“ইয়াৰুইঙ্গম” উপন্যাসত ৰাজনৈতিক পটভূমি-মাতু কুকুৰাচোৱা
বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যদেৱৰ ” ইয়াৰুইঙ্গম” অসমীয়া সাহিত্যত নিঃসন্দেহে এখন অন্যতম শ্ৰেষ্ঠ উপন্যাস। উপন্যাসখনত মণিপুৰৰ টাংখুল নগা সমাজৰ জীৱন চিত্ৰ চিত্ৰায়িত কৰা হৈছে। দ্বিতীয় মহাসমৰৰ বিভীষিকা, নগাসকলৰ আত্মসচেতনতা, স্বাধীন নগা ৰাজ্য আৰু এক শ্ৰেণী নগা লোকৰ ভাৰতীয় জাতীয় সংস্কৃতিৰ জাহ যাবলৈ ওলোৱা ঘটনাক কেন্দ্ৰ কৰিয়েই উপন্যাসখন ৰচনা কৰা হৈছে। উপন্যাসখনৰ মূল ঘটনাসমূহ দ্বিতীয় মহাসমৰৰ সময়ত হোৱা ডিভেশ্যেলী আৰু ৰিশ্বাংৰ মতাদৰ্শৰ সংঘাত।
উপন্যাসখনৰ কাহিনীভাগ ভালকৈ চালি-জাৰি চালে উপন্যাসখনক বহুল অৰ্থত এখন সামাজিক উপন্যাস হিচাপে চিহ্নিত কৰিব পাৰি। কাৰণ ইয়াত প্ৰতিফলিত হৈছে টাংখুল নগাসকলৰ জীৱনৰ বিচিত্ৰ ৰূপ। ইয়াত এফালে প্ৰতিফলিত হৈছে নগাসকলৰ পৰম্পৰাগত জীৱন ধাৰা আৰু আনফালে প্ৰতিফলিত হৈছে খ্ৰীষ্টান মিছনেৰীসকলে নগাসকলক দি যোৱা নতুন জীৱনৰ কথা। এইবিলাকৰ উপৰিও মহাত্মা গান্ধীৰ অহিংসা আন্দোলনৰ প্ৰভাৱৰ লগতে নিজৰ অস্তিত্ব জীয়াই ৰাখিবলৈ কৰা প্ৰচেষ্টা। এই দৃষ্টিকোণৰপৰা উপন্যাসখন এখন ৰাজনৈতিক উপন্যাস বুলি অভিহিত কৰিব পৰা যায়।
ৰাজনৈতিক উপন্যাস প্ৰাথমিকভাৱে সামাজিক উপন্যাসো,কাৰণ ৰাজনীতি সমাজৰে এটা অংগ।বহল অৰ্থত দৈনন্দিন জীৱনত ঘটা ঘটনাৰাজি সমাজৰ যিদৰে এটা অংগ আনহাতে সি ৰাজনীতিৰো অংগস্বৰূপ। সেইবাবে যিবোৰ সামাজিক উপন্যাসত বিষয়বস্তু প্ৰধানতঃ ৰাজনীতি, তেনে উপন্যাসকে ৰাজনৈতিক উপন্যাস বুলিব পাৰি। তেনে উপন্যাস কোনো ৰাজনৈতিক ঘটনাক কেন্দ্ৰ কৰি হ’ব পাৰে, কোনো ৰাজনৈতিক দৰ্শনক কেন্দ্ৰ কৰি হ’ব পাৰে নতুবা কোনো ৰাজনৈতিক পৰিস্থিতি চিত্ৰণ তথা সমালোচনাও হ’ব পাৰে।
এই অৰ্থত চালে বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যদেৱৰ ইয়াৰুইঙ্গম উপন্যাসখন এখন ৰাজনৈতিক উপন্যাস বুলি কোৱাৰ থল আছে। কাৰণ উপন্যাসখনত দ্বিতীয় মহাসমৰৰ চিত্ৰৰ লগতে নগাসকলৰ আত্মসচেতনতা আৰু এদল নগা লোকৰ জাতীয় আদৰ্শৰ লগত মিলি যাবলৈ কৰা উপক্ৰম চিত্ৰিত হৈছে। উপন্যাসখন আৰম্ভ হৈছে দ্বিতীয় মহাসমৰে ছেদেলি-ভেদেলি কৰা এখন নগা গাঁৱৰ চিত্ৰৰে। এফালে জাপানী সেনা আৰু আনফালে মিত্ৰশক্তিৰ আগ্ৰহ আৰু তাৰ মাজতে ভয়ত পেপুৱা লগা নগাসকলৰ জীৱন। বিভিন্ন ৰাজনৈতিক কাৰণত দ্বিতীয় মহাসমৰ আৰম্ভ হৈছিল। চতুৰ ইংৰাজ শাসকে ভাৰতক স্বাধীনতা ঘূৰাই দিম বুলি ভাৰতৰ সৈন্য আৰু যুৱকসকলক জাপানীসকলৰ বিৰুদ্ধে থিয় কৰাইছে। ইয়াৰ ফলস্বৰূপে খাটিং, ৰিশ্বাং আদি চৰিত্ৰক মিত্ৰশক্তিয়ে পথ দেখুৱাই নিয়ে। ডিভেশ্যেলী, নাজেৰ আদি চৰিত্ৰত দ্বিতীয় মহাসমৰৰ বিভীষিকা চিত্ৰিত হৈছে। সেইদৰে কলিকতাত পঢ়িবলৈ গৈ ৰিশ্বাঙে দেখিবলৈ পাইছে সেই সময়ত হোৱা হিন্দু-মুছলমানৰ সংঘৰ্ষ। উপন্যাসখনত বৰ্ণিত হৈছে সেই সময়ৰ কলিকতাত এক হুলস্থুলীয়া পৰিৱেশ, এটা চামে ভাৰতৰ স্বৰাজ বিচাৰি আৰু এই স্বৰাজৰ বাবে তেওঁলোকে হিংসাৰ আন্দোলনৰ পথ ল’বলৈও সাজু হৈছে। ইয়াৰ ফলস্বৰূপে ৰিশ্বাঙে দেখিবলৈ পাইছে বিভিন্ন ঠাইত ইংৰাজ চিপাহীৰ ওপৰত হিংসাবাদীসকলে নিক্ষেপ কৰা গুলী-বাৰুদৰ চিত্ৰ। ৰিশ্বাঙৰ বন্ধু অবিনাশ আৰু পি-টাম্বী সেই সংগঠনৰ একো একোজন নেতা। ৰিশ্বাঙে সেই সময়ত দেখিবলৈ পাইছে কবি অমূল্যৰ কৰুণ মৃত্যু। এই মৃত্যুৰ বাবে দায়ী সেই সময়ৰ হিন্দু-মুছলমানৰ সংঘৰ্ষ।
উপন্যাসখনত এইবোৰ ৰাজনীতি কথাৰ লগতে বৰ্ণিত হৈছে নগা জনজীৱনৰ ওপৰত প্ৰভাৱ পেলোৱা ডিভেশ্যেলী, ফানিটফাং আদি চৰিত্ৰৰ মতাদৰ্শ।তেওঁলোকে বিচাৰে নগাসকলৰ স্বাধীনতা। তাৰবাবে তেওঁলোকে লৈছে সশস্ত্ৰ সংগ্ৰামৰ পথ। গাঁৱে গাঁৱে তেওঁলোকে নগা যুৱকসকলক সংগঠিত কৰিছে। তেওঁলোকে ইতিমধ্যে গম পাইছে যে স্বাধীনতাৰ অবিহনে নগাসকলৰ অস্তিত্ব জীয়াই নাথাকিব। নগাসকলক নগা ৰূপে জীয়াই ৰাখিবলৈ হ’লে নগাৰ স্বাধীনতা অপৰিহাৰ্য। তেওঁলোকে বিশেষকৈ ডিভেশ্যেলীয়ে গম পাইছে যে অন্যান্য মানুহে নগাসকলৰ অস্তিত্ব স্বীকাৰ নকৰে। তেওঁলোকৰ লগত বন্ধুত্বসুলভ সদ্ভাৱ গঢ়ি তুলিব নোখোজে। সেয়ে বিভিন্ন সময়ত তেওঁলোকে মানুহ হত্যা কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। তেওঁলোকক সহায় কৰিছে নাজেক নামৰ আন এটা চৰিত্ৰই। নাজেক যেন পৰম্পৰাগতভাৱে বাস কৰা নগাসকলৰ পিতৃস্বৰূপ। সেয়ে নাজেকে উত্তৰাধিকাৰী কৰিছে ডিভেশ্যেলীক, যি নগাসকলৰ মনোবেদনা বুজি পায়।
ইয়াৰ বিপৰীতে ৰিশ্বাং, খাটিং আদি নগা যুৱকে অহিংসা আন্দোলনক বিশ্বাস কৰে। তেওঁলোকৰ বিশ্বাস শিক্ষা, যাতায়ত আৰু চিকিৎসা এই তিনিটাৰ সু-ব্যৱস্থা হ’লেহে নগাসকলৰ উন্নতি হ’ব।সেয়ে তেওঁলোকে ডিভেশ্যেলীহঁতৰ বিপৰীতে গাঁৱৰ যুৱকসকলক সংগঠিত কৰিবলৈ লয়। তেওঁলোকৰ মতে আবেদন-নিবেদনৰ দ্বাৰা এইবিলাকৰ সু-ব্যৱস্থা হ’ব।সেয়ে তেওঁলোকে এখন হাইস্কুল স্থাপন কৰিছে আৰু মিছনেৰীসকলে পতা হাস্পতাল, গীৰ্জা আদিক সহায় কৰিছে। ইয়াৰ ফলস্বৰূপে ডিভেশ্যেলী আৰু ৰিশ্বাংহঁতৰ মাজত সংঘাতৰ সৃষ্টি হৈছে। ডিভেশ্যেলীহঁতৰ সংগঠনৰ বিপৰীতে যোৱা ৰিশ্বাংহঁত আটক হৈছে।কিন্তু যদিও ডিভেশ্যেলীয়ে হিংসাৰ আশ্ৰয় লৈছে তথাপি তেওঁলোকৰ বাটৰ কণ্টক ৰিশ্বাঙক হত্যা কৰা নাই। ইয়াত ডিভেশ্যেলীৰ মহানুভৱতাও প্ৰকাশ পাইছে। উপন্যাসখনত পাহাৰৰ সৈতে ভৈয়ামৰ এনাজৰী গঢ়াৰো চিত্ৰ অংকিত হৈছে। ৰিশ্বাঙক সহায় কৰিছে এজন ভৈয়ামৰ যুৱকে। তেওঁ নগাসকলৰ লগত থাকি নগা গাভৰুক বিয়া কৰাই নগাৰ হকে কাম কৰাৰ সংকল্পৰে ৰিশ্বাঙহঁতৰ মিচনত যোগ দিছে।
উপন্যাসখনত আৰু এটা ৰাজনৈতিক সুঁতি অন্তঃসলিলাৰ দৰে বৈ আছে। সেইটো হৈছে পৰম্পৰাগত নগা সমাজৰ লগত সিখন সমাজৰ ভেদাভেদ মাজে মাজে দেখা পোৱা যায়। সেয়ে খুটিংলাৰ দেউতাক ফাটিং আৰু ৰিশ্বাঙৰ দেউতাক ইয়েংমাচৰ ভিতৰি এক কাজিয়াৰ সূত্ৰপাত হৈছে গাঁৱত পতা গীৰ্জাটোৰ কাৰণে। ষাঠিংখুয়ে ৰিশ্বাঙৰ দেউতাকক এবাৰ যাঠিৰে আঘাত কৰিছে। পাছৰফালে খুটিংলা ৰিশ্বাঙৰ বিয়াৰ মাজেদি এই দুটা পৰিয়াল তথা দুখন সমাজৰ মাজত সম্পৰ্ক স্থাপন কৰা দেখুওৱা হৈছে। উপন্যাসখনত ৰাজনৈতিক প্ৰভাৱৰ ফলস্বৰূপে চাৰেংলাৰ জীৱনলৈ যি পৰিৱৰ্তন আহিছে শেষৰফালে উপন্যাসখনত কনচেঙৰ মাহাত্ম্য অধিকাৰী হোৱা চাৰেংলা যেন হিংসাৰে জৰ্জৰিত হোৱা সমাজখনত পিতৃ-মাতৃহাৰা শিষ্যসকলৰ মাতৃৰূপত চাৰেংলা উপবিষ্ট হৈছে।
ইয়াৰুইঙ্গম উপন্যাসখন ফঁহিয়াই চালে দেখা যায় যে নগা জনজীৱনৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা এই উপন্যাসত সামাজিক জীৱনৰ প্ৰতিচ্ছবিক দাঙি ধৰাৰ লগতে সমানে প্ৰতিচিত্ৰ হৈছে দ্বিতীয় মহাসমৰে সৃষ্টি কৰি থৈ যোৱা ৰাজনৈতিক পটভূমি। য’ত কেৱল যুদ্ধ-বিগ্ৰহ, কূটনৈতিক, অৰ্থনৈতিক দ্বন্দ্বৰ কথাই কোৱা নাই, ইয়াৰ উপৰিও পুৰণিকলীয়া সমাজৰ ৰীতি-নীতিক লৈও ৰাজনৈতিক সমস্যা উদ্ভৱ হৈছে। এই সকলোবোৰ দৃষ্টিকোণেৰে চালে ” ইয়াৰুইঙ্গম” ৰাজনৈতিক প্ৰেক্ষাপটত ৰচনা কৰা উল্লেখযোগ্য উপন্যাস।
*******