ৰূপান্তৰ-নন্দিতা ভাণ্ডাৰ কায়স্থ

: উৱা এইকেইটা মাছতে পঞ্চাশ টকা দিব লাগিব? কিনো কৈছা হে?অলপ বেছি দাম লগাইছা দিয়া। এপোৱা জোখাচোন।চল্লিশ টকা ল’বা দিয়া।

বীনা ভৰালীয়ে সদায়ে মাছ কিনি থকা অভিজ্ঞ এজনাৰ দৰে চকু ডাঙৰ কৰি বেপাৰীটোলৈ চাই কৈ উঠিল।

: নাই বাইদেউ।দিব নোৱাৰিম।ৰাখে যদি এপোৱাত পঞ্চাশ টকাই দিব লাগিব।মই কিলো ডেৰশ টকাকৈ কিনি আনিছোঁ।চল্লিশ টকাত লোকচান হ’ব বাইদেউ।

: এহ্ নহয় দিয়া।পাৰিবা।জোখা চোন।ভাল ভাল চাই তাজা মাছকেইটামান।বৰ জোৰকৈ ধৰে ভৰালী বাইদেৱে।

: মা,মা এইবোৰ মাছ কিনিব নালাগে।চব নলাৰ মাছ।মই বজাৰৰ পৰা সতেজ মাছ আনিম।

: নহয় বাবা,মাছকেইটা একদম তাজা অ’।মই চিনি পাওঁ নহয়। 

: এবাৰ ক’লে তুমি বুজি নোপোৱা নেকি মা?মই ওলাই যামেই।লৈ আহিম দিয়া।এই বেপাৰী যা ইয়াৰ পৰা।মা ভিতৰলৈ ব’লা।

মাছকেইটা ল’বলৈ বৰ হেঁপাহ আছিল যদিও পুত্ৰই মাজতে হস্তক্ষেপ কৰা বাবেই তেওঁৰ মনৰ আশা পূৰণ নহ’ল।

গেটখন বন্ধ কৰি বীনা ভৰালী ঘৰলৈ উভতি আহে।মাছ তেওঁ নোখোৱাকৈ নাথাকে।সোমবাৰ আৰু  বৃহস্পতিবাৰ বাদ দি বাকীকেইটা বাৰত মাছ নহ’লে  মঙহ থাকেই।তেওঁৰ ল’ৰাই মানে ৰক্তিমে নিজেও যিহেতু মাছ বা মাংস নহ’লে ভাত গিলিব নোৱাৰে সেয়েহে আমিষ আহাৰৰ গোন্ধ পাকঘৰত প্ৰায়ে লাগি থাকে।কিন্তু ভৰালী বাইদেউৰ এটাই দুখ,তেওঁ মাছ ল’বলৈ খুজিলেই পুতেকে গেলা মাছ,নলাৰ মাছ বুলি বিভিন্ন অজুহাত দেখুৱাই তেওঁক ঘৰলৈ অহা বেপাৰীৰ পৰা মাছ কিনাত বাধা দিয়ে।লাগিলে ৰক্তিমে নিজেই বজাৰৰ পৰা কিনি আনিব।মাছ বেপাৰীয়ে নহয় ঘৰলৈ অহা শাক-পাচলি বেপাৰী,বোৱা কাপোৰৰ বেপাৰী কোনো বেপাৰীৰ পৰাই মাকক বস্তু ৰাখিবলৈ নিদিয়ে। ৰক্তিমৰ এই বেপাৰীবোৰলৈ হেনো বৰ ভয়,চুৰ কৰাৰ মতলব লৈয়ো আহিব পাৰে।কিনো ধাৰণা লৈ থাকে পুতেকে,বীনা ভৰালীৰ ভাবিলেই অদ্ভুত খং এটা উজাই আহে।অৱশ্যে মাকে বিচৰা বস্তুবোৰ অলপ দেৰিকৈ হ’লেও কিন্তু  আনি দিয়ে।

ভৰালী বাইদেউৰ পুত্ৰই তেওঁৰ প্ৰতিটো কথাতে  হস্তক্ষেপ কৰে।বিয়া সবাহ,মিতিৰৰ ঘৰলৈ যোৱা সকলোতে পুত্ৰই কিবা নহয় কিবা আপত্তি দৰ্শায়।বীনা ভৰালীয়ে আকৌ পুতেক নহ’লে ক’লৈকো যাবও নোৱাৰে।প্ৰেচাৰ,আঠুৰ বিষ,থাইৰয়ড আদি ঢেৰ বেমাৰে তেওঁৰ লগ নেৰাই হ’ল।ওচৰ চুবুৰীয়াৰ ঘৰলৈ যাবলৈ তেওঁ পুতেকক খাতিৰ নকৰে।হ’লে কি হ’ব?কিয় যোৱা, কি পৰ্ব আছে,কাক মাতিছে কিমান যে প্ৰশ্নৰ উত্তৰ দিব লাগে লৰাটোক!বিৰক্ত হয় ভৰালী বাইদেউ।তাৰ মাজতে তেওঁ পুত্ৰৰ কেটেৰা জেঙেৰা মাত শুনি হ’লেও এৰাব নোৱাৰা পৰ্ববোৰত গৈ মাত এষাৰ লগায়।আচলতে পুত্ৰই এই বিশেষ গুণটো পিতৃৰ পৰাই উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছে।ভৰালীদেৱেও পত্নী, সন্তানে তেওঁৰ কথা আখৰে-আখৰে পালন কৰাটো বিচাৰিছিল।বীনা ভৰালীয়ে স্বামীৰ উগ্ৰ স্বভাৱৰ বাবে সকলো কথাতে সৰু হৈ মানি চলিছিল।নহ’লে যে ঘৰখন ঘৰ হৈ নাথাকে।ল’ৰা-ছোৱালী হালৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে তেওঁ সকলো নীৰৱে সহি গৈছিল।তদুপৰি তেওঁ টকা-পইচাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে স্বামীৰ ওপৰতে নিৰ্ভৰশীল হ’বলগীয়া আছিল।কাৰণ তেওঁ আৰ্থিকভাৱে স্বাৱলম্বী নাছিল।

উস্!স্বামীৰ পিছত এতিয়া আকৌ পুত্ৰৰ তলতীয়া হৈ থাকিবলগীয়া হৈছে।এতিয়া তেওঁৰ টকাৰ অভাৱ নাই যদিও দেহাৰ জোৰ নথকা বাবে অকলে সকলো কাম কৰিবও নোৱাৰে।কি যে ভাগ্যলৈ জনম লৈছে বুলি ভৰালী বাইদেৱে নিজৰ ভাগ্যখনকে ধিয়াব ধৰে। বাহিৰৰ বেতৰ চকীতে বহি তেওঁ মনতে দুখৰ কথা বিলাক পাগুলি থাকে।এনেতে গেটখন খোলা যেন দেখি কোননো আহিল বুলি ডিঙি মেলি চাওঁতে তেওঁৰ মুখখন পূৰ্ণিমাৰ জোনটোৰ দৰে উজলি উঠিল।চাৰিমাহ আগতে পুত্ৰলৈ বোৱাৰী কৰি অনা তেজপুৰ বিশ্ববিদ্যালয়ত চৰকাৰৰ জলপানি লৈ গৱেষণা কৰি থকা ময়ুৰী জিনচৰ ওপৰত কুৰ্টি এটা পিন্ধি কান্ধত বেগ লৈ সোমাই আহিছে।বিয়াৰ পিছত মাত্ৰ পোন্ধৰ দিন লগ পোৱা ছোৱালীজনীক বীনা ভৰালীৰ নিজৰ কন্যা জিলিৰ দৰেই লাগে।তেওঁক নিতৌ সন্ধিয়া ফোন কৰি দেহ মনৰ খবৰ লৈ থাকে।

: মা,ইয়াতে বহি মোলৈ বাট চাই আছে ন?এয়া চাওক মই আহি পালোঁৱেই।এইবাৰ কেইদিনমান থকাকৈ আহিছোঁ জানে?আপোনাৰ লগত বহুত কথা পাতিম। 

ময়ুৰীয়ে ভৰালী বাইদেউক দেখি উচাহতে কথাখিনি কৈয়ে পেলালে।

: অ’ আইজনী আহি পালাই।আমি আকৌ এঘাৰ বজাৰ আগত আহি নাপাবা বুলিয়ে ভাবিছিলোঁ।এতিয়া চাৰে ন’টাহে বাজিল।আহা ভিতৰলৈ আহা।

: ৰাতিপুৱা পাচ বজাৰ বাছতে উঠিলোঁ।সেয়েহে সোনকালেই পালোঁ।অ’ মা এইমাত্ৰ আমাৰ গলিটোৰ সমুখতে মাছ বেপাৰী এজন লগ পালোঁ।এপোৱা ভাঙোন মাছ ললোঁ।একদম তাজা।অ’ মা মই ভালকৈ বাচিব নাজানো।আপুনি বাচি দিব মই ভাজি দিম দিয়ক।

ময়ুৰীয়ে তেওঁৰ প্ৰিয় মাছকেইটা চকুৰ আগত দাঙি ধৰাত ভৰালী বাইদেউৰ মনত বৰ আনন্দ লাগিল।

ৰক্তিমেও মৰমী পত্নীক সময়তকৈ আগতে দেখি বৰ সুখী হ’ল। 

: বাবা চাচোন ময়ুৰীয়ে মাছ আনিছে। তাকো তই বেয়া বুলি কোৱা বেপাৰীটোৰ পৰাই।

: ময়ুৰী মই বজাৰলৈ যাবলৈ ওলাইছিলোৱেই।তুমি অত দূৰ কষ্ট কৰি আহিছা,এইবোৰ মাছ তাছ কেলেই কিনিব লাগে বাৰু?

 :এহ্ কিনো কষ্ট?বাটতে পালোঁ লৈ ল’লোঁ।বাৰু মই গা ধুই লওঁ।ভোকো লাগিছে বিৰাট।

বীনা ভৰালীয়ে ৰুটি আলু ভাজি বনাই ময়ুৰীক খাবলৈ দিয়ে।পৰম তৃপ্তিৰে ৰুটি আলু ভাজি খোৱা সমাপন কৰে ত্ৰিশৰ ঘৰ চুবলৈ এতিয়াও দুবছৰ বাকী থকা মৰমলগা ছোৱালীজনীয়ে।ৰক্তিমে দুয়োগৰাকীকে মাত লগাই অফিচলৈ ৰাওনা হয়।দুপৰীয়াৰ ভাতসাঁজ ময়ুৰীয়ে কেইবাবিধো আঞ্জাৰে শাহুৱেকক ৰান্ধি খুৱালে।

গধূলি ৰক্তিম উভতি অহাৰ পিছত বীনা ভৰালীয়ে টিভি চাই থকা পুতেকৰ ওচৰ পায়হি।

: বাবা,কাইলৈ মহেশ কাকতিৰ ছোৱালীজনীৰ তোলনি-বিয়া পাতিছে।আমাক আটাইকে নিমন্ত্ৰণ কৰিছে।তই যাবি নে?

: এহ এইবোৰ তোলনি-বিয়া খাবলৈ মই নাযাওঁ দেই। আৰু তুমিও যাব নালাগে।এনেও কাকতি খুৰা মানুহজনক মোৰ অকণো ভাল নালাগে।মাকৰ ইচ্ছাক গুৰুত্ব নিদি ৰক্তিমে মাকক ভেকাহি মাৰি উঠে।

বীনা ভৰালীয়ে কিবা ক’ব খুজিছিল যদিও ৰক্তিমে ফোন উলিয়াই কথা পতাত ব্যস্ত দেখি চাদৰৰ আঁচলত হাতেৰে সৰু সৰু গাঁঠি বনাই ঠাইতে ৰৈ থাকিল।

ময়ুৰীয়ে শাহুৱেকক মা অ’ মা বুলি মাতি টিভি ৰুমটোলৈ সোমাই আহে।শাহুৱেকক উদাস মনেৰে ৰৈ থকা দেখি কাৰণটো নোসোধাকৈ থাকিব নোৱাৰিলে ময়ুৰীয়ে।বীনা ভৰালীয়ে ৰক্তিমে নিমন্ত্ৰণ কৰা কাকতিৰ ঘৰলৈ যাবলৈ বাধা দিয়া কথাটো চমুকৈ কৈ দিলে। ময়ুৰীয়ে ক’লে,”অহ কথা সেইটো,আপুনি চিন্তা নকৰিব। মই যাম আপোনাৰ লগত।ৰক্তিমে কেনেদৰে বাধা দিয়ে ময়ো চাওঁচোন।”

ৰক্তিমে ফোন সামৰাত ময়ুৰীয়ে মাকে নিমন্ত্ৰণ ৰক্ষা কৰাটো যে জৰুৰী কথাটো জোৰ দি ক’লে। 

ৰক্তিমে ক’লে,”এইবোৰ সৰু সুৰা নিমন্ত্ৰণবোৰলৈ নগ’লেও হয় ময়ুৰী।মায়ে নো কিয় যাবলৈ হেঁপাহ কৰিব লাগে বুজি নাপাওঁ।”

 : ৰক্তিম মাক অলপ বুজিবলৈ চেষ্টা কৰা।তেওঁৰ মনে কি বিচাৰে তাৰ খবৰ লবলৈ প্ৰয়াস কৰাচোন। মানুহজনী ঘৰত আৰু কিমান সোমাই থাকিব?অলপ বাহিৰলৈ ওলাই গৈ মানুহৰ লগত মাতবোল কৰি থাকিলেহে মাৰ শৰীৰ মন ভালে থাকিব।তোমালোকৰ ইচ্ছাবোৰ পূৰণ কৰাত তেওঁ বাৰু কেতিয়াবা হকা-বধা কৰিছিল নেকি?কেতিয়াবা কৰিছিল যদিও তোমালোকৰ হিতৰ বাবেহে  কৰিছিল চাগে।তুমি তেওঁক অলপ স্বাধীনভাৱে চলিবলৈ দিয়াচোন। স্বাধীনতা সকলোৱে ভাল পায়।আৰু মাতো সৰু ছোৱালী নহয়।ভাল বেয়া তেওঁ বুজি পায়। 

একেলেথাৰিয়ে কথাখিনি কৈ ময়ুৰী ৰক্তিমৰ মুখলৈ চালে।তাইৰ বুজনিবোৰে যেন ৰক্তিমৰ হৃদয় স্পৰ্শ কৰিছে।

ফোনটো টেবুলত থৈ ৰক্তিমে মুখখন মচি ল’লে, ক’লে,”ময়ুৰী,তুমি একদম শুদ্ধ কথা কৈছা।মাক মই কোনোদিনে বুজিবলৈ চেষ্টা নকৰিলোঁ।তেওঁৰ মৰম,চেনেহ,ত্যাগ,মই অনুভৱেই কৰা নাছিলোঁ।ক’বলৈ গ’লে বুজিবলৈ চেষ্টাই কৰা নাছিলোঁ।হয়তো ইয়াৰ বাবে কিছু পৰিমাণে দেউতাও জগৰীয়া।তেওঁক দেখিয়ে কিজানি ময়ো মাক আজলীজনী বুলি ধৰি লৈছিলোঁ। তুমিহে মোৰ মনৰ ভিতৰৰ ভুলৰ মকৰা জালখন আঁতৰাবলৈ সক্ষম হৈছা।মাক মাতো ৰ’বা।”

ৰক্তিমে মাকক বিচাৰি মাকৰ কোঠা পালেগৈ।বীনা ভৰালী বিচনাতে শুই ঘোষা এফাকি গুণগুণাই আছিল। “মা,কাইলৈ কাকতি খুৰাৰ ঘৰলৈ আমি তিনিও যাম।মই এতিয়াই বজাৰৰ পৰা ভাল উপহাৰ এটা কিনি আনো হা।” লৰাটোৰ এনে পৰিৱৰ্তন দেখি মাকৰ হিয়াত হেজাৰ হেজাৰ পদুম ফুল ফুলি জকমকাবলৈ ধৰিলে। সেই সময়তে ময়ুৰীয়ে শাহুৱেকক বাহিৰৰ পৰা লক্ষ্য কৰি আছিল।ৰক্তিমৰ মাকৰ প্ৰতি থকা ধাৰণা শুধৰাব পাৰি তাইৰো অন্তৰখনে বিৰাট আনন্দ লভে।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *