হাতো নেমেলিবি ফুলো নিছিঙিবি-চিত্ৰলেখা দেৱী
(প্ৰথম খণ্ড)
চলৌপ-চলৌপ-চলৌপ,চলৌপ-চলৌপ-চলৌপ….ভৰ দুপৰীয়া কেউফালে নিজান,আন শব্দৰ পয়োভৰ নাই। ৰংমনে ব’ঠাপাত আৰু জোৰেৰে মাৰিবলৈ চেষ্টা কৰিছে…সোনকালে ঘৰ পাবগৈ লাগে।আজি এবছৰ দিন ধৰি আই-পিতাই,ককাই-ভাই কাকো দেখা নাই।কিমান হেঁপাহেৰে চাগৈ ৰংমন আহিব আহিব বুলি তেওঁলোকে বাটলৈ চাই আছে!তাতোকৈ…তাৰ কলিজাৰ এফাল তেজীজনীকো যে কিমান দিন লগ পোৱা নাই!আজি এবছৰে তাই চাগৈ ৰঙে-ৰূপে পাটগাভৰুজনী হৈ পৰিছে।তাইৰ মুখখন এবাৰ প্ৰাণ ভৰি চাবলৈ ৰংমনৰ মনটো ব্যাকুল হৈ পৰিল।ইতিমধ্যে সাউদৰ বৰনাও বুকুত মেটমৰা বোজা লৈ লুইতৰপৰা দিখৌৰ মোহনাৰে সোমাই পৰিল।উজাই নাও বাবলৈ কিছু কষ্ট হয় যদিও কষ্টৰ কথা চিন্তা নকৰি প্ৰাণপণে ৰংমনে ব’ঠা মাৰিছে…….
সোনকালে ঘৰ পাবগৈ লাগে। আৰু মাথোন দুই প্ৰহৰৰ বাট।সাউদ দেউতাই আৰু কোনোবা ঘাটত নাও বান্ধো বুলি নক’লেই হয়।ক’লেও পিছে সি সাউদৰ বাইক পেলাব নোৱাৰে….যিটোহে টোপ আগবঢ়াই থৈছে সাউদে তালৈ।সেয়ে সাউদে দহেৰে যাওঁ বুলিলেও ‘হয়’ বুলি কয়,বামেৰে যাওঁ বুলিলেও ‘হয়’ বুলি কয়।
ভৰ দুপৰীয়াৰ প্ৰখৰ ৰ’দ।সাউদে ৰংমনৰ ফালে চালে…গোটেইটো নাও বাই ঘামি-জামি ভাগৰুৱা হৈ পৰিছে।ক্ষন্তেক তাক জিৰণি দিয়া ভাল।হওঁতে আৰু দুটা এটা নাৱৰীয়া সাউদে বাটত গোটাই লয়।ঘৰৰ বাট চমু চাপি আহিলত সিহঁতক বিদায় দি এইছোৱা ৰংমনৰ ভাৰসাতে আহি আছে।বৰ বিশ্বাসী ডেকা ই গায়ে-গাৰিয়ে চালে চকু ৰোৱা।তেওঁৰ হিয়াৰ আমঠু তেজীজনীৰ কাৰণে মনে মনে ৰংমনকে জোঁৱাই বৰিব বুলি তেওঁ ভাবি থৈছে।তাকো এই কথাৰ ফুট দিছে হওঁতে।দুয়োৰে মাজত মনৰ মিল এটাও আছে বুলি তেওঁ পাকে-প্ৰকাৰে আগতেই গম পাইছে।
“বোপাই অ’ ৰংমন…..এইটো ঘাটতে অকণ জিৰণি লৈ তামোল-চালি এডোখৰকে মুখত দিওঁ আহ।নাওখন তই বান্ধ….মই হাত-ভৰিকেইটাকে অলপ পোনাই লওঁ।”
—–সাউদে ৰংমনক আহ্বান জনালে।
দিখৌৰ কিছু আঁতৰত এটা এৰাসুঁতি।কোনোবা কাহানিতেই সেইফালে বৈ থকা দিখৌখন কিবা ৰূপে সূঁতি এৰি এইফালে পাক ল’লে।এৰাসুঁতিটো প্ৰকাণ্ড বিল এখন হৈ ৰঙা,বগা,গুলপীয়া………বিভিন্ন বৰণৰ পদুম ফুলেৰে সুশোভিত হৈ আছে।সাউদ লাহে লাহে সেইফালে আগুৱাই গ’ল।তেওঁ দেখিলে এপাহ প্ৰকাণ্ড ৰঙা পদুমে যেন তেওঁৰ ফালে চাই হালি-জালি আছে। তেওঁৰ মনটো কেনেবা লাগিল।তেজীলৈ মনত পৰিবলৈ ধৰিলে।সেয়া যেন তেজীয়ে তেওঁকেই কিবা ক’ব খুজিছে।নাই,সেইফালে চাই থাকিব নোৱাৰি।তেওঁ খৰধৰকৈ নাৱলৈ খোজ ল’লে।ৰংমনে তেওঁক তেনেকৈ অস্থিৰ ভাৱেৰে উভটি অহাত আচৰিত হ’ল।বিপদতো সৰ্বদা ধীৰ-স্থিৰ সাউদৰ এনে ৰূপ কিয়?
“দেউতা!’
এটা প্ৰশ্নবোধক দৃষ্টিৰে ৰংমনে মাত দিলে।সাউদে একো নকৈ বিলখনৰ ফুলখিনিৰ ফালে আঙুলিয়াই দিলে।ৰংমন মন্ত্ৰমুগ্ধৰ দৰে আগুৱাই গৈ থাকিল।এইপাহ ইমান ডাঙৰ ফুল!পদুমেইনে এইপাহ? ভাবি ভাবি সি বিলৰ পানীত নামিলগৈ ডাঙৰ পদুমপাহ ছিঙিবৰ বাবে।এইপাহ নি সি তেজীক দিব…..টিপতে।তেতিয়া তাইৰ মুখৰ ৰঙে পদুমপাহৰ ৰঙৰ লগত একাকাৰ হৈ পৰিব।কিমান যে ভাল লাগিব সেই মুহূৰ্তটো।ভাবি ভাবি ৰংমন ৰোমাঞ্চিত হৈ পৰিল।সি হাত মেলি ফুল পাহ চুব খুজিলে।ঠিক তেতিয়াই ফুল পাহে যেন ইনাই বিনাই সুৰ লগাই গাই উঠিল……..
“হাতো নেমেলিবি,ফুলো নিচিঙিবি
ক’ৰে নাৱৰীয়া তই;
পাট কাপোৰৰ লগতে মাহী আই খুন্দিলে
তেজীমলাহে মই।”
(দ্বিতীয় খণ্ড)
সাউদৰ মনটো ইচাত-বিচাত কৰিছে।অস্থিৰ হৈ পৰিছে তেওঁ।কিয় এনে হৈছে তেওঁ নিজেই ধৰিব পৰা নাই।তেজীলৈ আজি ঘনে ঘনে মনত পৰিছে তেওঁৰ। কেনে বা আছে আইজনী?গা-মূৰ ভালে-কুশলে আছেনে তাইৰ?হওঁতে সুৰক্ষিত অৱস্থাতেই এৰি আহিছে তাইক। মাকৰ লগতহে আছে!বিপদ-আপদৰ কথা তেওঁৰ চিন্তা কৰিবলগীয়া নাই।এৰ!মাকেইতো আৰু!ৰহিলা নিজৰ মাক নহ’লেও তেজীৰ বাবে তেওঁ মাকতকৈ কোনো গুণে কম নহয়।প্ৰথমতে সাউদৰ নিজৰ মাজতে সন্দেহৰ পোক এটাই কুটকুটাই আছিল।ৰহিলাই তেজীক মাকৰ চকুৰে চাব পাৰিবনে বাৰু?পিছত তেওঁ নিজেই দেখিছে মাহীমাকৰ জীয়েকলৈ হুতাহটো। তেজীয়ে খালেহে তেওঁ খায়,তেজী শুলেহে তেওঁ শোৱে। গতিকে এই দিশত নিশ্চিন্ত তেওঁ।ৰহিলাৰেই কিবা অথন্তৰ হৈছে নেকি আকৌ।সাউদৰ তেওঁলৈও চেনেহটো কম নহয়।তেজীৰ মাকৰ মৃত্যুৰ এবছৰমানৰ পাছতে সাউদে দুখনমান গাঁৱৰ সিফালৰ গাঁৱখনৰপৰা তেওঁক বিয়া কৰাই আনিছিল।প্ৰথমতে সাউদে দ্বিতীয়বাৰ বিয়া পাতিবলৈ একেবাৰে ইচ্ছা কৰা নাছিল।তেজীৰ মাকৰ চিতাৰ জুইকুৰা তেওঁৰ বুকুতো উমি উমি জ্বলি আছিল।পিছে তেওঁ হৈছে সাউদ মানুহ। বছৰেকত একোবাৰ দেশ-বিদেশ ফুৰি তেওঁৰ বেহা নেমেলিলে নহয়।তেনেকৈ মাহ মাহ ধৰি ঘৰৰপৰা আঁতৰি থাকিবলৈ হ’লে ছোৱালীকণকেনো ক’ত থৈ যাব?সেয়ে বংশ-পৰিয়াল,বন্ধু-বান্ধৱৰ উপদেশত তেওঁ ৰহিলাক ঘৰৰ ঘৰিণী কৰি আনিলে।ৰহিলাও বৰ কৰ্মী তিৰোতা।তাই অহাৰ পৰাই সাউদৰ ঘৰে-বাৰীয়ে নদন-বদন হৈ পৰিছে।তেজীৰো মাহী আয়েকলৈ কমটো হেঁপাহ নহয়।আজি চাৰি-পাঁচ বছৰে তাই চাগৈ নিজৰ জনম দিয়া মাকৰ মুখখন পাহৰিয়ে পেলাইছে।সাউদে এইবাৰ বনিজলৈ বুলি ওলাই যোৱাৰ আগতে মন কৰিছিলে……মাহীআয়েকে তেজীক বোৱা-কটা,
ৰোৱা-তোলা সকলো কামতে পাকৈত কৰি তুলিছে। এৰা,নকৰিবনো কিয়?আজিৰ বাদে কালিলৈ তাইক এঘৰলৈ উলিয়াই দিব লাগিব…কাম-বন নাজানিলে লোকে ৰহিলাকেই হাঁহিব বোলে মাহীয়েকে কাম বন নিশিকাই ছোৱালীজনী থুপৰী কৰিলে।
“দেউতা,দেউতা……..”
কাৰোবাৰ প্ৰাণকাতৰ চিঞৰত সাউদৰ চমক ভাগিল।সৌটো ৰংমন উধাতু খাই আহিছে চোন!তেওঁক দেখাৰ লগে লগে সি আটাহ পাৰি উঠিল,
“দেউতা..কথা কোৱা ফুল….দেউতা…তেজীমলা….”
সাউদৰ বুকুখন ধমহকৈ বাজি উঠিল।দিক্ বিদিক হেৰুৱাই তেওঁ বিলৰ পাৰলৈ ঢাপলি মেলিলে। ফুলবোৰৰ ফালে চাওঁতেই তেওঁ যেন শুনিবলৈ পালে বতাহত ভাহি থকা কিবা এক ৰিঁ ৰিঁ সুৰ।কোনোবাই যেন নিশব্দে ইনাই-বিনাই কান্দিছে!সাউদ বাকৰুদ্ধ হৈ পৰিল।ইতিমধ্যে সেই ঠাই আহি পোৱা ৰংমনে অলপ আগতে পদুম ফুলপাহৰ ইননি-বিননিৰ কথা ফোঁপাই-জোপাই ক’লে।এনে কথা শুনি সাউদ থিৰেৰে থাকিব পাৰেনে?তেওঁ ঢলি পৰিব খুজিছিলেই।পিছে ৰংমন আগৰেপৰা সষ্টম হৈ থকাত তেওঁক সাৱটি ধৰিলে।কিছু বেলিৰ পিচত তেওঁ সুস্থ হৈ নিজ কাণেৰে শুনিব খুজিলে সেই বিননি আৰু কথা।তেওঁ পানীত নামোতেই অতি কৰুণভাৱে কোনোবাই উচুপি উঠিল পানীৰ মাজৰপৰা।এইবাৰ বিতত নহৈ সাউদ পানীৰপৰা উঠি আহিল আৰু ডাঙৰ পদুম ফুলপাহলৈ চাই সুধিলে,
“কোন তই ইমান শোকত বিয়াকুল পদুম?নিজৰ পিতাৰা বুলি ভাবি লৈ মোক তোৰ পৰিচয় দে।কথা দিলোঁ….মই তোৰ অপকাৰ নকৰো,উপকাৰহে কৰিম।”
“পি-তা-ই,ফুলপাহৰপৰা কান্দোন এটা ভাহি আহিল।কিছু দেৰিৰ পাছত ফুলপাহে উচুপি উচুপি ক’বলৈ ধৰিলে—
“মই তোৰ তেজী-তেজীমলা পিতাই”
সাউদৰ মূৰত যেন বজ্ৰাঘাতহে হ’ল।তেওঁ চেতনা হেৰুৱাবৰ উপক্ৰম হৈছে।কোনোমতে নিজকে চম্ভালি, তেওঁ ৰংমনৰ হতুৱাই নাৱৰপৰা তেজীমলালৈ বুলি ভাটীৰপৰা অনা আটকধুনীয়া সোণ খটোৱা সঁজাটো আৰু এখন থুৰীয়া তামোল অনালে।তেওঁ হাতত তামোলখন লৈ কলে……..
“তই যদি মোৰ তেজী হ’ৱ তেনেহ’লে মইনা চৰাই এটি হৈ উৰি আহি এই তামোলখন খাবি আৰু সঁজাটোত সোমাবিহি।”
সাউদে তেনেকৈ ক’বলৈহে পালে…..ফুলপাহ এটি ধুনীয়া মইনা চৰাই হৈ উৰি আহি তেওঁৰ হাতৰপৰা থুৰীয়া তামোলখন ঠোঁটত লৈ সঁজাটোত সোমাই পৰিল।সাউদৰ আৰু বুজিবলৈ একো বাকী নাথাকিল। তেওঁ চকুৰ পানীৰে বাট নেদেখা হৈ পৰিল।ৰংমনে সঁজাটোৰ জাপখন মাৰি,সেইটো নিজৰ হাতলৈ ল’লে আৰু দুয়ো বেজাৰ মনেৰে পুনৰ নাৱত উঠিলগৈ।এইছোৱা বাটত দুয়োৰে মুখত এটাও বাইক ফুটি নুঠিল।যি ক’ব লগা আছে মইনা চৰাইটোৱেই কৈ গ’ল।
(তৃতীয় খণ্ড)
সাউদৰ ঘৰৰ চাৰিওফালে উথপথপ পৰিৱেশ। নহ’বই বা কিয়?সাউদে বছেৰেকৰ বাবে আজি বনিজলৈ বুলি দিখৌৰ ভটিয়নী সোঁতত তেওঁৰ বৰনাও পাৰি দিব।কাম কৰা বনুৱাই মাহ,সৰিয়হ,এড়ি-মুগা সূতা তথা বিভিন্ন দুস্প্ৰাপ্য আৰু মূল্যৱান সামগ্ৰীৰে সাউদৰ নাও ভৰাই পেলাইছে।এইবোৰ বস্তুৰে তেওঁ ঘাটে ঘাটে বেহা মেলিব।লুইতৰ বুকুৱেদি ভটিয়াই গৈ তেওঁ ভাটীৰ দেশ পাবগৈ।সেইফালে বেহা-বেপাৰ কৰি তেওঁ পুনৰ অনেক দিনৰ মূৰত এনাও ভিন ভিন বস্তুৰ মেটমৰা বোজাৰে ঘৰ পাবহি।দুই-তিনি বছৰৰ মূৰে মূৰে এনেকৈয়ে সাউদে ভালেমান দিনৰ বাবে ঘৰৰ বাহিৰ হয়।লগত দুজনমান পাহোৱাল ডেকা লয় নাৱৰীয়া হিচাপে।যাত্ৰাৰ শেষত তেওঁলোককো উচিত মাননি দি বিদায় দিয়ে সাউদে।সেইবাবেই এবাৰ তেওঁৰ লগত যোৱা ডেকাহঁতে পুনৰ তেওঁৰ লগত যাবলৈ বিচাৰে। এইবাৰ পিছে সাউদে কেৱল ৰংমনক নিৰ্বাচিত কৰি থৈছে লগত নিবলৈ।
ৰহিলা আৰু তেজীমলাই মিলিজুলি আজি ভালেমান দিনৰপৰা পিঠা-পনা,জা-জলপান তৈয়াৰ কৰাত লাগিছে।সাউদৰ নাৱত বিধে বিধে টোপোলা বান্ধি সেইবোৰ দি পঠিয়াব লাগিব বাটত খাবলৈ।সুবিধা বুজি বাটত নাও বান্ধি তেওঁলোকে ৰান্ধি-বাঢ়ি খাব।তথাপিও দুজনীকৈ মাইকী মানুহ থকা ঘৰৰ মানুহটোক সুদা হাতে পঠিয়াবনে?তাতে তেজীমলাৰ মনৰ মানুহ ৰংমনো যাব লগত।গতিকেই এই খদমদম।
যাত্ৰাৰ সময় আহি পালে।বাপুতি গণকৰ হতুৱাই কালিয়েই যাত্ৰাৰ কাল চোৱাই থোৱা আছে।সেয়ে কাল বিলম্ব নকৰি সাউদে ৰংমনক লগত লৈ নাও বান্ধি থোৱা ঘাটলৈ বুলি খোজ ল’লে।তেওঁলোকৰ পিছে পিছে চকুপানী টুকি টুকি ৰহিলা আৰু তেজীমলা।নাৱত উঠিবলৈ লৈ সাউদে তেওঁলোকলৈ ঘূৰি চালে।ওৰণিখন টানি ৰহিলাই সাউদৰ ভৰি দুটা চুলে।সাউদে তেওঁৰ মূৰত স্পৰ্শ কৰিলে ক’লে,
“ভালদৰে থাকিবা দুয়োজনী।মই যাতে ঘূৰি আহি দুয়োকে এনেদৰে মিলেৰে থকা দেখা পাওঁ।”
ৰহিলাৰ কাণৰ কাষত গুণগুণাই থকা মৌমাখিজনী যেন এজনী কঁদো-বৰল হৈ পৰিল।
ইতিমধ্যে তেজীমলা “পিতাই অ’–” বুলি সাউদৰ বুকুত সোমাই উচুপি উঠিছে।সাউদে তাইক নিজৰ গাৰ পৰা কোনোমতে আঁতৰাই গুৱাপাণ এটি অৰিহণাৰে সৈতে নৈৰ বুকুলৈ আগবঢ়াই ৰংমনৰে সৈতে পাৰতে আঁঠু ল’লে।ৰংমন আৰু তেজীৰ মাজত একো মাতবোল নাই।দুয়ো দুয়োলৈ চালে…কৰুণভাৱে।হৃদয় পৰিপূৰ্ণ হৈ থাকিলে ভাষাৰ কোনো প্ৰয়োজনেই নাথাকে।তেজীয়ে দেখিলে ৰংমনৰ দুচকুত ভাৰসাৰ থলি।আৰু ৰংমনে… ৰংমনে তেজীমলাৰ পাৰ ওপচা দুনয়নত পালে যুগ যুগ ধৰি অপেক্ষা কৰিব পৰা ভালপোৱাৰ বতৰা।সাউদৰ “ৰামবোল,হৰিবোল” ধ্বনি আৰু ৰহিলাৰ দীঘলীয়া উৰুলিৰ মাজতে ৰংমনে গুৰিব’ঠা ধৰি নাওখন আগুৱাই নিলে।আগলৈ…আৰু আগলৈ নাওখন আগুৱাই গৈ থাকিল।ভিন ভিন ভাব লৈ তেজীমলা আৰু মাহী আয়েকে নাওখনৰ ফালে চাই থাকিল…..চায়েই থাকিল।
(চতুৰ্থ খণ্ড)
সাউদৰ বৰনাও দিখৌৰ বুকুত নেদেখা হোৱাৰ পাছত দুইজনী একেলগে ঘৰমুৱা হ’ল।একেলগে আহিছে যদিও দুয়ো অচিন মানুহৰ দৰে মাতবোল নোহোৱাকৈ অগা-পিছাকৈ আহি আছে।দুয়োৰে মনত ভিন ভিনভাৱে খেলা কৰিছে।সাউদ আগতেও এনেদৰে ঘৰৰপৰা বনিজলৈ বুলি বহুদিনৰ বাবে ওলাই যায়।কিন্তু আগতে তেজীমলাৰ মনটো ইমান বেয়া নালাগে। এতিয়া তাইৰ এনে লাগিছে যেন পিতাকক আৰু দুনাই দেখা নাপাব…লগতে ৰংমনকো!তাতে আগনিশা তাই সমাজিকত নিজৰ আয়েকক দেখিছে।আয়েকে তাইৰ ফালে হাত দুখন মেলি দিওঁতেই তাই ” আই আই” বুলি খক্ মককৈ সাৰ পাই উঠিছিল।পিতাক আৰু মাহীআয়েকো সাৰ পাই গৈছিল।মাহীআয়েকে পানী এবাতি খুৱাই তাইক আথে-বেথে পুনৰ শুৱাই থৈছিল। এই মৰমিয়াল মাহীআয়েকজনী তেজীৰ লগতে আছে যদিও কিবা এটা ৰিঙা ৰিঙা, উদাস উদাসভাৱে তাইক যেন গ্ৰাস কৰি আনিছে।আই মানে আয়েই আৰু মাহীআইৰ লগত কেতিয়াও তুলনা হ’ব নোৱাৰে।তাইৰ মোমায়েকৰ ঘৰখনৰ মানুহে কেতিয়াবা লগ পালে কয় নহয় তাইক।তাইৰ লগৰী সাদৰী আৰু মাণিকীয়েও কয় তাইক।তাই অৱশ্যে সিহঁতৰ কাকো বহুদিনলৈকে লগেই নাপায়।প্ৰকাণ্ড বাৰীৰে সাউদৰ গাওঁখনৰ এমুৰে ঘৰ। সেয়ে সুখে-দুখে মাহীআয়েকেই লগ তাইৰ।
সাউদনীৰ কাণৰ ওচৰত সেই তেতিয়াৰেপৰা যেন কেইবাটাও কঁদো-বৰলেহে কোঁ-কোঁৱাই আছে। সাউদেনো তাইক তেজীৰ লগত মিলি-জুলি থাকিবলৈ কিয় ক’ব লগা হ’ল?মাকক জীয়েকৰ লগত মিলি-জুলি থাকিবলৈ আনে ক’ব লাগে নেকি?সাউদলৈ অহাৰেপৰা ইমান বছৰে তাই চোন তেজীকে নিজৰ সন্তান বুলি সামৰি-সুতৰি লৈ ডাঙৰ কৰিছে।তেজীলৈকে চাই চাই তাই নিজৰ পেটৰপৰা সন্তান এটা জন্ম দিয়াৰ কথাও পাহৰি পেলাইছে।যিমানেই নিজৰ সন্তানৰ দৰে ডাঙৰ নকৰক লাগিলে তাইৰ আচল পৰিচয় হৈছে তেজীমলাৰ মাহীমাক।সাউদেও আচলতে তাইক ইমানদিনে বিশ্বাসত ল’ব পৰাই নাই।দুখীয়াৰ ঘৰৰ জীয়াৰী ৰহিলা।সাউদলৈ বিয়া দিবলৈ পাই আয়েক-পিতায়েকেও বৰ সন্তোষ পাইছিল।থাকক থাকিলে আগৰফালৰ ছোৱালী এজনী…কি হ’বনো? এইবোৰ সাধাৰণ কথা।টকাই-পইচাই,মানে-সন্মানে নদন-বদন এজন জোঁৱাই…তাতকৈ আৰু লাগিছেনে? তাইক কোনেও এষাৰ কথাও সুধি চোৱাৰ দৰকাৰ বুলি নাভাবিলে।আনকি মুহিধৰেও তাইক একো নক’লে।হয় মুহিধৰ…যাৰ প্ৰতি তাইৰ চেনেহৰ পুলিটো দুপতীয়া হৈছিল হে মাত্ৰ; থৰ ধৰিবলৈ নাপালেই!ঠেৰু ছিগা, সম্বলহীন মুহিধৰৰ সেইকণ সাহসো নাছিল যে তাইক সাউদৰ হাতত পৰাৰ আগতেই নিজৰ কৰি ল’ব।
সীমাহীন ভাগৰত সাউদনী ঘৰৰ পিৰালিতে বহি পৰিল।তাইৰ মুখৰ আগেদিয়েই তেজীমলা ভিতৰলৈ সোমাই গ’ল।তাইলৈ মূৰ দাঙি চাবলৈও যেন শৰীৰত শক্তি আৰু মনত ইচ্ছা দুয়োটাই নোহোৱা হ’ল।কিবা এটা বিৰক্তভাৱে তাইক আছন্ন কৰি তুলিলে।
(পঞ্চম খণ্ড)
“আই অ’ ৰহিলা…আছনে অ’ আই?”
কাৰোবাৰ চিঞৰত সাউদনীৰ টোপনি ভাগিল। দুপৰীয়া খাই-বৈ উঠি তেওঁ অকণমান বিছনাত পৰিছিলহে ভাত ঘুমটি এটাকে মাৰো বুলি…কাৰোবাৰ টেংটেঙীয়া মাতত চিলমিলীয়া টোপনি পলাই ফাট মাৰিলে।
কোনেনো চিঞৰি আছে হয়নে?এই তেজীজনীনো ক’ত মৰিবলৈ গ’ল?পাছফালে পুখুৰী পাৰত কাঁহী-বাতিৰ ঘুটুং ঘাটাং মাত শুনি ধৰিব পাৰিলে।তেজীয়ে তেতিয়াও কাঁহী-বাতি ধুইয়ে আছে।অগত্যা পিন্ধি থকা কাপোৰ-কানি কেইডোখৰ ঠিক-ঠাক কৰি তেওঁ নিজেই ওলাই গ’ল বাহিৰলৈ।
“অ…..ৰহদৈ বাইচোন!আহ আহ,ভিতৰতে বহহি।”
আগন্তুকক দেখি আদৰি-সাদৰি ভিতৰলৈ মাতি নিলে সাউদনীয়ে।নিনিবইনো কিয়?তেওঁৰ আইৰ ঘৰৰ ওচৰৰে মানুহ…ইঘৰ-সিঘৰ কৰি ঘূৰি ফুৰে,দৰকাৰ হ’লে কাম-বন এখনো কৰি দিয়ে।ৰহদৈৰপৰা নিজৰ ঘৰৰ কুশল-মংগলৰ বাতৰি লৈ সাউদনী আহ্লাদিত হ’ল।
“কোনোবা আহিছে নেকি আই…কথা পতা যেন শুনিছো।”
ৰিহাৰ আঁচলত হাত মচি মচি তেজীমলা সোমাই আহিল।সাউদনীয়ে তেজীক চিনাকি কৰাই দিলে,ৰহদৈ তেওঁৰ গাঁও সম্বন্ধীয়া বায়েক বুলি।
“তই বাইলৈ জা-জলপানৰ দিহা কৰগৈ তেজী, আমি দুয়ো সুখ-দুখৰ বতৰাকে অকণ ভাগ কৰোঁ।”
“হ’ব আই,মই সাউতকৈ জলপান এবাতি ঠিক কৰোগৈ।তোমালোক মজিয়ালৈকে আহিবা।”
তেজীয়ে আনন্দ মনেৰে গীত এটি গুণগুণাই ভিতৰলৈ সোমাই গ’ল।আয়েকে বুঢ়ীজনীৰ লগত হাঁহি-মাতি কথা পাতি থকা দেখি তেজীৰ মনটো ভাল লাগি গ’ল। পিতাক বনিজলৈ যোৱাৰ পিচৰপৰাই আয়েকজনীও কিবা খিংখিঙীয়া হৈ পৰিছে।মানুহ আহিলেও ভালকৈ কথা নাপাতে।আনকি তাইকো আগৰ দৰে ভালদৰে মাতবোল নকৰে।সেয়ে আজি আয়েকৰ এই ৰঙীয়াল মুখখন দেখি তাইৰ মনটো ভৰি পৰিছে।পাতক পাতক যিমান পাৰে কথা পাতক এই বুঢ়ীজনীৰ লগতে।তাই আনন্দেৰে খোৱা-বোৱাৰ যোগান ধৰিব দুয়োকে।
ৰহদৈ বুঢ়ীয়ে তেজীমলা যোৱাৰ ফালে ভেবা লাগি চাই ৰ’ল।
“এইজনীয়ে তেনেহ’লে তোৰ সতীয়া জী?সাউদৰ আগৰফালৰ ছোৱালী একণ আছে বুলি শুনিছোঁ। পিছে এই পাটগাভৰুজনী বুলি জনাই নাছিলো!সাউদে এইক তেনে তোৰ টেঁটুতে ওলোমাই দেশ ফুৰিবলৈ গৈছে ন?ইস্ ইস্ ইস্!এইহেন জনী ছোৱালী ডাঙৰ-দীঘল কৰোঁতে তোৰ অলপখন বল শক্তি গ’লনে বাৰু?সেইকাৰণে গোটেইজনী গাত চিৰি-বিধি নাইকিয়াজনী হৈ পৰিলি!সিফালে মাকৰ মূৰখাইতীজনী আঁহ-পাহ মুকলি হৈ পাটগাভৰুজনী হৈ পৰিছে।নিজলৈকো চাবি হেৰ’…তোৰ বয়সনো হৈছে কিমান?”
বুঢ়ীয়ে কৈয়েই থাকিল।কিছুমান কথা সাউদনীৰ কাণত সোমাল, কিছুমান নোসোমাল…।কাণৰ কাষত যেন কঁদো-বৰল বাহে আকৌ ভোঁ-ভোঁৱাই উঠিল।
আকৌ দুই এদিনতে অহাৰ কথা দি ধান এদোন আৰু টকা-কড়ি লৈ বুঢ়ী গ’লগৈ।
“আই,গধূলিৰ সাজলৈ শাক-পাত কি কুটি-বাছি দিওঁ?”
তেজীমলাই গধূলি হৈ অহাত আয়েকক সুধিলেহি।সাউদনীয়ে একো নমতা দেখি তেজীয়ে আকৌ মাতিলে,”আই- “
দাঁত-মুখ কৰচি আয়েকে কলে,”তোৰ মূৰটোকে দেগৈ যা।”
আয়েকৰ মুখত কাহানিও ঠেৰেহা মাত নুশুনা তেজী ঠাইতে জঠৰ হৈ ৰ’ল।বিৰবিৰালে,
“মোৰ মূৰটো…মোৰ মূৰটো…”
(ষষ্ঠ খণ্ড)
তেজীমলাই মন কৰিছে বুঢ়ীজনী সঘনাই আহিবলৈ ধৰিছে।এনেয়ে গৃহস্থী ঘৰত আলহী অতিথিৰ সমাগম হ’লে ভালেই লাগে।কিন্তু একেজন অতিথি এদিন-দুদিনৰ মূৰে মূৰে!তাকো অতিথিয়ে যদি গিৰিহঁতনীৰ সৈতে ফুচফুচীয়া মেল পাতে আনজন ঘৰৰ মানুহক আওকাণ কৰি?নালাগে,একেবাৰে ভাল নালাগে।তেজীৰ ঘৰৰ পৰিৱেশটো একেবাৰে ভাল নলগা হৈ আহিছে।তাই দেখে,আয়েকে সেই বুঢ়ীজনীৰ লগত তাইৰ ফালে চাই চাই কিবা গোপন কথা পতাৰ দৰে কথা পাতি থাকে আৰু তাই ওচৰ পালে দুয়ো নিতাল মাৰে।আয়েকে তাইক ডবিয়াই উঠে,
“কি ডাঙৰৰ কথা শুনিবলৈ আহিছ…আঁতৰ হ’।”
তেজীৰ আজিকালি আয়েকলৈও ভয় ভয় লাগে। হকে-বিহকে তাইক আয়েকে ডবিয়াই থাকিবলৈ লৈছে। খোৱা-বোৱাতো টানি ধৰা হৈছে।পিঠা-পনা, জা-জলপান তাইৰপৰা লুকুৱাই ৰাখে আৰু বুঢীজনী আহিলে আলহ-উদহকৈ খুৱায়।ধানদোণ আৰু টকা-কড়ি আছেই।তেজীয়ে ৰাতি শেতেলীত পৰি উচুপি উচুপি কান্দে।পিতাকলৈ মনত পৰে…ৰংমনলৈও পৰে দিনৌ।তাই কান্দি কান্দি অকলে অকলে কৈ উঠে…..
“পিতাই অ’- তই সোনকালে ঘুৰি আহ। “
কেতিয়াবা কেতিয়াবা আয়েকে বুঢ়ীজনীৰ লগত কোনোবা মুহিধৰৰ কথা পতাও শুনে।কোন এই মুহিধৰ?পিতাক ঘৰত থাকোতে কাহানিও মুহিধৰ নামৰ মানুহৰ বিষয়ে এই ঘৰত কথা পতা শুনা নাই।তাইৰ ভয় লাগে।তাইকো বাৰু সখী তগৰৰ দৰে এই মুহিধৰ বোলা অচিনাকি মানুহটোৰ হাতত গতাব খুজিছে নেকি দুয়ো মিলি?কেইমাহমানৰ আগতে তগৰক সিহঁতৰ ঘৰ-ঘৰোৱাহে মিলি কোনোবা ধুবুৰীৰ টকা-পইছা থকা তাই কোনোদিনে নেদেখা-নুশুনা মানুহ এটালৈ বুধি সন্ধি কৰি বিয়া দি দিছিল।তাই তেজীৰ ডিঙিত ধৰি কিমান যে ইনাই-বিনাই কান্দিলে!তাইৰ কথা মনত পৰিলে তেজীমলাৰ সৰসৰকৈ চকুলো বয়।তগৰজনী আঁতৰি যোৱাৰপৰা তেজীৰ সুখ-দুখৰ কথা পাতিবলৈ লগ এটাও নোহোৱা হ’ল।আয়েকে আজিকালি তাইক ইঘৰ-সিঘৰ ফুৰিবলৈও নিদিয়ে।তেওঁহে ঐদহে-বৈদহে পঙপঙাই ঘূৰি ফুৰিবলৈ লৈছে আজিকালি।তেজীলৈ গোটেই ঘৰৰ কামসোপা এৰি থৈ যায়।সেইসোপা কৰি অঁতাবলৈ তাইক দিনটোৱে নোজোৰেগৈ।তাতে তাঁতশালখনতো যুটীয়ে যুটীয়ে পাট- মুগাৰ কাপোৰ থাকেই।তেজীমলাই পিছে মন বান্ধি থৈছে,তাইক ধৰি বান্ধি দিলেও ৰংমনৰ বাহিৰে কালৈকো নাযায়। তাতোকৈ তাই ঘৰৰপৰা পলাই গুচি যাব নহ’লেবা আপোনঘাটী হ’ব।
তেজীয়ে জনা নাছিল বিধিয়ে তাইলৈ তাতোকৈ বেলেগকৈ লিখি থৈছে।এদিন তাই ঘৰৰ বাহিৰত কোনোবা মতা মানুহৰ গল হেকাৰি শুনি ৰাতি টোপনিৰপৰা সাৰ পাই উঠিল।তাইৰ ভয় লাগিল।মতা মানুহ নথকা ঘৰ…কোন বা!চোৰ-চাৰি নহয়তো?তাই কাণ উনাই গম লওঁতেই আয়েকৰ কোঠাৰ দুৱাৰৰ ডাং আলফুলে খোলা শুনিলে।কি হৈছে এইবোৰ?তেজীয়ে বেৰৰ জলঙাৰে সন্তৰ্পণে জুমি চাওঁতে তালুৰ আগেদি জীউ যোৱাৰ দৰে হ’ল।সৌৱা,জোনৰ পোহৰত তাই ফটফটিয়াকৈ দেখিছে,কোনোবা এটাৰ হাতত ধৰি আয়েক নঙলা খুলি ওলাই গৈছে।ইয়াৰ পাছত কেইপ্ৰহৰ তাই আতঙ্কত বাহিৰলৈ চাই চাই বহি থাকিল তাইৰ খিয়াল নাথাকিল।কোন মানুহ সেইটো?আয়েক আক’ কিয় গৈছে ইমান ৰাতি অচিনাকি মানুহ এটাৰ লগত… তাকো তাইক একো নোকোৱাকৈ অকলে এৰি থৈ? এটা সময়ত আয়েক উভতি আহিল।অকলে…তাই সৰগখন ঘূৰাই পোৱা যেন পালে আৰু নিজৰ কোঠাৰ দুৱাৰ খুলি ওলাই আহিল।তাইক দেখি সাউদনী উচপ খাই উঠিল—
“তই!তই কি কৰিছ ইয়াত?”
তেজীমলাই উচুপি উঠি আয়েকক সাৱটি ধৰিলে।
“মোক অকলে এৰি থৈ ৰাতিখন ক’লৈ গৈছিলা আই…আৰু মানুহজন কোন?”
সাউদনীয়ে তেজীক গাৰপৰা এছাৰ মাৰি এৰুৱাই দুই গালত থালোৰ থালোৰকৈ দুচৰ দি ভোৰভোৰালে….
“মোক জুপি জুপি পিছ লৈছ তই?”
“আই–”
“মই তোৰ কোন জনমৰ আয়েৰ হাঁ?মই তোৰ মাহীআই…মাহী বুলি মাতিবি আজিৰপৰা আৰু কিবা প্ৰশ্ন কৰিবি,চাবি তোক মাহীয়েৰক চিনি পোৱাম।”
তেজীমলা সেইফালেই থৰ লাগিল…কান্দিবলৈও পাহৰিলে।
(সপ্তম খণ্ড)
ৰহিলাৰ মন আজি কিছুদিনৰ পৰা ৰসে চপচপীয়া হৈ আছে।অকাল বসন্তই যেন তেওঁৰ মন-প্ৰাণ ঢৌৱাই নিছে।কাষৰপৰা,বুকুৰ মাজৰপৰা কাহানিবাই হেৰাই গ’ল বুলি মানি লোৱা তাইৰ দেহলাউ মুহিধৰ ঘূৰি আহিছে তাইৰ কাষলৈ।এয়া নিশ্চয় ভগৱানৰে দান তাইৰ প্ৰতি।ভগৱানৰ প্ৰতি ৰহিলাৰ অপাৰ ভক্তি।সেইবাবেই চাগে ভগৱানে তেওঁক এইকণ দয়া কৰিছে।ভগৱানৰ দানক অনাদৰ-অৱহেলা নকৰি তেওঁ শিৰত তুলি লৈ বুকুত সাবটি ধৰিছে।এই ক্ষেত্ৰত অৱশ্যে ৰহদৈ বায়েও তাইৰ আশাৰ আৰু হেঁপাহৰ গছপুলিটিত সাৰ-জাবৰ দি লহপহীয়া হ’বলৈ সহায় কৰিছিল।ৰহিলাৰ বেজাৰতে মুহিধৰে আজিকোপতি সংসাৰ নকৰাৰ খবৰ ৰহদৈ বায়েই আনি দিছিল। পাহৰিব খোজা প্ৰাণৰ দেৱতালৈ মনত পৰি তেওঁ সেইদিনা উচুপি উঠিছিল ৰহদৈ বাইৰ আগত।হওঁতে সাউদে তেওঁক মৰম-চেনেহৰ অভাৱত ৰখা নাই। তথাপি প্ৰথম যৌৱনৰ প্ৰেমৰ মাদকতাই সুকীয়া।আই-বোপাইৰ মুখলৈ চাই তেওঁ আদবয়সীয়া সাউদলৈ বিয়া হৈ আহিল; সাউদৰ প্ৰতিপত্তিত মুহিধৰেও তাল মিলাব নোৱাৰি তেতিয়া নিফাট মাৰিলে।এতিয়া কত দিন,কত মাহ ধৰি সাউদো ঘৰত নাই…তাইৰোতো ভোক আছে।কোনে গুচাব পাৰিব এই ভোক?
শেষত ৰহদৈ বায়ে পেৰি থকা কথাটোত তেওঁ হয়ভৰ দি দিলে।ধান এদোন আৰু টকা-কড়ি লৈ যাবলৈ ওলাই বুঢ়ীয়ে ফুচফুচাই আকৌ কৈছিল,
“কাইলৈ তেনে ৰাতি দ্বিতীয় প্ৰহৰত তই সাৰে থাকিবি…মুহিধৰক বতৰা দিওঁগৈ।”
সেই তেতিয়াৰেপৰা ৰহিলাৰ দিন ভাললৈ আহিল…কওঁতাও কোনো নাই, বাধা দিবলৈও কোনো নাই।পিছে আজিকালি এই তেজীজনীয়ে অলপ গম ধৰিব পাৰিছে হ’বলা!তাই ৰহিলাৰ হাওভাওবোৰত চকু দিবলৈ লৈছে।এদিন ৰাতি দেখিছেও দুয়োটাকে।পিতাক আহিলে যদি তাই বখানি দিয়ে এইবোৰ কথা!তেওঁৰ তেতিয়া ক’ত ঠাই হ’ব? ইমান বছৰে সাউদনীৰ বেশত ৰাজভোগ খাই,তেওঁ এতিয়া মুহিধৰৰ লগত গুচি গৈ আধাপেটী হ’বগৈ নোৱাৰে।এইখন ৰহিলাৰ ঘৰ,দেশ-বিদেশৰপৰা অনা হৰেক ৰকমৰ বয়-বস্তুৰে ঠাহ খাই থকা এইখন সাউদনীৰ ঘৰ।যেনিয়েই চকু যায় তেনিয়েই নদন-বদন।গঞা-গিয়াতি,বংশ-পৰিয়াল সকলোৱে ঈৰ্ষাৰ চকুৰে চাই সাউদনীৰ ভাগ্যক।তেওঁ ইয়াতেই থাকিব সাউদনী হৈ…আৰু মুহিধৰ?সি চগা হৈ বাৰে বাৰে উৰি আহিব ৰহিলাৰ প্ৰেমৰ উত্তাপত দহি মৰিবলৈ।আঁতৰি যাব লগা হ’লে আন কোনোবা আঁতৰি যাব…ৰহিলা নহয়।
সাউদনীয়ে এতিয়া কথাবোৰ অলপ বেলেগ ধৰণেৰে ভাবিবলৈ লৈছে। তেওঁকো এখন সংসাৰ লাগে…।এখন একেবাৰে নিজা সংসাৰ; য’ত ‘মাহী আই’ হৈ নাথাকিব তেওঁ…নিজৰ পেটৰ পোৱালিয়ে “আই” বুলি সাবটি ধৰিব।এজনী সতিনীৰ কোনো চিন নেৰাখিব তাত।বণিজৰপৰা সাউদে বৰনাও ভৰাই অনা গোটেইবোৰ সা-সম্পত্তিৰ তেওঁ অকলেই গৰাকী হ’ব। তেওঁৰ নিজৰ পো-জীয়ে সেইবোৰ ভোগ কৰিবলৈ পাব। এইবোৰ ভাবি ভাবি সাউদনী আজিকালি নিজতেই মজি থাকে। মাকৰ মূৰ খাইতীজনী চকুৰ আগত ওলালেই তেওঁৰ টিঙিচকৈ খংটো উঠি আহে। গোটেইজনী যৌৱনৰ বা লাগি গালে-মুখে তেজাল হৈ পৰিছে!মুহিধৰেও তাইক ক’ৰবাত এদিন দেখি তাইৰ কথা সুধিয়েই থকা হৈছে!এইটো কথাতহে তেওঁ মুহিধৰৰ ওপৰত নাৰাজ,পুৰুষৰ মনহে!কোনদিনা যৌৱনে মেলানি মাগিব খোজা তাইৰপৰা পিছলি ৰূপে-ৰঙে তগবগাই থকা তেজীমলাৰ ওপৰত তাৰ চকু পৰে কি ঠিকনা আছে।ৰহ! সব চিজিল লগাই পেলাব লাগিব।তেওঁ ৰহদৈ বাইৰ লগতো গোপনে কথা পাতি আছে এই বিষয়ে।খালি সুযোগ ওলালেই হ’ল।
সাউদনীয়ে অপেক্ষা কৰি থকা সুযোগে এদিন নিজে নিজেই ধৰা দিলেহি।নিয়তিয়ে সকলোৰে ওপৰত উঠি কূটিল হাঁহি মাৰিলে।কাৰ বাবে সেয়া সময়লৈ অপেক্ষা কৰিব লাগিব।
(অষ্টম খণ্ড)
তেজীমলাৰ মোমায়েকৰ ছোৱালী কাঞ্চনৰ বিয়া ব’হাগৰ সাদিন যোৱাত।পিতাকৰ লগত কাঞ্চন নিজেই আহিছে তেজীহঁতৰ ঘৰত বিয়া মাতিবলৈ।হওঁতে সাউদেৰে সৈতে জেঠেৰিয়েকৰ বৰ এটা ভাল ভাব নাই। তেজীৰ মাক কাল হওঁতে মোমায়েকে তাইক লৈ যাবলৈ আহিছিল।তেজীৰ মাক তেওঁৰ একেজনী ভনীয়েক।বৰ হাউচ কৰি ধনে-ধানে উভৈনদী সাউদলৈ তেওঁ ভনীয়েকক বিয়া দিছিল।প্ৰতিপত্তিত তেওঁ নিজেও কোনো গুণেই পৰিমৰা নহয়।এইখন যদি সাউদৰ ঘৰ… সেইখন গাওঁবুঢ়াৰ ঘৰ।কেনিও ক’তো আকাল নাই । ভনীয়েকক তেওঁ হাত ধুই ভাত খাব পৰাকৈ আতোলতোলেৰে ডাঙৰ কৰিছিল।সাউদৰ লগত মিতিৰালি পাতি অৱশ্যে তেওঁ তথা আয়েক-পিতাক সন্তোষিতই হৈছিল।স্বভাৱে-চৰিত্ৰই সাউদ এজন লেখত ল’বলগীয়া,দেৱতা সন্তোষ হ’ব পৰা লোক।বিয়াৰ পিছত ভনীয়েকৰ উজ্বলি উঠা ভৰপুৰ মুখখনে ককায়েককো সুখী কৰিছিল।পিছে এই সুখ বেছি দিনলৈ থাকিবলৈ নাপালে।তেজীমলা ওপজাৰ দুবছৰ মানৰ পাছত আকৌ ল’ৰা একণ জনম দিবলৈ গৈ ল’ৰাৰে সৈতে তেওঁ কাল হ’ল।সাউদৰ ঘৰৰ লগতে গাওঁবুঢ়াৰ ঘৰতো ভালে দিনলৈ চৰুৰ তলত জুই নজ্বলিল।কণমানি তেজীৰ মুখলৈ চাব নোৱাৰা অৱস্থা।আইতাক আৰু মোমায়েকে আহি তাইক লৈ যাব খুজিছিল।মোমায়েকৰ ঘৰতেই ডাঙৰ কৰিব বুলি।পিছে তেজী গুচি গলে সাউদেনো কাৰ মুখলৈ চাই খেন নিয়াব?যেনেকৈয়ে নহওক তেওঁ নিজৰ চকুৰ আগতে তাইক ডাঙৰ কৰিব।বচ,এই লৈয়েই লাগি গ’ল দুই জেঠেৰি-বৈনাইৰ মাজত কথাৰ উখনা-উখনি।দুয়ো মদগৰ্বী,কোনেও কাৰো ওচৰত তল নপৰে।শেষত “এইখন মোৰ ভনীজনী নাইকিয়া ঘৰত মুতিবলৈও আৰু নাহো” বুলি তেওঁ আয়েকক টানি-আঁজুৰি লৈ ফোঁ-ফোঁৱাই যি ওলাই গ’ল আজিকোপতি এই মুৱা নহ’ল।
আইতাক জীয়াই থকালৈকে মাজে-সময়ে তেজীক কাৰোবাৰ হতুৱাই মতাই নি চাইগৈ।সাউদেও অৱশ্যে তেনেকৈ মাতিলে নপঠোৱাকৈ নাথাকে। আইতাকজনীয়েনো কমখন হেঁপাহত চাবলৈ বিচাৰিছেনে?এদিন বা দুদিনৰ বাবে তেওঁ তেজীক নিবলৈ মোমায়েকক পঠিয়াই দিয়ে।তেওঁ নিজে হ’লে সেই ঘটনাৰ পাছত এদিনো নগ’ল।দুবছৰ মানৰ আগতে আইতাকজনীও কাল হোৱাত একো সম্পৰ্কই নথকাৰ নিচিনা হ’ল দুয়োঘৰৰ মাজত।তেজীমলাই আগতে যাওঁতে মোমায়েকৰ কেইবাটাও ল’ৰা-ছোৱালীৰ মাজত তাইৰ প্ৰায় সমনীয়া কাঞ্চনক পাইছিল।কাঞ্চনৰ তেজীলৈ বৰ হেঁপাহ।তেজী গ’লে দুয়োজনীয়ে গোটেই সময়খিনি একেলগেই থাকে।আনকি টোপনি গলে এৰা-এৰি হ’বলগীয়া হ’ব বুলি ভাবি দুইজনীয়ে ৰাতি এডোখৰলৈ কথা পাতি পাৰ কৰে।সিহঁতৰ ফুচফুচনিত মামীয়েকৰ কেঁচুৱাই সাৰ পাই কান্দিলে মামীয়েকে ডবিয়াই উঠে।তেহে দুয়োজনী নিতাল মাৰি এটা সময়ত টোপনি যায়।সেইজনী কাঞ্চনৰে বিয়া।তাই পিতাকক জেওৰ ধৰিলে বোলে তেজীক তাই নিজেই মাতিবগৈ আৰু পেহাহঁতক মাতিবলৈ পিতাকো যাব লাগিব।তাই ভাবিলে,এইটো সুযোগতে দুইখনঘৰ আকৌ মিল হওক; দুয়োজনীয়ে তেতিয়াহে বিয়াৰ পাছতো সহজে আহ-যাহ কৰিব পাৰিব।পিতাকে কাঞ্চনৰ কথা শুনি গৰৰাই উঠিল।তেওঁ সাউদৰ ঘৰত ভৰি দিবলৈ যাবলৈ কোনোমতে সৈমান নহয়।অৱশেষত যেনিবা বিয়া হৈ ওলাই যাব লগা মৰমৰ জীয়েকৰ আবদাৰ,অভিমান, চকুপানীত তেওঁ নিজৰ স্বাভিমানক বিসৰ্জন দিব লগা হ’ল।
তেজীমলাৰ যেন আজি ৰঙতে মাটিত পাও নপৰিব।নহ’বই বা কিয়?আজি যে তাহাঁতৰ ঘৰলৈ মোমায়েক আৰু বায়েক কাঞ্চন আহিছে প্ৰথমবাৰৰ বাবে।ক’ত বহুৱাব,কি:খুৱাব,কি কথা পাতিব…….
গোটেইখন উথপথপ।আনকালে হোৱা হ’লে মাহীআয়েকে তাইক ডবিয়ালেহেঁতেন এনেখন কৰাৰ বাবে।আজি পাছে তেওঁৰো কি কৰোঁ,কি নকৰোঁ লাগিছে এই অনাহুত আলহীক দেখি।তেওঁ সতিনীৰ মাকৰ ঘৰৰ মানুহ দেখি পেটে পেটে ভালপোৱা নাই যদিও বাহিৰত সেয়া দেখুওৱা নাই।কাঞ্চন আৰু পিতাকক তেওঁ আলহ-উদহকৈয়ে জা-জলপান যাচিছে।কাঞ্চনৰ বিয়াৰ বতৰা পাই বিয়াৰ যা-যোগাৰৰ বিষয়েও দুই-এটা কথা সুধিছে।কাঞ্চনে এই পেহীয়েকৰ অবিহনে থকা “পেহীয়েক”জনীক প্ৰথমবাৰলৈ লগ পাই বৰ বেয়া পোৱা নাই।তেজীৰ মোমায়েকেহে এইখন ঘৰত নিজৰ চেনেহৰ ভনীয়েকজনীৰ সলনি এইজনী মানুহৰ আধিপত্য দেখি সহিব নোৱাৰি শোকত ভাগি পৰিছে।তথাপিও তেওঁ সেয়া নেদেখুৱাই সকলোকে বিয়ালৈ নিমন্ত্ৰণ কৰিলে গুৱা-পাণ আগবঢ়াই আৰু ভনীজোঁৱায়েকক লগ নাপাই আক্ষেপ কৰিলে।এতিয়া কাঞ্চনেহে লগালে লেঠা।তাই জোক লগাদি লাগিল বোলে তেজীকো তাহাঁতৰ লগতে লৈয়ে যাব একেবাৰে বিয়াৰ পাছলৈকে থকাকৈ।তেজীয়েও ভালেই পালে। ইয়াত মাহীআয়েকৰ চৰ,ঢকা খাই থকাতকৈ দুদিনমান মোমায়েকৰ ঘৰতেই কাঞ্চনৰ লগত আপোন মনেৰে থাকিব পাৰিব।বিয়াৰ কাম-বনবোৰতো হাঁহি-ধেমালিৰে উজান দিব পাৰিব।তাই অনুমতি বিচাৰি মাহীআয়েকলৈ বৰ আশাৰে চালে।সাউদনীয়ে ভাবিলে, তেজী এতিয়াই গুচি গ’লে আহি থকা বিহুটোৰ অত যা-যোগাৰবোৰ কোনে কৰিব?শালত কাপোৰ এযুটি আছেই।তাতোকৈ তেজীয়ে যদি মোমায়েকৰ ঘৰত মুহিধৰৰ কথা উলিয়াই তেওঁ নিগমে মৰিব লাগিব। তেওঁলোকে জানিলে সাউদে গম পাবলৈ কেতপৰ? তেজী যদি একেবাৰে বিয়াৰ দিনা বা আগদিনা যায় বিয়াৰ ধামখুমীয়াত এইবোৰ কথা পাতিবলৈ সময়েই নাপাব।বুধি-বুধা কৰি তেওঁ মোমায়েকহঁতৰ আগতে তেজীক মোলায়েমকৈ ক’লে-
“তেজী আইজনী,এইকেইদিন বিহুৰ কামেৰে ঘৰখন গিজগিজাই আছে।তই নাথাকিলে মই কোনফালে চাম? তই নহ’লেচোন মোৰ পেটলৈ ভাত এগৰাহকে নাযায়। পিতাৰো কিজানি বিহুতে বণিজৰপৰা ঘৰ পাইহিয়েই ।”
তাৰপাছত কাঞ্চনক গালে-মুখে পিহি মৰম চেলাই ক’লে,
“কাঞ্চনীজনী ঔ,আজি আৰু তেজীক লগ নধৰিবা দেই।তোমাৰ বিয়াৰ আগদিনাই তাইক মই সজাই- পৰাই পঠিয়াই দিম নহয়।পাটৰ ৰিহা-মেখেলা দুযোৰ লগাইছিলো…মেখেলা দুখন শালতে আছে।সেয়াও বৈ কাটি এযোৰ তেজীয়ে পিন্ধিব আৰু এযোৰ তোমালৈ দি পঠিয়াম বিয়াৰ বাবে।এতিয়া তেজী যাব নোৱাৰাৰ বাবে দুখ নকৰিবা দেই আইজনী।বিয়াত গ’লে তাই যিমান দিন মন যায় থাকিব।”
অৱশেষত সাউদনীৰ সিদ্ধান্তই ৰজিল।তেওঁৰ কথাত কোনেনো মাত মাতিব পাৰে?কাঞ্চন আৰু তেজীয়ে ডিঙিত ধৰা-ধৰি কৰি এপৰ চকুপানী বোৱাই লোৱাৰ পাছত কাঞ্চনহঁতে বিদায় ললে।দূৰৰ আলি কেঁকুৰিটোৰ ভাঁজত নেদেখা হোৱালৈকে তেজীয়ে জলজলীয়া চকুৰে দেখা-নেদেখালৈকে মোমায়েকহঁতক চাই ৰ’ল।ভিতৰত সাউদনীৰ ওঁঠৰ মাজেৰে ওলাই অহা জান-নেজান হাঁহিটো অদৃষ্টৰ বাদে কোনেও নেদেখিলে।
(নৱম খণ্ড)
কাইলৈ কাঞ্চনৰ বিয়া।তেজীমলাই বিয়ালৈ যাবলৈ আজিহে সুবিধা কৰিব পাৰিলে।আজি যাবি,কাইলৈ যাবি কৰি কৰি মাহীআয়েকে দিনবোৰ পাৰ কৰি দিলে।আগতীয়াকৈ যাবলৈ নাপাই তেজীৰ যে মনত কিমান সন্তাপ!বিয়াঘৰত আগ-পাছ কৰি এই কেইদিন তাই মনৰ হেঁপাহেৰে দিনবোৰ পাৰ কৰিম বুলি ভাবি থৈছিল।পিছে বিধিয়ে দিলেও বিধাতাই নিদিয়ে। এইবোৰকে ভাবি-গুণি তেজী অকলে অকলে মোমায়েকৰ ঘৰলৈ বুলি বাটকুৰি বাই গৈ আছে।হওঁতে অৱশ্যে বৰ বেছি দূৰ বাট নহয়।আধাবেলাৰহে পৰ… তিনিখনমান তামোল খোৱাৰ পৰতেই পাবগৈ পাৰি।তথাপিও গাভৰু ছোৱালী এজনী এনেকৈ অকলে অকলে যাবলৈ কিবা ভাল নালাগে।হৰিণাৰ বোলে গাৰ মঙহেই শত্ৰু।তাই নিজকে বচাই সোনকালে পালেগৈয়ে হ’ল আৰু।হওঁতে ভালেমানছোৱা বাট তাই মাহীআয়েকৰ গাঁৱৰ ৰহদৈ বুঢ়ীৰ লগতেই আহিল। ক’ৰপৰানো বুঢীজনী ঘৰ ওলালহি জানো… মাহীআয়েকে তেজীক তেওঁৰ লগতে এছোৱা বাট যাবলৈ দিলে।তেজীয়ে বুঢীজনী মুঠেও সহিব নোৱাৰে। তাইলৈ যেনেকৈহে চায়!এতিয়াও বুঢ়ীৰ বাৰেবিংকৰা কথা শুনি আহি আহি তাই অতিষ্ঠ হৈ পৰিছিল।ভাগ্যে অলপ আগেয়ে বুঢ়ী বেলেগ পথেৰে নিজৰ গাওঁমুৱা হ’ল।এইছোৱা বাট তাই অকলেই যাব লাগিব।তেজীয়ে মাহীআয়েকে দি পঠিওৱা কাপোৰৰ টোপোলাটো সাৱটি ধৰি বেগাই খোজ দিলে।
বিয়াঘৰৰ উখল-মাখল পৰিৱেশ।তেজীমলাই পদূলিত ভৰি থওঁতেই মোমায়েকৰ ল’ৰা-ছোৱালী কেইটাই তাইক আনন্দতে ডাঙি নিয়াদি ভিতৰলৈ লৈ গ’ল।তেজীৰো এসোঁতা চকুলো বলে…আনন্দতে, বেজাৰতে।তাইক লৈ ঘৰখনৰ সকলোৰে মাজত উথপথপ লাগিল।বিশেষকৈ কাঞ্চনৰ।তাই সকলোৰে মাজৰপৰা তেজীক টানি লৈ গৈ নিজৰ কোঠাত সুমুৱালেগৈ।তাৰ পাছত দুয়োজনীৰ মাজেদি বৈ গ’ল পাৰ ভঙা উছাহৰ ঢল।তেজীয়ে কাঞ্চনক হ’ব লগা দৰাৰ বিষয়ে সুধি সুধি অস্থিৰ কৰি তুলিলে।কাঞ্চনেও কথা প্ৰসংগত তেজীৰ মুখৰপৰা ৰংমনৰ কথা উলিয়াই ল’লে।এতিয়া কাঞ্চনক পাই কোনে?তাই এনেকুৱাকৈ তেজীক ৰংমনৰ সৈতে জোৰা দিবলৈ ধৰিলে যে তেজীয়ে কোঠাৰপৰা ওলাই গৈ মামীদেৱেকৰ কাষ পাইহে তৎ পালে।মামীদেৱেকে তাইক নিজ হাতে ইপদ-সিপদ যাচি আলহ-উদহকৈয়ে জা-জলপান খুৱালে।তেখেতে তাইৰ মূৰে-গায়ে মৰমেৰে হাত ফুৰাই ক’লে,
“যা আই,ভালকৈ কাপোৰ-কানি কেইডোখৰ সলাই লগৈ।গধূলিৰ কইনাৰ মূৰত তেল দিয়ালৈ গাঁৱৰ আয়তীসকল আহিবৰে হ’ল।”
অ’ হয়তো!তাই পাহৰিছিলেই।কইনালৈ মাহীআয়েকে কাপোৰ এযোৰ দি পঠিয়াইছিল নহয়…সেয়াচোন দিয়াই হোৱা নাই!বৰ ধুনীয়া মুগাৰ কেঁচ বছা ৰিহা আৰু ৰঙা-ক’লা আঁচু সূতাৰে ফুল বছা মুগা-পাটৰ মেখেলা।মাহীআয়েকে নিজলৈ বুলি লগোৱা কাপোৰযোৰত তায়ে ফুল বাছি দিছিল।হঠাতে কাঞ্চনৰ বিয়াখন ওলোৱাৰ বাবে এই যোৰ কাপোৰকে উপহাৰ হিচাপে তেওঁ দি দিওঁ বুলি নিজে ক’লে।আই ঐ দেহি! তেওঁৰো কাঞ্চনলৈ ইমানটো হেঁপাহ।তেজীয়ে পিছে আহোঁতে মাহীআয়েকক কৈ থৈ আহিছে–
“মাহী আই,বিয়াৰপৰা আহি মই আপোনাক এইযোৰতকৈও বেছি ধুনীয়াকৈ ফুল বাছি কাপোৰ এযোৰ বৈ দিম দেই।”
মাহীআয়েকে একো নামাতিলে।তেওঁ আকৌ সেই বিচিত্ৰ হাঁহিটো মাৰিলে মাথোন।তেজীমলাকো নিজৰ জপাৰপৰা বাচি বাচি ভাল চাই দুযোৰ ৰিহা মেখেলা বিয়াত পিন্ধিবলৈ বুলি টোপোলা বান্ধি দিলে। কাপোৰৰ টোপোলাটো তাইৰ হাতত দি ক’লে,
“তেজী,মোৰ বৰ হেঁপাহৰ কাপোৰ দুযোৰ তোক পিন্ধিবলৈ দিছো।অকণো হৰণ-ভগন নোহোৱাকৈ ঘৰ পোৱাবিহি।বুজিছ নহয়?”
তাই কেৱল মূৰদুপিয়ালে—এবাৰ,দুবাৰ। লৰালৰিকৈ কাঞ্চনৰ কোঠালৈ আহি তেজীয়ে নিজৰ কাপোৰৰ টোপোলাটো খুলিলে।সাউৎকৈ কিবা এটা টোপোলাটোৰ পৰা জঁপিয়াই ওলাই গ’ল।নি-গ-নি! ইয়াত আকৌ নিগনি ক’ৰপৰা ওলাল?কিবা পোৰা পোৰা গোন্ধ এটাও ওলাইছেচোন টোপোলাটোৰপৰা! তাই খৰধৰকৈ খুলি পেলালে টোপোলাটো আৰু…আৰু এটা সময়ত কোঠাটোৰ মজিয়াখনতে গাত হুঁচ নোহোৱা হৈ লুটি খাই পৰিল।
(দশম খণ্ড)
বিয়াৰপৰা যোৱা বাটেৰেই তেজীমলা কান্দি কাটি ঘৰলৈ উভতি আহি আছে।দুখ-বেজাৰ,আতংকত তাই ভাগি পৰিছে।মাহীআয়েকৰ আগত কেনেকৈ দেখা দিবগৈ তাই ভাবি পোৱা নাই।একোবাৰ কান্দোনত ভাগি পৰি তাই জনশূন্য পথৰ দাঁতিত বহি পৰে।বেছি দেৰি অকলশৰীয়া হৈ এই পথছোৱাত ৰৈ থাকিবলৈও ভয়।সেইবাবে নিজকে চম্ভালি লৈ কোনোমতে আকৌ যাবলৈ ধৰে।যিমানেই ঘৰৰ ওচৰ চাপিছে সিমানেই তাইৰ মাহীআয়েকৰ প্ৰতি আতংকও বাঢ়ি আহিছে। খোজ পেলাবলৈও যেন শৰীৰত শকতি নোহোৱা হৈ আহিছে।হ’ব ক’ৰপৰা?এই দুটা দিন তাই দেখোন তেনেকৈ একো খোৱাই নাই।গৈ পোৱাৰ দিনাই মামীদেৱেকে যি আলহ-উদহকৈয়ে খুওৱা জলপান বাতি!তাৰপাছত,তাৰ পাছত…তাইৰ লগত যি লঙ্কা কাণ্ড ঘটিল…তাইৰ আনন্দ-উছাহ,ভোক-পিয়াহ সকলো মাটিৰ লগত মিলি গ’ল।ইমান হেঁপাহেৰে বৈ-কাটি কাঞ্চনৰ বাবে নিয়া কাপোৰযোৰো দিবলৈ নেপালে। সেইদিনা তাইৰ কাপোৰৰ টোপোলাটোৰপৰা প্ৰথমতে নিগনিটো জঁপিয়াই ওলাই যাওঁতে তাই চক্ খাই উঠিছিল।তাৰপাছত…তাৰপাছত তাই টোপোলাটোৰ আটাইকেইযোৰ কাপোৰ হয় নিগনিয়ে কুটা,নহয় জুয়ে পুৰি ফুটা কৰি থোৱা পালে আৰু পালে কেইডোখৰমান ক’লা হৈ পৰা এঙাৰ।এইবোৰ দেখি তাই হতভম্ব হৈ মাটিত বাগৰি পৰিছিল।পাছত কাঞ্চনহঁতৰ শুশ্ৰূষাত তাই সম্বিত ঘূৰাই পালে। বিয়াঘৰৰ সকলো চাপি-কুঁচি আহিল আৰু ইস্ আস্ কৰিবলৈ ধৰিলে।পিছে কোনেও ভাবি উলিয়াব নোৱাৰিলে এইবোৰ ক’ৰপৰা আহিল!তাইৰ অৱস্থা দেখি মামীদেৱেকে ক’লে,
“আই তেজী অ’, এতিয়া আৰু এইবোৰ চিন্তা কৰি মন চন বেয়া কৰি থাকিব নালাগে।টোপোলাটোত ঘৰতেই কেনেবাকৈ এইবোৰ সোমাল।ক’বতো নোৱাৰি কাৰ কি উদ্দেশ্য!কাঞ্চনৰে ঢেৰ কাপোৰ-কানি আছে, তাকে এইকেইদিন সলাই-পজৰাই পিন্ধ।”
তাই যেনিবা ইয়াত আনৰ কাপোৰ-কানি পিন্ধিলেই…ঘূৰি গৈ মাহীআয়েকক কি বুলি ক’ব?এনেয়ো আজিকালি মাহীআয়েকৰ তাইৰ প্ৰতি ভাব-ভঙ্গী বৰ সজ নহয়; তাতে আহোঁতে তাইক কৈয়েই পঠিয়াইছে বোলে- কাপোৰ-কানিবোৰ যেনেকৈ নিছ তেনে ভাজেই ঘূৰাই আনিবি।তাইৰ অণ্ঠ-কণ্ঠ শুকাই গৈছিল।বিয়াৰ দিনাও তাইৰ একোতেই মন নবহিল। তাইৰ শৰীৰটোহে কোনোমতে কাঞ্চনৰ কাষে কাষে থাকিল।পুৱতি নিশা কইনা উলিয়াই নিয়াৰ সময়ত তাই কাঞ্চনক সাৱটি ধৰি পাৰে মানে কান্দিলে।তাইৰ মনে কৈছিল যেন এয়াই তাইৰ কাঞ্চনৰ সৈতে শেষ দেখা-দেখি।পোহৰ হওঁতেই তাই কাৰো হাক-বচন নুশুনি ঘৰলৈ আহিবলৈ ওলাল।মোমাইদেৱেকে আৰু এদিন বা দুদিন থাকিলে নিজেই থৈ যাবহি বুলি কৈছিল।পিছে তাত আৰু এখন্তেকো ৰ’বলৈ তাইৰ মনে নক’লে। জীয়েকৰ বেজাৰত শেতেলীত পৰি কান্দি-কাটি থকা মামীদেৱেকক ভৰি চুই সেৱা কৰি,মাত লগাই ওলাই আহিল।তেওঁ ততকে ধৰিব নোৱাৰিলে…নহ’লে হয়তো যেনেতেনে ৰখালেহেঁতেন।কাঞ্চনৰ ভায়েক বিতোপনে তাইক হাবিতলীয়া বাটছোৱা পাৰ কৰাই দিলে। বিয়াঘৰৰ বাহি বিয়াৰ অলেখ কাম।সেইবাবে তেজীয়ে তাক আৰু আগবাঢ়িবলৈ নিদি ঘৰলৈ ওভতাই পঠিয়াই দিলে।
ঘৰৰ নঙলা খুলি তেজীমলা হেহোঁ-নেহোঁকৈ ঘৰলৈ সোমাই আহিল।নঙলা খোলাৰ শব্দত সাউদনীয়ে ভিতৰৰপৰা ওলাই আহি তেজীক দেখা পাই উচপ খাই উঠিল।তাই আজি ওলাবহি পাৰে বুলি অনুমান কৰিছিল যদিও আগবেলাতে পাবহি বুলি ভাবিবই পৰা নাছিল।তেওঁ বাহিৰলৈকে আহিব নে ভিতৰলৈ সোমাই যাব ঠিক কৰিব নোৱাৰি তেজীকে দাবি দি উঠিল,
“হয়নে,তই এই ব্ৰহ্মপুৱাতে ওলালিহি যে… মোমায়েৰহঁতে নৰখালে নেকি?এই বান্দীৰ বিনে গতি নাই তোৰ…”
তেজীৰ শৰীৰত কঁপনি উঠিল মাহীআয়েকৰ কৰ্কশ আদৰণিত।তাইৰ হাতৰপৰা কাপোৰৰ টোপোলাটো সৰি পৰিল।
“এহ,টোপোলাটোকে ধৰিব নোৱাৰ…মামীয়েৰে এইকেইদিন খাবলৈ নিদিলে নেকি?চাওঁ…চাওঁ,মোলৈ কি আনিছ…”
সাউদনীয়ে মাটিত পৰি থকা টোপোলাটো খুলিলে…”মা-মাহীআই”, কঁপি কঁপি কেৱল এয়াহে উচ্চাৰণ কৰিব পাৰিলে তেজীমলাই। তাৰপাছত…তাৰপাছত…
“অ’এই কাপোৰবোৰ কি কৰিলিগৈ” বুলি তাইৰ ওপৰত চৰ, ভুকু,কিল…আটাইবোৰ নেৰানেপেৰাকৈ পৰিবলৈ ধৰিলে।
“মাহীআই…মই একো নাজানো মাহীআই ”
তেজীয়ে কাতৰকৈ ক’লে।কোনে শুনে তাইৰ কথা? অবিৰাম চলিল তাইৰ ওপৰত এনে অত্যাচাৰ।তাই থিয় হৈ থাকিব নোৱাৰি মাটিত পৰি গ’ল।
অস্ফুট মাতেৰে ক’লে তেজীয়ে,
“মোক আৰু নামাৰিবা মাহীআই…মই বৰ দুখ পাইছো।মই তোমাৰ তেজীহে।”
ভিতৰৰপৰা কোনোবা পুৰুষ কণ্ঠ ভাহি অহা শুনিলে তাই…
“ভিতৰলৈ লৈ আহা…বাহিৰত মানুহে দেখিব।”
তেজীয়ে মূৰ তুলি চাব খুজিলে কোননো বুলি। পিছে মূৰটোকে ডাঙিব নোৱাৰিলে।সাউদনীয়ে তাইৰ দীঘল চুলিকোছাত ধৰি ভিতৰলৈ চোঁচৰাই লৈ গ’ল। তেজীয়ে “এৰি দিয়া মাহীআই,মৰিলো…মৰিলো…”
বুলি আটাহ পাৰি উঠিল।ভিতৰত যেতিয়া সাউদনীয়ে তাইক এৰি দিলে তাই দেখিলে–মাহীআয়েকৰ হাতৰ মুঠিত লাগি ৰৈছে তাইৰ মূৰৰ একোচা চুলি।ভোকে-লঘোণে দুৰ্বল হৈ থকা দেহাটো ইমানবোৰ অত্যাচাৰৰ পাছত থিয় কৰি ৰাখিব নোৱাৰি তাই আকৌ মাটিত বাগৰি পৰিল।তথাপিও তাই গম পালে…কোনোবা এটা ভিতৰৰপৰা ওলাই গৈছে।
(একাদশ খণ্ড)
ভালেমান সময়ৰ পাছত তেজীমলা কোনোমতে উঠি বহিল।ভোকে-পিয়াহে তাইক কাতৰ কৰি তুলিছে। শৰীৰৰ বিভিন্ন ঠাইত মাহীআয়েকৰ অত্যাচাৰৰ প্ৰকোপত হোৱা বিষ।তাই থিয় হ’ব খুজিও হ’ব পৰা নাই।এটা কলিজা কঁপোৱা গভীৰ দুখানুভূতিয়ে তেজীক যেন ক্ৰমান্বয়ে গিলি পেলাইছে।কি দোষ কৰিছে তাই? কাপোৰবোৰতো তাই কৰোঁ বুলি অনিষ্ট কৰা নাই। মাহীআয়েকে তাইৰ কোনো কথাই শুনিব নোখোজে কিয়?আগতেতো তেওঁ তাইক এনে অত্যাচাৰ কৰা নাছিল…আজি হঠাৎ কিয়?মোমায়েকৰ ঘৰৰ মানুহে আৰু গাঁৱৰ মানুহেও কেতিয়াবা তাইক কৈছিল–
“তেজী, সাৱধান হ’বি…….মাহীআই কেতিয়াও নিজৰ আই হ’ব নোৱাৰে।”
তেজীয়ে তেতিয়া বেয়া পাইছিল আয়েকৰ কথা এনেকৈ ক’লে।এতিয়া…কথাটো হয় নেকি বাৰু? তাইৰচোন চেহেৰাটোও পাহৰি যোৱা নিজৰ আয়েকজনীলৈ মনত পৰিছে!হয় কিজানি!আই মানে আয়েই…কোনেও কেতিয়াও সেই ঠাই দখল কৰিব নোৱাৰে।আই-আই…ক’ত আছ তই?চাচোন তোৰ কলিজাৰ এফাল তেজীজনীয়ে কিমান কষ্ট পাইছে। তাইৰ হিয়াৰ আমঠু পিতাকলৈও বৰকৈ মনত পৰিল। পিতাকৰ মুখখন দেখা পাবলৈনো আৰু কিমান দিন আছে?
পিয়াহত অণ্ঠ-কণ্ঠ শুকাই গৈছে।ৰান্ধনী ঘৰলৈ গৈ পানী এটোপা খালেহে ভাল লাগিব।তাই কোনোমতে থিয় হৈ অ’ত-ত’ত ধৰি ৰান্ধনী ঘৰৰ ফালে যাবলৈ ধৰিলে।ঢেঁকীশালৰ ফালে ঘুটুং-ঘাটাংকৈ কিবাকিবি কৰি থকা মাহীআয়েকে তাইৰ ফালে চোঁচা মাৰি আহি ক’লেহি,
“ব’ল ব’ল…ঢেঁকীশালত ধান জুৰি থৈছো।যি কৰিলি কৰিলি,এতিয়া ধান বানিলেহে ভাত খাবলৈ পাবি।”
“মাহী আই,পানী এটুপি খাই লওঁ।” তাই ভয়ে ভয়ে কোনোমতে ক’লে।
“চেলু উলিয়াব নালাগে ব’ল” বুলি সাউদনীয়ে তেজীক চোঁচৰাই নিয়া দি নি ঢেঁকীশাল পোৱালেগৈ।
“মই ঢেঁকী দিওঁ…তই বঢ়াই থাক।” সাউদনীয়ে তাইক খুবলিৰ ওচৰলৈ ঠেলি দিলে।মাহীআয়েকৰ ব্যৱহাৰত তেজী অবাক হৈ গৈ আছে।ঘৰতো বৰ্তমান চাউলৰ ইমান নাটনি হ’ব নালাগে…বিয়ালৈ যোৱাৰ আগদিনা তায়েই কেইবাদোণো ধান খুন্দি থৈ গৈছিল চোন!তেনেহলে?তাইৰ ক্ৰমে বেছিকৈ মাহীআয়েকক ভয় লাগি আহিবলৈ ধৰিলে।তাতে এতিয়া তেওঁ ধমধমকৈ যিদৰে ঢেঁকী দিবলৈ ধৰিছে,খুবলিৰ ফালে ধানখিনি বঢ়াই দিবলৈও তাই সাহস কৰিব পৰা নাই।
“তোক তাত সজাই বহুৱাই থৈছোঁ নি?চাউল ওলাই পিঠাগুৰি হ’ল…চকুত চানি পৰিল হব পায়।”
তেজীয়ে ভয়ে ভয়ে হাতখন খুবলিটোৰ ফালে মেলিলে………
“আই ঔ…মৰিলো ঔ….”
তাইৰ হঠাতে মৰা চিঞৰটোত সাউদনীও এখন্তেক ৰ’ল।
“কিনো হ’ল?এখন হাতহে খুন্দিছে,চিঞৰি মৰিব নালাগে….ইখন আছে নহয়।”
বিষত কেঁকাই থকা তেজীয়ে প্ৰমাদ গণিলে।
“মাহীআই,হাতখন বান্ধি লওঁ ৰ’ব।” তেজীয়ে কান্দি কান্দি ক’লে।
“তোৰ কোনো কথাই শুনিবলৈ মোৰ মন নাই।বাওঁ হাতেৰে বঢ়া বুলি কৈছো নহয়…বঢ়া।”
ক্ষন্তেক পিছতেই পুনৰ তেজীৰ চিঞৰ ভাহি পৰিল – ” মাহীআই…”
নাই,আজি সাউদনীৰ অলপো দয়া ওপজা নাই তেজীৰ ওপৰত।এটা সময় আছিল..যেতিয়া তেজীৰ দুগালৰ চকুলোৱে তেওঁকো ব্যথিত কৰিছিল।তেওঁ তেতিয়া তেজীৰ নতুন আয়েক আছিল।পিছে এতিয়া তেওঁক পৰিৱেশ-পৰিস্থিতিয়ে এগৰাকী মাহীআয়েক সজাই পেলালে।তেওঁ তেজীৰ “মাহীআই” এই নামটো গুচাব খোজে সাউদনীয়ে নিজৰ গাৰপৰা।এইবাৰ তেওঁ আই হ’ব…কেৱল “আই”; নিজৰ পেটৰ সন্তানৰ। এইখন ঘৰত কোনো সতীয়া সন্তান থাকিব নোৱাৰিব। সাউদৰ হাউলিত ওলাই সোমাই ফুৰিব তেওঁৰ সন্তানে। তাৰ বাবেই ৰহদৈ বাইৰ লগহৈ কমখন আঁচনি কৰিব লগা হৈছেনে?নিগনি এটা মনে মনে ধৰি তেজীৰ কাপোৰৰ টোপোলাত ভৰাই দিছিল।নিগনিটো কেনেবাকৈ ওলাই যায় বুলি পকা অঙঠাও দুডোখৰ ভৰাই দিছিল।আকৌ কিবা কাৰণত বাটত টোপোলাটো খোলে বুলি বুঢ়ীকো এছোৱা বাট লগতে পঠিয়াই দিছিল।আঁচনিমতেই সকলো হৈ গৈছে। বাকীখিনি কপালেহে জানে আৰু…
” চিঞৰি মৰিব নালাগে…ভৰি দুটা আছে নহয়; সোঁভৰিটোৰে বঢ়া।”
“মাহীআই..”, তেজীয়ে আতঙ্কত চিঞৰি উঠিল।
” মই নোৱাৰো মাহীআই।মোক এটোপা পানী দিয়ক মাহীআই…”
“পানী লাগে তোক?হোঁ, ল।” সাউদনীয়ে তেজীৰ পিঠিত গেমেহা ভুকু এটা বহুৱাই দিলে।তাই খুবলিটোৰ ওচৰতেই চিতভুলুঙা খাই পৰি গ’ল।সাউদনীয়ে লৰালৰিকৈ ঢেঁকীৰ নেজত ভৰি দিলেগৈ।
“দে দে ভৰিটো খুবলিটোৰ ফালে আগবঢ়াই দে। পাৰিবি…ভৰিৰে লৰাই দে।”
ঢেঁকীৰ চাবে চাবে সাউদনীয়ে তেজীক আদেশ দি থাকিল।এটা সময়ত পুনৰ তেজীৰ দেদাউৰি শুনিলে…আৰু অলপ সকাহ পালে সাউদনীয়ে।এইবাৰ তেজীৰ বাওঁভৰিৰ পাল! সেইটোৱেও ধান বঢ়োৱাই খুন্দি লেঠা মাৰি পেলালে। সৰ্বশৰীৰৰ বেদনাত তেজী থিৰেৰে থাকিব পৰা নাই। চিঞৰি চিঞৰি কান্দি কান্দি তাইৰ ডিঙি শুকাই কাঠ যেন হ’ল।আৰু মাত মাতিবলৈ তাইৰ শৰীৰত শকতি নোহোৱা হৈ আহিছে।কেঁকাই কেঁকাই বিৰবিৰাইছে,
“মোক কিয় বেয়া পাই মাহীআই…মই ভাল পাওঁ… মোৰ আইচোন আপুনি…মাহীআই ; পানী…অকণমান পানী…অ’ পিতাই আহিছনে…”
সাউদনীয়ে ভাবিলে,এই কথাই কথা নহয়; কোনোবা ওলালেহি সৰ্বনাশ হ’ব।সকলো আঁচনি অথলে যাব।অৱশ্যে সাউদৰ প্ৰকাণ্ড হাউলি সদৃশ ঘৰৰপৰা গাঁৱৰ আন মানুহৰ ঘৰ ভালেখিনি নিলগত আছে বাবে যথেষ্ট নিশ্চিন্ত মনে কাম কৰিব পাৰি… এইবোৰ তেওঁলোকে নেদেখেও,নুশুনেও।
তেওঁ ঢেঁকীৰ মূৰটো হাতেৰে দাঙি খুটি এটাৰে ভেজা দি তেজীৰ মুৰটো খুবলিটোৰ ফালে টানি নিলে। তেজীয়ে কিবা এটা বুজি পাই আতঙ্কত আৰ্তনাদ কৰি উঠিল………
“মোক নামাৰিব মাহীআই…মোক জীয়াই থাকিবলৈ দিয়ক; পিতাইক…আ…আ…”
তেজীমলাই কথা শেষ কৰিবলৈ নাপালে……… সাউদনীয়ে ঢেঁকীৰ নেজত ভৰিৰে হেঁচা দিলে।
(দ্বাদশ খণ্ড)
তেজীমলাই চকু দুটা মেলিব পৰা নাই।ক’ত আছে তাই? আহঃ!অনন্ত পিয়াহত যেন তাই আতুৰ হৈ পৰিছে।কোনোবাই এটোপাল পানীৰে ওঁঠকেইটাকে তিয়াই দিয়া হলেও!
“পা-নী…” তাই অস্ফুট মাতেৰে কেঁকাই উঠিল। ওঁঠকেইটা লৰচৰেই নহ’ল।কিবা এটা কেচেমা-কেচেম গোন্ধত তাইৰ ওকালি আহিব খুজিছে।কি?তাই গম ল’লে… এয়া নিশ্চয় তাইৰ মূৰ আৰু হাত-ভৰিৰপৰা বৈ অহা কেঁচা তেজৰ গোন্ধ।ঢেঁকীশালত তেজৰ ডোঙাৰ মাজত পৰি আছে তাই।নাই, ক’তো একো সাৰি-শব্দ নাই। মাহীআই বা ক’ত আছে!কিয় তাইক মাৰি পেলাব খুজিছে তেওঁ?তাই একো বুজা নাই।ঢেঁকীটো মূৰত পেলাই দিয়াত তাইৰ চকু-মুখ চব ভাগি-চিগি গ ‘ল চাগে।আ-হ!তাই চকু মেলিব পৰা নাই…মাতিব পৰা নাই…লৰচৰ কৰিব পৰা নাই।অসহ্য যন্ত্ৰণাতো কেঁকনি এটা ওলোৱা নাই মুখেৰে।তাই সন্দিহান হৈ পৰিল… তাই জীয়াই আছেতো?নাই নাই…তাই জীয়াই থাকিবই লাগিব।তাই নমৰে।পিতাই এতিয়াও বণিজৰপৰা উভতি অহা নাই।পিতাক নহালৈকে তাই জীয়াই থাকিব লাগিব। আৰু ৰংমন!ক’ত আছ তহঁত?মনে মনে তেজীয়ে আতুৰ হৈ মাতিছে…
“পিতাই অ’…তই সোনকালে ঘৰলৈ আহচোন।তোৰ আলাসৰ লাড়ুজনী কেনেকৈ পৰি আছোঁ চাহিচোন।”
সৌৱা…কোনোবা এজনী মানুহে দুহাত মেলি তেজীক আকুলভাৱে মাতি আছে।কোননো?অ’ আই ! তাই মনেৰে কৈ উঠিল,
“মোক এতিয়াই নামাতিবা আই।পিতাই বণিজৰপৰা অহাই নাই।মোক নেদেখিলে তেওঁ বৰ শোক পাব।”
তাই জীয়াই থাকিব…থাকিবই লাগিব।তাই মনটো বান্ধি পেলালে…যি কোনো প্ৰকাৰে তাই ৰৈ থাকিব পিতাক অহালৈ,এইবোৰ বতৰা দিবলৈ।
বাহিৰত কোনোবা মতা মানুহৰ মাত শুনা গৈছে। কোন…পিতাই আহিল নেকি?না-ই…সেইটো মুহিধৰহে হ’বলা।তাৰ কি কাম ইয়াত?ঢেঁকীশালৰ বাহিৰৰ পানীপতাত কোনোবাই মাটি খনাৰ চবক চবক শব্দ হৈছে।কোনে খান্দিছে…কিয়বা?কোনোবা সোমাই আহিছে ঢেঁকীশাললৈ।মাহীআই হ’বলা।আৰু নো কি কৰিবলৈ বাকী আছে মাহীআই…?
“আহ…তোক একেবাৰে লেঠা মাৰি আজৰি হৈ লওঁ; তাৰ পাছত এই সাউদনীক কোনে পায়?”
উৱা…মাহীআয়েকেচোন তাইক ভৰি দুটাত ধৰি চোঁচৰাই নিছে! উঃ!! দুখ পাইছো…বৰ দুখ পাইছো মাহীআই…তাই ভাবিলেহে; ডিঙিৰে এটা শব্দও ওলাই নাহিল।আঃ!!…তাইকচোন ঠেলি কিবা গাঁত এটাত পেলাই দিলে!
“নেপেলাব…নেপেলাব মাহীআই; পিতাই অহালৈকে মোক ঢেঁকীশালতেই হ’লেও থাকিবলৈ দিয়ক।ওপৰৰপৰা মাটি পেলাইছে চোন! মুহিধৰ…মুহিধৰ,তোমাক ককাই বুলিছো…কাবৌ কৰিছো…মোক পুতি নেপেলাবা।
আঃ!….গোটেইখন মাটিৰে ঢাকি ধৰিলেচোন! মাহীআই….মাহীআই…পিতাই…পিতাই…
(ত্ৰয়োদশ খণ্ড)
“অ’ আই,আই সাউদনী অ’…অকণমান মাত দিয়কচোন। ”
কোননো এই ব্ৰহ্মপুৱাতে?বিৰক্তিৰে কপাল কোঁচ খুৱাই সাউদনী বাহিৰলৈ ওলাই আহিল।অ’এই মাগনী বুঢ়ীজনী।ইটো বিচাৰি,সিটো বিচাৰি দিনটো পংপঙাই ঘূৰি ফুৰে; কাম এখন কৰি দি থৈ যা বুলিলেও কটাহিকে নকৰে।ৰহ,আজি এইৰ হাতেৰে ধানখিনিকে জৰাব লাগিল।সাউদনীয়ে মিঠা মুখেৰে মাত দিলে,
” কিহে বাই…আজি পুৱাতে ওলালিহি যে!”
“এহ,নক’ব আৰু…কাইলৈ ডাঙৰ জী-জোঁৱাইহাল আহিব।ইফালে ঘৰত কুটা এগচো নাই ৰান্ধি বাঢ়ি খুৱাবলৈ।আপোনাৰ বাৰীতে চোন ধেৰ শাক-পাচলি… খাওতা হ’লে নাই।তাৰে এটি-দুটি আপোনাক খুজি লৈ যাওঁ বুলিয়েই আহিলো।মই জানোৱেই নহয়,আপুনি মোক সুদা হাতে নপঠাই বুলি।বাৰু ছোৱালীটি বিয়া খাই অহাই নাই নি…ঘৰখন বৰ উৰুঙা উৰুঙা যেন লাগিছে যে !”
” নিবি নিবি…নিজেই কি লাগে ছিঙি লগৈ।খালী যোৱাৰ আগতে মোৰ ধান এমোন আছে জাৰি থৈ যাবি। অ’ তেজীমলা মোমায়েকৰ ঘৰৰপৰা অহাই নাই পাই… মোৰো বেয়া লাগি আছে।”
সাউদনীয়ে আৰু কথা নবহাই বুঢ়ীক ধানখিনি উলিয়াই দিবলৈ ভঁড়াল ঘৰৰ ফালে গ’ল।বুঢ়ীয়ে ভালেই পালে।আজি গাখীৰতে ম’হৰ খুটি।যিমান ইচ্ছা সিমান শাক-পাচলি ছিঙিব আজি তাই।সাউদৰ বাৰী বতৰৰ বিভিন্ন পাচলিৰে ভৰি আছে…খাওঁতা আক’ নায়েই। সাউদনীৰ হাতদুখন পিছে উদাৰ…আনকো বিলাব পাৰে।অ’ পিছফালৰ পানীপতাতে এইজোপা লাও গছচোন!এই ঠাইতনো লাও ৰোৱেনে?ইয়ে…এইটো চোন প্ৰকাণ্ড লাও!ঘৰে-ঘৰোৱাহেও খাই শেষ কৰিব নোৱাৰিব; বুঢ়াই হ’বচোন গছতে।সাউদনীৰ চকুতেই পৰা নাই চাগে পাতৰ তলৰ লাওটো।বাৰু,সদ্যহতে এইটোকেই ছিঙা যাওক বুলি বুঢ়ীয়ে জাতি লাওটোলৈ হাত মেলিলে।
“হাতো নেমেলিবি লাও ও নিচিঙিবি
ক’ৰে মগনীয়া তই,
পাট কাপোৰৰ লগতে মাহীআই খুন্দিলে
তেজীমলাহে মই।”
বুঢ়ী তভক মাৰি ৰ’ল…কোনে গাইছে ইনাই-বিনাই? ইমান কৰুণ সুৰ…আৰু কিবা তেজীমলা…কোনোবা মাহীআই…বুঢ়ীয়ে ভ্ৰমতে কিবা যেন পালে বুলি গা-মুৰ জোকাৰি আকৌ লাওটোলৈ হাত মেলিলে।পুনৰ আৰম্ভ হ’ল একেই গীত।এইবাৰ বুঢ়ীয়ে ভালকৈ মন কৰিলে… ওৱা!কি কথা!এই লাওটোৱেই গাইছে চোন হিয়ালি- জিয়ালিকৈ লৰি-চৰি।
“আই ঐ…ভূত ঔ…খালেঔ…কিবা তেজীমলা হেনো ঐ এইটো।নালাগে ঐ মোক শাক-পাচলি” বুলি বুঢ়ী জঁপিয়াই জঁপিয়াই বাৰীৰপৰা ওলাই আহি দেদাউৰি পাৰি জপনাৰ বাহিৰ হ’ল।বুঢ়ীৰ চিঞৰত সাউদনীও সেই খিনি পাইছিলহি।তেওঁ বুঢ়ীৰ কথাৰপৰা কিবা এটা অনুমান কৰি লাওজোপাৰ ওচৰ পালেগৈ। এইজোপা তেওঁ নাই ৰোৱা যদিও দুদিনমানৰপৰা এই ঠাইত দেখি আছে।হঠাতে গছো ডাঙৰ হৈ লাও লাগিও ডাঙৰ হ’ল।আচৰিত…তেওঁ ভালকৈ মনেই কৰা নাছিল! হয় হয়…সিজনীক পুতি থোৱাৰ পাছতেই এইজোপা গজিল।এই মানে মৰিও মৰকামোৰ নেৰে!বাৰু দেখা যাওক ক’ৰ পানী কলৈ যায়।সাউদনীয়ে দাখন আনি লাওজোপা কাটি লাৱে-গছে সোপাকে নি বাৰীৰ চুকত ঘৰৰপৰা নেদেখা দূৰত পেলাই থৈ আহিলগৈ।যা…গাই থাক,কিমান গাৱ ইননি-বিননি কৰি।
তেজীমলা তাতে আঁহ-পাহ মেলি জৰাটেঙাৰ গছ এজোপা হৈ পিতাকলৈ বাট চাই চাই চকুলো টুকি থাকিল।
ভৰ দুপৰীয়া টিকা ফটা ৰ’দ।সাউদনীয়ে মুহিধৰৰ লগত ঘৰৰ ভিতৰত মেল মাৰিছে।মুহিধৰৰ আজিকালি এইখন ঘৰলৈ সঘন আহ-যাহ…বাধোতাও কোনো নাই। প্ৰেম-পিৰিতি,হাঁহি-খিকিন্দালিৰ যেন উজানহে উঠিছে।
“অ’ আই…আই ঔ…আমি গৰখীয়া ল’ৰা; ওলাই মাত দিয়কচোন।”
সাউদনীৰ মুহিধৰৰ বাহুবন্ধনৰপৰা ওলাই আহিবলৈ সত যোৱা নাই,ভিতৰৰপৰাই মাত দিলে-কি সকাম বুলি।
“আপোনাৰ বাৰীচুকত ঢেৰ জৰাটেঙা লাগি মোক খা মোক খাকৈ আছে।তাৰে দুটামান ছিঙোনে আই? পিয়াহত আতুৰ হৈ পৰিছোঁ,টেঙাকেইটাৰে আমি ভোক-পিয়াহ সব পলুৱাব পাৰিম।”
“হয়নে…মোৰ বাৰীতনো ক’ত জৰাটেঙা দেখিলি হঁক?বাৰু দেখিছ যদি কেইটামান ছিঙি আনগৈ… মোকো দুটা দি থৈ যাবি।”
লৰাহঁতে আনন্দ মনেৰে একেলৰে টেঙাগছৰ ওচৰ পালেগৈ।পকি হালধীয়া পৰি থকা টেঙাবোৰ দেখি সিহঁতৰ জিভাৰ পানী পৰি গৈছেগৈ।সেয়ে কাল বিলম্ব নকৰি কেইটামানে টেঙালৈ হাত মেলিলে।
“হাতো নেমেলিবি জৰা নিচিঙিবি
ক’ৰে গৰখীয়া তই,
পাট কাপোৰৰ লগতে মাহীআই খুন্দিলে
তেজীমলাহে মই।”
(চতুৰ্দশ খণ্ড)
গৰখীয়া ল’ৰাহঁত ঠাইতে থৰ লাগিল।কোনেনো বিনাইছে বাৰু এই ভৰ দুপৰীয়াখন!বাকী কেইটাই তভক মাৰি ৰওঁতেই আটাইতকৈ অঘাইটংটোৱে মৰসাহ কৰি আকৌ ডাঙৰ টেঙাটোলৈ হাত মেলিলে,
“ভাইও বোলো মই, ককাইয়ো বোলো
গাঁৱৰ গৰখীয়া তই,
পাট কাপোৰৰ লগতে মাহী আই খুন্দিলে
তেজীমলাহে মই।”
‘আই ঐ মৰিলো ঐ…পলা পলা’ বুলি অঘাইটংটোৱে ভিৰাই লৰ মাৰিলে।তাৰ পিছে পিছে বাকীকেইটাইও ‘খালে ঔ…মৰিলো ঔ….’ বুলি ঢাপলি মেলিলে।সিহঁত পদূলিৰ জপনাৰ ফালে আহিবলৈ নৰ’লেই বাৰীৰ জেওৰাখনকে জঁপিয়াই জঁপিয়াই পাৰ হৈ গ’ল।ইফালে সাউদনীয়ে বাৰীৰ চুকত ল’ৰাহঁতৰ চিঞৰ-বাখৰ শুনি কি হৈছে চাবলৈ ওলাই আহিল।তেওঁ দূৰৰ পৰাই ল’ৰাবোৰক জঁপিয়াই জেঁওৰা পাৰ হৈ যোৱা দেখিবলৈ পালে।কিনো ওলাইছে তাত চোৱা যাওক বুলি তেওঁ মুহিধৰকো বাৰী চুকলৈ মাতি নিলে।তেওঁলোক গৈ পাওঁতেও জৰাজোপাৰ বিননি শেষ হোৱা নাছিল। সাউদনীয়ে এতিয়াহে বুজি পালে,বাৰীলৈনো হঠাতে জৰাটেঙা জোপা ক’ৰপৰা আহিল।তেওঁ অতিষ্ঠ হৈ টেঙাজোপালৈ চাই বকিবলৈ ধৰিলে…….
“বাৰীচুকত ঠাই দিওঁতেও তই মোক শান্তিৰে থাকিবলৈ নিদিলি।ৰহ,এইবাৰ তোক বাৰীহে নালাগে গাঁৱৰ পৰাই বাহিৰ কৰি পঠিয়াম।”
তেওঁ দা এখন আনি মুহিধৰক গছজোপা গুৰিতে কাটিবলৈ দিলে আৰু গাঁৱৰপৰা বহুত দূৰত পেলাই থৈ আহিবলৈ ক’লে।সেইমতে মুহিধৰেও গছজোপা কাটি চোঁচৰাই চোঁচৰাই বহুত দূৰ নিলে।তেজীয়ে নিজৰ ঘৰখন,বাৰীখন আৰু পাছত গাওঁখনলৈ চাই চাই গছজোপাৰ মাজতে চকুলো টুকি টুকি গৈ থাকিল।
“পিতাই অ…তোক আৰু দেখা নাপামেই চাগে।”
ৰংমনকো একো কোৱাই ন’হল।দুয়ো বণিজৰপৰা আহি তাইক চাগে কিমান বিচাৰিব!মাহীআয়েকে বা কি বুলি ক’ব?”
মুহিধৰৰ ভাগৰ লাগিছে।হ’ল বুলিনো আৰু গছডাল কিমান চোঁচৰাব?বাটৰ মানুহেও তাক অবাক হৈ চাইছে।দিখৌ নৈৰ পাৰে পাৰে সি এবেলা আহিল। নৈখনৰপৰা পাৰৰ ফালে সি পানীৰে ওপচি থকা বিলখন দেখিলে।এই দিখৌখনৰে এটা এৰাসুঁতি। গধূলিও হৈ আহিছে। ‘যাঃ, ইয়াতে সোমাই পচি থাকগৈ ‘ বুলি সি গছজোপা বিলখনৰ পানীত ঠেলি পেলাই দিলে।অলপ সময় ওপঙি থাকি জৰাজোপা পানীত ডুব গ’ল।মুহিধৰেও সকাহ পাই আনন্দতে সুহুৰিয়াই গৈ সাউদনীক বিতং বাতৰি দিলেগৈ।
জৰাগছে পানীত বুৰ মাৰি পদুম ফুল হৈ পাহি মেলি পানীৰ ওপৰলৈ ওলাই আহিল।তাই ভাগ্যক আৰু মুহিধৰক মনে মনে ধন্যবাদ জনালে।কাৰণ তাই পদুম ফুল হৈ ইয়াৰপৰাই ঘাটলৈ চকু দিব পাৰে।এদিন নিশ্চয় পিতাকহঁত এই ঘাটেদি আহিব আৰু তাইত চকু পৰিব। তেজীয়ে পদুম ফুল ভাল পাই বুলি পিতাকে জানে আৰু ক’ৰবাত দেখা পালে তাইলৈ এপাহ হ’লেও আনে পানীত নামি।সেই আশাতে পিতাকক আকৰ্ষিত কৰিবলৈ তেজীয়ে এপাহ সাধাৰণ পদুমতকৈ ডাঙৰ ফুল হৈ ফুলি পিতাক আৰু ৰংমনলৈ বাট চালে।
তেজীৰ কৰুণ কাহিনী শুনি শুনি সাউদহঁত কেতিয়ানো নিজৰ গাঁৱৰ ওচৰৰ ঘাট পালেহি গম ধৰিবই নোৱাৰিলে।নাও বাই থাকোতে ৰংমনৰ দুধাৰি চকুলো বৈ আছে।মাজে মাজে চকুৰে নেদেখাৰ দৰে হোৱাত নাৱে টলং ভটং কৰিছে।সি আকৌ ক্ষিপ্ৰতাৰে নিজকে চম্ভালি লৈ নাও বোৱাত মনোযোগ দিছে। ৰংমনে সাউদলৈ চালে…তেওঁ একেবাৰে মৃতপ্ৰায় হৈ পৰিছে।চৰাইৰূপী তেজীৰ সঁজাটোকে বুকুত সাবটি ধৰি আছে।ৰংমনে দেখিছে লাহে লাহে সাউদৰ চকু দুটা ৰঙা হৈ পৰিছে,মুখখন কঠোৰ হৈ পৰিছে আৰু শৰীৰৰ মাংসপেশীবোৰো ফুলি উঠিছে।সি বুজি পাইছে,এয়া এক ভয়ানক বিপদৰ প্ৰাকমুহূৰ্ত।সি আগতেও দেখিছে সাউদৰ এনে ৰূপ বাটে-পথে।তেতিয়া সি অগা-ভেটা কৰে।নহ’লে পেশীবহুল সাউদৰ শাৰীৰিক আক্ৰমণত কাৰ অঙ্গ ক্ষত হয় ঠিক নাই।নাই আজি ৰংমনে সাউদক একো বাধা নিদিয়ে।আজি সকলো জ্বলি যাওক… নাইবা উটি-ভাহি যাওক সাউদৰ ক্ৰোধৰ আগত; দৰকাৰ হ’লে সিও তাত অৰিহনা যোগাব।তাৰ হিয়াৰ আমঠু তেজীজনীৰ এনে অৱস্থা! নাৱৰপৰা নামি সাউদে সঁজাটো ৰংমনৰ হাতত দিলে আৰু হন্ত-দন্ত হৈ ঘৰৰফালে খোজ ললে।
ইয়াৰ পাছৰ কাহিনী চমু।সাউদে তেজী ক’ত বুলি সুধিলত সাউদনীয়ে ‘মোমায়েকৰ ঘৰলৈ বিয়া খাবলৈ গৈ উভটি অহাই নাই’ বুলি উত্তৰ দিলে।সাউদে ৰংমনৰ হতুৱাই গাঁৱৰ মানুহ মতাই অনাই সকলোৰে সন্মুখত সঁজাটো খুলি এখন তামোল আথে-বেথে আগবঢ়াই ক’লে,
“তই যদি সঁচাকৈয়ে মোৰ জী তেজীমলা হয়, তেনেহ’লে তামোলখন মুখত লৈ তেজী হৈ ওলাই আহ। ”
সকলোৱে দেখি তবধ মানিলে।সাউদনীয়ে ভয়তে বেঙে মূতা গৰুৰ দৰে কঁপিবলৈ ধৰিলে।গাঁৱৰ মানুহে মুহিধৰ আৰু ৰংদৈ বুঢ়ীকো ধৰি আনিলেগৈ।সকলোৱে মিলি সিহঁতক ৰজাৰ ওচৰলৈ বান্ধি নি বিচাৰ কৰিবলৈ দিবলৈ সিদ্ধান্ত কৰিলে।কিন্তু তেজী?তাই কান্দি কান্দি পিতাক আৰু গাওঁবুঢ়াৰ ভৰিত পৰিল…
“এয়া মোৰ আই…মোৰ জনমদায়িনীক মই দেখাই নাই।এই আয়েই মোক গু-মুত ধুই ডাঙৰ কৰিলে।নিজে নাখায়ো মোক খুৱালে।কাৰোবাৰ কথা শুনিহে তেওঁৰ মতিভ্ৰম হ’ল।আইক যিবোৰে মাহীআই কৰিলে সেইবোৰহে আচল দোষী।আইক ক্ষমা কৰি দিয়ক আপোনালোকে।মই কাবৌ কৰিছোঁ; তেওঁক ৰজাৰ ওচৰলৈ নিনিব।ৰজাই কঠোৰ শাস্তি বিহিলে আয়ে বৰ কষ্ট পাব।”
সকলোৰে চকু কপালত উঠিল…তেজীয়ে কয় কি? যিগৰাকীয়ে তাইক ইমান শাস্তি দিলে তেওঁৰ কষ্টৰ কথা চিন্তা কৰে!সাউদনীয়ে কান্দোন সামৰিব নোৱাৰি ‘মই কি অমূল্য সম্পদ হেৰুৱালো ঐ…’ বুলি তেজীৰ ভৰিতে পৰিলহি।অৱশেষত তেজীৰ কাতৰ অনুৰোধ উপেক্ষা কৰিব নোৱাৰি দোষীক ৰজাৰ ওচৰলৈ নিয়াতো নাকচ হ’ল আৰু তেওঁলোকক তৎমুহূৰ্ততে গাঁৱৰপৰা খেদাই পঠোৱা হ’ল।
সকলো সমাধান কৰি গাঁৱৰ ৰাইজ ঘৰাঘৰি গ’ল।শেষত ৰংমনেও নিজৰ ঘৰৰ ফালে যাবলৈ ঘূৰিল। ” তই আক’ কলৈ যাৱ?” সাউদৰ প্ৰশ্নত সি ঘূৰি চালে।’ আহ,আজিৰেপৰা তই মোৰ জোঁৱাইও ল’ৰাও’ বুলি ৰংমনৰ হাতত ধৰি টানি আনি তেজীৰ সোঁহাতখন তাৰ হাতত তুলি দিলে।দুয়োটাই এতিয়াহে মূৰ তুলি ইটোৱে-সিটোক চাবলৈ সময় পালে।তেজীয়ে ৰংমনৰ চকু দুটাত ৰাতিপুৱাবলৈ লোৱা বেলিটোৰ ৰঙচুৱা চিকমিকনিৰ বোল দেখা পালে আৰু ৰংমনে দেখিছে মাৰ যাওঁ যাওঁ হোৱা ৰাতিৰ জোনবাইজনী তেজীৰ ক’লা মণিত।
(সমাপ্ত)
*******
6:23 PM
সুন্দৰ 👌👌