মূল:ভৱিষ্যত দ্ৰষ্টা, গুলশন ঘোষ:অনুবাদ-মামণি কলিতা
শুকান পাতবোৰ উৰি আহি বিছনা চাদৰৰ ওপৰত পৰিছেহি।তাতেই দহ,বিশ,পঞ্চাছ,এশ,দুশ টকাৰ নোটবোৰ জমা হৈছে।কোনোবাই আকৌ খুচুৰা পইচা দি প্ৰণাম জনাই গুচি গৈছে।বিছনা চাদৰখনৰ ওপৰত থোৱা হৈছে বিভিন্ন অজানা গছৰ শিপা,কিছু ৰং বিৰঙৰ পাথৰ,লো আৰু তামৰ আঙুঠি।
গছৰ তলতে অমূল্যচৰণ শাস্ত্ৰী বহি আছে।আগতে তেখেতৰ নাম আছিল অমূল্য সাঁতৰা।শাস্ত্ৰী তেওঁৰ উপাধি।ইয়াৰ উপৰিও তেখেতৰ আৰু এটা উপাধি আছে-ৰত্নপ্ৰভাকৰ।
পুত্ৰৰ চিকিৎসাৰ বাবে ভেলোৰলৈ গৈছে।পুত্ৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা এসপ্তাহ হ’ল।গোটেই দিনটো এনেই অকলে থাকি সময় নাযায় নুপুৱাই যেন লাগিছে তেওঁৰ।সেয়ে চি.এম.চি.ভেলোৰৰ পুৰণি বিল্ডিঙৰ গেটৰ বাহিৰৰ গছৰ তলত বহি মানুহৰ হাত চাই ভৱিষ্যতবাণী কৰা কাম আৰম্ভ কৰিছে।ইতিমধ্যে বহুত দীঘল লাইন হৈছে মানুহৰ।তেওঁৰ ওচৰত যিসকলে হাত দেখুৱাইছে,সকলো ইয়ালৈ চিকিৎসা কৰাবলৈ অহা লোক।অমূল্যচৰণে তেওঁলোকৰ বিভিন্ন প্ৰশ্নৰ সমাধান দিছে।লগতে কাৰোবাক গছৰ শিপা বা গ্ৰহৰত্ন পিন্ধাৰ পৰামৰ্শও দিছে।মিৰাকল…ৰোগী সুস্থ হৈ উঠিছে।অমূল্যচৰণৰ গ্ৰহৰত্নৰ কথাও আলোচনা হৈছে। এনে সময়তে অমূল্যচৰণৰ ভৰিত ধৰি কলকাতাৰপৰা অহা এক ব্যৱসায়ী দম্পতীয়ে ৰোগী সুস্থ হোৱাৰ আনন্দত নগদ দহ হাজাৰ টকা তেওঁৰ হাতত দিলে।
গৰ্বেৰে সৈতে অমূল্যচৰণে তেওঁলোকক ক’লে-“মই কৈছিলোৱেই নহয়,আপোনালোকক যে আপোনালোকৰ টকা কেতিয়াও নষ্ট নহয়।১০০% গেৰাণ্টি,ৰত্নপ্ৰভাকৰৰ কথা মিছা নহয়।”ওচৰত ৰৈ থকা লোকসকলৰ এইবোৰ দেখি-শুনি লাহে লাহে বিশ্বাস দৃঢ় হৈ উঠিছে।যেনেদৰে বৰষুণৰ আগে আগে পাহাৰৰ ওপৰত পুঞ্জীভূত ভাসমান মেঘৰ থুপ জমা হোৱা দেখা যায় ঠিক তেনেদৰে।
পুত্ৰৰ অপাৰেশ্যনৰ বাবে প্ৰয়োজনীয় টকাৰ যোগাৰ কেনেকৈ হ’ব বুলি অমূল্যচৰণ চিন্তিত হৈ আছিল।কিন্তু মানুহৰ ভৱিষ্যত গণনা কৰি এসপ্তাহৰ ভিতৰতে সকলো টকা তেওঁ যোগাৰ কৰিবলৈ সক্ষম হ’ল।স্বস্তিৰ নিঃশ্বাস পেলাই ৪ নম্বৰ কাউন্টাৰত টকা জমা দিবলৈ ৰৈ আছে অমূল্যচৰণ।কাইলৈ অপাৰেশ্যন হ’ব।অমূল্যচৰণৰ চকুৱে মুখে উদ্বেগ,উৎকন্ঠা ফুটি উঠিছে।মনৰ মাজত দুঃচিন্তাই বাহ লৈছে।হঠাৎ টোকেন নম্বৰ ১৪ বি বুলি মতাৰ লগে লগে অমূল্যচৰণ উদ্বিগ্ন হৈ পৰিল।এতিয়া টকা জমা কৰিব নালাগে।আপোনাক ডাক্তৰে মাতিছে, আগতে তেখেতক লগ কৰিবলৈ যাব লাগে বুলি জনালে।খৰ খোজেৰে তেওঁ ডাক্তৰৰ চেম্বাৰলৈ আগুৱাই গ’ল।ভিতৰত অন্য পেচেন্ট সোমাই থকাৰ বাবে অমূল্যচৰণে দুৱাৰৰ ওচৰলৈ গৈ অপেক্ষা কৰিলে। চেম্বাৰৰ দুৱাৰৰ সন্মুখত,ওচৰতে তেওঁৰ এজন ভক্ত থিয় হৈ আছে।ভক্তৰ হাতত অমূল্যচৰণে দিয়া গছৰ শিপা,ৰঙা সুতাৰে বান্ধি থোৱা জিলিকি আছে।তেওঁক ওচৰত দেখি ভক্তই মনত সাহস পোৱা যেন অনুভৱ কৰিলে।চকুৱে চকুৱেই দুয়ো দুয়োকে সম্ভাষন জনালে। ভিতৰৰপৰা অমূল্যৰ নাম মতাত তেওঁ সোমাই গ’ল। অলপ সময়ৰ পিছত হঠাৎ ভক্তই ভিতৰৰপৰা অহা কান্দোনৰ শব্দ শুনি কৌতূহল বশতঃদুৱাৰখন অলপ ফাঁক কৰি চাই দেখিলে যে অমূল্যচৰণ শাস্ত্ৰী মহাশয়ে জোৰ জোৰকৈ কান্দিছে আৰু কৈছে-“ডাক্তৰ বাবু মোৰ ল’ৰাক যেনেতেনে বচাওক।”
অমূল্যৰ ভক্তই এয়া শুনি ভয় ভয়কৈ তেওঁৰ বাহুত বান্ধি থোৱা ৰঙা সুতাৰ শিপা টুকুৰালৈ চাই সেপ গিলিবলৈ লাগিল।
*******