নীলা খামৰ চিঠি-ইলি তালুকদাৰ
মৰমৰ,
মৰম ল’বা।কেনে আছা?মৰম ল’বলৈ কৈছোঁ যদিও মোৰ মৰম ল’বলৈ তোমাৰ সময়,ইচ্ছা আছে নে নাই সেয়াও নাজানো।তোমালৈ আজি কি লিখোঁ ভাবি পোৱা নাই।কয় নহয় বোলে অন্তৰ যেতিয়া ভাবেৰে পূৰ্ণ হৈ থাকে তেতিয়া শব্দ নোলায়,শব্দ কম হয়।মোৰো আজি একেই অৱস্থা।তথাপিও মনৰ কথাবোৰ পাতল কৰিবলৈ আগৰ দৰেই আজিও কলম তুলি লৈছোঁ।
আজি বহুত পুৰণি কথা মনত পৰিছে অ’।মোৰ তেতিয়া বয়সনো কিমান?পুষ্পিতা হৈ উঠিছোঁ হে। আমাৰ সেই দিনত পুষ্পিতা হোৱাৰ চাৰিদিনৰ দিনা তোলনী বিয়া পাতিছিল।কলগছৰ তলত নোৱাই-ধোৱাই কইনাৰ সাজেৰে সজাই পৰাই তোলা দেহটো চাই জিকাৰ খাই উঠিছিলোঁ।এক নাম নজনা শিহৰণে কঁপাই তুলিছিল মন গহন।পখিলাৰ দৰে উৰি ফুৰিবলৈ মন যোৱাৰ সময়তে কোনে জানো মোৰ বিয়াৰ কথা উলিয়ালে।আঠ দশক আগৰ আপ্তবচন…. ছোৱালী কুৰিতে বুঢ়ী!কুৰি বছৰীয়া হ’বলৈ নাপালোঁৱেই।দেউতা, মাই জোঁৱাই বিচৰা আৰম্ভ কৰি দিলে।তেনেতে তোমালোকৰ ঘৰৰপৰা মানুহ আহিল।মোক হেনো বোৱাৰী কৰি নিবলৈ মন।সৎ বংশজাত,ধনী,উচ্চ শিক্ষিত ল’ৰা।মা-দেউতাৰ বুজনিত চকুত চকুপানী লৈ সমাজৰ ৰীতি-নীতি মানিবলৈ বেইতলত বহিলোঁ।
এদিন তোমাৰ আৰু মোৰ বিয়াখন ধুমধামেৰে হৈ গ’ল।বিয়াৰ পিছত শহুৰ,শাহুলৈ অলপ ভয় লাগিছিল যদিও সময়ে সকলো সহজ কৰি আনিছিল।তোমাৰ সৈতে কটোৱা সময়খিনিত তোমাক বুজিবলৈ বহু চেষ্টা কৰিছিলোঁ।এজনী অষ্টম শ্ৰেণী উত্তীৰ্ণ ছোৱালী মই! তুমি জীৱবিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী এজন উচ্চশিক্ষিত ল’ৰা।শিক্ষাৰ ক্ষেত্ৰত মই তোমাতকৈ বহু পিছত।তথাপিও তোমাৰ প্ৰতিটো বাক্যই মনোযোগেৰে শুনিছিলোঁ, বুজিবলৈ চেষ্টা কৰিছিলোঁ।তোমাক মৰম, ভালপোৱা সকলো সঁপি দিছিলোঁ।দুটি প্ৰাণ এটি হৈ যোৱাৰ সপোন ৰচিছিলোঁ।কোৱাচোন মই জানো এয়া অন্যায় কৰিছিলোঁ?কত ফাগুন আহিল,কত মদাৰ, পলাশ ফুলিল!মনটো ৰাঙলী হৈ তোমাৰ চৌপাশে উৰি ফুৰিছিল।কিন্তু! তুমিতো সদায় নিৰ্বিকাৰ!অনবৰত কিতাপ লৈ ব্যস্ত।গীতা,ভাগৱত লৈ ব্যস্ত তুমি।মই তোমাৰ কাষত থাকিও নাই! মানসিক সংঘাতৰ মাজেৰে জীৱনটো আগবঢ়াই নিলোঁ।পৰিয়ালৰ বাকী সদস্যৰ আগত হাঁহি হাঁহি বুজাই দিছিলোঁ,তোমাক পাই মই বহু সুখী।কিন্তু সেয়াটো মোৰ কেৱল অভিনয়হে আছিল।তুমি যেন সকলো বুজিও নুবুজাৰ ভাও ধৰি থাকিলা।মোৰ কণমানি মনটোক বুজিবলৈ চেষ্টাই নকৰিলা।সময় আগবাঢ়ি গৈ থাকিল।নিষ্ঠুৰ বাস্তৱৰ মুখামুখি হৈ মই লেবেজান হৈ পৰিলোঁ।তাৰমাজতে পৰিয়ালৰ সকলোকে সুখী কৰিবলৈ তুমি মোক মাতৃ হোৱাৰো সুবিধা দিলা।খবৰটো পাই সকলো উত্ৰাৱল হৈ পৰিছিল।মনত আশা জাগিছিল মোৰো,সন্তান জন্মৰ পিছত কিজানি তুমি সলনি হোৱা।কিন্তু কি হৈ গ’ল! সপোনতো নভবা ঘটনা এটা ঘটিবলৈ গৈ আছে,গমেই নাপালোঁ অ’।কেনেকৈ পাৰিলা অ’ তুমি?মোৰ কথা বাদেই দিলোঁ,গৰ্ভৰ সন্তানটিলৈও তোমাৰ মৰম নালাগিলনে?কোন সতেৰে ইমান ডাঙৰ সিদ্ধান্ত এটা ল’ব পাৰিলা তুমি হা?
ৰাতিপুৱাইছে তেতিয়া।সাৰ পাই তোমাৰ পিনে চকু ঘূৰাইছিলোঁ।তুমি বিছনাত নাছিলা। টয়লেটলৈ গৈছা বুলি চকু মুদি পৰি ৰ’লোঁ।সময় পাৰ হৈ গৈ থাকিল। ক’ত আছা চাবলৈ বিছনাৰপৰা নামি আহিলোঁ। টয়লেটত নাই।কোঠাৰ দৰ্জাৰ খিলি খোল খাই আছিল। বাৰাণ্ডাত বহি আছা বুলি দৰ্জাখন খুলি ওলাই আহিলোঁ।নাই,তাতো নাই তুমি। ভয় লাগিল। ননদ দুজনীক ভয় ভয়কৈ জগাই দি তুমি কোঠাত নাই বুলি ক’লোঁ।সিহঁতে দৌৰি গৈ ঘৰৰ আনবোৰ লোকক জনালে। নিমিষতে হুলস্থূল লাগিল।এগৰাকীয়ে দৌৰি গৈ ঘৰৰ পিছফালৰ পুখুৰীটোৰ পাৰ পালেগৈ।নাই।নাই মানে ক’তোৱেই নাই।মোৰ ভৰি দুখন কঁপিবলৈ ধৰিছিল,মূৰটো আচন্দ্ৰাই কৰিছিল।হয়তো কোনোবাই মোক আমাৰ কোঠালৈ লৈ আহিছিল।মূৰত তেল,পানী দিয়াৰ পিছত মই চকু মেলিছিলোঁ।হুৰাওৰাৱে কান্দিছিলোঁ।মোৰ পিনে কোনেও চাব পৰা নাছিল। সকলোৰে চকুত কেৱল পানী।এটা সময়ত তোমাৰ গাৰুটোলৈ চকু গ’ল।কিবা পাওঁ নেকি ভাবি,দাঙি চালোঁ।হয়, মই ভবাটোৱেই হয়,দুটা বাক্যৰ এখিলা সৰু কাগজ।”মোক বিচাৰি লাভ নহ’ব।মোক নাপাবা।”কেনে নিষ্ঠুৰ তুমি!এই দুষাৰ বাক্য লিখোঁতে আঙুলি কঁপা নাছিলনে তোমাৰ?
তুমি আঁতৰি যোৱাৰ দুমাহ পিছত মোৰ কোলালৈ মৰমলগা ল’ৰা এটি আহিল।তাৰ মুখখনলৈ চাই হায়ৰাণ হৈ গৈছিলোঁ।অবিকল তুমি।তাক পাই তোমাক পোৱা যেন লাগিল।মোৰ মুখত হাঁহি দেখি ঘৰৰ বাকীবোৰে স্বস্তিৰ নিশ্বাস পেলালে।তোমাৰ চিকিৎসক ককাইদেৱে গাঁৱৰপৰা আমাক নলবাৰীলৈ লৈ আহিল।এদিন তেওঁ মোলৈ প্ৰস্তাৱ এটা আগবঢ়ালে।শুনি থৰ হৈ ৰ’লোঁ। কাণেৰে কি শুনিলোঁ মই!ককাইদেৱে গহীনাই কৈছিল, মই পঢ়িবলৈ আৰম্ভ কৰিব লাগে।আঠ দশক আগত এই প্ৰস্তাৱটি একেবাৰে অবান্তৰ যেন লাগিলেও বিশাল হৃদয়ৰ ককাইদেউৰ কথাত না কৰিবলৈ সাহস নহ’ল। সন্তানটিৰ চোৱাচিতাৰ ভাৰ ল’লে বাইদেৱে।পাঠ্যপুথিৰ মাজত নিজক সঁপি দিলোঁ।এদিন সুখ্যাতিৰে মেট্ৰিক পাছ কৰিলোঁ।পুনৰ ককাইদেউৰ ইচ্ছানুসৰি কলেজত নাম ভৰ্তি কৰিলোঁ।আই. এ পাছ কৰি বি.এ.ত এডমিচন ল’লোঁ। এদিন বি.এ পাছ কৰিলোঁ। গুৱাহাটীৰ ঐতিহ্যমণ্ডিত বিদ্যালয় এখনত শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিলোঁ।সকলোবোৰ ইমান মসৃণতাৰে ঘটি গৈছিল ভাবিলে আজিও আচৰিত লাগে।ককাইদেৱে এইবাৰ বি.টি.পঢ়িবলৈ পৰামৰ্শ আগবঢ়ালে।ময়ো সন্মতি প্ৰকাশ কৰিলোঁ।এদিন ককাইদেউক সুখী কৰি বি.টিও পাছ কৰিলোঁ।বাবা ইতিমধ্যে স্কুল যাবলৈ আৰম্ভ কৰিছিল।সিওঁ তোমাৰ দৰেই মেধাৱী আছিল।তাক পঢ়াবলৈ কষ্ট হোৱা নাছিল।সি এদিন ইঞ্জিনিয়াৰিং পাছ কৰি দুলিয়াজানৰ অইলত চাকৰিত যোগদান কৰিলে। ময়ো সমানে মোৰ চাকৰিটো চলাই গ’লোঁ।অৱসৰ গ্ৰহণ কৰাৰ ৪ বছৰমান আগত মোৰ বদলিৰ হুকুম আহিল। পুনৰ নলবাৰী পালোঁ।তাৰেই এখন বিদ্যালয়ত উপাধ্যক্ষা হিচাপে যোগদান কৰিলোঁ আৰু সেইখন বিদ্যালয়ৰ পৰা মই অৱসৰ ল’লোঁ।অৱসৰ গ্ৰহণ কৰা ২০ বছৰেই হ’ল।আচৰিত লাগিছেনে তোমাৰ?এতিয়া মোৰ হাতত সময়েই সময়।জানানে,বহুত কিবাকিবি পালোঁ জীৱনত।কেৱল নাপালোঁ তোমাক।তুমিতো নাজানা,ককাইদেৱে ভাৰতবৰ্ষৰ ক’ত বিচৰা নাছিল তোমাক!মন্দিৰে মন্দিৰে তোমাক বিচাৰি ফুৰিছিল। ক’ৰবাত যদি কোনোবাই সন্ন্যাসী দেখা বুলি কৈছিল, ককাইদেউ চিধাই গৈ তেওঁৰ ওচৰ পাইছিল।মনৰ দুখ মনতে লৈ ককাইদেৱে এদিন আমাক এৰি আঁতৰি গ’ল।
তোমাক নাপালোঁ,তুমি নাহিলা।তুমি আজি নাই মোৰ কাষত!হাজাৰ স্মৃতিৰে ভাৰাক্ৰান্ত মনটো আজিও গধুৰ!তোমাৰ সৈতে কটোৱা সময়ৰ স্মৃতিবোৰ মেঘৰ সৈতে লুকাভাকু খেলা বিজুলীৰ দৰে উজলি উঠে। গভীৰ নিশা কেতেকী চৰাইজনীৰ হিয়াভগা মাতটো শুনি তাইৰ দৰেই কেতিয়াবা চিঞৰি চিঞৰি কান্দিবলৈ মন যায়।হিয়াত সাঁচি ৰখা চেনেহবোৰচোন অনাদৃত হৈ পৰি ৰ’ল।কান্দি জানো বেদনাৰে নীলা হোৱা অন্তৰখন নিকা কৰিব পাৰিম?প্ৰেম,প্ৰণয় এইবোৰ কোনে সৃষ্টি কৰিছিল বাৰু?তোমাৰ পৰা অলপ প্ৰেম বিচাৰিছিলোঁ, এধানি ভালপোৱা বিচাৰিছিলোঁ।সেয়া অপৰাধ আছিল নেকি মোৰ?মোৰ সকলো ভালপোৱা চোন তোমাতেই সঁপি দিছিলোঁ।প্ৰতিদান কেলেই নাপালোঁ?বেইতলত বহি হেজাৰজনী নাৰীৰ দৰে ময়ো এখন সোণৰ সংসাৰ কল্পনা কৰিছিলোঁ।ভাবিছিলোঁ,জীৱনটো হাঁহিৰে উপচি পৰিব।এইবোৰ ভবা,কল্পনা কৰা জানো অন্যায় আছিল মোৰ?তথাপিও মই আশাবাদী।তোমাক নোপোৱাৰ শত সহস্ৰ আঘাতেৰে থকা-সৰকা মোৰ হৃদয়ৰ পৰা এতিয়াও তোমাৰ প্ৰতি থকা ভালপোৱা আঁতৰি যোৱা নাই।জীৱনৰ শেষ সময়লৈ তোমাৰ বাবে ৰৈ থাকিম। ৰাতিপুৱা গা ধুই তোমাৰ নামত কপালত সেন্দূৰৰ ফোঁটটি লওঁতে সদায় ভাবোঁ,তুমি পিছপিনৰ পৰা আহি মোক সাবটি ধৰি ক’বা,”এয়া চোৱা,মই আহি গ’লোঁ।” মোৰ বিশ্বাস মোৰ এই ভালপোৱাৰ প্ৰতিদান পাম,শূন্য হৈ পৰা অন্তৰখনে এদিন তোমাৰ আগমনৰ লগে লগে পূৰ্ণতা পাব।
বহু কথাই লিখিলোঁ।প্ৰতিবাৰেই তোমালৈ চিঠি লিখি নীলা খামত ভৰাই ঠিকনা লিখিবলৈ ওলাওঁ। পিছতহে ভাৱ হয় তুমি চোন ঠিকনাবিহীন যাযাবৰ। চিঠি লিখি লিখি ভাগৰি পৰা নাই কিন্তু।ইমান বছৰে যিমান চিঠি লিখিলোঁ,সেই আটাইবোৰ পঢ়িবলৈ তোমাৰ এযুগ লাগিব।
ৰ’বা,কথা এটা মনত পৰিল।মনত পৰেনে তোমাৰ,
সেই যে সুধিছিলোঁ,”সূৰুযমুখী ফুলে কিয় সদায় বেলিটোলৈ চাই থাকে?”তুমি কৈছিলা,”ফুলে চাগৈ তাইৰ নিষ্কলুষ ভালপোৱা বেলিটোক সঁপি দিছিল।সেয়ে বছৰৰ পিছত বছৰ বাগৰি যোৱাৰ পিছতো তাই,তাইৰ মনৰপৰা সেই ভালপোৱা আজিও আঁতৰ কৰিব পৰা নাই।এদিন নিশ্চয় বেলিয়ে তাইক সঁহাৰি জনাব।”মই শুনিছিলোঁ মন দি।ফুলটিলৈ সহানুভূতি উপজিছিল।
শেষত কওঁ,ময়ো এটা সূৰুযমুখী ফুল।সূৰুযমুখী ফুলে কাহানিবা সূৰুযক লগ পোৱাৰ আশা আছেনে? নিশ্চয় নাই।যদি নাই তেনেহ’লে কেলেই চিৰদিন সূৰুযলৈকে চাই আহিছে?ময়ো সঁচাকৈ তুমি অহালৈ বাট চাই আছোঁ,আমৃত্যু বাট চাই ৰ’ম।
মৰম আৰু আদৰেৰে,
ইতি
তোমাৰ
মই
*******