ৰম্যৰচনা-অঞ্জু মহন্ত
(সংগৃহীত)
মাংসৰ আঞ্জাৰে ভাত সানি এগৰাহ মুখলৈ নিয়েই
ৰাতুলে গম পালে মাংসত নিমখ কম।মনে মনে সি খুব আনন্দিত হ’ল।অন্তত এইবাৰ স্নিগ্ধাৰ নিজকে বচোৱাৰ কোনো যুক্তি নাথাকিব।কালি ভাত ডেই পেলাইছিল। তাৰ পিছত খুব গম্ভীৰ হৈ ৰাতুলক কৈছিল, ‘এইবাৰৰ পৰা অলপ চাইচিতি চাউল আনিবা।’ সঁচাকৈয়ে তোমাক কি কম আৰু!কিযে দোকানৰ পৰা চাউল আনা নহয়! হতভম্ব হৈ ৰাতুলে সুধিছিল, ‘ভাত ডেই যোৱাৰ লগত চাউলৰ কি সম্পৰ্ক?’
স্নিগ্ধাই উত্তৰ দিছিল, ‘সেয়া তুমি নুবুজিবা।যিয়ে
ৰান্ধনীঘৰ চম্ভালে তেওঁহে বুজে।’ যেনেকৈ তোমাৰ অফিচৰ কাম মই নুবুজো, ঠিক তেনেকুৱা।’
এইবাৰ মাংসত নিমখ কম দেখি ৰাতুল খুচ।এইবাৰ স্নিগ্ধাই ভুল স্বীকাৰ কৰিবই লাগিব।হাঁহি মুখেৰে ৰাতুলে স্নিগ্ধাক ক’লে, ‘ মাংস ৰন্ধাৰ পিছত খাই চোৱা নাছিলা?’
স্নিগ্ধাই ক’লে,’নাই, কিয় কিবা কম হৈছে?’ ৰাতুলে হাঁহি মাৰি ক’লে,’নিমখ।’
স্নিগ্ধাই অলপ সময় ৰাতুলৰ ফালে চাই থাকিল। তাৰপিছত কোমল কণ্ঠেৰে লাহে লাহে কলে,’এইবাৰৰ পৰা সুস্থ পাঠাৰ মাংস আনিবা।’
ৰাতুলে হতভম্ব হৈ সুধিলে,’সুস্থ পাঠা মানে?’
স্নিগ্ধাই ক’লে,’তুমি যি পাঠাৰ মাংস আনিছা,সেইটো হাই প্ৰেচাৰৰ ৰোগী আছিল।’ ডাক্তৰে খোৱাত নিমখ বন্ধ কৰি দিছিল। সেয়ে তাৰ মাংসত নিমখ কৰ পৰা পোৱা যাব?’
ৰাতুলে খংত জ্বলি উঠি ক’লে,’তুমি কি ঠাট্টা কৰিছাঁ?’ তুমি কেনেকৈ জানিলা,পাঠাটোৰ হাইপ্ৰেচাৰ?’
স্নিগ্ধাই ক’লে,’ মই কেনেকৈ জানিলো,সেয়া ডাঙৰ কথা নহয়।তোমাৰ সন্দেহ থাকিলে তুমি পাঠাৰ মালিকক সুধি আহিব পাৰা।’
ৰাতুলে বুজিলে,সি এইবাৰো চেকমেট।দোকানলৈ গৈ পাঠাৰ হাইপ্ৰেচাৰ আছে নেকি সোধা মানে নিজকে পাঠা প্ৰতিপন্ন কৰা। সেয়ে আৰু কথা নবঢ়ায় মাংসৰে সনা ভাতৰ ওপৰত নিমখ ছটিয়াবলৈ ধৰিলে।নি:শব্দে খোৱা শেষ কৰি হাত ধোৱাৰ সময়ত শুনিলে স্নিগ্ধাই কৈছে,’ ইয়াৰ পিছত পাঠাৰ মাংস কিনাৰ আগেয়ে সুধি লবা,পাঠাটোৰ ডায়েবেটিচ,হাই প্ৰেচাৰ,ইউৰিক এচিদ এইবোৰ আছে নেকি?সুস্থ পাঠা হ’লে মই সুস্থ ৰন্ধাৰ গেৰাণ্টি দিব পাৰোঁ।কিন্তু পাঠা অসুস্থ হ’লে মোৰ একো কৰিবলগীয়া নাথাকিব।
বেচেৰা ৰাতুলে এতিয়া ভাবিছে, এতিয়াৰ পৰা যি
খাবলৈ দিয়ে তাকে খাব বিনা প্ৰশ্নৰে বিনা আপত্তিৰে।
শিক্ষা—পত্নী যদি প্ৰবল যুক্তিবাদী হয়।গিৰিয়েক সকলে মুখ নোখোলাই ভাল।
*******