টুচু পৰৱ-ড° মৃদুস্মিতা ফুকন
চাহ শ্ৰমিকসকলৰ মাজত বহু প্ৰচলিত এক পৰৱ হৈছে টুচু পৰৱ বা টুচু পূজা।অসম ভূমিত মাঘ বিহু নামে জনাজাত এই পৰৱ প্ৰধানত: নাৰীকেন্দ্ৰিক যদিও পুৰুষসমাজেও ইয়াৰ ৰং-ৰহইচত ভাগ লয়।মাঘ বিহুৰ লগত সামঞ্জস্য থকা এই পৰৱৰ সুন্দৰ বুৰঞ্জীমূলক আখ্যান আছে।ভাৰতবৰ্ষৰ খিলজি বংশৰ প্ৰতাপী ৰজা আলাউদ্দিন খিলজিয়ে সুন্দৰী ৰাণী পদ্মিণীৰ লোভত চিতোৰ আক্ৰমণ কৰে।সাহসী পদ্মিণীয়ে শত-সহস্ৰ ৰমণীৰ লগলাগি ‘জহৰব্ৰত’ গ্ৰহণ কৰে।আলাউদ্দিন খিলজিয়ে তেনে সময়তে পঞ্জাৱৰ ৰজা বীৰবলৰ কন্যা ৰুক্মিণীৰ ৰূপ-গুণৰ কথা শুনি তেওঁৰ সৈতে বিয়াৰ প্ৰস্তাৱ আগবঢ়ায়।মুছলমান ৰজাক নিজ কন্যাক বিয়া দিব লাগিব বুলি ভাবি ভয়তে ৰজা বীৰবলে সপৰিয়ালে আত্মগোপন কৰে আৰু ছোটনাগপুৰৰ চাওতালসকলৰ পৰামৰ্শমতে ছদ্মবেশ ধৰি নিজকে চাওতালী লোক বুলি পৰিচয় দি সাৰি যায়।এইদৰে আত্মগোপন কৰি থকাৰ সময়তে ৰুক্মিণীয়ে টুচুমণি নাম লৈছিল।সময়ত টুচুমণিৰ সীতাৰাম নামৰ ৰজা এজনৰ সৈতে বিবাহ হয় যদিও বিয়াৰ কেইমাহমানৰ পাছতে পুহমাহৰ সংক্ৰান্তিৰ দিনা সীতাৰাম মৃত্যুৰ মুখত পৰে।মকৰ সংক্ৰান্তিৰ এই নিশাটো ইষ্ট-মিত্ৰ সকলোৱে টুচুমণিৰ লগতে উজাগৰে থাকি মৃতকৰ কাষতে বহি থাকে।সেয়ে আজিও মকৰ সংক্ৰান্তিৰ নিশা চাহ-জনজাতিৰ লোকসকলে উজাগৰে থাকি টুচুৰ মৰ্মবেদনা উপলব্ধি কৰি টুচু জাগৰণ হিচাপে পালন কৰে।সেইকালত সতী যোৱা প্ৰথাৰ প্ৰচলন থকাৰ বাবে সুৱৰ্ণ নদীৰ পাৰত টুচুমণিও স্বামীৰ চিতাত দাহ যাবলগা হৈছিল।তেতিয়াৰেপৰা সুৱৰ্ণ নদীৰ পাৰৰ সেই ঠাইডোখৰ টুচুঘাট নামেৰে জনাজাত হ’ল।কোনো কোনোৱে তাক সতীঘাট বুলিও কয়।প্ৰতি বছৰে মকৰ সংক্ৰান্তিৰ দিনা তাত বিৰাট মেলা হয়।
বৰ্তমান অসমতো টুচু এক উৎসৱ বা পৰৱত পৰিণত হৈছে।এই পৰৱক দুভাগত ভগাব পাৰি- এটা ঘৰত আৰু আনটো নদীৰ ঘাটত।পুহমাহ সোমালেই যুৱতীসকল গাঁৱৰে এঘৰত গোট খায় আৰু তাতে আলোচনা কৰি তেওঁলোকৰ মাজৰে এজনীক টুচুৰ মা পাতে। টুচুৰ মায়েই গোটেই টুচু জাগৰণটো পৰিচালনা কৰে। সাধাৰণতে টুচুৰ মাৰ ঘৰতেই টুচুক প্ৰতিষ্ঠা কৰে। সেইদিন ধৰি শেষৰ দিনালৈকে গীত-বাদ্যেৰে সদায় সন্ধিয়া টুচুৰ অৰ্চনা কৰে।কুলি বা ম’ৰা চৰাইত উঠি, হাতত ছাতি আৰু কলহ লোৱা টুচুৰ চৌড়ল বা মূৰ্তি তৈয়াৰ কৰি টুচুক অৰ্চনা কৰা হয়।টুচুৰ চৌড়লৰ ভিতৰত এটা গোবৰৰ প্ৰতিমূৰ্তি ৰাখে।টুচুক পূজা-অৰ্চনা কৰিবৰ বাবে নিতৌ সন্ধিয়া ফল-মূল, আখৈ আদি দিয়া হয়। পুহ মাহৰ শেষৰ ৰাতিটো ডেকা-গাভৰুহঁতে উজাগৰে থাকি টুচুৰ গীত গায়, কোনো কোনোৱে নাচেও।ৰাতিপুৱাৰ লগে লগে টুচুৰ মূৰ্তিটো টুচুৰ মাকগৰাকীৰ মূৰত তুলি দি আটায়ে নদীৰ ঘাটলৈ যায়।যাওঁতে বাটত ঘৰে ঘৰে সোমাই টুচুক ফুৰায়। মানুহে টুচুক পূজা-অৰ্চনা কৰে আৰু তিল-পিঠা খায়।
চাহ শ্ৰমিকসকলৰ মাজত বছৰৰ কেৱল মাঘ মাহতেই তিল-পিঠা খোৱাৰ পৰম্পৰা আছে।সেয়ে পুহৰ সংক্ৰান্তিৰ এই উৎসৱক তিল-সাঁকৰাইও বোলে।টুচু পূজা ভালদৰে কৰিলে বছৰটোত খৰ-খজুৱতি নহয় বুলি এক জনবিশ্বাস আছে। টুচু পৰৱত পিঠা-পনাৰ লগতে কাঠ-আলু (কাম আলু) আৰু মিঠা আলু (চক্কৰ কান্দা) আদি খোৱাৰো নিয়ম আছে।
টুচুক সকলোৰে ঘৰত ফুৰোৱাৰ পাছত নদীৰ ঘাটলৈ নিয়া হয়।নৈৰ ঘাটত বিভিন্ন ঠাইৰপৰা অহা টুচুৰ দল গোট খায় আৰু তাতে তেওঁলোকৰ মাজত গীত-মাত আদিৰ প্ৰতিযোগিতা হয়।শেষত সকলোৱে টুচুক নৈত বিসৰ্জন (ভাসান) দিয়ে।নৈৰ ঘাটতে জলদেৱতাক সাক্ষী কৰি বহুতে সেইদিনা সখী পাতে।তাকে ‘ফুল-প্ৰাণ’ সখী পতা বোলে।সেইদিনা পুৱাই গা নুধুলে পৰজন্মত গাহৰি জনম পাই বুলি চাহ শ্ৰমিকসকলৰ মাজত এক লোক-বিশ্বাস আছে।এনেদৰে এই ‘ফুল-প্ৰাণ’ আৰু টুচু সম্পৰ্কে চাহ শ্ৰমিকসকলৰ সমাজত অনেক কিংবদন্তী আছে।
*******