এধানি আকাশ,এধানি পোহৰ-চন্দামিতা শৰ্মা 

বেলিটোৱে পৃথিৱীলৈ পোহৰ ছটিয়াবৰ সময়।জীৱনৰ হিচাপ-নিকাচ তথা উশাহৰ ঘনত্বৰ জোখ-মাপ লোৱা ঠাইখিনিৰ এটা নিৰ্দিষ্ট কোঠাৰ বেৰত ওলমি থকা দেৱাল ঘড়ীটোৰ টং টং শব্দত সাৰ পাই গ’লোঁ।  

গাটো সামান্য লৰচৰ কৰি বিছনাৰ পৰা হাতে ঢুকি পোৱা দূৰৈত থকা মণিটৰটোত ৰেখাংকিত হৈ থকা নিজৰে হৃদয়ে সৃষ্টি কৰা অনুপ্ৰস্থ তৰংগবোৰলৈ একেথিৰে চাই ৰ’লোঁ।কি যে আচৰিত কথা!সকলোৱে জীৱন যাত্ৰাৰ পথটো একা-বেকা নহৈ এডাল পোন সৰলৰেখা হোৱাটো বিচাৰে অথচ জীয়াই থকাৰ ছন্দক পতন হ’ব নোৱাৰাকৈ ধৰি ৰখা ৰেখাডাল কিন্তু  একেবাৰেই সৰল নহয়।সাগৰত উঠা জোৱাৰ-ভাটা সদৃশ।সৰল হোৱা মানেই মৃত্যুৰ শীতল কোলাত ঢলি পৰা।

“মেম,এনি প্ৰব্লেম?ডু ইউ নীড এনিথিং?” নাৰ্ছজনী   মানে ৰাস্নাই মোৰ ওচৰলৈ আহি সুধিলে।

স্মিত হাঁহি এটাৰে মূৰটো সোঁৱে-বাঁৱে লৰালোঁ।মোৰ উত্তৰ,তাই ঠিকে বুজি পালে।

তাই গৈ পুনৰ নিজ ঠাইত বহিল।এইকেইদিনতে গম পাইছোঁ বৰ সততা আৰু নিষ্ঠাৰে কাম কৰা ছোৱালী তাই।

প্ৰায় তিনিমাহমানৰ অন্তত এই কোঠাটোত সম্ভৱত মোৰ আজি অন্তিমটো ৰাতি।মোৰ একান্ত ইচ্ছাৰ আগত মা- দেউতা আৰু জীৱনসংগীৰ চিন্তা,উদ্বিগ্নতা পৰাজিত হোৱাৰ সময় এই তিনিমাহ।অসহ্যকৰ শাৰীৰিক কষ্টকৰ এই যাত্ৰাক তিলমাত্ৰও গুৰুত্ব নিদিয়াকৈ এক অনিৰ্বচনীয় সুখকৰ তথা আৰ্শীবাদপুষ্ট যাত্ৰা হিচাপে অতিক্ৰম কৰাৰ সময় এই তিনিমাহ।যেন নিজৰ পৰা নিজলৈ কৰা এক অবিৰত,শাশ্বত যাত্ৰা।

হাইস্কুলত পঢ়ি থাকোতে দেউতাৰ মুখত শুনিছিলোঁ    শিৱৰ বিচৰণভূমি,মণিকৰ্ণিকা ঘাটৰ কথা,মহাশ্মশান।য’ত চিৰ প্ৰজ্বলিত অগ্নিকুণ্ডৰ পৰা কোনোবা এজন চণ্ডালে জুই কঢ়িয়াই আনি সাজু হৈ থকা চিতাত মুখাগ্নি কৰে।ঠিক মোৰ দেউতাই মোৰ এই সৰু চহৰখনৰ এমূৰৰ শ্মশানখনত কৰাৰ দৰে কত যে দেখিছোঁ দপদপাই জ্বলি উঠা জুই!কতবাৰ যে শুনিছোঁ হিয়াভগা কান্দোনৰ শব্দ আপোনজনক চিতাত উঠোৱাৰ সময়ত।কিন্তু অবিচল হৈ সেই সময়ত হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছিলোঁ,আত্মাই চিৰশান্তি লাভ কৰক বুলি।অথচ যেতিয়া একেবাৰে বুকুৰ আপোন দেউতাৰ শৰীৰৰ ৰিপোৰ্ট ডাক্তৰে মোৰ সম্মুখত দাঙি ধৰিছিল,তেতিয়া কিয় ভয়ানক ভাবে অস্থিৰ হৈ পৰিছিলোঁ?

“দেউতা,তোৰ ভৰি দুখনচোন অলপ ফুলা যেন লাগিছে আৰু মুখখনো অলপ বেলেগ দেখিছোঁ।কি হৈছে তোৰ?” বন্ধত ঘৰলৈ আহোঁতে অলপ উৎকন্ঠিত হৈ সুধিছিলোঁ।

“নাই ও ক’ত নো দেখিলি ভৰি ফুলি উঠা?খালী ভৰিৰে অনবৰত থাকো যে।তই এতিয়া ‘অফিচাৰণী’ হ’লি নহয়!সেয়ে কিবা বেলেগ দেখিছ,বুইছ।” প্ৰানখোলা হাঁহি এটাৰে আমাৰ সৰু ঘৰটো কঁপি উঠিছিল।

“নহয় ও মুনুমা,দেউতাৰৰ গাটো কিবা এটা ভাল লাগি নাথাকে।মোক কয় নহয় মাজে মাজে।” মাৰ কথা শুনি চিন্তিত হৈ পৰিছিলোঁ।

সেয়াই আৰম্ভণি।তাৰপাছত উৎকন্ঠা,দুঃচিন্তা,এজনে আনজনক নেদেখাকৈ মচি লোৱা চকুপানী আদিক মনৰ মাজতে মাৰ খুৱাই চিকিৎসক,লেব’ৰেটৰী,ৰিপোৰ্ট আদিৰ মাজেৰে ধুমুহা গতিৰে পাৰ হৈ গৈছিল সময়। অনিদ্ৰাই চকুৰ তলত নিজৰ চাপ সুস্পষ্ট কৈ পেলালেও মোৰ মনৰ মাজত এধানিকৈ উজলি উঠিবলৈ আৰম্ভ কৰা পোহৰকণাই সেই বিষময় পৰিস্থিতি চম্ভালি ল’বলৈ অহৰহ প্ৰেৰণা যোগাই আছিল।

“জানানে পাৰ্থ,দেউতাৰ মুখত বহুবাৰ মণিকৰ্ণিকা ঘাটৰ কথা শুনিছোঁ।তাকো আনৰ মুখৰ পৰা বাগৰি বাগৰি আহি দেউতাৰ কাণত পৰা কথাবোৰ।পাছত যেতিয়া ডাঙৰ হ’লোঁ,চণ্ডালৰ ছোৱালী বুলি প্ৰায় চাৰিওকাষৰ পৰা ভেঙুচালিবোৰৰ সম্মুখীন হৈছিলোঁ,লগতে অস্পৃশ্য বুলি গণ্য কৰা কথাবোৰটো আছেই,গতিকে মই  যাত্ৰা আৰম্ভ কৰিছিলোঁ নিজে কাটি লোৱা ৰাস্তাৰে।পিছে লাভ মোৰেই হৈছিল বা হ’ল।কিতাপৰ লগত সময় বেছিকৈ পাৰ কৰিছিলোঁ আৰু তেতিয়াই গোগ্ৰাসে গিলিছিলো বিভিন্ন বিষয়ৰ বিভিন্ন কথা।তাৰ ভিতৰত কিছুমান কথাই আচৰিত কৰিছিল মোক।কিন্তু এটা কথা,মোৰ দেউতাক এতিয়াই যাব দিব নোৱাৰিম,নিদিওঁ।এটা কাম বাকী আছে।গতিকে মই নিশ্চিত যে মই লোৱা সিদ্ধান্তটোত তুমি কেতিয়াও আপত্তি নকৰা।” 

পাৰ্থ অৰ্থাৎ মোৰ জীৱনসংগী,যাক মই লগ পাইছিলোঁ,বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত কেৱল শিক্ষাগত অৰ্হতাৰ মাপেৰে উচ্চ নাছিল,ব্যক্তিত্ব পৰিমাপো অতি উচ্চ। মোৰ মানসিক শক্তিৰ ভঁৰাল দেখোন তেৱেই!আপত্তি নহয় বৰঞ্চ হাতদুখন খামোচ মাৰি ধৰি দিছিল সাহস। তথাপিও কিন্তু তেওঁৰ উদ্বেগপূৰ্ণ মুখখনৰ আঁৰৰ কথা ঠিকেই বুজি পাইছিলোঁ।

কোঠাটোত তীক্ষ্ণতেজসৰ কিঞ্চিত আভা পৰিবলৈ আৰম্ভ কৰিছে।সৌৱা কোঠাটোৰ আনটো মূৰত এক নিশ্চিত মনেৰে মা শুই আছে চোফা এখনত মূৰ পেলাই।কাষৰ ৰুমত দেউতা আৰু পাৰ্থ।দেউতাৰ দেহৰ লগত সংলগ্ন সূক্ষ্ম তাঁৰেৰে মণিটৰত জিলিকি থকা অনুপ্ৰস্থ তৰংগবোৰ নিশ্চয় পাৰ্থই আজি আৰু নিৰীক্ষণ কৰি নাই।

“কংগ্ৰেচুলেশ্যন,এতিয়ালৈ সকলো থিকে আছে আৰু মোৰ পূৰা বিশ্বাস,ভৱিষ্যতেও সকলো ঠিকে থাকিব। আপোনালোকে আমি দিয়া সকলো ঔষধ-পাতি সময়মতে খোৱাৰ উপৰিও সময়ে সময়ে চেক্আপত আহিব লাগিব।এভৰিথিং উইল বি নৰ্মেল চুন।” সকলোবোৰ ৰিপোৰ্ট ভালদৰে চাই কালি আবেলি বয়োজ্যেষ্ঠ ডাক্তৰজনে কোৱা কথাকেইষাৰৰ পিছত মা আৰু পাৰ্থৰ মুখ দুখন উজ্বলি উঠিছিল।তাৰেই ফলশ্ৰুতিত আজি ইটো ৰুমত মা আৰু সিটো ৰুমত পাৰ্থৰ চকুত কিবাকৈ নিদ্ৰাদেৱীৰ আগমণ ঘটিছে।

 

হঠাতে দৰ্জা খোলাৰ শব্দত ইমানপৰে ভাৱনাত ডুবি থকা মই চকুহাল লাহেকৈ মেলিলোঁ।দেখিলোঁ,দেউতাক হুইল চেয়াৰত বহুৱাই পাৰ্থই ভিতৰলৈ লৈ আহিছে।

উষ্ম হাঁহি এটাৰে দেউতাক সম্ভাষণ জনালোঁ।

“চোৱা দেউতা,তোমাৰ আৰু মোৰ পেটৰ একে ঠাইতে দুডাল একে জোখৰ ৰেখা।” কথাখিনি কৈ থকাৰ সমান্তৰালভাৱে নিজে বিছনাৰ পৰা উঠিবলৈ লওঁতেই মাই প্ৰায় দৌৰি অহাদি মোৰ কাষ পালেহি।

“অধৈৰ্য্য নহ’বিচোন মুনুমা,মই আছোঁ নহয়,অলপ লাহে লাহে।” 

মা জনী যে!অলপতে ভয় খাই উঠে!

ওচৰলৈ অহা দেউতাৰ হাতত খামোচ মাৰি ধৰি ক’লোঁ- “দেউতা,ইয়াৰ পৰা গৈয়ে পাৰ্থ আৰু মই এটা সুন্দৰ কামৰ শুভাৰম্ভ কৰিম।সমাজে অস্পৃশ্য বুলি গণ্য কৰা ল’ৰা-ছোৱালী খিনিৰ বাবে এখন স্কুলৰ আৰম্ভ কৰিম।কি কোৱা দেউতা,কেনে হ’ব?”

“তোৰ দৰে ডাঙৰ ডাঙৰ কথা মাৰ আৰু মই জানোনে? খালী এটাই জানোঁ,নিজৰ অমূল্য অংগ দান কৰি তই মোক….।” কথাখিনি সম্পূৰ্ণ কৰাৰ পৰিবৰ্তে হুকহুকাই কান্দি উঠা দেউতাৰ হাতখন আৰু জোৰকৈ খামোচ মাৰি ধৰি আনখন হাতেৰে চকুপানী মচি দিলোঁ।

আজিৰ পৰা প্ৰায় বাইশ বছৰ আগতে,বস্তিৰ মানুহে আহি শ্মশানত থৈ যোৱা মানুহ এগৰাকীৰ মৃতদেহৰ পিছে পিছে লৱৰি অহা পাঁচবছৰীয়া ছোৱালীজনীক সাবট মাৰি ধৰি,শ্মশানৰ একোণত থকা ঘৰখনলৈ লৈ যাওঁতে মানুহহালৰ দুচকুত জলমল কৰি উঠা মুকুতা  চাৰিটা আজি পুনৰ দেখা পালোঁ।

প্ৰভাতী সূৰুযৰ কিৰণে ইতিমধ্যে বিধৌত কৰা আমাৰ মুখকেইখনলৈ চাই ৰাস্নাই কৈ উঠিল, 

“দ্য মৌষ্ট বিউটিফুল চিন আই হেভ এভাৰ শ্বীন ইন মাই  লাইফ।”

*******

Leave a Reply

Your email address will not be published. Required fields are marked *