জোনৰ আগমন-নন্দিতা ভাণ্ডাৰ কায়স্থ

শিয়ালীয়ে এ নাহিবি ৰাতি

           তোৰে কাণে কাটি লগামে বাতি

                এ শিয়ালী নাহিবি ৰাতি।।

   

তিনিবাৰ নিচুকণি গীতটি গোৱাৰ অন্তত ভনিতাৰ সোণে টোপনিত ঢলি পৰে।ডেৰ বছৰীয়া সোণক টোপনি নিয়াবলৈ ভনিতাই সদায়ে তিনি-চাৰিটা নিচুকণি গীত গাবলগীয়া হয়। কিন্তু শেষত “শিয়ালীয়ে এ নাহিবি ৰাতি” গীতটো গালেহে সোণৰ চকু জাপ খায়।সোণৰ দুয়োকাষে গাৰু দি ভনিতা লাহেকৈ বিচনাৰপৰা নামি আহে।

ৰাতিপুৱা জলপান অকণ খাই সোণে সদায়ে টোপনি যায়। কণমানিজনী শুলে ভনিতাইও অলপ সকাহ পায়।নহ’লে তাইক একেবাৰে থৰকাছুটি হেৰুৱাই পেলাবলগীয়া অৱস্থা কৰে। ঘৰুৱা কাম কেইটা অন্ততঃ সুস্থিৰ মতে কৰিব পাৰে। নহ’লে সোণক “এইফালে নাযাবা, দুখ পাবা, পৰিবা অ’ ” – চিঞৰি থাকোঁতে তাইৰ কাম হৈয়ে নুঠে।

ফেনৰ গতিবেগ অলপ কমাই ভনিতা বাথৰূমত সোমাল। গা ধোৱা কাপোৰৰ ওপৰিও বিছনা চাদৰ, গাৰু গিলিপ দুটা থুকুচি থুকুচি ধুলে তাই। কাপোৰকেইটা প্লাষ্টিকৰ ৰচিত মেলি দি ঘৰ সোমাইছেহে, কি জানো হ’ল ভনিতাৰ মুখখন ইমান বেয়া লাগিল বেচিনত গৈ উকালিয়াব ধৰিলে।বীজলুৱা কিবা অলপ বেচিনত পৰিল। টেপটো খুলি লগে-লগে বেচিনটো চাফা কৰি দিলে। ৰাতিপুৱা কিনো খালে মনতে উনুকিয়াই ল’লে। নাইচোন….বমি‌ হ’ব লগা একো খোৱাই নাই। এনেও হ’ব পাৰে। বিশেষ একো নাভাবি ভনিতা পাকঘৰত সোমাল। সোণ সাৰ নাপাওঁতেই ভাত দাইল খিনি অলপ আগবঢ়াই থ’ব পাৰিলে ভাল হয়। 

গাটো ভনিতাৰ ভাল নলগা হ’ল।বহুত ভাগৰুৱা অনুভৱ কৰিছে তাই।কোনোমতে ভাতকেইটা ৰান্ধিলে তাই। সোণ ইতিমধ্যে টোপনিৰপৰা সাৰ পাইছে। উঠিয়ে ‘মা মা’ কৈ তাই মাকৰ পিছ নেৰাই হ’ল।জোৰ নাইকিয়া মানুহৰ দৰে একপ্ৰকাৰ ঠেলি-হেঁচি ভনিতাই দুপৰীয়াৰ কাম সমাপন কৰিলে।সোণকো ম’বাইল দেখুৱাই মাজে মাজে “আ কৰা আ কৰা এয়া হ’লেই আৰু” বকলা অলপ মেলি ভাত দুটামান খুৱালে।ভাত দুগৰাহ মান মুখত দিলে কি নিদিলে ভনিতাই গোটেইকেইটা আকৌ বেচিনৰ নলীয়ে ধুই চাফা কৰিবলগীয়াহে হ’ল।

এইবাৰ তাইৰ বুকুখন চিৰিং কৈ মাৰিলে। কিয় এনেকুৱা হৈ আছে বাৰু? হাতৰ আঙুলিত দিন গণিব ধৰিলে।অ’হ তাইৰ মাহেকীয়া হোৱাৰ সময় চোন দহদিন মান পাৰেই হৈ গ’ল।অজান ভয় এটাই ভনিতাৰ মনত ঢুক ঢুক কৰিবলৈ ধৰিলে। তাই বাৰু পুণৰ মাক হ’বলৈ ওলাইছে নেকি? সোণ ইমান সৰু হৈ আছে। কেনেকৈ তাই দুটাকৈ সন্তানৰ যত্ন ল’ব পাৰিব? কংকনে( স্বামী) বাৰু এতিয়াই দুটা সন্তানৰ দায়িত্ব মূৰ পাতি ল’ব পাৰিবনে?

এসোপা চিন্তাই তাইৰ মন-মগজু ভাৰাক্ৰান্ত কৰি তুলিলে। হওঁতে কংকনে দুটা সন্তান নালাগে বুলি কোনোদিনে কোৱা নাই আৰু ভনিতায়ো নিবিচৰা নহয়। ল’ৰাই হওক কিম্বা ছোৱালীয়ে হওক সোণক লগৰীয়া এটা লাগেই। সিহঁতে মাথোঁন চাৰি বছৰমান ব্যৱধানত হ’লে ভাল পায়। তাতে আকৌ কংকনৰ চাকৰিটোও ৰেগুলাৰ নহয়। ঘৰৰপৰা পোন্ধৰ কিলোমিটাৰ দূৰত্বত থকা কৃষি বিজ্ঞান কেন্দ্ৰত ঠিকা ভিত্তিত যোৱা পাঁচবছৰ ধৰি কাম কৰি আছে। যোৰহাট কৃষি বিশ্ববিদ্যালয়ে কৃষি বিজ্ঞান কেন্দ্ৰসমূহত বিভিন্ন স্থায়ী পদৰ বাবে আবেদন কৰাৰ কথা চলি আছে। উপাচাৰ্যগৰাকীয়ে কংকনৰ কাম ভাল পাইছে। অতি সোনকালেই মানুহজনক নিযুক্তি পত্ৰ দিয়াৰ চিন্তা-চৰ্চা কৰি আছে। পিছে তেখেত নীতি-নিয়মত থকা মানুহ।অনৈতিকভাৱে কংকনক নিযুক্তি দিব নোখোজে। তাৰোপৰি নীতিবহিৰ্ভূতভাৱে কৰা কামত পিছলৈ অসুবিধা হ’বও পাৰে। সেয়েহে তেখেতে স্থায়ী পদৰ বিজ্ঞাপন ওলোৱালৈ কংকনক ধৈৰ্য্য ধৰিবলৈ কৈছে।

স্বামীৰ মুখে শুনা মতে এই বছৰৰ মাজ ভাগলৈ বিজ্ঞাপন ওলাব। সাক্ষাৎকাৰত হাজিৰ হ’লেই কংকনে নিয়মীয়া চাকৰিত মকৰল হ’ব পাৰিব।ভনিতাই বেৰত আঁৰি থোৱা কেলেণ্ডাৰখনলৈ চকু দিয়ে। কেলেণ্ডাৰৰ পাতৰ পৰা দুটা মাহহে উকলি গ’ল। খবৰ কাগজত বিজ্ঞাপন কৰিবলৈ এতিয়াও চাৰিটা মাহ বাকী আছে।

“কি হ’ব প্ৰভু তুমি আমাৰ পিনে চকু দিবা আৰু?” 

…..বুলি ঈশ্বৰৰ নাম জপে ভনিতাই। পাকঘৰৰ কামৰপৰা আজৰি হৈ তাই মানুহ জনক ফোন কৰি প্ৰেগা নিউজ কিট এটা আনিবলৈ কয়।

আবেলি কংকন অহাৰ পিছত ভনিতাই বমি ভাব হৈ থকা কথাটোৰ লগতে ওকালিয়াই থকা কথাটো অসন্তোষ মনেৰে কয়। ভনিতাৰ চিন্তাক্লিষ্ট মুখৰ বিপৰীতে কংকনৰ চেহেৰা স্ফূৰ্ত্তিত উজ্বলি উঠে, 

“হাৰে তুমি ইমান উদাস কিয় হৈছা? আমাৰ মাজলৈ যদি দ্বিতীয় সন্তান এটা আহে আহিবলৈ দিয়া। মই দায়িত্ব ল’বলৈ সাজু আছোঁ নিতা। যোৱা এই কিটটো লৈ বাথৰূমত পৰীক্ষাটো কৰি আহা। টেনশ্যন নল’বা। ঈশ্বৰে সকলো মিলাব চাবা।” 

স্বামীৰ পৰা ইতিবাচক সঁহাৰি পায় ভনিতা আশ্বস্ত হ’ল।বাথৰূমত সোমাই প্ৰস্ৰাৱ পৰীক্ষা কৰি দুডাল ৰঙা চিহ্ন দেখা পালে। কংকনক পজিটিভ বুলি কওঁতে সি বহুত সুখী হ’ল।

পিছদিনা আবেলি কংকনে ভনিতাক টাউনৰ নাম থকা প্ৰসূতি বিশেষজ্ঞ ডাক্তৰ অমল গোহাঁইৰ ওচৰলৈ লৈ যায়। তেখেতে ভনিতাক চাই চিতি সোনকালেই চন’গ্ৰাফী কৰিবলৈ পৰামৰ্শ দিয়ে।তিনিদিনৰ পিছতে অফিচৰপৰা ছুটী লৈ কংকনে ভনিতাৰ চন’গ্ৰাফী কৰালে। সেইদিনা আবেলিয়ে ডাক্তৰক ৰিপ’ৰ্টটো দেখুৱাই ল’লে। ডাক্তৰে সকলো ঠিকে থকা বুলি জনালে।

এদিন দুদিনকৈ ভনিতাৰ ঔৰসত থিতাপি লোৱা শিশুটি পাঁচমাহত ভৰি দিলে। তেনেতে এদিন দুপৰীয়া ভনিতা বাথৰূমত প্ৰস্ৰাৱ কৰিবলৈ  যাওঁতে প্ৰস্ৰাৱৰ লগত ৰঙা তেজৰ সোঁত এটা ওলাই অহা লক্ষ্য কৰে। তেজ দেখি ভনিতা উচপ খাই উঠিল। ভয়তে তাইৰ মুখ টেমিটোৰ দৰেই হ’ল। লৰালৰিকৈ কংকনক ফোন কৰি মনৰ অস্থিৰতা জনাই দিলে। 

কংকনে ক’লে……

“এতিয়া অলপ আৰাম কৰি থাকাচোন।আবেলি ডাক্তৰৰ ওচৰলৈ যাম দিয়া।”

কংকনে পত্নীক চিন্তা নকৰিবলৈ ক’লে যদিও নিজে কিন্তু শান্তিত থাকিব নোৱাৰিলে।পাঁচ বজাত অফিচ ছুটীৰ লগে লগে ঘৰলৈ ঢপলিয়াই আহিল। ডাক্তৰক সকলো কথা বিৱৰি কোৱাত তেওঁ ভনিতাক পৰীক্ষা কৰি চশমাযোৰ চকুলৈ সামান্য ঠেলি অলপ গহীনকৈ মাত উলিয়াই ক’লে,”

“মিষ্টাৰ বৰঠাকুৰ, এই সময়ত তেজৰ চেকুৰা নিগৰি অহাটো বৰ ভাল লক্ষণ নহয়।আপুনি এবাৰ মিছেছৰ চন’গ্ৰাফী এখন কৰাই ল’ব। যিমান দূৰ সম্ভৱ পত্নীক বিশ্ৰাম ল’বলৈ দিয়ক। দৌৰা দৌৰি কৰি থাকিলে পেটৰ শিশুটিয়ে কষ্ট পাব। ভয় খাব নালাগে।তেখেতে নিজৰ কাম কৰি থাকিব পাৰিব। মাথোঁ উঠা-নমা, হালি বস্ত অনা কামবোৰ কৰাৰপৰা বিৰত থাকক। মই আছোঁ নহয়। সময়ে সময়ে চেক আপত আহি থাকিলেই হল।”

 শেষৰ কথাখিনি কওঁতে ডাক্তৰৰ ওঁঠত হাঁহি এটা বাগৰি গ’ল।

     

পিছদিনাখনেই কংকনে ভনিতাৰ আল্ট্ৰাচাউণ্ড কৰাই ল’লে। গোহাঁই দেৱক সন্ধিয়া ৰিপ’ৰ্ট দেখুওৱাতে তেখেতে আগদিনাখনৰ কথাখিনিকে পুনৰ দোহাৰিলে। ঘৰলৈ আহি কংকনে ভনিতাৰ লগত আলোচনা কৰি গাঁৱৰ ঘৰৰপৰা মাকক অনাৰ কথাকে ভাবিলে।নতুনকৈ আহিবলগীয়া আলহীৰ উপৰিও সোণৰ লালন-পালনৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত লোৱা হয়। 

ভনিতাৰ শাহুমাকজনী বৰ সাদৰী। তেওঁ আহিয়েই ঘৰৰ সকলো দায়িত্ব চম্ভালি লোৱাৰ সমানে সোণৰো যত্ন পূৰামাত্ৰাই ল’লে। ৰন্ধা-বঢ়া, ঘৰ সৰা, সোণক গা ধুওৱা, মাজে মাজে সৰু হৈ তাইৰ লগত খেলা সকলোবোৰ কামেই ষাঠিৰ ঘৰত ভৰি দিয়া মানুহগৰাকীয়ে আন্তৰিকতাৰে কৰি গ’ল। ভনিতাৰ আকৌ শাহুৱেকে কাম কৰি থকা দেখিলে মনটো ইচাট-বিচাট কৰে।তাইয়ো শাহুমাকৰ হাত ধৰিবলৈ যায়। তাইক কাম কৰিবলৈ অহা দেখিলে শাহুৱেকে মৰমৰ ধমক দিয়ে,

“নিতা তুমি এইবোৰ কৰিব নালাগে নহয়। মই আছোঁতো। এই চাৰি মাহ তুমি অন্ততঃ আৰামত থাকা। পিছত তুমিয়েই কৰিবা, হব।” 

মাকৰ ভাষ্যই তাইক সকাহ দিয়ে।

শাহুৱেক আকৌ তিনি দিনমানৰ কাৰণে ঘৰলৈ যায়।দেউতাকো অকলশৰীয়া যে। সেইকেইদিন ভনিতাৰ মাক নহ’লে ভনীয়েক আহে। তাৰ মাজতে কংকনে যোৰহাট বিশ্ববিদ্যালয়ৰ বিজ্ঞাপন অনুসৰি আবেদন জনাই ইন্টাৰভিউ দিও আহিল। ইন্টাৰভিউ আশানুৰূপ হোৱাত কংকন বহুত সুখী।

গা গধূৰ লগা, ইকাটি-সিকাটি হ’বলৈ কষ্ট পোৱা সময় চমু চাপি আহে ভনিতাৰ। অৱশেষত সময়ৰ আগতে মানে ২৮০ দিন হ’বলৈ দহদিন থাকোঁতেই সাত অক্টোবৰ তাৰিখে দুপৰীয়া ডেৰ বজাত চিজাৰিয়ান পদ্ধতিৰে ভনিতাই কন্যা সন্তান এটি প্ৰসৱ কৰে। দুঘন্টা পিছত কণমানিজনীক মাকৰ ওচৰলৈ নিয়া হয়। ভনিতাৰ শাহুৱেক, তাইৰ মাক-দেউতাক ভনীয়েক সকলোৱে সুস্থ সৱল তিনি কিলো ওজনৰ নৱজাতিকাৰ ভূমি পদাৰ্পণক লৈ হৰ্ষোল্লাষ কৰে।চিকিৎসালয়ৰ কৰ্মচাৰীসকলৰ মাজত মিঠাই বিতৰণ কৰে।

কংকনে মাকৰ কাষত শিশুটিক দিয়াৰ পিছতে কেন্টিনতে ভাত দুটামান খাই আহে। শাহু-শহুৰ আৰু মাককো কিবা অলপ খাই আহিবলৈ ঘৰলৈ পঠিয়াই দিয়ে।সন্ধিয়া ছয় বাজি দহ মিনিট পাৰ হোৱাৰ পিছত ককাকৰ লগত সোণ আহে ভনীয়েকক চাবলৈ। তাই আহিয়ে ভনীয়েকক মাকৰ কাষত দেখি ফূৰ্তিত চিঞৰি উঠে,

“অ’ মা এয়া জোন ন। জোন আহিছে। মোৰ লগত খেলিবনে? মোক কি বুলি মাতিব?”

ভনিতাই সোণৰ মুখে ইমান মৰম ভৰা কথা শুনি তাইক সোঁহাতেৰে মূৰত লাহেকৈ হাতখন বুলাই দিয়ে,

“অ সোণ,এয়া জোন।তোমাৰ ভনী।তোমাক বা বুলি মাতিব সোণ। তুমি খেলিবা দেই।” 

কংকনে ওচৰৰ প্লাষ্টিকৰ চকীত বহি দুই বাই-ভনীৰ প্ৰথম মিলনৰ ফটোবোৰ ম’বাইলত বন্দী কৰাত ব্যস্ত হ’ল। ঠিক সেই সময়তে কংকনৰ ফোনটো বাজি উঠিল। অলপ আঁতৰি কংকনে ফোন ৰিচিভ কৰিলে।

“কি কৈছা ঋষি, মই মই চিলেক্ট হৈছোঁ। তুমি সচাঁই কৈছাতো। অ’ মাই গড্ কিমান যে ভাল লাগিছে দোষ্ট তোমাক বুজাব নোৱাৰিম।মোক বৰ ডাঙৰ সুখবৰ এটা দিলা দেই। অ’হ অ’হ আজি হ’ল। ছোৱালী বুইছা। ডেৰ বজাত। অ’ অ’ মাক আৰু বেবী ঠিকেই আছে।”

কংকনৰ কথোপকথন শুনি ভনিতাই কিবা যে ভাল খবৰ আছে সেইটো ঠিক বুজিলে।ফোন সামৰি কংকন ভনিতাৰ ওচৰলৈ আহে। মুখৰ হাঁহি বন্ধই হোৱা নাই।

“নিতা, মোৰ জান, মই চাকৰিটো পালো জানা। এইমাত্ৰ ঋষিয়ে ক’লে। আস্ আজি মই বহুত সুখী।নিতা এই সুখ মোৰ লখিমী জোনজনীয়ে আনিছে। তাইৰ আগমনে মোৰ জীৱনলৈ জোনাকৰ পোহৰ কঢ়িয়াই আনিছে।মোৰ জীৱনৰ এটা লক্ষ্য পূৰণ হ’ল বুইছা।” 

কথাখিনি কৈ কংকনে কণমানিজনীৰ হাততে লাহেকৈ চুমা যাচে।এই দৃশ্য চাই ভনিতাৰ বুকু শাঁত পৰি যায়।সেইসময়তে বাহিৰৰ পূৰ্ণিমাৰ জোনটোৰ পোহৰ অকণ ভেন্টিলেটৰেদি সোমাই জোনৰ মুখতে পৰিল।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *