বিগত-চুমি কলিতা
এন্ধাৰ গভীৰ বাট
দূৰৈত সেয়া কুলি নে কেতেকীৰ মাত
প্ৰেমৰ বাবে ফাগুন নে যাতনাৰ বাবে ফাগুন
আমি কোনেও নাজানো
অথচ শিমলুুৰ ৰঙা আজিও বুকুলৈকে উজাই।
থাকক এইবেলিৰ ফাগুন অবাটত,
যোৱা বাৰৰ ফাগুনক আজিও সামৰি ৰাখোঁ
মই জানো তোমাক লগ পালেই নাহে মোৰ সপোন উভতি
তথাপি জানো, শীৰ্ণ সাধুটোৰ শেষত যিদিনাই তোমাক লগ পাম
পৃথিৱীৰ সমস্ত পৱিত্ৰতাৰে তুমি ক’বা
‘পাৰিলে ক্ষমা কৰি দিবা।’
হৃদয়ৰ সমস্ত আকুলতাৰে মই আজিও কম-
‘সদায় কুশলে থাকিবা!’
ফাগুন নাহিলেও এইজাক বসন্ত মোৰেই
তাক দুনাই নোজোকাবা।
*******