পানীৰ তলৰ কাঁইট-হৰিচন্দ্ৰ ডেকা

সেই অঞ্চলত দেৱী মহাজন বুলিয়ে সকলোৱে তেখেতক জানে৷মাটি-বাৰীৰে সমৃদ্ধ এজন আঢ্যৱন্ত খেতিয়ক৷বন্ধা ৰাখি খেতি-বাতি চলায়৷মহাজনৰ চাৰিটা ল’ৰা-ছোৱালী৷সনাতন ডাঙৰ; তাৰ পাছত ছোৱালী দুজনী৷দিগন্ত সকলোতকৈ সৰু৷ল’ৰা দুটা স্বভাৱতে একেবাৰে বিপৰীতমুখী।দিগন্ত সহজ-সৰল মিষ্টভাষী; সকলো সিদ্ধান্ত ধীৰে-সুস্থিৰে লয়।সকলোৰে লগত মিলা-প্ৰীতিৰে থাকি ভালপোৱা বিধৰ৷বিপৰীতে সনাতন একেবাৰে উতনুৱা প্ৰকৃতিৰ,আলাসত চাংপাতি ভালপোৱা এক সপোন কোঁৱৰ৷আলাসতে তাক সকলো লাগে৷ইটো লাগে সিটো লাগে বুলি পিতাকৰ থৰকাচুটি হেৰুৱায়৷পঢ়া-শুনাত অলপো মতি গতি নাই৷মেট্ৰিক পাছ কৰি উঠি সি কেইদিনমান কলেজলৈ অহা-যোৱা কৰিলে যদিও পিছলৈ কিতাপে তাক আমুৱালে৷তাৰ নামতে ইতিমধ্যে উদং হৈ থকা ধনৰ ভঁৰালটো হেনো নতুনকৈ চহকী কৰাৰ মন৷বাণিজ্যিক নগৰৰ ৰূপ ল’বলৈ আৰম্ভ কৰা সিহঁতৰ গাঁওখন যোগাযোগ আদিৰ ফালৰ পৰাই এখন উন্নত ঠাই৷বেহা-বেপাৰৰ কেন্দ্ৰস্থল চাৰিআলিটোতে সিহঁতৰ কেইবিঘামান মাটি৷সনাতনৰ কুনকুননিত অতীষ্ঠ হৈ খেতি মাটি কিছু বিক্ৰী কৰি তাক গৃহ নিৰ্মাণৰ সকলো বস্তু ৰাখিব পৰা লোহা চিমেণ্টৰ এখন দোকান কৰি দিলে৷ব্যৱসায়ৰ কাৰণে ইফালে সিফালে যাবলৈ বুলি এখন বাইকো কুটৰি কুটৰি পিতাকৰ পৰা ল’লে৷বছৰ দিয়েক পাৰ নহ’লেই, লাখটকীয়া দোকানখনত অৱশেষত নাট বল্টুৰ দৰে সাধাৰণ বস্তু কেইপদমানহে পৰি থাকিল৷আৰম্ভণিৰ পৰাই তাৰ মতি-গতি দেখিয়ে জনা গৈছিল,দোকানত লালবাতি জ্বলিবলৈ বেছিদিন নাই৷দোকান চোৱা-চিতা কৰিবলৈ ৰখা ল’ৰাটোক দোকানখনৰ সমস্ত দায়িত্ব গতাই দি সি বাইকখন লৈ ঘুৰি ফুৰে৷অৱশেষত পিতাকে আশাকৰা সময়তকৈ আগেয়ে দোকানত তলা ওলমিল৷ মুকলিমূৰীয়া হৈ কিছুদিন বাইকখন লৈ খুব ঘুৰিলে৷ কোন ইটাভাটাৰ মালিকে জানো কিবাকৈ মেৰামতি কৰি চলাই থকা ট্ৰাক দুখন সনাতনক গটোৱাৰ অভিসন্ধি কৰি ঠিকাত হ’ব পৰা লাভৰ বিষয়ে দীঘলীয়া পাঠ এটা পঢ়ালে৷তাৰো গা উঠিল৷এজন প্ৰথম শ্ৰেণীৰ ঠিকাদাৰৰ দিবাস্বপ্নই তাক নতুনকৈ খেদি ফুৰা হ’ল৷ আকৌ সনাতনৰ পেনপেননি আৰম্ভ হ’ল৷তাক ঠিকা কৰিবলৈ দিয়াৰ নামত কেইবিঘামান মাটি পুনৰ বিক্ৰী কৰিবলৈ ঘৰৰ কোনো এজনো পক্ষপাতী নহয়৷ 

—বুজিছে!মোৰ কথাত আপুনি কোনো কাণসাৰেই নকৰে; ইয়াৰ নামত এইদৰে পিতৃ পুৰুষৰ  দিনৰ মাটিসোপা বিক্ৰী কৰি থাকিলে দেখিব এদিন সৰুটোলৈ ধাৰৰ বোজাৰ বাহিৰে একোৱে নাথাকিব৷ ছোৱালীদুজনীও গাভৰু হৈ আহিল৷তাক ঠিকা কৰিবলৈ পইছা দিয়াৰ আগতে ছোৱালীদুজনীক বিয়া দি লওঁক৷ দুয়োৰো নামত মাটিখিনি ভগাই দিয়াৰ পিচত তাৰ ভাগৰ সম্পত্তি সি যি কৰে কৰিব।সৰুটো এতিয়াও স্কুলতে আছে,বুজি উঠাৰ পিছত আপোনাকে প্ৰশ্ন কৰিব, ’ককাই এৰি যোৱা বিশাল সম্পত্তিৰ মোলৈ চুক এটাও নাৰাখিলা’ বুলি৷

—কথাটো তুমি ঠিকেই কৈছা ৰ’বা সনাতনৰ মাক৷ পিছে এতিয়াই মই ইহঁতক মাটি ভাগ কৰি দি সমাজত হাঁহিয়াতৰ পাত্ৰ হ’ব নোৱাৰোঁ দেই৷

বংশৰ মৰ্য্যদা ৰক্ষা কৰাৰ স্বাৰ্থত কথাটো ক’লে যদিও পত্নীৰ কথাও উলাই কৰিব পৰা বিধৰ নহয়৷ সেয়েহে পতি-পত্নীয়ে পৰামৰ্শ কৰি দুটা বছৰৰ ভিতৰতে অগা-পিছাকৈ দুয়োজনী ছোৱালীক বিয়া দিলে৷দিগন্ত পঢ়া শুনাত চোকা৷ভালদৰে মেট্ৰিকটো পাছ কৰাত গুৱাহাটীৰ কলেজতে হোষ্টেলত ৰাখি তাক পঢ়ুৱাৰ ব্যৱস্থা কৰিলে৷ 

—দিগন্তক পঢ়ুৱাৰ নামত ইমান টকা খৰচ কৰিবি আৰু মই ঠিকা কৰি তোৰ সকলো বিক্ৰী যোৱা মাটি ঘুৰাই আনিম বুলি কোৱাৰ পিছতো টকা নিদিলি৷মোৰ ভাগটো মোক উলিয়াই দে,সেয়া বেছি মই ঠিকা কৰিম৷

অৱশেষত দেৱী মহাজনে আৰু কেই বিঘামান ৰুপিত মাটি বিক্ৰী কৰি তাক ঠিকা কৰিবলৈ কেইলাখমান টকা দিলে৷নাকী পিন্ধোৱাৰ মানসেৰে সোনকালে বিয়াখনো তাৰ পাতি দিলে৷পাঁচ বছৰমান সি ঠিকাৰ কামত দিনে ৰাতিয়ে একাকাৰ কৰিলে৷এই পাঁচ বছৰত দুখন জৰাজীৰ্ণ ট্ৰাক কিনাৰ বাহিৰে সি কি উন্নতি কৰিলে দেৱী মহাজনে একো উমঘাম নাপালে৷ সুধিলে কয় বিল ফচি আছে৷টকা নিদিলে বিল পাছ নকৰে৷পাকে প্ৰকাৰে সি বাপেকক আকৌ টকা খুজিলে৷বাপেকে দেখিলে যে ডাঙৰ পুতেকে এইখন ভিকহুৰ ঘৰ কৰিহে এৰিব৷গতিকে তাৰ কথাত বৰ এটা মনকাণ নিদিলে৷দিগন্তৰ চাকৰিটো হোৱাৰ পিছতে তাৰ বিয়াখনো পাতি দি একপ্ৰকাৰ দেৱী মহাজনে সকলো দায়িত্বৰ পৰা অব্যাহতি ল’লে৷বিয়া পাতি দিয়া বুলি ক’লে অৱশ্যে ভুল কোৱা হ’ব৷দুবিঘা মাটি পিতাকে বেছিবলৈ ওলাইছিল যদিও সি বাধা দি ক’লে৷

—কিমান মাটি বেছি থাকিবি অ’ পিতাই!ভূ-সম্পত্তি দেখোন নোহোৱাই হ’ল৷চাকৰি কৰোঁ যেতিয়া মোৰ বিয়াৰ খৰচ মই নিজেই যোগাৰ কৰিম৷দাদাৰ পাঁচটা ল’ৰা ছোৱালীৰ সৈতে এই বৃহৎ পৰিয়ালটো নহ’লে কেনেকৈ চলাই নিবি?

সৰু পুতেকৰ হস্তক্ষেপত যেনিবা এইবাৰ ভূ-সম্পত্তিৰ কোনো হানি-বিঘিনি নহ’ল৷পিছে হ’লে কি হ’ব মেৰামতি কৰিবলৈ ধনৰ অভাৱ হোৱাত ট্ৰাক দুখন ঘৰতে জহি-পমি যাবলৈ ধৰিলে৷সনাতনক ঠিকাৰ সামগ্ৰী যোগান ধৰা সৰু সৰু ঠিকাদাৰে পাবলগীয়া টকা বিচাৰি ৰাতি নৌ পুৱাওঁতেই তাৰ ঘৰলৈ তাঁত-বাটি কাঢ়িবলৈ ধৰিলে৷অৱশিষ্ট খেতিমাটিৰ সামান্য এটা অংশ ৰাখি বাকীখিনিও বিক্ৰী কৰি দিলে আৰু এইদৰে দিনে-ৰাতিয়ে ঘৰলৈ সোঁত বোৱা এই সকল ধৰুৱাৰ পৰা সাময়িকভাবে দেৱী মহাজনে মুক্তি পালে৷ এসময়ত সকলোৱে সমীহ কৰি মহাজন বুলি মতা দেৱী ভূঞাক এতিয়া সকলোৱে ভিকহু মহাজন বুলিহে পৰিচয় দিবলৈ আৰম্ভ কৰিলে৷লাজতে মানুহজনে ঘৰৰ পৰা নোলোৱাই হ’ল৷এই দুখতে অতি সোনকালে মহাজনে এই সংসাৰৰ পৰা বিদায় ল’লে৷

পিতাকৰ মৃত্যুৱে সংসাৰৰ দায়িত্ব সনাতনৰ কান্ধত তুলি দিয়াত সি চকুৰে ধোঁৱা-কোৱা দেখিবলৈ ধৰিলে৷ সাতোতা প্ৰাণীক ভৰণ-পোষণ দিবলৈ গৈ সি দিগ-বিদিগ হেৰুৱাই পেলালে৷বিভিন্ন পক্ষই পাবলগীয়া টকা বিচাৰি তাক বাটে ঘাটে দাবী ধমকি দিয়াতে ক্ষান্ত নাথাকি গাত হাত তুলিবলৈও কুণ্ঠাবোধ নকৰা হ’ল৷ অৱশেষত সি এটা কঠোৰ সিদ্ধান্ত লৈ পেলালে৷ গুৱাহাটীত নিগাজিকৈ থাকিবলৈ লোৱা ভায়েক দিগন্তক সপৰিয়ালে এদিন মতাই আনিলে৷নিশা ভাত খাই উঠাৰ পাচত আটাইকে তাৰ বিচনাৰ ওচৰলৈ মাতি আনিলে৷

—দিগন্ত!মৰমৰ ভাই!মোৰ আজিকালি গাটো ভালে নথকা হ’ল৷বি পি কোনোপধ্যেই তললৈ নামি নহা হৈছে৷ কেতিয়া সৰি পৰোঁ একো ঠিক নাই৷তোকটো মই একো দিব নোৱাৰিলোৱে,বৰং তোৰ ভাগৰ মাটিবাৰীও ময়ে বেছি সাং কৰিলোঁ৷এতিয়া আমাৰ যৎসামান্য খেতি মাটিৰে সৈতে এই বাৰী ভেটি আৰু চাৰিআলিৰ মাটিখিনিহে আছে৷আচলতে এইখিনি তোৰেই হ’ব লাগে৷তই মোক আজি এটা কথা দে মোৰ মৰমৰ ভাই! মোৰ অবিহনে তই ইহঁত পাঁচটা আৰু বৌয়েৰক চাবি৷ তোৰ হাততে ইহঁতক গটালোঁ৷

—তই কি এইবোৰ আবোল-তাবোল বকিব ধৰিছ দাদা?উচ্চ ৰক্তচাপ কিবা এটা বেমাৰ নেকি!তই ভাগি পৰা কাৰণে ঔষধে একো কাম কৰা নাই।কাইলৈ মোৰ লগত ওলাবি,তজবজীয়া কৰি পঠিয়াই দিম আৰু ইহঁতৰ কথা তই এনেকৈ নক’বি৷ভতিজা কেইটাক মোৰ ল’ৰা-ছোৱালী বুলিয়েই মই সদায় ধৰি লওঁ৷আমাৰ নিপুৱে যিমান মৰম পাব ইহঁতেও মোৰ পৰা একেই মৰম পাব৷কাইলৈ তই পুৱাই ওলাবি৷

পিছদিনা সনাতনক গুৱাহাটীলৈ নিবলগীয়া নহ’ল৷ বাৰীৰ গছৰ ডাল এটাত তাৰ নিথৰ দেহটো ওলমি থকা দেখিবলৈ পোৱা গ’ল৷তাৰ সকলো সকাম নিকাম শেষ কৰি দিগন্ত চাকৰিলৈ যাবলৈ ওলাল৷যাবৰ সময়ত ভতিজাকহঁতক অভয় দি সি ক’লে-

—আমি তিনিটাৰ লগতে তহঁত সাতোটাৰেই দায়িত্ব এতিয়া মোৰ কান্ধত৷অলপ কষ্ট হ’ব কিন্তু তহঁতে অলপো চিন্তা নকৰিবি,মই মোৰ দায়িত্ব সুকলমে পালন কৰিম৷


নিশা খাই বৈ পত্নী মীৰাৰ সৈতে দিগন্তই আলোচনা কৰিলে,এই বিশাল পৰিয়ালটো সামান্য দৰমহাৰে কেনেকৈ চলাই নিব পৰা যাব৷ 

—বুজিছা মীৰা!আমি আৰু সংসাৰ নবঢ়াও দিয়া৷ এতিয়াই দেখোন চলা মস্কিল হৈ পৰিছে৷তাতকৈ নিপুকে আমি মানুহ  কৰোঁ৷

—ময়ো তাকেই ভাবিছোঁ!দাদাৰ ল’ৰা-ছোৱালী কেইটাৰ লগ লাগিলে আমাৰ নিপুও যে অবাটে যাব খাটাং৷

কওঁ নকওঁকৈ এইবাৰ মীৰাই গল খেকাৰি এটা মাৰি ক’লে-

—মায়ে মোক মনে মনে ভিতৰলৈ মাতি নি বহুত কথাই ক’লে; দাদাৰ ল’ৰাকেইটাৰ এটাৰো হেনো মতি গতি ভাল নহয়৷পঢ়া-শুনাত এটাৰো মন নায়েই,বৰং বাপেকৰ নিচিনা কেবল দুই নম্বৰী কাম বিলাকতহে ধান্দা সিহঁতৰ৷ইহঁত কেইটাৰ সংস্পৰ্শৰ পৰা  আমাৰ নীপুক অলপ আঁতৰাই ৰাখিবলৈ কৈছে৷

—ল’ৰাহঁতে যি কৰে কৰিব; কিন্তু ছোৱালী দুজনীক বিয়া দিব লাগিব আমিয়ে; নহ’লে মোৰে মনটো ভাল নালাগিব,দাদাক কথা দিছোঁ সি বিচৰামতেই সকলো কৰিম বুলি৷ইহঁতে পঢ়া-শুনা নকৰিলেও কিবা কৰি খাব পাৰিব৷

—সময় বাগৰিল৷দিগন্তই প্ৰভিডেণ্ড ফান্দৰ পৰা নিজৰ জমাধনৰ ফাইনেল উইড্ৰ কৰি লগতে বেঙ্কৰ পৰাও পাৰচ’নেল ল’ণ লৈ জাকজমকতাৰেই ভতিজাক দুজনীক বিয়া দিলে৷ডাঙৰজন ভতিজাক আনন্দই এবাৰ মেট্ৰিক পৰীক্ষা দি ফেল কৰাত আৰু পৰীক্ষাই নিদিলে৷ক’ত কি কৰি ফুৰে সিহে জানে,তাৰ পিছে কোনোদিনে পইছাৰ অভাৱ নহয়৷দ্বিতীয়জনে মেট্ৰিকটো পাছ কৰি প্ৰাইমাৰী স্কুল এখনত সোমাইছে৷ বাকী দুজনৰ তুলনাত ই কিছু ভাল৷সৰুটো একেবাৰে বিহৰ গুটি৷সি কৰিব নোৱাৰা কাম এই পৃথিৱীত একোৱে নাই যেন লাগে৷দেখাত তাৰ একো আয়ৰ উৎসও নাই অথচ টকাৰো অভাৱ নাই৷মাকৰ কেতিয়াবাই হাড়ত বন গজিল৷ 

আজিকালি সনাতনৰ ল’ৰা কেইটাৰ জয় জয় ময় ময় অৱস্থা৷দিগন্তহে ধাৰত পোত গৈ থাকিল৷ঋণৰ ধন কাটি ৰখাৰ পিচত অৱশিষ্ট দৰমহাৰে কিবাকৈহে মাহটো চলিব পাৰে৷তাক অলপ সহায় কৰিবপৰকৈ নিপু এতিয়াও সক্ষম হৈ উঠা নাই; পঢ়া-শুনা সামৰি  চাকৰিৰ অনুসন্ধানত ব্যস্ত হৈ আছে৷যিহেতু এতিয়া ভতিজাকহঁতৰ অৱস্থা টনকিয়াল,গতিকে ঘৰৰ অৱশিষ্ট মাটিবাৰীখিনি ভাগ বাটোৱাৰা কৰোঁ বুলি সপৰিয়ালে এদিন গাঁৱৰ ঘৰলৈ গ’ল৷খুড়াকৰ কথা শুনি প্ৰথমতে ভতিজাকহঁতে পৰস্পৰৰ মুখলৈ চোৱা চুই কৰিলে৷

—আমি আকৌ ভাবি আছিলোঁ তুমি চহৰত ঘৰ-মাটি কৰি তাতেই থাকিবা বুলি।সকলোৱে দেখোন চাকৰি কৰি চহৰতে নিগাজীকৈ থাকিবলৈ লয়,ঘৰলৈ কেতিয়াও ঘুৰি নাহে৷তুমিও গাঁৱৰ মাটি বিচাৰি নাহিবা বুলিহে ভাবি আছিলোঁ আমি৷ঠিক আছে ল’ব খুজিছা যেতিয়া লোৱা,পৈতৃক সম্পত্তি আমি নিদিওঁ বুলিটো ক’ব নোৱাৰোঁ৷

ভাগ বাটোৱাৰা কৰিবলৈ গাঁৱৰ মূল মানুহকেইজন গোট খালে৷গাঁও বুঢ়াই মাত লগালে৷ 

—ইয়াতনো ভাগ কৰিবলৈ কিটো আছে! গোটেইখিনি মাটি দুভাগ কৰিলে হৈ গ’ল৷

—এয়া কেনেকৈ হ’ব খুৰা?নিপুৰ সৈতে আমি মুঠ চাৰিজন ভাই; গতিকে মাটি চাৰিভাগ হ’ব লাগিব৷ 

ডাঙৰ ভতিজাক আনন্দই মাজতে উঠি আহি মাত লগালে৷

—তেনেকৈ নহ’ব নহয় বোপাই৷সম্পত্তি দুই ভায়েকৰ মাজতহে ভাগ হ’ব,দেউতাৰৰ ভাগটোহে তহঁত তিনিজনে পাবি৷বাকী আধা খুৰাৰে পাব৷

—নাই আমি নিদিওঁ এনেকৈ ভাগ কৰিবলৈ৷খুৰাই আচলতে মাটিৰ ভাগ পাবই নালাগে,তেওঁৰ পঢ়াৰ নামত দেউতাই কম খৰচ কৰিছেনে?

এইবাৰ সৰু ভতিজাক চন্দনে উঠি আহি যুদ্ধং দেহী মনোভাৱেৰে ক’লে৷

—ৰাইজৰ কথাই নুশুন যদি আমাক কেলেই মাতি আনিলি?নিজেই ভাগ কৰি ল’ব পাৰ তহঁতে৷

গাঁও বুঢ়াই বিৰক্তিৰে কৈ উঠিল৷

অনেক তৰ্ক বিতৰ্ক,বাক বিতণ্ডাৰ মাজত ঠিক হ’ল যে মুঠ সম্পত্তিৰ তিনিভাগৰ দুই অংশ ভতিজাকহ’তে পাব এক অংশ খুৰাকে পাব৷সেই মতে বস্তিৰ মাটিৰ কিছু আৰু মেইন চকত থকা মাটিৰ এটা অংশ দিগন্তৰ নামত থাকিল৷ইতিমধ্যে চাকৰিৰ পৰা সি অৱসৰ ল’লে।ধাৰ থকা কাৰণে প্ৰভিডেণ্ড ফাণ্ডৰ পৰা নামমাত্ৰহে টকা পালে৷হ’লেও সেই টকাৰেই সি সৰুকৈ হ’লেও সিহঁত তিনিটা থাকিবপৰাকৈ এটা ঘৰ সাজিবলৈ বুলি গাঁৱলৈ গ’ল৷গৈ দেখে তাৰ মাটিত এটা প্ৰকাণ্ড অট্টালিকা উঠি আছে৷সি হতবাক হৈ পৰিল৷মালিকক লগ ধৰাত চন্দনৰ পৰা আটাইখিনি মাটি কিনি লোৱা বুলি ক’লে৷ মাটিখিনি যে চন্দনৰে হয় তাৰ প্ৰমাণ হিচাপে চন্দনৰ নামত হোৱা নামজাৰি আৰু চিঠা বহীৰ কপিও আনি দেখুৱালে৷দিগন্ত আগৰে পৰা হোজা; সকলোকে বিশ্বাস কৰে৷ভাবিছিল তাৰ ভাগত এইখিনি মাটি পৰিছেই  যেতিয়া যি ভাগে আছে মাটি সেই ভাগেই থাকিব৷ এতিয়া ভতিজাকৰ এই হঠকাৰিতাত তাৰ মূৰত বিনামেঘে বজ্ৰপাত পৰিল৷কোৱাৰ্টাৰৰ পৰা ওলাই সি এতিয়া ক’ত থাকিব৷ভতিজাকহঁতক ডাঙৰ-দীঘল কৰাৰ নামত চহৰত মাটি এটুকুৰাও কিনা নহ’ল৷ তাতেই মূৰে কপালে হাত দি বহি পৰিল৷কিছু সুস্থিৰ হৈ চন্দনক সুধিবলৈ ঘৰ ওলালগৈ৷ভিতৰ সোমাবলৈকে নাপালে,গেটৰ পৰাই অকথ্য ভাষাৰে গালি পাৰি পঠিয়াই দিলে৷চন্দনৰ মুখৰ পৰাই ওলাল খুৰাকৰ ভাগৰ বাৰীৰ পিছফালৰ মাটিখিনিটো ডাঙৰ ভতিজাক আনন্দই ফিচাৰী খান্দি লৈ মাছৰ ব্যৱসায় কৰিছে৷ লাজে দুখে অপমানে ঘৰলৈ ঘুৰি গৈ পত্নী নীৰাক সকলো ভাঙি পাতি ক’লে৷

—মই আগতেই আপোনাক কৈছিলোঁ,সিহঁতক সহায় কৰিব খুজিছে কৰক,কিন্তু কেতিয়াও বিশ্বাস নকৰিব৷ দেউতাই এবাৰ দুয়োজনৰ মাজত মাটি ভাগ কৰি দিব খুজিলে,মহাজনৰ মুখত কালিমা সনা যাব বুলি আপুনি সেয়া কৰিবলৈ নিদিলে৷নাতিহঁতৰ গতি-গোত্ৰ জানিব পাৰি পিচত মায়ে মোক বাৰে বাৰে কৈছিল আপোনাক জোৰ দি ক’বলৈ, তেখেত থাকোঁতেই মাটি বাৰীৰ জেং মাৰি ল’বলৈ,যিহেতু সিহঁত এতিয়া স্বাৱলম্বী হৈ উঠিছে। ময়ো কিমান হেঁচা দিলোঁ আপোনাক,ভতিজাকহঁতৰ মুখলৈ চাই আপুনি একো নকৰিলে৷এতিয়া ক’ত থাকে থাকক৷কেইমাহমানৰ পিচতে কোৱাৰ্টাৰ খালী কৰি দিব লাগিব৷দেউতাকে সজোৱা ঘৰ এতিয়া মৰমৰ ভতিজাকহঁতৰ দখলত৷ইমান দিনে চৰকাৰী আৱাসত ভিকহু হৈ দিন কটালোঁ,এতিয়া পথৰ ভিকহু হ’ব লাগিব।

—দুখ,অভিমানত কোনোদিনে খং নুঠা মানুহজনী ক্ষোভত ফাটি পৰিল৷ 

দেউতাকৰ নিচিনা নীপুও সহজ-সৰল যদিও সকলোবোৰ নীৰৱে সহ্য কৰি যোৱা বিধৰ ল’ৰা সি নহয়৷হুলেৰে হুল কঢ়াৰ মনোভাৱ বাপেকৰ পৰা নাপালেও হয়তো বৰদেউতাকৰ ল’ৰাকেইটাক সৰুৰে পাই এই মনোবৃত্তি জাগ্ৰত হৈ উঠিল৷সি জানে যে চন্দনৰ উভৈনদী টকা অথচ দিনটো ঘৰতে শুই বহি থাকে দেখাত একো আয়ৰ পথ নাই৷আগৰ পৰাই জানে যে সি কাষতে থকা থানা খনৰ এটা দালাল৷জামিনৰ নামত অ’চিৰ হৈ ধন দাবী কৰাই তাৰ মুখ্য কাম৷ শেহতীয়াকৈ চন্দনৰ আয়ৰ পথত আন এক উৎসৰ সংযোজন ঘটাও তাৰ কৰ্ণগোচৰ হ’ল৷নিশা ট্ৰাকত পুলিচৰ তালাচীৰ সময়ত ড্ৰাইভাৰৰ লগত ধনৰ দৰদাম কৰা৷অসুৰ যেন চেহেৰাটোৱে তাক এই কামত যথেষ্ট সহায় কৰিছে৷এইদৰে আদায় কৰা ধন নাতিদূৰৈত ৰৈ থকা পুলিচৰ লগত ভাগ বতৰা কৰে৷বক্ৰ পথেৰে উপাৰ্জন কৰা অসীম ধন আৰু হাতৰ মুঠিত থকা পুলিচৰ শক্তিৰ ওপৰতে সি আজিকালি মেলি দিয়া বলীয়া হাতীৰ নিচিনা আচৰণ কৰে৷ 

নিপুৰ নিচিনা ইমান শান্তশিষ্ট ল’ৰাটোৱে কেনেকুৱাকৈ ইমান নিখুঁত পৰিকল্পনা কৰিব পাৰে সেয়া আমাৰ নিচিনা অল্পমতিৰ সপোনৰো অগোচৰ৷এদিন এইদৰে দ্ৰাইভাৰৰ লগত খিৰীকিৰে দৰদাম কৰি থাকোঁতেই তীব্ৰ বেগেৰে ট্ৰাকখন চলাই দিয়াত সি পৰি গৈ পিছৰ চকাৰ তলতে সোমাই পৰিল৷মূৰৰ ওপৰেদি চকা পাৰ হৈ যোৱাত সি চিৰদিনলৈ এই পৃথিৱীৰ পৰা মেলানি মাগিলে৷আগত পুলিছ ৰৈ আছিল যদিও দ্ৰাইভাৰৰ বলিয়ালি দেখি সিহঁতেও ফৰিং চিটিকা দিলে৷ট্ৰাকৰ নং নোট কৰি লৈছিল,অনুসন্ধানৰ অন্তত সেইখন গুৱাহাটীত চলি থকা এখন চিটিবাছ ওলাল৷কেঁচু খান্দোতে সাপ ওলোৱাৰ ভয়ত পুলিচেও কেচৰ যতি ইমানতে পেলালে৷ 

এইবাৰ আহিল বস্তিৰ মাটি দখল কৰা ককায়েক আনন্দৰ পাল৷আনন্দই সদায় ৰাতিপুৱাই পুখুৰীত মাছৰ কাৰণে খাদ্য দিবলৈ যায়৷এয়া তাৰ নিত্যনৈমিত্তিক ঘটনা৷মাছৰ আধাৰ দিয়াৰ সুবিধাৰ কাৰণে পানী ভাগত দুটা বাহৰ খুটা পুতি তাত তামোল কেইডালমান দীঘলীয়াকৈ বান্ধি দিছে৷এই চাংখনক সিহঁতে বলান বোলে৷সেইদিনাও বলানত উঠি খাদ্যৰ বস্তাটো আগলৈ টানি নি বহিবলৈ লৈছেহে মাত্ৰ,বাঁহৰ খুটাৰ পৰা পাৰি দিয়া তামোলকেইডালৰ গাঁঠি চিঙি সি পানীতে ধমকৈ হামকুৰি খাই পৰিল৷চোৰে নিশা মাছ মাৰি নিব নোৱাৰাকৈ আনন্দই গোটেই পুখুৰীটোত কিছুমান বাঁহ আৰু গছৰ ডাল পুতি থৈছিল; অৱশ্যে গা-ধোৱাৰ সুবিধা হোৱাকৈ বলানৰ ওচৰে-পাজৰে একো নাছিল৷সেইদিনা বলানৰ কাষতো পানীৰ তলত ওপৰলৈ জোং ওলাই থকা ফলা বাঁহ বিলাক ক’ৰ পৰা আহিল জানো,তাৰে এডাল বাঁহ আনন্দৰ পেটলৈ সোমাই গ’ল৷কিছুদিন হস্পিতালত থকাৰ পিচত সিও মৰি থাকিল৷সকলোৱে ভাবিলে আনন্দই মাছ চিকাৰীৰ কাৰণে পাতি থোৱা ফান্দখনত নিজেই বজিল৷ নিপুৱেহে জানে চিকাৰীও কেতিয়াবা অসাৱধান হ’লে নিজেও চিকাৰ হৈ পৰিব লাগে৷দাৰোগাৰ লগত অনবৰত উঠা বহা কৰি হ’মগাৰ্ড কেইজনক মানুহ বুলি জ্ঞান নকৰাত সিহঁত খৰ্গহস্ত হৈ ইয়াৰ প্ৰতিশোধ ল’বলৈ চল চাই থকাৰ উমান সি যেনেতেনে সংগ্ৰহ কৰিলে৷ ফলত তাৰ কাম একেবাৰেই উজু হৈ পৰিল৷

*******

Leave a Reply

Your email address will not be published. Required fields are marked *