চৰাইৰ চোঙত সন্ধ্যাতৰা-ববিতা শৰ্মা

প্ৰকাৰ:উপন্যাস 

লেখক:গোবিন কুমাৰ খাউণ্ড

প্ৰকাশক:গ্ৰন্থ-সংস্কৃতি

এ টি ৰ’ড, তৰাজান 

যোৰহাট — ১

প্ৰথম প্ৰকাশ:মাৰ্চ ২০২৪

মূল্য:১৮০ টকা 

 

চৰাইচোং।অসমৰ প্ৰথমখন পক্ষী অৰণ্য।জানিব পৰা মতে চাওফা চ্যু-চেং-ফা বা বুঢ়া ৰজা স্বৰ্গদেউ প্ৰতাপ সিংহই চৰাই চোঙক ৰাজকীয় পক্ষী উদ্যান ৰূপে স্বীকৃতি প্ৰদান কৰি পক্ষী সুৰক্ষা সুনিশ্চিত কৰিছিল। ‘অৰণ্য সুৰক্ষা সমিতি’ৰ দ্বাৰা প্ৰকাশিত ‘সেউজ পত্ৰিকা’ৰ আনুমানিক তথ্য অনুসৰি মাজুলীৰ ভকতি দুৱাৰ অঞ্চলত অৱস্থিত চৰাই চোং বিশ্বৰ প্ৰথমখন সংৰক্ষিত ৰাজকীয় পক্ষী উদ্যান।মাজুলীৰ বৰ্তমানৰ মানচিত্ৰত উজনি মাজুলীৰ গাভৰু মেলীয়া,কাড়ীচুক, ৰতনপুৰ আৰু লাহন গাঁৱৰ উত্তৰে; কঠমীয়াৰ পশ্চিমে, ৰাঙলী বাহৰ,অভয়াপুৰী,নৰসিংহ আৰু শিলিখাগুৰিৰ দক্ষিণে থকা দীঘলে প্ৰায় চাৰি কিলো মিটাৰৰ আৰু বহলে ঠাই বিশেষে আধা কিলোমিটাৰৰ পৰা এক কিলোমিটাৰ অঞ্চল বিয়পি থকা নল,খাগৰি,ইকৰা , হিজল আদি গুল্মজাতীয় গছেৰে ভৰা জলাহ অঞ্চলটোৱেই হ’ল ৰাজকীয় পক্ষী উদ্যান চৰাইচোং। স্বৰ্গদেউ প্ৰতাপ সিংহৰ সময়ৰ পৰা স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহলৈকে ভালে কেইজন স্বৰ্গদেৱে ইয়াতে শেন-কনুৱাৰ যুঁজ উপভোগ কৰি প্ৰজাৰ সৈতে আনন্দ কৰিছিল।১৯৮৫ চনলৈকে পৰিভ্ৰমী আৰু প্ৰজনন থলী ৰূপে পক্ষীৰ কাকলিৰে মুখৰিত হৈ থকা অঞ্চলটো মানুহৰ কিছুমান অবিবেচকী কাৰ্যৰ বাবে পক্ষীকুলৰ অৱলুপ্তিৰে কেৱল অতীতৰ এক গৌৰৱগাঁথা হৈ পৰাৰ উপক্ৰম হৈছে।ইতিমধ্যে বননি ধ্বংসকৰণ,ভূমি বেদখল, শুকাই অহা জলাহ ভূমি,মাংসলোভী মানুহৰ পক্ষী নিধন যজ্ঞই মৃত্যুৰ মুখলৈ ঠেলি দিয়া ৰাজকীয় পক্ষী উদ্যানখন সময় থাকোঁতেই ৰক্ষা নকৰিলে ইযে এদিন অতীতৰ বুকুত হেৰুৱা স্মৃতি হ’ব তাত কোনো সন্দেহ নাই।ইয়াৰ বাবে লাগিব জন সজাগতা তথা প্ৰকৃতিপ্ৰেম। মানুহৰ মনত প্ৰকৃতি প্ৰেম জাগ্ৰত কৰিবলৈ,মানুহক প্ৰকৃতিমুখী কৰি তুলিবলৈ সাহিত্য এক ফলপ্ৰসূ মাধ্যম হ’ব পাৰে যদিও প্ৰকৃতিক প্ৰত্যক্ষ বিষয়বস্তু কৰি ৰচনা কৰা সাহিত্য আমাৰ ভাষাত সীমিত। ড° লীলা গগৈৰ ‘নৈ বৈ যায়’,‌ চৈয়দ আব্দুল মালিকৰ ‘প্ৰেম অমৃতৰ নদী’, নিৰুপমা বৰগোহাঞিৰ ‘সেই নদী নিৰৱধি’ আদি কিছু সংখ্যক উপন্যাসত প্ৰকৃতিক প্ৰাধান্য দিয়া পৰিলক্ষিত হয়।সেইদৰে, অনুৰাধা শৰ্মা পূজাৰীৰ ‘ইয়াত এখন অৰণ্য আছিল’ যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ ‘পৃথিৱীৰ মৰম’, জয়ন্ত মাধৱ বৰাৰ ‘ইয়াত এখন হাবি আছিল’ আদি প্ৰকৃতিক আধাৰ কৰি ৰচিত উপন্যাস।অনুৰাধা শৰ্মা পূজাৰীৰ ‘ইয়াত এখন অৰণ্য আছিল’ উপন্যাসখনে ২০২১ বৰ্ষত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।শেহতীয়াকৈ অসমীয়া প্ৰকৃতি বিষয়ক উপন্যাসৰ তালিকাত যোগ হোৱা আন এটি নাম হ’ল গোবিন কুমাৰ খাউণ্ডৰ ‘চৰাই চোঙত সন্ধ্যাতৰা’।বিশ্বৰ প্ৰথমখন ৰাজকীয় পক্ষী উদ্যান চৰাই চোঙৰ বিপন্ন অস্তিত্ব পুনৰুদ্ধাৰ বাবে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে ৰচনা কৰা এখন উদ্দেশ্যধৰ্মী সুখপাঠ্য উপন্যাস।

গোবিন কুমাৰ খাউণ্ড অসমৰ পাঠক সমাজৰ এক পৰিচিত নাম।পেছাত সাংবাদিক খাউণ্ডৰ ‘মাজুলীৰ পৰা ‘মই সঞ্জয় ঘোষে কৈছোঁ ‘ প্ৰথম উপন্যাস।তেওঁৰ আন আন জনপ্ৰিয় উপন্যাসৰ ভিতৰত পদ্মশ্ৰী  বিৰুবালা ৰাভাৰ জীৱনাধাৰিত উপন্যাস ‘বগী’, অৰণ্য মানৱ যাদৱ পায়েঙৰ জীৱনাধাৰিত উপন্যাস ‘ৰুময়াং’, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জীৱনাধাৰিত উপন্যাস ‘উৰণীয়া মৌ’ সত্ৰৰ কেৱলীয়া ভকতসকলৰ জীৱনাধাৰিত উপন্যাস ‘আতৈ’, ক’ভিডকালীন পৰিস্থিতিক লৈ‌ ৰচনা কৰা উপন্যাস ‘দিদৌ’, অসম বুৰঞ্জীৰ মোৱামৰীয়া বিদ্ৰোহৰ পটভূমিত ৰচনা কৰা উপন্যাস ‘মজিয়া ভেটিৰ জুই’ বিশেষভাৱে উল্লেখযোগ্য। ইয়াৰ উপৰিও মৌচাকৰ সহযোগী সম্পাদক জগত বৰাৰ সৈতে যুটীয়া ভাৱে ‘সপোনৰ দলং আৰু নিমাতীৰ নাও দুৰ্ঘটনা’, ‘শিল্পী পেঞ্চনাৰ ধনীৰাম খাউণ্ড’, ‘চৰাই চোং’, ‘ভকতি দুৱাৰ অঞ্চলৰ ঐতিহ্য আৰু গৌৰৱ’,  ‘নবীন চন্দ্ৰ বৰুৱা সৃষ্টি আৰু দৃষ্টি’ আদি ভালেমান গ্ৰন্থ সম্পাদনাও কৰিছে।

আগতেই উল্লেখ কৰা হৈছে যে ‘চৰাই চোঙত সন্ধ্যাতৰা’ ৰাজকীয় পক্ষী উদ্যান মাজুলীৰ ভকতি দুৱাৰৰ চৰাই চোঙৰ বিপন্ন অস্তিত্ব পুনৰুদ্ধাৰৰ এক সচেতন প্ৰয়াস।উপন্যাসখনৰ আৰম্ভণিতে ‘দুৱাৰ দলিত হৃদয়ৰ গান…’ শিৰোনামেৰে ঔপন্যাসিকে উপন্যাস ৰচনাৰ আঁৰৰ উদ্দেশ্য এনেদৰে ব্যক্ত কৰিছে” ‘চৰাই চোঙত সন্ধ্যাতৰা’ নিতান্তই ‘মাজুলীৰ সাহিত্য’ৰ উদ্যোগত ৰাইজে আয়োজন কৰা ‘চৰাই চোং উৎসৱ’ৰ ফচল।আমাৰ চকুৰ সন্মুখতে নিঃশেষ হৈ যোৱা চৰাই চোঙৰ সতেজ আৰু সেউজীয়া ছবিখনৰ কথা মনত ৰাখিয়েই উপন্যাসখনৰ যোগেদি পাঠকৰ আগত দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে ভকতি দুৱাৰ অঞ্চলৰ ঐতিহ্যময় ইতিহাস।” মাজুলীৰ গৌৰৱ চৰাই চোং। স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালৰ পৰা বৰ্তমানলৈকে প্ৰায় চাৰিশ তেৰ বছৰীয়া ইতিহাস বুকুত সামৰি চৰাই চোং থলুৱা আৰু পৰিভ্ৰমী পক্ষীৰ ঐতিহ্যমণ্ডিত আশ্ৰয় স্থল হিচাপে পৰিচিত হৈ আহিছিল।আশী-নব্বৈৰ দশকলৈ পক্ষীৰ কল-কাকলিত মুখৰ হৈ থকা চৰাই চোং ক্ৰমে নিজম পৰি আহিল।মানুহৰ অদূৰদৰ্শিতা আৰু জিঘাংসাৰ বলি হৈ পক্ষীকুলে চৰাই চোং এৰিলে। এসময়ৰ ৰাজকীয় পক্ষী উদ্যানখন অতীত হোৱাৰ উপক্ৰম হ’ল।এনে সন্ধিক্ষণতে পিতৃপুৰুষৰ প্ৰাচীন লীলাভূমি বৈকুণ্ঠপুৰ বিচাৰি ভকতি দুৱাৰত উপস্থিত হয় সন্ধ্যা।সন্ধ্যাই ককাক ইন্দ্ৰকমল চলিহাৰ মুখত বৈকুণ্ঠপুৰ,দক্ষিণপাটৰ ভালেমান কাহিনী শুনিছিল। সাধু সাধু যেন লগা এই অলৌকিক কাহিনীবোৰে সন্ধ্যাৰ মনত সংগোপনে এখন ছবি আঁকিছিল। জীৱনকালত এবাৰ বৈকুণ্ঠপুৰ দৰ্শনৰ হাবিয়াস বুকুত লৈ এদিন অতীত হৈ পৰা ককাকৰ ইচ্ছাক সন্মান জনাই ভকতি দুৱাৰৰ বুকুত  বৈকুণ্ঠপুৰৰ অৱশেষ বিচাৰি সন্ধ্যা মাজুলীলৈ আহিছে–

 

“ৰাতিৰ বুকুত মনৰ জুনুকা বজাই বজাই তাই বিচাৰি আহিছে এজন মানুহৰ ভৰিৰ খোজ।আজিৰ সময় ৰুগ্ন, হৃদয় অবিশ্বাসৰ অচিন পাত্ৰ।সময়ৰ অন্ধ নদীত জাকে জাকে যেন নামিছে মানুহ।আত্মঘাতী মানুহৰ ভিৰৰ মাজতে গাভৰুজনীয়ে বিচাৰি আহিছে এজন মানুহৰ ভৰিৰ খোজ,পদচিহ্ন।মহামাৰী দিনৰ সহিব নোৱৰা জীৱনৰ ভৰ সহি সহি তাই হাতেৰে চুই চাব খোজে,সেই মানুহজনে গছকি যোৱা মাটি।” 

                                                     (পৃষ্ঠা: ৯)

যাত্ৰাপথত সন্ধ্যাই লগ পাই ভকতিৰ দম্পত্তি তৰা আৰু ভদ্ৰেশ্বৰক।অজান ঠাইত অচিন পথিক সন্ধ্যাক তৰা আৰু ভদ্ৰেশ্বৰে নিজৰ ঘৰত আশ্ৰয় দিয়ে।তৰা আৰু ভদ্ৰেশ্বৰৰ সৰলতাত মুগ্ধ সন্ধ্যাই গড়মূৰত অগ্ৰিম ধন দি বুক কৰি ৰখা ৰিজৰ্ট এৰি মাজুলীত থকা দিন কেইটা তৰাহঁতৰ ঘৰতে থকাৰ সিদ্ধান্ত লয়।সন্ধ্যা ভকতিৰ প্ৰেমত বন্দী হয়।ইফালে পেটে-ভাতে খাই থকা তৰা আৰু ভদ্ৰেশ্বৰে টাউনীয়া আলহীক কিদৰে সোধ-পোছ কৰা যায় তাৰ চিন্তাত ব্যস্ত হৈ পৰে। ভদ্ৰেশ্বৰে লুকাই-চুৰকৈ চিটিকাৰে চৰাই ধৰে।তৰাই এই কাৰ্য্য মনে-প্ৰাণে বেয়া পায়।আগে-পিছে চিটিকাৰে চৰাই ধৰি প্ৰয়োজনত বিক্ৰী কৰা বা মাটিৰ পট্টাৰ আশাত মণ্ডলক উৎকোচ দিয়া ভদ্ৰেশ্বৰ পতা চিটিকাত কিন্তু সেইদিনা চৰাই এটা লগাটো তৰাৰো আশা। সঁচাকৈয়ে সেইদিনা ভদ্ৰেশ্বৰৰ চিটিকাত  ৰাজহাঁহ এটি বন্দী হয়।সন্ধ্যাক আঁৰ কৰি ভদ্ৰেশ্বৰে চৰাইটো বেছিবলৈ ওলাই যায়।তৰা বিবেক দংশনত ভোগে। এফালে আলহী সুধিবলৈ পইচাৰ প্ৰয়োজন,আনফালে নিৰীহ পক্ষী নিধনৰ বেদনা।তাৰ মাজতে স্থানীয় প্ৰকৃতিপ্ৰেমী তথা অঞ্চলটোৰ শুভচিন্তক তথা অৱসৰপ্ৰাপ্ত শিক্ষক ফুকন ছাৰ তৰাহঁতৰ ঘৰলৈ আহে। ছাৰৰ পৰা তৰাই ভদ্ৰেশ্বৰে ধৰা চৰাইটো পুনৰ উৰাই দিয়াৰ শুভসম্বাদ লাভ কৰে।তৰাৰ ঘৰত আলহী হৈ থকা সন্ধ্যা চৰাই চোঙৰ অস্তিত্বক লৈ চিন্তিত হৈ পৰে। ফুকনছাৰৰ পৰা সন্ধ্যাই ভকতি দুৱাৰ তথা চৰাই চোঙৰ ঐতিহ্য জানি পক্ষী উদ্যান খন ৰক্ষাৰ উপায় বিচাৰে। ফুকন ছাৰৰ লগতে অঞ্চলটোৰ আন আন প্ৰকৃতিপ্ৰেমী তথা প্ৰকৃতিক অন্তৰেৰে ভালপোৱা বান্ধৱী অনুভূতিৰ লগ হৈ সন্ধ্যাই মানুহৰ মাজত সজাগতা আনিবলৈ চৰাই চোং উৎসৱৰ আয়োজন কৰে।ভদ্ৰেশ্বৰ সিহঁতৰ সহায় হয়।মাটি হেৰুৱাৰ ভয়ত এচাম মানুহে উৎসৱৰ বিৰোধিতা কৰে যদিও নিজ সিদ্ধান্তত অটল সন্ধ্যাহঁত উৎসৱৰ যা-যোগাৰত উঠি-পৰি লাগে–

                এইখন চৰাই চোং পক্ষীৰে ঘৰ

                শুৱনি ভকতি কি যে মনোহৰ।।

মানুহৰ হৃদয়ত বাহ সাজি বহা চৰাই চোং গীতটিৰ সুৰ হৃদয়ৰ পৰা হৃদয়লৈ বিয়পে।অৱশেষত সকলো বাধা-বিঘিনি নেওচি চৰাই চোং উৎসৱৰ লাইখুটা পোতা হয়–

“প্ৰকাণ্ড লাইখুঁটাটো পুতিবৰ বাবে লাইখুঁটাটো পোন্ধৰ-বিশজন মানুহে থিয় কৰাই দিয়াৰ সময়ত জীৱনৰ অনন্ত সুঁহুৰি হৈ বাজি উঠিল ডবা,শংখ আৰু বৰ কাঁহৰ মাত।আয়তীৰ উৰুলিয়ে উৰুৱাই নিও যেন কৰিছে সন্ধ্যাহঁতৰ মনৰ আকাশ।”

                                               (পৃষ্ঠা:১৪৩)

উপন্যাসখনৰ উপস্থাপন পোনপটীয়া।ভাষা সৰল। বৰ্ণনা হৃদয়গ্ৰাহী।পিতৃ-পুৰুষৰ স্মৃতি বুটলিবলৈ বুলি দুলিয়াজানৰ পৰা মাজুলীলৈ অহা সন্ধ্যা নামৰ যুৱতীগৰাকীয়ে বাছতে লগ পায় মাজুলীৰ ভকতি দুৱাৰৰ তৰা আৰু ভদ্ৰেশ্বৰক।ডিব্ৰুগড়লৈ চিকিৎসাৰ বাবে যোৱা এইহাল দম্পতীয়ে মাজুলীত নতুন সন্ধ্যাক নিজৰ লগত ঘৰলৈ আনি নিজৰ ঘৰত আশ্ৰয় দিয়ে। ৰাতিটোৰ বাবে আশ্ৰয় ল’বলৈ আহি সন্ধ্যা তৰাহঁতৰ আতিথ্য আৰু সৰলতাত মুগ্ধ হয়।বন্দী হয় ভকতিৰ প্ৰেমত,চৰাই চোঙৰ পক্ষীৰ মোহত।মাজুলী তথা ভকতি দুৱাৰৰ ঐতিহ্যৰ কথা শুনি সেই অৱহেলিত ঐতিহ্য লোকচক্ষুৰ আগত দাঙি ধৰাৰ বাবে সংকল্পবদ্ধ হয়। এই ঐতিহ্যই বিশ্বৰ প্ৰথমখন ৰাজকীয় পক্ষী উদ্যানকো সামৰি লয়।সময়ৰ গতিয়ে অৱহেলিত কৰা এই উদ্যানখনো ৰক্ষা কৰাৰ পণ লয়।সন্ধ্যাই ভকতিত ভৰি দিয়াৰ পৰা চৰাই চোং উৎসৱৰ লাইখুটা স্থাপন কৰালৈ উপন্যাসখনৰ কাহিনীৰ পৰিসৰ।

“আমি অসমীয়া নহওঁ দুখীয়া,কিহৰ দুখীয়া হ’ম,

সকলো আছিল সকলো আছে নুগুণো নলওঁ গম।”

অসমীয়া মানুহৰ নিজ ঐতিহ্যৰ প্ৰতি আওকণীয়া মনোভাৱ সলনি কৰাৰ প্ৰয়াস নকৰিলে অসমীয়াৰ অস্তিত্বই এদিন বিপদাপন্ন হ’ব আৰু এনে এক প্ৰয়াসেই হ’ল গোবিন কুমাৰ খাউণ্ডৰ ‘চৰাই চোঙত সন্ধ্যাতৰা’। দৰাচলতে মানুহক প্ৰকৃতিমুখী কৰি তোলা, সমান্তৰালকৈ নিজৰ ঐতিহ্যৰ প্ৰতি সচেতন কৰি তোলাটোৱেই এই উপন্যাসখনৰ উদ্দেশ্য।গতিকে সৰল গতিৰ এক সৰল কাহিনী।

উপন্যাসখনৰ নামকৰণৰ পৰাই অনুমান কৰিব পাৰি যে ইয়াৰ মূল চৰিত্ৰ হ’ল চৰাই চো–বিশ্বৰ প্ৰথমখন ৰাজকীয় পক্ষী উদ্যান।চৰাই চোঙক তুলি ধৰিবলৈহে উপন্যাসখনৰ চৰিত্ৰসমূহ সৃষ্টি কৰা হৈছে।সন্ধ্যা আৰু তৰা উপন্যাসৰ কাহিনীভাগৰ মূল চালিকা শক্তি।লগত আছে ভদ্ৰেশ্বৰ,অনুভূতি,ফুকন ছাৰ,শইকীয়া ছাৰ আদি চৰিত্ৰবোৰ।ভদ্ৰেশ্বৰে চৰাই চিকাৰ কৰে,মাংসৰ লোভত নহয়।প্ৰয়োজনত।মাটিৰ পট্টাৰ আশাত মণ্ডলক ঘোচ দিবলৈ নাইবা জোৰা মাৰিব নোৱাৰা সংসাৰৰ জোৰা মাৰিবলৈ।চৰাই চিকাৰী ভদ্ৰেশ্বৰেই চিটিকাত পৰা চৰাইটো উৰুৱাই দি চৰাই তথা চৰাই চোং সংৰক্ষণৰ বাটকটীয়া হ’ল।লৱ মাষ্টৰ,মণ্ডলৰ‌ দৰে চৰিত্ৰবোৰ জিভাৰ জুতিৰ বাবে বনৰ‌ নিৰীহ পক্ষী বধ কৰিবলৈ কুণ্ঠাবোধ নকৰা এচাম মানুহৰ প্ৰতিনিধি।হৰিঘাট ৰাঙলী বাহৰ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী তথা শিক্ষকসকলৰ দৰে নিজ অঞ্চল তথা ঐতিহ্যৰ প্ৰতি উদাসীন চৰিত্ৰও আমাৰ অচিনাকি নহয়।

উপন্যাসখনৰ মূল সৌন্দৰ্য হ’ল বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ চহা জীৱন।উপন্যাসখনৰ পটভূমি মাজুলী, কিন্তু উপন্যাসখনত প্ৰতিফলিত গ্ৰাম্য জীৱনৰ চিত্ৰ সমগ্ৰ অসমৰে।অসমীয়া জনজীৱনৰ ‘অতিথি দেৱ ভৱ’ বিশ্বাস উপন্যাসখনত সাৰ্থক ভাবে চিত্ৰিত হৈছে। অসমীয়া সমাজ জীৱনৰ সকলো খুঁটি-নাটি উপন্যাসৰ পাতত ধৰি ৰখাৰ প্ৰয়াস মন কৰিবলগীয়া।

ঔপন্যাসিকৰ এই প্ৰয়াসে ধান, মাহ, মাছ, কাছ আদিৰে স্বয়ংসম্পূৰ্ণ গাওঁবোৰৰ চহকী ৰূপকো সামৰি লৈছে —

    গোহালিত গৰু   পুখুৰীত মাছ

         বাৰীত তামোল-পাণ।

আধুনিকতাৰ প্ৰভাৱে আমাৰ ভালেমান থলুৱা সম্পদক এলাগী কৰিলে।এলাগী হৈ পৰা এই বস্তুবোৰ লাহে লাহে পাহৰণিৰ বুকুত হেৰাই গৈছে।হেৰাই যোৱা এই বস্তুবোৰ আমাৰ বাবে আজি কেৱল স্মৃতি।আমাৰ নষ্টালজিয়া।  ভঙনীয়া পইচা সঁচা বাঁহৰ চুঙা,গাখীৰ খিৰাবলৈ ব্যৱহাৰ কৰা কঁৰীয়া,হেন্দালি,তামোল-পাণৰ হাঁচতি আদি পাহৰা কথা উপন্যাসখনে পাঠকৰ মনত সজীৱ কৰি তোলে।

‘চৰাই চোঙত সন্ধ্যাতৰা’ উপন্যাসখনক একাষাৰতে মাজুলী তথা ভকতি দুৱাৰ অঞ্চলৰ এক ঐতিহাসিক দলিল আখ্যা দিব পাৰি।উপন্যাসখনৰ পৰিসৰ আৰু অলপ বঢ়োৱাৰ থল আছিল।অৱশ্যে লেখকে নিজে এই কথা অকপটে স্বীকাৰ কৰি লৈছে-

“পৰ্যটকৰ প্ৰচুৰ সম্ভাবনাৰে সমুজ্বল ভকতি দুৱাৰ অঞ্চলৰ ঐতিহ্য আৰু বুৰঞ্জীৰ গোন্ধ যেনেদৰে উপন্যাসখনৰ পাতত মলমলাই থাকিব লাগিছিল সেয়া সমুলি হৈ নুঠিল।উপন্যাসখনে মনগহনত স্থিতি লোৱাৰে পৰা পাঠকে স্পৰ্শ কৰালৈ সময়ৰ বৰ টনাটনি হ’ল। চৰাই চোং উৎসৱৰ বতৰতে পাঠকৰ হাতত তুলি দিয়াৰ বাসনাই জুমুৰি দি ধৰাত কাহিনী আৰু চৰিত্ৰবোৰক চকুত লগাকৈ আপডাল কৰিব নোৱাৰাৰ দুখ বিকলাংগ সন্তানৰ মাতৃৰ দৰেই আজীৱন থাকি যাব।”

সামগ্ৰিকভাৱে ‘চৰাই চোঙত সন্ধ্যাতৰা’ এখন সুখপাঠ্য উপন্যাস।মাজুলী,বৈকুণ্ঠপুৰ,বিশ্বৰ প্ৰথমখন ৰাজকীয় পক্ষী উদ্যান চৰাই চোং বিষয়ক ভালেখিনি কথা তথ্যসহ উপন্যাসৰ কাহিনীৰ আওতালৈ আনি ঔপন্যাসিকে আমাৰ ঐতিহ্যৰ প্ৰতি আমাক সজাগ কৰাৰ প্ৰয়াস কৰিছে।সেই প্ৰয়াসক সাকাৰাত্মক ৰূপ দিছে কাহিনী কথন আৰু উপস্থাপনে।ঐতিহাসিক তথ্য, অসমীয়া গ্ৰাম্য জীৱনৰ নিখুঁত চিত্ৰ,সহজ-সৰল ভাষা, কল্পনা আৰু বাস্তৱৰ সাৰ্থক সংমিশ্ৰণ,আকৰ্ষণীয় চৰিত্ৰ সৃষ্টি আদিৰে উপন্যাসখনে যেন পাঠকৰ মন জয় কৰিব পাৰিব তাত কোনো সন্দেহ নাই।আশাকৰোঁ সদাশয় পাঠকসকলে গোবিন কুমাৰ খাউণ্ডৰ ‘চৰাই চোঙত সন্ধ্যাতৰা’ক আঁকোৱালি ল’ব।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *