চকু বিষয়ক-মৌচুমী হাতীবৰুৱা
মোৰ দুটা চকু
আপোনাৰো
দুটা চকুৰে আপুনি
এখন পৃথিৱী দেখে
বাওঁ চকুৰে আপুনি যি দেখে
সোঁ চকুৱে তাকেই সত্য বুলি
সমৰ্থন কৰে
মোৰহে সমস্যাটো সুকীয়া
মুঠেও মিল নাই
দুই চকুৰ
বাওঁ চকু ৰঙা
সোঁ চকু নীলা
বাওঁ চকু বিদ্ৰোহী
জেদী আৰু অভিমানী
সোঁ চকু শান্ত সমাহিত
সপোন-বিলাসী
বাওঁ চকুৰ আছে
ৰক্ত ৰঞ্জিত
এক সুদীৰ্ঘ ইতিহাস
সোঁ চকুত ভালপোৱাৰ
এসাগৰ নীলা
দুই চকুৱে মোক
দুফালে টানে
দেখুৱায় দুখন বেলেগ পৃথিৱী
দুচকুৰ টনা আঁজোৰাত
বিভ্ৰান্ত হৈ পৰোঁ মই
বিভ্ৰান্ত হৈ পৰে মোৰ
চকুৰ চিকিৎসক
অৱশেষত বুদ্ধিয়ক
কাউৰীয়েহে শিকাই দিলে
সহাৱস্থানৰ সহজ মন্ত্ৰ
সোঁ চকু খুলি ৰাখিলে
বাওঁ চকু জপাই ৰাখোঁ
বাওঁ চকু মেলিলে
সোঁ চকু জপাই থওঁ
কাউৰীক পৰি নমস্কাৰ।
*******