কথাগল্প-পূৰ্ণিমা শইকীয়া গগৈ

: মা, তোমাক কথা এটা ক’ব লগা আছিল।

: কি কথা?

: মা, মই কিশোৰক সহ্য কৰিব নোৱাৰা হৈ আহিছোঁ। সেয়ে ভাবিছোঁ আমি বেলেগ বেলেগ হৈ থকাই ভাল।

: তুমি এইবোৰ কি কৈছা?এইবোৰ কথা শুনিলে দেউতাৰৰ অৱস্থা কি হ’ব সেই কথা ভাবি চাইছানে? আৰু লইনাৰ কি হ’ব?তাই দেউতাকক এৰি থাকিব পাৰিবনে?

: মা, মই নিজৰ কথা ভাবিম নে আনৰ কথা ভাবিম?

: তুমি সকলোৰে কথা ভাবিব লাগিব।

: কিন্তু মই কিশোৰৰ লগত থাকিব লাগিলে এদিন নিজকে শেষ কৰিব লাগিব।

: তোমাৰ সমস্যা কি?

: সি মদ খাই।

: অকল সিয়েই নহয় আজিৰ সময়ত বহু পুৰুষেই মদ খাই।কিন্তু সকলো পত্নীয়েটো তোমাৰ দৰে নিজৰ স্বামীক এৰাৰ কথা ভবা নাই।

: আনৰ কথা নাজানো কিন্তু মই এটা মদাহীৰ লগত জীয়াই থাকিব নোৱাৰোঁ।

: অকল সেইটোৱেই নে আৰু কিবা সমস্যা আছে?

: তাৰ দৰমহাৰ টকাৰে আমাৰ চলিবলৈ বহুত টান হৈ পৰে।তাতে সি নিজৰ মাক দেউতাককো গোটেই মাহ চলিবলৈ টকা দিব লাগে। 

: কিশোৰ তেওঁলোকৰ একমাত্ৰ সন্তান।গতিকে মাক দেউতাকৰ দায়িত্ব পালন কৰিবই লাগিব।

: মোৰ আৰু লইনাৰ প্ৰতি তেওঁৰ কোনো দায়িত্ব নাই?

: তোমালোকৰ প্ৰতি কিয় দায়িত্ব নাথাকিব? কিশোৰেটো তোমাৰ আৰু লইনাৰ দায়িত্ব ঠিকেই পালন কৰা দেখিছোঁ।

: মই টকা বিচাৰিলে তেওঁৰ হাতত টকা নাথাকে।মাক দেউতাকক ঠিকেই দিয়ে।

: তুমি নিজে দৰমহা পোৱা।কিশোৰক টকা কিয় খুজিব লাগে?

: কিয় নুখুজিম?মাক দেউতাকক দিব পাৰিলে মোকো দিব লাগিব।

: মই আচৰিত হৈছোঁ,যিটো ল’ৰালৈ বিয়া নিদিলে এটা সময়ত তুমি মৰিম বুলি কৈছিলা,আজি সেইটো ল’ৰাক সাধাৰণ এটা কথাতে এৰিব পৰা হ’লা।এয়াই তোমাৰ প্ৰেম।এয়াই ভালপোৱা।বিয়াৰ আগতে তুমি নিজেই দেখিছিলা কিশোৰৰ ঘৰৰ অৱস্থাৰ কথা।আমাৰ দৰে আৰ্থিক ভাবে স্বচ্ছল নোহোৱাৰ বাবে দেউতাৰে এই বিয়াত মত দিয়া নাছিল।কিন্তু তুমি কি কৈছিলা এবাৰ মনত পেলোৱা।

: মোৰ ভুল হৈ গ’ল।

: ভুল হৈ গ’ল বুলি ক’লে সমস্যা সমাধান নহয়।প্ৰথমে নিজক শুধৰাবলৈ চেষ্টা কৰা।কিশোৰেতো আগতে একো বেয়া বস্তু মুখত দিয়া নাছিল,হয়তো তোমাৰ ব্যৱহাৰত অতিষ্ঠ হৈ সি এই কাম কৰিছে।

: মই জানো তোমাৰ ওচৰত একো উত্তৰ নাই।গতিকে নিজক সলনি কৰা।মই দেউতাৰক একো নকওঁ।আশা কৰিছোঁ আগলৈও এই বিষয়ে একো ক’ব লগা নহ’ব।

                               

*******

Leave a Reply

Your email address will not be published. Required fields are marked *