সংখ্যাটোৰ আঁৰৰ কথা 

পোনপ্ৰথমতে আটাইলৈ মোৰ তৰফৰপৰা আন্তৰিক নমস্কাৰ জনাইছোঁ।আশা কৰোঁ আপোনালোক সকলো নিশ্চয় কুশলে আছে।আটাইৰে সুস্বাস্থ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰিলোঁ।

আজিৰপৰা প্ৰায় ডেৰমাহ মানৰ আগৰ কথা। ছেপ্টেম্বৰ মাহৰ ঠিক মাজভাগতে গধূলি সময়ত ‘শব্দচিত্ৰ’ গোটৰ যিটো আমাৰ প্ৰশাসক মণ্ডলীৰ হোৱাটচএপ গোট আছে,তাত মই একো বুজি নোপোৱা ধৰণৰ এটি বিশেষ বাৰ্তা আহিছিল।বাৰ্তাটো দেখি মই একোৱেই ধৰিব পৰা নাছিলোঁ।লাহে লাহে বুজিবলৈ ধৰিলো যে আমাৰ গোটৰ ‘শব্দচিত্ৰ জীৱন-জিজ্ঞাসা’ ই-আলোচনীখনৰ তৃতীয় বৰ্ষৰ চতুৰ্থ (পূজা সংখ্যা)সংখ্যাটি প্ৰকাশৰ প্ৰস্তুতি চলাবলৈ সময় হৈছে।তাৰ বাবে কাম-কাজৰ দায়িত্ববোৰৰ কথাই মোৰ মনটোত কিছু আউল লগাইছিল।মই মনতে ভাবিয়েই আছিলো যে যিহেতু মৰমৰ গোটটিত মোক মডাৰেটৰ হিচাপে এক গধুৰ দায়িত্ব দি থৈছে গতিকে এদিন নহয় এদিন মোৰো দেখোন গোটৰ ই-আলোচনীখনৰ সম্পাদনাৰ দায়িত্ব আহি পৰিব।ভাবিলো যে ই-আলোচনীৰ সম্পাদনাৰ সমগ্ৰ দায়িত্বৰ কাম-কাজ কৰিও পোৱা নাই।যদি কেতিয়াবালৈ এই দায়িত্বত মোৰ নাম উল্লেখ কৰে কি হ’ব,কেনেকৈনো দায়িত্বখিনি সামৰি ল’ম,গোটৰ বাবে এইখিনিও যদি কৰিব নোৱাৰো মোৰ বাবে বৰ লাজ লগা কথা হ’ব….ইত্যাদি প্ৰশ্নবোৰ মোৰ মনত উদয় হৈছিল।তাৰ দুদিনমান পিছত গধূলি সময়ত মোলৈ আমাৰ ‘শব্দচিত্ৰ’গোটৰ মুখ্য প্ৰশাসক শ্ৰদ্ধাৰ অৰবিন্দ গোস্বামী দাদাই ফোন কৰিছিল।দাদাৰ ফোন অহা দেখি মোৰ ভিতৰি ভিতৰি ভয়ো লাগিছিল আৰু ভাবিছিলো যে নিশ্চয় দাদাই মোক ‘শব্দচিত্ৰ-জীৱন জিজ্ঞাসা’ ই-আলোচনীখনৰ কথাকে ক’ব যেন পাওঁ।হয়তো মোৰ ওপৰত গভীৰ দায়িত্ব দিব।মই ভবামতেই সকলো মিলিল।কিন্তু মই মনত ভাবি থকা কথাখিনি দাদাৰ আগত প্ৰকাশ নকৰিলো।দাদাই ফোনত মোক ক’লে যে…..

“বৰষা তুমি এইবাৰ বহুত ডাঙৰ কাম এটা কৰিব লাগিব নহয়!”

মই দাদাক ক’লো, 

“কেনেকুৱা আৰু  কি কাম দাদা,কওঁকচোন।”

দাদাই ক’লে-

“তুমি এইবাৰ ‘শব্দচিত্ৰ-জীৱন জিজ্ঞাসা’ ই-আলোচনীখনৰ তৃতীয় বৰ্ষৰ চতুৰ্থ (পূজা সংখ্যা)সংখ্যাটি প্ৰকাশৰ বাবে সম্পাদনাৰ দায়িত্বভাগ ল’ব লাগিব।তুমি একো চিন্তা কৰিব নালাগে।সকলোখিনি তোমাক বুজাই দিম কেনেকৈ কি কৰিব লাগে।”

কিছু ভয়ে ভয়ে দাদালৈ মোৰ উত্তৰ একেষাৰতেই আছিল যে….

“হ’ব দিয়ক দাদা ঠিক আছে।কিন্তু মই ই-আলোচনীৰ সম্পাদনাৰ দায়িত্বৰ কামবোৰ বৰ্তমানলৈকে কৰি পোৱা নাই।গতিকে মোক বুজাই দিব কেনেকৈ কি কৰিব লাগে।”

দাদাই কৈছিল, “একো নাই।নিশ্চয়ভাৱে তুমি কামখিনি কৰিব পাৰিবাই।তোমাক মই ফোন কৰি কৰি বুজাই দি থাকিম বাৰু।”

এইবুলি দাদাই কথা দিয়া বাবে ময়ো সম্পাদিকাৰ দায়িত্বভাগ গ্ৰহণ কৰিব নোৱাৰো বুলি নক’লো আৰু দাদাৰ সাহসত আগলৈ বুলি বাট বুলিলো।

আলোচনীখনৰ সম্পাদনাৰ দায়িত্বভাগ গ্ৰহণ কৰিবলৈ মনত ইচ্ছা আছিলো আৰু নাছিলো।ইচ্ছা এইকাৰণেই আছিল যে মোৰ জীৱনত ই-আলোচনীৰ সম্পাদনা এয়াই প্ৰথম,যাৰ জৰিয়তে মই বহুখিনি কথা শিকিব পাৰিম লগতে ভৱিষ্যতলৈ আনকো শিকাবও পাৰিম।নিশ্চিতভাৱে এই গোটটোত মোতকৈও বহু শিক্ষিত তথা গুণী-জ্ঞানী ব্যক্তি জড়িত হৈ আছে; তেওঁলোকৰ হাতৰ পৰশত যে আলোচনীখন সৰ্বাঙ্গসুন্দৰ হৈ পৰিব,তাত কোনো সন্দেহ নাই।গুণীজনৰ সান্নিধ্য লাভৰ একান্ত ইচ্ছাই মোক আলোচনীখন সম্পাদনা কৰাৰ বাবে প্ৰেৰণা যোগাইছিল।

কিন্তু মই যিহেতু বৰ্তমান পূব কামৰূপ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ এগৰাকী সহকাৰী শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত হৈ আছোঁ,গতিকে মহাবিদ্যালয়ৰ ক্লাছ-পাতিকে ধৰি বিভিন্ন ধৰণৰ কাম-কাজত ব্যস্ত থাকিবলগীয়া হয়।ইয়াৰোপৰি নিজাববীয়া বহুতো কাম-কাজ থাকে,সেয়ে আলোচনীখনৰ প্ৰকাশৰ ক্ষেত্ৰত সময় দিব পাৰিম নে নাই তাৰ ওপৰত মোৰ সন্দেহ আছিল।কিন্তু ঈশ্বৰৰ কৃপাত নিজৰ ওপৰত থকা বিশ্বাসৰ তাগিদাত বিশেষকৈ সন্মানীয় অৰবিন্দ গোস্বামী দাদাৰ আশীৰ্বাদ তথা আপোনালোকৰ সহায়-সহযোগিতা,

দিহা-পৰামৰ্শত আলোচনীখনৰ সম্পাদনাৰ দায়িত্বখিনি নিয়াৰিকৈ কৰিবলৈ সক্ষম হ’লো।এই চেগতে সন্মানীয় অৰবিন্দ গোস্বামী দাদালৈ মোৰ তৰফৰপৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।

বিগত ইং ১৬-০৯-২০২৪ তাৰিখে আমাৰ ফেচবুক গোটত পূজা সংখ্যাৰ সম্পাদিকা হিচাপে মোৰ দৰে অভাজনৰ নামটো ঘোষণা কৰা হৈছিল।লাহে লাহে আলোচনীখনৰ গোটেইখিনি কাম-কাজৰ বিষয়ে মোক অৰবিন্দ গোস্বামী দাদাই অৱগত কৰিছিল।আপোনালোকৰপৰা পোৱা সঁহাৰিয়ে মোক অতিকৈ আপ্লুত কৰিছিল।আপোনালোকৰ মৰম,আশীৰ্বাদে মোক বাৰুকৈয়ে সাহস দিলে।

১৯-০৯-২০২৪ তাৰিখে মই আপোনালোকলৈ লেখা বিচাৰি লিখা ‘গোহাৰি’খন দাদালৈ পঠাইছিলো আৰু তেওঁ সেইখন সজাই পৰাই পুনৰ মোলৈ পঠাই দি কৈছিল… 

“সন্ধিয়া তুমি এই গোহাৰিখন ‘শব্দচিত্ৰ’ ফেচবুক গোটত প’ষ্ট কৰিবা।”

সেইমৰ্মেই মই গোটত আপোনালোকৰ পৰা লেখা বিচাৰি গোহাৰিখন দি দিছিলো।আপোনালোকে সঁহাৰি দেখি ময়ো কাম কৰাৰ সাহস পাইছিলো।মই সমীৰণক কৈ থৈছিলো যে……

“ভাইটি,এইবাৰ আলোচনীৰ সম্পাদনাৰ দায়িত্বভাগ মোৰ ওপৰত ন্যস্ত কৰা হৈছে।গতিকে কিবা মই নাজানিলে ফোন কৰিম,ৰিচিভ্ কৰিবা।”

ভাইটিয়ে একেষাৰতেই…. “ঠিক আছে বাইদেউ হ’ব”… বুলি কথা দিছিল।ঠিক তেনেকৈ আমাৰ গোটৰ সক্ৰিয় সদস্যা সন্মানীয়া ইলি তালুকদাৰ বাইদেউ,ৰাজশ্ৰী বাইদেউ,ড° চাহিন জাফ্ৰি বাইদেউ,মাতু কুকুৰাচোৱা বাইদেউ,কংকণা গোস্বামী এওঁলোকৰপৰা একান্ত সহায়-সহযোগিতা বিচাৰিছিলো।এওঁলোকে আলোচনীখনৰ ক্ষেত্ৰত মোক কৰা নিস্বাৰ্থ তথা আন্তৰিকতাপূৰ্ণ সহায়ৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰিম।এওঁলোকলৈ আন্তৰিকতাৰে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।

প্ৰথমতে গোটত দিয়া গোহাৰিখনৰ পিছতেই আহিল ‘সাক্ষাৎকাৰ’ৰ কথা।সাক্ষাৎকাৰটো যুগুত কৰাৰ পথত বহুত বেছিয়েই সহায় আগবঢ়ালে আমাৰ শব্দচিত্ৰ গোটৰে সদস্যা সন্মানীয়া মাতু কুকুৰাচোৱা বাইদেৱে।তেখেতে ভীষণ ব্যস্ততাৰ মাজতো আলোচনীখনৰ বাবে বৰ কষ্টৰে সাক্ষাৎকাৰটি যুগুতাই দিয়া বাবে তেখেতলৈ আন্তৰিকতাৰে ধন্যবাদ জনোেৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

প্ৰথমতে লেখা খুব কম আহিছিল।অৰবিন্দ দাদাই প্ৰায়েই খবৰ কৰি আছিল মোৰ তাত কিমান লেখা আহিছিল।মোৰ তাত একেবাৰেই কম অহা হেতুকে ভাবিছিলো যে লেখা কাৰোৰে পৰাই নাহিব যেন পাওঁ।প্ৰথমাৱস্থাত লেখা নিচেই তাকৰ আছিল বাবে মনটো অলপ বেয়াও লাগিছিল।ভাবি আছিলো যে আকৌ লেখা বিচাৰি গোটত এটা মই প’ষ্ট দিম,কিন্তু অৰবিন্দ দাদাই গোটত আপোনালোকৰ পৰা লেখা বিচাৰি গোহাৰিৰ এটা প’ষ্ট হঠাৎ দি দিছিল।গোহাৰিখনত ৭ নৱেম্বৰ তাৰিখৰ ভিতৰত লেখা পঠোৱাৰ অন্তিম সময় আছিল।কিন্তু পিছলৈ লেখা বিভিন্ন প্ৰান্তৰপৰা আহিয়েই আছিল।যিহেতু এখন আলোচনী প্ৰকাশৰ ক্ষেত্ৰত লেখা অবিহনে আলোচনীখনৰ অস্তিত্ব শূন্য হৈ পৰে,

তেনেস্থলত আপোনালোকৰ পৰা অহা বিভিন্ন ধৰণৰ লেখাই আলোচনীখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে।আপোনালোকৰ পৰা পোৱা সুন্দৰ সুন্দৰ লেখাই মোক আলোচনীখনৰ সম্পাদনা কৰিবলৈ দুগুণ উৎসাহ দিছিল।

আলোচনী এখন প্ৰকাশ কৰাৰ দিশত আটাইতকৈ জটিল কাম হৈছে বৰ্ণাশুদ্ধিৰ।আপোনালোকৰ পৰা অহা বিভিন্ন শিতানৰ অনেক অনেক লেখাবোৰৰ সৰ্বপ্ৰথমতে বৰ্ণাশুদ্ধিৰ নিচিনা এই কঠিন কামটো আটকধুনীয়াকৈ কৰিবলৈ আমাৰ অনুৰোধ মৰ্মে দায়িত্ব গ্ৰহণ কৰিছিল শ্ৰদ্ধাৰ ইলি তালুকদাৰ বাইদেউ,অৰবিন্দ গোস্বামী দাদা,ড° চাহিন জাফ্ৰি বাইদেউ,মাতু কুকুৰাচোৱা বাইদেউ আৰু কংকণা গোস্বামীয়ে।বৰ্ণাশুদ্ধি টিমৰ এই আটাইকেইগৰাকী সদস্য/সদস্যালৈ মই অশেষ ধন্যবাদ জনালোঁ।এওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ।যদি এওঁলোকে সহায় নকৰিলেহেঁতেন তেন্তে আলোচনীখন সময়মতে প্ৰকাশ কৰিব পৰা নগ’লহেঁতেন।

এখন আলোচনী দেখিবলৈ মনোৰম কৰে বেটুপাটটোৱে।এই সংখ্যাটোৰ বাবে বেটুপাটটো সু-সজ্জিত তথা বৰ্তমান ঋতুৰ লগত সংগতি ৰাখি আটক ধুনীয়াকৈ আমাৰ বাবে প্ৰস্তুত কৰি দিয়াৰ বাবে প্ৰাঞ্জল বৰা দাদালৈ হিয়া ভৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। 

সকলো শিতানতে বিভিন্ন ধৰণৰ লেখা আমালৈ প্ৰেৰণ কৰা প্ৰতিজন লেখক-লেখিকালৈ অলেখ ধন্যবাদ জনাই আগন্তুক দিনবোৰতো সহায়-সহযোগিতা কৰিব বুলি আশা কৰিলোঁ।যদিহে ভুলবশতঃ কাৰোবাৰ লেখা আলোচনীখনত প্ৰকাশ হোৱা নাই তেন্তে সম্পাদিকা হিচাপে মই তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিলো।

সম্পাদিকাৰ নাম ঘোষণা কৰাৰ দিন ধৰি বৰ্তমান সময়লৈ অৰ্থাৎ আলোচনীখন প্ৰকাশ হোৱা পৰলৈ প্ৰত্যেকটো দিনতে মোক সহায়ৰ হাত আগবঢ়োৱা সন্মানীয় অৰবিন্দ গোস্বামী দাদাৰ লগতে কাৰিকৰী বিভাগত বিশেষভাৱে সহযোগিতা প্ৰদান কৰা দেৱজিত শৰ্মা দাদালৈ আন্তৰিকতাবোৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।এওঁলোকৰ ওচৰত মই আজীৱন চিৰঋণী হৈ ৰ’ম।

অৱশেষত মোৰ দৰে এই অভাজনৰ হাতত এই সংখ্যাটোৰ ই-আলোচনীখনৰ সম্পাদিকাৰ দৰে গধুৰ দায়িত্ব এটা নিশ্চয়কৈ ল’ব পাৰিম বুলি মোৰ ওপৰত অগাধ বিশ্বাস থকা অৰবিন্দ গোস্বামী দাদাৰ লগতে মোৰ ঘৰৰ পৰিয়াল মা-দেউতা,মোৰ ভাইটি (চুনিল ডেকা) তথা ‘শব্দচিত্ৰ–জীৱন জিজ্ঞাসা’ গোট আৰু সমগ্ৰ আলোচনীখনৰ টিমক পুনৰ কৃতজ্ঞতাৰে আন্তৰিক ধন্যবাদ জনালোঁ। 

সদৌশেষত,’শব্দচিত্ৰ- জীৱন জিজ্ঞাসা’ ই- আলোচনীখন প্ৰকাশৰ ক্ষেত্ৰত ৰৈ যোৱা ভুল-ক্ৰটিবোৰৰ বাবে মাৰ্জনা বিচাৰিছোঁ।অনাগত দিনবোৰত আলোচনীখনৰ সৰ্বতোপ্ৰকাৰে উন্নতিৰ কামনা কৰিলোঁ।’শব্দচিত্ৰ- জীৱন জিজ্ঞাসা’ আলোচনীখন হৈ পৰক সকলো অসমীয়াৰ বাবে প্ৰজ্ঞাৰ সাধনা মঞ্চ।আটাইৰে কলমৰ শক্তি অধিক তীক্ষ্ণ হৈ উঠক।আলোচনীখনৰ তৃতীয় বৰ্ষৰ চতুৰ্থ সংখ্যাটিৰ উন্মোচনৰ শুভ মুহূৰ্তত এয়াই কামনা কৰিলোঁ। 

বৰষা ডেকা

সম্পাদিকা

শব্দচিত্ৰ জীৱন জিজ্ঞাসা 

(তৃতীয় বৰ্ষ,চতুৰ্থ সংখ্যা)

*******

Leave a Reply

Your email address will not be published. Required fields are marked *