সাক্ষাৎকাৰ
(অসমৰ প্ৰখ্যাত নাট্যকাৰ,নাট সম্পৰ্কীয় গ্ৰন্থ প্ৰকাশক,নাট পৰিচালক,অভিনেতা,শিশু সাহিত্যিক,ব্যঙ্গ লেখক শ্ৰদ্ধাৰ প্ৰভাত গোস্বামীদেৱৰ এটি সাক্ষাৎকাৰ।
সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে মাতু কুকুৰাচোৱাই।
প্ৰশ্নসমূহ যুগুতালে বৰষা ডেকাই।)
মাতু: নমস্কাৰ ছাৰ।পোনপ্ৰথমতে আপোনাৰ বহুমূলীয়া সময় আমাক প্ৰদান কৰা বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
ছাৰ,প্ৰথমতে আপোনাৰ শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰোঁ। লগতে আপোনাৰ শৈশৱ সজীৱ কৰি স্মৃতিৰ দলিচাত সাঁচ বহুৱাই যোৱা তেনেকুৱা ঘটনা সম্পৰ্কে আমাক জনাব নেকি?
গোস্বামীদেৱ: প্ৰতি নমস্কাৰ জনাইছো।
শিক্ষাজীৱন আৰম্ভ হৈছিল ডিব্ৰুগড়ত।জ্ঞানদায়িনী এল.পি. স্কুলত শিক্ষা জীৱন আৰম্ভ।তাৰ পাছত ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়।তাৰ পাছত ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত।যেতিয়া মই মৰিগাঁৱত চৰকাৰী বিষয়া হৈ আছোঁ তেতিয়া মই মৰিগাঁও কলেজৰপৰা বি.এ.পৰীক্ষা দিছিলোঁ বুৰঞ্জী এটা বিষয় হিচাপে লৈ।আচল কথাটো হ’ল,তেতিয়াৰ দিনত বিজ্ঞানত পঢ়ি কলা শাখাত এম.এ. পঢ়িব নোৱাৰি বাবে এম.এ. পঢ়িম বুলি আকৌ বি.এ. পঢ়িছিলোঁ।কিন্তু এম.এ. পঢ়া নহ’ল আৰু।
আমাৰ দেউতা আছিল চৰকাৰী চাকৰিয়াল। মধ্যবিত্ত ঘৰৰ সন্তান আমি।কোনো কথাতে অভাৱ পোৱা নাছিলোঁ যদিও প্ৰয়োজনতকৈ বেছিও পোৱা নাছিলোঁ।এবাৰ মোৰ মনত আছে যে দুৰ্গা পূজাৰ আগে আগে দেউতাই এটা পেণ্টৰ কাপোৰ আনিছিল। চকলেট ৰঙৰ ওপৰত বগা ফুট ফুট থকা।কথা আছিল মোক এটা লংপেণ্ট চিলাই দিব।কিন্তু পূজাৰ আগে আগে ছমহীয়া পৰীক্ষাৰ বহী দিলে।অন্য বহীবোৰত ভাল নম্বৰেই আছিল কিন্তু বিজ্ঞানৰ বহীখনত পালো ২৪ নম্বৰ,মানে ফেল কৰিলোঁ।লগে লগে শাস্তি স্বৰূপে লংপেণ্টৰ ঠাইত মোক সেই কাপোৰৰ এটা হাফপেণ্ট চিলাই দিলে।কি কৰিম,দুখ মনেৰে তাকেই পিন্ধিলোঁ।
মাতু: ছাৰ, শৈশৱ বা কৈশোৰ কালত আপোনাৰ জীৱনৰ লক্ষ্য সম্পৰ্কে দৃষ্টিভংগী কি আছিল?আপুনি ভবা মতে সেয়া সাৰ্থক হৈছেনে?
গোস্বামীদেৱ: জীৱনৰ লক্ষ্য আচলতে কি তেতিয়া বুজাই নাছিলোঁ।কিন্তু কেইটামান কামৰ প্ৰতি দুৰ্বলতা আছিল।প্ৰথম কথা,ডিব্ৰুগড়ৰ আশে-পাশে বহুত চাহবাগান আছিল।চাহবাগানৰ মাজে মাজে গ’লে কেঁচা চাহপাতৰ গোন্ধটোৱে মতলীয়া কৰিছিল।তাতে দেখিছিলো বাগানৰ সহকাৰী পৰিচালকবোৰে একোটা হাফপেণ্ট পিন্ধি খোলা জিপগাড়ী লৈ ঘূৰি ফুৰা। দুই-এজন চিনাকি ডেকাও তাৰ ভিতৰত আছিল। গতিকে এটা স্বপ্ন আছিল বাগানৰ সহকাৰী পৰিচালক হোৱাৰ।তাৰ বাহিৰেও আমাৰ এজন বিজ্ঞানৰ শিক্ষক নতুনকৈ সোমাইছিল পূজাৰী ছাৰ।কিছুদিন কাম কৰাৰ পাছত তেওঁ কৰ বিষয়াৰ চাকৰি পালে।কৰ বিভাগৰ কাৰ্য্যালয়টো আছিল আমাৰ ওচৰতে।তেওঁ নতুন চাইকেল এখন লৈ অফিচলৈ অহা দেখি মোৰ কৰ বিষয়া হ’বৰো মন আছিল।ভাগ্যই টানি লৈ গ’ল আৰু এসময়ত কৰ বিষয়া হিচাপে অৱসৰো ল’লোঁ।
কিন্তু আৰু এটা কল্পনা মোৰ আছিল।লেখক হোৱা আৰু অভিনেতা হোৱা।কাৰণ প্ৰথম মই সপ্তম শ্ৰেণীত স্কুল সপ্তাহত অভিনয় কৰি দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা হৈছিলোঁ।সেই যে নিচা লাগিল,তাৰ পাছত উভতি চোৱা নাই।স্কুল,কলেজ আৰু তাৰ পাছত অপেছাদাৰী মঞ্চত নাটক আৰু নাটক।এটা সময়ত লিখিবলৈ ল’লোঁ, পৰিচালনা কৰিলোঁ।
জীৱনত আৰু এটা ইচ্ছা আছিল,শিক্ষক হোৱাৰ। কিন্তু জীৱনৰ কেইবাটাও ইচ্ছা পূৰ্ণ হ’ল।মাত্ৰ চাহপাতৰ মাজত চাকৰি কৰাৰ বাহিৰে।তাৰবাবে আক্ষেপ নাই। কিন্তু কৰ বিভাগৰ বিষয়া হ’লোঁ।নাটকৰ জগতত নাট্যকৰ্মী হিচাপে চিনাকি দিব পৰা হ’লোঁ।লেখক হোৱাৰ ইচ্ছাও পূৰ্ণ হ’ল।শিক্ষক হিচাপে যদিও কাম কৰাৰ সুবিধা নাপালোঁ; কিন্তু এতিয়াও মোৰ বহুত ছাত্ৰ-ছাত্ৰী আছে।বহুতৰে মই নাটকৰ গুৰু।নাটক লিখা,পৰিচালনা কৰা,অভিনয় কৰাৰ শিক্ষা মই দিওঁ। শিশু সাহিত্য,গল্প,উপন্যাস ইত্যাদিৰ শিক্ষা গ্ৰহণ কৰা বা কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বহুত।জীৱনত বিচৰাখিনি পাইছোঁ বুলিয়েই মই ভাবোঁ।
মাতু: আপুনি যিহেতু স্নাতক ডিগ্ৰী কলা আৰু বিজ্ঞান শাখাত কৰিছিল।তেনেস্থলত আপুনি কোনোবাখিনিত অসুবিধাৰ সন্মুখীন হৈছিল নেকি?যদি অসুবিধাৰ সন্মুখীন হৈছিল তেনেহ’লে কেনেকুৱা ধৰণৰ সমস্যা হৈছিল জনাব লগতে আপোনাৰ মতে কলা শাখা আৰু বিজ্ঞান শাখাৰ ভিতৰত কোনটো শাখাক বেছিকৈ প্ৰাধান্য দিয়ে আৰু কিয়?
গোস্বামীদেৱ: হয় অসুবিধা পাইছিলোঁ।পাইছিলো মানে ক্লাচ এইটত থাকোতেই আমাৰ স্কুলখন উচ্চতৰ মাধ্যমিক হ’ল।যিখিনি ল’ৰা ভালৰ শাৰীত পৰিছিলো, তেওঁলোকক বিজ্ঞান শাখাত দিলে আৰু বাকীবোৰক কলা শাখাত।ঘৰতো বৰ আনন্দ পালে,ল’ৰাই বিজ্ঞান শাখাত পঢ়িব।অষ্টম শ্ৰেণীৰ ল’ৰা এটাক পদাৰ্থ বিজ্ঞান, ৰাসায়ন বিজ্ঞান আদি যদি জাপি দিয়া হয় কি গতি হ’ব?তাতে মই অকল পঢ়াক লৈ ব্যস্ত থকা ল’ৰা নাছিলোঁ।মই দুবছৰকৈ স্কুলৰ সাংস্কৃতিক সম্পাদক আছিলোঁ,নিৰ্বাচনত জিকি হৈছিলোঁ।ফুটবল,ক্ৰিকেট আৰু বেডমিন্টন খেলিছিলো,নাটক কৰিছিলোঁ।তাতে মই আছিলো আঘাইটং ল’ৰা এটা।বাহিৰা কিতাপ খুউব পঢ়িছিলোঁ।ডিষ্ট্ৰিক লাইব্ৰেৰীৰ নিয়মীয়া সদস্য।গতিকে কোনোমতে ঘৰত গালি নোখোৱাকৈ হায়াৰ চেকেণ্ডেৰী পাছ কৰিছিলোঁ।যদিও মই কলা শাখাক বেছি প্ৰাধান্য দিওঁ তথাপি মই বিজ্ঞানৰ ছাত্ৰ হিচাপে দুটা কথা শিকিলোঁ।যুক্তি আৰু কৌতূহল প্ৰকাশ মোৰ নাটকবোৰত বিজ্ঞানসন্মত এটা দৃষ্টিভংগী সদায় থাকে। মোৰ বহুত গল্পৰ বিষয়বস্তু বিজ্ঞানৰ।মোৰ দুখন উপন্যাস “কেঞ্চাৰৰ কেলেণ্ডাৰত তুমি” আৰু ” চতুৰ্থ প্ৰজাতি” (প্ৰকাশৰ পথত,প্ৰকাশক জ্যোতি প্ৰকাশন), বিজ্ঞানৰ বিষয়বস্তু।মোৰ নাটক ” যন্ত্ৰমানৱ” প্ৰথম অসমীয়া বিজ্ঞান ভিত্তিক নাটক( ১৯৮৬ চন)।গতিকে বিজ্ঞানৰ ওচৰত মই ঋণী।অৱশ্যে বিজ্ঞানৰ এটা বিষয় মোৰ প্ৰিয় আছিল “জীৱবিজ্ঞান”।কিন্তু মই মানুহটো আচলতে সাহিত্যৰ মানুহেই আছিলোঁ।
মাতু: এতিয়াও জীৱনৰ প্ৰতি আপোনাৰ ক’ৰবাত, কিবা আক্ষেপ ৰৈ গ’ল নেকি?
গোস্বামীদেৱ:জীৱনৰ ওপৰত মোৰ কোনো আক্ষেপ নাই। মই মানুহ হিচাপে পাব লগাতকৈ বহুত বেছি পাইছোঁ মই কোনো দিনেই প্ৰথম শ্ৰেণীৰ ছাত্ৰ নাছিলোঁ। অলগৰ্দ্ধও নাছিলোঁ,মধ্যমীয়া।কিন্তু মই প্ৰতিযোগিতামূলক পৰীক্ষা দি বিষয়া হ’লোঁ।সাহিত্য আৰু সংস্কৃতি ক্ষেত্ৰখনত সামান্য হ’লেও এটা চিনাকি সৃষ্টি কৰিব পাৰিছোঁ।বৰ্তমানো এক ব্যস্ত জীৱন অতিবাহিত কৰি আছোঁ।মই নিজকে ভাগ্যৱান বুলি এইকাৰণেই ভাবো যে মই অন্য ব্যক্তিৰ অনুৰোধতহে কামবোৰ কৰিব লগা হয়।নাটক লিখোঁ পৰিচালকে ক’লে।ব্যংগ,গল্প,উপন্যাস লিখোঁ বাতৰি-কাকত, আলোচনী অনুৰোধত।প্ৰকাশকৰ অনুৰোধক্ৰমে উপন্যাস।গতিকে সুখী মই।আচৰিত ধৰণে ব্যস্তও।
আক্ষেপ আছে মনত একমাত্ৰ মোৰ গৃহিণীক অকালতে আঁতৰাই লৈ যোৱাৰ বাবে। ২০১৩ চনতে তেওঁ আঁতৰি গ’ল মাত্ৰ তিনিমাহৰ ৰোগত।তেওঁ মোক বহুত কিবাকিবি দি গ’ল।
মাতু:শিক্ষাৰ ক্ষেত্ৰত আপুনি কেতিয়াবা হতাশাত ভুগিছিল নেকি? লগতে আপোনাৰ দেউতা স্বৰ্গীয় বিনন্দ গোস্বামীদেৱে শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ লগত কেনেকৈ পৰিশ্ৰম কৰিবলগীয়া হৈছিল?
গোস্বামীদেৱ:ছাত্ৰ জীৱনত মোৰ পিতৃৰ ভূমিকাৰ কথা ক’বলৈ গ’লে,হাইস্কুলত নাম লগোৱাৰ পৰা দেউতাই মোক ইংৰাজী আৰু অংক পঢ়ুৱাইছিল।বোধকৰোঁ সেইবাবেই নেকি,মই ইংৰাজীত বেয়া নহয়।অৱশ্যে বহুত বেছি ভালো নহয়।প্ৰতিযোগিতামূলক পৰীক্ষা আৰু স্কুল-কলেজৰ শিক্ষা বা চাকৰি জীৱনত বেয়া নাছিলোঁ। অংকতো ভালেই।ক্লাচ টেনলৈকে অংক আৰু ইংৰাজী শিকাইছিল দেউতাই।আনকি চাকৰি জীৱনতো বিভাগীয় পৰীক্ষা দিয়াৰ সময়ত বহুত প্ৰশ্নৰ উত্তৰ মোক শিকাইছিল।মোৰ জীৱনৰ শিক্ষাৰ ভেটি গঢ়া মানুহজনেই আছিল মোৰ দেউতা।
মাতু:আপোনাৰ কৰ্মজীৱনৰ বিষয়ে কিছু কথা বিস্তৃতভাৱে জনাবচোন।
গোস্বামীদেৱ: আমাৰ দিনবোৰ আজিৰ দৰে নাছিল। তেতিয়া পাছ কৰিয়েই চাকৰি পোৱাৰ বাবে অপেক্ষা কৰিব লাগিছিল।চাকৰি মানে চৰকাৰী চাকৰি। বিজ্ঞাপন দেখি আবেদন কৰা,পৰীক্ষা দিয়া,মৌখিক পৰীক্ষা দিয়া।তাৰ পাছত অপেক্ষা।এনেদৰে চেষ্টা কৰি কৰি অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰথম চাকৰি পালোঁ। লেব’ৰটৰীত চাকৰি।তাত চাৰিবছৰ চাকৰি কৰিলোঁ। ইতিমধ্যে লোকসেৱা আয়োগৰ এ.চি.এচ. দিলোঁ।এবাৰ নিৰ্বাচিত হ’লোঁ।কিন্তু চাকৰি নহ’ল।মোৰ কোনো ঠেলি দিয়া মানুহ নাছিল।আকৌ দিলোঁ আৰু অৱশেষত পালোঁ কৰ বিভাগৰ চাকৰি।১৯৮১ চনত যোগদান কৰিলোঁ মৰিগাঁৱত।তাৰ পাছত অসমৰ ইমূৰৰপৰা সিমূৰলৈ ঘূৰি অৱশেষত গুৱাহাটীৰপৰা অৱসৰ ল’লোঁ কৰ অধীক্ষক হিচাপে ২০১১ চনত।
মাতু: আপুনি আপোনাৰ পৰিয়ালৰ লগত আপোনাৰ সাহিত্যৰাজিৰ সৈতে কিবা মিল দেখা পাইছিল নেকি? যদি পাইছিল তেন্তে কোনবোৰ দিশত,কেনেকুৱা মিল দেখিছিল?
গোস্বামীদেৱ: প্ৰশ্নটো অকণমান অস্পষ্ট।তথাপি মই যি বুজিছোঁ,তাকে কওঁ।মই আত্মজীৱনীমূলক একো আজিলৈকে লিখা নাই।সদায় সমাজৰ পৰাই বিষয়বস্তু বাচোঁ বা চৰিত্ৰ নিৰ্বাচন কৰোঁ।পৰিয়ালৰ লগত মিল থকাৰ প্ৰশ্ন নাহে।কিন্তু অভিজ্ঞতা জীৱনৰপৰাই ল’ব লাগে।মই খুউব পৰ্যবেক্ষণ কৰোঁ,ক্ষেত্ৰ অধ্যয়ন কৰোঁ, বাতৰি-কাকত পঢ়োঁ আৰু কোনো এটা বিষয়ত লিখিব লগা হ’লেই,তথ্য আৰু গ্ৰন্থ পঢ়ি বিষয়টো আয়ত্বলৈ আনি লওঁ।গতিকে পাঠকে বা দৰ্শকে বহুত কিবা বিচাৰি পায়।
মাতু: আপুনি কেতিয়াৰপৰা স্ক্ৰিপ্ট লিখা,নাটক পৰিচালনা,চিনেমা,ভিডিঅ’, অভিনয়ৰ লগত জড়িত হৈছিল আৰু আপোনাৰ এই কৰ্মৰাজিত কেনেদৰে আপোনাৰ পৰিয়ালৰপৰা অনুপ্ৰাণিত হৈছিল তথা বন্ধু-বান্ধৱীৰপৰা সহযোগিতা পাইছিলনে?
গোস্বামীদেৱ: মোৰ নাট্য জীৱন আৰম্ভ হৈছিল ১৯৬৪ চনত।স্কুলত নাটৰ প্ৰতিযোগিতাত দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা হিচাপে।তাৰ পাছত প্ৰত্যেক বছৰেই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলোঁ।বাহিৰতো নাটকৰ বাবে নিমন্ত্ৰণ পাইছিলোঁ।বিশেষকৈ বিহু আদিত।কলেজতো পুৰস্কাৰ বুটলিলোঁ।লগে লগে ডিব্ৰুগড়ৰ মঞ্চত নাটক প্ৰদৰ্শন কৰিলোঁ।দুই-এখন পৰিচালনাও কৰিছিলোঁ। স্কুলৰ আলোচনীত গল্প লিখিছিলোঁ।কিন্তু সেই সময়ত ঘৰৰপৰা বাধাহে পাইছিলোঁ।পঢ়া-শুনা নষ্ট হ’ব বুলি ঘৰত নাটক কৰিবলৈ বা খেলিবলৈ দিয়া নাছিল।মনে মনে গৈ কৰিছিলোঁ।কেতিয়াবা নিশা দেৰি হ’লে দেউতাই ঘৰৰপৰা উলিয়াই দিছিল।আইতাই মনে মনে দুৱাৰ খুলি দিছিল।কেতিয়াবা লগৰ ল’ৰাৰ ঘৰত বিয়া আছে বুলি ফাকি দি গৈছিলোঁ।ঘূৰি আহি দেখোঁ ঘৰত ভাত নথয় বিয়া খাই অহা বুলি। লঘোনে থাকিব লগা হৈছিল বহুত দিন।পঢ়া শেষ কৰাৰ পাছত অৱশ্যে মুকলিকৈ এইবোৰত লাগিছিলোঁ।ঘৰৰপৰা বাধা নাছিল যদিও উৎসাহো দিয়া নাছিল।
যেতিয়া যোৰহাটলৈ আহিলোঁ তেতিয়া নাটক লিখা আৰম্ভ কৰিলোঁ।জনমভূমি কাকতত গল্প, উপন্যাস লিখিছিলোঁ।অসম সাহিত্য সভাৰ উপন্যাস প্ৰতিযোগিতাত পুৰস্কাৰ পালোঁ মোৰ “হে স্বৰ্গ বিদায়” উপন্যাসৰ বাবে।ছপা হৈ ওলাল।বাণী মন্দিৰে প্ৰকাশ কৰিলে।আন্দোলনৰ ভৰপক আছিল,গতিকে বিক্ৰী হ’ল বহুত কপি।তাৰ পাছত অসমৰ বিভিন্ন ঠাই মৰিগাঁও, ধুবুৰী,তেজপুৰ নগাঁও আদিত চাকৰিৰ তাগিদাত ঘূৰি ফুৰিলোঁ।নাটক লিখি গ’লোঁ।গল্প,উপন্যাস,শিশু সাহিত্য লিখি গ’লোঁ।কিতাপো ওলাল,পুৰস্কাৰো পালোঁ।তাৰ পাছত ১৯৯১ চনত গুৱাহাটীলৈ আহিলোঁ।গুৱাহাটীত নাটক লিখাৰ লগতে মঞ্চস্থ হ’ল।তেতিয়া দুৰদৰ্শন আৰম্ভ হৈছে,চিত্ৰনাট্য লিখা আৰম্ভ হ’ল।তেতিয়া চিত্ৰনাট্যকাৰ আজিৰ দৰে খালে-ডোঙে নাছিল।মাত্ৰ দুজন কি তিনিজন।দূৰদৰ্শনত কমিচন প্ৰগ্ৰেমৰ সময়ত প্ৰয়োজক,পৰিচালকৰ শাৰী ঘৰত।উপন্যাসো ওলাল এখনৰ পাছত এখনকৈ।পূজা,বিহু সংখ্যাৰ আলোচনীত প্ৰায় গল্প লিখোঁ,প্ৰকাশো হয়।
আৰম্ভ হ’ল ভিচিডিৰ যুগ।একেই গতি।অজস্ৰ লিখিলোঁ।দিনত চাকৰি,পুৱা- গধূলি আৰু বন্ধ দিনত ঘৰত লিখাৰ কাম।তাগিদাৰ বাবে টেবুলৰপৰা উঠিব নোৱাৰোঁ।অৱশ্যে পৰিয়ালৰ মানুহ মোৰ পত্নী আৰু ল’ৰা দুটা।তেওঁলোকে মোক আপত্তি কৰা নাছিল। মোৰহে মাজে মাজে বেয়া লাগে।বন্ধ দিনতো তেওঁলোকক সময় দিব নোৱাৰাৰ বাবে।অৱশ্যে পৰিবাৰে ঘৰখন আৰু ল’ৰা দুটাৰ দায়িত্ব লৈছিল। মোক যথেষ্ঠ অনুপ্ৰেৰণা দিছিল।অফিচতো সহকৰ্মী বন্ধুসকলে সদায় সহায় কৰিছিল।মই মাত্ৰ কলম চলাইছিলোঁ।তাৰ পাছত ৰেডিঅ’ আৰু টিভিৰ ব্যক্তিগত চেনেলবোৰ আৰম্ভ হ’ল।ৰেডিঅ’ নাটক আৰু ধাৰাবাহিকৰ চিত্ৰনাট্য লিখাৰ বাবে হেঁচা আহিল।লিখি গ’লোঁ তেনেকৈ ব্যংগও বিভিন্ন বাতৰি-কাকত আৰু আলোচনীৰ বাবে লিখিলোঁ।এটা সময়ত অৱসৰ ল’লোঁ। কিন্তু সাহিত্য জগত আৰু সাংস্কৃতিক জগতত ব্যস্ততা নকমিল,বাঢ়িলহে।এতিয়াও মই মৌ-মাখিৰ দৰেই ব্যস্ত। অন্যৰ অনুৰোধ আৰু প্ৰয়োজনতেই ব্যস্ত।তাৰ মাজে মাজে কৰ্মশালা,সভা-সমিতি বা কাৰোবাক কিবাকিবি শিকোৱা,পাতনি লিখি দিয়া,উপন্যাস,গল্প বা নাটকত চকু ফুৰোৱা।এয়াই জীৱন এতিয়া।ভাগৰ লাগে, লাগিলেও উপায় নাই।
মাতু: আমি জনামতে আপুনি ঝংকাৰ ডান্স আৰু ড্ৰামা স্কুলৰ এজন অধ্যক্ষ হিচাপে আছে।আপোনাৰ ওপৰত স্কুলৰ বহু দায়িত্ব আছে।আনফালে আপুনি সাহিত্যচৰ্চাৰ কৰ্মৰাজিতো সময় দিব লাগে।গতিকে আপুনি দুয়োটা দিশত কেনেদৰে নিয়াৰিকৈ চলাই নিয়ে?এই ক্ষেত্ৰত আপোনাৰ সমস্যা হয় নেকি?
গোস্বামীদেৱ: অৱশ্যে ঝংকাৰ ডান্স স্কুলখন সম্পূৰ্ণ উদয়শংকৰেই চলায়।মই মাত্ৰ সৰু সৰু ল’ৰা-ছোৱালীবোৰক মাজে মাজে নাটক আৰু কবিতা আবৃত্তিৰ কথাহে শিকাওঁ।কোনো সমস্যা নহয়,মাত্ৰ সময়ৰহে নাটনি।
মাতু: আপুনি যিহেতু কলা শাখা আৰু বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল।আপোনাৰ কোনটো শাখা বেছিকৈ পছন্দ হৈছিল আৰু কিয়?লগতে আপুনিতো বিজ্ঞান শাখাৰ এজন ছাত্ৰ হিচাপে বেলেগ দিশতো যাব পাৰিলেহেঁতেন; কিন্তু সাহিত্যৰ ক্ষেত্ৰখন কিয় বাছি ল’লে?
গোস্বামীদেৱ: মই ভাবোঁ,এজন লেখক হ’বলৈ যে কলা শাখাত পঢ়া মানুহ হ’ব লাগিব তাৰ কোনো ধৰাবন্ধা নিয়ম নাই।মূল কথা হ’ল সৃষ্টিশীল প্ৰতিভা।আৰু বিজ্ঞানৰ মানুহ হ’লে বহুত ক্ষেত্ৰত সুবিধা নোহোৱা নহয়।যুক্তিৰে কথাবোৰ চাবলৈ শিকায় বিজ্ঞানে। গতিকে অনুশীলন আৰু অধ্যয়ন,এই দুয়োটাইহে সাৰ্থক এজন লেখকৰ সৃষ্টি কৰিব পাৰে।অৱশ্যে কলা শাখাত শিক্ষা ল’লেও লেখাৰ ক্ষেত্ৰত বহুত সুবিধা হয়। বিশেষকৈ সাহিত্যৰ ছাত্ৰৰ বাবে।কাৰণ তেওঁলোকে পঢ়াৰ সময়তে বিশ্ব সাহিত্য বা অসমীয়া সাহিত্যৰ বিষয়ে জানিব পাৰে।
মাতু: আপুনি নাটকৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়িছিল? আপোনাৰ লগত আপোনাৰ পৰিয়ালেও সহযোগ কৰিছিলনে?এই ক্ষেত্ৰত আপোনাৰ কেতিয়াবা বিৰক্তি লাগিছিল নেকি?আপোনাৰ নাটকৰ ওপৰত প্ৰকাশ হোৱা কিতাপবোৰৰ বিষয়ে আমি সবিশেষ জানিব খোজোঁ।
গোস্বামীদেৱ: নাটকৰ বিষয়ত মই আগতেই বহু কথাই কৈছোঁ।পৰিয়ালৰ পৰাও মই পূৰ্ণ সহযোগ পাইছিলোঁ। তাতে মোৰ পত্নীও আছিল এগৰাকী মঞ্চ,ধাৰাবাহিক আৰু চলচ্চিত্ৰৰ অভিনেত্ৰী।ল’ৰা দুটায়ো সৰুতে অভিনয় কৰিছিল।
নাটকৰ গ্ৰন্থ মোৰ কেইবাখনো প্ৰকাশ হৈছে।মই এতিয়ালৈকে শতাধিক নাটক ৰচনা কৰিছোঁ আৰু তাৰ বেছিভাগেই মঞ্চস্থ হৈছে।নাটকৰ গ্ৰন্থ প্ৰকাশ হৈছে ছয়খন।তাৰ বাহিৰেও শিশু নাটকৰ ওপৰত লিখা “শিশু নাটক ৰচনা,পৰিচালনা আৰু অভিনয়” নামৰ এখন। বহুত প্ৰবন্ধ সিঁচৰতি হৈ আছে বহুত আলোচনীত, কাকতত।এতিয়া এখন নাটকৰ ওপৰত গ্ৰন্থৰ কাম আজি চাৰিবছৰ ধৰি ছেগা-চোৰোকাকৈ কৰি আছোঁ। সেইখন অহা বছৰ প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। যিখনে অসমীয়া ভাষাত নাটকৰ ওপৰত লিখা ভাল গ্ৰন্থৰ অভাৱ নিশ্চয় পূৰণ কৰিব।
নাটক মোৰ তেজত আছে গতিকে বিৰক্তিৰ প্ৰশ্ন নাই বৰঞ্চ আনন্দৰহে সমল।
মাতু: আপুনি এজন নাটকৰ পৰিচালক,এজন অভিনেতাৰ লগতে এজন সমালোচক হিচাপে নিজকে সৌভাগ্যৱান বুলি ভাবেনে?যদি ভাবে তেন্তে কিদৰে আপুনি উত্থাপন কৰিব?
গোস্বামীদেৱ: হয়, মই সমালোচকৰ দায়িত্বও পালন কৰোঁ।আজিকালি অৱশ্যে বাদ দিবলৈ চেষ্টা কৰিছোঁ। মই নাটক চালে কিছুমান কথা সহ্য কৰিব নোৱাৰোঁ। অপ্ৰয়োজনীয়ভাৱে নাটকত দেখুওৱা অশ্লীলতা বা তথ্যৰ ভুল এইবোৰ বিষয়ে মই বাতৰি কাকতত সমালোচনা কৰোঁ।মই মোৰ জ্ঞানেৰে মুকলিকৈ লিখোঁ। কিন্তু কোনেও প্ৰতিবাদ নকৰে যদিও মোক বেয়া পায়। এগৰাকী মুধাফুটা সাহিত্যিক,এজন প্ৰভাৱশালী চিত্ৰনাট্যকাৰ তথা সাংস্কৃতিককৰ্মী,তিনিজন মাত্ৰ প্ৰতিস্থিত নাট্যকাৰ,পৰিচালকৰ বিষয়ে লিখি,মই এতিয়া অপ্ৰিয় এজন মানুহত পৰিণত হৈছোঁ।মই আচলতে মনে মনে থাকিব নোৱাৰোঁ।মুখৰ আগত কথাবোৰ কৈ দিওঁ।গতিকে মোক বেয়া পোৱা মানুহৰ সংখ্যা সৰহ।বহুতে মোক নমতাই হ’ল।বহুতে হিংসাও কৰে দেখদেখকৈ।বহুতে বেয়া পাই,কিয় বেয়া পাই নাজানোঁ।গতিকে আজিকালি নাটকৰ সমালোচনা লিখিবলৈ মন নাযায়।কাৰণ সত্য কথা ক’লে মানুহ অপ্ৰিয় হয়।
মাতু: আপুনি টিভি আৰু চলচ্চিত্ৰৰ ক্ষেত্ৰত নাট্যকাৰ হিচাপে অসম ৰাজ্যৰ ক’ত ক’ত আৰু অসম ৰাজ্যৰ বাহিৰত মঞ্চস্থ হোৱা শিশু নাটক আৰু অন্যান্য নাটক সম্প্ৰচাৰ কৰিছে নেকি?
গোস্বামীদেৱ: মোৰ নাটক অসমৰ বিভিন্ন ঠাইত মঞ্চস্থ হৈছে।অসমৰ বাহিৰতো বিভিন্ন ফেষ্টিভেল আদিত মঞ্চস্থ হৈছে যাৰ তালিকা দিয়া সম্ভৱ নহয়।মোৰ চিত্ৰনাট্যৰে বহুত ধাৰাবাহিক হৈছে।বিশেষকৈ গুৱাহাটী দূৰদৰ্শনত সম্ভৱতঃ ময়েই সৰ্বাধিক চিত্ৰনাট্য লিখিছোঁ। দিল্লী দূৰদৰ্শনৰ বাবেও লিখিছোঁ।ব্যক্তিগত চেনেল ‘ ৰং,’ ৰেঙনি ‘, ‘জোনাক’ আদিত সম্প্ৰচাৰিত হৈছে।নাটক অসমৰ বিভিন্ন ঠাইত মঞ্চস্থ হৈছে।
মাতু: আপোনাৰ Feature Film, Documentary Film, Video Film, Tele Film ৰ বিষয়ে আমি বিস্তৃতভাৱে জানিব বিচাৰোঁ।এইবোৰৰ ক্ষেত্ৰত আপোনাৰ সংগ্ৰাম কেনে আছিল?এই বিষয়ে বিস্তৃতভাৱে ক’ব নেকি?
গোস্বামীদেৱ: চুটি ছবি কেইবাখনো নিৰ্মাণ হৈছে। পৰিচালনাও কৰিছোঁ। ‘তেজ’- নামৰ এখন চুটি ছবি “কাঁ ফেষ্টিভেল”তো প্ৰদৰ্শিত হৈছিল। Feature Film এতিয়ালৈকে পাঁচখনৰ চিত্ৰনাট্য আৰু চাৰিখনৰ চিত্ৰনাট্য কাহিনী লিখিছোঁ। Telefilm আৰু Documentary বা ডক্ ফিচাৰ কিমান লিখিলোঁ মনত নাই। হিচাব ৰখা নাই।
সকলোতকৈ ডাঙৰ কথা,মোৰ কোনো সংগ্ৰাম ক’তো নাই।কামবোৰ নিজে নিজে আহে।এতিয়াও সকলো কাম নিজে নিজে আহে,মাত্ৰ মোৰ ব্যস্ততা বাঢ়ে।
মাতু: আপুনি দূৰদৰ্শন ধাৰাবাহিকৰ বাবে কোন কোন চেনেলত আৰু কিমানখনৰ কাহিনীৰ লিপি লিখিছিল?
গোস্বামীদেৱ: সকলো হিচাব দিয়া সম্ভৱ নহয়। দূৰদৰ্শনকে আৰম্ভ কৰি প্ৰায়বোৰ চেনেলৰ বাবে লিখিছোঁ। তাৰ ভিতৰত ” শাহু-বোৱাৰী”ৰ ১২৫টা খণ্ড, পিতাপুত্ৰ, ঘৰজোঁৱাই ইত্যাদিৰ কথা উল্লেখ কৰিব পাৰি।( আগতে উল্লেখ কৰিছোঁ)।
মাতু: আমি জনামতে আপুনি সাহিত্য ক্ষেত্ৰলৈ বহুতো অৱদান আগবঢ়াইছে।আপোনাৰ সাহিত্যিক কৃতকাৰ্যতাৰ বিষয়ে আমাক অৱগত কৰাব নেকি?
গোস্বামীদেৱ: মই সাহিত্যিক হিচাপে কিমান কৃতকাৰ্য হৈছোঁ,মই কেনেদৰে ক’ম!যদি বঁটা-বাহনেৰে কৃতকাৰ্যতাৰ মূল্য জোখে,তেন্তে মই বিশেষ কৃতকাৰ্য হোৱা বুলি ক’ব নোৱাৰোঁ।কিন্তু মই কিমান সফল হৈছোঁ তাক পাঠক আৰু দৰ্শকে ক’ব।মূল্যায়ন কৰিব সমালোচকে।
মাতু: আপোনাৰ বৰ্তমানলৈকে গ্ৰন্থ ( উপন্যাস, চুটিগল্প, ব্যংগ) কিমানখন প্ৰকাশিত হৈছে? গ্ৰন্থসমূহৰ আভাস দিব পাৰিব নেকি?
গোস্বামীদেৱ: উপন্যাস প্ৰকাশিত হৈছে ঊনৈশখন। তাৰে দুখন সংকলন।ব্যংগ গল্পৰ সংকলন তিনিখন।গল্প সংকলন এখন।
সকলোতকৈ বেছি চৰ্চিত উপন্যাস “শুকুলা হাতীৰ খোজ”।প্ৰত্যেকখন গ্ৰন্থৰ আভাস দিবলৈ গ’লে এখন সৰু উপন্যাসেই হ’ব।মই একোটা বিশেষ বিষয় নিৰ্বাচন কৰি উপন্যাস লিখোঁ।যেনে হাতীৰ ওপৰত ‘শুকুলা হাতীৰ খোজ’।গঁড়ৰ ওপৰত ‘অৰ্ন্তযুদ্ধ ‘, কেঞ্চাৰৰ ওপৰত ‘কেঞ্চাৰৰ কেলেণ্ডাৰত তুমি ‘, মন্ত্ৰ সাহিত্যৰ ওপৰত ‘অদৃশ্য খিৰিকীৰ সিপাৰে ‘।তেনেদৰেই লিখোঁ। তাত সকলো তথ্য পোৱা যায়।
মাতু: বৰ্তমানলৈকে প্ৰকাশিত হোৱা আপোনাৰ কোনখন উপন্যাসে পাঠকক আমোদ দিছে বুলি ভাবে আৰু কিয়?লগতে উপন্যাসখনৰ কোনটো চৰিত্ৰ আপোনাৰ বেছিকৈ প্ৰিয় আৰু এই চৰিত্ৰটোৱে আপোনাৰ জীৱনত কেতিয়াবা প্ৰভাৱ পেলাইছিল বুলি আপুনি ভাবেনে?
গোস্বামীদেৱ: এখনৰ কথা ক’ব নোৱাৰি।অতি জনপ্ৰিয় নিবেদিতা গাৰ্লছ হোষ্টেল,শুকুলা হাতীৰ খোজ, খামপাট গাভৰু আৰু বাৰ্কলে চাহাবৰ বঙলা।সকলো মোৰ সন্তান।গতিকে সকলোৱেই মোৰ প্ৰিয়।মোৰ জীৱনত মোৰ সৃষ্টিৰ প্ৰভাৱ আছে বুলি মই নাভাবোঁ।
মাতু: আপোনাৰ দৃষ্টিত কবিতা,নাটক আৰু উপন্যাস কি?
গোস্বামীদেৱ: এটা জীৱনৰ প্ৰতিফলন আৰু আমোদৰ উপকৰণ।লগতে সচেতনতা বঢ়োৱাৰ উপকৰণ। উপন্যাস জীৱনৰ ছবি আৰু তথ্যৰ,জ্ঞানৰ সমাহাৰ। কবিতা মই ভালদৰে বুজি নাপাওঁ।
মাতু: বৰ্তমান প্ৰজন্মৰ বহুতেই কবিতা,গল্প,উপন্যাস লিখে।তাৰ ভিতৰত কেনেধৰণৰ কবিতাক উন্নত মানদণ্ডৰ কবিতা বুলি আপুনি বিবেচিত কৰিব?এখন উন্নত মানৰ উপন্যাস হ’বলৈ হ’লে আপোনাৰ মতে কোনবোৰ বৈশিষ্ট্য থাকিব লাগে?লগতে নাট্যকাৰ হিচাপে উন্নত মানৰ বিকাশ সাধনৰ বাবে বৰ্তমানৰ প্ৰজন্মটিক আপুনি কি পৰামৰ্শ দিব?
গোস্বামীদেৱ: কবিতাৰ প্ৰসংগত মোৰ জ্ঞান শূন্য। উপন্যাসৰ ধাৰা আজিকালি বদলিছে।আগৰদৰে কাল্পনিক আৰু ঘৰত বহি লিখাৰ দিন উকলিল। আজিকালি তথ্যভিত্তিক বাস্তৱ উপন্যাস লিখাৰ চেষ্টা কৰা উচিত।তাৰ বাবে অধ্যয়ন,কষ্ট,ক্ষেত্ৰ অধ্যয়ন লাগিব।গল্পবোৰ দুৰ্বোধ্য হ’বলৈ ধৰিছে।যদি পাঠকে বুজিয়ে নাপাই, কাৰ বাবে লিখা হয়?দুৰ্বোধ্য কিবা লিখি নিজৰ জ্ঞান জাহিৰ কৰাতকৈ পাঠকক সহজ কিবা এটা দিয়ক।ব্যংগবোৰ ব্যংগ হৈ নাথাকে বহুত ক্ষেত্ৰত। আবৰ্জনা যেনহে লাগে।অনুশীলন আৰু অধ্যয়নৰ প্ৰয়োজন সকলোতে।
মাতু: চচিয়েল মিডিয়াৰ সাহিত্য চৰ্চাৰ ক্ষেত্ৰখনত বৰ্তমানৰ প্ৰজন্মটিক জড়িত হোৱা দেখা যায়।এই বিষয়ত আপুনি কি ক’ব?লগতে অনলাইন সাহিত্য চৰ্চাৰ যোগাত্মক প্ৰভাৱ আছে বুলি আপুনি ভাবেনে?
গোস্বামীদেৱ: চচিয়েল মিডিয়াত সাহিত্য চৰ্চা এটা ফেশ্বন হৈ পৰিছে।এটা কথা ঠিক যে ইয়াত সম্পাদনা নকৰাকৈ যি মন যায় তাকে লিখিব পাৰে।অৱশ্যে নতুন লেখকৰ বাবে ই এটা প্লেটফৰ্ম।অৱশ্যেই ইয়াৰপৰাই বহুত জনপ্ৰিয় হৈছে।
মাতু: কবিতা,নাটক এই বিষয়ত আমাৰ জনসাধাৰণক ভৱিষ্যৎ দিশত আগুৱাই নিয়াত বৰ্তমানৰ প্ৰজন্মটিৰ ভুমিকাৰ সম্পৰ্কে আপুনি কি ক’ব?
গোস্বামীদেৱ: নল মৰে গঁজালি ওলায়।এচাম গ’লে অন্য এচাম ওলাব লাগিব।কিন্তু অধ্যয়ন আৰু অনুশীলন নকৰিলে ভাল সৃষ্টি কেতিয়াও নহয়।প্ৰতিভা লাগিব। মাত্ৰ গোট বন্ধা আৰু অহংভাব বাদ দি বঁটাৰ পাছত দৌৰিব নালাগে।
মাতু: আগৰ চলচ্চিত্ৰ আৰু বৰ্তমানৰ চলচ্চিত্ৰৰ মাজত বহুতো পাৰ্থক্য আছে।ভৱিষ্যতলৈ চলচ্চিত্ৰৰ ৰূপৰেখা কেনেধৰণৰ হোৱাটো আপুনি বিচাৰে?
গোস্বামীদেৱ: চলচ্চিত্ৰ নিৰ্মাণৰ দিশবোৰত সম্পূৰ্ণ পৰিবৰ্তন হৈছে।জীৱন সম্পৰ্কে মানুহৰ বোধ সলনি হৈছে।নতুন নতুন ৰীতি ওলাইছে।আমি এটা কথাই ক’ম যে মাটিৰ গোন্ধ থকা নিৰ্ভেজাল,অকৃত্ৰিম,স্বাভাৱিক সৃষ্টি কৰা।তেতিয়াহে সকলোৰে গ্ৰহণযোগ্য হ’ব।
মাতু: ছাৰ, ইমান ব্যস্ততাৰ মাজতো নাটক,কবিতা, চলচ্চিত্ৰ,জীৱন,সমাজ সম্পৰ্কীয় কথাখিনি খৰচি মাৰি জনোৱাৰ বাবে আপোনাক আন্তৰিকতাৰে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
গোস্বামীদেৱ: ‘শব্দচিত্ৰ….জীৱন জিজ্ঞাসা’ ই-আলোচনীৰ সমূহ কৰ্মকৰ্তালৈ মোৰ তৰফৰপৰাও আন্তৰিক ধন্যবাদ জনালো।আলোচনীখন দীৰ্ঘজীৱি হওক।ইয়াৰ লগতে সমাগত দীপাৱলীৰ বাবেও সকলোলৈকে মোৰ শুভকামনা থাকিল।
*******
11:43 PM
বহু কথা জানিব পাৰিলোঁ।