জিভা আৰু পেটৰ কথোপকথন-গীতামণি দত্ত
: জিভা ভন্টী,তুমি মোক নিগমে মাৰিবা যেন পাইছো।
: আৰে, কি হ’ল?তুমি তোমাৰ কাম কৰি আছা আৰু মই নিজৰ,তাত মৰাৰ কথা ক’ৰ পৰা আহিল।
: এক মাত্ৰ তোমাৰ কাৰণেই আজি কালি মোৰ ল’ৰা- ছোৱালীবোৰৰ বেমাৰ-আজাৰ নুগুছা হ’ল।অনবৰতে ডাক্তৰ নহ’লে ফাৰ্মাচী।
: পেট দাদা তুমি যে ল’ৰা-ছোৱালী বুলি ক’লা; তোমাৰ দেখোন আটাইকেইটা ল’ৰাই গতিকে সিহঁতৰ বেমাৰ আজাৰ যি হৈছে সকলো নিজৰ কাৰণেই হৈছে।
: কি কথা কোৱাঁ হে!তুমি বিধে বিধে জুতি ল’গাই বস্তুবোৰ খাই পেলাবলৈ ঠাই নাপালা;মোকহে পালা।
: হেৰা পেট দাদা মই নেপেলালে তোমাৰ মৰণ অনিবাৰ্য।
: মৰিবলৈ বাকী নাই,আমি সকলোৱে মৰি মৰি জীয়াই থকাৰ নিচিনাই।মোৰ ডাঙৰ ল’ৰাহালৰ কেনেবাকৈ বেমাৰ লাগিলে সহজে লগ নেৰে।চিকিৎসা কৰিবলৈ ইমান পইচা পাম ক’ৰ পৰা!
: অ’ তুমি লিভাৰ আৰু কিডনী কথা কৈছা; সিহঁতৰ হৈছে কি?
: তোমাৰ জুতি লগা খাদ্যৰ সোৱাদ লওঁতে লওঁতে সিহঁতে একেবাৰে অকামিলা হৈ পৰিছে।ইফালে গ’ল্ড ব্লাডাৰ আৰু এপেনডিস্কৰতো কেতিয়াবা কেতিয়াবা অৱস্থা কাঢ়িল হৈ একেবাৰে সিপুৰী পায়গৈ।বৰ দুখেৰে বিদায় দিব লগা হয়।লিভাৰ আৰু কিডনীৰ অৱশ্যে অৱস্থা কাঢ়িল হ’লে সিহঁতক সহায় কৰা বন্ধু আছে। কৰিলেনোও কি হ’ব!জীয়াই থাকিলেও মৰাৰ সমান কষ্ট পায়।জিভা ভন্টী মই তোমাক সকীয়াই দিছো নিজকে কণ্ট্ৰল কৰা।মোৰ কেনেবাকৈ খং উঠি গেছ হ’বলৈ হ’লে তোমাৰো জুতি নোহোৱা হ’ব।তিতা-কেহাঁ সকলোকে পঠাই দিম।তেতিয়া গম পাবা!
: মোৰ লগত তুমি তেনেকুৱা কৰিব নোৱাৰা; মোৰ গাত অকণো দোষ নাই; মনৰ বাবেহে মই এইবোৰ জুতি ল’ব লগা হয়।
: মন কোন হয়?
: মোৰ এজন ভাল বন্ধু।আমি দুয়োটাই একেলগে থাকোঁ।সিহে এই মানুহ বোলা প্ৰাণীটোক নচোৱাই থাকে।এই মানুহবোলা প্ৰাণীটোৱে মনে যি খাবলৈ বিচাৰে তাকে আনি মোক খাবলৈ দিয়ে,গতিকে মোৰ গাত দোষ নাই; তুমি মনক ক’বা।
: মই ক’বলৈ নাযাও।দুয়োটাই যদি অতি সোনকালে নিজকে কণ্ট্ৰল নকৰ তেনেহ’লে মোৰ পৰিয়াল এটা এটাকৈ এদিন নোহোৱা হ’ব।মনত ৰাখিবা মই যদি ধ্বংস হওঁ,মোৰ লগতে তোমালোক দুয়োটাও ধ্বংস হ’বা।গতিকে আমি আটাইয়ে সাৱধান হোৱাটো অতি জৰুৰী হৈ পৰিছে নহলে উঠি অহা ডেকা-বুঢ়া সকলোৱে অতি সোনকালে যমৰ আলহী হ’ব লাগিব।গতিকে সাৱধান হ’লেহে আমি বাচি থাকিম।
*******