আমি চৰকাৰী লোক,মূল লেখক: অজ্ঞাত,অনুবাদ-মামণি কলিতা। 

(বাংলা ভাষাৰ অনুবাদ গল্প)

এবাৰ এজন গাঁৱলীয়া লোক খৰস্ৰোতা নদীত পৰিল।তেওঁ সাঁতুৰিব জানে,পিছে নদীৰ তীব্ৰ সোঁতৰ লগত যুঁজিও নদীৰ পাৰৰফালে আহিব পৰা নাই। শৰীৰৰ সমস্ত শক্তিৰে তেওঁ যদি এহাত আগুৱাই যায়, পানীৰ প্ৰবল সোঁতে তেওঁক তিনিহাত পিছুৱাই নিয়ে। এই বিপদৰ মাজতে তেওঁ নদীৰ চাকনৈয়াত সোমাই  নাকনি-কাণনি খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল।প্ৰবল সোঁত, পানীৰ চাকনৈয়া, মেঘাছন্ন বতৰৰ তীব্ৰ বতাহৰ লগত যুঁজি পানীৰ পৰা ওলাই আহিব নোৱাৰি তেওঁ ‘বচোৱা বচোৱা’ বুলি চিঞৰিবলৈ ধৰিলে।কোনো সঁহাৰি নাপাই তেওঁ দ্বিতীয়বাৰ…..”ম‌ই চৰকাৰী মানুহ,পানীত ডুবিবলৈ লৈছোঁ; তোমালোকে মোক বচোৱা”….বুলি চিঞৰিবলৈ ধৰিলে। মানুহজনৰ চিঞৰে এইবাৰ কাম দিলে।নদীৰপৰা পানী নিবলৈ অহা এগৰাকী বোৱাৰীয়ে মানুহজনৰ অৱস্থা দেখি খৰধৰকৈ ওচৰতে থকা পুলিচ থানাত গৈ ক’লে, 

“আপোনালোকৰ এজন চৰকাৰী মানুহ নৈৰ পানীত পৰি ডুবি মৰিবলৈ লৈছে আৰু চৰকাৰী মানুহ পানীত ডুবি মৰিম”….বুলি চিঞৰিছে।আপোনালোক সোনকালে যাওক আৰু তেওঁক বচাওক।”

এই কথা শুনাৰ লগে লগে থানাৰ মানুহ তৎপৰ হৈ উঠিল। সাধাৰণ মানুহ মৰিলে একো নাই,কিন্তু চৰকাৰী মানুহ থানাৰ ওচৰত পানীত ডুবি মৰিলে চাৰিওফালে এনেই হৈ-চৈ হ’ব পাৰে বুলি দুজন চিপাহী,নাৱৰীয়া আৰু থানাত থকা মেচিন নাও লৈ দৌৰাদৌৰিকৈ নৈৰ পাৰ পালেগৈ। পানী খাই ঢোল যেন হৈ উঠা মানুহজনক তেওঁলোকে উদ্ধাৰ কৰি থানালৈ লৈ আহিল।থানাত তেওঁক ভালদৰে শুশ্ৰূষা কৰি গৰম গাখীৰ অলপ খাবলৈ দিলে আৰু মানুহজন সুস্থ হৈ উঠিল।

থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই তেওঁক সুধিলে……

“আপুনি চৰকাৰী মানুহ বুলি কৈছিল’কোন অফিচত চাকৰি কৰে বাৰু?”

 মানুহজনে উত্তৰ দিলে……..

“চাৰ আপোনাৰ নাৱৰীয়াজন,ভাত ৰান্ধনীজন,ভাত দিয়াজন য’ত থাকে,মোৰ ঘৰ তেওঁৰ ঘৰৰ ওচৰতে।”

থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনে মানুহজনক পিছফালে বুটেৰে লাথি মাৰি ক’লে…….

“চাল্লা ভাগ সোনকালে…..বদমাছি কৰাৰ ঠাই নাপালি হাঁ!”

*******

Leave a Reply

Your email address will not be published. Required fields are marked *