পৰীক্ষাৰ প্ৰতিযোগিতা-অনামিকা(সংগীতা)কলিতা

“সোণ আহিলি?” 

“অ।”

“কিবা হৈছে নেকি ?” 

“মা,গণিতৰ বহী দিছে।এইবাৰ মোৰ খবৰ বেয়া।ৰমেন আৰু মই একে নম্বৰ পালোঁহেঁতেন কিন্তু সি বহীত চাফ-চিকুণৰ কাৰণে পাঁচ নম্বৰ বেছি পালে।এইবাৰ সি প্ৰথম হৈছে,মই দ্বিতীয়।কি কৰিম ভাবি পোৱা নাই।”

“বোপা,এইটো দুখ কৰিব লগা কথা নহয়।কেতিয়াবা বন্ধু এজনে তোমাতকৈ বেছি পাইছে তাকে লৈ তুমি খং, অভিমান বা হিংসা নকৰিবা।নিজৰ কোনখিনিত ভুল হৈছে সেইটো শুধৰাবলৈ চেষ্টা কৰিবা।”

“কেনেকৈ মা?”

“বোপা,আজি বহীৰ চাফ-চিকুণৰ কথাকে উদাহৰণ হিচাপে লোৱা।তোমাৰ বহীটো আনাচোন ।”

 “মা,এইটো লোৱা।”

 “বোপা,দেখিছা তোমাৰ আখৰবোৰ ভালেই হৈছে কিন্তু (ছাইডত)কাষত এইবোৰ অংক কৰি কাটি থৈছা।”

“মা,তেনেহ’লে কেনেকৈ কৰিম??”

“বোপা,পৰীক্ষাৰ বহী দিওঁতে শিক্ষকক অংকবোৰ কৰাৰ কাৰণে পাত এখিলা বেলেগকৈ তুমি খুজি ল’বা।সেই পাতটোত পেঞ্চিলেৰে কৰি ৰবৰেৰে মচি যিমান অংক তেনেকৈ কৰিব পাৰি,কৰিবা।যদি বেলেগ পাত নিদিয়ে কাষতে পেঞ্চিলেৰে কৰি ৰবৰেৰে মচিবা। তেতিয়া বহীটো লেতেৰা দেখা নাযায়।বুজি পালা নে?”

” অ’ মা, এতিয়া বুজি পালোঁ।তুমি ইমান সুন্দৰকৈ বুজাই দিলা।আগলৈও মই তেনেকৈ কৰিম!!”

” বোপা,জীৱনত সমস্যা থাকে কিন্তু সমাধানৰ পথো থাকে।অলপ ভাবি চালেই পোৱা যায়।”

” হয় মা।”

*******

Leave a Reply

Your email address will not be published. Required fields are marked *