মূল:সুধা মূৰ্তিৰ Life secret lessons: ভাৱানুবাদ:বিজয়া শৰ্মা
(মূল…সুধা মূৰ্তিৰ “The day I stopped drinking milk” গ্ৰন্থ খনৰ “Life secret lessons” ৰ দহটা জীৱনৰ শিক্ষাৰ পৰা পাঁচটা “জীৱনৰ শিক্ষা”ৰ ভাৱানুবাদ)
মোৰ প্ৰথম শিক্ষা… এটা সময়ত মই উপলব্ধি কৰিব পাৰিলোঁ যে শিশুসকলেহে সঁচা কথা কয় আৰু এজনৰ বুদ্ধিদীপ্ততাৰ ওপৰত প্ৰকৃত ৰায় দিব পাৰে শিশু সকলেহে।এদিন মই কলিকতাত শিশুৰ এখন কিতাপ শুভাৰম্ভ কৰিব গৈছিলোঁ।বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা শিশুসকল সেই অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ আহিছিল।কিতাপখনৰ শুভাৰম্ভ কৰিবলৈ গৈ মই কিতাপখনৰ কেইটামান গল্প পাঠ কৰিছিলোঁ।যেতিয়া মই পাঠ কৰিবলৈ আৰম্ভ কৰিলোঁ,এজন ল’ৰাই থিয় হৈ ক’বলৈ ধৰিলে,”আন্টি,আপুনি বৰ সুন্দৰ লিখে কিন্তু বেয়াকৈ পাঠ কৰে।”মই ল’ৰাজনলৈ চালোঁ,উজ্জ্বল চকুযুৰিৰে সৈতে বাৰ বছৰীয়া এজন তীক্ষ্ণ বুদ্ধিসম্পন্ন ল’ৰা।
তেওঁৰ শিক্ষকে ল’ৰাজনক মনে মনে থাকিবলৈ ক’লে। মই কিন্তু তেওঁক মানা কৰিলোঁ।ক’লোঁ,”অনুগ্ৰহ কৰি শিশুটোক মনৰ কথা ক’বলৈ দিয়ক।প্ৰকৃত সত্য কথা শিশুসকলেহে ক’ব পাৰে।”
মই ল’ৰাজনক মাতিলোঁ আৰু ক’লোঁ,”তুমি মোৰ হৈ সাধুটো পঢ়ি দিব পাৰিবানে?”
ল’ৰাজনে ক’লে,”নিশ্চয় পঢ়িব পাৰিম। মই স্কুলৰ এজন অভিনেতা।গতিকে মই জানো সাধুটো কওঁতে কেনেকৈ স্বৰ পৰিবৰ্তন কৰি পাঠ কৰিব লাগে,যিটো আপুনি নাজানে।”
মই সন্মত হ’লোঁ।মইতো অভিনেত্ৰী নহয়,মই এগৰাকী লেখিকাহে।
ল’ৰাজনে ইমান সুন্দৰ কৈ সাধুটো অভিনয়ৰ সুৰত পাঠ কৰিলে,মোৰ অন্তৰত সঁচাকৈয়ে সাঁচ বহুৱাই গ’ল।
মই অনুভৱ কৰিলোঁ,লেখা পাঠ কৰোঁতে জীৱনত প্ৰথমবাৰৰ বাবে মই এগৰাকী প্ৰকৃত সমালোচকক লগ পালোঁ।
দ্বিতীয় শিক্ষা…সংস্থাৰ কামৰ অংশ হিচাপে মই ভাৰতৰ বিভিন্ন ঠাইত ঘূৰিব লগা হৈছিল।আমাৰ দলটোৱে পাঁচটা প্ৰাকৃতিক দুৰ্যোগৰ ঠাই গুজৰাটৰ ভূমিকম্প,তামিলনাডু আৰু আন্দামানৰ চুনামি, খৰাংপীড়িত মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক,উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশৰ বানপানী আৰু উৰিষ্যাৰ ঘূৰ্ণিবতাহ বিধ্বস্ত অঞ্চলত কাম কৰিছিল।
প্ৰত্যেক প্ৰাকৃতিক দুৰ্যোগে মোক এটা শিক্ষা দিছিল। মই শিকিছিলোঁ প্ৰকৃতিৰ ওচৰত মানুহৰ শক্তি অতি সীমিত,আৰু অকল টকা,পইচাৰেই সকলোকে সহায় কৰিব নোৱাৰি।জীৱনৰ বহুত বস্তুৱেই টকাৰে সলনি কৰিব নোৱাৰি।
তৃতীয় শিক্ষা…মই সংস্থাৰ কামত বিভিন্ন ঠাইত ঘূৰি ফুৰোঁতে বিভিন্ন ধৰণৰ মানুহ যেনে অতি দুখীয়া, গুণী,মানী শিল্পী সকল,সফল ব্যক্তি সকল,প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্তসকল আৰু যি সকলে কঠোৰ পৰিশ্ৰমেৰে সফলতাৰ শিখৰত আৰোহণ কৰিছে সকলোৰে সংস্পৰ্শত আহিছোঁ।কিছুমান অকৃতজ্ঞ মানুহকো লগ পাইছোঁ।সকলোতকৈ আচৰিত কথা কিছুমান মানুহ বাহিৰৰ পৰা যিমান ভাল,ভিতৰি কিন্তু তেনেকুৱা নহয়।তেওঁলোকৰ লগত ঘনিষ্ঠ হোৱাৰ লগে লগে মই তেওঁলোকৰ প্ৰতি ধৰি ৰখা ছবিখন সলনি হ’বলৈ ধৰে।
যেতিয়া মোক কোনোবাই প্ৰতাৰণা কৰে মই বৰ নিৰুৎসাহ হওঁ আৰু মোৰ বৰ খং উঠে।মই তেতিয়া মোক প্ৰতাৰণা কৰা ব্যক্তিসকলক হাতে-লোতৰে ধৰি মোৰ অসন্তুষ্টি ব্যক্ত কৰোঁ।আজিকালি বহুত সন্তানেও নিজৰ পিতৃ-মাতৃক ঠগে।
কেইবছৰমান আগৰ কথা।আমি দুখীয়া মানুহখিনিক কেঞ্চাৰৰ চিকিৎসাৰ কাৰণে দৰব কিনিবলৈ কিছু সাহায্য দিবলৈ বুলি এটা সোমবাৰ সংৰক্ষিত কৰি ৰাখিছিলোঁ।সাহায্য পাবৰ কাৰণে প্ৰমাণ হিচাপে সেইসকল মানুহে সাধাৰণতে কেঞ্চাৰ হাস্পতালৰ পৰা এখন চিঠি লগত লৈ আনিব লাগিছিল।
এদিন মোৰ গাড়ীখন সংস্থাৰ গেটৰ ওচৰত ৰখাই থোৱা আছিল।বৰষুণ দি থকাৰ কাৰণে মই এটা ছাতিৰ কাৰণে গাড়ীৰ ভিতৰতে অপেক্ষা কৰি আছিলোঁ।সেই সময়তে মোৰ সন্মুখত ৰৈ থকাএখন গাড়ীলৈ চকু যোৱাত দেখিলোঁ গাড়ীখনৰ পিছৰ চিটত এগৰাকী মহিলা বহি আছিল।মই দেখিলোঁ মহিলাগৰাকীয়ে তেওঁৰ কাণৰ হীৰাৰ কানফুলিযোৰ খুলি বেগত ভৰাই গাড়ীৰ পৰা নামি আহিছে।মই সেই সময়ত একো ভবা নাছিলোঁ আৰু ছাতিটো লৈ মোৰ কাৰ্যালয়লৈ গুচি আহিলোঁ।মই দেখিলোঁ মানুহগৰাকীয়ে কেঞ্চাৰ হাস্পতালৰ চিঠি লৈ মোৰ ওচৰত সাহায্যৰ পইচা বিচাৰি আহিছে।
মই তেওঁৰ মুখলৈ চাই হাঁহিলোঁ আৰু নম্ৰভাৱেৰে ক’লোঁ,”কেঞ্চাৰৰ দৰব হীৰাৰ কানফুলিতকৈ সস্তা। আপোনাতকৈও বহুত মানুহৰ এই দৰবৰ প্ৰয়োজন বহুত বেছি।”
মই উপলব্ধি কৰিলোঁ,টকা,পইচাই মানুহক সলনি কৰি দিব পাৰে।খুব কম সংখ্যক মানুহেহে টকাৰ লোভ সম্বৰণ কৰিব পাৰে।
চতুৰ্থ শিক্ষা–মই অতি দৰিদ্ৰজনৰ পৰাও জীৱনৰ শিক্ষা পাইছোঁ।
মোৰ এটা যাত্ৰাত মই এখন গাঁৱলৈ গৈছিলোঁ। সেইদিনা সন্ধিয়া লাগি ভাগিছিল আৰু মই মোৰ এজন বন্ধু নীৰৱৰ ঘৰতে থাকিলোঁ।তেওঁৰ ঘৰটো ডাঙৰ আছিল।তেওঁৰ ককাকজন স্থানীয় ভাষাৰ এজন ডাঙৰ লেখক আছিল আৰু জীৱিত অৱস্থাত বহুত সন্মান লাভ কৰিছিল। নীৰৱৰ আইতাকে ককাকে পোৱা বঁটাসমূহৰ বিষয়ে মোক ক’বলৈ ধৰিলে।নীৰৱে মোক কাষলৈ মাতি আনি ক’লে,”মোৰ আইতা এতিয়াও অতীততে আছে।ককা ঢুকোৱা বহুত বছৰেই হ’ল। এতিয়াৰ প্ৰজন্মই ককাক পাহৰিয়েই গৈছে।”
মই তেওঁক ক’লোঁ,”তোমাৰ ককাই লাভ কৰা বঁটাসমূহ মোক দেখুৱাব পাৰিবানে কি?”
তেওঁ মোক ওপৰৰ কোঠাটোলৈ লৈ গ’ল।কোঠাটো ধূলিৰে পৰিপূৰ্ণ হৈ আছিল।কোঠাটো বহুত প্ৰশংসা পত্ৰ আৰু মেডেলেৰে ভৰি আছিল।এটা বাকচ গাত লোৱা চাদৰেৰে ভৰি আছিল আৰু আছিল ধূলিৰে পৰিপূৰ্ণ হৈ থকা বহুত কিতাপ।তেওঁ ক’লে,”মোৰ ককা যেতিয়া জীয়াই আছিল তেতিয়া তেওঁৰ বন্ধুবোৰ আহি আছিল আৰু কিতাপবোৰ পঢ়িছিল।এতিয়া কিন্তু সকলোৰে মৃত্যু হ’ল। মই আইতাক কিতাপবোৰ পুথিভঁৰাললৈ দান দিব কৈছিলোঁ।কিন্তু আইতাই নুশুনিলে। মই মুম্বাইৰ দুকোঠালীয়া এটা সৰু ঘৰত থাকোঁ।তাৰে এটা ৰুমত সন্তান থাকে।মই বংশৰ একমাত্ৰ উত্তৰাধিকাৰী। আইতাই কিন্তু ককাৰ সকলোবোৰ বস্তু মই ৰাখি থোৱাটো বিচাৰে।মই উপলব্ধি কৰোঁ এজন মানুহৰ মৃত্যুৰ পাছত তেখেতে জীৱিত অৱস্থাত অৰ্জন কৰা বস্তুবোৰ পিছৰ প্ৰজন্মৰ কাৰণে প্ৰয়োজন নহ’ব পাৰে। মোৰ ঘৰটো সৰু হোৱাৰ কাৰণে মই মাত্ৰ ককাৰ ফটো এখন আৰু এখন কিতাপ স্মৰণিকা হিচাবে ৰাখিব পাৰোঁ।মোৰ ল’ৰাটোৱেও ইয়াৰ স্থানীয় ভাষা পঢ়িব নোৱাৰে,ক’বহে পাৰে।”
মই হঠাতে অনুভৱ কৰিলোঁ যে মই আৰু এটা জীৱনৰ শিক্ষা পালোঁ।যদি আমি জীৱিত কালত বস্তু কিছুমান সংগ্ৰহ কৰিয়েই থাকোঁ সেইবোৰ পিছৰ প্ৰজন্মৰ কাৰণে বোজাতহে পৰিণত হয়।গতিকে আমি জীৱিত অৱস্থাত যিমান পাৰোঁ বস্তুবোৰ কম কৰি সংগ্ৰহ কৰা উচিত।এইটো মোৰ কাৰণে ডাঙৰ বাৰ্তা আৰু মই কামত লগাবলৈ ধৰিলোঁ।আজিয়েই মই তৎক্ষণাত অপ্ৰয়োজনীয় বস্তুবোৰ আঁতৰাই পেলালোঁ।
মোৰ পঞ্চম শিক্ষা…মোৰ এটা ট্ৰেইন যাত্ৰাত মই এগৰাকী মহিলাক লগ পাইছিলোঁ।তেওঁ মোক সাবটি ধৰি হাতখনত টানকৈ ধৰি ল’লে।তাৰপিছত তেওঁ মোৰ কাষতে বহি লৈ ক’বলৈ ধৰিলে,”আপুনি মোক চিনি পোৱা নাই?মই হুবলীৰ আপোনাৰ সহপাঠী আছিলোঁ। আপুনি প্ৰত্যেক দিনাই দুপৰীয়াৰ আহাৰ মোৰ লগত ভাগ বটোৱাৰা কৰিছিল।মই আপোনাৰ সকলো কিতাপেই পঢ়িছোঁ।”
মই বৰ অসহজ হৈ পৰিছিলোঁ,কাৰণ মই তেওঁক মনত পেলাব পৰা নাছিলোঁ আৰু তেওঁ মোৰ হাতখনত ধৰিয়েই আছিল।কিন্তু মই ভাবিলোঁ,সময় আৰু বয়সৰ লগে লগে মানুহৰ বাহ্যিক চেহেৰা সলনি হোৱাৰ কাৰণে মানুহক চিনি পাবলৈ টান হ’ব পাৰে।
মই তেওঁক ক’লোঁ,”মই বৰ দুঃখিত,কাৰণ মই আপোনাক মনত পেলাব পৰা নাই।যিয়েই নহওক আপোনাক লগ পাই বৰ ভাল লাগিল।”
মহিলাগৰাকীয়ে তেতিয়াও মোক এৰি দিয়া নাছিল। অৱশেষত তেওঁ মোক এখন চিঠি দিলে।তেওঁ ক’লে,”মোৰ ল’ৰা পঢ়াশুনাত বৰ চোকা আৰু অধিক পঢ়াশুনাৰ কাৰণে বিদেশলৈ যাব।আপোনাৰ সংস্থাই অলপ সহায় কৰিব পাৰিবনে?এনেকুৱা অনুৰোধ মই প্ৰায়েই পাই আছিলোঁ,গতিকে মোৰ কাৰণে একো নতুন কথা নাছিল। মই এনেকুৱা বহুত মানুহ লগ পাইছিলোঁ,যি সকলে মোৰ position আৰু সংস্থাৰ নাম লৈ সুবিধা ল’ব বিচাৰিছিল।মই যেতিয়া মানুহ লগ পাইছিলোঁ তেনেকুৱা অনুৰোধেই পাইছিলোঁ। তেওঁলোকে মোক শুকান অঞ্চলত থকা বৈ থকা এটা পানীৰ টেপ বুলিয়েই ভাবে–পানী পাই থাকিলে ধন্যবাদ দিব আৰু নাপালে অভিশাপ দিব।
মই ইয়াৰ পৰা সহিষ্ণু হ’বলৈ আৰু মানুহৰ অভিপ্ৰায় চিনিবলৈ শিকিছিলোঁ।
*******
7:55 PM
বৰ ভাল পালোঁ পঢ়ি। সঁচাই বহু কথা নতুনকৈ ভাবিছোঁ।