অসমীয়া শিশু-সাহিত্যৰ মহাৰথী মৌচাক মামা শান্তনু তামুূলী-গোবিন কুমাৰ খাউণ্ড

মুখ আৰু মূৰত উ-কাৰ হয়নে ঊ-কাৰ হয় সেই কথাটোত মোৰ  কেতিয়াবা খেলিমেলি লাগিছিল।সেই খেলিমেলি এক নিমিষতে দূৰ হৈছিল ‘যাদু সম্ৰাট’ এম হুছেইনৰ পৰম বন্ধু  ‘মৌচাক মামা’ শান্তনু তামূলী ছাৰে কোৱা এক  যাদুকৰী কথাত।ছাৰে কৈছিল,

“মানুহে মুখখন পৰাপক্ষত বন্ধ কৰি থʼব লাগে বাবে  ‘মুখ’ত উ-কাৰ আৰু মূৰটো সদায় খুলি থʼব লাগে কাৰণেই ‘মূৰ’ত ঊ-কাৰ দিব লাগে।” 

কথাষাৰে মোৰ মনত গভীৰভাৱে ৰেখাপাত কৰিছিল। শব্দৰ ব্যৱহাৰত অতিকৈ কৃপণ ডক্টৰ প্ৰমোদ চন্দ্ৰ তামূলী নামৰ শিশু মনৰ বিজ্ঞানীজনে শিশু-কিশোৰক শব্দ, চিন্তা আৰু অনন্ত কৌতূহলৰ এখন দুৱাৰ মুকলি কৰি দিয়াৰ মানসেৰে এদিন শান্তনু তামূলী হৈ আৰম্ভ কৰিছিল (১৯৮৪ ) মাহেকীয়া শিশু আলোচনী ‘মৌচাক’ আৰু  অকণিহঁতৰ বিজ্ঞান আলোচনী ‘নতুন আৱিষ্কাৰ’ (১৯৮৮)। বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়াই ‘শান্তনু তামূলীৰ শিশু-সাহিত্য ইত্যাদি’ শীৰ্ষক গ্ৰন্থখনত লিখিছে,

“তেওঁ চাকৰি কৰাৰ উপৰি লিখা-মেলা কৰিবলৈ এটি নাম গ্ৰহণ কৰিলে, ঘৰত মতা নাম ‘তনু’ক ‘শান্তনু’ কৰি লʼলে।তেওঁ যে কেৱল শিশু-সাহিত্যৰ প্ৰতিয়েই আগ্ৰহান্বিত এনে নহয়,অসমীয়া ভাষা সাহিত্যৰ স্বাৰ্থৰ হকে কাম কৰা আৰু মাত মতাটো তেওঁ দায়িত্বৰূপে গ্ৰহণ কৰি আহিছে।মনৰ মাজত এটা গভীৰ দেশপ্ৰেমৰ ভাব নাথাকিলে এনে কৰাটো সম্ভৱ নহয়।”

জীৱনৰ জ্যোতিময় প্ৰভাৰে একক হাজাৰ কৰাৰ সপোন লৈ জন্ম দিয়া ‘মৌচাক’আৰু ‘নতুন আবিষ্কাৰ’ পঢ়িয়েই অসমৰ বহু সাহিত্যিক এতিয়া সুপ্ৰতিষ্ঠিত। ‘মৌচাক’ৰ  ডঁৰিয়লি যাত্ৰা অসমীয়া শিশু-সাহিত্যৰ বাবে এক সোণালী অধ্যায়।কবি, সাহিত্যিক ডক্টৰ কৰবী ডেকা হাজৰিকাই সঠিকভাৱেই  উল্লেখিত গ্ৰন্থখনত লিখিছে…

 “….’মৌচাক’ৰপৰা ওলাই অহা লেখকেৰে অসম ভৰি আছে।”

১৯৪৮ চনৰ ১ মার্চত  গোলাঘাটত জন্ম গ্ৰহণ কৰা তামূলীয়ে গুৱাহাটীৰ প্রাগজ্যোতিষ মহাবিদ্যালয়ৰপৰা বিজ্ঞানৰ স্নাতক,গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভূতত্ত্ব বিভাগত স্নাতকোত্তৰ ডিগ্রী,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা পেট্রলিয়াম টেকন’ল’জিত স্নাতকোত্তৰ ডিপ্লমা, ইন্দিৰাগান্ধী ৰাষ্ট্রীয় মুক্ত বিশ্ববিদ্যালয়ৰ পৰা গণমাধ্যম বিভাগত  স্নাতকোত্তৰ ডিপ্লমা  আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ পৰা Managment of Scientific Research at RRI, Jorhat-A case study’ বিষয়ত PhD লাভ কৰে। গুৱাহাটীৰ পথ গবেষণাগাৰ প্রতিষ্ঠানত কর্মজীৱন আৰম্ভ কৰি অসম চৰকাৰৰ ভূতত্ত্ব আৰু খনি বিভাগত ভূতত্ত্ববিদ হিচাপে সেৱা আগবঢ়াই ১৯৭৫ চনত যোৰহাট আঞ্চলিক গৱেষণাগাৰত যোগদান কৰি  ২০০৮ চনত সঞ্চালক পদৰ বিজ্ঞানীৰূপে অৱসৰ গ্ৰহণ কৰে।চমু অৰ্থত এক বৈচিত্ৰ্যময় জীৱন পৰিক্ৰমা প্ৰমোদ চন্দ্ৰ তামূলী ওৰফে শান্তনু তামূলী নামৰ ৰহস্যময় সাহিত্যিকজনৰ।সেয়ে হয়তো সাহিত্যিক প্ৰফুল্ল চন্দ্ৰ বৰাই  ‘এজন মিছনেৰী,এজাক শিশু, এটা অভিযান’ শীৰ্ষক লেখাত লিখিছিল……

“তেওঁৰ সপোনৰ অন্ত নাই, সেই কথা সদায়ে দেখি আহিছোঁ। এই কথাও অনুভৱ কৰোঁ তেওঁ সপোনৰ বাস্তৱৰ ৰূপকাৰ।”

২০০১ চনত নিৰ্মিত ব’হাগ নাচনী নামৰ  বিহুনামৰ ভিডিঅ’ চিডিখনে সেই সময়ত একপ্ৰকাৰ খলকনি তুলিছিল।ভাবিলে আচৰিত লাগে বিহুৰ চিডি কৰা তেওঁৱেই  আছিল প্ৰথমজন পৰিচালক।তামূলীৰ উদ্যোগতে অসমৰ প্ৰথমটো দেউৰী গীতৰ অডিঅ’ চিডি ‘চ্ছিঁবা চাজেবা’ নিৰ্মাণ হৈছিল। বিস্ময় প্ৰতিভাৰ অধিকাৰী শান্তনু তামূলী যে ‘বিস্ময়’ আলোচনীৰো জন্ম কালৰ সহযাত্ৰী আছিল,সেই কথা আমি বহুতেই নাজানো।সম্পাদক শশী ফুকনৰ ভাষাত…….

“…….বিস্ময়ৰ জন্মৰ সময়তো শান্তনুৰ অৰিহণা প্ৰচুৰ আছিল।….”

জীৱন সৌন্দৰ্যৰ সন্ধান লাভ কৰিছিল তেওঁ বৰ কাঠনি চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত।ঢেকীয়াল হাইস্কুলত নামভৰ্তি কৰাৰ পাছত যষ্ঠ শ্রেণীত হাতেলিখা আলোচনী ‘আলোক’ৰ সম্পাদনাৰে আৰম্ভ হৈছিল তেওঁৰ সাহিত্যিক জীৱনৰ গৌৰৱময় যাত্ৰা। বিদ্যালয়ৰ আলোচনী ‘প্রৱাহ’ৰ পৰা আৰম্ভ কৰি  ‘ত্রিশূল’, ‘ভূমিকা’ আলোচনী সম্পাদনা কৰি ‘মৌচাক’ আৰু ‘নতুন আবিষ্কাৰ’ক আজিও লালন-পালন কৰি আহিছে দুই সন্তানৰ দৰে। জোন আৰু জোনলৈ, সৰীসৃপ,  বিজ্ঞানৰ মেজিক, ফটোগ্রাফি, মানী বাণী আৰু এখন ফুলনি, ইলেকট্রনিক নামৰ ল’ৰাটো, আকাশ-মহাকাশ , মজাৰ সাঁথৰ,আবৃত্তি,  ভ্রমণ সাহিত্য ক্ৰমে টকিঅ’ত তেৰদিন, কলম্বোত ৭ দিন,কোনে কি কেনেকৈ উদ্ভাৱন কৰিছিল,  বনত ৰঙৰ মেলা, বুবু-বুলবুলিৰ ফুলনি, সর্বোত্তম, জানানে আদিৰ দৰে গ্ৰন্থৰ যোগেদি মৌচাক মামাই শিশু-সাহিত্যৰ জগতখন সমৃদ্ধ কৰি আহিছে।সেইদৰে  অনুবাদ সাহিত্যৰ যোগেদি অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰি তোলা অনিসন্ধিৎসু মনৰ মৌচাক মামাই  মহাকাশৰ তাৰকা, ভাৰতৰ বিপন্ন প্রাণী আৰু সিহঁতৰ সংৰক্ষণ (১৯৯৭), মোৰ ৰবট ৰ’ব্বি, গ্রহযুদ্ধ , www. ঘনজংঘল.কম,ধূমকেতুত উঠি মাষ্টাৰ অৱ দা ৱৰ্ল্ডৰ সোৱাদ দিছে অসমীয়া পাঠকক। 

অসমৰ বনৌষধি, কল্পবিজ্ঞানৰ গল্প সংকলন ‘মায়ামৃগ’ এখন বহু পঠিত গ্ৰন্থ। বনৌষধি- মহৌষধি, অসমীয়া শিশু-সাহিত্য সমীক্ষা, সংকলিত গ্ৰন্থ ‘পৃথিৱী আমাৰ ঘৰ’, ‘নির্বাচিত সাধুকথা’ সাহিত্য অকাদেমিয়ে প্রকাশ কৰা ‘অসমীয়া শিশু-সাহিত্যৰ নিৰ্বাচিত চুটিগল্প’ , ‘অসমীয়া কল্পবিজ্ঞান গল্প- সংকলন’ , আৰু ‘নির্বাচিত অসমীয়া শিশুনাট’ আদি উল্লেখযোগ্য সংযোজন। সাহিত্য অকাদেমিয়ে ‘অসমীয়া কল্পবিজ্ঞান গল্প-সংকলন’খন ‘Homo Minuscula’  নামেৰে ইংৰাজীলৈ অনুবাদ কৰি প্রকাশ কৰাটো অসমীয়া সাহিত্যৰ বাবে এক গৌৰৱৰ কথা। সংকলনখন ইংৰাজীলৈ অনুবাদ কৰিছে বিশিষ্ট অনুবাদক অমৃতজ্যোতি মহন্তই। ‘অসমীয়া শিশু-সাহিত্যৰ নির্বাচিত চুটিগল্প’ সংকলনখন সাহিত্য অকাডেমিয়ে ‘Selected Short Stories from Assamese Children’s Literature’  নামেৰে ইংৰাজী অনুবাদ প্রকাশ কৰিছে। ঔপন্যাসিক জয়ন্ত মাধৱ বৰাই ‘শান্তনু তামূলীৰ শিশু উপন্যাস সমগ্র’ নামেৰে প্ৰকাশ কৰা মৌলিক আৰু অনূদিত সাতখন উপন্যাসৰ সংকলনটিও লেখত ল’বলগীয়া।তামূলীৰ সম্পাদনাত প্ৰকাশিত ”কিৰণ তামূলীৰ শিশু-সাহিত্য” শীৰ্ষক গ্ৰন্থখনিও এখন উচ্চ মানৰ গ্ৰন্থ বুলি বিবেচিত হৈছে। লেখক প্রশান্ত কুমাৰ মহন্তই ‘শান্তনু তামূলীৰ শিশু-সাহিত্য ইত্যাদি’  নামেৰে বিভিন্ন লেখক-সমালোচকৰ প্ৰবন্ধ আৰু সাক্ষাৎকাৰৰ এখন সুবৃহৎ সংকলন প্রকাশ কৰিছে। গ্ৰন্থখনত তামূলীৰ জীৱন পৰিক্ৰমাৰ লগতে সাহিত্যিক আৰু সম্পাদক জীৱনৰ অনেক বিচিত্ৰ কথাই ভুমুকি মাৰিছে। ৮০০ পৃষ্ঠাৰ সুবৃহৎ গ্ৰন্থখনিত ১১০ গৰাকী ভিন্ন ক্ষেত্ৰৰ লেখক-লেখিকাই তামূলীৰ জীৱন বীক্ষা আলোকপাত কৰিছে।

নেশ্যনেল বুক ট্রাষ্ট, ইণ্ডিয়াই প্রকাশ কৰা তামূলীৰ ইংৰাজী ভাষাৰ শিশু-সাহিত্য Joy in the Jungle আৰু Bubu-Bulbuli’s Garden ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ অন্তৰ্গত সমগ্র দেশৰ বিদ্যালয়সমূহত ছাত্র-ছাত্রীৰ বাবে অতিৰিক্ত পাঠ্যৰূপে স্বীকৃত।গ্ৰন্থ দুখনৰ বিষয়ে আলোকপাত কৰি লেখিকা ববিতা শৰ্মাই এয়া অসমীয়া লেখক এগৰাকীৰ বাবে বিৰল স্বীকৃতি বুলি মতপোষণ কৰিছে। 

২০১৩-১৭ বৰ্ষৰ সাহিত্য অকাদেমিৰ অসমীয়া ভাষা উপদেষ্টা সমিতিৰ সদস্য হিচাপে দায়িত্বশীলতাৰে কাম কৰা তামূলীয়ে ২০০৯ চনৰপৰা ‘ইউনিচেফ’, অসমৰ শৈক্ষিক আঁচনি ৰূপায়ণৰ স্বীকৃতিপ্রাপ্ত স্বেচ্ছাসেৱী অনুষ্ঠান ‘হেৰিটেজ আছাম’ৰ সভাপতিৰ দায়িত্ব পালন কৰি আহিছে। ২০০০ চনত নেশ্যনেল বুক ট্রাষ্টৰ সহযোগত অসমৰ প্রতিষ্ঠিত কুৰি গৰাকী লেখকক লৈ ৮-১১ বছৰ বয়সৰ শিশুৰ উপযোগী পাণ্ডুলিপি প্রণয়নৰ এখন কৰ্মশালাৰ আয়োজন কৰা হৈছিল আৰু উক্ত কর্মশালাত প্রস্তুত কৰা আঠখন পাণ্ডুলিপি নেশ্যনেল বুক ট্রাষ্টে  কিতাপ আকাৰে প্রকাশ কৰে।কেউখন অসমীয়া শিশু-সাহিত্য ইতিমধ্যে ভাৰতীয় বিভিন্ন ভাষালৈ অনুবাদ হৈছে। ২০০৮ চনত  নেশ্যনেল বুক ট্রাষ্টৰ সহযোগত কুৰি গৰাকী প্রতিষ্ঠিত লেখকক লৈ ৬-৮ বছৰৰ শিশুৰ উপযোগী পাণ্ডুলিপি প্রণয়নৰ উদ্দেশ্যেৰে এখন কর্মশালাৰ আয়োজন কৰা হৈছিল তামূলীৰ উদ্যোগতে।কর্মশালাত ২৫ খন পাণ্ডুলিপি প্রকাশৰ বাবে গ্রহণ কৰা হয় আৰু পাঁচখন শিশু-সাহিত্য প্রকাশ পাইছে। ২০২৩ চনৰ  নেশ্যনেল বুক ট্রাষ্ট, ইণ্ডিয়াই শিশু আলোচনী ‘মৌচাক’ৰ সহযোগিতাত  অসমৰ ৫০ গৰাকী লেখকক লৈ এখন অনুবাদ কর্মশালাৰ আয়োজন কৰিছিল। কর্মশালাত নেশ্যনেল বুক ট্রাষ্ট, ইণ্ডিয়াই প্রকাশ কৰা ইংৰাজী, হিন্দী আৰু বাংলা ভাষাৰ ১৫০ খন শিশু-সাহিত্য অসমীয়ালৈ অনুবাদ কৰা হয়। ইতিমধ্যে ৯০ খন গ্রন্থ প্রকাশ কৰি উলিয়াইছে। সেইদৰে ২০২৪ বৰ্ষতো  ‘মৌচাক’ৰ সহযোগত নেশ্যনেল বুক ট্রাষ্ট, ইণ্ডিয়াই আয়োজন কৰে আন এখন অনুবাদ কৰ্মশালাৰ। এই কৰ্মশালাবোৰৰ যোগেদি শিশুৰ সুন্দৰ ভবিষ্যতৰ বাবে তামূলীৰ যি  সমৰ্পিত মন,তাকেই প্ৰকাশ পাই আহিছে ভিন্নৰূপত।

২০০৯ চনৰ পৰা ২০১৭ চনলৈকে অনুষ্ঠিত হৈ অহা ইউনিচেফৰ সহযোগত যোৰহাট আৰু ডিব্ৰুগড় জিলাৰ সৰ্বমুঠ এশখন চাহ বাগিচা অঞ্চলৰ প্রায় ১০,০০০ শিশুৰ মাতৃভাষা আৰু বিদ্যালয়ৰ ভাষাৰ ব্যুৎপত্তিৰ হকে কাম কৰি অহা স্বেচ্ছাসেৱী অনুষ্ঠান ‘হেৰিটেজ অসম’ৰ সভাপতি হিচাপে দায়িত্ব বহন কৰি আহিছে।

২০১০ চনত অসমীয়া শিশু-সাহিত্য বঁটাৰে সন্মানিত হোৱা তামূলীয়ে পূণ্য বৰা স্মাৰক শিশু সাহিত্য বঁটা, মাধৱ কন্দলি শিশু সাহিত্য বঁটা আৰু যোৰহাট জিলা সাহিত্য সভাই আগবঢ়োৱা ‘যোৰহাট ৰত্ন’ সন্মানেৰে সন্মানিত হোৱা উপৰি  ৰাষ্ট্ৰীয় বঁটাৰেও সন্মানিত হৈছে।   ‘মৌচাক’ আৰু ‘নতুন আবিষ্কাৰ’ৰ অতি ক্ষুদ্ৰ পৰিয়ালটোৱে কʼভিড কালীন সময়তো আলোচনী দুখন জীয়াই ৰখাৰ বাবে যিমানখিনি ত্যাগ কৰিছিল ভাবিলে আচৰিত লাগে।কথাৰ থুনপাকস্বৰূপ সৰল মনৰ শান্তনু তামূলীৰ আছে এক নিজস্ব দৰ্শন।সেই দৰ্শন মানৱীয় প্ৰমূল্যৰে ভৰপূৰ আৰু শিশু মনৰ সেউজীয়াৰে তজবজীয়া। আমাৰ আশা অসমীয়া শিশু-সাহিত্যৰ মহাৰথীস্বৰূপ ‘মৌচাক মামা’ এদিন পদ্মশ্ৰী শান্তনু তামূলী অভিধাৰে বিভূষিত হʼব।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *