সম্পাদকীয়
পোনপ্ৰথমতেই মই আটাইলৈ শীতকালীন অভিবাদন জনালোঁ।'শব্দচিত্ৰ জীৱন---জিজ্ঞাসা'ৰ লেখক,পাঠক আৰু সকলো কৰ্মকৰ্তাক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ।ভাষা-সাহিত্য,সংস্কৃতি হ'ল এটা জাতিৰ দাপোন।ভাষা,সাহিত্য,সংস্কৃতিৰ উন্নতিয়েই হ'ল সমাজ,জাতিৰ উন্নতিৰ মূল চালিকাশক্তি।অসমীয়া ভাষা,সাহিত্য, সংস্কৃতি জীয়াই ৰখাটো অসমী আইৰ সন্তান হিচাপে আমাৰ প্ৰধান আৰু প্ৰথম দায়িত্ব তথা কৰ্তব্যও।
'শব্দচিত্ৰ--জীৱন জিজ্ঞাসা' ই-আলোচনীখনৰ প্ৰকাশৰ কাম-কাজ কৰি থকা সময়তে সমগ্ৰ দেশৰ লগতে অসমতো চলি আছিল শাৰদীয় দুৰ্গোৎসৱ।যথা ৰীতি-নীতি অনুযায়ী বিল্ববোধনেৰে ষষ্ঠীৰ বেদীত দেৱী স্থাপন কৰি ভক্তগণে আৰম্ভ কৰিছিল শক্তিৰ অধিষ্ঠাত্ৰী মা-দুৰ্গাৰ আৰাধানা৷অসুৰ বিনাশি সমাজৰপৰা অসূয়া-অপ্ৰীতি দূৰ কৰিবলৈ দেৱী দুৰ্গাৰ শৰণাপন্ন হৈছিল ভক্তসকল৷শেৱালী সুবাস সনা শৰতৰ এই বতৰত ৰাজ্য জুৰি পৰিলক্ষিত হৈছিল দুৰ্গা পূজাৰ পাৰ ভঙা উচাহ৷ আকাশে-বতাহে গুঞ্জৰিত হৈছিল ঢাক-ঢোল,দবা-শংখ আৰু উৰুলিৰ মংগলধ্বনি৷ভক্ত তথা দৰ্শকক আকৰ্ষণ কৰিবলৈ সুন্দৰ ভাৱে বিভিন্ন কলা-কৌশল প্ৰয়োগ কৰি সজাই পৰাই তোলা হৈছিল ৰাজ্যৰ পূজা মণ্ডপসমূহ৷
বৰ্ষাৰ প্ৰবল জলধাৰাই প্ৰকৃতিৰ বুকুৰ কলুষতা ধুই নিকা কৰে।এই নিকা পথেদি ভাদৰ বুকুৱেদি নামি আহে আহিন।নৈৰ দাঁতিৰ কোমল কঁহুৱা ডৰাই হালি-জালি আহিনক আদৰে নীল আকাশত শুভ্ৰ ডাৱৰে পাখি মেলি আহিন অহাৰ বতৰা বিলাই ঋতুৰ ৰজা শৰৎ আৰু মাহৰ ৰজা আহিন।আহিন মাহ মানে ঋতুৰাণী শৰতৰ আগমন।পুৱাৰ প্ৰথম কিৰণজাকত নিয়ৰসিক্ত দূবৰিত ভৰি দিয়াৰ মাদকতাই সুকীয়া।লগতে তলসৰা শেৱালিৰ সুবাসে সকলোৰে মনবোৰ পৱিত্র কৰে।এই শৰৎ কালতেই দুৰ্গা পূজাৰ আয়োজন হয়।কিন্তু মাৰ্কেণ্ডেয় পুৰাণৰ মতে প্ৰথম দুৰ্গা পূজা অনুষ্ঠিত কৰিছিল বসন্ত কালতহে।সত্য যুগত সুৰথ ৰজাই হেৰোৱা ৰাজ্য পুনৰ উদ্ধাৰৰ বাবে উপায় বিচাৰি মেধা ঋষিৰ ওচৰলৈ গৈছিল।ঋষিৰ উপদেশমতে নদীৰ তীৰত দুৰ্গা দেৱীৰ মৃণ্ময়ী প্ৰতিমা নিৰ্মাণ কৰি ৰজাই কঠোৰ তপ আৰাধনা আৰম্ভ কৰিলে।তিনি বছৰ আৰাধনা কৰাৰ পিছত দুৰ্গা দেৱী সন্তুষ্ট হ'ল আৰু দেৱীৰ আশীৰ্বাদতে ৰজাই দুখ মোচন হ'ল--পুনৰ ৰাজ্য লাভ কৰিলে।বসন্ত কালৰ এই দুৰ্গা পূজা বংগদেশ আৰু অসমত এতিয়াও প্ৰচলিত হৈ আছে।কিন্তু কালক্ৰমত বসন্তকালৰ দুৰ্গা পূজা বাসন্তী পূজা নামেৰেহে জনাজাত হ'ল।
প্ৰকৃততে ভাৰতবৰ্ষত কেতিয়াৰপৰা দুৰ্গা পূজাৰ প্ৰচলন হৈছিল তাক সঠিককৈ নিৰ্ণয় কৰিব পৰা নাযায়।তথাপিও বিভিন্ন ঠাইত বিভিন্ন সময়ত খনন কাৰ্যত উদ্ধাৰ হোৱা মূৰ্তি আদিৰপৰা অনুমান কৰিব পাৰি যে বেদ সৃষ্টিৰ আগৰেপৰাই ভাৰতবৰ্ষত মূৰ্তি পূজাৰ প্ৰচলন আছিল।অতি প্ৰাচীন কালৰপৰাই অসমতো দুৰ্গা পূজাৰ প্ৰচলন হৈছিল।অসমৰ আদিমবাসীসকলে 'বুঢ়ী গোসাঁনী' নামেৰে শক্তি দেৱীক পূজা কৰিছিল।
দুৰ্গা শব্দৰ অৰ্থ হ'ল দুখ বা দুৰ্গতি।এই দুখ-দুৰ্গতি,বিপদ-বিঘিনি আদিৰপৰা যিয়ে ৰক্ষা কৰি থাকে তেৱেঁই দুৰ্গা।দুৰ্গা দেৱীৰ উৎপত্তি হৈছিল অত্যাচাৰী অসুৰ শক্তিক নিধন কৰাৰ উদ্দেশ্যে।দুৰ্গাই প্ৰবল প্ৰতাপী মহিষাসুৰক বধ কৰাৰ বাবে তেওঁৰ অন্য নাম মহিষমৰ্দিনী।চণ্ডীত বৰ্ণিত আখ্যান মতে প্ৰাচীন কালত দেৱতা আৰু অসুৰৰ মাজত হোৱা এশ বছৰীয়া ৰণত অসুৰৰ হাতত দেৱতাসকল পৰাস্ত হৈ স্বৰ্গচ্যুত হোৱাত নিজৰ হেৰোৱা ৰাজ্য উদ্ধাৰৰ নিমিত্তে ব্ৰহ্মাৰ নেতৃত্বত দেৱতাসকলৰ এটা প্ৰতিনিধি দলে বিষ্ণু আৰু শিৱৰ ওচৰত উপায় বিচাৰিলে।এই কথা শুনি বিষ্ণু আৰু শিৱ ক্ৰোধান্বিত হোৱাত তেওঁৰ মুখৰপৰা তেজ ওলাবলৈ ধৰিলে।বিষ্ণু-শিৱ আৰু ব্ৰহ্মাৰ তেজ আৰু দেৱতাসকলৰ তেজ লগ লাগি এটি নাৰী মূৰ্তিৰ ৰূপ ল'লে।শিৱৰ তেজেৰে মুখ,যমৰ তেজেৰে চুলি,বিষ্ণুৰ তেজেৰে দুই বাহু,ব্ৰহ্মাৰ তেজেৰে দুই ভৰি,ইন্দ্ৰৰ তেজেৰে শৰীৰৰ মাজভাগ আৰু অগ্নিৰ তেজেৰে দেৱীৰ তিনিটা চকুৰ সৃষ্টি হ'ল।এইদৰেই অৱশেষত দুৰ্গা দেৱীৰ পূৰ্ণ ৰূপৰ উৎপত্তি হ'ল।
পিতৃ-মাতৃৰ সন্মিলিত শক্তিৰদ্বাৰা যেনেকৈ সন্তানৰ জন্ম হয়,ঠিক তেনেকৈ দেৱতাসকলৰ সন্মিলিত তেজপুঞ্জৰপৰা দেৱী দুৰ্গাৰ জন্ম হ'ল,মহিষাসুৰ বধৰ বাবে।শিৱই তেওঁৰ ত্ৰিশূলৰপৰা ঠিক তেনেধৰণৰ অন্য এপাট ত্ৰিশূল সৃষ্টি কৰি দেৱীক প্ৰদান কৰিলে।বিষ্ণুৱে চক্ৰ,বৰুণে পাশ আৰু শংখ,অগ্নিয়ে শক্তি,বায়ুৱে ধনু ,ইন্দ্ৰই বস্ত্ৰ আৰু ঐৰাৱত দিলে।ব্ৰহ্মাই কমণ্ডলু আৰু ৰুদ্ৰাক্ষৰ মালা।বিশ্বকৰ্মাই যুদ্ধৰ কাৰণে এখন তীক্ষ্ণ কুঠাৰ সাজি দিলে।হিমালয় পৰ্বতে তেওঁৰ বাহন হিচাপে সিংহ অৰ্পণ কৰিলে।এইদৰে সকলো দেৱতাৰপৰা বস্ত্ৰ,অস্ত্ৰ-শস্ত্ৰ লৈ দেৱীয়ে তৰ্জন-গৰ্জন কৰি মহিষাসুৰৰ সকলো সৈন্য নিধন কৰিবলৈ ধৰিলে।শেষত কুবেৰৰপৰা পোৱা সদা পূৰ্ণ সুৰা পাত্ৰৰপৰা সুৰাপান কৰি নতুন শক্তি আহৰণ কৰি মহিষাসুৰক বধ কৰিলে।মহিষাসুৰৰ তাৎপর্য বেলেগ হ'লেও,মহিষাসুৰক বধ কৰা দুৰ্গা দেৱীৰ মহিষমৰ্দিনী ৰূপটোৱেই জগতত সৰ্বাধিক প্ৰসিদ্ধ।শৰৎকালৰ দুৰ্গা পূজাতো দেৱীৰ এই ৰূপটোৱেই স্পষ্ট হয়।
প্ৰাচীন কালত ভাৰতবৰ্ষত বৰ্তমানৰ দৰে মাটিৰ প্ৰতিমা সাজি পূজা কৰাৰ নিয়ম নাছিল।সেই সময়ত ভাৰতত জনসাধাৰণে শৰৎকালত নবিধ উদ্ভিদ--কলগছ,বেল,ডালিম,অশোক,কচু,হালধি,মানকচু,আৰু জয়ন্তী গছৰ ডাল একেলগ কৰি অপৰাজিতাৰ লতাৰে বান্ধি কাপোৰ পিন্ধাই ওৰণি দি নাৰীৰ আকৃতি কৰিছিল আৰু তাকে জীৱনদায়িনী দেৱী দুৰ্গাৰ প্ৰতীক হিচাপে নিজৰ আৰু দেশৰ মংগলৰ বাবে পূজা-অৰ্চনা কৰিছিল।নবিধ উদ্ভিদেৰে প্ৰস্তুত কৰা দেৱী দুৰ্গাৰ এই প্ৰতীকক নৱ-পত্ৰিকা বোলা হয়।সময়ৰ লগে লগে মানুহৰ চিন্তা-চৰ্চা আৰু ৰুচিবোধৰো সলনি হ'বলৈ ধৰিলে।মানুহে দুৰ্গা পূজাৰ ক্ষেত্ৰতো এক পৰিৱৰ্তনৰ সূচনা কৰিলে।দেৱী দুৰ্গাৰ মাটিৰ প্ৰতিমা সাজি মানুহে জাকজমকতাৰে পূজা কৰিবলৈ আৰম্ভ কৰিলে।এই নিয়ম প্ৰথম বংগদেশতেই আৰম্ভ হৈছিল।
মানৱ সমাজত আধুনিকতাৰ পৰশ পৰাৰ লগে লগে সকলো দিশতে পৰিৱৰ্তন হ'বলৈ ধৰিলে।দুৰ্গা পূজাতো আধুনিকতাৰ বাবে কিছুমান নেতিবাচক প্ৰভাৱ পৰিবলৈ ধৰিলে।বৰ্তমান দুৰ্গা পূজা আয়োজন কৰোঁতে আধ্যাত্মিক দিশতকৈ জাকজমকতা আৰু বাহ্যিকতাতহে বেছি গুৰুত্ব দিয়া দেখা যায়।এতিয়া পূজা মণ্ডপসমূহ অত্যাধুনিক আৰু নিত্য নতুন আকৰ্ষণেৰে সজাই তুলি মানুহক কেনেকৈ আকৰ্ষিত কৰিব পাৰি,তাৰেই যেন অঘোষিত প্রতিযোগিতা চলে।সুন্দৰ আৰু আকৰ্ষণীয় পূজা মণ্ডপ সজাবলৈ কিছুমান উদ্যোক্তাই বাহিৰৰপৰা কাৰিকৰ আনে।তাৰ বাবে কাৰিকৰসকলক মোটা অংকৰ ধন আদায় দিব লাগে।পূজাৰ মণ্ডপ সজোৱাৰ বাবদ কিমান খৰচ হয়,সেয়া উদ্যোক্তাসকলৰ চিন্তাৰ বিষয় নহয়।মাথোন মানুহক আকৰ্ষিত কৰিব পৰাকৈ এখন অত্যাধুনিক জাকজমকীয়া পূজা মণ্ডপ সজাই তোলাহে তেওঁলোকৰ প্ৰধান উদ্দেশ্য।
সময়ৰ সোঁতত অতীতৰ দুৰ্গা পূজাৰ ছবিখন সলনি হ'ল।তাহানিৰ মানুহে নিজৰ আৰু দেশৰ মংগলৰ বাবে ভক্তিভাবেৰে দুৰ্গা দেৱীক আৰাধনা কৰিছিল।কিন্তু বৰ্তমানৰ মানুহ পূজা চাবলৈহে যায় দুৰ্গা দেৱীক আৰাধনা কৰিবলৈ নাযায়।আজিকালি সহৰ সংখ্যক পূজাথলী বাহ্যিক আড়ম্বৰেৰে যেনে-বৈদ্যুতিক কলা-কৌশল আদিৰে সজ্জিত হৈছে।ফলত দুৰ্গা পূজাৰ জাকজমকতাৰ প্ৰতিহে মানুহ বেছিকৈ আকৰ্ষিত হৈছে।ইয়াৰ উপৰিও ক্ষমতা আৰু ভোগ বিলাসৰ লালসাত অন্ধ হৈ বেছিসংখ্যক লোকেই দুৰ্গা পূজাৰ নামত দুৰ্নীতিত লিপ্ত হৈছে।মানুহ তথা সমাজৰ দুখ-দুৰ্গতি নাশৰ বাবে অনুষ্ঠিত কৰা দুৰ্গা পূজাত প্ৰকৃততে অপায়-অমংগল বিনাশৰ বাবে সকলোৱে অনাড়ম্বৰভাৱে পূজা পাতি ভক্তিভাবেৰে দেৱী দুৰ্গাক পূজা-অৰ্চনা কৰাটোহে মংগলজনক আৰু যুক্তিসংগত হ'ব।এনে কৰিলে সমাজৰ লগতে দুৰ্গা পূজাৰ প্ৰাচীন ঐতিহ্যও ৰক্ষিত হ'ব।
আটাইলৈ পোহৰৰ উৎসৱ দিপাৱলী আৰু কালী পূজাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।দিপাৱলীৰ পোহৰে সকলোৰে দেহ-মন পোহৰাই তোলক।দেৱালীৰ দিনা সকলোৱে সুন্দৰ সাজ পিন্ধি ঘৰৰ ভিতৰে বাহিৰে মিঠাতেলৰ মাটিৰ চাকি,মম,আলোকসজ্জাৰে আলোকিত কৰে।ইয়াৰ লগতে বোমা-ফটকা ফুটাই আনন্দ কৰা দেৱালীৰ অন্যতম বৈশিষ্ট্য।দ্বীপান্বিতাৰ সময়ত ওচৰ-চুবুৰীয়া আৰু সম্পৰ্কীয় সকললৈ মিঠাই আৰু উপহাৰ আদান-প্ৰদানৰো নিয়ম আছে।দেৱালী সমগ্ৰ দক্ষিণ এছিয়াত উলহ-মালহৰে উদযাপন কৰাৰ লগতে গোটেই বিশ্বতে ভাৰতীয় মূলৰ মানুহৰ মাজত বিশেষভাৱে জনপ্ৰিয়। দক্ষিণ এছিয়াৰপৰা উৎপত্তি হোৱা পৌৰাণিক সংস্কৃত গ্ৰন্থসমূহত পাঁচ দিনীয়া দিপাৱলী উৎসৱৰ উল্লেখ পোৱা যায়।ভাৰতৰ ভিন-ভিন অঞ্চলত এই উৎসৱ ভিন ভিন নামেৰে জনা যায়।ইয়াৰ লগতে দেৱালীৰ লগত সম্পৰ্কীয় নীতি-নিয়ম সমূহো অলপ বেলেগ বেলেগ।দেৱালী দুৰ্গা পূজাৰ দশমী তিথিৰ ১৮ দিনৰ পিছত অনুষ্ঠিত হয়।দেৱালী ধনতেৰাচৰ দিনাৰ পৰা আৰম্ভ হয়।ইয়াৰ দ্বিতীয় দিনটোক 'নৰক চতুৰ্দশী' বোলা হয়।দক্ষিণ ভাৰতত এই দিনটোকে মূল দেৱালী বুলি পালন কৰা হয়।পশ্চিম,পূব আৰু উত্তৰ ভাৰতত তৃতীয় দিনা মূল দেৱালী অনুষ্ঠিত হয়।এই দিনা পশ্চিম আৰু উত্তৰ ভাৰতত লক্ষ্মী পূজা আৰু পূব ভাৰতত কালী পূজা অনুষ্ঠিত হয়।চতুৰ্থ দিনা গোবৰ্ধন পূজা অনুষ্ঠিত হয় আৰু পঞ্চম দিনা ভাতৃ দ্বিতীয়াৰে দেৱালী উৎসৱৰ সামৰণি পৰে।
ৰামায়ণত উল্লেখ থকা অনুসৰি ৰাক্ষস ৰজা লংকাধিপতি ৰাৱণক বধ কৰি ৰামচন্দ্ৰ যেতিয়া সীতা আৰু ভাতৃ লক্ষ্মণৰ সৈতে অযোধ্যালৈ উভতি আহিছিল তেতিয়া অযোধ্যাবাসীয়ে আনন্দ-উল্লাসত পদূলিয়ে পদূলিয়ে চাকি জ্বলাই তেওঁলোকক আদৰণি জনাইছিল।আৰু তেতিয়াৰে পৰা সেই দিনটোত দীপাৱলী পালন কৰা হৈ আহিছে।
দেশৰ অধিকাংশ লোকেই দীপাৱলী উদযাপনত ব্যস্ত থাকিব।কিন্তু তাৰ মাজতে এই আনন্দ-উল্লাসৰ সময়ছোৱাত একাংশই নিজৰ মাক-দেউতাক পৰিয়ালৰ পৰা দূৰত থাকিব।সীমান্তত থিয় হৈ দেশৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ স্বাৰ্থত জোৱানসকলে দীপাৱলীত নিজৰ ঘৰৰ পদূলিত চাকি-বন্তি জ্বলাবলৈ নাপাব।সীমান্তত সুৰক্ষা সুনিশ্চিত কৰা জোৱানসকলৰ বাবেই আমি শান্তিৰে নিজৰ ঘৰত উদযাপন কৰিব পাৰিম এই পোহৰৰ উৎসৱ।কিন্তু তেওঁলোকৰ হৃদয়ৰ এচুকত থাকিব সেনা বাহিনীত যোগদান কৰাৰ পূৰ্বে ঘৰত কৰা দীপাৱলীৰ হৰ্ষৰ স্মৃতিবোৰহে।
আগতে দিপাৱলীত মানুহে ঔ-টেঙাৰ বাকলিটোত ধুনীয়াকৈ মিঠাতেল দি শলিতা দিছিল।নাৰিকলৰ কোৰোকাটো সুন্দৰকৈ গোল গোলকৈ টুকুৰাটুকুৰ কৰি কাটি তাতো শলিতা দিয়া দেখিবলৈ পোৱা গৈছিল।এই সময়বোৰ যে বহুত বেছিয়েই ভাললগা আছিল আৰু পৰিৱেশ একেবাৰেই বিনষ্ট হোৱা নাছিল।কিন্তু সময় পৰিৱৰ্তনশীল হোৱাৰ লগে লগে জনসাধাৰণে পৰিৱেশ প্ৰদূষণ কৰিব ধৰিছে।আগৰ সময়ত আতচবাজী নাছিল এতিয়া এই ব'মা,ফটকা ফুটাই মানুহে শব্দ প্ৰদূষণ কৰে।যাৰ ফলত মানুহৰ লগতে জীৱ-জন্তু,
চৰাই-চিৰিকতিৰো অনিষ্ট সাধন হয়।দীপাৱলী যিহেতু পোহৰৰ উৎসৱ সেয়ে আমি আমাৰ ঘৰখন পোহৰাই তুলিবলৈ চেষ্টা কৰোঁ মিঠাতেলৰ চাকিৰে আৰু ৰং-বিৰঙৰ আটকধুনীয়া লাইটেৰে।
এনেদৰেই যেন এইবাৰৰ দীপাৱলী সুখ-দুখৰ মাজত দেশবাসীয়ে পালন কৰিব।দীপাৱলীৰ পোহৰ আৰু আনন্দই আমাৰ জীৱন অধিক উজ্বলাই তুলিব।আন্তৰিকতাৰে ইজনে সিজনক জনাওক দীপাৱলীৰ শুভেচ্ছা।আশাকৰো এই পোহৰৰ উৎসৱে সকলোৰে মনৰ দুখ-বেদনা আঁতৰাই সুখেৰে জীৱন জীপাল কৰক।
তাৰেই কামনাৰে আৰু অযুত স্নেহেৰে,
সম্পাদিকা
শব্দচিত্ৰ-জীৱন জিজ্ঞাসা
(তৃতীয় বৰ্ষ, চতুৰ্থ সংখ্যা)