাপানী সংস্কৃতিত ইকিগাই ধাৰণাটি দীৰ্ঘকাল ধৰি বিদ্যমান; জাপানী মনোৰোগ বিশেষজ্ঞ আৰু শিক্ষাবিদ মিয়েক’ কামিয়াইহে তেওঁৰ জীৱনৰ অৰ্থ (অন দ্য মিনিং অৱ লাইফ) কিতাপখনৰ জৰিয়তে এই ধাৰণাক জনপ্ৰিয় কৰে।কিতাপখন অৱশ্যে এতিয়াও ইংৰাজীলৈ অনুবাদ হোৱা নাই।
‘আমাজন’ নামৰ সংস্থাটোত এই কিতাপখন সম্বন্ধে পোৱা কথাখিনিও ইয়াতে সংযোগ কৰিলোঁ।ইকিগাইৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰত সৰ্বাধিক বিক্ৰী হোৱা গাইডপৰা জানক দীর্ঘায়ু আৰু আনন্দময় জীৱনৰ জাপানী ৰহস্য।জাপানৰ মানুহে বিশ্বাস কৰে যে প্রত্যেক লোকৰে ভিতৰত ইকিগাই লুকাই থাকে—ইয়েই হ’ল নিতৌ ৰাতিপুৱা শুই উঠি দিনটোৰ বাবে আগবঢ়াৰ কাৰণ।প্ৰেৰণা আৰু প্ৰবোধ জগোৱা এই গ্রন্থই আপোনাক আপোনাৰ ব্যক্তিগত ইকিগাই বিচাৰি উলিওৱাত সহায়ক হোৱাকৈ জীৱনত পৰিৱৰ্তন সাধিব পৰা সম্বল উপলব্ধ কৰাব।ই আপোনাক দেখুৱাব কেনেদৰে অনাৱশ্যক বোজা এৰি থৈ নিজৰ উদ্দেশ্য সিদ্ধি কৰিব পাৰি,বন্ধুত্ব বিকশিত কৰিব পাৰি আৰু নিজকে নিজৰ আকাংক্ষাৰ প্ৰতি কেনেকৈ সমৰ্পিত কৰিব পাৰি।ইকিগাইৰ সৈতে প্রতিদিন সাৰ্থকতা আৰু আনন্দ লাভ কৰক।
‘ইকিগাই’ নামৰ গ্ৰন্থখনত আমি আমাৰ জীৱনটো আনন্দৰ সৈতে কেনেদৰে আগুৱাই নিব পাৰোঁ সেই সম্বন্ধে আলোচনা কৰাৰ উপৰিও ইয়াত আমাক শৰীৰটো সুস্থ সবল কৰি ৰাখিবলৈ খাদভ্যাস,শৰীৰ চৰ্চাৰ চিত্ৰৰূপৰ লগতে ইয়াত আমি যোগচর্চাৰ অন্তৰ্গত সূৰ্য্য নমস্কাৰৰ চিত্ৰৰূপো দেখিবলৈ পালোঁ।বিশ্বৰ বিভিন্ন ভাষালৈ অনুদিত হোৱা এই কিতাপখন অসমীয়া ভাষাতো বৰ্তমান উপলব্ধ হোৱাত এই গ্ৰন্থখনে আমাৰ মনলৈ জীয়াই থকাৰ এক নতুন উৎসাহ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।কিতাপখন পঢ়া নাই যদি পঢ়ক আৰু আনকো পঢ়ুৱাওক।
*******
8:21 PM
বৰ ভাল পালোঁ পঢ়ি।