আঘোণৰ মালিতা-মানসী শৰ্মা
গুণগুণ এটি হেঁপাহে কৰে আমনি
কুঁৱলীৰ ওৰণি টানি
আঘোণ যে পালেহি আহি,
সোণোৱালী ধাননিৰ অপৰূপ জ্যোতিয়ে মন মুহিলে
কঙালীয়ে শুকান কৰা ওঁঠত বিৰিঙিল
এধানি হেঁপাহ আৰু প্ৰাপ্তিৰ হাঁহি।
আঘোণ মানে হেমন্তৰ হালধীয়াৰ সৈতে
পথাৰৰ সোণগুটিয়ে পতা যেন ৰঙৰ মেলা,
মূৰৰ ঘাম মাটিত পেলাই
নাঙলৰ সীৰলুত কৃষকে সিচা সপোনবোৰ
ফুলি উঠাৰ দিয়ে বতৰা।
নিয়ৰত তিতি জুৰুলি-জুপুৰি হয় পথাৰৰ সোণগুটি
ৰিবৰিব মলয়াৰ স্পৰ্শত
সোণগুটিৰ সুগন্ধত চৌদিশ হয় সুবাসিত,
পকা ধানৰ সুগন্ধত আনমনা হৈ নামি আহে জাকপাতি শৰালি।
কপালত ঘাম, হাতত ধানৰ পাতৰ আঁচোৰলৈও নকৰি কেৰেপ
জাক দাৱনীৰ বিহুগীতৰ সুৰত মুখৰিত হয় আঘোণৰ আকাশ।
আজি নাই আঘোণৰ সেই ব্যস্ততা
তথাপিও
স্বকীয় বৈশিষ্ট্য আৰু নিজা মাদকতাৰে
জিলিকি ৰ’ব সোণসেৰীয়া আঘোণ।
লেচেৰি বোটলা, নৰা পেঁপা সজাৰ
নামেই যে আঘোণ।
কঁঠালপাতৰ চকৰি ঘূৰাই
ধূলিৰে লেটিপেটি হৈ কাণিমুনি বেলি
ঘৰমুৱা গৰুজাকৰ পিছে পিছে দৌৰি অহা,
নৰাৰে কটা ভৰিত মিঠাতেল সানোতে হোৱা চেকচেকনি,
সেই দিনবোৰেই মোৰ শৈশৱৰ আঘোণ।
কলপাতত ৰবাবটেঙা ফুটিয়াই
নিমখ, জলকীয়া সানি খোৱা,
ককাৰ পিছে পিছে মৰণাত ঘূৰি ফুৰা
সেই দিনবোৰ,
কেনেকৈ পাহৰোঁ তোক আঘোণ।
শৈশৱত তোৰ পৰশত কটোৱা
মধুময় দিনৰ স্মৃতি হৈ থাকিবি তই
আজীৱন মোৰ মনৰ কোঠাত বন্দী হৈ।
আঘোণ, তোক শত শত ধন্যবাদ
যান্ত্ৰিকতাৰে ভৰা ব্যস্ততাৰ মাজতো
প্ৰতিবছৰে তই ঘূৰাই দিয় মোৰ শৈশৱ
সোণসেৰীয়া শৈশৱ,
যাৰ স্মৃতিৰে মুখৰিত হয় মোৰ বৰ্তমান।
*******