জীৱনৰ উশাহ -শেৱালি বৰুৱা শইকীয়া

মোৰ এসময়ৰ কলেজীয়া বান্ধৱী মেঘৰঞ্জনীক  কলাক্ষেত্ৰৰ এটা নৃত্যৰ অনুষ্ঠানত কালি হঠাতে মঞ্চত দেখা পাই মই অভিভূত হৈ পৰিছিলো।অনুষ্ঠানৰ শেষত  তাইক লগ পাবলৈ মই উদবাউল হৈ পৰিছিলো।

অনুষ্ঠানৰ শেষত গ্ৰীণ ৰুমত তাই কাপোৰ সলাই থাকোঁতেই মই গৈ পিছফালৰপৰা তাইৰ চকুযুৰি ঢাকি ধৰিছিলোঁ।তাই উমানতে মোৰ হাতখন স্পৰ্শ ধৰি মোক নিৰিবিলি বুলি সাৱটি ধৰিছিল।ইজনীয়ে সিজনীক তেনেকৈয়ে বহু সময়  সাৱটি ধৰি আছিলোঁ।

আমি নজনাকৈয়ে তাইৰ পুত্ৰ অভীকে আহি দুয়োৰে সেই অন্তৰংগ মুহূৰ্তক মোবাইলৰ কেমেৰাত আৱদ্ধ কৰি পেলাইছিল।

কলাক্ষেত্ৰত মেঘাক লগ পোৱা  কালিৰ দিনটোৰ সেই বিশেষ মুহূৰ্তটোৱে মোক জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ এটা পোহৰৰ বাট  দেখুৱাই দিছিল।

মেঘাই মোৰ আগত তাইৰ জীৱনৰ  জটিল সময়খিনিৰ কথা অলপো সংকোচ নকৰাকৈ কৈ গৈছিল।

“জাননে নিবি,মোৰ ডিম্বাশয়ত এটা টিউমাৰ 

হোৱাৰ পিছত চিকিৎসকে বাৰঘণ্টা সময় ধৰি এক জটিল অস্ত্ৰোপচাৰ কৰি টিউমাৰটো কাটি আনিছিল।তাৰ পিছতেই মোৰ দেহত কেঞ্চাৰৰ উপস্থিতিও ধৰা পৰিছিল।কেমোথেৰাপি লৈয়ো মই নৃত্যৰ অনুষ্ঠানবোৰ কৰি গৈছিলোঁ।কেঞ্চাৰে মোক ভাগৰুৱা কৰিব পৰা নাছিল,  মৃত্যুক ভাগৰুৱা কৰি জীৱনক নতুনকৈ উশাহবোৰ ল’বলৈ মইহে সুযোগ দিছিলো।”

মেঘাৰ কথাবোৰ শুনি থাকোঁতে মোৰ চকুপানীবোৰে বাধা নেমানি বৈ আহিছিল।মেঘাই আলফুলে মচি দিছিল।ইতিমধ্যে মোৰ গাড়ীৰ সময় হোৱাত মই এঘণ্টাৰ আগতেই কলাক্ষেত্ৰৰ পৰা অনিচ্ছা স্বত্বেও মেঘাক এৰি ওলাই আহিছিলোঁ।কিন্তু মেঘাই মোৰ পৰাও এটা নতুন সপোন বিচাৰিছিল।যিটো সপোনক মই যোৱা এঘাৰটা বছৰে কবৰ দিছিলোঁ।মই অহাৰ সময়ত তাইক প্ৰতিশ্ৰুতি দিছিলোঁ আৰু কৈছিলোঁ, “মেঘা তই বিচৰাৰ দৰেই জীৱনটোক  মই নতুনকৈ উদযাপন কৰিম।”

মেঘাই কৈছিল,”তোৰ নতুন  সপোনটোৰ আৰম্ভণি হোৱাৰ খবৰটো এখন চিঠিৰে মোক জনাবলৈ নেপাহৰিবি।সেই যে কলেজত পঢ়োঁতে বন্ধৰ দিনত ঘৰত থাকোঁতে ইজনীয়ে সিজনীলৈ লিখিছিলোঁ,ঠিক তেনেকুৱা এখন চিঠি…!”

 গুৱাহাটীৰ পৰা নৈশবাছেৰে আহি মই  আজি ৰাতিপুৱা যোৰহাট পালোঁহি।ঘৰ পায়েই অৰিন্দমক সাৱটি ধৰি খুব কান্দিলোঁ।

তেওঁ একো বুজি নাপাই মোক মাত্ৰ বুকুত সুমুৱাই ল’লে।মই বহু সময় ধৰি  কণমানি শিশু এটাৰ দৰে  কান্দিয়েই আছিলো।

তাৰ পিছত বাস্তৱৰ পৃথিৱীখনৰ সৈতে সহাৱস্থান কৰিবলৈ মই বহাৰ পৰা লাহে লাহে থিয় হ’লোঁ।মই গা ধুই  অহাৰ পিছতে অৰিন্দমে দুকাপ ফিকা চাহ বনাই আনি একাপ মোলৈ আগবঢ়াই দি নিজেও একাপ লৈ খাবলৈ আৰম্ভ কৰিলে।তেওঁ চাহত চুমুক দি মোক সুধিলে”আজি কিয় ইমানকৈ কান্দিলা নিবি?

এতিয়া ধীৰে-সুস্থিৰে মোক কথাবোৰ কোৱাচোন।”

“মই তোমাক সকলো ক’ম অনি।এতিয়া মই অলপ শুই লওঁ দেই।জানাই দেখোন মোৰ নৈশ বাছত  আহিলে টোপনি নাহে।”

“যোৱা শুই লোৱা।মই ভাত ৰান্ধিম বাৰু।আজি তোমাৰ পছন্দৰ সকলো বোৰ খাদ্য ৰান্ধিম।”

“মোৰ একো হোৱা নাই অনি।যোৱা দুদিন দাদাহঁতৰ তাত ভতিজা দুজনীৰ লগত বৰ আনন্দেৰে  সময়খিনি পাৰ কৰিলোঁ।মই তোমাক সকলো কথাই ক’ম।অলপ  মাত্ৰ ধৈৰ্য্য ধৰা।”

প্ৰায় দুঘণ্টামান শুই মই উঠি অহাৰ বাবে অনিয়ে আপত্তি কৰিলে।কিন্তু মোৰ কাৰণে দুঘণ্টাৰ টোপনিয়ে বহুত বেছি।ভাতৰ টেবুলত মোৰ প্ৰিয় ব্যঞ্জনবোৰ দেখি মনটো অজানিতে আৱেগিক হৈ পৰিল।ভিতৰি ভিতৰি মই  বেদনাহত হ’লোঁ।

 “ভৈৰৱীৰ মৃত্যুৰ পিছৰ পৰাই মই মোৰ প্ৰিয় মানুহজনৰ কথা ভাবিবলৈ একেবাৰে পাহৰিয়েই গৈছিলো।সকলোতে তেওঁক কেৱল নিৰাশ কৰি গৈছিলো। ভৈৰৱীবিহীন এঘাৰটা বছৰ কেনেকৈ পাৰ হৈ গৈছিল মই একো গমেই নাপালোঁ।মই স্বাৰ্থপৰ হৈ পৰিছিলোঁ।মই ভাবিছিলোঁ দুখবোৰ কেৱল মোৰহে,কিন্তু অনিও যে কষ্টত থাকে সেইকথা পাহৰিয়েই গৈছিলোঁ।ভাত কেইটা মই কাঁহীত এটাও নথকাকৈ খোৱা বাবে অনিয়ে মোক “ভাল ছোৱালী” বুলি কৈ টপককৈ গালত চুমা এটা খাই দিছিল।মই  আকৌ অনুতাপত দগ্ধ হৈছিলোঁ।অহৰ্নিশে মোক আৱৰি থকা মোৰ জীৱনৰ উশাহটোক মই কিয় বাৰু  অৱহেলা কৰিছিলোঁ?এতিয়াৰ পৰা মই জীৱনটোক প্ৰত্যাহ্বান জনাই আগুৱাই যাম।এই  মুহূৰ্তৰ পৰাই এজনী নতুন নিৰিবিলিৰ জন্ম হ’ব। “

 অনিক কথাবোৰ ক’বলৈ মই মনতে জুকিয়াই ল’লোঁ।ক’ৰ পৰা আৰম্ভ কৰিম বাৰু? ভৈৰৱী তৰাৰ দেশলৈ যোৱাৰ পৰা নে,মেঘাক লগ পোৱাৰ  পিছৰ পৰা?অনিয়ে বিচনাখনত মোৰ কাষতে বহি লৈ মোক  কথাবোৰ ক’বলৈ পুনৰ সাহস দিলে।

মই মনৰ জড়তা ভাঙি কথাবোৰ ক’বলৈ আৰম্ভ কৰিলোঁ।

“কালি মই কলাক্ষেত্ৰত মোৰ কলেজীয়া বান্ধৱী মেঘৰঞ্জনীক লগ পাইছিলোঁ।”

“মোৰ মেঘাৰ কথা মনত আছে নিবি।কাৰণ বিয়াৰ পিছত তুমি প্ৰায়েই তাইৰ কথা কৈছিলা।তাই অলপ দিন কথক নৃত্যৰ প্ৰশিক্ষণৰ বাবে কলিকতাত আছিলগৈ সেই কথাও তোমাৰ পৰাই গম পাইছিলো।  মেঘৰঞ্জনী বৰ্তমান কথক নৃত্যৰ এটা খুবেই চিনাকি নাম নহয় জানো নিবি?”

 “বৰ্তমান তাইৰ জীৱন পৰিক্ৰমা  নৃত্যতকৈও অনন্য।কালি মই নৃত্যৰ শেষত তাইক লগ পাইছিলোঁ।যোৱা মাহত তাইৰ ডিম্বাশয়ত  হোৱা টিউমাৰটোৰ অপাৰেচন হৈছিল।লগতে চিকিৎসকে তাইৰ শৰীৰত কেঞ্চাৰৰ উপস্থিতিও ধৰা পেলাইছিল।।কিন্তু এতিয়াও তাই নৃত্যক তাইৰ ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰি মৃত্যুক আওকাণ কৰি মঞ্চত নৃত্য প্ৰদৰ্শন কৰি আছে।

কেমোথেৰাপিৰ পিছত তাইৰ মূৰত এডালো চুলি নাই জানা অনি।কিন্তু অস্ত্ৰোপচাৰৰ পিছতে তাই পেটত ছয়ত্ৰিছটা চিলাই লৈও  মঞ্চত নৃত্য পৰিৱেশন কৰিছিল।বৰ্তমান মেঘা দুটা পুত্ৰ সন্তানৰ মাতৃ।তাইৰ স্বামী বিবেকৰ আজিৰ পৰা প্ৰায়  দহ বছৰৰ আগতেই এটা মটৰ দুৰ্ঘটনাত মৃত্যু হৈছিল।কিন্তু আনৰ অনুকম্পাৰ পাত্ৰী নোহোৱাকৈ দুটা সন্তানক তাই ডাঙৰ কৰি বিবেকৰ ব্যৱসায়বোৰৰ দায়িত্বও বৰ্তমান চম্ভালি আছে।মেঘাই মোক কালি নিশাটোতে অন্য এজনী নিৰিবিলি লৈ সলনি কৰি পঠিয়াইছে।মেঘাই মোক জীৱন কি নতুনকৈ  শিকাই দিলে।এতিয়াৰ পৰা ভৈৰৱীৰ স্মৃতিৰে আমি দুয়ো নতুনকৈ সপোনবোৰ গুঠিম।তোমাৰ কাষত এতিয়াৰ পৰা মই থিয় হৈ থাকিম অনি।”

অনিয়ে কথাবোৰ শুনি সেমেকা চকুযুৰিৰে মোৰ

কপালত এটা চুমা আঁকি দিছিল।মই কুৰুকি কুৰুকি অনিৰ বুকুৰ মাজত সোমাই পৰিছিলোঁ।

“অনি—!

“কোৱা সোণজনী!”

“মোক তুমি বেয়া পাই আছিলা নহয়নে?”

“ধেৎ আঁকৰী জনী,তোমাক মই কেতিয়াও বেয়া নাপাওঁ।এগৰাকী মাতৃৰ উজাগৰী নিশাৰ দুচকুত ওলমি থকা চকুপানীবোৰৰ কথা মোতকৈ বেছিকৈ কোনেও উপলব্ধি কৰিব নোৱাৰে নিবি।”

“মই যে তোমাৰ কথা ভাবিবলৈ পাহৰি গৈছিলো।কেৱল নিজেই দুখৰ খোলাটোত সোমাই পৰিছিলোঁ।”

“মই জানো নিবি তুমি মোক আজিও একেদৰেই ভাল পোৱা।মাত্ৰ সময়ে তোমাৰে বুকুখন আকুহি পেলাইছিল।যাৰ কাৰণে তুমি  নীৰৱতাক সাৱটি লৈছিলা।”

“এতিয়াৰ পৰা সেই নীৰৱ শব্দবোৰক মই তোমাৰ উশাহেৰে সজীৱ কৰিম।আমাৰ দুয়োৰে মৰমৰ কলিজা জনীৰ বাবে চকুপানীবোৰ সাহস হ’ব।”

 “এতিয়া চকুপানীবোৰ মচি পেলোৱা সোণজনী।আজি সন্ধিয়া দুয়ো পাৰ্কত গৈ অলপ সময় বহিমগৈ।মোৰ আগৰ ধুনীয়া নিবিজনী হৈ ওঁঠত লিপষ্টিক অকণমান লগাই  লৈ ওলাবা দেই।”

” ঠিক আছে অনি,তোমাৰ মতেই আজি মই সাজি -কাচি ওলাম দিয়া।তাৰ আগতে মই মেঘালৈ চিঠিখন লিখি লওঁ।তাইৰ চৰ্ত মতে মই চিঠিৰে তাইক মোৰ সিদ্ধান্ত জনাব লাগিব। তুমি চিঠিখন কাইলৈ অফিচলৈ যাওঁতে ডাকত দি আহিবা।”

“যোৱা তেন্তে।পলম নকৰিবা।”

 কলমটো  হাতত লওঁতে ভৈৰৱীৰ সৈতে পাৰ কৰা মধুৰ সান্নিধ্যৰ জীয়া মুহূৰ্তবোৰে মোক বাৰে বাৰে আমনি কৰিছিল।দুখৰ বৰষুণ জাকৰ বুকুৰ কুহুমীয়া ৰ’দজাকৰ সৈতে ভৰুণ হ’বলৈ,মোৰ প্ৰিয় মানুহজনৰ   সৈতে জীৱনৰ বাটত খোজ কাঢ়িবলৈ  মই সাজু হ’লোঁ। মেঘাৰ বাবে আজি মই তেজীমলাৰ দৰে শতদল হৈ পুনৰবাৰ জী উঠিলো।

মৰমৰ মেঘা,

মৰমবোৰ ল’বি।কালি তোক লগ পোৱাৰ পিছৰে পৰা মোৰো জীৱনৰ উশাহবোৰ দেখোন হঠাতে সলনি হৈ পৰিল।আচলতে জীৱনটোত কন্দাতকৈ হাঁহিবলৈ যে বেছিকৈ শিকিব লাগে সেই কথা তই মোক আকৌ এবাৰলৈ নতুনকৈ বুজাই দিলি।তোৰ দৃঢ়তাৰ সংগ্রামে মোক বৰকৈয়ে আকর্ষণ কৰিলে।সচাঁকৈয়ে তোৰ দৰে জীপাল অন্তৰৰ বান্ধৱী খুব কম মানুহৰ ভাগ্যতহে মিলে।এইবাৰ যোৰহাটত তই নৃত্য পৰিৱেশন কৰিবলৈ আহিলে মোৰ তাত থাকিব লাগিব।মই তোক তোৰ প্ৰিয়কবি খলিল জিব্রান আৰু জীৱনানন্দৰ কবিতা আবৃত্তি কৰি শুনাম।এতিয়াৰ পৰা  মোৰ স্থবিৰ হোৱা

কলমটোক মই শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিম।  ৰূপান্তৰৰ পথেৰে ভৈৰৱীৰ উশাহবোৰ বুকুত গুজি অৰিন্দমৰ কাষে কাষে আগুৱাই যাম।তোৰ দৰেই  ময়ো শিৰনত নকৰাকৈ জীয়াই থাকিব খোজোঁ মেঘা। তই আমাৰ ঘৰলৈ আহিলে দুয়োজনীয়ে গোটেই নিশা কথা পাতিম দেই।দুয়োজনীয়ে কলেজীয়া দিনবোৰৰ দৰেই  আকৌ এবাৰলৈ চঞ্চল হৈ খিলখিলাই হাঁহিম,ফুচফুচাই কথা পাতিম।কিমান যে ভাল লাগিব নহয়নে?আৱেগৰ কোলাত পাৰ উপচি পৰা শব্দবোৰ আজি দেখোন  মোৰ কলমেৰে নিগৰি ওলোৱা নাই।আচলতে  তোৰ আৰু অনিৰ কথাবোৰেৰে বুকুখন ভৰি আছে।। সেইকাৰণে চাগে আজি মোক মৌনতাই আৱৰি ধৰিছে।কলিজাত এসোঁতা গৰম তেজ বৈ আহিছে।তোক লগ নোপোৱা হ’লে চাগে মই এনেকৈয়ে—!আৰু একো নিলিখোঁ দে মেঘা।

তই কুশলে থাকিবি সদায়।

ইতি

 তোৰ মৰমৰ

“নিৰিবিলি”

Leave a Reply

Your email address will not be published. Required fields are marked *