দীঘলা কাই বগাই যায়- কুমকুম শৰ্মাবৰুৱা
“ৰুণিবা গুচি আহা” বুলি একেটানে পূজাই ৰুণিক আঁতৰাই লৈ আহিল।তাৰপিছতহে দেখুৱাইছে আচল বস্তুটো।ৰুণিয়ে এম.এচ.চি.ৰ শেষ পৰীক্ষা দি ঘৰলৈ আহিছে যদিও তাই নেট,গেট আৰু গৱেষণা কৰিবলৈ প্ৰয়োজনীয় লিখা পৰীক্ষাৰ কাৰণে পঢ়ি আছে। তথাপিও পেহীয়েকৰ ঘৰলৈ এপাক নাহিলে থাকিব নোৱাৰে।নতুনকৈ ফুলা এজেলিয়া ফুলজোপা ভালকৈ চাওঁ বুলি ডিঙি মেলি ওচৰলৈ গৈ চাবলৈ লওঁতেই এজেলিয়াজোপাৰ তলৰ ডাঙৰ ভেকুলীটো খাবলৈ এডাল প্ৰকাণ্ড দীঘল সাপ বগাই আহিছিল।তাই ষ্টেণ্ডডালত থকা টাবটোলৈহে চাইছিল অৰ্জুনে মাছৰ চকুটোলৈ চোৱাৰ দৰে,তললৈ চোৱাই নাছিল।দূৰলৈ আহি দেখি কিন্তু ভয় এটা খালে ভালকৈ।এই জীৱটোৱেই আচলতে ভাল নালাগে তাইৰ।ঘৰৰ ভিতৰৰপৰা বাৰীত থাকিলে ৰেহ-ৰূপ চাব পাৰি কিন্তু ওচৰৰপৰা নোৱাৰি দেই!মাজে মাজে নিউজিলেণ্ডলৈ যাবলৈহে মন যায় তাইৰ এইবোৰ নাই কাৰণেই।তাই ভাবি আচৰিত হয় শ্ৰদ্ধাৰ অৰণ্য মানৱ যাদৱ পায়েংদেৱে আকৌ বালিত সাপ মৰি থকা দেখিয়েই মনত গভীৰভাৱে আঘাত পাই গছ ৰোৱাৰ কথা চিন্তা কৰিছিল। কিমান কোমল অন্তৰৰ লোক হ’ব লাগিব তেওঁ!
পেহীয়েকে পিঠা আৰু নিজে বনোৱা চানা চাহৰ লগত লৈ আহি বাৰাণ্ডা পালেহি। ৰুণিয়ে পেহীয়েকে ভজা চানা খাই বৰ ভাল পায়।বুটৰ ডাইল,চিৰা,বাদাম, পাপৰ ইত্যাদি বেলেগে বেলেগে ভাজি লৈ মিহলি কৰি মা-মছলা দি ধুনীয়াকৈ বনায়।হোষ্টেললৈ নিবলৈও বনাই দিয়ে।
“পেহী ঔ,বৰ ভয় খালোঁ।” ৰুণিয়ে ভৰিকেইটা কোঁচাই ক’লে।
পেহীয়েকে অলপ হাঁহিলে প্ৰথমে।তাৰপিছত ক’লে, “মইযে ভাগিন ৰাতুলৰ বিয়ালৈ গৈছিলোঁ,তাত চাৰিদিনমান থাকিবলগা হ’ল।বাইদেৱে জোৰ কৰি আছে।আহি চিধা ঘৰখন দেখি খঙো উঠিছে,বেজাৰো লাগিছে।হেৰ’ ঝাড়ুটো মাৰোতাও কোনো নাই। বকি-জঁকি পাকঘৰলৈ গ’লো বোলো চাহ এটোপা খাই কামত ধৰোঁ আৰু।এইবুলি পাকঘৰত সোমাইছোহে ওপৰৰপৰা মস্ত এডাল দীঘলা ধপকৈ মোৰ পিঠিতে পৰিল।সেই জেঠীযে পৰে তেনেকৈয়ে।হেৰ’ জীৱ বাজ হওঁ যেন হ’ল। পিঠিত দুখ পাই গৈছোগৈ।পাৰেমানে বকিছো বোলো আৰু বাঘ,ঘোং কি আছে ঠিক নাই। পেহাৰে কি কৈছিল জান,বোলে তোমাৰ ভয়তহে নাহে। তুমি নাথাকিলে বাঘ,সিংহ সকলো আহে।ক’ত মৰা,মৰা এতিয়া।”
ৰুণে চাহ-পিঠা খাই খাই হাঁহি থাকিল।
“ইয়াৰ বিষয়ে বহুত কথা জানো যদিও এই বস্তুটো দেখিলে মোৰ গাটো সিৰসিৰাই যায়।ই জেঠীৰ দৰেই শীতলৰক্তী প্ৰাণী।সেয়ে ওপৰত থাকিলে মানুহ তলেদি গ’লেই জেঠীৰ দৰেই পৰি যায়।ইয়াক ঠাণ্ডাকালি সাধাৰণতে দেখা নাযায়।বেছিভাগ গাঁতৰ ভিতৰত সোমাই থাকে।পিচে ই গাঁত নিজে খান্দি ল’বও নোৱাৰে। গছৰ খোৰোং বা মাটিত আনে খান্দি লোৱা গাঁততহে থাকে।ই এবাৰ খালে বহুত দিনলৈকে নোখোৱাকৈ থাকিব পাৰে।”
“পেহী,এবাৰ যে বানপানী হৈছিল ইয়াত,মই তেতিয়া হাইস্কুলত পঢ়ি আছিলোঁ।পানী ওলাই যোৱাৰ পিছদিনা মই দুপৰীয়া সময়ত গা-ধোৱা ঘৰলৈ গৈছিলোঁ।পেহী,কি ক’ম তোমাক!শুদ্ধ বগা আৰু পিঠিত মাজতে এডাল মুগা বৰণীয়া আঁচ থকা এডাল মস্ত সাপ চোতালৰ মাজতে পৰি আছে।মই দেখি যিমান ভয় খালোঁ,সিও সমানে ভয় খাই উভতি পিছফালৰ হাবিলৈ কোবত সোমাই গুচি গ’ল।আমাৰ পুখুৰীৰ দলঙত থাকেই অনবৰত মাছখোৱা পেটুৱা ঢোৰা সাপ একোডাল।দলঙত কোনোবাই ভৰি দিলেই পানীলৈ জাপ মাৰি দিয়ে।
আচলতে পেহী জানানে,এই বেছিভাগ সাপৰে বিষ নাই।এনেয়ে নকয় ‘ঢোৰাসাপৰ ফোঁচফোঁচনিয়েই সাৰ’, ‘উপকাৰীক অজগৰে গিলে’ ইত্যাদি।তাৰমানে অজগৰে গিলিহে থয়।অজগৰ,ঢোৰা ইত্যাদি সাপৰ বিষ নাই।”
“হয় হয়,অজগৰৰ বিষ নাই কি হ’ল?গাটোত পকাই ধৰিলে ডিঙিয়ে সৈতে কি হ’ব ভাবি চোৱাচোন।ইহঁতে হৰিণাকে গোটে গোটে গিলে।”পেহীয়ে হাঁহি হাঁহিয়েই ক’লে।
“শুনাচোন পেহী,বিষ থকা সাপৰ দুটা দীঘল দাঁত থাকে।এই দাঁতদুটাৰ গুৰিত বিষমোনা লাগি থাকে। দাঁতদুটাৰ ভিতৰেদি ফুটা থাকে।যেতিয়া ই কাৰোবাক খোঁটে তেতিয়া বিষমোনাত হেঁচা পৰে আৰু জুলীয়া বিষ দাঁতৰ মাজেদি গৈ খোঁটাজনৰ শৰীৰত সোমাইগৈ।পিছে এবাৰ ভালদৰে খুঁটিলে অৰ্থাৎ গোটেই বিষখিনি ওলাই গ’লে,পুনৰ বিষবোৰ বিষমোনাত জমা হ’বলৈ কিছু সময়ৰ প্ৰয়োজন হয়।গতিকে সাপে খুঁটিলে,খোঁটা ঠাইটুকুৰা ভালকৈ মন কৰিলে সাপটো বিষাক্ত নে বিষহীন বুজিব পাৰি।বিষ থকা সাপ হ’লে দুটা দকৈ বহা দাঁতৰ দাগ আৰু বিষ নথকা সাপ হ’লে দুপাৰী দাঁতৰ দাগ দেখিবলৈ পোৱা যায়।মটিয়া ৰঙৰ বা পাতল ৰঙৰ বহুতো সাপ বিষহীন।ডাঠ ৰঙৰ বা ক’লা ৰঙৰ সাপবোৰ সাধাৰণতে বিষাক্ত।কিন্তু কাৰোবাক খুঁটি সাপটো ৰৈ নাথাকে,ফটকৈ নাইকিয়া হৈ যায়।সাপে খুঁটিলে বেছিভাগ মানুহ ভয়তহে মুৰ্চ্ছা যায়।সেয়ে মনত সাহস যোগাব লাগে আৰু যিমান পাৰে সিমান সোনকালে হস্পিতাললৈ নিব লাগে।তাত ডাক্তৰে বিষধাৰক নে বিষহীন বুজি লৈ সেইমতে চিকিৎসা কৰিব।বিষহীন সাপ হ’লেও দাঁতৰ ঘাঁ লাগিলে বীজাণুৰ সংক্ৰমণ হ’ব ঠাইডোখৰত।কিয়নো আমাৰ গাৰ ছালখনেহে শৰীৰৰ ভিতৰলৈ বীজাণু সোমাব নোৱাৰাকৈ ৰাখিছে।ঠাইডোখৰ খজুৱাব, ৰঙা পৰিব আৰু ফুলি যাব পাৰে।বিষধৰ সাপে খুটিলে যিমান পাৰে সিমান সোনকালে এণ্টিভেনম (বিষহৰা) বেজী দিয়াতো জৰুৰী।গতিকে ওচৰৰ হস্পিতালত নাথাকিলে বেজী থকা নিকটতম হস্পিতাললৈ যিমান পাৰে সিমান সোনকালে লৈ যাব লাগে।”
“কেলেই বেজে জাৰে দেখোন!বেজে নোৱাৰেনেকি ভাল কৰিব ?”পেহীয়েকে সুধিলে।
“পেহী কেলেইনো বুজি নোপোৱা।বেজেনো কি বেমাৰ জাৰি ভাল কৰা দেখিছা?বিষহীন সাপে খোঁটা মানুহ যি এনেয়েও ভাল হ’লহেঁতেন,সেইবোৰকে জাৰি ভাল কৰিলে বুলি মানুহে ভাবে।মুঠতে ডাক্তৰৰ ওচৰলৈ সোনকালে লৈ যাব লাগে।” ৰুণিয়ে উত্তৰ দিলে।
পেহীয়েকে আকৌ ক’লে, “যোৱাবছৰ কি হ’ল জান হ’বলা তই?সেই কাছাৰীৰ মুখৰ আঁহতজোপাৰ তলতে দুটা বাবাজীয়ে দুদিন সাপ নচুওৱা খেল দেখুৱাই আছিল।দ্বিতীয় দিনা ৰাতি পাচিৰ তলৰপৰা ওলাই দুইটিকে খুঁটি থৈ দীঘলা দুজনে পলায়ন কৰে।ৰাতিপুৱা দুয়োৰে মৃতদেহ পুলিচে লৈ গৈছে।”
“এতিয়া দেখিলেনে পেহী কি হ’ল?সাপে জিভাৰেহে গোন্ধ পাই আৰু কাণেৰে নুশুনে।মাটিত হোৱা কঁপনি অনুভৱ কৰিব পাৰে আৰু তাৰ সহায়ত কোনফালে কি হৈছে গম পায়।সিহঁতে বাঁহীৰ সুৰ শুনি আচলতে নানাচে।মূৰটো যে জোকাৰি থাকে আৰু বাঁহী বজাওতে তাকে চাইহে নাচে।আমাৰ পিছফালে ডাংবডি গছৰপৰা উৰি উৰি বতাহত কাৰ্শলা সাপে জোৰ বান্ধি যি নৃত্য দেখুৱাই ,মোৰ বাদে কোনেও দেখাই নাই কিজানি।”
ইমান পৰ মনে মনে কথা শুনি বহি থকা পূজাই এইবাৰ ‘ক্কি’ বুলি আচৰিত হৈ চিঞৰ লগালে।ৰুণে পূজাক মৰমেৰে সাৱটি ধৰি ক’লে,”একো নাই।সদায় নাথাকে নহয়।”
পেহীয়েকে ক’লে,”সিদিনা আকৌ ফুনু পেহীয়েৰৰ কি হ’ল জান,পেহাৰৰ লগত ৰাস্তাত খোজ কাঢ়িছিল। সেইদিনা সন্ধ্যা সময়তকৈ অলপ আগতে আন্ধাৰ হৈছিল,তেনেতে সেই পাৰ্কখনৰ ওচৰত দেখিলে তাই সেইবিধ।চিঞৰি উঠি মূৰ ঘূৰাই পকাত মূৰটো দি ধমহকৈ পৰিলে।চকুৰ ওচৰতে মূৰত ফাটিলে অলপ। আঁঠুটোত বহুতডোখৰ ছাল ছিগিলে।পেহাৰে ৰাস্তাইদি যোৱা গাড়ী এখন মাতি চিধাই হস্পিতাললৈ লৈ গ’ল। তাত ডাক্তৰে মূৰৰ ই ই জি কৰিলে আৰু টিটেনাচ বেজী দি দৰৱ-জাতি লগাই ভৰ্তি কৰি দিলে।তাত ডাক্তৰক কওঁতেহে পেহাৰে দীঘলা দেখিছিল বুলি গম পাইছিল। এটা ৰাতি দুয়ো হস্পিতালতে থাকিল।তই যাবি এদিন।”
“বাৰু পেহী,যাম মই।সেইবিধ ওচৰত দেখিলে কিবা ভয় নকৰি পাৰি নেকি?এটা কথা পেহী,আজি যেনেকৈ সেইডাল ভেকুলীটো খাবলৈ আহিছিল তেনেকৈ খোৱাবস্তু থাকিলেহে এইবোৰ বেছিকৈ আহে।এই ভেকুলী,নিগনিজাতীয় প্ৰাণীবোৰ ঘৰৰ চৌপাশে হ’বলৈ দিব নালাগে।ভেকুলী থাকিলে ধৰি নি অন্য ঠাইত মেলি দিব লাগে আৰু নিগনি হ’লে দৰৱ দি মাৰিব লাগে। নিগনি খাবলৈ অহা মূৰৰ ওচৰত বহুত ডোখৰ ৰঙা সেইবিধ মাজে মাজে আমাৰ ঘৰৰ ভিতৰৰপৰা ওলাই যাওঁতেহে দেখোঁ।সেইবাবে আজিকালি ফেনাইল গুলি মায়ে ঘৰটোৰ চাৰিওফালে মাজে মাজে চটিয়াই থাকে। থাকক বাৰু হাবিয়ে-বননিয়ে পৰিৱেশতন্ত্ৰ সমতুল কৰি ৰাখি।হাবিত মৰি থকা যেন লগা সাপো চুব বা দাঙিব নালাগে।কাৰণ সিহঁত তেনেকৈ পৰিয়েই থাকে কেতিয়াবা কেতিয়াবা।সেয়ে চুবলৈ নোযোৱাই মঙ্গল।
পিছে সাপে কেনেবাকৈ খুঁটিলে সোনকালে হস্পিতাললৈহে নিব লাগে।ওচৰৰ হস্পিতালত বেজী নাথাকিলে দূৰলৈকে হ’লেও ততাতৈয়াকৈ নিব লাগে।সেইসময়ত প্ৰতিছেকেণ্ড সময় বৰ মূল্যৱান।কেতিয়াও বেজ বিচাৰি সময় নষ্ট কৰিব নালাগে।”
পেহীয়ে তামোল অকণ মুখত ভৰাই মাত লগালে ,
“সেইদিনা ৰুবুলক ৰাস্তাৰ অচিনাকি কুকুৰে কামুৰিলে নহয়।ততাতৈয়াকৈ খুৰাকে হস্পিতাললৈ আনিছিল, কিন্তু বেজী নাছিল।আকৌ চিধা ডিব্ৰুগড়লৈ নিলে বুলিহে ল’ৰাটো ৰক্ষা পৰিল।একেটা কুকুৰে সেইফালে ছোৱালী এজনী কামুৰি থৈ আহিছিল।তাইক কিবা বেজে দিয়া দৰৱ খুৱাইছিল,নাবাছিল।বৰ দুখ লাগিল।”
“হয়নেকি পেহী,তুমি গোটৰ মিটিঙলৈ যাবা নহয়, ক’বাচোন এইবোৰ কথা।মানে মানুহে যে কয় গাঁৱলীয়া দৰৱ,বেজৰ চিকিৎসা আদি সকলোৱে এৰিব লাগে। চৰকাৰে হস্পিতালৰ সুবিধা দিছে,ৰাইজে সেই সুবিধা ল’ব লাগে।আৰু এটা কথা,সাপে খুঁটিলে ডাক্তৰৰ মতে কেতিয়াও বান্ধি দিব নালাগে।ঠাইটুকুৰাত তেজৰ চলাচল বন্ধ হৈ বিষে বেছিকৈ ক্ৰিয়া কৰিবলৈ ধৰে আৰু তাৰফলত ঠাইটুকুৰা কাটি পেলাবলগাও হ’ব পাৰে। যিমান সোনকালে হস্পিতাললৈ যায় সিমানেই মঙ্গল।”এইবুলি ৰুণিয়ে চাহখোৱা বাচনকেইটা সামৰি ধুবলৈ বুলি ভিতৰলৈ লৈ গ’ল।
*******