নাৰী তুমি অনন্যা-ড° মৃদুস্মিতা ফুকন
‘সমাজৰ অৰ্ধাংশক ৰান্ধনি ঘৰত আৱদ্ধ ৰাখি কোনো দেশেই প্ৰগতিৰ পথত আগবাঢ়িব নোৱাৰে।’– লেনিন
সৃষ্টিৰ সেই আদি যুগ,আদম আৰু ইভৰ যুগৰ পৰাই নাৰী-পুৰুষৰ সহাৱস্থান থাকিলেও দুয়ো দুটি ভিন্ন চৰিত্ৰ|প্ৰকৃতিৰ নিয়মেৰেও পুৰুষ তেওঁৰ পুৰুষত্বক লৈ আৰু নাৰীও তেওঁৰ নাৰীত্বক লৈ পৃথক।উভয়েই ভিন্ন প্ৰান্তত নিজস্বতা বজাই ৰাখিছে।সৃষ্টিৰ সেই আদিম কালৰে পৰাই পুৰুষ সম্পদৰ ৰক্ষী।এই শক্তিয়েই তেওঁৰ পুৰুষত্ব।এই শক্তিৰেই পুৰুষে ন-ন কাৰিকৰী কৌশলেৰে বিশ্বক নিয়ন্ত্ৰণ কৰিছে।কিন্তু সুন্দৰ,শান্ত নিৰিবিলি ঘৰখন সজাই তোলে নাৰীগৰাকীয়েহে।এই বিশ্বৰ সমস্ত অজান-অচিন গভীৰতাত সোমাবলৈ পুৰুষে যেতিয়া নিত্য-নতুন অভিযানত আগবাঢ়িছে,সেই সময়ত নাৰীয়ে সজাই তুলিছে চাৰিবেৰৰ মাজৰ তেওঁৰ সুন্দৰ ঘৰখন।ধীৰ-স্থিৰ নিবিড় মমতাৰে তেওঁ এটি শান্তিৰ নীড় গঢ়ি তুলিছে।আচলতে নাৰীৰ স্বভাৱেই হ’ল জীৱনবোধক বাস্তৱৰ কাষলৈ অনা।সাধাৰণতে স্বভাৱসিদ্ধ কাৰণতে দু:সাহসিক অলীক অভিযানৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ নাই|সেয়ে জীৱন-নদীৰ সমস্ত ঘাত-প্ৰতিঘাত তেওঁলোকে অন্তৰেৰে অনুভৱ কৰিব পাৰে।
বিশ্বৰ প্ৰতিটো ক্ষেত্ৰতে এই দুই ভিন্ন চৰিত্ৰৰ সহাৱস্থান এক অদ্ভুত বান্ধোনেৰে বান্ধ খাই আছে।দুই বিপৰীতমুখী আকৰ্ষণেৰে যেনেকৈ পৃথিৱী,গ্ৰহ-নক্ষত্ৰ আদি মহা শূন্যত ওপঙি আছে,ঠিক তেনেকৈ নাৰী পুৰুষো,দুই বিপৰীত মেৰুৰ চাৰিত্ৰিক বৈশিষ্ট্য লৈয়ো সামাজিক অস্তিত্ব অটুট ৰাখিছে।এক অৰ্থত যেনেকৈ সমাজৰ প্ৰত্যেক মানুহৰেই এজন আনজনৰ পৰিপূৰক, তেনেকৈ নাৰী-পুৰুষো এজন আনজনৰ পৰিপূৰক।অৱশ্যে স্পষ্টভাৱে এজন আনজনৰ বিপৰীতো।এই নিত্য প্ৰকৃতিক স্বীকাৰ কৰি,বিনা দ্বিধাই ক’ব পাৰি যে, পুৰুষ আৰু নাৰীৰ শাৰীৰিক গঠনৰ ভিন্নতাৰ দৰেই মানসিক গঠনো ভিন্ন।
নাৰী পুৰুষৰ এই প্ৰভেদ আজিৰ সৃষ্টি নহয়।সৃষ্টিৰ ধাৰক হিচাপে নাৰী-পুৰুষৰ এই প্ৰভেদ অনন্ত কালৰ।বুজিব পৰাকৈ আচৰণ কৰিব পৰাৰে পৰা নাৰী আৰু পুৰুষ বেলেগ।পূৰ্ণবয়স্ক পুৰুষ এজনে যিদৰে শৈশৱৰ দিনবোৰলৈ উভতি চাবলৈ ভাল পায়,তেনেকৈ এটি কিশোৰীয়ে বিচাৰে পৰিপূৰ্ণভাৱে এগৰাকী যুৱতী হ’বলৈ –মাতৃ হ’বলৈ।উমলি থকা কণমানি কিশোৰ-কিশোৰী এহালক লক্ষ্য কৰিলেই এই কথা প্ৰতীয়মান হ’ব।ছোৱালীবোৰ শৈশৱৰ পৰাই প্ৰকৃত জীৱনৰ ফালে ধাৱমান, বাস্তৱিক জগতখন তেওঁলোকে ভালদৰে বুজি পায়, যিটো সাধাৰণতে ল’ৰাৰ ক্ষেত্ৰত দেখা নাযায়।
আচাৰ-ব্যৱহাৰ,মানসিক প্ৰকৃতি সকলোতে নাৰী-পুৰুষ দুয়ো দুটি মেৰুত,দুটি নিজস্ব গতিবেগত আৱদ্ধ।আকৌ, এই ভেদাভেদ স্বত্বেও,নাৰী পুৰুষৰ আকৰ্ষণ বৰ্তমান|এই সকলো সৃষ্টিৰ সেই আদিম কালৰে পৰাই জীৱন প্ৰবাহৰ লগে লগে বৈ আহিছে।
‘নাৰীসকলৰ ধী-শক্তি পুৰুষতকৈ বেছি।আনকি ভাষা শিকা বা নতুন পৰিস্থিতিৰ সৈতে খাপ খাই যোৱাতো তেওঁলোক আগৰণুৱা।জীৱনৰ প্ৰতিটো পৰিবেশ মানি লোৱাৰ ক্ষমতা তেওঁলোকৰ যিদৰে বেছি,তেনেকৈ কোনো সমস্যাৰ সিদ্ধান্ত লোৱাতো তেওঁলোক তত্পৰ, সুযোগ-সুবিধা থাকক বা নাথাকক লক্ষ্য আহৰণত তেওঁলোক সদায় সকলোৰে আগত’—নাৰী সম্পৰ্কে এই মন্তব্য দিছে ডুৰেন স্মিথ আৰু ডিনে ডি সিমো নামৰ দুগৰাকী বিদেশী বিজ্ঞানীয়ে।
তথাপিও অতীতৰে পৰা পুৰুষৰ প্ৰভুত্ব বিনা প্ৰশ্নে মানি লোৱাৰ অভ্যাস আজিও যেন নাৰীৰ স্নায়ুতন্ত্ৰত বিদ্যমান।ইতিহাসে ঢুকি পোৱা দিনৰে পৰাই সমাজত নাৰীৰ স্থান পুৰুষৰ অধীনত।নাৰীৰ পৰাধীনতাৰ এই কাৰণ কিন্তু প্ৰাকৃতিক নহয়,সামাজিকহ।আমাৰ সমাজে আজিও কন্যাসন্তানক পুত্ৰসন্তানৰ সমান অধিকাৰ দিব নোখোজে।কন্যাসন্তানক এজনী আত্ম-বিশ্বাসসম্পনা পূৰ্ণাংগ মানুহ হিচাপে বিবেচনা নকৰি তাইক এজনী সামৰ্থ্যবিহীনা নাৰী হিচাপে বিচাৰ কৰাত,তাইক ব্যক্তিত্বক গঢ় দিওঁতে মাথো কাৰোবাৰ ভৱিষ্যত অৰ্ধাংগিনী হিচাপে নিজক গণ্য কৰিবলৈ অভ্যস্ত কৰাত পৰিয়ালৰ নাৰীসকলেই উল্লেখযোগ্য অৱদান আগবঢ়ায়!
পঢ়া-শুনা,খেলা-ধূলা আদিৰ উপৰিও বিজ্ঞান-প্ৰযুক্তিবিদ্যা আদি জীৱনৰ সকলো স্তৰতে পুৰুষৰ সমানে সমানে উচ্চ শিক্ষা লাভ কৰিছে নাৰীয়েও।এই বিভিন্ন স্তৰসমূহত নিজ নিজ দক্ষতাও গৌৰৱেৰে প্ৰমাণ কৰিছে নাৰীয়ে।তথাপিও আজি বহুত নাৰী বিভিন্ন ধৰণৰ নিৰ্যাতনৰ বলি হোৱাৰ ঘটনা দেশৰ চুকে-কোণে নিতৌ ঘটিয়েই আছে।এই নিৰ্যাতনৰ ঘটনা বিশ্বৰ বিভিন্ন প্ৰান্তৰ ঘটনা|পৃথিৱীৰ প্ৰায় দুই-তৃতীয়াংশ কাম কৰাৰ বিনিময়ত নাৰীয়ে লাভ কৰে মাত্ৰ পাঁচ শতাংশ আয়,–সম্পত্তি লাভ কৰে প্ৰায় এক শতাংশ।সকলো ধৰণৰ কামতে সমানে অংশগ্ৰহণ কৰাৰ পাছতো বহুত ক্ষেত্ৰতে নাৰীৰ কোনো অধিকাৰ নাই।পৃথিৱীৰ সকলো শ্ৰমিককে উত্পাদন কৰা নাৰীক কিন্তু শ্ৰমিক হিচাপে গণ্য কৰা নহয়।নাৰীয়ে সন্তান জন্ম দিয়ে কিন্তু তেওঁলোকক সন্তানৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ ভাবুকি দিয়া হয়।চৰকাৰৰ মতে সন্তান লালন-পালন কৰাটো কোনো কাম নহয়,অথচ মিলিটেৰী এজনে মানুহক হত্যা কৰাটো এটা গুৰুত্বপূৰ্ণ কাম।
এই সকলোৰে পৰা দেখা যায়,যিকোনো উপায়েৰেই হওক পৃথিৱীৰ সকলো ঠাইতে মহিলাসকল শোষিত হোৱাৰ লগতে পিছপৰি আছে।মাতৃ হিচাপে,ঘৰখনৰ গুৰি ধৰোঁতা হিচাপে সমাজৰ মূল ভেঁটি গঢ়ি তোলাত নাৰীৰ প্ৰধান অৱদান চকুত নপৰাকৈ থোৱা হয়।আনকি ইতিহাসৰ পাতৰ পৰাও সমাজৰ আন খাটিখোৱাসকলৰ দৰে মহিলাৰ কৃতি-কৰ্ম আৰু সামাজিক অৱদান আদি নিৰ্মূল কৰি পেলোৱা হয়।দুৰ্গা,কালী,লক্ষ্মী,সৰস্বতী আদিক দেৱীৰূপে পূজা কৰা লাখ লাখ জনতাই আজিও এক আচৰিত দৃঢ়তাৰে মহাকাব্য বৰ্ণিত আদৰ্শেৰে,পঞ্চসতীৰ আদৰ্শেৰে নাৰী সমাজক বান্ধি ৰাখিব খোজে।
নাৰীয়ে পুৰুষৰ সৈতে সম অধিকাৰ লাভ কৰিব পৰা নাই।নাৰীৰ এই শোচনীয় অৱস্থাই আন্দোলনৰ পথত আগবাঢ়ি যাবলৈ বাধ্য কৰিছে নাৰী-সমাজক।অনেক আন্দোলন-আস্ফালনৰ পিছত নাৰীৰ অধিকাৰ প্ৰতিষ্ঠা কৰাৰ বাবেই ৰাষ্ট্ৰসংঘই ১৯৭৫ চনৰ পৰা ৮ মাৰ্চ দিনটো ‘আন্তৰ্জাতিক নাৰী-দিৱস’ হিচাপে স্বীকৃতি প্ৰদান কৰে।এই দিৱসটো উদযাপনৰ আঁৰত আছে নাৰী শ্ৰমিকৰ অধিকাৰ আদায়ৰ সংগ্ৰামৰ ইতিহাস।১৮৫৭ চনত মজুৰীবৈষম্য,কৰ্মঘণ্টা নিৰ্দিষ্ট কৰা,কামৰ অমানৱিক পৰিবেশৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ ৰাজপথত নামিছিল সূতা কাৰখানাৰ নাৰী শ্ৰমিকসকল।সেয়াই আৰম্ভণি।তাৰ পাছত জাৰ্মান কমিউনিষ্ট পাৰ্টিৰ স্থপতিবিদ ক্লাৰা জেটকিনৰ নেতৃত্বত সৰ্বপ্ৰথম আন্তৰ্জাতিক নাৰী সন্মিলনকে আদি কৰি নাৰীৰ হকে মাত মাতিবলৈ অনেক অনুষ্ঠান অনুষ্ঠিত হ’ল আৰু তেনেকৈয়ে অনেক বাক-বিতণ্ডাৰ অন্তত ৮ মাৰ্চ দিনটোক আন্তৰ্জাতিক নাৰী-দিৱস হিচাপে স্বীকৃতি প্ৰদান কৰা হ’ল।তেতিয়াৰে পৰা নাৰীৰ সম অধিকাৰ আদায়ৰ প্ৰত্যয় পুনৰ্ব্যক্ত কৰাৰ অভীপ্সা লৈ সমগ্ৰ পৃথিৱীতে এই দিৱসটো পালন কৰি অহা হৈছে।
যিহেতু নাৰী-পুৰুষ উভয়ৰে দ্বাৰাই সমাজখন গঠিত,সেয়েহে এই ক্ষেত্ৰত উভয়ৰে দায়িত্বও সমান।নাৰীৰ নিপীড়িত,নিৰ্যাতিত বা পিচপৰি থকা অৱস্থাৰ পৰিবৰ্তন ঘটাবলৈ নাৰী-পুৰুষ সকলো সমানে আগবাঢ়ি আহিব লাগিব।
সৃষ্টিৰ পাতনিৰে পৰা সৃষ্টি ৰক্ষাত পুৰুষে যদি কাৰকৰ ভূমিকা গ্ৰহণ কৰিছে, তেন্তে নাৰীয়েও তাত সমানে অৰিহণা যোগাইছে সৃষ্টিৰ ধাৰক আৰু বাহক হিচাপে।অৱশ্যে এটা কথা ক’বই লাগিব যে,বহুতো পুৰুষৰে নাৰীৰ বুদ্ধি-বৃত্তিৰ ওপৰত অগাধ শ্ৰদ্ধা আছে।আনকি বহুতে নাৰী,পুৰুষ এতিয়াৰ সমাজত সমান বুলি গৰ্বেৰে ক’ব খোজে।পাছে কথাষাৰ কিমান দূৰ সত্য তাক দকৈ গমি চালেই অনেক প্ৰশ্নবোধক চিনৰ উদয় হয়।আমাৰ সমাজত,বহুত পৰিয়ালত এতিয়াও এনে কিছুমান পৰিস্থিতিৰ সৃষ্টি হয়,য’ত এক অস্বস্তিকৰ পৰিস্থিতিৰ মুখামুখি হৈ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলগা হয় নাৰীগৰাকীয়েহে,পুৰুষজনে নহয় কিন্তু!আনকি সমাজে সেই পৰিস্থিতিৰ বাবে হকে-বিহকে আঙুলি টোঁৱাই সেই নাৰীগৰাকীলৈকেহে।
জননী,মাতৃ,ৰক্ষাকৰ্তাৰূপে নাৰীয়েই পৃথিৱীত জীৱৰ বসতি সম্ভৱ কৰি তুলিছে।পৰিয়ালৰ প্ৰতিজন সদস্যৰ আশাবোৰক সাৰ-পানী যোগাবলৈ ত্যাগৰ সাজ পৰিধান কৰিছে নাৰীগৰাকীয়েই।তেওঁৰেই
নিৰাপত্তা,মৰম,ত্যাগ,যত্ন,শুভকামনা,প্ৰেৰণাৰে পত্ৰে-পুষ্পে বিকশিত হয় পৰিয়ালটোৰ প্ৰতিজন সদস্যৰ জীৱন।জীৱনৰ হেঁচাত ক্লান্ত হ’লেও যাৰ অন্তৰত থাকে মৰমৰ আকৰ।নাৰীত্বৰ জয়েৰে যি পৰাজয়ৰ মাজতো শিৰ তুলি থাকিব পাৰে। নাৰীয়েইতো মৃত্যু পৰ্যন্ত ধৰি ৰাখে পুৰুষক।শৈশৱত মাক,যৌৱনত স্ত্ৰী,বাৰ্ধক্যত কন্যা বা বোৱাৰী ৰূপত– এই কথা অৱশ্যেই সৰ্বজন স্বীকাৰ্য।
কিছু ব্যক্তিগত:যোৱা বছৰ ৮ মাৰ্চৰ দিনা কোচিনত আছিলোঁ।সেইদিনা তাত লগ পাইছিলোঁ কেইগৰাকীমান ব্যতিক্ৰমী নাৰীক।তাৰে এগৰাকী হ’ল–কাল্লুম্পুৰাথু কুঞ্জুম্মা।তেওঁ তাৰ এখন কবৰস্থানত মৃতকৰ সত্কাৰৰ বাবে গাঁত খান্দে।সঘনাই হাপানী ৰোগত আক্ৰান্ত হৈ থকা কুঞ্জুম্মাক তেওঁৰ কামত সহায় কৰে তেওঁৰেই পোন্ধৰ বছৰীয়া পিতৃহাৰা জীয়াৰী বেবীয়ে।কবৰৰ একোটা গাঁতৰ বাবে মাক-জীয়েক দুয়ো প্ৰায় পাঁচশ টকা পায়।সময়ত সমাজৰ আতুৰজনক ৰক্ষা কৰা কাল্লুম্পু,বেবীহঁতৰ দৰে এমুঠিমান নাৰী কিন্তু আজিও সেই সমাজত অস্পৃশ্য।অৱশ্যে কোনো কোনো সামাজিক অনুষ্ঠানত তেওঁলোকৰ উপস্থিতিত গৃহস্থৰ অপায়-অমংগল আঁতৰ হয় বুলি বিশ্বাস কৰা হয় আৰু তেনে অনুষ্ঠানলৈ তেওঁলোকক বিশেষভাৱে নিমন্ত্ৰণ কৰা হয়।আন এগৰাকী তেনে নাৰী হ’ল উমা প্ৰেমান,যি বিনা চিকিত্সাৰে অকালতে স্বামীক হেৰুওৱাৰ পাছত আন এজনক জীৱন দান কৰাৰ মানসেৰে ১৯৯৯ চনতে এটি অনাথ অনাত্মীয় শিশুৰ বাবে নিজৰ এটি বৃক্ক দান কৰিছে।প্ৰায় ৪৭ বছৰীয়া শ্বিৰলী নামৰ এগৰাকী মহিলাই কফিন নিৰ্মাণ কৰি তিনিজনী ছোৱালীৰে সৈতে পৰিয়ালটো চলাই আছে।কোচিন শ্বিপয়াৰ্ড লিমিটেডৰ ৩২০জন পুৰুষৰ গোটটোত আছে ৫গৰাকী মহিলা ৱেল্ডাৰ।ৱেল্ডিং আৰু মহিলা–বিষয়টো সামঞ্জস্যহীন যেন লাগিলেও মহিলাকেইগৰাকী নিজ কৰ্মত পটু– নিজৰ স্থিতিত অটল।এই বিষয়ে তেওঁলোকক সোধাত দলটোৰ প্ৰায় ৫০ বছৰীয়া জগদম্বাই হাঁহি হাঁহি ক’লে, –“We have no problems here.All men are our sisters!’’
সেই অনন্য নাৰীকেইগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিলোঁ।
*******
8:09 PM
বৰ ভাল পালোঁ পঢ়ি।