গ্ৰন্থ:মিত্যবয়িতা- কুঞ্জ খাউণ্ড
(ছেমুৱেল স্মাইলছৰ গ্ৰন্থ Thrift ক ‘মিতব্যয়িতা’ শিৰোনামেৰে অসমীয়ালৈ অনুবাদ কৰিছে ড°প্ৰফুল্ল কটকীয়ে)
ছেমুৱেল স্মাইলছৰ গ্ৰন্থ Thrift ৰ এক অভিনৱ অনুবাদ গ্ৰন্থ হ’ল ‘মিত্যবয়িতা’।অনুবাদক ৰূপে ড°প্ৰফুল্ল কটকী দেৱে প্ৰায় বিশখনৰো অধিক বিশ্ববিখ্যাত গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰি গৈছে।তাৰ ভিতৰতে মিত্যবয়িতা গ্ৰন্থখনো এখন লেখত ল’বলগীয়া।মাত্ৰ ১২৪পৃষ্ঠাৰ গ্ৰন্থখনত আমি শিকিবলগীয়া বহু কথাই আছে।এতিয়া লেখকৰ চিন্তাৰে যদি আমি মিত্যবয়িতাৰ মূল কথাখিনি ফঁহিয়াই চাওঁ তেতিয়া জীৱন-নিৰ্বাহৰ কলা-কৌশলৰ কিছু আভাস পাম,যিটো আমি মিত্যবয়িতা গুণেৰে সজাব পাৰোঁ।
মিত্যবয়ী অভ্যাসটোৰ উত্তৰণ হয় সভ্যতাৰ লগে লগেই।যেতিয়াৰপৰাই মানুহে মৌলিক প্ৰয়োজনখিনিৰ প্ৰয়োজন অনুভৱ কৰিবলৈ শিকিলে তেতিয়াই মনলৈ আহিল সঞ্চয়ৰ কথা।আজিৰ দৰে কাইলৈও যোগাৰৰ চিন্তা কৰিয়েই মানুহে কমকৈ খৰচ কৰি সাঁচি ৰখাৰ কথাটোয়েই হ’ল মিত্যবয়িতা।মিত্যবয়িতা গুণে ব্যক্তিগত অৰ্থনীতি টনকিয়াল কৰাৰ লগতে সমাজৰ কল্যাণ সাধন,ৰাজহুৱা অৰ্থনীতি আৰু জাতীয় সম্পদৰ সৃষ্টি আৰু অপচয় ৰোধ কৰে।প্ৰত্যেক ব্যক্তিৰ সুখ সমৃদ্ধিৰ মূলতে হ’ল সঞ্চয়।মিত্যবয়িতা কোনো সহজাত প্ৰবৃত্তি নহয়।অভিজ্ঞতা,উদাহৰণ আৰু দূৰদৰ্শীতাৰ পৰাহে ইয়াক আয়ত্ব কৰিব পৰা যায়।কৰ্মহীন জীৱন ত্যাগ কৰি শ্ৰম কৰিবই লাগিব—হয় হাতেৰে,নহয় মগজুৰে।শ্ৰম হ’ল এক বোজা,এক সন্মান আৰু এক আনন্দও।
বৰ্তমান ভোগবাদী পৃথিৱীত মানুহৰ লোভ লালসাই চৰম পৰ্যায় অতিক্ৰম কৰিছে।মৌলিক প্ৰয়োজনতকৈ এতিয়া ‘প্ৰদৰ্শনকামিতা’ অভ্যাসটোৱে মানুহক জুৰুলা কৰাৰ লগতে বিপথে পৰিচালনা কৰিছে।গ্ৰন্থকাৰৰ মতে টকা-পইচা আৰু সুখৰ মাজত কোনো অপৰিহাৰ্য সম্পৰ্ক নাই।দৰিদ্ৰতাৰ লগত যুঁজ কৰি নিজকে ওপৰলৈ তোলাৰ সময়খিনিয়েই আচলতে আটাইতকৈ সুখৰ সময়।আক্ৰোহী মানুহ আৰু মিত্যব্যয়ী মানুহৰ সঞ্চয়ৰ উদ্দেশ্য পৰস্পৰৰ পৰা পৃথক।কোনো এক বিশেষ উদ্দেশ্য আগত ৰাখি সঞ্চয় কৰাটো সন্মানীয় কাৰ্য।এনে কাৰ্যই সু-সংহত আৰু দূৰদৰ্শী মনৰ পৰিচয় দিয়ে লগতে অপব্যয় ৰোধ কৰে,মনৰ দুশ্চিন্তা আঁতৰাই আৰু সুখ-স্বাচ্ছন্দ্যৰে দিন কটোৱাত অৰিহনা যোগায়।সৎ উদ্দেশ্য আগত লৈ মিত্যবয়িতা অৱলম্বন কৰি সঞ্চয় কৰা মানুহৰ ভিতৰত ঠগ প্ৰৱঞ্চকৰ সংখ্যাও কম হোৱা দেখা যায়।
প্ৰতিজন লোকৰে সৰ্বপ্ৰথম কৰ্তব্য হ’ল নিজৰ উৎকৰ্ষ সাধন কৰাৰ লগতে ইষ্ট-পৰিজনকো জীৱনৰ বাটত আগুৱাই নিবলৈ চেষ্টা কৰা।যিহেতু মানুহৰ মাজত অৰ্থনৈতিক বৈষম্যৰ সমস্যাটো এটা আওপুৰণি সমস্যা।এফালে প্ৰাচুৰ্য আৰু আনফালে অভাৱ।যদিও মানুহৰ সংসাৰত বিফলতা অনেক আছে তথাপি বহুতৰ বাবে সফল হোৱাৰ যোগ্যতা নথকাৰ বাবে বিফল হয়।আচলতে সৌভাগ্য বোলা কথাটো হ’ল ব্যক্তিৰ নিজ নিজ কাৰ্যাৱলীৰ সুচিন্তিত পৰিচালনা আৰু ব্যৱস্থাপনা।সকলো মানুহেই ঐশ্বৰ্যৰ মাজত জন্ম নহয়।নিজৰ জ্ঞান বুদ্ধিৰ বলত বহু লোক একেবাৰে নিম্নস্তৰৰ পৰা উন্নতিৰ জখলাত বগোৱা দেখা যায়।সংসাৰত কৃতকাৰ্য হোৱা আৰু ধন-সম্পত্তি গোটোৱাৰ অভিলাষ অনৰ্থক বুলি ক’ব নোৱাৰি।এনে ব্যক্তিৰপৰা সমাজৰ উপকাৰ হোৱাৰ লগতে সমাজখনক গতিশীলতা দিয়ে আৰু এনে প্ৰবৃত্তি য়ে মানুহক ক্ৰিয়াশীল আৰু উদ্ভাৱনাদক্ষ কৰে।এলেহুৱা বা ধোঁৱাখুলীয়া মানুহ মহৎ হোৱা কমেইহে দেখা যায়।পৰমোৎকৃষ্ট কিবা এটাৰ বাবে তাৰ মূল্য দিবই লাগিব, আৰু মূল্যটো হ’ল শ্ৰম।শ্ৰম আমাৰ জীৱনৰ এটা চৰ্ত।
বৰ্তমান ধুন-পেচৰ সমাজখনত বাহিৰৰ জিলমিলনিটোৱেই এক বিশেষ যোগ্যতা হৈ পৰিছে।বিনাশ্ৰমে আনক ঠগি হ’লেও বেছ আড়ম্বৰেৰে থকাৰ চেষ্টা,ধন-দৌলতৰ প্ৰদৰ্শন কৰা সকল আচলতে বিকৃত মানসিকতা,হৃদয়হীনা,বৌদ্ধিক বৰ্বৰতা,ভ্ৰান্তি আৰু একপ্ৰকাৰৰ সমাজৰ ঘৃণনীয় আবৰ্জনা।নিজকে আনৰ পৰা সুকীয়া বুলি ভাবি লোৱা অপচয়ী ব্যক্তি সকলৰ বাবে ই এচামে বেচি ভোগ কৰিবলগীয়া হয়।এইসকল ব্যক্তিৰ পৰা সমাজৰ একো উপকাৰ নহয়।জীৱন অতি অনিশ্চিত বাবে বিপদ-আপদৰ বাবে ব্যৱস্থা কৰি থ’ব লাগে।কেতিয়াবা ঘৰৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তিজনৰ মৃত্যু হ’লে সঞ্চয় নথকা পৰিয়াল এটাৰ পানীত হাঁহ নচৰা অৱস্থা হয়।সামান্য আত্মত্যাগ,মিতাচাৰ,মিত্যবয়িতা আৰু সংযমৰ অভ্যাসটোৱে পৰিয়ালৰ সুখ-সন্তোষৰ কাৰণ হ’ব পাৰে।উদাহৰণস্বৰূপে আমাৰ দেশত ভাল মজুৰি পোৱা বনুৱাৰ সংখ্যা অলেখ।কিন্তু তেওঁলোকৰ সঞ্চয় আৰু নৈতিক চৰিত্ৰৰ দুৰ্বলতাৰ বাবে সংসাৰ চলোৱাত ব্যৰ্থ হয়।চাহ বাগানৰ বহুত বনুৱাৰ অৰ্থনৈতিক অৱস্থা গাঁৱৰ কিছুমান মানুহতকৈ ভাল,কিন্তু মদ আৰু অসংযমী স্বভাৱৰ বাবেই তেওঁলোকে দৈন্যতাক আকোঁৱালি লয়।দৰিদ্ৰতা অতিক্ৰম কৰাৰ উপায় যদিও আৰ্জন চাই ভগন কৰা তথাপি সাঁচিব লাগে বাবেই সঞ্চয় কৰাটো উদ্দেশ্য হ’ব নালাগে।বৰ্তমান সময়ত আনৰ কিবা এটা উপকাৰ কৰা বা ভবিষ্যতে নিজৰ কিবা কামৰ বাবে ইচ্ছাকৃতভাৱে কিছু আত্মত্যাগ কৰা এই দুয়োটা কথাই মিত্যবয়িতাত নিহিত থাকে।যুক্তি আৰু দূৰদৰ্শীতাৰ অনুশাসন মানি চলাই বুদ্ধিমানৰ কাম।সংসাৰত প্ৰতিস্থা লাভ কৰিবলৈ বহুত মানুহেই ভোগ বিলাস ত্যাগ কৰি এটি কঠোৰ আৰু শৃংখলাবদ্ধ জীৱন বাচি লোৱা দেখা যায়।
গ্যেটেই কৈছিল,’সৎ লোক এজনে কি ক্ষেত্ৰত কাম কৰে সেইটো ভাবিব লগা কথা নহয়।ইচ্ছা শক্তিৰ দৃঢ়তা থকা লোক এজনে যিকোনো কামকে আশ্ৰয় কৰি সংসাৰত আগবাঢ়ি যাব পাৰে আৰু তাৰ দ্বাৰাই সমাজৰ উপকাৰ হয়।’ মুঠতে সমাজৰ অগ্ৰগতি সমাজবাদৰ দ্বাৰা হোৱা নাই,হৈছে ব্যক্তিবাদৰ দ্বাৰা অথাৎ ব্যক্তিৰ সচেষ্ট আৰু অবিৰত প্ৰচেষ্টাৰ দ্বাৰা।এজন সফল লোকে আন দহজনকো আগুৱাই লৈ যাব পাৰে।জৰ্জ ষ্টিফেনচনে কয়লাখনিত কাম কৰাৰ পৰা ক্ৰমে উধাই গৈ অভিযন্তা হৈছিলগৈ।এনেকুৱা অলেখ কাহিনী আছে একেবাৰে নিম্ন পৰ্য্যায়ৰ পৰা উন্নতিৰ শিখৰত আৰোহণ কৰাৰ।
সামান্য বুলি ভবা পৰুৱাবোৰেও সিহঁতৰ সহজাত বুদ্ধিৰেই বাৰিষাৰ দিনলৈ বা জাৰকালিৰ বাবে গাঁতত খাদ্য সংগ্ৰহ কৰি থয়।সিহঁতৰ নাই কোনো পৰামৰ্শ দাতা,নাই কোনো বাট দেখুৱাওতা।তেনেহ’লে আমি চিন্তা কৰিব পৰা মানুহ হৈও কিয় পিচ পৰি ৰওঁ।আমাৰ বিবেক বুদ্ধিৰ সৎ ব্যৱহাৰ কৰি নিপুনতাৰে আমি সংসাৰত আগবাঢ়ি যাব পৰাটোৱেই সফলতা।বহুত টকাৰ গৰাকী হ’লেহে মানুহ সফল হ’ব পাৰে তেনে নহয়।শুদ্ধ বিচাৰ বুদ্ধিয়েই জীৱনৰ সম্পদ।নিজৰ সন্তানকো সৰুৰ পৰাই শুদ্ধ চিন্তা আৰু মিত্যবয়িতা শিকোৱা প্ৰয়োজন।কিছুমান নহ’লেও চলি যোৱা বস্তুৰ প্ৰতি বেছি আগ্ৰহী হ’ব নালাগে।জীৱন নিৰ্বাহৰ
কলা-কৌশলৰো এটা দৰ্শন থকা দৰকাৰ।আন চিত্ৰ কলাৰ দৰেই ইও এক স্বাভাৱিক প্ৰক্ৰিয়া।সকলোৱে কৰ্ষণ কৰিব পৰা এই প্ৰক্ৰিয়াটো বিকাশ ঘটাব পাৰে পিতৃ মাতৃ আৰু শিক্ষকে।প্ৰকৃতিৰ সুন্দৰ সৃষ্টি এপাহ ফুলৰ দৰেই ,মানুহৰ কলা-কৃতিয়েও ঘৰ এখনৰ সুষমা আৰু সৌন্দৰ্য বৃদ্ধি কৰিব পাৰে।চমুকৈ ক’বলৈ হ’লে প্ৰতিটো বস্তুৰে যিমান পাৰি সদ ব্যৱহাৰ কৰিব লাগে খাদ্যই হওক,পোচাকেই হওক বা সজ আচৰণ আৰু সমযেই হওক।আমি সামান্য বুলি ভবা প্ৰতিটো বস্তুতে অসামান্যতাৰ ছাপ থাকে,সেইবোৰ চিনি লৈ বুটলি কামত লগাব পৰাটো আমাৰ দক্ষতা।সামৰণিত ইয়কে কওঁযে আমি নিজকে প্ৰাত্যহিক তুচ্ছতাৰ উদ্ধলৈ নিবলৈ হ’লে প্ৰকৃতিৰ লগতে সকলোতে শোভা বিচাৰিব জানিব লাগিব।নিৰ্বিচাৰ ভাবে প্ৰকৃতিৰ ধংস কৰাটোও এক অপচয়।
*******
10:20 AM
বৰ ভাল লাগিল। কিতাপখন কিনি পঢ়িম।
12:42 PM
বৰ ভাল লাগিল