কম্পাটিবল:মূল,ৰিচাৰ্ড আৰ স্মিথ (আমেৰিকা):অনুবাদ-ৰঞ্জনা দত্ত

ৰচনা কাল:আগষ্ট ১৯৫৮ চন

লেখক পৰিচয়: 

১৯৩০ চনত জন্ম লাভ কৰা ৰিচাৰ্ড আৰ স্মিথে ১৯৪৯ চনৰে পৰা বিজ্ঞানভিত্তিক কল্প কাহিনী লিখা আৰম্ভ কৰে।তেওঁ ডেন এলিয়ট,ডেমন কাচল,ৰিচাৰ্ড ই স্মিথ, এন টেইলৰ আদি কেইবাটাও ছদ্মনামেৰে লিখা-মেলা কৰিছিল।তেওঁৰ কেইবাখনো গ্ৰন্থ পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে।

(কিছুমান সমস্যা সমাধানৰ বাবে গিৰিয়েক বোৰৰ হাততে বিভিন্ন ধৰণৰ সমাধান থাকে.. কাচিৎ হত্যাৰ দৰে ঘটনাও সংঘটিত হয়।এইটো আকৌ তাতকৈও ডাঙৰ এটা ঘটনা!)

জৰ্জ ফায়াৰ প্লেছৰ কাষত বহি আছে, তেওঁৰ মুখখন বিৰক্তিৰে ভৰা।

“এইখন এখন নৰক।মই তোমাক কৈছো নহয় এইখন সঁচাই নৰক”।

মই নিজৰ ড্ৰিংকছৰ গিলাচত শোহা মাৰি চিন্তা কৰি আছো কিদৰে কথাৰ প্ৰসঙ্গ সলনি কৰিব পৰা যায়। বেলেগৰ ব্যক্তিগত সমস্যাৰ কথা শুনিবলৈ মই একেবাৰেই ভাল নাপাওঁ যদিও যেতিয়াই মই জৰ্জক লগ পাবলৈ তেওঁৰ ঘৰলৈ যাওঁ,তেওঁ নিজৰ পৰিবাৰ হেলেনৰ ওপৰত ইটোৰ পাছত সিটোকৈ অভিযোগৰ পাহাৰ গঢ়ি তোলে।

এইটো কাম জৰ্জৰ বাহিৰে আন কোনোবাই কৰা হ’লে মই হয়তো চিন্তা কৰিলোহেঁতেন যে ইমানবোৰ কথাৰ বাবে কেৱল হেলেনেই জগৰীয়া নহয়,ইটো পক্ষও কিবা নহয় কিবা প্ৰকাৰে জড়িত হৈ আছে।কিন্তু মই জৰ্জক ভালদৰে চিনি পাওঁ।জৰ্জ আৰু মই বিশ্ববিদ্যালয়ত একেলগে থকাৰ সময়ত পুৰা পাঁচটা বছৰ একেটা কোঠাতে কটাইছোঁ।তেওঁক মই নিজৰ ভাইৰ দৰেই ভালকৈ জানো।তেওঁ এনেকুৱা এজন মানুহ যি জনৰ  সকলোৰে স’তে মিলি চলিব পৰা ক্ষমতা আছে।তেওঁ বেছ বুদ্ধিমান,সহজেই সকলোৰে সতে বন্ধুত্ব গঢ়ি তুলিব পাৰে আৰু কিছু সময় কথা পতাৰ পিছতেই সকলোৱেই তেওঁক ভাল পাবলৈ আৰম্ভ কৰে।

জৰ্জে তেওঁৰ গিলাচটো ওপৰলৈ তুলি এনেদৰে মোৰ ফালে চালে যেন তেওঁৰ সকলোবোৰ দুৰ্ভোগৰ বাবে দায়ী মানুহজন ময়েই। 

“হেলেনে আজিকালি সকলো সময়তে চিন্তা আৰু উদ্বেগত থাকিবলৈ লৈছে”। 

জৰ্জে কৈ গ’ল,“তেওঁ কিছুমান কাল্পনিক ৰোগত ভুগিবলৈ ধৰিছে।সকলো সময়তে তেওঁৰ মেজাজ একেবাৰে তুঙ্গত থাকে,কথাই কথাই তৰ্ক আৰু প্ৰতিবাদ কৰিবলৈ লৈছে।আজিকালি তেওঁ সকলো ধৰণৰ দায়িত্বৰ পৰা সকলো সময়তে পলাই ফুৰিব খোজে। মোৰ মাজে মাজে তেওঁ পাগল হৈছে যেনহে লাগে”।

মই জৰ্জক অকণমান শান্ত ৰাখিবৰ বাবে ক’লো, “এইটো কথা লৈ বেছি টেনচন নল’বা,যদি তোমাৰ ইমান বেছি অসুবিধা হৈছে একেবাৰে ডিভোৰ্চেই দি দিয়া”।

“ হাঃ!তুমি কি কথা কৈছা!তাই মোক কেতিয়াও ডিভোৰ্চ নিদিয়ে,যদি…”

দৰজাখন খুলি গ’ল।

হেলেন দুৱাৰ মুখত থিয় হৈ আছিল।তাইৰ মুখত হাঁহো নাহাঁহো ভাৱত মৰা এটা অসম্পূৰ্ণ হাঁহি।এক মূহুৰ্তৰ পিছতেই সেই হাঁহি নাইকিয়া হৈ মুখখনত এটা অসুখী ভাৱ বিয়পি পৰিল।এনেকুৱা লাগিল যেন হাঁহিবলৈ গৈ তেওঁৰ মুখৰ ছালবোৰত দুখ পাইছে—

“হেল্লো এড,তোমাক বহুতদিনৰ পিছত দেখিলোঁ।বৰ ভাল লাগিছে”।

“হেল্লো হেলেন”।

মই কেৰাহিকৈ জৰ্জৰ ফালে চালোঁ।তেওঁ চকু বন্ধ কৰি ৰাখিছে যেন পত্নীৰ মুখখন চোৱাটোও তেওঁৰ বাবে কষ্টৰ কথা।তেওঁ দাঁতেৰে নিজৰ তলৰ ওঁঠখন জোৰত কামুৰি আছে,মোৰ চিন্তা লাগিল ওঁঠখন দাঁতেৰে কাটি তেজ ওলাই নাযায়তো!

হেলেন মোৰ বিপৰীত দিশৰ চকী এখনত বহি আছিল। এইবাৰ তেওঁ নিজৰ স্কাৰ্টটো ওপৰলৈ উঠাই নিজৰ সোঁ ভৰিখন উলিয়াই ক’লে-

“জৰ্জে মোৰ ভৰিখনৰ কথা তোমাৰ আগত কিবা কৈছে নেকি?”

তেওঁক এইবাৰ কিছু উৎসাহী যেন লাগিল।তেওঁ নিজৰ সোঁ ভৰিখনত মৰমেৰে হাত ফুৰাবলৈ ধৰিলে।

“আৰথ্ৰাইটিছ হৈছিল বুজিছা,জৰ্জে সেইবাবে কেইদিনমান আগতে নতুন ভৰি এখন লগাই দিলে। আগৰখনতকৈ দহগুণ ভাল”।

 

মোৰ মুখখন যেন কোঁচ খাই আহিব খুজিছে এনে লাগিল।বেংকৰ পৰা অংগ-প্ৰত্যংগ আনি শৰীৰৰ কোনো এটা অংশ নিজৰ পচন্দ মতে পৰিবৰ্তন কৰাটো মই ইমান বেয়া চকুৰে নাচাওঁ।বিশেষকৈ কোনো দুৰ্ঘটনাত শৰীৰৰ কোনো এটা অঙ্গ পংগু হৈ পৰিলে মানুহে যেতিয়া কোনো অঙ্গ প্ৰত্যাৰোপন কৰে তেতিয়া সেইটোক মই সম্পূৰ্ণ সমৰ্থন কৰোঁ।কিন্তু যিসকলে নিজৰ চখ পুৰাবলৈ কিছুদিনৰ মূৰে মূৰে টকাৰ জোৰত এটা এটাকৈ অংগ সলনি কৰে তেওঁলোকক মই চকুপাৰি দেখিব নোৱাৰো।বিশেষকৈ যেতিয়া জানোঁ যে সেই অংগটো কোনো অপৰাধী বা মৃত ব্যক্তিৰ শৰীৰৰ অংশ।

“নাই”। 

মই পোনকৈ বহি লৈ ক’লো।মোৰ ভৰি দুখন দুৰ্বল আৰু উশাহটো বন্ধ হৈ আহিব যেন লাগিছিল।

“জৰ্জে মোক এই বিষয়ে একো কোৱা নাই। মই….”

কিন্তু হেলেনে মোক কথা ক’বলৈ সুযোগ নিদি নিজে খুব উৎসাহেৰে সম্পূৰ্ণ খুঁটিনাটিৰ সতে নিজৰ ভৰিখনৰ প্ৰত্যাৰোপণ আৰু অপাৰেচনৰ বৰ্ণনা দি যাবলৈ ধৰিলে।ইয়াৰ পিছৰ আধা ঘন্টা সময় বহি বহি তেওঁৰ কথা শুনি মোৰ গাটো বেয়া লাগি আহিবলৈ ধৰিলে। হাতত ড্ৰিকংছৰ গিলাচটো লৈ মই খুব কষ্টেৰে বমিৰ ভাৱটো নাইকিয়া কৰিবলৈ চেষ্টা কৰিবলৈ ধৰিলোঁ।এই গোটেই সময়খিনি জৰ্জে একেৰাহে মদ খাই খাই কোনো কথা নোকোৱাকৈ বহি ৰ’ল আৰু মই এটা বিৰতি আৰু সুযোগৰ বাবে বাট চাই ৰ’লো,হয়তো কথাৰ মাজত হেলেনে এবাৰ কিছুসময় ৰৈ যাব আৰু মই কোনো এজন অজান ব্যক্তিৰ স’তে দেখা কৰাৰ চেলু উলিয়াই ওলাই আহিম।

ইয়াৰ পিছৰ কেইসপ্তাহত জৰ্জৰ স’তে মোৰ কেইবাবাৰো দেখা হ’ল,কিন্তু তেওঁৰ ঘৰত এবাৰো নহয়। তেওঁৰ ঘৰলৈ যোৱাটো মই একেবাৰে বাদেই দিছোঁ। আনকি তেওঁৰ লগত দেখা হোৱাটোও মোৰ নিজৰ ইচ্ছাত হোৱা নাছিল।যোৱাবাৰ হেলেনক লগ পোৱাৰ পাছত তেওঁলোকৰ মাজত বিদ্বেষ আৰু বহুত বাঢ়িছে আৰু এতিয়া তেওঁৰ অদ্ভুত আচৰণৰ বাবে সম্বন্ধটো এটা অসহ্যকৰ পৰ্যায় পাইছেগৈ।মই যেতিয়াই জৰ্জক লগ পাওঁ তেতিয়াই হেলেনৰ অদ্ভুত আচৰণ আৰু ঘটনাবোৰৰ শেহতীয়া খবৰবোৰ পাওঁ।জৰ্জে মোৰ মনোভাৱ নিশ্চয় ভালকৈ বুজি পাইছিল কাৰণ সেইদিনাৰ পিছত এবাৰো তেওঁৰ ঘৰলৈ মোক মতা নাছিল।

চহৰখনৰ এটা কোণত থকা ক্লাব এটালৈ আমাৰ দুয়োজনৰে যোৱাৰ অভ্যাস আছিল বাবে প্ৰায়েই আমি ইজনে সিজনক লগ পাইছিলো।জৰ্জে সদায়েই নিজৰ দুখৰ কথা মোৰ আগত কৈ নিজৰ মনটো পাতল কৰে। দিনে দিনে তেওঁৰ মদ খোৱা পৰিমাণটো বাঢ়ি যোৱা দেখি মই চিন্তিত হৈ পৰিছোঁ।তেওঁ এজন শৈল চিকিৎসক,দেশৰ লেখত ল’বলগীয়াসকলৰ ভিতৰত অন্যতম। মনলৈ চিন্তা আহে যে এইদৰে মদ খাবলৈ ল’লে তেওঁৰ কেতিয়াবা যদি অপাৰেচনৰ সময়ত হাত কঁপি যায়!তেতিয়া ৰোগীৰ লগত মানুহটো নিজেও একেবাৰে শেষ হৈ যাব। 

মই তেওঁক ডিভোৰ্চৰ বাবে জোৰ দিবলৈ ধৰিলোঁ।কিন্তু জৰ্জ সন্মত নহ’ল।

“মইতো তেওঁক ভাল পাওঁ!”

এবাৰ মোৰ উপৰ্যুপৰি প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল-

“ঠিক ভালপোৱা বুলি নকওঁ কিন্তু তেওঁৰ শৰীৰটো মই ভাল পাওঁ। এইটো ছোৱালী বিয়া কৰোৱাৰ বিষয় লৈ কৰা পুৰণি উক্তিটোৰ দৰে- ‘ফুল এপাহ ছিঙিবা সতেজ ঠাৰিডাল চাই’…”

“মই ভাল পাওঁ যদিও ঠিক এতিয়াৰ হেলেনক নহয়, যেতিয়া তেওঁ মোৰ জীৱনলৈ প্ৰথম আহিছিল,নতুনকৈ বিয়া কৰোৱা সেই হেলেনক।মেৰিলিন মনৰোৰ দৰে ধুনীয়া হেলেনৰ স্মৃতি মই মনৰ পৰা কেতিয়াও মচিব নোৱাৰো।এতিয়াৰ হেলেন হওক বা তেতিয়াৰ হেলেন, মই তেওঁক এতিয়াও ভাল পাওঁ!যেতিয়া তেওঁক মই প্ৰথম দেখিছিলোঁ,তেতিয়াই মই তেওঁৰ প্ৰেমত পৰিছিলোঁ।তেওঁৰ অবিহনে মোৰ জীৱনটোৱেই শূন্য হৈ পৰিব।কিন্তু এতিয়া তেওঁৰ ব্যক্তিত্ব ইমানেই সলনি হৈ গৈছে যে তেওঁক দেখি দেখি মই অসুস্থ হৈ পৰিছোঁ।তুমি মোক এতিয়া কি কৰিবলৈ ক’বা?”

“মই একো উত্তৰ দিব নোৱাৰোঁ।প্ৰেম ভালপোৱাৰ মাজত উপদেশ দিয়াৰ সমান মুৰ্খামি আৰু একো নাই।”

তেওঁৰ কথাৰ পৰা এইটো বুজি পালোঁ যে তেওঁ হেলেনক এতিয়াও বিচাৰে।কিন্তু হেলেন লাহে লাহে যি ধৰণে অন্য এটা ৰূপলৈ পৰিৱৰ্তিত হৈছে সেইটোও তেওঁ মানি ল’ব পৰা নাই।বিগত কিছু বছৰত তেওঁ এগৰাকী সুন্দৰী যুৱতীৰ পৰা সলনি হৈ এগৰাকী বিৰক্তিকৰ, খুটখুটীয়া আৰু কিছুমান কাল্পনিক ৰোগত ভুগি থকা এগৰাকী অসুখী মহিলালৈ পৰিৱৰ্তিত হৈ পৰিছে; যিগৰাকী মহিলাৰ বাবে শৰীৰৰ অঙ্গ-প্ৰত্যঙ্গ সলনি কৰাটো এটা ফেছনৰ দৰে হৈ পৰিছে,বজাৰলৈ অহা প্ৰতিটো নতুন পিল আৰু নিচাজাতীয় সামগ্ৰী টেষ্ট কৰাটো এটা নিচাত পৰিণত হৈ পৰিছে।জৰ্জে কৈছিল যে, তেওঁ হেলেনক মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ নিয়াৰ চেষ্টাও কৰিছিল,কিন্তু হেলেন সন্মত নহ’ল। এবাৰ হেলেনক পগলা ফাটেকলৈ পঠোৱাৰ চিন্তাও কৰিছিল,কিন্তু এগৰাকী মানুহৰ অসহ্যকৰ বা বিৰক্তিকৰ ব্যক্তিত্বৰ বাবে পগলা ফাটেকলৈ পঠাব নোৱাৰি।যিমানখিনি বুজা গ’ল,তেওঁৰ সমস্যাৰ কোনো সহজ সমাধান নাই।

      

এদিন গধূলি সময়ত হঠাত জৰ্জৰ ফোন আহিল। 

“আজি ড্ৰিংকছৰ বাবে মোৰ ইয়ালৈ আহা!আজি পাৰ্টি হ’ব।হেলেনৰ সম্পূৰ্ণ পৰিবৰ্তন হৈছে।তুমি এবাৰ তেওঁক চাই যোৱাহি”।

কেনেকৈনো কি হ’ল জানিবলৈ প্ৰৱল আগ্ৰহী হৈ উঠিলোঁ,সেইবাবে সকলোবোৰ কাম কাজ বাদ দি জৰ্জৰ ঘৰলৈ ৰাওনা হ’লো।বহুত দিন জৰ্জৰ এনেকুৱা উৎফুল্লিত মাত শুনিবলৈ পোৱা নাছিলোঁ।

দুৱাৰমুখত হেলেনে নিজেই মোক আদৰণি জনালে আৰু এইবাৰ মই তেওঁক দেখি অত্যন্ত আচৰিত হৈ পৰিলোঁ।

এসময়ত তেওঁ ভীষণ সুন্দৰী আছিল। তেওঁ উচ্ছল, আকৰ্ষণীয়,প্ৰাণৱন্ত আৰু মোহময়ী আছিল।ইয়াৰ পিছত ক্ৰমান্বয়ে তেওঁ সম্পূৰ্ণ সলনি হৈ গৈছিল।ঘৰত থাকি থাকি তেওঁৰ মুখখন শেঁতা আৰু প্ৰাণহীন হৈ পৰিছিল।তেওঁৰ ব্যক্তিত্বৰ লগে লগে চেহেৰাৰ সকলোবোৰ আকৰ্ষণীয় বৈশিষ্ট্যও ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰিছিল।তেওঁৰ চকুত অনবৰতেই এটা অৱসাদৰ ভাৱে আৱৰি ৰাখিছিল আৰু মুখত অকাল বাৰ্দ্ধক্যৰ চাপ পৰিছিল।

কিন্তু যি গৰাকী হেলেনে এতিয়া মোক দুৱাৰমুখত আদৰণি জনালে তেওঁ সম্পূৰ্ণ বেলেগ এগৰাকী হেলেন। মুখত এটা চকচকীয়া ভাৱ,চকুত যেন প্ৰাণৰ জিলিকনি বিয়পি পৰিছে। ঠিক যেন সেই আগৰ হেলেনজনী।

জৰ্জ আৰু মই সিদিনা এটা সুন্দৰ সন্ধিয়া পাৰ কৰিলোঁ।কেইবামাহৰো পিছত তেওঁ মোৰ লগত হাঁহি-ধেমালি কৰি কথা পাতিলে, ইটোৰ পাছত সিটো খুহুটীয়া কথা কৈ নিজৰ অখাদ্য জ’ক বোৰত নিজেই প্ৰাণ খুলি হাঁহিলে।

আমি ডিনাৰ কৰিলোঁ,কিছু সময় দবা খেলিলোঁ আৰু হেঁপাহ পলুৱাই মদ খালোঁ।এই গোটেই সময়খিনি হেলেনে আমাক লগ দিলে,আমাৰ মদৰ গিলাছ ভৰাই দিলে আৰু মাজে মাজে জৰ্জৰ ফালে চাই এনেদৰে হাঁহিলে যেন জৰ্জেই তেওঁৰ জীৱনৰ সৰ্বস্ব।

কিছু সময় যোৱাৰ পিছত মই আৰু থিৰেৰে থাকিব নোৱাৰিলোঁ।জৰ্জক ফুচফুচাই সুধিয়েই পেলালো-

“কি ঘটনা কোৱাচোন?”

জৰ্জে তেওঁৰ হাতত থকা গিলাচটোত থকা মদখিনি একে শোহাই শেষ কৰি পেলালে।কোঠাটোৰ অন্য কোণাত বহি থকা হেলেনলৈ চাই চিঞৰ এটা মাৰি ক’লে-

“এইফালে আহাচোন মোৰ সোনজনী!”

হেলেনে হাঁহিমুখে আগুৱাই আহিল।

জৰ্জে ক’লে-

“কথাটো কাকো নক’বা কিন্তু।ঠিক আছে?এইটো কথা খুউব গোপনীয়”।

মই একো ধৰিব নোৱাৰিলোঁ।এইটো কথা কাকো নোকোৱাৰ কি কাৰণ হ’ব পাৰে?তথাপিও জৰ্জক আশ্বস্ত কৰি ক’লো-

“কাকো নকওঁ, কেতিয়াও নকওঁ”।

কথাটো হ’ল, জৰ্জে ক’বলৈ ধৰিলে- “আচলতে এই গোটেই কথাটোৰ কৃতিত্ব মই অকলে ল’ব নোৱাৰোঁ। যদিও মই এজন দক্ষ চাৰ্জন,তথাপিও ক’ব লাগিব সকলোতকৈ টান কামটো কৰিছে লুকাছে,মানে আমি দুজনে মিলি কৰিছোঁ।তুমি লুকাছক চিনি পোৱানে? তেওঁ এজন কম্পিউটাৰ ইঞ্জিনিয়াৰ,ইলেকট্ৰিকেল চাৰ্কিট ডিজাইন আৰু কিবাকিবি ইটো সিটো কাম কৰে।জিনিয়াছ মানুহ”।

কিছুসময় ৰৈ হেলেনৰ ফালে কিছুপৰ মুগ্ধ দৃষ্টিৰে চাই তেওঁ আকৌ ক’লে-

“তেঁৱেই সম্পূৰ্ণ বস্তুটো ডিজাইন কৰিছে, আটাইবোৰ চাৰ্কিট প্ৰচেছৰ…

“তেওঁক দেখুৱাই দিয়ানা”।

জৰ্জৰ কথাৰ মাজতে হেলেনে ক’লে।

“দেখুৱাই দিয়া… দেখুৱাই দিয়া!” 

এইমাত্ৰ সৰু ছোৱালী এজনীৰ দৰে জঁপিয়াই উঠিব যেন!

জৰ্জে কৈ গ’ল-

“মই অৱশেষত ধৰিব পাৰিলোঁ তেওঁ কিয় অসুখী, তেওঁ অতি সঘনে নিজৰ অঙ্গ-প্ৰত্যঙ্গ সলনি কৰি নতুন অঙ্গ-প্ৰত্যঙ্গ প্ৰতিস্থাপন কৰে।তথাপিও তেওঁ সুখী নহয়। আচলতে তেওঁৰ দৰকাৰ আছিল…..”

জৰ্জ পিছলৈ গৈ হেলেনৰ মূৰৰ পিছফালে ঠিয় হৈ তেওঁৰ মূৰৰ বাদামী ৰঙৰ চুলিখিনি এফলীয়া কৰি দিলে।হেলেনে বাধ্য ছোৱালীৰ দৰে নিজৰ মূৰটো একতীয়া কৰি দিলে।তেওঁৰ মূৰৰ পিছফালে এটা সৰু পেনেল,সেইটো খোলাত দেখিলোঁ যে বিভিন্ন ধৰণৰ তাঁৰ আৰু চাৰ্কিটৰ জংঘল। 

“তেওঁৰ যিটো বস্তুৰ দৰকাৰ আছিল, সেইটোৱেই বনাই দিছোঁ…. এটা নতুন মূৰ।”

জৰ্জে শান্তভাৱে ক’লে।

                                   (সমাপ্ত)

প্ৰথম প্ৰকাশ:ফেন্টাষ্টিক ইউনিভাৰ্চ,আগষ্ট ১৯৫৮

*******

Leave a Reply

Your email address will not be published. Required fields are marked *