জীৱন: স্বপ্নৰেই সমাহাৰ-বিৰিঞ্চি মহন্ত

মানুহৰ জীৱন চক্ৰ এখন নদীৰ দৰেই। নদীৰ উৎস আছে, আৰম্ভণি হৈ মধ্যস্থলৰপৰা ক্ৰমে সাগৰত মিলিত হয়। মানুহৰ জীৱনো একেই,ক্ৰমশঃ বাঢ়ি আহে পল-অনুপলকৈ। নদীৰ দৰেই মানুহৰ জীৱনৰো উৎস আছে। আৰম্ভণিও আছে, মধ্য আৰু শেষো আছে। উৎপত্তিস্থলত নদীখন তেনেই ঠেক আৰু সৰু হৈ থাকিলেও উৎসৰ কিছু আঁতৰত বহল হৈ পৰে। জীৱনো তেনেই। জন্মতে দুখন হাতেৰে সাৱটি ল’বলৈও ভয় লগা কণমানি দেহাটো ক্ষণে ক্ষণে বাঢ়ি আহে। লগতে মন আৰু জ্ঞানো। ক্ষুদ্ৰ দেহাৰ ভিতৰত থকা ক্ষুদ্ৰ মন আৰু ক্ষুদ্ৰ জ্ঞান। জন্মতে এটি শিশুৰ জ্ঞানৰ কথাটো আজৱ যেন লাগিলেও সদ্যোজাত শিশুটিৰ জ্ঞান শূন্য নহয়। হোৱা হ’লে জন্ম হোৱাৰ পাছতে এটি শিশুৱে নাকান্দিলেহেঁতেন বা মাকৰ দুগ্ধ পান কৰিব লাগে বুলি নাজানিলেহেঁতেন। মন আৰু জ্ঞান থকাৰ বাবেই শিশুটিয়ে কান্দে আৰু মাতৃ দুগ্ধ পান কৰে। এয়াই জীৱনৰ আৰম্ভনি। আশা-আকাংক্ষাও জন্মতে আহে কিন্তু এই সুপ্ত হৈ থকা  আশা-আকাংক্ষাই লগ লয় শৈশৱ আৰু কৈশোৰ অৱস্থাত। নদী এখনে যিদৰে উৎসৰপৰা ওলাই আহি মধ্যস্থলত বহল হৈ পৰে, ঠিক একেদৰে মানুহৰ জীৱনেও ক্ৰমাগতভাৱে দেহটোৰ লগতে মন, জ্ঞান আৰু বাস্তৱৰ অভিজ্ঞতাৰে বহল ৰূপ ধাৰণ কৰে। শৈশৱৰপৰা লাভ কৰা বিভিন্ন পৰিস্থিতিৰপৰা আহৰণ কৰা বাস্তৱিক জ্ঞানেৰে পুষ্ট হৈ, সেই জ্ঞানকে আধাৰ হিচাপে লৈ মানুহৰ মনে জীৱনৰ সন্ধান কৰে। জীৱনৰ প্ৰতি থকা অনুসন্ধিৎসুতাই মানুহক সপোন ৰচিবলৈ শিকায়। জীৱনক লৈ দেখা সপোনে মানুহৰ কাৰ্যক্ষমতাৰ বৃদ্ধি কৰাৰ লগতে জীৱনৰ প্ৰতি মোহাকৃষ্ট কৰে আৰু জীৱনক মায়াময় ৰূপত অনুভৱ কৰিবলৈ শিকায়।

মানুহে জীৱন আৰু জীৱনক লৈ দেখা সপোনৰ সম্পৰ্কবোৰ দেহত থকা তেজ মঙহৰ দৰেই একাত্ম। কাৰণ মানুহৰ জীৱনত যদি কোনো সপোন বা আশা নাথাকে জীৱনটো ধূসৰ হৈ পৰে। ধূসৰিত আৰু আশাহীন জীৱন এক বোজাৰ দৰে। তদুপৰি জীৱনৰ স্বপ্নই যদি মানুহৰ লগ এৰা দিয়ে তেতিয়াই জীৱন হৈ পৰে নিৰাশময়। জীৱনৰ স্বপ্ন ভংগ হ’লে মানুহৰ দেহৰ শক্তি, কান্তি আৰু গতিময়তাহীন হোৱাৰ সমান্তৰালকৈ মনকো উদ্যমহীন, প্ৰেৰণাহীন কৰি আশা-আকাংক্ষা ৰহিত কৰি তোলে। মানুহৰ জীৱনত যদি উদ্যমেই নাথাকে, প্ৰেৰণাহীন হৈ আশাবোৰকে হেৰুৱাই পেলাই, তেতিয়া মানুহ জীৱন্তে মৃত হোৱাৰ উপক্ৰম হয়। তথাপি সকলো হেৰুৱাইও মানুহ কেতিয়াবা জীয়াই থাকিব লগা হয়। আশাবোৰক হেৰুৱাই পেলোৱাৰ পাছতো মানুহে সপোনক মোহাৰিও আকৌ সপোনকে কঢ়িয়াই জীয়াই থাকে। তেতিয়া হ’লে মানুহক জীৱনে সপোন দেখিবলৈ শিকাই নে সপোন দেখি মানুহ জীয়াই থাকে! এই প্ৰশ্ন উত্তৰো আপেক্ষিক। কাৰণ মানুহৰ জীৱনটোৱেই অনুভৱ আৰু অনুভূতিৰে সংপৃক্ত এক সত্ত্বা। জীৱনৰ সত্যও অনুভূতিৰে নিৰূপিত আৰু জীৱনৰ স্বৰূপো হৃদয়ৰ দ্বাৰাহে নিৰ্ণীত কৰিব পাৰি। সেই কাৰণে জীৱন স্বপ্নই মানুহক জীয়াই ৰাখে নে স্বপ্ন দেখি মানুহ জীয়াই থাকে এয়াও হৃদয়ৰ অনুভূতিৰেহে বুজিব পাৰি।

এটা কথা সঁচা যে জীৱন স্বপ্নই মানুহক প্ৰেৰণা যোগাই, মানুহক গতিময় কৰি তোলে আৰু এই গতিময়তাই মানুহৰ জীৱনক সুখময়তা প্ৰদান কৰি জীৱনটোক মধুময় কৰি তোলে। জীৱনৰ স্বপ্ন মানুহে শৈশৱপৰাই দেখিবলৈ আৰম্ভ কৰে। শিশু এটিয়ে ফটাকানিৰে দৰা-কইনা সজা , ধূলি-বালিৰে নাৰিকলৰ কোৰোকাত ভাত সিজোৱা, বহা ঢাৰি লৈ ঘৰ সজা এই খেলা-ধূলাৰ মাজেৰে ভৱিষ্যৎ জীৱনৰ স্বপ্ন ৰচে। কিন্তু প্ৰতিটো সপোনে পূৰ্ণ ৰূপ পায়নে আৰু পালেও মানুহে সেই পূৰ্ণ ৰূপত তৃপ্ত হয়নে? কাৰণ প্ৰাপ্তিৰ আকাংক্ষাৰ কোনো সীমা নথকাৰ দৰেই প্ৰাপ্তিয়ে প্ৰদান কৰা তৃপ্তিও স্থিৰতাহীন। সৰুতে দেখা সপোনে পূৰ্ণ ৰূপ পালেও কেতিয়াবা এই পূ্ৰ্ণতাই বিৰক্তিদায়ক হৈ পৰে। সেয়ে হয়তো বয়সৰ লগে লগে মানুহৰ জীৱন স্বপ্নও সলনি হৈ পৰে। পুনৰ নতুন স্বপ্ন দেখে আৰু সেই স্বপ্নক বুকুত সামৰি, জীৱনক সুখী কৰি তোলাৰ আংকাক্ষাক লৈ মানুহ আগুৱাই যায়। কত স্বপ্নৰ সলিল সমাধি ঘটে! স্বপ্নৰ ভিৰতে কতজন মানুহ হেৰাই যায় অথচ স্বপ্নই জীৱনৰ লগ নেৰে আৰু জীৱনেও স্বপ্নৰ পিঠিত আউজিয়ে আগুৱাই গৈ থাকে। জীৱন আৰু স্বপ্ন দুয়োটা পৰিপূৰক হৈ জীৱনক মাদকতাপূৰ্ণ আৰু মধুময় কৰি তোলে। 

কিন্তু জীৱনক নতুনৰ মাত্ৰা দিবলৈ দেখা সকলো স্বপ্নই জানো বাস্তৱত পূৰ্ণতা লাভ কৰে? কিছুমান স্বপ্ন বাস্তৱত ৰূপায়িত হ’লেও কিছুমান অপূৰ্ণ ৰূপতে ৰৈ যায়। বাস্তৱত ৰূপায়িত হোৱা সকলো স্বপ্নইও মানুহক পৰিতৃপ্তি দিব নোৱাৰে। ইয়াৰ কাৰণ হৈছে অতৃপ্তিয়েই স্বপ্নৰ ধৰ্ম। মানুহৰ এটা সপোনে পূৰ্ণতা পোৱাৰ পাছতেই সেই পূৰ্ণতাই আকৌ আন এটা সপোনক জগাই তোলে। নতুন নতুন সপোনৰ সন্ধানে মানুহৰ জীৱনটোক কৰ্মক্ষম কৰি তোলে বাবেই প্ৰতিটো সপোনৰ পূৰ্ণতাই মানুহক স্বপ্নাক্লিষ্ট কৰি ৰাখে। পুনৰ জীৱনে গতি লয় স্বপ্নৰ দিশত।

মানুহৰ জীৱন স্বপ্ন সুদূৰপ্ৰসাৰী, তাত কোনো সীমা নাথাকে। প্ৰতিজন মানুহৰ জীৱন স্বপ্নও ভিন্নৰূপী লগতে ভিন্নমুখী। প্ৰতিজন মানুহৰ মনত কিমান স্বপ্ন ৰচনা হয় আৰু কিমান স্বপ্ন সমাধিস্থ হয় তাৰ খতিয়ান কোনেও নাজানে। সমুদ্ৰৰ দৰেই মানুহৰো জীৱন।সমুদ্ৰত জোৱাৰ-ভাটা উঠাৰ দৰেই মানুহৰ জীৱনতো জোৱাৰ সদৃশ সম্পদে উপচি পৰে আৰু কেতিয়াবা ভাটা সদৃশ বিপদ আহে। মানুহৰ মনটোও ৰহস্যৰে আবৃত। মানুহৰ এই ৰহস্যাবৃত্ত মনৰ অতল গহ্বৰত উঠা স্বপ্ন জোৱাৰৰ হেন্দোলনিয়ে মানুহক মোহময়তা প্ৰদান কৰে। কিন্তু জোৱাৰৰ লগতে ভাটাও একাত্ম হৈ থাকে। প্ৰকৃতিৰ দৰে মানুহৰ জীৱনতো সদায় সকলো একে হৈ নাথাকে। সমুদ্ৰ সদৃশ জীৱনতো ভাটাই জোৱাৰক বাধা দিয়াৰ দৰেই মানুহক মোহময়তা প্ৰদান কৰা স্বপ্নও কেতিয়াবা ভংগ হৈ পৰে। এই স্বপ্নভংগই মানুহৰ জীৱন মদাকতাহীন কৰি পেলায়। স্বপ্নভংগৰ খহনীয়াই মানুহৰ জীৱনটোক মাদকতা শূন্য কৰি তোলে। বালিঘৰৰ দৰে জৰজৰাই খহি পৰে,জীৱনে মধুময়তা আৰু গতিশীলতা হেৰুৱাই পেলায় স্বপ্নভংগৰ বেদনাত। জীৱনৰ কাৰুণ্যতা আৰু অসহনীয়তা ইয়াতে। 

মানুহৰ জীৱনটোৱেই অতৃপ্ত আৰু তৃষ্ণাৰ্ত। অতৃপ্তিৰে ভৰি থকা এই ক্ষণভংগুৰ জীৱনতে আকৌ জীৱন স্বপ্নই হাইতালবুলীয়া ৰং সিঁচি মানুহক উন্মাদিত আৰু উজ্জীৱিত কৰি তোলে। জীৱনৰ সেই হেঙুল-হাইতালবুলীয়া ৰঙতো কেতিয়াবা ৰূঢ় বাস্তৱৰ ছায়াত কেহৰাজ বৰণ ধৰে। আলফুলীয়া জীৱনৰ সপোনত আঘাত হানে আৰু সপোনবোৰ বালিঘৰ খহাদি খহি পৰে। এয়াও জীৱনৰেই ভিন্নৰূপ। প্ৰকৃতাৰ্থত জীৱন মানেই অশ্ৰুসিক্ত নিৰ্মম ব্যাথা। 

সাগৰ সদৃশ হ’লেও মানুহৰ জীৱনটোৰ সীমনা আছে, এটা পৰিধি আছে। আমি বাস কৰা এই পৃথিৱীখনো সসীম। কিন্তু আমাৰ এই ভৌতিক জীৱনত আশ্ৰয়ী আমাৰ স্বপ্নবোৰ অসীম। সেইবাবেই জীৱন আসক্তিপূৰ্ণ আৰু মাদকতাময়। কিন্তু এই স্বপ্নৰ ভংগৰ বেদনাই মানুহৰ জীৱনক মাদকতাহীন কৰিও তোলে। এই ভংগুৰতাৰ মাজেৰেই আমি জীৱনটোক আগবঢ়াই নিব লাগিব। কাৰণ জীৱন জীৱনেই, সুখৰেই হওক বা দুখৰেই হওক আমি গ্ৰহণ কৰিবই লাগিব। তদুপৰি মানুহৰ জীৱনটোৱেই তৃষ্ণাতুৰ আৰু তৃষ্ণাতুৰ বাবেই মানুহ অন্তহীনভাৱে তৃষ্ণাৰ্ত হৈ থাকে। সুখ-দুখৰ সমাহাৰেই জীৱনৰ ছন্দ। জীৱনৰ সুখৰ আঁৰতে দুখ থাকে আৰু হাঁহিৰ চিম্ফনীৰ তলতেই দুখৰো বিননি থাকে। দুখবোৰক ঢাকিয়ে আমি জীয়াই থাকিব লাগিব আৰু বহুজন আছেও। আমাৰ জীৱনটো ঠিক আমি আমাৰ দেহাটো ঢাকিবলৈ পিন্ধি লোৱা পোছাকযোৰৰ উজ্বল ফালটোক ওপৰমুৱা কৰি পিন্ধাৰ দৰেই। কিন্তু ফুল-জালিৰে ভৰা পোছাকযোৰৰ দুয়োটা ফাল মিলিহে সম্পূৰ্ণ। কিন্তু অনুজ্বল বা ওলোটা খহটা ফালটো আমি লোকচক্ষুৰ পৰা আঁতৰাই ৰাখোঁ। জীৱনটোও ঠিক তেনেকুৱাই। আমি বিচাৰি ফুৰা আকাংক্ষিত সুখো সঁচা আৰু নিবিচৰা অবাঞ্চিত দুখো সঁচা। আমি আমাৰ জীৱনলৈ অহা সুখ-দুখ, হাঁহি-কান্দোনক জীৱনৰ অনিবাৰ্য সত্য বুলি ভাবি দুয়োটাকে মানি ল’বলৈ মানসিকভাৱে প্ৰস্তুত হ’ব লাগিব। জীৱনৰ কিছুমান সত্যক মানি লোৱাৰ বাহিৰে মানুহৰ অন্য উপায়ো নাথাকে। জীৱনটোৱেই উপায়হীন আৰু এই উপায়হীনতাই বহু সময়ত সত্য।

সেইবুলি উপায়হীনতাকে সত্য বুলি জীৱনক জহি-পমি যাবলৈ দিয়াও অনুচিত। হতাশা আৰু নিৰাশাত জীৱনক উটুৱাই দিয়াও উচিত নহয়। জীৱনলৈ অহা সৰসতা-নিৰসতা, স্বপ্ন ৰচনাৰ মাদকতা আৰু স্বপ্ন ভংগৰ বেদনা এই সকলোকে সামৰি জীৱনক আমি নিজেই উপভোগ্য কৰি ল’ব পাৰিব লাগিব। স্বপ্ন ৰচনাত মানুহ যিদৰে কৰ্মক্ষম হৈ পৰে, স্বপ্ন ভংগইও মানুহক নিজৰ পৰিধিক বুজিবলৈ শিকায়। যদি নিশিকালেহেঁতেন মানুহে জীৱনৰ কৰুণ সুৰক উপলব্ধি নকৰিলেহেঁতেন। জীৱনৰো সুৰ আছে, কৰুণ হ’লেও জীৱনৰ এই সুৰতে মানুহে নতুন গাঁথা ৰচিবলৈ শিকে আৰু শিকিবও লাগে। অন্যথা জীৱন অসহনীয় হৈ পৰিব। অসহনীয় জীৱন জীয়াবলৈ বৰ কষ্টদায়ক আৰু বোজা সদৃশ। সুখৰ ঠিকনা প্ৰতিজন মানুহে নিজৰ বুকুৰ মাজতে কঢ়িয়াই লৈ ফুৰে। ঠিকনা সলনি কৰি ল’ব পাৰিলেই জীৱন পুনৰ মাদকতাপূৰ্ণ হৈ পৰে। সেয়া নিৰ্ভৰ কৰে মানুহৰ জীৱনৰ প্ৰতি থকা দৃষ্টিভংগীৰ আৰু মানুহৰ জীৱনবোধৰ ওপৰত।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *