দিকভ্ৰষ্ট-মৌচুমী হাজৰিকা 

ঔম।।

ভূৰ্ভুবঃ স্বঃ। 

তৎসৱিতুৰ্বৰেণ্যম। 

ভৰ্গো দেৱস্য ধীমহী। 

ধিয়ো য়োনঃ প্ৰসোদয়াত্। 

 

একেৰাহে বাজি থকা দেৱী  বন্দনা সংগীত নিশাৰ শুনি শুনি মুখস্থ হৈছিল।এই কেইদিন ঘূৰাই ঘূৰাই বাজি থাকিব।এইকেইদিন মনটো পৱিত্ৰ ভাল ভাৱ এটাৰে ভৰি থাকে।প্ৰকৃতিৰ পৰিৱেশো কিবা এটা ভাল লগা হৈ পৰে।আগচোতালৰ শেৱালীজোপাও ফুলি গোটেই  বাতাবৰণটোকে উদ্ভাসিত কৰি তুলিছে মন-প্ৰাণ ভৰাই দিয়াকৈ।সৰুকালৰ স্মৃতিবোৰে আজিকালি বৰকৈ আমনি কৰে,মাকৰ আৰু ওচৰ চুবুৰীয়াৰ লগত পূজা চাবলৈ যোৱা,আৰু আহোতে সমনীয়াহঁতৰ লগত ডাঙৰ বেলুন এটালৈ বাদাম চোবাই চোবাই খোজকাঢ়ি ঘৰলৈ অহা..!কি যে মধুৰ সময় আছিল সেইবোৰ!কিন্তু আজিকালি পূজাৰ ধৰ্মীয়  ৰীতি-নীতিৰ বাহিৰে একোৱেই ভাল নালাগে দেখোন।সকলোতে পৰিৱৰ্তনৰ চাপ আৰু কেৱল মাথোঁ বাহ্যিকতা।আজিকালি সন্ধিয়া ওলাই যোৱা নহয়।একেবাৰেই ভাল নালাগে এই ধাৰ কৰা বাহ্যিকতাবোৰ।এই‌ দহ-পোন্ধৰ বছৰমানতে ইমান পৰিবৰ্তন!তাইৰ মনতো প্ৰকৃতিখনৰ দেখোন বিশেষ একো পৰিবৰ্তন হোৱা নাই..।শেৱালী ফুলাৰ সময়তে ফুলিছে;সুবাস বিলাইছে সেই আগৰ দৰেই।তাই এতিয়াও নিয়ৰসৰা বহু সন্ধ্যা‌ সেই শেৱালীৰ সুবাস বুকুত লৈয়ে পাৰ কৰিবলৈ ভাল পায়।তাইৰ মনটো  পৰিবৰ্তন নোহোৱাকৈ থাকি গ’ল! 

নিশাৰ মনৰ খেলিমেলিবোৰ নোযোৱা হৈছে।বৰঞ্চ এটা এটাকৈ তাত নতুনকৈ সংযোগহে হৈছে।কি কৰিব তাই কেনেকৈ সমাধান কৰিব এই সমস্যাবোৰ!তাই অকলে পাৰিবনে?কোনোবাই সহায় কৰিবনে তাইক‌!!

নতুনকৈ শিক্ষক হিচাপে যোগদান কৰা আপোন মৰমৰ বিদ্যালয়ৰ পৰিবেশে তাইক বাৰুকৈয়ে চিন্তাত পেলাইছে।নিশাই যিদিনা বিদ্যালয়খনত জইন কৰিছিল কেৱল মাথোঁ নিজে পঢ়ি যোৱা সুন্দৰ স্মৃতিখিনিকে লৈ গৈছিল,আকৌ নিজৰ শৈশৱ ঘুৰাই পোৱাৰ আনন্দত আত্মহাৰা হৈ পৰা নিশাৰ প্ৰথম দিনটোতেই মোহভংগ হৈছিল।তাই পঢ়াৰ দিন আৰু আজিৰ দিনৰ মাজত আকাশ-পাতালৰ পাৰ্থক্য।তাই মন্দিৰৰ দৰে জ্ঞান কৰা বিদ্যালয়ৰ ভিতৰলৈ সোমাই যাওঁতেই বিদ্যালয়লৈ অহা এজাক ল’ৰাৰ মুখত কিছুমান নিষিদ্ধ শব্দ শুনি উচপ খাই উঠিছিল।আগতে মুকলিকৈ নুশুনা এইবোৰ শব্দ তাই আজিকালি যদিও বজাৰে-ঘাটে শুনিবলৈ পায়, তথাপিও এনেদৰে ছাত্ৰৰ মুখত শুনিবলৈ পাই নিশা আচৰিত হৈছিল।এনেদৰে আৰম্ভ হোৱা নিশাৰ চাকৰিৰ জীৱনটোত প্ৰায় প্ৰত্যেক দিনাই কিছুমান নতুন অভিজ্ঞতাৰ সম্মুখীন হ’বলৈ ধৰিলে।বহুবোৰ ভাল অভিজ্ঞতাৰ মাজতে কিছুমান কথাই নিশাক আমনি কৰিব ধৰিলে।যিবোৰ কথাই তাইক আমনি কৰিছিল সেইবোৰৰ কথা তাইৰ সহকৰ্মী সকলে দেখোন গুৰুত্বই দিয়া নাছিল। 

কেইদিনমানৰ পৰা এগৰাকী  ছাত্ৰীয়ে নিশাৰ আগত তাই সন্মুখীন হোৱা পৰিস্থিতিৰ কথা কৈছিল।নিশাই কথাটো ইমান ডাঙৰ হ’ব পাৰে বুলি ভবাই নাছিল। আজি ছাত্ৰীগৰাকীৰ ফ’নটো অহাৰ পাছত  নিশাৰ মনটো গধূৰ হৈ গ’ল।বহুসময় চকীখনত বহি থাকিল। ছাত্ৰীগৰাকীৰ ভয়ত কাতৰ মাতটিয়ে তাইৰ বুকুত শেলে বিন্ধাদি বিন্ধিলে।তাই বৰ দোধোৰ-মোধোৰত পৰিল। তাইৰ চকুৰ সন্মুখত সেই কোমল মুখৰ ছাত্ৰজন ভাহি আহিল।ইমান কম বয়সৰ ছাত্ৰ এজনৰ মনলৈ ইমান ভয়ংকৰ ভাৱ কেনেকৈ আহিল!সকলো শিশুৰ দৰে সিওতো জন্মতে এখন উকা কাগজৰ দৰে মন এটা লৈ এই পৃথিৱীখনলৈ আহিছিল।তাৰ মনটোত ইমান এন্ধাৰ কোনে সিঁচিলে?কাইলৈ কিবা এটা হ’লে তাৰ বাবে কোন দায়ী হ’ব?হয়তো সমাজে ল’ৰাটোকে দোষী কৰি নিজৰ দায়িত্ব সামৰিব আৰু তাৰ পাছত  আকৌ তেনেকুৱা এটা ল’ৰা ওলাব…।এই অপৰাধবোৰৰ কাৰণ বিচাৰ নকৰাৰ বাবে এদিন আমি ভৱিষ্যতে এখন পংগু সমাজ সৃষ্টি কৰি এই পৃথিৱীৰ পৰা আঁতৰি যাম।

নিশাই নিজে স্কুলত পঢ়াৰ দিনৰ কথা মনত পেলালে।তেতিয়াৰ দিনতো সিহঁতক স্কুললৈ অহা-যোৱা কৰোঁতে কিছুমান নিৰ্দিষ্ট স্থানত ৰৈ থকা ল’ৰাবোৰে জোকাইছিল।তাই বা প্ৰায় আন ছোৱালীবোৰেও সেই বিলাক কথালৈ মাকে শিকোৱাৰ দৰে কোনো ভ্ৰুক্ষেপ নকৰাকৈ স্কুললৈ অহা যোৱা কৰিছিল।ল’ৰাবোৰে জোকাইছিল যদিও তাত নাছিল কোনো অশালীনতা…. ধুনীয়া লাগিছে,আজি দেৰি হ’ল দেখোন,উস্ নাচায়েই দেখোন….ইত্যাদি বাক্যবাণ।এই কথাবোৰ শুনি মনে মনে হাঁহিহে উঠিছিল যদিও বাহিৰত প্ৰকাশ কৰা নাছিল।এদিন এনেকৈ এটা ডাঙৰ ঘটনাও ঘটিছিল। এগৰাকী পাঞ্জা খেলুৱৈক শকত বুলি জোকাওঁতে তাই চাইকেল ৰখাই জোকোৱা ল’ৰাটোক এশিকনি ভালকৈ দি আহিছিল,ঘটনা সিমানতে তলকা মাৰিছিল।সেই সময়বোৰত প্ৰায় সকলোতে দেখোন সহিষ্ণুতা দেখা পোৱা গৈছিল।কিন্তু আজিকালি সকলো কিয় ইমান অসহিষ্ণু হৈছে ল’ৰা-ছোৱালী লগতে ডাঙৰো!আজিৰ ফো’নটোত কথাখিনি শুনাৰ পাছত তাই ভাবি শেষ কৰিব‌ পৰা নাই।সিহঁতকতো মাক-দেউতাকে সকলো কথা শিকোৱা নাছিল।বেয়া ভাল তেতিয়াও আছিল এতিয়াও আছে।তেনেহ’লে  সমস্যাটো কোনখিনিত! হয়তো আগতে বেয়াবোৰ ইমান মুকলিকৈ আলোচনা  হোৱা নাছিল।এতিয়াৰ দিনত ম’বাইল,টিভি মেলিলেই এইবোৰ দেখা পোৱা যায়।অপৰাধৰ কাহিনীবোৰ পুংখানুপুংখভাৱে দেখুৱাই দিয়ে আলোচনা কৰি কৰি নভবাকো ভবাই তোলে।তাৰ লগতে মনবোৰ উদ্বিগ্ন কৰিবলৈ ম’বাইল গেম বোৰতো আছেই!একেৰাহে কেইবা ঘণ্টা খেলি থকাৰ ফলত কোমল মনৰ ল’ৰা-ছোৱালীবোৰক খঙাল আৰু ধৈৰ্যহীন হৈ পৰিছে কাৰণ সকলো ল’ৰা ছোৱালীৰ বুদ্ধিদীপ্ততা সমান নহয়।তাৰ ফলত কিছুমান ল’ৰা-ছোৱালী এডিকটেদ হৈ পৰিছে।আচৰিত কথা প্ৰায় সকলো এডিকচনেই সামাজিক ভাৱে বৰ্জিত।কিন্তু ম’বাইল এডিকচন এইবোৰতকৈ কোনো গুণে কম নহ’য়।কিন্তু আমি এই বিষয়ে নভবাকৈ গ্ৰহণ কৰি  লৈছো।এই সৰু সৰু নিৰপৰাধী ল’ৰা-ছোৱালীবোৰলৈ বৰ দুখ লাগে।সিহঁতে নিজে নাজানে কি কৰি আছে।কিন্তু আমি ডাঙৰসকলে সকলো জানি শুনিও ধৃতৰাষ্ট্ৰৰ দৰে হৈ আছোঁ কিয়? নিশাই ভাবিলে এটা নতুন প্ৰজন্মক তাই চকুৰ সন্মুখতে ধ্বংসৰ গৰাহলৈ ঠেলি দিব নোৱাৰে।কোনেও আগবাঢ়ি নাহিলেও তাই অকলেই যুদ্ধ কৰিব।সকলোবোৰতো বেয়া নহয় কেইজনমান বিশেষ ছাত্ৰহে….তাই কিয় নোৱাৰিব!নিশ্চয় পাৰিব।লাগিলে ঘৰলৈ যাব,বাৰে বাৰে অভিভাৱকৰ লগত কথা পাতিব।এনেদৰে আগবাঢ়ি আহিলেহে এই বুকু কঁপাই তোলা বাতৰি বোৰ সমাজৰ পৰা নোহোৱা হ’ব।নিশাই  ক্ৰমে এন্ধাৰ হ’বলৈ ধৰা সৰু সৰু মনবোৰত এগছিকৈ পোহৰৰ বন্তি জ্বলাবলৈ আজিয়েই সংকল্প ল’লে।

‌               ‌‌

*******

Leave a Reply

Your email address will not be published. Required fields are marked *