দৌৰ-ঋতুপৰ্ণা দত্ত
কঠিন অথচ হিয়াজুৰোৱা অধৰত হাত ফুৰাই তন্দ্ৰামগ্ন তাই সিহঁতৰ প্ৰেমত নিমজ্জিত হ’ল।
বাৰে বাৰে হাত ফুৰায়ো যেন তৃপ্ত নহয়।
আতুৰত তাই বিৰবিৰায়…উস্!এই প্ৰেম,এই ভালপোৱাৰ শেষ নাই…।
“হেৰা বʼলা বিয়া খাবলৈ নোযোৱা নেকি?”
এনেকুৱাতে কাণৰ কাষতে মানুহজনে চিঞৰি উঠিল।
তাই যেন আকাশৰ পৰাহে খহি তললৈ পৰিল।কোনো কল্পনাৰ এখন সাগৰত তাই অতপৰে সিহঁতক সাৱটি উটি-ভাঁহি ফুৰিছিল।কিমান যে ভাল লগা অনুভৱে তাইক ইমান সময়ে সামৰি ফুৰিছিল।
মানুহটোলৈ তাইৰ খং উঠিল।সিহঁতৰ লগত একাত্ম হৈছিলহে!দিলেহি নহয় টেংটেঙীয়া মাতডালেৰে চিঞৰি।
মানুহটোলৈ তাই ঘোপাকৈ চালে।মানুহটোৱেও গম নাপালে কিয় বা মানুহজনীয়ে তেনে ৰিয়েক্ট কৰিলে!
আজিকালি মানুহজনীৰ কথা কাণ্ডবোৰে তেওঁক আচৰিত কৰে।কেনেকুৱা মানুহজনী চকুৰ পচাৰতে কেইবছৰমানৰ ভিতৰতে সলনি হৈ পৰিল!ল’ৰা ছোৱালী দুটা পঢ়িবলৈ ঘৰৰ পৰা বাহিৰলৈ যোৱাৰে পৰা মানুহজনী সলনি হ’ল নেকি?অথচ,তাইৰে দেখোন সপোন আছিল সিহঁত বহল পৃথিৱী এখনলৈ আগুৱাই যাওঁক।চিনক পৃথিৱীখন।কিবা এটা মনত পেলাবলৈ চেষ্টা কৰি তেওঁ যেন ব্যৰ্থ হ’ল।মনতেই নপৰে দেখোন। চকুৰ আগতে থকা আপোন মানুহ কোন মুহূৰ্ত পৰা সলনি হৈ পৰে মানুহে গমেই নাপায়।তেৱোঁ বাৰু সলনি হৈছে নেকি!এইবাৰ তেওঁ নিজৰ কথা ভাবিবলৈ ধৰিলে। নিজৰ দোষ গুণ মানুহে জানো দেখে!তেওঁ হয়তো নিজৰ অজ্ঞাতে দোষবোৰ নাই দেখা!
সেই সময়ত নিজৰ বৰ আপোন বন্ধু এজনৰ পুত্ৰীৰ বিয়ালৈ যাবলৈ থকাৰ বাবে তেওঁ কথাবোৰ বৰ দ কৈ ভাবি থাকিবলৈ সময় নহ’ল।কিন্তু মনৰ কোনোবা এটা স্থানত সেই প্ৰশ্নকেইটাই তেওঁক কুটুৰি থাকিল।
মানুহজনীক ৰুমতে এৰি তেওঁ কাপোৰ কানি পিন্ধি বিয়ালৈ যাবলৈ ওলাল।আগতে মানুহজনীয়ে এনে এটা অনুষ্ঠানলৈ যাবলৈ পালে উৰুলীকৃত হৈ পৰে।অথচ আজি!
তথাপিও তেওঁ শেষবাৰলৈ মানুহজনীক জোৰ কৰিলে, “তুমিও ওলোৱা হেৰা!তেওঁলোকে ভাল পাব।”
“ইমান চোৰ হৈছে আমাৰ ঠাইত।তুমিয়েই যোৱা।মই ঘৰ এৰাত নাই।”
মানুহজনীয়ে একেষাৰে কথাকেইটা কৈ বাথৰূমলৈ সোমাই গ’ল।
মানুহজনৰ পৰা যেন তাই পলাবলৈ হে বিচাৰিলে তেওঁৰ এনে লাগিল।
অকলশৰে গাড়ীখন উলিয়াই তেওঁ গন্তব্যস্থললৈ ৰাওনা হ’ল।বাটে বাটে ভাবি গ’ল…
সেয়া তাই তেওঁৰ জীৱনলৈ আহিছে…জীৱনটো ৰঙীন হৈ পৰিছে…অভাৱ আছে কিন্তু সিহঁত সুখত আছে। তাৰপিছত কথাবোৰ যেন লাহেকৈ সলনি হৈছে…। সাধাৰণ চিন্তাবোৰত আৰু অলপ অহেতুক যেন লগা চিন্তাৰ যোগ হৈ বিচৰাবোৰৰ পৰিসৰ বাঢ়ি গৈছে।
তেওঁ ভিতৰৰ পৰা জোকাৰ খাই উঠিল।
ঠিক ঠিক…এনেদৰেই তেওঁলোকে বেলেগ এখন পৃথিৱীত সন্তৰ্পণে খোজ দিছে।ৰোৱা নাই।মুঠতে অভাৱবোৰ দুগুণ তিনিগুণ হৈ বাঢ়ি আছে আৰু অযথা নিগনি দৌৰত নিজকে সঁপি দি সিহঁত নিৰ্ভাৰ হৈছে। জীৱনৰ প্ৰকৃত ৰংবোৰ হেৰোৱাৰ বাটতোত সিহঁতে সন্তৰ্পণে খোজ দি গৈ আছে,গৈয়েই আছে।
হঠাতে মানুহজনে উপলব্ধি কৰিলে যে কেণাটো ক’ত লাগিল।নহ’লেনো সময় নাই অসময় নাই সোণ,ৰূপৰ আৰু হীৰাৰ অলংকাৰবোৰ লৈ মানুহজনীয়ে ব্যস্ত হৈ ৰয় নে!অস্বাভাৱিক ধৰণে সজীৱ হৈ পৰে একমাত্ৰ সিহঁতৰ সান্নিধ্যত।
মানুহজনে নিজকে ক’লে,”আজি তাইক বুজাম ভালকৈ…মৰমেৰে।”
বাটত আহি থাকোঁতে শেৱালিৰ ধুনীয়া সুগন্ধবোৰে তেওঁৰ মনটো এনেয়ে ভাল লগাই পেলালে।কিমান দিন যে শেৱালিৰ গোন্ধ লোৱা নাই!!
*******