আইচফিল্ড পাৰ্কৱে আৰু জেচপাৰ ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ সপোন যেন যাত্ৰা-ৰঞ্জনা দত্ত

কেনাডাৰ ব্ৰিটিছ কলম্বিয়া আৰু আলবাৰ্টা প্ৰদেশৰ উপৰিও আমেৰিকাৰ পশ্চিম দিশৰ ইডাহো,মন্টানা, কলৰাডো হৈ একেবাৰে নিউ মেক্সিকোলৈকে ৪৮০০ কিলোমিটাৰ জুৰি বিস্তৃত হৈ থকা ৰকি পৰ্বতমালা ভ্ৰমণকাৰীসকলৰ বাবে স্বৰ্গ বুলি অভিহিত কৰা হয়।এই পৰ্বতমালাতেই আছে ১২,০০০ ফুটতকৈও ওখ প্ৰায় ষাঠিতা বৰফাবৃত পৰ্বত শৃঙ্গ আৰু ইয়াৰ চাৰিওকাষে ঠায়ে ঠায়ে সৃষ্টি হোৱা অপূৰ্ব সুন্দৰ টাৰকুইছ নীলা পানীৰ সৰোবৰ আৰু নদী,ঘন সেউজীয়া অৰণ্য আৰু বিভিন্ন আকৃতিৰ সৰু ডাঙৰ অসংখ্য পাহাৰ চূড়াৰ শেষ নোহোৱা শাৰীবোৰ।এইবোৰৰ মাজে মাজে বহল নিমজ হাইৱে আৰু ইয়াৰ দুয়োকাষৰ অৰণ্য আৰু শিলৰ পাহাৰ বোৰত থকা বিৰল পৰ্বতীয়া জীৱ জন্তু আৰু উদ্ভিদৰ এক বৃহৎ জৈৱ বৈচিত্ৰৰ সম্ভাৰ! 

কেনাডাৰ ৰকি পৰ্বতমালা ভ্ৰমণৰ সপোন এটাই বহুতদিন ধৰি আমনি কৰি আছিল যদিও সময় আৰু সুবিধা কৰিব পৰা নাছিলো।এই বছৰ মাৰ্চ মাহত ভেঙ্কুভাৰত থকা ছোৱালীৰ ঘৰলৈ যোৱাৰ আগতেই ছোৱালী ৰিয়া আৰু জোঁৱাই ইৰফানে ৰকি পৰ্বতমালাৰ ৯ দিনীয়া ভ্ৰমণ সূচী এটা তৈয়াৰ কৰি থৈছিল।সিহঁতৰ নিজৰ গাড়ীত আমি দুজন আৰু দুবছৰীয়া মাইৰাৰ সতে ছোৱালী আৰু জোঁৱাই।জুন মাহৰ ৯ তাৰিখৰ পৰা ১২ তাৰিখলৈকে চাৰিদিন বেন্ফ নেচনেল পাৰ্ক আৰু য়হ’ নেছনেল পাৰ্কত কটালো।গ্লেছিয়াৰ সমৃদ্ধ পৰ্বতবোৰৰ মাজত অৱস্থিত টাৰকুইছ নীলা আৰু এমাৰেল্ড সেউজীয়া সৰোবৰবোৰৰ মাজত সপোনৰ দৰে সুন্দৰ চৰিটা দিন কটাই আমি জুন মাহৰ ১৩ তাৰিখে জেচপাৰ চহৰলৈ ৰাওনা হৈছিলো। 

বেন্ফ (Banff) চহৰৰ লেক লুইচৰপৰা জেচপাৰলৈ যোৱা ১৪৩ মাইল (২৩০ কি:মি:) বাট কেৱল কেনাডাৰেই নহয় পৃথিৱীৰ  ভিতৰতে অন্যতম সুন্দৰ যাত্ৰাপথ বুলি অভিহিত কৰা হয়।পৰ্যটকৰ মক্কা বুলি অভিহিত আইচফিল্ড পাৰ্কৱে নামেৰে বিখ্যাত এই ৯৩ নং হাইৱেটোৰ দুয়োকাষে আছে অসংখ্য সৰু ডাঙৰ জলপ্ৰপাত,টাৰকুইছ নীলা পানীৰ হ্ৰদ,বাটৰ কাষেৰে বৈ যোৱা বৰফ গলি সৃষ্টি হোৱা নীলা পানীৰ বোৱতী সুঁতি আৰু লানি নিছিগা শুভ্ৰ মুকুট পিন্ধা গ্লেছিয়াৰ সমৃদ্ধ পাহাৰবোৰ।

স্বৰ্গীয় দৃশ্যবোৰ চাই বাটত ৰৈ ৰৈ আহোঁতে পৰ্যটক সমূহৰ চাৰি ঘন্টাৰপৰা এটা দিন সম্পূৰ্ণ লাগি যায়। কেমলুপচ হৈ বেন্ফলৈ অহাৰ বাটত ৰকি পৰ্বতমালা সমূহৰ মাজে মাজে যথেষ্ট সেউজীয়া অৰণ্য দৃষ্টিগোচৰ হৈছিল যদিও আইচফিল্ড পাৰ্কৱে বুলি জনাজাত এই বাটডোখৰত বৰফে আঁক-বাঁক কৰি থোৱা ওখ শিলৰ পাহাৰ,নীলা সেউজীয়া হ্ৰদ আৰু নদীবোৰৰ বাদে সেউজীয়া গছ গছনি আগতকৈ বহুত কমেই দেখিবলৈ পাইছিলো।হাইৱেৰ কাষে কাষে বৰফ গলি সৃষ্টি হোৱা বিভিন্ন নক্সাসমৃদ্ধ ওখ লানি নিছিগা পৰ্বতবোৰ এঢলীয়াকৈ নামি আহি তল পাইছেহি।হিমবাহে লগত কঢ়িয়াই অনা সৰু ডাঙৰ শিল,মাটি,বোকা আদি তললৈ নামি অহাৰ সময়তে পৰ্বতবোৰৰ তলৰফালে নিমজ এঢলীয়া হৈ ক্ৰমান্বয়ে নামি আহি এক সুকীয়া আকৃতি তৈয়াৰ কৰিছে।মন কৰিলো সকলোবোৰ পাহাৰৰ তলৰ ছোৱাৰ গঠন একেই।পৰ্বতৰ বৰফ গলা পানীবোৰে নীলা পানীৰ নদী একোখন সৃষ্টি কৰিছে।পানীত ভাঁহি থকা বৰফ কণাই সূৰ্য্যৰ পোহৰ শোষণ কৰাৰ বাবেই এনে নীলা ৰঙৰ সৃষ্টি হয় বুলি পঢ়ি জানিবলৈ পাইছিলো।এনে এখন নীলা পানীৰ নদীৰ কাষে কাষে কিছুদূৰ আগুৱাই অহাৰ পিছত দেখিলো বাটৰ কাষত কেইবাখনো গাড়ী ৰৈ আছে।ইমানপৰে নদী বুলি ভাবি থকা এইটো ব’ নদীৰ পৰা সৃষ্টি হোৱা ব’ লেক( (Bow lake)।হিমবাহৰপৰা সৃষ্টি হোৱা নদীবোৰ বৈ আহি থাকোতে কোনোবা ঠাইত হিমবাহৰ লগত অহা মৰেইনবোৰে নদীৰ গতিপথ ৰুদ্ধ কৰি এনে একোটা প্ৰাকৃতিক হ্ৰদৰ সৃষ্টি কৰে।ওপৰত পৰিস্কাৰ ৰৌদ্ৰোজ্বল আকাশ, চাৰিওফালে বৰফে চিত্ৰাংকিত কৰি থোৱা ওখ শিলৰ পাহাৰবোৰ আৰু চিডাৰ গছৰ মাজে মাজে দেখা গাঢ় নীলা সেউজীয়া ৰঙৰ পানীৰে সতে ব’ সৰোবৰটো।কি যে মায়াময় পৃথিৱী!যেন সপোনতে ভাঁহি আছো এনে লাগিছিল।ৰিয়াই শিল বালিৰ বাট এটাৰে সৰোবৰৰ কাষলৈ নামি গৈছিল।মোকো সৰোবৰে হাত বাউল দি মাতি আছিল যদিও নামি যাবলৈ সাহস কৰিব পৰা নাছিলো।বয়স কিছু কম থাকোতেই এইবোৰ ঠাইলৈ আহিব পৰা হ’লে হাইকিং কৰি কিমান যে লুকাই থকা কুমাৰী সৌন্দৰ্য্য চাব পাৰিলোহেঁতেন।দুবছৰীয়া মাইৰা গাড়ীতে শুই আছিল। 

কিছুদূৰ আগুৱাই যোৱাৰ পিছতেই দেখিলো বৰফাবৃত পাহাৰবোৰৰ পাদদেশত থকা গছৰ তলবোৰ বৰফেৰে ঢাক খাই আছে।কিছুমান ঠাইত দেখিলো বৰফৰ মাজে মাজে জোঙা গছৰ মূৰবোৰ ওলাই আছে।গাড়ীৰপৰাই ফটো তুলিম বুলি ভাবি থাকোতেই দেখিলো ইৰফানে গাড়ীখন হাইৱেৰপৰা বাওঁফালে যোৱা বাট এটাৰে সুমুৱাই নিছে।দুয়োফালে কিছুসময় আগতে দেখা জোঙা জোঙা পাইন জাতীয় গছৰ অৰণ্য।তলবোৰ বৰফেৰে পোত গৈ আছে।ৰিয়াই ক’লে- এইবাৰ পিট’ সৰোবৰ( Peyto Lake) চাবলৈ যাম।গাড়ী পাৰ্কিঙৰ ঠাইৰ পৰা শিল পেলোৱা বাটেৰে অকাই-পকাই যোৱা বাটেৰে পাহাৰৰ ওপৰলৈ উঠি যাব লাগে।লুংলুঙীয়া বাটটোৰ দুয়োকাষে থকা পাইন জাতীয় গছৰ তলবোৰ ডাঠ বৰফৰ স্তুপেৰে ঢাক খোৱা।বৰফৰ স্তুপবোৰৰ মাজৰপৰা সৰু সৰু পাইন গছবোৰে মূৰ ডাঙি বাহিৰলৈ ওলাই আহিছে।প্ৰতিকূল অৱস্থাৰ মাজতো জীয়াই থকাৰ কি আপ্ৰাণ চেষ্টা!মাজে মাজে ৰাস্তাটো বেছ থিয়,তাতে এঢলীয়া পাহাৰৰপৰা বৰফ গলি বাগৰি অহা পানী আৰু বৰফবোৰে বাটতো বেচ পিচল কৰি পেলাইছে।প্ৰায় ১৫ মিনিট মান হাইকিঙৰ পিছত আমাৰ লক্ষ্যস্থান পালোহি।তলখন পকী কৰা ভিউ পইন্টোৰ তিনিফালে ৰেলিঙেৰে ঘেৰি থোৱা আছিল।ওপৰৰপৰা দেখা উজ্বল টাৰকুইছ নীলা সেউজীয়া ৰঙৰ পিট’( Peyto) হ্ৰদ আৰু তাৰ চাৰিওকাষৰ সৌন্দৰ্য্যই সকলো ভাগৰ নিমিষতে নাইকিয়া কৰি পেলালে।তিনিওকাষে জোঙা জোঙা বৰফাবৃত পাহাৰ শৃংখলৰ তলত এখন গাঢ় সেউজীয়া উপত্যকা আৰু তাৰ মাজত টাৰকুইছ নীলা ৰঙৰ পিট’ সৰোবৰটো। আৰু ওপৰলৈ হাইকিং কৰি গ’লে এইটো হ্ৰদৰ লগতে আৰু দুটা হ্ৰদ দেখা যায়।ৰিয়াই দেউতাকৰ সতে ওপৰলৈ উঠি গৈছিল যদিও বৰফত খোজকঢ়া জোতা নিপিন্ধা বাবে বাৰে বাৰে পিছলি পৰাত কিছুদূৰ গৈ ঘূৰি আহিল।আমি লেকৰ সৌন্দৰ্য্য উপভোগ কৰি থকাৰ সময়ত নাতিনীজনীয়ে পৰ্যটক কিছুমানে লগত লৈ অনা কুকুৰবোৰৰ পিছে পিছে দৌৰি দৌৰি চিঞৰি বাখৰি সুন্দৰকৈ সময়খিনি পাৰ কৰিলে।মই চিমেন্টেৰ  স্লেব এটুকুৰাত বহি প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰাৰ লগতে মানুহবোৰৰ আলেখলেখ চাই আছিলো। সকলোৱেই বিভিন্ন পজত ফটো তোলাত ব্যস্ত।কিছুমান আহিছে যোৰ পাতি,কিছুমানৰ আকৌ ডাঙৰ দল একোটা।ইয়াত ফটো তোলাৰ ধুনীয়া স্পটবোৰতো মানুহে ভদ্ৰতা মানি চলে।কোনোবাই ফটো তুলি থাকিলে আন মানুহ কিছু আঁতৰত ৰৈ তেওঁলোকৰ শেষ হোৱালৈ অপেক্ষা কৰি থাকে।দৰকাৰ হ’লে তাতো লাইন দিয়ে। কথাই কথাই ‘এক্সকিউজ মি’ বা ‘ চৰি’ আদি থাকেই। এইবোৰ  সৌজন্যতাবোধ নথকা মানুহ ভাৰতীয় বা চাইনিজ পৰ্যটকবোৰৰ মাজতহে দুবাৰমান দেখিবলৈ পালো।লেক লুইচত ভাৰতীয় মহিলা এগৰাকীয়ে আমি ফটো তুলি থকা অৱস্থাতে সেই ঠাইত নিজৰ ফটো তুলিবলৈ মাজত সোমাই দিয়াত আমি ফটো নোতোলাকৈ সেই ঠাই ত্যাগ কৰিব লগা হৈছিল।এই ধৰণৰ আচৰণে দেশখনৰ কথা বেয়াকৈ প্ৰতিফলিত কৰে। 

পাৰ্কিঙলৈ উভটি অহা সময়ত বৰফে পিছল কৰি থোৱা তললৈ নামি অহা বাটটোত কেইবাবাৰো পিছলি পৰিব খুজিছিলো।অকণমানি মাইৰাই ইতিমধ্যে বৰফৰ বাটত পিছলি পৰি কাপোৰ কানি তিয়াই পেলাইছিল।মাজে মাজে ‘আইচক্ৰীম’ বুলি কৈ মাটিৰপৰা তুলি বৰফৰ টুকুৰাবোৰ মুখলৈ নিছিল।তাই কোচত উঠিব নোখোজে বাবে আমাৰো খোজৰ গতি মন্থৰ হৈ পৰিছিল।

কাৰ পাৰ্কিঙৰ ওচৰত থকা টয়লেটৰ বাহিৰত মানুহবোৰে টয়লেটৰ বাবে শাৰী পাতি অপেক্ষা কৰি আছিল।ৰ’দ ভীষণ চোকা আছিল যদিও বৰফে আঁক- বাঁক কৰি থোৱা ওখ পাহাৰবোৰৰ নামনিত ৰৈ থাকি অকণো আমনি লগা নাছিল। 

এইবাৰ গাড়ীখন আগুৱাই যোৱাৰ লগে লগে কাষৰ পাহাৰবোৰ বেছি বগা হৈ আহিবলৈ আৰম্ভ কৰিছিল। ৰিয়াই বৰফাবৃত পাহাৰৰ চূড়াবোৰত থকা প্ৰকাণ্ড বৰফখণ্ড বোৰলৈ আঙুলিয়াই দি কৈছিল……

“মা সেইবোৰ গ্লেছিয়াৰ চা।আমি গ্লেছিয়াৰ নেচনেল পাৰ্কত সোমাইছোহি।এই পাহাৰবোৰ কলম্বিয়া আইচফিল্ড বুলিও কয়,ৰকি মাউন্টেনৰ আটাইতকৈ ডাঙৰ গ্লেছিয়াৰ আচ্ছাদিত পাহাৰ শৃংখল।”

কেৰলিন হেলাৰে লিখা ৰকি মাউন্টেনৰ কিতাপ এখনতো পাইছিলো যে ৭৭ স্কোৱেৰ মাইল জুৰি থকা কলম্বিয়া আইচফিল্ডত আথাবাস্কাকে ধৰি কেইবাটাও সৰু ডাঙৰ গ্লেছিয়াৰ আছে।উত্তৰ আমেৰিকা কেনাডা আদিকে ধৰি উত্তৰ গোলাৰ্ধৰ এইখিনিয়েই একমাত্ৰ অঞ্চল য’ৰপৰা বৰফ গলা পানীবোৰ প্ৰশান্ত,আটলাণ্টিক আৰু আৰ্কটিক এই তিনিওখন মহাসাগৰলৈ বৈ যায়।ৰিয়াই ক’লে…….

“মা আমি এতিয়া আথাবাস্কা গ্লেছিয়াৰলৈ গৈ আছোঁ।”

গ্লেছিয়াৰ চাবলৈ যাম বুলি ভাবি মনটো পুলকিত হৈ পৰিছিল।হাইৱেৰ পৰাই দেখিলো এখন প্ৰকাণ্ড বৰফৰ নদী যেন পাহাৰৰ ওপৰৰপৰা বৈ আহি মাজবাটতে ৰৈ গৈছে!প্ৰায় ৬ কিলোমিটাৰ বিস্তৃত এইটোৱেই আথাবাস্কা গ্লেছিয়াৰ।গোলকীয় উঞ্চতা বৃদ্ধিৰ বাবে যোৱা এশ বছৰৰ ভিতৰত ইয়াৰ ১.৬ কিলোমাটাৰ দৈৰ্ঘ্য পিচুৱাই গৈছে।বিশেষজ্ঞসকলৰ মতে হয়তো অহা পঞ্চাশ বছৰৰ ভিতৰত আন বহুতো গ্লেছিয়াৰৰ দৰে এই গ্লেছিয়াৰটোৰ অস্তিত্ব একেবাৰে নিঃশেষ হৈ যাব! ইয়ালৈ অহাৰ আগতে ‘Receding glacier’ ৰ বিষয়ে খুব ভালদৰে পঢ়িছিলো যদিও চাক্ষুষ অভিজ্ঞতাৰে বিষয়টো স্পষ্ট হৈ পৰিল।গ্লেছিয়াৰৰ ওপৰলৈ যাবলৈ এক্সপ্লৰাৰ বাছৰ সুবিধা আছে যদিও আমি হাইকিং কৰি যোৱাটোৱেই ঠিক কৰিছিলো।কঁকালত বেল্ট বান্ধিয়েই এই চাৰিদিনত বহুত পাহাৰ বগালো। এইবাৰো নিশ্চয় পাৰিম।হিমবাহে কঢ়িয়াই অনা শিলৰ ওখোৰা মোখোৰা বাটেৰে প্ৰায় ২ কিলোমিটাৰ হাইকিং কৰাৰ পাছত আথাবাস্কাৰ পাদদেশত( toe of the glacier)উপস্থিত হ’লোগৈ।বাটত পোৱা ডাঙৰ ডাঙৰ শিলাখণ্ডবোৰত চোকা ধাৰ থকা বস্তুৰে কাটি থোৱাৰ দৰে বিভিন্ন ৰঙৰ আঁক-বাঁক চিনবোৰ দেখিবলৈ পাইছিলো।সেইবোৰ প্ৰচণ্ড শক্তিৰ সতে বাগৰি অহা গ্লেছিয়াৰৰ মৰেইনবোৰে বাটত পোৱা শিলত ঘহঁনি খাই যোৱাৰ চিন।প্ৰায় ৫০ মিটাৰ দূৰে দূৰে থকা একোটা খুটাত সেই বছৰটোত গ্লেছিয়াৰৰ পাদদেশ কিমানলৈকে আছিল চিহ্নিত কৰি থোৱা আছিল। বহু ওপৰৰপৰা গাড়ী পাৰ্কিং কৰা ঠাইলৈ চাই পঠিয়াইছিলো।আহোঁতে তাতো এইধৰণৰ খুটা দেখিছিলো, চনতো ভালদৰে চোৱা নহ’ল।সেইটো ১৮৯৮ চনৰ চিহ্ন যুক্ত খুটা বুলি কিতাপ এখনত পঢ়ি জানিব পাৰিছিলো।ৰ’দটো ভীষণ চোকা আছিল যদিও ওপৰত বলি থকা গ্লেছিয়াৰৰ পৰা অহা ঠাণ্ডা বতাহে গা মূৰ জোকাৰি গৈছিল।কিছু আঁতৰত এক্সপ্লোৰাৰ বাছত লৈ যোৱা যাত্ৰী সকলক বৰফৰ ওপৰত খোজ কাঢ়ি থকা দেখিবলৈ পালোঁ। গ্লেছিয়াৰৰ বৰফৰ ওপৰত ৰঙা বাছখন জিলিকি আছিল।২০২০ চনত এইদৰে যাত্ৰী কঢ়িয়াই নিয়া বাছ এখন বৰফত খোপনি হেৰুৱাই বাগৰি পৰাত ৩ জন ব্যক্তিৰ থিতাতে মৃত্যু হৈছিল আৰু  প্ৰায় ২৪ জন আহত লোকক হেলিকপ্তাৰৰ সহয়ত কেলগেৰী,কেমলুপছ,বেন্ফ জেচপাৰ আদি ঠাইৰ হস্পিতাললৈ লৈ গৈছিল। গ্লেছিয়াৰত সৰু-সুৰা দুৰ্ঘটনা প্ৰায়েই ঘটি থাকে।প্ৰবল বতাহৰ বাবে মাইৰাই কিছু আমনি পাইছিল তাতে মাইৰাৰ খোৱাৰ সময়ো হৈছিল।সেইবাবে আমি আৰু আগুৱাই নগৈ ঘূৰি আহিলো। 

পাহাৰত উঠিবলৈ যিমান সহজ নামিবলৈ তাতকৈ বহুত টান।বিশেষকৈ মোৰ বাবে।শ্বিলঙত সৰু কালছোৱা অতিবাহিত কৰা বাবেই পাহাৰ বগাবলৈ বেছি অসুবিধা নাপাওঁ কিন্তু নামোতে সদায়েই পিছল খোৱাৰ ভয় এটাই মোক খেদি ফুৰে।বেছিভাগ মানুহেই হাতত ষ্টিক লৈ গৈছিল বাবে উঠোতে বা নামোতে অসুবিধা হোৱা নাছিল।গ্লেছিয়াৰে লগত লৈ অনা  ঢিলা শিলবোৰত ভৰি থলেই চৰ্ চৰকৈ শিলবোৰৰ সতে ভৰি পিছলি যায়।ডাঙৰ ডাঙৰ শিলবোৰত ধৰি লাহে লাহে নামি আহি থাকোতে বাটত ৰিয়াই দুই এঠাইত মোক হাতত ধৰি নমাত সহায় কৰি দিলে।চাৰিওফালে বিস্তৃত বৰফৰ পাহাৰবোৰ চাই চাই তলত বহু দূৰৈত শাৰী পাতি থকা ৰং-বিৰঙী গাড়ীবোৰৰ ফালে লাহে লাহে নামি আহিছিলো। 

জেচপাৰ পাবলৈ আৰু বেছি দূৰ নাছিল।ৰিয়াই সুধিলে…

“তহঁতৰ ভাগৰ লাগিছে নেকি?নাই লগা যদি জলপ্ৰপাত এটা চাই যাব পাৰ।”

সিহঁত এইবোৰ ঠাইলৈ আগতে আহিছে বাবে নিজে চোৱাতকৈ আমাক দেখুওৱাৰ ইচ্ছাটোহে বেছি। অবিৰাম ভাবে দেখা দি থকা বাটৰ দুয়োকাষৰ ধুনীয়া দৃশ্যপটবোৰে দুখ ভাগৰ সকলো হৰি নিছিল।গতিকে ভাগৰ লগাৰ প্ৰশ্নই নুঠে।যিহেতু এইটো বাটেৰে আমাৰ দুনাই অহা নহয় গতিকে জলপ্ৰপাত চাম বুলিয়েই ক’লো।চুনৱাপ্তা( Sunwapta) জলপ্ৰপাতটো জেচপাৰ চহৰ পোৱাৰ প্ৰায় ৫৫ কিলোমিটাৰ আগত আছে।গাড়ী পাৰ্কিঙৰপৰা নামি পাঁচ মিনিট খোজ কাঢ়ি যাওঁতেই জলপ্ৰপাতটো দেখিলো।এইখিনি জলপ্ৰপাতটোৰ ওপৰৰ ভাগ।তীব্ৰ সোঁতেৰে বৈ অহা আথাবাস্কাৰ বৰফ গলা স্ফটিক স্বচ্ছ পানী গছ-গছনি ভৰি থকা ক্ষুদ্ৰ ঘূৰণীয়া নদী দ্বীপ এটাৰ দুয়োকাষেৰে বৈ আহি প্ৰকাণ্ড ঘূৰণীয়া শিল এটাৰ ওপৰেৰে বাগৰি পৰি জলপ্ৰপাতটোৰ সৃষ্টি কৰিছে।দুয়োকাষৰ পৰা অহা নদীৰ বোৱতী পানীয়ে শিলটো চাৰিওফালৰপৰা ঘূৰণীয়াকৈ ক্ষয়ীভূত কৰি এটা বিৰাট শিৱলিঙ্গৰ দৰে আকৃতিৰ সৃষ্টি কৰিছে।কি যে সুন্দৰ দৃশ্য!কিছু সময় ৰৈ ফটো দুখনমান তুলি গাড়ীৰ ফালে ঘূৰি আহিলো।

জহকালি এলবাৰ্টাৰ ৰকি পৰ্বতমালাৰ সৰু ডাঙৰ ঠাইবোৰত হোটেল,বি এন বি আদিৰ দাম আকাশচুম্বী। পৃথিৱীৰ বিভিন্ন ঠাইৰপৰা অহা পৰ্যটকেৰে ঠাইখন ভৰি পৰে।সমীক্ষা মতে প্ৰতিবছৰে প্ৰায় ২৫ লাখ পৰ্যটক জেচপাৰলৈ আহে,তাৰে ৯০ শতাংশ আহে এই গৰমৰ দিনকেইটাত।তুলনামূলকভাৱে বহুতো সস্তা বাবে বহুতেই কেম্প চাইটবোৰ বুক কৰে।লগত কেঁচুৱা থকাৰ উপৰিও আমি দুজন থকা বাবে ৰিয়াহঁতে এইবাৰ কেম্পত বুক কৰা নাই।জেচপাৰ চহৰত অসম্ভৱ দাম বাবে চহৰৰপৰা প্ৰায় ৪২ কি: মি: আগলৈ থকা ঠাই এডোখৰতহে বি এনবিটো লৈছে।তাতো প্ৰতিদিনে ৭০০ ডলাৰ।আমি জেচপাৰ চহৰত থকা খাদ্য সামগ্ৰীৰ বিপণী এখনত সোমাই এই দুদিনৰ বাবে পাস্তা,চাউল,পাচলি,মাছ আদি কিনি বি এন বি পাওঁ মানে সন্ধিয়া ৬: ৩০ বাজিবৰ হ’লহি।বাটৰ কাষত বহল শিঙৰ বনৰীয়া ছাগলীৰ লগতে পৰ্বতীয়া ছাগলীৰ দল এটাও দেখিলো। পৰ্বতীয়া ছাগলীবোৰে ৰাস্তাৰ গাতে লাগি থকা থিয় শিলৰ পাহাৰটোৰ ওপৰলৈ খপখপাই উঠি যোৱা দেখি বিচূৰ্তি খালো।কেনেকৈ যে শিলৰ পাহাৰত ভৰিৰ দৃঢ় খোপনিৰে অনায়াসে উঠি গৈছে!ৰাস্তাত এইধৰণৰ জীৱ-জন্তু পাৰ হৈ যোৱা দেখিলে গাড়ীখন ৰখাই দিয়ে যদিও বাটৰ কাষত দেখিলে গাড়ীখন ৰখাব নোৱাৰে। একেবাৰে ধীৰ গতিত গৈ থাকিব লাগে। ইয়াত মানুহে এইধৰণৰ নিয়ম সুন্দৰভাৱে পালন কৰে।

ৰাতি দহমান বজালৈকে বাহিৰত পোহৰ হৈ আছিল। অস্তগামী সূৰুযে পশ্চিমৰ আকাশখনৰ ডাৱৰৰ সতে মিলি উজ্বল গুলপীয়া আৰু নীলা-কজলা ৰঙেৰে জিলিকাই তুলিছিল।এনেকুৱা সুন্দৰ আকাশৰ ৰং আগতে কেতিয়াও দেখা নাছিলো।ভগৱানে যেন ইয়াৰ আকাশখনো নিজৰ ৰং-তুলিকাৰে সজাই তুলিছে এনে ভাব হৈছিল।বি এন বিটোৰ শোৱা কোঠালীৰ বেৰত লগাই থোৱা বেচ ডাঙৰ পেইন্টিঙৰ দৰে এখন ৰঙীন ফটোৱে মোৰ দৃষ্টি আকৰ্ষণ কৰিছিল।তলত লিখা আছে ‘Sunset of Maligne lake’।চাৰিওকাষে আগুৰি থকা বৰফাবৃত পৰ্বতমালা,সৰোবৰৰ পানী, সকলোৱে হেঙুলী আকাশৰ বাৰে ৰহনীয়া ৰং প্ৰতিফলিত কৰিছে!কি অপূৰ্ব দৃশ্য।ৰিয়াই ক’লে….

“কাইলৈ আমি মালিন লেকলৈ যাম।অসুবিধা নহ’লে সূৰ্যাস্তৰ সময়লৈকে থাকিম।”

 জেচপাৰত আমি এটা দিনহে পূৰাকৈ পাম।তাতে জোঁৱাইৰ অফিছৰ কাম আছে বাবে আমাৰ লগত আগবেলা যাব নোৱাৰিব।জেচপাৰ নামৰ সৰু মিউনিচিপেলিটি টাউনখন আথাবাস্কা নদী উপত্যকাৰ একোণত থকা এখন ক্ষুদ্ৰ চহৰ।স্থায়ী জনসংখ্যা পাঁচ হেজাৰৰো কম যদিও গৰমৰ দিনত পৰ্যটকৰ সংখ্যা দৈনিক গড়ে বিছ হাজাৰমান  হয়গৈ।বৰফাবৃত ধুনীয়া ধুনীয়া পাহাৰবোৰেৰে আগুৰি থকা উপত্যকাটোৰ গীৰ্জাঘৰ,পেট্ৰল পাম্প,স্কুল,ৰেলষ্টেচন সকলোবোৰৰে পিছফালে সুদৃশ্য শিলৰ থিয় পাহাৰ একোটা।পাহাৰৰ ওপৰত থকা বৰফৰ নক্সা প্ৰতিমাহেই সলনি হৈ জাৰকালি সম্পূৰ্ণৰূপে ঢাক খাই পৰে।বৰফৰ ওখ পৰ্বতবোৰ দাঁতিত লৈ ৰংচঙীয়া ডবাৰে সতে ৰেলবোৰ কেৰেলুৱাৰ দৰে গৈ থকা দৃশ্যবোৰ সঁচাই চাবলগীয়া। 

আমি পুৱাৰ জা জলপান কৰি জেচপাৰ টাউনৰফালে ওলাই গ’লো।ৱাই ফাইৰ দুৰ্বল সংযোগৰ বাবে ঘৰৰপৰা কাম কৰিব নোৱাৰি বাবে ইৰফানো আমাৰ লগতে ওলাল।কফি হাউচ এটাতে বহি কামখিনি কৰিব বুলি ঠিক কৰিলে।গাড়ীখন বাটৰ দাঁতিত কিছুসময় থৈ ৰিয়াই কফি আনিবলৈ নামি গ’ল।গাড়ী ৰখোৱা ঠাইখনৰ কাষতে হাইস্কুল এখনৰ খেলপথাৰ।স্কুলৰ ল’ৰা-ছোৱালীবোৰে দৌৰা দৌৰিকৈ সুন্দৰ ঘাঁহনিখনত খেলা-ধুলা কৰি আছে।স্কুলঘৰটোৰ ঠিক পিচফালে এটা বৰফে আঁক বাঁক টানি থোৱা বহু ওখ শিলৰ থিয় পাহাৰ। কি যে মনোৰম দৃশ্য!ভাব হৈছিল গোটেই জীৱন যেন ইয়াতেই থাকি যাওঁ!কিছু আগলৈ বাটৰ দাঁতিত ওলমা ফুলৰ টাবেৰে সজাই থোৱা ৰংচঙীয়া দোকানবোৰ।দূৰত বৰফৰ চূড়াৰে আৱৰি থকা পাহাৰৰ লানি।সেইবোৰৰ সমুখেৰে ৰং-বিৰঙী ডবা কঢ়িয়াই লৈ যোৱা দীঘল মালবাহী ৰেলবোৰ!এই তুষাৰাবৃত্ত পৰ্বতবোৰৰ সমুখতে কিছু আঁতৰত আছে ঐতিহ্যমণ্ডিত টুৰিষ্ট ইনফৰমেছন চেন্টাৰৰ চালে চকুৰোৱা ঘৰটো।এইবোৰ চাই চাই কিছুদূৰ আগুৱাই গৈছিলো যদিও আকৌ গাড়ীৰ কাষলৈ ঘূৰি আহিলো।ৰিয়াই হাতত কফি আৰু খোৱা বস্তুৰ টোপোলা দুটামান লৈ গাড়ীৰ ওচৰ পাই আমাক সুধিলে……

“এতিয়া কচোন ‘ফাইভ লেকচ’ চাবলৈ যাবি নে ‘স্কাই ট্ৰামত’ উঠি পাহাৰৰ ওপৰলৈ যাবি?”

বেন্ফত থাকোতে বিখ্যাত টাৰকুইছ নীলা পানীৰ হ্ৰদ লেক লুইচ,ম’ৰেইন লেক আৰু এমাৰেল্ড লেক আদি চাই অহাৰ পিছত আইচফিল্ড পাৰ্কৱেৰ বাটতো ধুনীয়া নীলা পানীৰ হ্ৰদ দুটামান চালো।গতিকে স্কাই ট্ৰামত পাহাৰৰ ওপৰলৈ যাম বুলিয়েই ঠিক কৰিলো।স্কাই ট্ৰাম ষ্টেচনটো জেচপাৰ চহৰৰপৰা ১০-১৫ মিনিটৰ গাড়ীৰ দূৰত্বত আছে।গতিকে আমি ইৰফানক কেফেখনতে এৰি স্কাই ট্ৰামলৈ বুলি ওলালো।১৯৬৪ চনত আৰম্ভ কৰা এই স্কাই ট্ৰামৰ যাত্ৰাটো কেনাডাৰ আটাইতকৈ উচ্চতাত থকা আৰু আটাইতকৈ দীঘলীয়া বায়বীয় ট্ৰাম সেৱা।হুইছলাৰ পৰ্বতৰ ৭৫৫০ ফুট উচ্চতাত থকা ইয়াৰ শেষ পইন্টটোৰ পৰা আৰু ডেৰ কিলোমিটাৰ মান হাইক কৰি গ’লেই ৮০৮১ ফুট উচ্চতাত থকা শৃঙ্গটোত উপস্থিত হ’ব পাৰি। টিকেটৰ দাম খুব বেছি (জনে প্ৰতি ৪৫০০টকা)।ইয়াৰ কিছুদিন আগতে বেন্ফ চহৰত থাকোতে খোলা চকীত (chair lift) বহি নৰ্কে পৰ্বতৰ ওপৰলৈ যোৱাৰ স্মৃতি এতিয়াও সজীৱ হৈয়ে আছে।চাৰিওফালে স্বচ্ছ আইনাৰে আৱৰি ৰখা আমাৰ ৰ’প ৱেৰ বাকচটোৰ দৰে স্কাই ট্ৰামৰ বাকচটোৰ ভিতৰত প্ৰায় ১৫-২০ জনমান পৰ্যটকৰ লগতে এজন গাইড।ওপৰলৈ উঠি যোৱাৰ লগে লগে তলৰ নান্দনিক দৃশ্যসমূহৰ পৰিসৰ বাঢ়ি গৈছে আৰু আকাশচুম্বী বৰফে ঢকা পৰ্বতৰ চূড়াবোৰ যেন কাষলৈ চাপি আহিছে।গাইডজনে চাৰিওকাষৰ ঠাইসমূহৰ বিষয়ে সুন্দৰকৈ বুজাই গৈ আছে যদিও মই আপোনপাহৰা হৈ চৌপাশৰ দৃশ্যবোৰ কেমেৰাত বন্দী কৰি গৈ আছো।দুবছৰীয়া নাতিনী মাইৰাই আধাফুটা মাতেৰে গাইডৰ কথাবোৰ তলপেলাই ফূৰ্তিত বাৰে বাৰে ‘গয়িং আপ..গয়িং আপ’ বুলি চিঞৰি থকা কথাটো পৰ্যটক বোৰে খুব উপভোগ কৰিছিল।ওপৰত স্কাই ট্ৰামৰ বাকচটো ৰৈ যোৱাৰ লগে লগে বাহিৰলৈ ওলাই আহিলো।আমাৰ দুয়োকাষে আৰু পিছফালে কেৱল বৰফে আবৃত পাহাৰৰ চূড়াবোৰ!সমুখৰ বহুত তলত  আথাবাস্কা উপত্যকাৰ মাজেৰে অকাই-পকাই বৈ যোৱা একে নামৰ নদীখনৰ সতে জেচপাৰ টাউনখন আৰু ইফালে সিফালে সিঁচৰতি হৈ থকা নীলা পানীৰ হ্ৰদবোৰ।ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা অপাৰ্থিব এই দৃশ্যৰ মাজেৰে ৰঙীন ডবাবোৰ লৈ গৈ থকা এখন দীঘল মালগাড়ীয়েহে যেন আমাক পাৰ্থিৱ পৃথিৱীখনৰ কথা সোঁৱৰাই দিছে! ৰিয়াই মাইৰাক মোটা হাতমোজা এজোৰ পিন্ধাই দিলে।তাই বৰফৰ টুকুৰাবোৰ পাহাৰৰ দেৱালৰ পৰা উলিয়াই উলিয়াই ইফালে সিফালে চটিয়াই ফূৰ্তিত ক’ব নোৱাৰা হৈ আছে।বহু লোকক দেখিলো হাতত ষ্টিক লৈ পাহাৰৰ শৃঙ্গৰফালে বৰফৰ মাজে মাজে ওপৰলৈ উঠি গৈছে।আৰু ৫০০ ফুটমান ওপৰলৈ উঠি গ’লেই ৮০৮১ ফুট ওপৰত থকা হুইছলাৰ শৃঙ্গত আৰোহণ কৰিব পাৰি।ভীষণ ফেৰফেৰীয়া ঠাণ্ডা বতাহজাকে গালে মূৰে কোবাই আছে যদিও আমি বৰফ আৰু শিলৰ ওপৰৰ পৰা চাৰিওকাষৰ স্বৰ্গীয় দৃশ্যবোৰ উপভোগ কৰিবলৈ ল’লো।মানুহজনে আমাৰ লগ এৰি আধাঘন্টামান বৰফৰ পাহাৰৰ ওপৰলৈ উঠি গৈ আকৌ নামি আহিল।ওচৰত থকা ল’ৰা ছোৱালী এহালে কথাপাতি থকা শুনি আছিলো-জহকালি আকাশ মুকলি থাকিলে ১০০ কিলোমিটাৰ দূৰৈত থকা ৰবচন পৰ্বতটোও( Mount Robson) হেনো ইয়াৰ পৰা স্পষ্টকৈ দেখা পোৱা যায়।আমাৰ পিছে সেইটো সৌভাগ্য নহ’ল। 

শিলত বহি থাকোতে কেৰ্কেটুৱা দুটামানে আমাৰ ওচৰে- পাঁজৰে ঘূৰি প’জ দি আমাক বেছ আমোদ দিলে। মাইৰাই সিঁহতৰ লগত বন্ধুভাৱেৰে কথা বতৰা পাতি থাকোতেই এটাই ছল পাই এপাকত মাইৰাৰ গাতে উঠিলেহি। তাই খুব ভয় খালে।যি দেখিলো ইয়াৰ জীৱ-জন্তুবোৰে মানুহলৈ একেবাৰে ভয় নকৰে।মাইৰাৰ দুপৰীয়াৰ আহাৰ লগত লৈ আহিছিলো যদিও বৰফ ঠাণ্ডা বতাহজাকৰ বাবে বাহিৰত বহি খুৱাবলৈ অসুবিধা হ’ল।স্কাইট্ৰাম ষ্টেছনটোৰ ওপৰৰ তলাত থকা ৰেষ্টুৰেন্ট খনতে বহি তাইক দুপৰীয়াৰ আহাৰখিনি খুৱাই ল’লে। আমিও কফি একোকাপ লৈ কিছুসময়ৰ বাবে ৰেষ্টুৰেন্টৰ চাৰিওকাষে লগোৱা আইনাৰ খিৰিকিৰে চাৰিওফালৰ দৃশ্যবোৰ উপভোগ কৰিবলৈ পালোঁ। 

ইৰফানে কামখিনি শেষ কৰি জেচপাৰ টাউনৰ এঠাইত আমালৈ ৰৈ আছিল।আগতেই চাই থোৱা মতে আমি এইবাৰ পৃথিবীৰ অন্যতম ধুনীয়া লেক maligne lake আৰু স্পিৰিট আইলেণ্ড চাবলৈ যাম।লেকটো জেচপাৰ চহৰৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ দূৰৈত অৱস্থিত। ৰিয়াই গাড়ীত থকা গুগল মেপত চাই লেকটো পাবলৈ আৰু আধাঘন্টামান লাগিব বুলি ক’লে।

 তিনিওফালে গ্লেছিয়াৰ সমৃদ্ধ পৰ্বত শৃংখলে আগুৰি থকা ২২ কি: মি: দৈৰ্ঘ্যৰ মালীন লেক( maligne lake) কেনাডাৰ ৰকি পৰ্বতমালাৰ বৃহত্তম লেক।পাৰ্কিঙত গাড়ীখন ৰখাৰ পিচতেই ৰিয়াই দৌৰাদৌৰিকৈ লেকৰ পাৰত থকা মালীন লেক ক্ৰুইজৰ অফিছটোৰ ফালে দৌৰ মাৰিলে।আমিও তাইৰ পিছে পিছে গৈ লেকৰ পাৰ পাই দেখিলো ক্ৰুইজৰ সৰু জাহাজ এখন আহি পাইছে। প্ৰায় ৩০ জন মান লোক ল’ৰা-ছোৱালীৰে সতে পিছৰ ক্ৰুইজটোত যাবলৈ শাৰী পাতি থিয় হৈ আছে।লেকৰ মাজত দেখিলো আন দুখনমান আইনাৰ ঢাকোনেৰে আচ্ছাদিত সৰু সৰু মটৰ বোট।লেক ভ্ৰমণ কৰিবলৈ পোৱাৰ আনন্দই মনটো পুলকিত কৰি তুলিলে। কিছুপৰৰ পিছত ৰিয়াহঁত দুখ মনেৰে টিকেট ঘৰৰ ফালৰ পৰা ঘূৰি অহা দেখিবলৈ পালোঁ।ক্ৰুইজখনৰ সকলো টিকেট শেষ হৈ গ’ল আৰু এইখনেই আজিৰ দিনটোৰ শেষ ক্ৰুইজ আছিল।ডেৰ ঘন্টাৰ এই ক্ৰুইজটোত ২২ কিলোমিটাৰ দীঘল লেকটোৰ প্ৰায় ১৭ কি: মি: সাঙুৰি লোৱাৰ উপৰিও বিশ্ব বিখ্যাত স্পিৰিট আইলেণ্ডত ১৫ মিনিট সময় কটাবলৈ সুবিধা দিয়ে। ইয়াৰ বাহিৰেও দুঘন্টীয়া আৰু পাঁচ ঘন্টীয়া আন দুটা ক্ৰুইজো আছিল।অনলাইন যোগে আগতীয়াকৈ টিকেট কৰি নোথোৱা বাবে ৰিয়াই খুব আক্ষেপ কৰিলে।

 বেন্ফৰ আশেপাশে থকা টাৰকুইছ নীলা পানীৰ হ্ৰদবোৰ চাই অহা বাবেই হ’বলা এই লেকৰ পানীবোৰ বেছি নীলা যেন লগা নাছিল।ৰিয়াই বুজাই ক’লে যে দীঘল সৰোবৰটোৰ আমি থকা ঠাইখন গ্লেছিয়াৰ সমৃদ্ধ পৰ্বতবোৰৰ পৰা প্ৰায় ১৭ কিলোমিটাৰ দূৰত।যিমানেই পাহাৰবোৰৰ পাদদেশৰ ফালে আগুৱাই যাম সিমানেই পানীবোৰল নীলা সেউজীয়া ৰংটো বাঢ়ি যাব।স্পিৰিট আইলেণ্ডৰ ওচৰত হেনো পানীবোৰ এমাৰেল্ড ৰঙৰ হৈ পৰে।তিনিওকাষে গ্লেছিয়াৰসমৃদ্ধ পাহাৰেৰে আগুৰি থকা এমাৰেল্ড ৰঙৰ পানীৰ সৰোবৰটোৰ মাজত থকা স্পিৰিট আইলেণ্ডৰ ফটোবোৰ পৃথিৱীৰ অন্যতম সুন্দৰ ফটো বুলি বিবেচিত হৈছে।আমি লেকটোৰ পাৰে পাৰে থকা ট্ৰেইল এটাৰে কিছুদূৰ আগুৱাই গৈ যিমান পাৰো সৌন্দৰ্য্য পান কৰাত লাগিলো।ট্ৰেইলৰ মাজে মাজে লগাই থোৱা ডাঙৰ ডাঙৰ ফলক বোৰত পিছফালৰ পৰ্বত শৃঙ্গবোৰৰ নামেৰে সতে ইয়াৰ ইতিহাস সুন্দৰকৈ বুজাই লিখা আছিল।প্ৰতিটো শৃঙ্গৰ নাম সেই ঠাইৰ ষ্টনি আদিবাসী লোকসকলৰ নামেৰে নামকৰণ কৰা হৈছে। এঠাইত পঢ়িলো- মেৰিলিন মনৰোৱে ১৯৫৩ চনত ‘ৰিভাৰ অফ ন’ ৰিটাৰ্ণ’ নামৰ চিনেমাখনৰ শ্বুটিঙৰ বাবে ২১ দিন জেচপাৰ চহৰত আছিল।শ্বুটিঙৰপৰা আহৰি পালেই তেওঁ এই লেকটোৰ পাৰত অকলশৰে বহি ঘন্টাৰ পিছত ঘন্টা চিগাৰেট হুপি হুপি অতিবাহিত কৰিছিল। 

ক্ৰুইজখনত যাব নোৱাৰাৰ বাবে আমি এঘন্টামান লেকৰ পাৰতে ঘূৰি ফুৰিলো।এঠাইত দেখিলো সত্তৰোৰ্ধৰ মানুহ এহাল পৰিয়ালৰ সতে বহি আছে। মহিলাগৰাকীৰ পিন্ধনত চেলোৱাৰ কামিজ।চুন্নী খনেৰে মূৰটো ঢাকি লৈছে।লগত থকা মহিলাগৰাকীয়ে আমালৈ চাই ইংৰাজীতে মাত দিলে…….

“আহক আমাৰ লগতে একেলগে আহাৰ গ্ৰহণ কৰকহি।আমাৰ খুব ভাল লাগিব।”

তেওঁলোকৰ সমুখত সুন্দৰকৈ থালত সজোৱা কটা ফলমূল আৰু মিঠাই নিমকি আদি। তেওঁলোক কেলগেৰী নামৰ ঠাইখনত থাকে। পাকিস্তানৰপৰা অহা মাক দেউতাকক ফুৰাবলৈ লৈ আনিছে।আমি নাখাওঁ বুলি বাৰে বাৰে কোৱা স্বত্তেও জোৰ কৰি আমাক কটা ফলমূল আদি খুৱালে। অহাৰ সময়ত ডাঙৰ ডাঙৰ আম দুটা আৰু মিঠাইৰ বাকচ এটা দি ক’লে…….

“প্লীজ ইয়ে ৰখ লিজিয়ে।ইয়ে আপলোগোকে লিয়ে পাকিস্তান চে বহুত চাৰা প্যাৰ চে।”

অচিনাকি মানুহ হ’লেও ওচৰ চুবুৰীয়া দেশ বুলি আমাক জনোৱা ইমান মৰম দেখি অভিভূত হ’লোঁ।কিছুপৰ লেকৰ পাৰত থাকি ঘূৰি অহাটোকে ঠিক কৰিলো।তেতিয়া গধূলি ছয় বাজিছিল।সূৰ্যাস্ত ৰাতি চাৰে ন বজাৰ পিছতহে হ’ব বাবে লেকত সূৰ্যাস্ত চোৱাৰ আশা বাদ দিলো।ঘূৰি অহাৰ সময়ত বাটৰ কাষৰ থকা গাঢ় নীলা সেউজীয়া হ্ৰদ এটাৰ পাৰত জাক পাতি বহি থকা বনৰীয়া বহল শিঙৰ ছাগলীৰ (wide horned goat) দল এটা দেখিলো।কি যে অপূৰ্ব দৃশ্য!এঠাইত বাটৰ কাষত থকা জোপোহাৰ পাত ছিঙি খাই থকা এল্ক এটা একেবাৰে কাষৰ পৰা দেখিলো।গাড়ীখনৰ গতিবেগ একেবাৰে কমাই দিয়া বাবে দুয়ো ঠাইতে গাড়ীৰপৰাই ফটো কেইখনমান ল’বলৈ সুবিধা পালোঁ। 

অহাকালি ৰাতিপুৱাই আমি জেচপাৰ এৰিম।এইবাৰ আমি আইচফিল্ড পাৰ্কৱেৰ ৰাস্তাটোৰে নাযাওঁ বাবে বেন্ফ চহৰত সোমাব নেলাগে।এই কেইদিন দেখা স্বৰ্গীয় দৃশ্যবোৰে চাগৈ বহুত দিন মন মগজু আৱৰি ৰাখিব। আমি এইবাৰৰ যাত্ৰাত ৰবচন পাহাৰৰ কাষেৰে যোৱা ইয়েলোহেড হাইৱেৰে ভেলমাউন্ট হৈ কেমলুপচ সোমামগৈ।দীঘলীয়া যাত্ৰাৰ বাবে তাত এৰাতি থাকিহে ভেঙ্কুভাৰলৈ উভটিম।শুনিছো ৪৫০ কিলোমিটাৰৰ এই যাত্ৰাপথো হেনো অতি সুন্দৰ। 

 বিশেষ দ্ৰষ্টব্য:

২০২৪ চনৰ ১৪-১৫ জুনত থাকি অহা গ্লেছিয়াৰ কন্যা জেচপাৰখনৰ প্ৰায় আধা অংশ ইয়াৰ এমাহ পাছতেই এক ভয়ঙ্কৰ বনজুইৰ কবলত পুৰি ছাঁই হৈ গ’ল। বনজুইৰ ৰেড এলাৰ্ট পোৱাৰ লগে লগেই প্ৰায় ২৫,০০০ পৰ্যটক আৰু ৫০০০ জন স্থানীয় লোকে লগে লগেই জেচপাৰ এৰি ডেৰশ কিলোমিটাৰ আঁতৰত থকা ভেলমাউন্ট নামৰ ঠাইখনলৈ ৰাওনা হয়।এই জুইত আমি দেখি অহা জেচপাৰ টাউনখনৰ  ৩৫৮ টা ঘৰ, গীৰ্জাঘৰ,পেট্ৰল পাম্প আৰু দোকান আদি সম্পূৰ্ণভাৱে পুৰি ছাই হৈ যায়।বি.বি.চি.ৰ বাতৰিত জুইৰ গৰাহত পৰি ধ্বংস হৈ পৰা জেচপাৰ টাউনৰ ছবিৰ দৰে ধুনীয়া ঘৰবোৰ জ্বলি ছাই হোৱা দৃশ্যবোৰ দেখি মনত খুব বেজাৰ লাগিছিল।এই দাবানলে জেছপাৰ ৰাষ্ট্ৰীয় উদ্যানৰ সৰ্বমুঠ ৪০,০০০ হেক্টৰ মাটিকালি ছাৰখাৰ কৰি পেলাইছিল।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *