টাইটানিক-অৰবিন্দ গোস্বামী
১৯৯৭ চনৰ ২ জুলাইত মুক্তি পোৱা ‘টাইটানিক’ চলচ্চিত্ৰৰ পটভূমি আছিল এক নিৰ্মম সত্য ঘটনাৰ ওপৰত আধাৰিত।কাহিনীৰ লিখক আছিল জেমছ কেমেৰন(Jaes Cameron)।ছবিখনৰ পৰিচালক, সহ-প্ৰযোজক আৰু সহ-সম্পাদকো আছিল জেমজ কেমেৰন।
প্ৰকৃততে আৰ.এম.এছ. টাইটানিক আছিল এখন বৃটিছ মানৱ পৰিবাহী জাহাজ।ইংলেণ্ডৰ চাউথ এম্পটনৰ পৰা নিউয়ৰ্ক চহৰলৈ ইয়াৰ প্ৰথম যাত্ৰা কৰাৰ সময়তে এটুকুৰা প্ৰকাণ্ড আইচবাৰ্গত খুন্দা মাৰি জাহাজখন উত্তৰ আটলাণ্টিক মহাসাগৰত ডুব গৈছিল।এই শোকাৱহ দুৰ্ঘটনাটো ঘটিছিল ১৯১২ চনৰ ১৫ এপ্ৰিল তাৰিখে।ইতিহাসপ্ৰসিদ্ধ এই অত্যন্ত শোকাৱহ দুৰ্ঘটনাটো ঘটাৰ সময়ত জাহাজত ২,২২৪ জন যাত্ৰী থকাৰ বিপৰীতে ১,৫০২ জন লোকৰ মৃত্যু হৈছিল।হোৱাইট ষ্টাৰ লাইনে পৰিচালনা কৰা অ’লিম্পিক ক্লাছ অ’চেন লাইনাৰ সমূহৰ ভিতৰত ই দ্বিতীয়খন জাহাজ আছিল।বেলফেষ্টৰ হাৰলেণ্ড এণ্ড ৱ’ল্ফ শ্বিপয়াৰ্ডত ইয়াৰ নিৰ্মাণ হৈছিল।
এই সত্য ঘটনাৰ সৈতে সামঞ্জস্য ৰক্ষা কৰি কিছু কাল্পনিক চৰিত্ৰ আৰু কাহিনীৰ সংযোজন ঘটাই জেমছ কেমেৰুণে টাইটানিক ছবিখন নিৰ্মান কৰিছিল।ছবিখনত লিঅ’নাৰ্ডো ডি কেপ্ৰিয়’ আৰু কেট উইন্সলেটে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।যদিও ইয়াৰ প্ৰেম কাহিনী আৰু কেন্দ্ৰীয় চৰিত্ৰ কাল্পনিক,কিছুমান পাৰ্শ্ব অংশ ঐতিহাসিক তথ্যৰ ওপৰত আধাৰিত।বোলছবিখনত বৃদ্ধা ৰ’জৰ চৰিত্ৰত অভিনয় কৰিছে গ্ল’ৰিয়া ষ্টুৱাৰ্টে,যি চলচ্চিত্ৰখনত টাইটানিক জাহাজখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সবিশেষ বৰ্ণনা কৰিছে।
সেই সময়ত বিশ্বৰ আটাইতকৈ ডাঙৰ বাজেটৰ ছবি আছিল টাইটানিক।চলচ্চিত্ৰখনৰ নিৰ্মানত প্ৰায় ২০ কোটি মাৰ্কিন ডলাৰ খৰচ হৈছিল।১৯৯৫ চনৰপৰা টাইটানিকৰ চিত্ৰগ্ৰহণ আৰম্ভ হয়।তেতিয়া জেমছ কেমেৰণে আটলাণ্টিক মহাসাগৰৰ তলিৰপৰা টাইটানিকৰ প্ৰকৃত ধ্বংসাৱশেষৰ ফটো তুলিবলৈ আৰম্ভ কৰে।ছবিৰ চিত্ৰগ্ৰহণৰ বাবে বাহা কেৰ্লিফ’ৰ্ণিয়াৰ প্লায়াছ দি ৰ’ছাৰিটোত পুনৰ নিৰ্মান কৰা হয় টাইটানিক জাহাজখন।ইয়াৰ উপৰিও কেমেৰনে স্কেল মডেলিং আৰু কম্পিউটাৰ এনিমেচনৰ সহায় লৈ টাইটানিক জাহাজখন ডুব যোৱাৰ দৃশ্যবোৰৰ চিত্ৰগ্ৰহণ কৰিছে।পেৰামাউণ্ট পিক্সচাৰ্ছ আৰু টুৱেণ্টিথ চেঞ্চুৰী ফক্সে যৌথভাৱে ছবিখনৰ বাবে বিত্তীয় সাহাৰ্য আগবঢ়াইছিল।
টাইটানিকৰ দুটা ডাঙৰ কৃতিত্ব হৈছে ১৪ টা অস্কাৰ বঁটাৰ ভিতৰত ১১ টা বঁটা লাভ কৰা আৰু সৰ্বকালৰ সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হোৱা।টাইটানিকৰ মুঠ উপাৰ্জন ২.১৮৭ মাৰ্কিন ডলাৰ।
চলচ্চিত্ৰখনৰ মূল কেইটামান চৰিত্ৰ আৰু ইয়াৰ বিপৰীতে থকা অভিনেতা-অভিনেত্ৰীসকলৰ নামৰ সবিশেষ তলত উল্লেখ কৰা হ’ল।
চৰিত্ৰ অভিনেতা/অভিনেত্ৰী
(১)জেক ডাৱচন________লিয়’নাৰ্ড’ ডি কেপ্ৰিয়’
(২)ৰ’জ ডাৱচন__________কেট ৱিণ্সলেট
(৩)ক্লেইডেন হাঁকলেই________বিলী জেন
(৪)থমাছ এণ্ড্ৰয়ুজ___________ভিক্টৰ গাৰ্ৱৰ
(৫)কেপ্তেইন এডৱাৰ্ড স্মিথ____ৱাৰ্ণাৰ্ড হিল
(৬)ব্ৰুক লৱেট_______________বিল পেক্সটন
(৭) মাৰ্গাৰেট ব্ৰাউন___________কেথী বেট্চ
(৬)ৰ’জ ডাৱচন (বৃদ্ধা)______গ্লৰিয়া ষ্টুৱাৰ্ট
ছবিখনৰ মূল কাহিনীভাগ:
ছলচ্চিত্ৰখনৰ আৰম্ভণিতে আমি দেখা পাওঁ যে এক উচ্চ প্ৰযুক্তিসম্পন্ন চাবমেৰিন,যি উত্তৰ আটলাণ্টিক মহাসাগৰৰ ৩,৮০০ মিটাৰ গভীৰতাত কিবা অনুসন্ধান কৰি আছে।চাবমেৰিনখনত আছিল ব্ৰুক লৱেট নামৰ এজন গুপ্তধন অনুসন্ধানকাৰী।তেতিয়াই তেওঁলোকৰ দৃষ্টি নিবদ্ধ হয় এখন বিশালকায় জাহাজৰ ভগ্নস্তূপৰ ওপৰত।এইখন কোনোধৰণৰ সাধাৰণ জাহাজ নাছিল।ই আছিল সেই সময়ৰ আটাইতকৈ বিশাল,শক্তিশালী আৰু উচ্চ প্ৰযুক্তিসম্পন্ন জাহাজ ‘টাইটানিক’।দৰাচলতে আজিৰপৰা ৮৪ বছৰ আগতে ১৯১২ চনৰ ১৫ এপ্ৰিল তাৰিখে টাইটানিক জাহাজখন দুৰ্ঘটনাগ্ৰস্ত হৈ মহাসাগৰৰ জলৰাশিত ডুব গৈছিল।এই জাহাজখনৰ লগতে ডুব গৈছিল এক অতি মূল্যবান হীৰা যাৰ নাম আছিল ‘দা হাৰ্ট অৱ দা অ’শ্যেন’।ব্ৰুক লৱেটে সেইদিনা এই হীৰাটুকুৰাৰ অনুসন্ধান কৰিবলৈকে নিজৰ টিমৰ সৈতে তালৈ গৈছিল।বহু সময় অনুসন্ধান কৰাৰ পাছত তেওঁলোকে এটা লকাৰ দেখা পালে।ব্ৰুক লৱেটে তেওঁৰ টিমৰ সৈতে লগলাগি লকাৰটো জাহাজৰ ডেকৰ ওপৰলৈ তুলি আনে।তেওঁলোক সকলোকে এই সফলতাৰ বাবে অত্যন্ত আনন্দিত হোৱা দেখা যায়।লকাৰটো খুলি কিন্তু তেওঁলোক নিৰাশ হয় কাৰণ লকাৰৰ ভিতৰত কিছুমান কাগজ-পত্ৰ আৰু এখন ড্ৰয়িং বুকহে আছিল।পাছত ভালদৰে নিৰীক্ষণ কৰি তেওঁলোকে ড্ৰয়িং বুকখনত এগৰাকী মহিলাৰ ছবি দেখা পায় যি ডিঙিত ‘হাৰ্ট অৱ দা অ’শ্যেন’ নামৰ হীৰাটুকুৰা পিন্ধি আছিল।ছবিখনৰ কাষতে লিখা আছিল ১৪ এপ্ৰিল,১৯১২….অৰ্থাৎ এই ছবিখন টাইটানিক জাহাজখন ডুব যোৱাৰ এদিনৰ আগতে অঁকা হৈছিল।ই এটা ডাঙৰ খবৰ হৈ পৰে আৰু পৃথিৱীৰ প্ৰায় সকলো টেলিভিশ্যনৰ বাতৰিৰ চেনেলত ইয়াক ‘ব্ৰেকিং নিউজ’ হিচাপে প্ৰকাশ কৰা হয়।
ইয়াৰ পাছত চলচ্চিত্ৰত দেখা পোৱা যায় এগৰাকী বৃদ্ধাক যি মাটিৰ বাচন বনাই আছিল।হঠাৎ টেলিভিশ্যনক প্ৰকাশ হৈ থকা এই বাতৰিৰ ওপৰত তেওঁৰ দৃষ্টি নিবদ্ধ হয়,য’ত ব্ৰুক লৱেটে নিজৰ অনুসন্ধান সম্পৰ্কে টেলিভিশ্যনত কৈ আছিল।বৃদ্ধাই নিজৰ নাতিয়েকক টেলিভিশ্যনৰ শব্দ বঢ়াই দিবলৈ কয় আৰু খুব মনোযোগেৰে বাতৰিটো চায় আৰু কয়….
: আচৰিত কথা।
আচলতে এই বৃদ্ধাগৰাকীৰ নাম আছিল ৰ’জ ডাৱচন। আৰু তেঁৱেই এই চলচ্চিত্ৰখনৰ নায়িকা।তাৰ পাছত তেওঁ নাতিনীয়েকক ব্ৰুক লৱেটলৈ ফোন লগাবলৈ কয়।বৃদ্ধাগৰাকীয়ে ব্ৰুক লৱেটক সুধিলে…..
: মিষ্টাৰ লৱেট,আপুনি কি ‘হাৰ্ট অৱ দা অশ্যেন’ নামৰ হীৰাৰ টুকুৰাটো পালেনেকি?
ব্ৰুক লৱেটে উত্তৰ দিলে…….
: নাই পোৱা মহাশয়া।কিন্তু আপুনি ক’ব পাৰিবনেকি যে ফটোখনৰ সেই মহিলাগৰাকী কোন আছিল?
ৰ’জে উত্তৰ দিলে……
: অ’….পাৰিম।সেই ছবিৰ মহিলাগৰাকী ময়েই।
ইয়াৰ পাছত দেখা যায় যে ব্ৰুক লৱেটৰ দলটোৱে হেলিকপ্তাৰ পঠাই বৃদ্ধা ৰ’জ আৰু নাতিনীয়েকক জাহাজৰ ডেকলৈ লৈ আহে।প্ৰথমতে ব্ৰুক লৱেটে বৃদ্ধাক দুই এটা প্ৰশ্ন কৰে এয়া নিশ্চিত কৰিবলৈ যে তেওঁ প্ৰকৃততে ছবিৰ সেই মহিলাগৰাকী হয়নে নহয়।নিশ্চিত হোৱাৰ পাছত লৱেটে বৃদ্ধাক টাইটানিক ডুব যোৱাৰ এটা 3-D ভিডিঅ’ দেখুৱায়।ভিডিঅ’টো চাই ৰ’জে কয়……
: এই ভিডিঅ’টোৱে সেই দুৰ্ঘটনাটোৰ বৰ্ণনা খুব সুন্দৰভাৱে কৰিছে কিন্তু মই আজিও সেই মনোবেদনাক সবলভাৱে অনুভৱ কৰোঁ,যি মনোবেদনা মই সেই সময়ত পাইছিলো।
তেতিয়া ব্ৰুক লৱেটে বিনম্ৰভাৱে প্ৰশ্ন কৰিলে……
: মহাশয়া,সেই কাহিনীটো আপুনি আমাক সম্পূৰ্ণকৈ ক’ব পাৰিব নেকি?
বৃদ্ধা ৰ’জ প্ৰকৃতিস্থ হয় আৰু টাইটানিক নামৰ বিশাল,শক্তিশালী আৰু উচ্চ প্ৰযুক্তিসম্পন্ন জাহাজখন ডুব যোৱাৰ কাহিনী বৰ্ণনা কৰে এইদৰে………
: আজিৰপৰা ৮৪ বছৰ আগেয়ে টাইটানিক নামৰ জাহাজখনক ‘স্বপ্নৰ জাহাজ’ বুলি কোৱা হৈছিল।
ইয়াৰ পাছতে চলচ্চিত্ৰৰ দৃশ্য ফ্লেচবেকলৈ গুচি যায়….
ইয়াৰ পাছত দেখা যায় ৮৪ বছৰ আগৰ সপ্তাদশী গাভৰু ৰ’জক,যি নিজৰ সভ্ৰান্ত পৰিয়ালটোৰ সৈতে জাহজখনত ভ্ৰমণ কৰিছিল।তেওঁৰ লগত আছিল তেওঁৰ মাতৃ আৰু তেওঁৰ ভাবী দৰা ক্লেইডেন হাঁকলেই।তেওঁলোক চাউথএম্পটনৰপৰা নিউয়ৰ্ক চহৰলৈ গৈ আছিল।জাহাজখনত তিনিটা বৰ্গৰ যাত্ৰী আছিল……..প্ৰথম বৰ্গ,দ্বিতীয় বৰ্গ আৰু তৃতীয় বৰ্গ।
প্ৰথম বৰ্গত সম্ভান্ত ব্যক্তি বা পৰিয়ালৰ লোকসকল আছিল।এই বৰ্গত বৃহৎ ব্যৱসায়ী,পুঁজিপতিসকলো আছিল।দ্বিতীয় বৰ্গত সৰু-সুৰা ব্যৱসায়-বাণিজ্য কৰা লোকসকল আৰু মধ্যবিত্ত শ্ৰেণীৰ যাত্ৰীসকল আছিল।তৃতীয় বৰ্গত যাত্ৰা কৰিছিল সাধাৰণ দুখীয়া শ্ৰেণীৰ লোকসকলে, যি প্ৰথম বা দ্বিতীয় বৰ্গৰ দামী টিকটসমূহ ক্ৰয় কৰিব নোৱাৰে।
ইয়াৰ পাছত দেখা যায় এই চলচ্চিত্ৰৰ নায়ক জেক ডাৱচনক,যি জুৱা খেলি আছিল আৰু জুৱাত জিকাজনে পাবলগীয়া আছিল টাইটানিকৰ টিকট।জেক ডাৱচনক ভাগ্যই লগ দিলে আৰু তেওঁ নিজৰ বন্ধুৰ সৈতে জাহাজৰ টিকট জুৱাত জিকে।তেতিয়া এজন ব্যক্তিয়ে তেওঁলোকক কয়………
: পাঁচ মিনিটৰ ভিতৰত জাহাজ বন্দৰৰ পৰা ৰাওনা হ’ব।
জেক আৰু বন্ধুজনে খৰধৰকৈ উৎফুল্লিত হৈ নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ লৈ জাহাজত উঠে।সেই সময়ত বন্দৰত যথেষ্ট ভিৰ আছিল কাৰণ স্বপ্নৰ জাহাজখন চাবলৈ সেইদিনা বহু মানুহে ভিৰ লগাইছিল আৰু এয়া অছিল টাইটানিকৰ প্ৰথম যাত্ৰা।
ইয়াৰ পাছত জাহাজৰ কেপ্তেইনসকল জাহাজৰ ওপৰভাগলৈ আহে আৰু জাহাজখন দ্ৰুতবেগেৰে চলাচলৈ নিৰ্দেশ দিয়ে আৰু জাহাজখন ২১ ন’টৰ দ্ৰুততম বেগত চলিবলৈ ধৰে।
ইয়াৰ পিচৰ দৃশ্যত ৰ’জক দেখা যায় যাৰ পেইণ্টিঙৰ ওপৰত খুব চখ আছিল আৰু জাহাজলৈও তেওঁ নিজৰ দুখনমান পেইণ্টিং লৈ আহিছিল।ৰ’জে সেই সময়ত নিজৰ পৰিয়ালৰ সৈতে সন্ধিয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ বহিছিল আৰু তাত জাহাজৰ অভিযন্তাৰ লগতে জাহাজৰ মালিকজনো উপস্থিত আছিল।ৰ’জৰ কিন্তু তেওঁলোকৰ ৰসবিহীন কথাবোৰ ভাল নালাগে আৰু তাই তাৰপৰা আঁতৰি জাহাজৰ ডেকলৈ গুচি আহে।তাতে জেকে তেওঁৰ বন্ধুজনৰ সৈতে কথা পাতি আছিল আৰু প্ৰথমবাৰৰ বাবে জেকে ৰ’জক দেখা পালে।ৰ’জ অনন্য সুন্দৰী আছিল আৰু সেয়ে জেকে ৰ’জৰপৰা দৃষ্টি আঁতৰাই আনিব পৰা নাছিল।তেতিয়া ৰ’জৰ ওচৰলৈ ভাবী দৰা ক্লেইডেন আহে আৰু ৰ’জক পুনৰ ভিতৰলৈ আহিবলৈ কয়।ৰ’জ ক্লেইডেনৰ সৈতে আঁতৰি যায়।তেতিয়া জেকৰ বন্ধুজনে জেকক কয়…….
: তাই সম্ভ্ৰান্ত ঘৰৰ হীৰা।তাইক পোৱাৰ সপোন নেদেখিবা।তাইক তুমি কেতিয়াও পাব নোৱাৰা।
ইয়াৰ পিচৰ দৃশ্যত ৰাতিৰ খোৱাৰ টেবুলত ৰ’জক দেখা যায়।ৰ’জক সেই সময়ত তাইৰ মাকৰ কথাবোৰে আমনি কৰি আছিল।
: সম্ভ্ৰান্ত ঘৰৰ মানুহ সম্ভ্ৰান্ত আদৱ-কায়দাৰে থাকিব লাগে।তেওঁলোক সদায় পাৰ্টিলৈ যাব লাগে,সঙ্গীত শুনিব লাগে,দামী দামী কাপোৰ পিন্ধিব লাগে আৰু মানুহৰ লগত সম্ভ্ৰান্তৰ দৰে কথা পাতিব লাগে।
কিন্তু এইবোেৰ কৰি কৰি ৰ’জে নিজৰ জীৱনটো নিজৰ ধৰণেৰে স্বাধীনভাৱে উপভোগ কৰিবলৈ পাহৰি গৈছিল আৰু হঠাৎ কিবা এটা চিন্তা কৰি তাই টেবুলৰপৰা উঠি দৌৰ মাৰি অকৌ জাহাজৰ ওপৰিভাগলৈ আহিল।আচলতে তাই নিজৰ জীৱনক লৈ অতীষ্ঠ হৈ পৰিছিল।জীৱনত স্বাধীনতা নাথাকিলে জীয়াই থাকিনো লাভ কি!সেয়ে তাই জাহাজৰপৰা সমুদ্ৰৰ জলৰাশিত জঁপিয়াই আত্মহত্যা কৰিবলৈ উদ্যত হ’ল।সেই সময়তে জেকে পিচফালৰপৰা আহি ৰ’জক পানীত জঁপিয়াবলৈ মানা কৰে।ৰ’জে চিঞৰি অচিনাকি জেকক কয়……..
: মোৰ ওচৰলৈ নাহিবা,মই ইয়াৰপৰা পানীত জঁপিয়াই দিম।
প্ৰত্যুত্তৰত জেকে কয়…….
: তুমি পানীত জঁপিয়ালে ময়ো পানীত জঁপিয়াব লাগিব….তোমাক বচাবলৈ।
ৰ’জে কয়…….
: ইমান ওপৰৰপৰা জঁপিয়ালে তুমি নাবাচিবা।
জেকে কয়…..
: মই সাঁতুৰিব জানো কিন্তু মোৰ এইটো ভাবিহে ভয় লাগিছে যে পানীখিনি বৰ ঠাণ্ডা।
এই কথা শুনি ৰ’জৰ ভয় লাগে আৰু তাই জেকক প্ৰশ্ন কৰে……
: কিমান ঠাণ্ডা হব পাৰে পানী?
জেকে উত্তৰ দিয়ে………
: বৰফতকৈও ঠাণ্ডা।ইমান ঠাণ্ডা যে সেই ঠাণ্ডাত মানুহৰ প্ৰাণবায়ু উৰি যাব।আৰু তুমি মোকতো নিশ্চয় মাৰিব নিবিচাৰিবা!
এইবাৰ জেকে ৰ’জৰফালে নিজৰ হাতখন আগবঢ়াই দিয়ে।অলপ চিন্তা কৰি ৰ’জে জেকৰ হাতৰ ওপৰত নিজৰ হাতখন থয়।কিন্তু জেকে ৰ’জক ওপৰলৈ তুলিবলৈ চেষ্টা কৰোতেই ৰ’জৰ ভৰি এখন পিচল খাই যায় আৰু তাই কোনোমতেহে জেকৰ হাতখনত খামুচি ধৰি ওলমি ৰয়।ভয়ত ৰ’জে চিঞৰিবলৈ ধৰে কিন্তু জেকে বৰ কষ্টৰে তাইক ওৰৰলৈ তুলি আনে আৰু দুয়ো জাহাজৰ ডেকৰ ওপৰত ওপৰা-ওপৰিকৈ বাগৰি পৰে।ইতিমধ্যে ৰ’জৰ চিঞৰ শুনি জাহাজৰ সুৰক্ষাকৰ্মীসকল দৌৰি আহি জেক আৰু ৰ’জক সেই অৱস্থাত দেখা পাই ভাবিলে যে জেকে নিশ্চয় ৰ’জৰ সৈতে কিবা অপকৰ্ম কৰাৰ চেষ্টা কৰিছে।সেয়ে তেওঁলোকে জেকক হাতকেৰেয়া লগাই বন্দী কৰে আৰু ক্লেইডেনক মাতি আনে।
ৰ’জে ক্লেইডেনক কয়……..
: ক্লেইডেন!এওঁ মোৰ সৈতে কোনো অপকৰ্ম কৰাৰ চেষ্টা কৰা নাই।দৰাচলতে মইহে জাহাজৰ ৰেলিঙত উঠি জাহাজৰ ‘প্ৰপেলৰ'(জাহাজৰ তলৰ অংশত লগোৱা এবিধ উপকৰণ,যি ঘূৰি থাকি পানী অপসাৰণ কৰি জাহাজখনক গতি প্ৰদান কৰাত সহায় কৰে)চাবলৈ প্ৰয়াস কৰিছিলো আৰু সেই সময়তে মোৰ ভৰি পিচল খায়।কিন্তু যথাসময়ত এওঁ আহি মোৰ প্ৰাণৰক্ষা কৰিলে।
ৰ’জৰ স্বীকাৰোক্তি শুনি সুৰক্ষাকৰ্মীসকলে জেকৰ প্ৰশংসা কৰে।
ক্লেইডেনে সুৰক্ষা কৰ্মীকেইজনক কয়…….
: এওঁক ৰ’জৰ প্ৰাণৰক্ষা কৰা বাবে ২০ টকা দি দিবা।
ৰ’জে কয়…….
: মোৰ প্ৰাণৰক্ষা কৰাৰ মূল্য মাত্ৰ ২০ টকা?কি মোৰ জীৱন ইমান সস্তীয়া নে?
কথা বেয়ালৈ ঢাল খোৱা দেখি ক্লেইডেনে জেকক উদ্দেশ্যি ক’লে…..
: তেন্তে তুমি কাইলৈ সন্ধিয়াৰ ভাতসাজ আমাৰ লগতে খাবাহি।
ইয়াৰ পিচৰ দৃশ্যত ৰ’জক নিজৰ কোঠাত দেখুওৱা হয়।ক্লেইডেন সেই সময়তে ৰ’জৰ কোঠালৈ সোমাই আহে আৰু হীৰাৰ নেকলেচ এডাল ৰ’জৰ ডিঙিত পিন্ধাই দি কয়……
: ইয়াৰ নাম ‘হাৰ্ট অৱ দা অশ্যেন’।ইয়াক কেৱল সম্ভান্ত ঘৰৰ মানুহেহে পৰিধান কৰিব পাৰে।
পিছদিনা ৰ’জে জেকক লগ পায় আৰু কয়……
: মই তোমাক ধন্যবাদ জনাবলৈ আহিছো।
জেকে কয়……
: এনেকুৱানো কি হৈছিল যে তুমি আত্মহত্যা কৰিবলৈ ওলাইছিলা?
তেতিয়া ৰ’জে নিজৰ হাতখন আগবঢ়াই দি হাতত পিন্ধি থকা আঙুঠি এটা দেখুৱাই কয়…….
: মোক সমন্ধৰে বন্ধা হৈছো।নিজৰ অনিচ্ছাস্বত্বেও মই বিবাহ বন্ধনত আবদ্ধ হ’ব লাগিব,নিজৰ ইচ্ছা অবিহনেই মই এই সম্ভ্ৰান্ত জীৱন জীয়াই থাকিবলগীয়া হৈছে।
জেকে ৰ’জক সোধে……
: তুমি তেওঁক ভাল পোৱানে?
ৰ’জে ইয়াৰ একো উত্তৰ নিদিয়ে।আচলতে ৰ’জৰ মনটো সেইদিনা অলপ ভাল লাগিছিল আৰু সেয়ে তাই জেকৰ হাতখন অলপ সময় ধৰিয়েই থাকে।এনেতে তাই জেকৰ হাতত চিত্ৰাংকনৰ ছবি এখন দেখা পায়।তাই জেকৰ হাতৰপৰা চিত্ৰাংকনৰ বহীখন লয় আৰু তাৰ পাত লুটিয়াই জেকক প্ৰশ্ন কৰে………
: তুমি চিত্ৰশিল্পী নেকি?
ৰ’জে জেকে অঁকা চিত্ৰবোৰ চায় আৰু জেকক ছবিবোৰৰ বিষয়ে বিভিন্ন প্ৰশ্ন সুধিবলৈ ধৰে।জেকে ৰ’জক নিজৰ ছবিৰ কাহিনী ক’বলৈ আৰম্ভ কৰে।এইদৰে দুয়োৱে কথা পাতি থাকোতেই প্ৰায় সন্ধিয়া হয়।সেই সময়তে ৰ’জৰ মাক নিজৰ এগৰাকী বান্ধবীৰ সৈতে সেই স্থানত উপস্থিত হয়।ৰ’জে মাকক জেকৰ সৈতে চিনাকি কৰাই দিয়ে।কিন্তু ৰ’জৰ মাকে জেকক লগ পাই অলপো ভাল নাপায় কাৰণ ৰ’জৰ মাকৰ দৃষ্টিত জেক এজন তলৰ শ্ৰেণীৰ মানুহ।মাকৰ এই ভাৱৰ উমান পাই ৰ’জে মাকক তাৰপৰা আঁতৰাই নিয়ে।ৰ’জৰ মাকৰ বান্ধৱী মাৰ্গাৰেট ব্ৰাউনে জেকক প্ৰশ্ন কৰে…….
: আজি ৰাতি তুমি কি পিন্ধিবা?
জেকে নিজৰ কাপোৰযোৰৰ ফালে দেখুৱাই কয়…..
: এয়াই পিন্ধিম,আৰুনো কি পিন্ধিম।
মিচেচ ব্ৰাউনে জেকক নিজৰ লগত লৈ আহে আৰু সুন্দৰ কাপোৰ এযোৰ পিন্ধাই কয়………
: এইযোৰ কাপোৰ মই মোৰ ল’ৰাৰ বাবে বনাইছিলো আৰু তুমিতো মোৰ ল’ৰাৰ নিচিনাই।
ইয়াৰ পিচত জেক সাজি-কাচি সুন্দৰকৈ আগদিনাৰ ক্লেইডেনৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ পাৰ্টিত উপস্থিত হ’ল।
ডিনাৰ টেবুলত ক্লেইডেন আৰু ৰ’জৰ মাকে জেকক অপমানিত কৰিবলৈ সাজু হৈয়ে আছিল।
ক্লেইডেনে সকলোৰে সন্মুখত জেকক কয়……
: মিষ্টাৰ ডাৱচন তৃতীয় বৰ্গৰপৰা আহিছে।এওঁৰ না কিবা বেপাৰ আছে না থকাৰ ঠিকনা।
ইয়াৰ প্ৰত্যুত্তৰত জেকে কয়…….
: কালিলৈকে মই ফুটপাথত আছিলো আৰু আজি আপোনালোকৰ লগত বহি চেম্পেইন পান কৰি আছো।এই জীৱনে যিকোনো সময়তে গতি সলাব পাৰে।সেয়ে আমি জীৱনৰ প্ৰত্যেকটো ক্ষণ উপভোগ কৰি জীয়াই থাকিব লাগে।প্ৰত্যেকটো ক্ষণৰ মহত্বক উপলব্ধি কৰিব লাগে,যিখিনি আমাক জীৱনে দিছে।
জেকৰ এই কথাখিনি শুনি তাত থকা সকলো আনন্দিত হৈ পৰে।ইয়াৰ পাছত জেক যাবলৈ লয় আৰু ৰ’জৰ হাতত এটুকুৰা কাগজ দি যায়।কাগজটুকুৰাত লিখা আছিল……..
: মোক ন বজাত ঘড়ীৰ ওচৰত লগ কৰিবা।
(জাহাজৰ এটা স্থানত এটা প্ৰকাণ্ড ঘড়ী ওলোমাই ৰখা হৈছিল)
ঠিক ন বজাত ৰ’জে জেকক ঘড়ীৰ ওচৰত লগ কৰিবলৈ গৈ জেকক দেখা পায়।
জেকে ৰ’জক কয়……
: আচল পাৰ্টিলৈ যাবা নেকি?
ইয়াৰ পাছতে দেখা যায় যে দুয়ো তৃতীয় বৰ্গৰ যাত্ৰীসকলৰ পাৰ্টিলৈ যায় আৰু তাত খুব আনন্দ-উপভোগ কৰে।তেওঁলোকে সুৰাপান কৰে,নাচে।
কিন্তু ক্লেইডেনৰ এজন মানুহে তেওঁলোকক দেখা পায়।
তেওঁ গৈ সমস্ত ঘটনা ক্লেইডেনক বিৱৰি কয়।ইয়াৰ পাছত দেখা যায় যে ক্লেইডেনে ৰ’জৰ এনে কাণ্ডৰ বাবে অত্যন্ত খং কৰি ৰ’জক গালি পাৰে।
সন্ধিয়া ৰ’জৰ মাক ৰ’জৰ ওচৰলৈ আহি কয়…….
: ৰ’জ!আমি দিনক-দিনে দুখীয়া হৈ যাবলৈ ধৰিছো।আমাৰ অকল নামটোহে আছেগৈ।তুমি যদি ক্লেইডেনৰ সৈতে বিয়া নোহোৱা তেন্তে আমি একেবাৰে শেষ হৈ যাম।
মাকৰ এই কথা শুনি ৰ’জে মাকক কয়……
: কেৱল ময়ে কিয় ত্যাগ কৰিব লাগে।তুমি বৰ স্বাৰ্থপৰ।
তুমি নিজৰ নামৰ বাবে মোৰ জীৱন ধ্বংস কৰিছা।
মাকে ৰ’জক প্ৰত্যুত্তৰ দিয়ে…….
: তুমিওতো বহুত স্বাৰ্থপৰ,কাৰণ তুমি মোৰ বিষয়ে একো চিন্তাই নকৰা।
এইদৰে তৰ্ক -বিতৰ্ক কৰাৰ শেষত ৰ’জে মাকৰ কথা মানি লয় আৰু ক্লেইডেনৰ সৈতে বিবাহত বহিবলৈ সন্মতি প্ৰকাশ কৰে।
পিচদিনা জেকে ৰ’জক লগ কৰিবলৈ প্ৰথম বৰ্গৰ চেম্বাৰলৈ যায় কিন্তু সুৰক্ষাকৰ্মীসকলে তেওঁক তাত সোমোৱাৰ অনুমতি নিদিলে আৰু তাৰপৰা বাহিৰ কৰি দিয়ে।
ইয়াৰ পিচৰ দৃশ্যত দেখা যায় যে কেপ্তেইন স্মিথ থ’মাছৰ সৈতে জাহাজৰ ওপৰিভাগত থিয় হৈ আছে।সেই সময়তে জাহাজৰ এজন ক্ৰু মেম্বাৰ আহি কেপ্তেইনক আইচবাৰ্গৰপৰা হ’বপৰা সাম্ভাব্য দুৰ্ঘটনাৰ এক সতৰ্কবাণী দি যায়।এই কথা শুনি ৰ’জৰ অলপ চিন্তা হয়।
ৰ’জক চিন্তা কৰা দেখি কেপ্তেইন স্মিথে কয়…….
: এনে বতৰত বৰফ থকাটো সৰ্বসাধাৰণ কথা।সকলো ঠিকেই আছে,আপুনি চিন্তা নকৰিব।
ইয়াৰ পাছৰ দৃশ্যত ৰ’জে থমাছৰ সৈতে জাহাজত কথা পাতি খোজকাঢ়ি আছিল আৰু এনেতে জেক পিচফালৰপৰা আহি ৰ’জক আঁতৰাই আনে।সুবিধা বুজি জেকে ৰ’জক নিজৰ মনৰ সকলো কথা খুলি কয় কিন্তু ৰ’জে জেকৰ কথা আওকান কৰি আঁতৰি যায়।
সন্ধিয়া জেক অত্যন্ত দুখী মনেৰে জাহাজৰ একেবাৰে সন্মুখভাগত থিয় হৈ থাকে।এনেতে ৰ’জ পিছফালৰপৰা নিঃশব্দে আহে জেকক কয়………
: জেক!মই মোৰ সিদ্ধান্ত সলনি কৰিছো।
এই কথা শুনি জেক অত্যন্ত আনন্দিত হয় আৰু ৰ’জক হাতত ধৰি জাহাজৰ সন্মুখভাগলৈ লৈ আহে।জেকে ৰ’জক চকু বন্ধ কৰিবলৈ কৈ তাইক জাহাজৰ ৰেলিঙৰ ওপৰলৈ লৈ আহে।এইবাৰ জেকে ৰ’জৰ কঁকালত ধৰি তাইক হাত দুখন মেলি দিবলৈ কয়।দুয়ো হাত প্ৰসাৰিত কৰি যেতিয়া ৰ’জে চকু মেলি দিয়ে তেতিয়া বিশাল সমুদ্ৰৰ জলৰাশিৰ অতুলনীয় সুন্দৰতাত মুগ্ধ হৈ পৰে আৰু চিঞৰি উঠে……..
: জেক!!মই উৰিবলৈ আৰম্ভ কৰিছো।
চলচ্চিত্ৰখনৰ এই দৃশ্য অত্যন্ত মনোৰম।এই চলচ্চিত্ৰখন চোৱা অথবা নোচোৱাসকলেৱেও এই সুন্দৰ দৃশ্য নিশ্চয় প্ৰত্যক্ষ কৰিছে।
ইয়াৰ পাছত ৰ’জে জেকক নিজে পেইণ্টিং থকা কোঠালৈ লৈ যায়।জেকে ৰ’জৰ পেইণ্টিংবোৰ দেখি অত্যন্ত আনন্দিত হৈ পৰে।তেতিয়া ৰ’জে জেকক ‘হাৰ্ট অৱ দা অশ্যেন’ নামৰ হীৰাৰ নেকলেচডাল দেখুৱায় আৰু কয়………
: মোৰো নিজৰ এখন পেইণ্টিং বনাব লাগে,এই নেকলেচডালৰ সৈতে।
জেকে কয়……
: ঠিক আছে।নেকলেচ পিন্ধাৰ বাবে একো সমস্যা নহয়।
ৰ’জে কয়……
: মই একমাত্ৰ নেকলেচডাল পিন্ধিহে ছবিখন অঁকাব বিচাৰিছো।
এই কথা শুনি জেকে কিছু লাজ পায় যদিও ৰ’জৰ পেইণ্টিং বনাবলৈ ৰাজী হয়।
পেইণ্টিং সম্পূৰ্ণ কৰি জেকে পেইণ্টিঙৰ তলত সেইদিনাৰ তাৰিখটো লিখে—-১৪ এপ্ৰিল ১৯১২।
ইয়াৰ পাছত ৰ’জে নেকলেচডাল খুলি জেকক দি কয়….
:এইডাল পুনৰ লকাৰত ৰাখি দিয়া।জেকে নেকলেচডাল লকাৰত থয় আৰু ভুলতে পেইণ্টিংখনো তাতে থৈ আহে।সেই সময়তে তালৈ কোনোবা অহাৰ উমান পাই ৰ’জে জেকক লৈ তাৰপৰা আঁতৰি যায়।তালৈ সেই সময়ত ক্লেইডেনৰ মানুহ এজন আহিছিল আৰু দুয়ো সেই মানুহজনৰপৰা পলাবলৈ চেষ্টা কৰে।
ইয়াৰ পাছৰ দৃশ্যত দেখা যায় কেপ্তেইন স্মিথক।জাহাজৰ এজন ক্ৰু মেম্বাৰে তেওঁক জাহাজৰ বেগ কমাবলৈ পৰামৰ্শ দি কয়——-
: মহাশয়,যেতিয়া সমুদ্ৰৰ ঢৌ শান্ত হয়,তেতিয়া ই আইচবাৰ্গত খুন্দিয়াই ঘূৰি নাহে।যাৰ বাবে আইচবাৰ্গৰ সঠিক দূৰত্বৰ অনুমান কৰাটো অলপ কঠিন হ’ব।
কিন্তু কেপ্তেইন স্মিথে তেওঁৰ কথাত কোনো গুৰুত্ব নিদিলে আৰু জাহাজৰ বেগ অপৰিবৰ্তিত ৰাখিবলৈ কয়।
ইয়াৰ পাছতে জাহাজৰ একেবাৰে ওপৰিভাগত থকা সুৰক্ষাকৰ্মীসকলে কিছু দূৰৈত এটা সুবিশাল আইচবাৰ্গ দেখা পায় আৰু ভয়তে বিপদঘণ্টা বজাই উচ্চপস্থ অধিকাৰীসকলক অৱগত কৰে।এই খবৰ শুনাৰ লগে লগে সকলো বিষয়াই জাহাজক অন্য দিশত ঘূৰাবলৈ চেষ্টা কৰে আৰু জাহাজৰ বেগ কমাই দিয়ে।কিন্তু অতিমাত্ৰা বেগত আহি থকা বাবে জাহাজ সম্পূৰ্ণৰূপে অন্যদিশলৈ ঘূৰাত ব্যৰ্থ হয় আৰু জাহাজৰ সৰু এটা অংশই আইচবাৰ্গত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।
ইয়াৰ ফলত জাহাজৰ তলৰ অংশলৈ প্ৰচণ্ড বেগেৰে পানী সোমাই আহে আৰু এই দৃশ্য ৰ’জ আৰু জেকে নিজে চকুৰে প্ৰত্যক্ষ কৰে।প্ৰচণ্ড বেগেৰে জাহাজৰ তলৰভাগলৈ সোমাই অহা পানীয়ে তলত কাম কৰি থকা লোকসকলক প্ৰায় উটুৱাই নিয়াৰ দৰে হয় আৰু তেওঁলোকে তাৰপৰা দৌৰি,সাঁতুৰি পলায়নৰ চেষ্টা কৰে।
জাহাজৰ কেপ্তেইনে জাহাজৰ সেই পানী সোমোৱা অংশ অনতিপলমে বন্ধ কৰাৰ নিৰ্দেশ দিয়ে যাৰ বাবে কিছুমান মানুহ তাতে আবদ্ধ হৈ ৰয় আৰু মানুহৰ মৰণকাতৰ চিঞৰ শুনিবলৈ পোৱা যায়।ইয়াৰ পাছত লাহে লাহে প্ৰথম শ্ৰেণীৰ কেবিনতো পানী সোমাবলৈ ধৰে আৰু সকলো যাত্ৰী আতংকিত হৈ পলাবলৈ ধৰে।
ইয়াৰ পাছত জেক আৰু ৰ’জে তেওঁলোক ভ্ৰমণ কৰা জাহাজখন যে আইচবাৰ্গত খুন্দা খাই জাহাজলৈ পানী সোমাই আহিছে,এই কথা অৱগত কৰিবলৈ ক্লেইডেনৰ ওচৰলৈ যায়।সেই সময়তে ক্লেইডেনৰ এজন মানুহে জেকৰ জেপত ‘হাৰ্ট অৱ দা অশ্যেন’ নামৰ নেকলেচডাল মনে মনে সুমুৱাই দিয়ে।যেতিয়া জেক আৰু ৰ’জ ক্লেইডেনৰ ওচৰ পালেগৈ ক্লেইডেনৰ নিৰ্দেশত তেওঁৰ মানুহে জেকৰ তালাচী লয় আৰু জেকৰ জেপত নেকলেচডাল পায় ।ক্লেইডেনে তেতিয়া জাহাজৰ সুৰক্ষাকৰ্মীক মাতি আনি চুৰিৰ অপৰাধত জেকক গ্ৰেপ্তাৰ কৰোৱায়।জেকে ৰ’জক কয়…….
: ৰ’জ!মই এনে কাম কৰা নাই।তুমিতো মোৰ কথা জানা!
এয়া ক্লেইডেনৰ ষড়যন্ত্ৰ।
কিন্তু জেকৰ কথা কোনেও নুশুনে আৰু এজন পুলিচ বিষয়াই জেকক লগত লৈ গৈ এডাল পাইপত হাতকেৰেয়াডালৰ সৈতে বান্ধি থয়।
পিচৰ দৃশ্যত থমাছ এণ্ড্ৰিউজক কেপ্তেইনৰ সৈতে আলোচনাৰ বাবে মিলিত হোৱা দেখা যায়।এণ্ড্ৰিউজে কয় যে তেওঁলোকৰ হাতত মাত্ৰ এঘণ্টাহে আছে।এঘণ্টাৰ ভিতৰতে টাইটানিক জাহাজখন সম্পূৰ্ণভাৱে পানীত ডুব যাব।এই কথা শুনি সকলোৱে অত্যন্ত ভয় খায়।
ইয়াৰ পাছতে ক্লেইডেনক দেখা যায় যি ৰ’জক খুব বেয়া ব্যৱহাৰ কৰি গালি পাৰে আৰু এটা চৰ শোধায়।তেনেতে জাহাজৰ এজন ক্ৰু মেম্বাৰ আহে আৰু অনতিপলমে তেওঁলোকক লাইফ জেকেট পিন্ধি বাহিৰলৈ আহিবলৈ কয়।দৰাচলতে সেই সময়ত জাহাজৰ সকলোকে লাইফ জেকেটৰ যোগান ধৰা হয় কিন্তু কাকো এক ঘণ্টাৰ ভিতৰত জাহাজখন ডুব যাব বুলি খবৰ দিয়া নহয়।
ইয়াৰ পাছত জাহাজৰ ক্ৰু মেম্বাৰসকলে প্ৰথম শ্ৰেণীৰ যাত্ৰীসকলক বাহিৰলৈ উলিয়াই আনে কিন্তু তৃতীয় শ্ৰেণীৰ যাত্ৰীসকলক গেট বন্ধ কৰি বাহিৰলৈ ওলাই অহাত বাধা দিয়া হয়।
ইয়াৰ পাছতে এণ্ড্ৰিউজক দেখা যায় যি টাইটানিক জাহাজখনৰ নিৰ্মাতা আছিল।তেওঁক খুব উদাস দেখা গৈছিল।সেই সময়তে ৰ’জে এণ্ড্ৰিউজক আহি প্ৰশ্ন কৰে….
: মই আমাৰ জাহাজখনে আইচবাৰ্গত খুন্দা মৰাৰ দৃশ্য দেখিছো আৰু এতিয়া দেখিছো আপুনিও বৰ উদাস।আচলতে কথাটো কি?
এণ্ড্ৰিউজে ৰ’জক উত্তৰ দিয়ে…….
: ৰ’জ!এই জাহাজখন এক ঘণ্টাৰ ভিতৰতে সম্পূৰ্ণভাৱে সমুদ্ৰত ডুব যাব।তুমি সোনকালে লাইফ ব’টলৈ যোৱা।
এই খবৰ শুনি ৰ’জ আৰু ক্লেইডেনৰ যেন ভৰিৰ তলৰ মাটি খহি পৰে।
ইয়াৰ পাছতে দেখা যায় যে প্ৰথম বৰ্গৰ যাত্ৰীসকলক সুৰক্ষিতভাৱে জাহাজৰপৰা লাইফ ব’টত অৱতৰণ কৰোৱা হয় কিন্তু তৃতীয় বৰ্গৰ যাত্ৰীসকললৰ গেটখন খুলি দিয়া নহয়।ইয়াৰ পিছতে ৰ’জ আৰু ক্লেইডেনৰ লাইফ ব’টলৈ যোৱাৰ পাল পৰে।কথাপ্ৰসঙ্গত ক্লেইডেনে জেকক লৈ আপত্তিজনক মন্তব্য কৰে আৰু ইয়াকে লৈ
দুয়োৰে মাজত কথাৰ কটাকটি হয়।ক্লেইডেনে ৰ’জক পুনৰ বেয়া ব্যৱহাৰ কৰে।ক্লেইডেনৰ কথাবোৰ শুনি ৰ’জে অনুমান কৰিব পাৰিলে যে ‘হাৰ্ট অৱ দা অশ্যেন’ জেকে চুৰ কৰা নাছিল,বৰঞ্চ এয়া ক্লেইডেনৰহে ষড়যন্ত্ৰ।কথাখিনি বুজি পাই ৰ’জ তাৰপৰা দৌৰি পলাই জেকক বচাবলৈ যায়।ৰ’জে বৰ কষ্টৰে পানীৰ মাজত আবদ্ধ জেকক বিচাৰি উলিয়ায়।অৰ্ধাংশ পানীত ডুব যোৱা জেক তেতিয়াও পাইপটোতে হাতকেৰেয়াৰ সৈতে বন্দী হৈ আছিল।ৰ’জক দেখি জেক আনন্দিত হয়।জেকে ৰ’জক হাতকেৰেয়াৰ চাবিপাত বিচাৰিবলৈ কয়।ৰ’জে কিছু চেষ্টা কৰি ব্যৰ্থ হয় কাৰণ ঠাইখিনি লাহে লাহে পানীত ডুব যোৱা বাবে চাবি বিচৰাটো সম্ভৱ নাছিল।ৰ’জ বাহিৰলৈ ওলাই যায় আৰু হাতকেৰেয়াপাত খোলাৰ বাবে কিবা বিচাৰে যদিও একো নাপাই নিৰাশ হৈ পৰে।এনে সময়তে ৰ’জে এখন কুঠাৰ দেখা পায় আৰু সেইখন আনি জেকৰ হাতকেৰেয়াডাল ভাঙি জেকক মুক্ত কৰে।তেওঁলোক দুয়ো তাৰপৰা ওলাই যোৱাৰ প্ৰয়াস কৰে কাৰণ ইতিমধ্যে পানী আগতকৈ বেছিকৈ সোমাবলৈ আৰম্ভ কৰিছিল।তাৰপৰা যিকোনোপ্ৰকাৰে ওলাই দুয়ো তৃতীয় বৰ্গৰ কেবিন পালেগৈ য’ত বাহিৰলৈ ওলাই যোৱাৰ গেটখন বন্ধ কৰি থোৱা আছিল।জেক আৰু তৃতীয় বৰ্গৰ বন্দী হৈ থকা দুই এজনে লগ লাগি গেটখন ভাঙি বাহিৰলৈ ওলাই জাহাজৰ ওপৰ অংশলৈ আহে।ওপৰলৈ আহি তেওঁলোকে দেখে যে প্ৰাণৰ মমতাত চাৰিওফালে মানুহবোৰৰ মৰণকাতৰ চিঞৰ-বাখৰ,হুলস্থূলত কোনেও কাৰো কথা নুশুনা অৱস্থা,সকলোৱে প্ৰাণৰক্ষা কৰিবলৈ মাথো দৌৰিছিল।ইতিমধ্যে লাইফ ব’টো শেষ হ’বলৈ লৈছিল আৰু সেয়ে সকলোৱে জোৰ-জবৰদস্তি ব’টত উঠিবলৈ চেষ্টা কৰিছিল।কোনো কোনোৱে জাহাজৰপৰা লাইফ ব’টলৈ জঁপিয়াই দিছিল।সেই সময়তে জেক আৰু ৰ’জ এখন লাইফ ব’টৰ ওচৰ পালেগৈ কিন্তু তাত কেৱল মহিলা আৰু শিশুসকলকহে লোৱা হৈছিল।
পিচৰ দৃশ্যত পুনৰ ক্লেইডেনক দেখা যায় যি লকাৰৰপৰা ‘হাৰ্ট অৱ দা অ’শ্যেন’ নামৰ হীৰাৰ নেকলেচডাল আৰু সকলো টকা-পইচা জেপত ভৰাই লৈ লাইফ ব’টৰ ফালে গৈ থাকে।
ইয়াৰ পিচতে ৰ’জ আৰু জেকক দেখুওৱা হয়।জেকে ৰ’জক ব’টলৈ যাবলৈ কয় কিন্তু ৰ’জে অকলে ব’টত উঠিবলৈ মান্তি নহয়।সেই সময়ত দুয়োৰে মুখখণ্ডলত ভয় আৰু প্ৰেমৰ অদ্ভুদ সংমিশ্ৰণ দেখা গৈছিল।তেতিয়াই ক্লেইডেন আহি সেইখিনিত উপস্থিত হয় আৰু ৰ’জক নিজৰ জেকেটটো পিন্ধাই দি কয়……..
: ৰ’জ তুমি নিশ্চিন্তমনেৰে ব’টলৈ যোৱা।মই মোৰ আৰু জেকৰ বাবে বেলেগ ব্যৱস্থা কৰিছো।কি কৰো কি নকৰোকৈ ৰ’জ ব’টলৈ যায়।
তেতিয়া ক্লেইডেনে জেকক কয়…….
: দেখিলা।মই জিকিলো।মই তোমাৰ বাবে একো ব্যৱস্থা কৰা নাই।
তেনেতে হঠাৎ ৰ’জ লাইফ ব’টৰপৰা দৌৰি জাহাজলৈ উঠি আহে।জেকো দৌৰি তললৈ যায় আৰু দুয়োৱে দুয়োক সাৱটি ধৰে।এই অবাঞ্চনীয় দৃশ্য ক্লেইডেনে সহ্য কৰিব নোৱাৰিলে আৰু খঙত এজন সুৰক্ষাকৰ্মীৰ ৰিভলভাৰটো কাঢ়ি ৰ’জ আৰু জেকৰ ওপৰত গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে।ৰ’জ আৰু জেক জাহাজৰ তলিলৈ পলাই যাবলৈ চেষ্টা কৰে।ক্লেইডেনেও জেক আৰু ৰ’জৰ পিছ লৈ গুলী চলয় কিন্তু ইতিমধ্যে জাহাজৰ তলৰছোৱা পানীৰে ভৰি পৰিছিল,যেন বানত জলমগ্ন কোনো চহৰহে।সেয়ে ক্লেইডেন বেছি দূৰ আগবাঢ়িব নোৱাৰি এঠাইত ৰৈ হাঁহিবলৈ ধৰে।তেতিয়া ক্লেইডেনৰ এজন মানুহ আহি তেওঁক প্ৰশ্ন কৰিলে…….
: তুমি হাঁহিছা কিয়?
ক্লেইডেনে উত্তৰ দিলে……
: মই জেকেটটো ৰ’জক পিন্ধাই দিলো আৰু তাতে মোৰ হীৰাৰ নেকলেচডাল আৰু পইচা আছিল।
ইয়াৰ পাছতে জেক আৰু ৰ’জক জাহাজৰ তলৰ অংশত পলাই থকা দেখুওৱা হয়।তলৰ অংশত ইতিমধ্যে যথেষ্ট পানী ভৰি পৰিছিল আৰু পূৰ্বতকৈ বেগেৰে সেই অংশত অধিক পানী সোমাবলৈ আৰম্ভ কৰিছিল।সেয়ে দুয়ো পুনৰ ওপৰলৈ আহিবলৈ প্ৰয়াস কৰিলে।সেই সময়ত জাহাজৰ ভগা টুকুৰাকে আদি কৰি জাহাজৰ বহু সামগ্ৰী পানীত উটি-ভাহি আছিল।জেক আৰু ৰ’জ ইতিমধ্যে পানীত বহুখিনি ডুব গৈছিল।ওপৰলৈ আহিবলৈ প্ৰয়াস কৰোঁতে তেওঁলোকে এখন গেট পালেহি যিখন বাহিৰৰপৰা বন্ধ আছিল।এতিয়া তেওঁলোক ইতিমধ্যে বৃদ্ধি হোৱা জলৰাশিৰ বাবে ঘূৰি যাবও নোৱাৰে।এনেতে তেওঁলোকে জল সংহাৰৰপৰা পলাবলৈ ধৰা জাহাজৰ এজন বিষয়াক দেখা পাই তেওঁক তেওঁলোকৰ জীৱন ৰক্ষা কৰিবলৈ অনুৰোধ কৰে।বিষয়াজনে খৰধৰকৈ জেপৰপৰা চাবি একোছা উলিয়াই গেটখন খোলাৰ প্ৰয়াস কৰে কিন্তু ভয় আৰু খৰধৰত চাবিকোছা গেটখনৰ সিপাৰে পানীত পৰি যায়।বিষয়াজনে নিজৰ প্ৰাণৰক্ষা কৰিবলৈ দুয়োকে তাতে এৰি দৌৰি ওপৰলৈ উঠি যায়।জেক আৰু ৰ’জে বিষয়াজনক চিঞৰে কিন্তু তেওঁ ঘূৰি নাচায়।জেকে গেটখনৰ ফাকেৰে হাত সুমুৱাই গেটখনৰ সিপাৰে পানীত ডুব যোৱা চাবিকোছা বিচাৰে আৰু সৌভাগ্যক্ৰমে চাবিকোছা বিচাৰি পায়।জেকে ততাতৈয়াকৈ গেটখন খুলি ৰ’জৰ সৈতে ওপৰলৈ উঠি আহে।
চলচ্চিত্ৰখনত ইয়াৰ পিছৰ দৃশ্যত ক্লেইডেনক দেখুওৱা হয়।ক্লেইডেনে মাক-দেউতাকৰপৰা বিচ্ছিন্ন হোৱা এটি শিশু দেখা পায় আৰু তাক কোলাত তুলি লৈ জাহাজৰ বিষয়া এজনৰ ওচৰলৈ আহি কয়…….
: মোৰ বাহিৰে এই শিশুটিৰ আৰু কোনো নাই।আপুনি অনুগ্ৰহ কৰি মোক লাইফ ব’টত উঠিবলৈ সুবিধা কৰি দিয়ে।
অফিচাৰজনে শিশুটিৰ সৈতে ক্লেইডেনক লাইফ ব’টত উঠাত সহায় কৰি দিয়ে।
যি সময়ত সকলোৱে নিজৰ প্ৰাণৰক্ষা কৰিবলৈ দৌৰাদৌৰি কৰি আছিল,সেই সময়ত জাহাজত ভায়োলিন বজাই যাত্ৰীক আমোদ দিয়া কেইজনমান ভায়োলিন বাদকে শান্ত-সমাহিত হৈ ভায়োলিন বজাই আছিল।তেওঁলোকে জানিছিল যে তেওঁলোকৰ মৃত্যু নিশ্চিত আৰু সমাগত।তথাপি তেওঁলোকে প্ৰাণৰক্ষাৰ বাবে কোনো হুলস্থূল কৰা নাছিল আৰু জীৱনৰ অন্তিমটো প্ৰদৰ্শন অত্যন্ত শ্ৰদ্ধা আৰু একাগ্ৰতাৰে কৰিছিল।তেওঁলোকৰ ভায়োলিনৰ বিষাদময় সুৰে যেন জীৱনৰ অৰ্থহীনতাৰ কথাহে বুজাইছিল।বোলছবিখনৰ এই দৃশ্য অতি বেদনাদায়ক।
জাহাজখনৰ আধা পানীত ডুব গৈছিল।বহু মানুহে জাহাজৰ ডুব নোযোৱা অংশলৈ উঠিবলৈ চেষ্টা কৰিছিল।ইয়াৰ ভিতৰত জেক আৰু ৰ’জো আছিল।বহু চেষ্টা কৰি জেক আৰু ৰ’জ জাহাজৰ সন্মুখৰ ভাগলৈ আহিল।দুয়োকে অত্যন্ত ভাগৰুৱা দেখা গৈছিল।ৰ’জে ফোপাই ফোপাই জেকক ক’লে………
: জেক!প্ৰথমবাৰ আমি ইয়াতেই লগ হৈছিলো।
সেই সময়তে জাহাজখন মাজভাগতে ভাগি দুটুকুৰা হৈ যায়।জাহাজত অত সময় প্ৰাণৰক্ষা কৰিবলৈ দৌৰাদৌৰি কৰি থকা মানুহবোৰ একো একোটা পুতলাৰ দৰে সমুদ্ৰৰ বিশাল জলৰাশিত জাহাজৰপৰা খহি পৰি ডুব যায়।জেক আৰু ৰ’জে কিছুপৰ কোনোপ্ৰকাৰে জাহাজৰ ৰেলিঙত ধৰি প্ৰাণটো বচাই ৰাখে যদিও এটা সময়ত টাইটানিক সম্পূৰ্ণৰূপে পানীত ডুব যায়।জেক আৰু ৰ’জো পানীত ডুবি যায়।চলচ্চিত্ৰখনত জেক আৰু ৰ’জক পানীৰ তলত কিছু সময় দেখুওৱা হয়।দুয়ো কিবা প্ৰকাৰে পানীৰ ওপৰলৈ আহে।ৰ’জৰ চাৰিওফালে দেখা যায় অসংখ্য মানুহ যি সমুদ্ৰৰ পানীত পৰি ককবকাই আছে।ৰ’জে পানীৰ মাজতে জেকক বিচাৰিবলৈ ধৰে।সেই সময়তে পানীত পৰা এজন মানুহে ৰ’জক পানীত ডুবাই নিজে পানীৰ ওপৰত থাকিবলৈ চেষ্টা কৰে।সেই সময়তে জেক আহি সেই স্থানত উপস্থিত হয় আৰু ৰ’জক মানুহজনৰপৰা বচাই সাঁতুৰি তাইক অলপ আঁতৰলৈ লৈ আহে।জেকে ৰ’জক পানীত ওপঙি থকা এখন কাঠৰ দৰ্জাৰ ওপৰলৈ উঠাই দিয়ে আৰু নিজেও দৰ্জাখনত ধৰি ডুব নোযোৱাকৈ পানীতে ওপঙি ৰয়।দুয়োজন কাঠৰ দৰ্জাখনত উঠিলে সেইখনো পানীত ডুব যোৱাৰ আশংকাতে জেক ওপৰলৈ নুঠিল।
পানী অত্যন্ত ঠাণ্ডা আছিল সেয়ে পানীত ওপঙি থকা মানুহবোৰ এজন দুজনকৈ মৰিবলৈ আৰম্ভ কৰিছিল।জেক আৰু ৰ’জ এনেধৰধৰণে কঁপিবলৈ ধৰিছিল যেন সেই ঠাণ্ডাই তেওঁলোক দুয়োকো কিছু সময়ৰ পিছতে শান্ত কৰি পেলাব।
ৰ’জে জেকক ক’লে……
: জেক!সকলো শান্ত হ’বলৈ ধৰিছে।
জেকে ৰ’জক কয়…….
: তুমি ভয় নাখাবা আৰু মোক এতিয়াই বিদায় নিদিবা।
কিছু সময়ৰ পাছতে ব’ট আহিব আৰু আমি ৰক্ষা পৰিম।
ৰ’জ যেন লাহে লাহে শীতলতাৰ ওচৰত হাৰি গৈছিল। কিন্তু জেকে ৰ’জৰ সৈতে কথা পাতি থাকিল আৰু ৰ’জক উৎসাহ দি থাকিল।
জেকে ৰ’জক ক’লে……
: টাইটানিকত টিকট পোৱাটো মোৰ বাবে সৌভাগ্য আছিল যাৰ বাবে মই তোমাক লগ পালো।তুমি মোক কথা দিয়া যে যিমানেই নিৰাশা নহওক,তুমি নিজৰ প্ৰাণ ৰক্ষা কৰিবা……তুমি হাৰ নামানা।
ৰ’জে অশ্ৰুসিক্ত নয়নেৰে মূৰ দুপিয়াই সন্মতি জনায়।
কিছুসময়ৰ পাছত কেইজনমান নৌ বিষয়াই এখন ব’ট লৈ আহি সেই স্থানত উপস্থিত হয়।এজন বিষয়াই টৰ্চটো জ্বলাই চাৰিওফালে কেৱল মানুহৰ মৃতদেহহে দেখিবলৈ পায়।তেওঁ ভাবিলে যে সেই স্থানত টাইটানিকৰ কোনোৱেই যাত্ৰীয়েই জীৱিত অৱস্থাত নাই।
আন এজন নৌ বিষয়াই কয়…….
: আমি হয়তো অহা বহুত দেৰি কৰিলো।
তেনেতে বিষয়াজনৰ শব্দ শুনি ৰ’জৰ চকু খোল খায় আৰু জেকক আধা পানীত ডুবি কাঠৰ দৰ্জাখনতে চকু বন্ধ কৰি থকা অৱস্থাত পায়।তাই জেকক উঠাবলৈ চেষ্টা কৰে আৰু কয়……….
: জেক উঠা।তুমি ঠিকেই কৈছিলা।চোৱা, ব’ট আহিল।আমি এতিয়া বাচি যাম।
কিন্তু জেকে কোনো উত্তৰ নিদিলে।ৰ’জে জেকৰ হাতখন লৰাই চাই ধৰিব পাৰিলে যে জেকে ইতিমধ্যে জীৱনৰ শেষ নিদ্ৰাত শুই পৰিছে।ৰ’জ নিৰাশ হৈ কান্দিবলৈ ধৰে আৰু অৱশ হৈ পুনৰ কাঠৰ দৰ্জাখনৰ ওপৰতে শুই পৰে।হঠাৎ ৰ’জৰ জেকক দিয়া প্ৰতিশ্ৰুতিৰ কথা মনত পৰে আৰু তাইৰ চকু খোল খাই যায়।তাই জেকক চিৰদিনৰ বাবে বিদায় জনায় আৰু প্ৰাণৰক্ষাৰ বাবে চিঞৰিবলৈ চেষ্টা কৰে।কিন্তু ঠাণ্ডাৰ কঁপনিত ৰ’জৰ মুখেৰে ভালদৰে মাত নোলায়।তাই দৰ্জাখনৰ আলম লৈ পানীলৈ নামি আহি মৃত বিষয়া এজনৰ হুইচেলটো লৈ জোৰেৰে বজায়।এই শব্দ প্ৰাণৰক্ষা কৰিবলৈ অহা ব’টখনৰ বিষয়াৰ কাণত পৰেগৈ আৰু তেওঁলোকে কোনোবা জীৱিত থকা বুলি গম পাই ঘূৰি আহে আৰু ৰ’জক ব’টত উঠাই লয়।
ইয়াৰ পাছৰ দৃশ্যত দেখা যায় যে দুৰ্ঘটনাত প্ৰাণৰক্ষা পৰা যাত্ৰীসকলক আগলৈ লৈ যাবলৈ অন্য এখন জাহাজ আহে।এই দৃশ্যত ৰ’জে মূৰত কাপোৰ এখন মেৰিয়াই ওৰণিৰ দৰে লৈ তৃতীয় বৰ্গৰ যাত্ৰীসকলৰ ৱাৰ্ডত থাকে আৰু ৰ’জে দেখা পায় যে ক্লেইডেনে তাইক বিচাৰি ফুৰিছে।ৰ’জে নিজক ক্লেইডেনৰপৰা লুকুৱাই ৰাখে।আমেৰিকা পোৱাৰ পাছত এজন অফিচাৰে ৰ’জক আহি সোধে……..
: আপোনাৰ নাম?
ৰ’জে উত্তৰ দিয়ে……..
: ৰ’জ ডাৱচন।
ইয়াৰ পাছত কাহিনী একেবাৰে আৰম্ভণিৰ অংশলৈ আহে য’ত বৃদ্ধা ৰ’জ ডাৱচনে টাইটানিক দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ অভিজ্ঞতাৰ বিষয়ে গুপ্তধন সন্ধানকাৰী ব্ৰুক লৱেটক কৈ আছিল।ইয়াৰ পাছত ৰ’জ বহি থকা স্থানৰপৰা উঠি যায় আৰু ‘হাৰ্ট অৱ দা অশ্যেন’ নামৰ হীৰাৰ নেকলেচডাল সেই স্থানতে পানীত পেলাই দিয়ে যি স্থানত মহাসাগৰৰ তলিলৈ টাইটানিকৰ ধ্বংসাৱশেষ পৰি আছিল।
ৰ’জে এইদৰে অতীতৰ ভয়ানক অভিজ্ঞতা আৰু স্মৃতিৰপৰা মুক্ত হ’বলৈ চেষ্টা কৰিলে।জেকৰপৰাই ৰ’জে নিজৰ জীৱনৰ স্বাধীনতা আৰু গুৰুত্বৰ বিষয়ে বুজি পাইছিল।সেয়ে জেকৰ স্মৃতি বুকুত বান্ধি ৰ’জে সমগ্ৰ পৃথিৱী ভ্ৰমণ কৰিলে।তেওঁ জীৱনৰ প্ৰতিটো পল উপভোগ কৰি জীয়াই থাকিল আৰু এয়া আছিল তেওঁৰ জীৱনৰ শেষ সময়।
ইয়াৰ পাছৰ দৃশ্যত দেখুওৱা হয় যে ৰ’জে এই পৃথিৱী এৰি অন্য এখন পৃথিৱীলৈ গুচি গৈছে য’ত জেক জীৱিত আছিল আৰু টাইটানিকৰ সকলো যাত্ৰী জীৱিত আছিল। তেতিয়া নিশা ন বাজিছিল,যি সময়ত জেকে ৰ’জৰ বাবে প্ৰকাণ্ড ঘড়ীটোৰ ওচৰত অপেক্ষা কৰি আছিল আৰু ৰ’জ আহিছিল জেকক লগ পাবলৈ। দুয়ো প্ৰেমিক-প্ৰেমিকাৰ পুনৰ মিলনৰ দৃশ্যৰে ছবিখন সমাপ্ত কৰা হৈছে।
উপসংহাৰ:
১৮ এপ্ৰিল ১৯১২ ।আমেৰিকাৰ নিউয়ৰ্ক চহৰত নিশা ৯:৩০ বজাত দোপালপিটা বৰষুণত প্ৰায় ৪০,০০০ লোকে ভয় আৰু সংশয় বুকুত বান্ধি কাৰোবালৈ অপেক্ষা কৰি আছিল।এয়া আছিল সেই কাল অমানিশা,যি নিশা চহৰখনলৈ দুখৰ চুনামি আহিবলগীয়া আছিল।তিনিদিন ধৰি এই লোকসকল এখন জাহাজৰ বাবে অপেক্ষা কৰি আছিল।জাহাজখনৰ নাম ‘কাৰ্পেথিয়া’।কাৰ্পেথিয়াই সেইদিনা এনে এক কাহিনী লৈ ঘূৰি আহিছিল যি কাহিনী শুনি আজিও মানুহৰ মন দুখত ভাগি পৰে।
দৰাচলতে আৰ.এম. এছ. টাইটানিক,যাক ‘আনচিংকেবল’ বা কেতিয়াও ডুব নোযোৱা জাহাজ বোলা হৈছিল____সেই বিশাল,উচ্চ প্ৰযুক্তিসম্পন্ন জাহাজখন ১৯১২ চনৰ ১৫ এপ্ৰিল তাৰিখে সমুদ্ৰত ডুব গৈছিল।এই শোকাৱহ দুৰ্ঘটনাত ১,৫০২ জন মানুহে প্ৰাণ হেৰুৱাইছিল।’কাৰ্পেথিয়াত’ সেইসকল লোক ঘূৰি আহিছিল,যি আৰ.এম.এছ টাইটানিকত সমুদ্ৰৰ জলৰাশিয়ে দেখুওৱা ৰৌদ্ৰৰূপ স্ব চক্ষুৰে প্ৰত্যক্ষ কৰিছিল।ই পৃথিৱীৰ ইতিহাসৰ এনে এক হৃদয়বিদাৰক ঘটনা,যাক পৃথিৱীবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে।
আৰ.এম.এছ টাইটানিকে নিজৰ সৈতে বহু ৰহস্য লৈ সমুদ্ৰত ডুব গৈছিল আৰু সেই ৰহস্য ভেদ কৰিবলৈ আজিও মানৱসমাজৰ প্ৰচেষ্টা চলি আছে।ঠিক
*******
11:13 AM
চিনেমাখন চকুৰে চাই থকাৰ দৰেই লাগিল।
6:54 PM
বৰ ভাল লাগিল। চিনেমা খন আকৌ চোৱা যেন লাগিল।