কন্যা সন্তান-শুভ বৰা শইকীয়া

মা,তুমি ক’ত আছানো বুলি কৈ ভিতৰ সোমাই সুমন একেবাৰে মাকৰ ওচৰ পালেগৈ।হঠাতে তাক দেখি মাক আচৰিত হ’ল।তুমি পালাহিয়েই যে।অ’ মা তুমি আগতে কোৱা কথা বোৰৰ বাস্তৱ ছবি খন বা ওচৰত দেখা পাই মই গুছি আহিলো।তোমাৰ কথাবোৰত সম্পূৰ্ণ সত্যতা আছিল।এতিয়া বাস্তৱত দেখিহে উপলব্ধি কৰিব পাৰিলো।

সুমন সদায় স্কুলৰ পৰা বায়েক সুনিতাতকৈ এঘণ্টা আগতে আহে।তথাপি তাক মাকে ভাত খাবলৈ নিদি সুনিতা অহালৈ ৰৈ থাকে।মাকৰ দুয়োতা সন্তানৰ  ওপৰত সমদৃষ্টি।ল’ৰা বুলি তাক আগতে খাবলৈ দিলে সুনিতাক ঠাণ্ডা খাবলৈ দিয়াতো সহ্য কৰিব নোৱাৰে। সুমনৰ কোনো আপত্তিয়ে মাকৰ ওচৰত কামত নিদিয়ে। 

এদিন সুমনে ক’লে মা বৰমাই কৈছে সদায় ল’ৰাকহে হেনো আগতে খাবলৈ দিব লাগে।তেতিয়া হ’লে তুমি মোক নিদিয়া কিয়?চোৱা সুমন, তুমি মোক ভুল নুবুজিবা।মই যি কৰিছো নিজৰ অভিজ্ঞতাৰ পৰা কৰিছো।তোমালোক ল’ৰাবোৰে সকলোৰে পৰা মৰম,স্নেহৰ মাত,গৰম ভাত,মাছৰ ডাঙৰ চকল,ভাগৰত জিৰণি,সকলোতে আগভাগ পোৱা।কিন্তু সকলোতে বঞ্চিত হয় কন্যা সন্তান।কাৰ ভাগ্যত কি লিখা আছে কেনেকৈ জানিবা।ছোৱালীৰ দুখন ঘৰ।কিছুমানে গোটেই জীৱন অসুখী হৈ কটাব লাগে।মাকৰ ঘৰত থাকোঁতে ককায়েক ভায়েকক কৰা মৰম সিহঁতে নাপায়।সিহঁতে খাব নালাগে ঠাণ্ডা ভাত কেইটা তয়ে খা ইত্যাদি ইত্যাদি।এঘৰলৈ বিয়া দিলে কিছুমান মানুহৰ ঘৰত সকলোৱে খোৱাৰ পিছত বোৱাৰী জনীক  খাবলৈ দিয়ে।সকলো খোৱা বস্তু ঠাণ্ডা,মাছৰ নামত পায় ডাঙৰ কাঁইট।কামৰ বোজাত জিৰণি শব্দটোৰ পৰা বহু নিলগত।সকলোৰে ইচ্ছা পূৰণ কৰিবলৈ পাৰ্যমানে পৰিচৰ্যা কৰিলেওঁ মৰমৰ মাত এষাৰ পাবলৈ টান।মনে বিচৰা ধৰণে মাকৰ ঘৰলৈ যোৱাৰ পৰা বঞ্চিত।এজন ল’ৰাই শাহুৱেকৰ পৰা যি অকৃত্ৰিম মৰম আৰু আপ্যায়ন পায়,যিমান সুৰক্ষিত ছোৱালীৰ ক্ষেত্ৰত তাৰ ব্যতিক্ৰম দেখা যায়।সেই কথাবোৰ মই সহ্য কৰিব নোৱাৰো।আনক উপদেশ দিবলৈ নাযাওঁ।যি পাৰো মই নিজৰ ঘৰত কৰিবলগীয়া বোৰ কৰো।

মোৰ দৃষ্টিত তোমালোক দুয়োটা সমান।গতিকে মই মাক হিচাপে ভিন্নতা দেখুৱাব নোৱাৰো।ঘৰতে যদি মৰম স্নেহ,খোৱা বোৱা জিৰণিত কৃপনালী কৰো, মই ভাবো সেয়া আমি মাক হিচাপে কন্যা সন্তানক কৰা অন্যায়।শিক্ষা দীক্ষা কাম কৰা দক্ষতা আদিৰ ক্ষেত্ৰত ল’ৰাতকৈ সিহঁত কোনো গুণেই কম নহয়।বৰঞ্চ সিহঁত সকলোতে অৱহেলিত।সকলো মাকৰ মনোভাৱ চিন্তা ধাৰা একেনহয়। আনে কি কৰে মোৰ প্ৰয়োজন নাই। 

সুমনে বায়েকৰ ঘৰত মাকে কোৱা হবহু ছবি খন দেখি সি মনতে ভাবিলে,মাহঁতে বা,ভন্টিহঁতক আৰু বেছি মৰম কৰক।সি এতিয়াহে উপলব্ধি কৰিব পাৰিছে মাকে অভিজ্ঞতাৰে পৰিপুষ্ট হৈহে সঠিক সময়ত সঠিক সিদ্ধান্ত লৈছিল।সি সকলো  মাককে আহ্বান  জনাইছে ল’ৰাতকৈ কন্যা সন্তানক অধিক মৰম,অধিকাৰ আৰু অধিক গুৰুত্ব দিয়ক।লগতে উপযুক্ত বয়সত কেৱল বিয়া দিয়া কথা আলোচনা কৰাতকৈ শিক্ষিতা কন্যা গৰাকীক বিয়া দিয়াতকৈ স্বাৱলম্বী হোৱাত বেছি গুৰুত্ব দিয়ক।তেতিয়া মুৰ তুলি কথা ক’ব পৰাকৈ সাহসী হ’ব।নাৰী দুৰ্বলা,নাৰী অৱলা বুলি ব্যৱহাৰ কৰা শব্দবোৰ লুপ্ত হ’ব।একে মাকৰ সন্তান।ল’ৰা ছোৱালী বুলি  বিভাজন নেদেখুৱাব।নিজৰ জন্ম ঘৰতে তেনে কৰিলে ভৱিষ্যতে আনৰ ঘৰত আপোনালোকৰ কন্যাই কি আশা কৰিব?মা,তোমাৰ  ভাৱানুভূতিক সহস্ৰ প্ৰণাম। কন্যা সন্তানক দিয়া স্বীকৃতিৰ বাবে তুমি সঁচাকৈয়ে আদৰণীয় আৰু প্ৰশংসনীয়।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *