গুৰুজনাৰ সাহিত্যত উপমা অলংকাৰ-ববিতা শৰ্মা
“কাব্যভোজকৰাণ ধৰ্মান অলংকাৰান প্ৰচকতে”
–আচাৰ্য দণ্ডী
অলংকাৰ হ’ল কাব্যৰ সৌন্দৰ্য বৃদ্ধিৰ এক কৌশল। অলংকাৰ শব্দৰ মূল হ’ল ‘অলম’ আৰু এই ‘অলম’ শব্দৰ অৰ্থ হ’ল ‘ভূষণ’।গতিকে কাব্যসাহিত্য যাৰ দ্বাৰা ভূষিত হয় সেয়ে অলংকাৰ।বৰ্ণনীয় বিষয়বস্তুক পাঠকৰ অন্তৰ পৰশাকৈ উপস্থাপন কৰাই সাহিত্যৰ মূল উদ্দেশ্য।কাব্য সাহিত্যত অলংকাৰে এই উদ্দেশ্য পূৰণত কবিক বিশেষভাৱে সহায় কৰে।আলোচকসকলে কাব্যৰ দুটা প্ৰধান দিশ নিৰ্ণয় কৰিছে।এটা হ’ল ভাৱ আৰু আনটো কলা।কাব্যত অলংকাৰ প্ৰয়োগৰ প্ৰধান লক্ষ্য হ’ল ভাৱক তীব্ৰতৰ কৰি তোলা।এয়া কাব্যৰ এক কৌশল আৰু এই কৌশলে ভাৱৰ সমান্তৰালকৈ কলাপক্ষৰো সৌন্দৰ্য বৃদ্ধি কৰি কাব্যক সম্পূৰ্ণতা প্ৰদান কৰাত সহায় কৰে।আনহাতে কাব্যৰ আত্মা স্বৰূপ ৰসৰ লগতো অলংকাৰৰ ওচৰ সম্পৰ্ক।অলংকাৰে সৌন্দৰ্য বৃদ্ধিৰ লগতে কাব্যত ৰস সৃষ্টিতো সহায় কৰে।শৰীৰৰ মাজেৰে মানৱ আত্মাৰ পৰিচয় মিলাৰ দৰে ভাষাৰ বিচিত্ৰ গতিভংগীৰ জৰিয়তে ৰস উপলব্ধি হয়।গতিকে ভাষাক ভাৱ প্ৰকাশৰ ক্ষমতা প্ৰদান কৰি সহৃদয় পাঠকৰ হৃদয়ত ৰসানুভূতি জন্মাবলৈ কাব্যত অলংকাৰ প্ৰয়োগ অপৰিহাৰ্য হৈ পৰে।তদুপৰি কাব্যত ‘লোকাতিক্ৰান্ত গোচৰতা’ অৰ্থাৎ লৌকিক সীমা অতিক্ৰমি অলৌকিক জগতখন গোচৰিভূত কৰিবলৈ বা অমূৰ্তক মূৰ্ত কৰিবলৈও অলংকাৰৰ প্ৰয়োজন আছে।
আলংকাৰিকসকলে অলংকাৰক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিছে—
ক)শব্দালংকাৰ
খ)অৰ্থালংকাৰ
অন্তৰৰ বিচিত্ৰ ভাৱ-অনুভূতি বিচিত্ৰ ৰূপত প্ৰকাশ কৰিবলৈ ভাষাত বিচিত্ৰ গুণৰ সমাৱেশ ঘটিব লাগে। ভাষাৰ এই গুণ বা ধৰ্ম দুই প্ৰকাৰৰ—গীতিধৰ্মিতা আৰু চিত্ৰধৰ্মিতা।প্ৰতিটো শব্দৰো আকৌ দুটা ৰূপ–ধ্বনি আৰু অৰ্থ।ধ্বনিৰ আশ্ৰয়ত শব্দালংকাৰ আৰু অৰ্থৰ আশ্ৰয়ত অৰ্থালংকাৰ সৃষ্টি হয়।ভাষাৰ গীতিধৰ্মিতা আৰু চিত্ৰধৰ্মিতা শব্দালংকাৰ আৰু অৰ্থালংকাৰৰ সহায়ত বিকশিত হয়।
শব্দালংকাৰ আৰু অৰ্থালংকাৰ উভয়বিধ অলংকাৰেই বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে। শব্দালংকাৰৰ ভিতৰত অনুপ্ৰাস,যমক,শ্লেষ,বক্ৰোক্তি, পুনৰুক্তবদাভাস আদি প্ৰধান অলংকাৰ।সেইদৰে উপমা,ৰূপক,উৎপ্ৰেক্ষা,অতিশয়োক্তি,ব্যতিৰেক, সমাসোক্তি,বিষম আদি উল্লেখযোগ্য অৰ্থালংকাৰ। অৰ্থালংকাৰৰ ভিতৰত উপমা অলংকাৰ হ’ল বিশিষ্ট অলংকাৰ।উপমা অলংকাৰৰ ব্যৱহাৰিক মূল্যও যথেষ্ট। কবি ৰাজশেখৰে উপমা অলংকাৰক ‘অলংকাৰ শিৰোৰত্ন’ বুলি অভিহিত কৰিছে।’উপমা’ শব্দৰ অৰ্থ হ’ল তুলনা।দুটা ভিন্ন বস্তু,ব্যক্তি বা পৰিৱেশৰ মাজত কোনো সাধাৰণ ধৰ্ম,গুণ বা ক্ৰিয়াৰ জৰিয়তে যদি স্পষ্ট আৰু বৈচিত্ৰ্যজনক সাদৃশ্য দেখুওৱা হয় তেতিয়া তাক উপমা অলংকাৰ বুলি কোৱা হয়।মূলত:উপমা অলংকাৰ হ’ল স্পষ্ট আৰু বৈচিত্ৰ্যজনিত সাদৃশ্য।এই সাদৃশ্য গুণগত হ’ব পাৰে,ক্ৰিয়াগত হ’ব পাৰে,গুণ আৰু ক্ৰিয়া উভয়তেও হ’ব পাৰে।উপমাৰ সাদৃশ্য হ’ল বিভাগীয় বস্তুৰ মাজত সহধৰ্মৰ সাদৃশ্য।উপমা অলংকাৰৰ মুঠ অংগ চাৰিটা–
ক) উপমেয়
খ)উপমান
গ)সাধাৰণ অৰ্থ
ঘ)উপমাবাচক শব্দ
উপমা অলংকাৰ সাত প্ৰকাৰৰ–পূৰ্ণোপমা, লুপ্তোপমা,একদেশৱৰ্তিনী,ৰসনোপমা,মালোপমা, উপমেয়োপমা আৰু স্মৰণোপমা।ইয়াৰ ভিতৰত সাধাৰণতে কাব্যত তিনি প্ৰকাৰৰ উপমা অলংকাৰৰ প্ৰয়োগ দেখা যায়—
ক)পূৰ্ণোপমা
খ)লুপ্তোপমা
গ)মালোপমা
“জয় গুৰু শংকৰ সৰ্ব গুণাকৰ
যাকেৰি নাহিকে উপাম।”
অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে সাহিত্যক ধৰ্ম প্ৰচাৰৰ এক মাৰ্গ হিচাপে গ্ৰহণ কৰিছিল যদিও কাব্য,নাট,গীত-ভটিমা,অনুবাদ সাহিত্য, নাম-প্ৰসঙ্গ সম্বন্ধীয় গ্ৰন্থ আৰু ভক্তি তত্ত্বমূলক গ্ৰন্থ ৰচনাৰে গুৰুজনাই পঞ্চদশ শতিকাতে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি তুলিছিল।বৰ্তমানলৈ গুৰুজনাৰ পঁচিশখন গ্ৰন্থ সংগৃহীত আৰু প্ৰকাশিত হৈছে যদিও তেৰাৰ ৰচিত গ্ৰন্থৰ সংখ্যা ইয়াৰ অধিক হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।পাটবাউসী সত্ৰৰ স্থানীয় বিশ্বাসমতে গুৰুজনাই তাত ওঠৰ বছৰ ছমাহ কাল থাকি একুৰি সোতৰখন গ্ৰন্থ মথন কৰে।কিন্তু দুৰ্ভাগ্যবশত:গুৰুজনাই ৰচনা কৰা কিছু সংখ্যক গ্ৰন্থ অদ্যপি উদ্ধাৰ কৰিব পৰা হোৱা নাই।সি যি কি নহওঁক বৰ্তমানলৈ গুৰুজনাৰ যি কেইখন গ্ৰন্থ সংগৃহীত আৰু প্ৰকাশিত হৈছে,কেউখনেই অসমীয়া সাহিত্যৰ একো একোটা বহুমূলীয়া ৰত্ন।সাহিত্যক ধৰ্ম প্ৰচাৰৰ মাৰ্গ হিচাপে গ্ৰহণ কৰি সাহিত্য চৰ্চা আৰু সৃষ্টি কৰিলেও ভাৱ,ভাষা,বিষয়বস্তু আৰু সাহিত্যিক সৌন্দৰ্যত গুৰুজনাৰ প্ৰতিটো সাহিত্যকৰ্মই অদ্বিতীয়।
“ৰূপকাদিৰলংকাৰন্তস্যান্যৈবৰ্হুধোদিতঃ।
ন কান্তমপি নিৰ্ভুষং ৱিভাতি ৱনিতামুখম্।।”
–আচাৰ্য ভামহ
নাৰীৰ সৌন্দৰ্য বৰ্দ্ধনত যিদৰে অলংকাৰ অপৰিহাৰ্য, সেইদৰে সাহিত্যৰ সৌন্দৰ্য বৰ্দ্ধনতো অলংকাৰ অপৰিহাৰ্য।সাহিত্যত অলংকাৰৰ অপৰিহাৰ্যতা অনুধাৱন কৰিয়েই প্ৰাচীন কালৰে পৰা সাহিত্যিকসকলে তেওঁলোকৰ সাহিত্যকৰ্মত বিভিন্ন অলংকাৰ প্ৰয়োগ কৰি আহিছে।আদিকবি বাল্মিকীকে প্ৰমুখ্য কৰি সংস্কৃত কবিসকলে “নৱ নৱ উন্মেষশালিনী প্ৰতিভা”ৰ সংযোগত সাৰ্থক আৰু বিস্ময়কৰভাৱে তেওঁলোকৰ সাহিত্য বিভিন্ন অলংকাৰেৰে চহকী কৰিছে।অসমীয়া সাহিত্যৰ ‘অপ্ৰমাদী কবি’ মাধৱ কন্দলীয়েও তেওঁৰ অনুদিত ৰামায়ণত প্ৰশংসনীয় ভাবে অলংকাৰৰ প্ৰয়োগ
কৰিছে—
“ৰাক্ষসৰ কোলে দেৱী পৰম নিৰ্মল।
মেঘক ফেৰিয়া যেন চন্দ্ৰৰ মণ্ডল।।
স্তন মাজে হস্তে আসি পৰি গৈল হাৰ।
গগনৰ হন্তে যেন গংগা অৱতাৰ।।”
অনুৰূপ ধৰণে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱেও তেৰাৰ সাহিত্যৰাজিত বিভিন্ন ধৰণৰ অলংকাৰ প্ৰয়োগ কৰিছে।অৱশ্যে শংকৰদেৱকে প্ৰমুখ্য কৰি প্ৰাচীন অসমীয়া কবিসকলৰ অলংকাৰ প্ৰয়োগৰীতিলৈ লক্ষ্য কৰিলে এটা কথা সহজে অনুমান কৰিব পাৰি যে সংস্কৃত কবিসকলৰ দৰে তেওঁলোকে ‘কৰোঁ’ বুলি অলংকাৰ সৃষ্টি কৰা নাই।গুৰুজনাৰ সাহিত্যত সততে চকুত পৰা অলংকাৰবোৰ হ’ল শব্দালংকাৰৰ ভিতৰুৱা অনুপ্ৰাস (অন্ত্যানুপ্ৰাস,ছেকানুপ্ৰাস,বৃত্তানুপ্ৰাস, লাটানুপ্ৰাস,শ্ৰুতানুপ্ৰাস),যমক,পুনৰুক্তবদাভাস,শ্লেষ আৰু বক্ৰোক্তি;অৰ্থালংকাৰৰ ভিতৰুৱা উপমা,ৰূপক, স্মৰণ,সন্দেহ,ভ্ৰান্তিমান,অপহ্নতি,উল্লেখ,উৎপ্ৰেক্ষা, অতিশয়োক্তি,তুল্যযোগিতা,দীপক,দৃষ্টান্ত,নিদৰ্শনা, ব্যতিৰেক,বিনোক্তি,সমাসোক্তি,অৰ্থান্তৰন্যাস,বিৰোধ, বিষম,বিশেষোক্তি,বিভাৱনা,পৰিকৰ,সংসৃষ্টি,অনুকূল আৰু প্ৰতীপ।এই সকলোবোৰ অলংকাৰৰ ভিতৰত ‘অলংকাৰ শিৰোৰত্ন’ ৰূপে খ্যাত উপমা অলংকাৰৰ প্ৰয়োগো গুৰুজনাৰ সাহিত্যত সততে প্ৰত্যক্ষ কৰা যায়। সংস্কৃত সাহিত্যত মহাকবি কালিদাসক উপমা অলংকাৰৰ শ্ৰেষ্ঠ প্ৰয়োগকৰ্তা আখ্যা দিয়া হয়।ড° হেমন্ত কুমাৰ শৰ্মাদেৱে ‘অসমীয়া সাহিত্যৰ দৃষ্টিপাত’ গ্ৰন্থত কৈছে, “সংস্কৃত সাহিত্যত উপমাৰ ক্ষেত্ৰত কালিদাসৰ যি খ্যাতি,অসমীয়া বৈষ্ণৱ সাহিত্যত শংকৰদেৱৰো তেনে খ্যাতি থকা বুলি ক’ব পাৰি” (শংকৰদেৱৰ সাহিত্য প্ৰতিভা,পৃষ্ঠা ১০১)। শৰ্মাদেৱৰ এই মন্তব্যৰ পৰাই গুৰুজনাই সাহিত্যত কিমান সাৰ্থক ভাবে উপমা অলংকাৰ প্ৰয়োগ কৰিছিল তাক সহজে অনুমান কৰিব পাৰি।গুৰুজনাই উপমাৰ লগতে ৰূপক আদি অলংকাৰৰ সহায়ত কোনো বক্তব্য সৰলকৈ বুজোৱাৰ কৌশল গ্ৰহণ কৰিছিল আৰু ইয়াৰ বাবে বহু সময়ত তেওঁ ঘৰুৱা উপমাৰ সহায় লৈছিল–
ক) “যেন জোক তৃণ পালে এৰে অউৰ তৃণ।
জীৱন মৰণ স্বপ্নে এৰে নুহি ভিন।।”
খ) “উভতাই ছত্ৰ যেন তুলিলন্ত হৰি।
যেন বেংগছটাক ছৱালে থাকৈ ধৰি।।”
গুৰুজনাৰ প্ৰায়বোৰ সাহিত্যতে উপমা অলংকাৰৰ বহুল প্ৰয়োগ লক্ষ্য কৰা যায়।তেৰাৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ ‘কীৰ্তন’ পুথিৰ লগতে দশম,অনুবাদমূলক গ্ৰন্থ তথা কাব্যসমূহত ব্যৱহাৰ কৰা উপমা অলংকাৰে গ্ৰন্থসমূহৰ সাহিত্যিক সৌন্দৰ্য্য দুগুণে বঢ়াইছে।তেৰাৰ সাহিত্যিক ব্যৱহাৰ হোৱা উপমা অলংকাৰৰ দৃষ্টান্ত তলত দিয়া হ’ল—
ক) “উৰুস্থলে লক্ষ্মী দিলন্ত দেখা।
কষটিত যেন সোণৰ ৰেখা।।
পীতবস্ত্ৰে শোভে শ্যামল কায়।
তড়িত জড়িত জলদ প্ৰায়।।”
খ) “মদন পীড়াক এড়ায়া মহাযোগী।
ব্যধিৰ সকাশ পাইল যেন চিৰৰোগী।।”
গ) “মাংসৰ কাৰণ যেন।
যুঝন্ত দুইগোটা শেন।।”
ঘ) “হিৰণ্যকশিপু শুনিয়া হেন।
ক্ৰোধত অতি কম্পে যম যেন।।
ঝঙ্কাৰে মাথা কৰি আতি দৰ্প।
লাঠি পাই যেন ফোঙ্কাৰে সৰ্প।।”
ঙ) “চৰণ খমল যেন নৱ পদ্ম-কোষ।
যাক দেখি ভকতৰ পৰম সন্তোষ।।”
চ) “এড়াইল বিৰহ তাপ আনন্দে ভৰিল।
ভকতক পায়া যেন সংসাৰী তাৰিল।।”
ছ) “কম্বু খণ্ঠে কৌস্তুভ প্ৰকাশে।
সূৰ্য যেন উদিত আকাশে।।
………………………………
………………………………
হিয়াত শ্ৰীবৎস কৰে কান্তি।
যেন মেঘে বলাকাৰ পান্তি।।”
জ) “আজানু লম্বিত বাহু দুখান।
নৱ পদ্ম যেন জ্বলে লোচন।।”
ঝ) “পদ যুগ যেন পঙ্কজ কোষ।
শুনি সুৱৰ্ণৰ নূপুৰ ঘোষ।।”
(কীৰ্তন)
ঞ) “পুত্ৰ মুখ দেখি তাপ গুচিল সকলে।
ধনৰ নুমাইলা জুই যেন বৃষ্টি জলে।।”
ট) “প্ৰফুল্ল কমল যেন ভাসে শাৰী শাৰী।
এহিমতে কৰে ক্ৰীড়া যত গোপ নাৰী।।”
ঠ) “জ্বলে দৈত্য দেহা ঘোৰ কালমেঘ নয়।
বিজুলীৰ চিকি যেন অলংকাৰ ছয়।।”
ড) “ভকতৰ পদে দেখাই মনুষ্য চেষ্টাক।
গোপীক নচান্তে যেন ছায়া পুতলাক।।”
ঢ) “উন্নত নাসিকা জ্বলৈ যেন তিলফুল।
বন্দুলিতোধিক কান্তি অধৰ ৰাতুল।।”
(দশম)
ণ) “সবাৰে মাজত যান্ত জগত নিবাস।
নক্ষত্ৰৰ মাজে যেন চন্দ্ৰৰ প্ৰকাশ।।”
ত) “শ্যাম শৰীৰত ৰত্নময় অলংকাৰ।
নবীন মেঘত যেন বিজুলী সঞ্চাৰ।।”
(কুৰুক্ষেত্ৰ কাব্য)
থ) “চন্দ্ৰতো অধিক জ্বলে বদনৰ কান্তি।
দশন নিবিৰ যেন মুকুতাৰ পান্তি।।”
(ৰুক্মিণী হৰণ কাব্য)
দ) “ৰামৰ সভাত বসি জ্বলৈ যেন কোটি শশী।
(উত্তৰাকাণ্ড ৰামায়ণ)
এয়া গুৰুজনাৰ সাহিত্যত প্ৰয়োগ হোৱা উপমা অলংকাৰৰ দুটামান উদাহৰণহে।তেওঁৰ সাহিত্যত এনে উদাহৰণ আৰু অলেখ আছে।প্ৰায় ছকুৰি বছৰীয়া জীৱনকালত গুৰুজনাই তেৰাৰ অমূল্য সাহিত্যৰাজিৰে অসমীয়া সাহিত্যৰ ভেটি সুদৃঢ় কৰি তুলিছিল।কবি যতীন্দ্ৰ নাথ দুৱৰাই তেওঁৰ কবিতাত কৈছে–
“বেদ-উপনিষদৰ বাছি বাছি ফুল তুলি,
কত যতনেৰে দেৱ! গাঁথিলা এই মালাধাৰি।
ক্ষুদ্ৰ স্বাৰ্থ,ভিন্ ভাৱ আঁতৰাই সৰু বৰ,
পিন্ধালা ধৰ্মৰ মালা সকলোকে আদৰৰ।
জ্ঞানী,ভক্ত,কৰ্মবীৰ অসমৰ ৰত্ন তুমি,
অশেষ যতনে দেৱ সজালা জনম ভূমি।
তোমাৰ সাজকে পিন্ধি জননীয়ে উলাহত,
নিজকে চিনাকী দিয়ে হাঁহি হাঁহি জগতত।”
ধৰ্ম,ভাষা,সাহিত্য,সংস্কৃতি সকলো দিশতে মাৰ্গ দৰ্শনেৰে গুৰুজনাই অসমীয়া জাতিক এক সুকীয়া অস্তিত্ব প্ৰদান কৰিলে।এই অস্তিত্বৰেই অসমীয়া জাতিয়ে বিশ্ব দৰবাৰত নিজৰ এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।শংকৰদেৱৰ ধৰ্ম প্ৰচাৰৰ মাৰ্গ মসৃণ নাছিল।ৰাজৰোষত পৰিয়েই হওক বা আন কাৰণতেই হওক তেওঁ বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হৈ অসম,কামৰূপ,কোচবেহাৰৰ বিভিন্ন ঠাইত থাকিব লগা হৈছিল।তথাপি অনুকূল-প্ৰতিকূল দুয়ো পৰিৱেশতে গুৰুজনাই সাহিত্য সৃষ্টি কৰি গৈছিল।ভাৱ,ভাষা,ৰস, খণ্ডবাক্য,জতুৱা-পটন্তৰ,অলংকাৰ আদিৰ সুন্দৰ আৰু যথাযথ প্ৰয়োগেৰে গুৰুজনাৰ সাহিত্যৰাজি অসমীয়া সাহিত্যৰ এক অমূল্য সম্পদ ৰূপে পৰিগণিত হৈ আহিছে।
(ববিতা শৰ্মা
জৱাহৰ নৱোদয় বিদ্যালয়,মহাদেৱপুৰ
নামচাই,অৰুণাচল প্ৰদেশ)
সহায়ক গ্ৰন্থ :
১) অসমীয়া সাহিত্যৰ দৃষ্টিপাত: ড° হেমন্ত কুমাৰ শৰ্মা।
২) মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ: ড° নবীন চন্দ্ৰ শৰ্মা।
৩) বৈষ্ণৱ ভক্তিবাদ: মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ সাহিত্য-আলোচনা: শ্ৰী কুসুম চন্দ্ৰ শৰ্মা।
৪) সাহিত্য আলোচনা: ত্ৰৈলোক্যনাথ গোস্বামী।
৫) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘কীৰ্তন’ পুথি।
৬) Class 12 Adv Assamese chapter 15 অলংকাৰ Deb Library (Internet site)
*******