তথাপিও হোৱা নাই ক্লান্ত-গীতামনি দত্ত

মাৰ ঘৰৰ কাষৰ বাৰীখন উদং হৈ বহু দিন পৰি আছিল।প্ৰায় তিনি কঠামান মাটি হ’ব!আমাৰো ভাল লাগে ঘৰৰ কাষতে খালী বাৰীখন থকাৰ বাবে কাৰণ গৰমৰ দিনত ৰিব্ ৰিব্ কৈ বৰ সুন্দৰ মলয়া বতাহ এজাক গাত লাগে,মনটো শাত পৰি যায়।ঠিক তেনেকৈ শীতৰ দিনতো আগফালৰ বাৰাণ্ডাখনত গোটেই দিনটো ৰ’দ জাক পৰি থকাত গোটেই পৰিবেশটোৱেই ফৰকাল হৈ থাকে।কেতিয়াবা মনতে ভয়ো লাগে জানোচা বাৰীখনত মস্ত ওখ পকী বেৰ এখন দিলে কি হ’ব!আনৰ বাৰী,ক’বতো নোৱাৰি কেতিয়া কি কৰে।বাৰীখন আন কাৰো নহয়, আমাৰ সকলোৰে হিয়াৰ আমঠু জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পৰিয়ালৰ লোকৰ। 

এদিন মন কৰিলোঁ বাৰীখনত খেৰ বাঁহ অলপ পেলাইছে।সুধি-পুছি গম পালো বাৰীখনত ৰখীয়া হিচাপে চকীদাৰ এজন থাকিব।সৰুকৈ ঘৰ মানে ঠিক ঘৰ বুলি ক’ব নোৱাৰি,এটা কোঠালিৰ জুপুৰি ঘৰ এটা সাজিলে। ভোলাগুৰি চাহ বাগানখন এই বাৰীখনৰ মালিকৰ।ৰখীয়া হিচাপে অহা মানুহজনো সেই ভোলাগুৰি চাহ বাগানখনতে চকীদাৰৰ কামেই  কৰিছিল।মানুহজন প্ৰথমে অকলশৰে আহি ঘৰটোত থাকিবলৈ ল’লে।বৰকৈ মাতবোল হোৱা নাই।কথা পাতি গম পালো তেওঁৰ পৰিয়াল ভোলাগুৰিৰ বাগানতে আছে আৰু তেওঁ ইয়াত অকলে থাকিব।কেইমাহমান যোৱাৰ পাছত এদিন হঠাতে পুৱা মন কৰিলো বাৰীখনত থকা পুৰণি কুৱাঁটোৰ পাৰত চৈধ্য-পোন্ধৰ বছৰীয়া ছোৱালী এজনীয়ে কাঁহী-বাতি ধুই আছে।খীন-মীন মৰম লগা ছোৱালীজনী।ৰাতিপুৱা ঠিক নমান বজাত ছোৱালীজনীক চকীদাৰজনে চাইকেলত উঠাই স্কুললৈ লৈ যায়,আকৌ আবেলি তিনি বজাত চাইকেলত উঠাই ঘৰলৈ লৈ আহে।ছোৱালীজনীয়ে স্কুল ইউনিৰ্ফমৰ মেখেলা-চাদৰযোৰ বৰ পৰিপাটিকৈ পিন্ধে। তললৈ মূৰ কৰি যায় আৰু আহে।মাতিম বুলি মনতে ভাবিলেও মতা হোৱা নাই কাৰণ মাতিবলৈ তাই চকুলৈকে নাচায়।এই অহা-যোৱা কৰা দৃশ্যটো মোৰ প্ৰায়ে চকুত পৰে।নতুনকৈ আহিছে,কথা-বাৰ্তা তেনেকৈ হোৱাই নাই। এদিন চকীদাৰজনক ছেগ বুজি দাদা বুলি মাত লগালো; বয়সত যিহেতু আমাৰ এওঁতকৈ ডাঙৰ গতিকে দাদা বুলিয়েই সম্বোধন কৰিলো।মোৰ মাত শুনি তেওঁ আমাৰ পকী ৱালখনৰ কাষলৈ চাপি আহি মোক বাইদেউ বুলি মাত এষাৰ দিলে।তেওঁৰ পৰাই জানিব পাৰিলোঁ ছোৱালীজনী তেওঁৰেই ছোৱালী।তাইৰ ওপৰত ল’ৰা এটা,ছোৱালী এজনী আছে আৰু তাইৰ তলত আৰু তিনিটা।ল’ৰা তিনিটা,ছোৱালী তিনিজনী।মুঠতে ছয়টা। তেওঁ লগত থকা ছোৱালীজনীক ইয়াৰে মিছন চাৰিআলিত থকা বালিকা বিদ্যালয়খনত নৱম শ্ৰেণীত নাম লগাই দিছে।মই তেওঁক সুধিলোঁ…… মাজতে লৈ আনিলে যে!এতিয়াও বছেৰেকীয়া পৰীক্ষালৈ বহুদিন বাকী আছে।তেওঁ হুমুনিয়াহ কাঢ়ি ক’লে……

: বাইদেউ এইবোৰ বহুত কথা,পাছে পৰে এদিন ক’ম। ময়ো দুদিন চিনাকি মানুহজনৰপৰা জানিবলৈ ইমান উৎসাহ নেদেখুৱালোঁ।

                                   (২)

এদিন দেখিলোঁ গোটেই পৰিয়ালটো তেজপুৰলৈ গুচি আহিল।মই আমাৰ এওঁক ক’লো…….

“ছয়টা ল’ৰা-ছোৱালী আৰু মাক দেউতাকক লৈ মুঠ আঠজনীয়া পৰিয়ালটো কেনেকৈ থাকিব একোঠলীয়া জুপুৰি ঘৰটোত!আমাৰ দেখোন হয় মানে নাটে ..!

আমাৰ এওঁ ক’লে অসমীয়াৰ নিচিনা নহয় বাহিৰৰ মানুহবোৰ।তেওঁলোকে যি কোনো পৰিস্থিতিতে সুন্দৰকৈ চলি যাব পাৰে।ময়ো কেইদিনমানৰ পাছত মন কৰিলো কথাটো মিছা নহয়।অতসোপা ল’ৰা-ছোৱালীয়ে সংসাৰখন সুন্দৰ কৈ চলি আছে ।

                                   (৩)

এদিন সন্ধিয়া মানে ছয়-সাতমান বাজিছে;পঢ়াবৰ কাৰণে ল’ৰা-ছোৱালীহালক লৈ পঢ়াৰ টেবুলত বহিছো । তেনেতে শুনিলো অলপ ডাঙৰকৈ কথাৰ তৰ্কা-তৰ্কি লাগিছে।খিড়িকীৰ পৰ্দাখন ডাঙি চকা-মকা পোহৰত দেখিলোঁ কাষৰ চকীদাৰজনৰ চোতালত কেইবাটাও ডেকা ল’ৰাই দেউতাক মানে চকীদাৰ জনৰ লগত তৰ্কা- তৰ্কি লাগি আছে।বৰ ভালকৈ চিনা পৰিচয় হোৱা নাই বাবে মই কথাবোৰত ইমান গুৰুত্ব নিদি খিড়িকীৰ পৰ্দাখন ভালকৈ টানি ল’ৰা-ছোৱালীহালক পঢ়োৱাত মনোযোগ দিলো।ৰাতিপুৱা চোতাল সাৰি থাকোঁতে চকীদাৰজনৰ পৰিবাৰ মানে ছোৱালীজনীৰ মাকে ৱালখনৰ ওচৰলৈ আহি সিপাৰৰপৰা মাত ল’গালে….

:বাইদেউ……

মই চোতাল সৰাৰপৰা মূৰ দাঙি হাতত বাঢ়নীটো লৈ ৱালখনৰ ওচৰ চাপি গৈ কি কাৰণে মাতিছে সুধিলো।

: বাইদেউ আজি আমাৰ মাজু ছোৱালী হিমাৰ বিয়া।

মই আচৰিত হৈ সুধিলো…….

: কি ইমান সৰু ছোৱালীজনী যে বিয়া দিবলৈ ওলালে! দৰা ক’ৰ?

: ল’ৰাজন আপোনালোকে চিনি পায়।আমাৰ ঘৰৰ পাছফালে থকা ৰাঙলী বাইদেউৰ ল’ৰা ভাইটিৰ লগত।

মোৰ মুখৰপৰা এটাও শব্দ নোলাল কাৰণ ভাইটিক মই ভালদৰে চিনি পাওঁ।ভাইটিৰ দেউতাকো আমাৰ পাছফালে থকা মাটিডোখৰৰ চকীদাৰ।তেওঁলোকৰো নিজৰ ঘৰ-দুৱাৰ নাই।ভাইটিয়ে অৱশ্যে আৰ্মী কেনটিন এখনত চাকৰি কৰে।গ্ৰাহকক চাহ-তাহ দিয়ামেলা কাম। হোটেলৰ ভাষাত ‘বই’ বুলি কয়।সি ৰাতিপুৱাই সাত বজাত কেনটিনত উপস্থিত হ’ব লাগে আৰু সন্ধিয়া পাঁচ বজাত ছুটী।কিন্তু কি হ’ব বিয়াৰ পাছত কামলৈ পিঠি দিলে।মাজে মাজে সময়মতে কামত উপস্থিত নোহোৱাৰ বাবে শেষত গৈ কৰি থকা চাকৰিটোও হেৰুৱালে।ঘৰৰ সকলোৱে হেনো ন-কইনাকে দোষ দিলে।শাহুৱেকে হিমাক নানা ধৰণৰ কথা শুনাই থাকিবলৈ ল’লে।তাতে ভাইটিহঁত কছাৰী সম্প্ৰদায়ৰ।হিমাহঁতৰ ঘৰৰ লগত আচাৰ-ব্যৱহাৰো নিমিলে।তেওঁলোকৰ কাৰণে ঘৰতে তৈয়াৰ কৰা সাঁজপানী খোৱাটো একেবাৰে সাধাৰণ কথা।এসাঁজ খালে আন এসাঁজৰ চিন্তা।কাম বন নকৰি ঘৰত বহি সময় কটালে তেনে হ’বই ! 

                                  

                                   (৪)

লাহে লাহে ভাইটিৰ আচল স্বৰূপটো হিমাহঁতৰ পৰিয়ালৰ মানুহে গ’ম পোৱা হ’ল।হিমাৰ দেউতাকে জোঁৱায়েকক মাতি আনি বহুত বুজালে।কিন্তু ভাইটিৰ উৎপাত আগতকৈ বেছিহে হ’ল।সি হিমাক মাৰ-পিট কৰিবলৈও কুন্ঠাবোধ নকৰা হ’ল।সদায় সন্ধিয়া মদ খাই অবাইচ মাতেৰে ওচৰ চুবুৰীয়াকো মাজে মাজে গালি-গালাজ কৰে।নিজৰ অপমান হোৱাৰ ভয়ত বহুতে তাৰপৰা আঁতৰি ফুৰে।হিমাৰ মাকে জোঁৱায়েকৰ কথাবোৰ মোৰ আগত কৈ দুখ কৰে।ময়ো এদিন খঙতে হিমাৰ মাকক ক’লো……..

“কি দেখি ইমান সৰু ছোৱালীজনীক ভাইটিলৈ বিয়া দিলে,সি এটা মস্ত মদপী।তেতিয়া হিমাৰ মাকে ক’লে….

: এইবোৰ বহুত কথা।উপায় নাই বাবেহে বিয়া দিব লগা হ’ল।

হিমাই ভোলাগুৰিত থাকোঁতে অসমীয়া ল’ৰা এটা ভাল পাইছিল।সেই ল’ৰাটোও মদ খাই য’তে ত’তে মাৰপিট কৰি উৎপাত কৰে।সেইকাৰণে লৰালৰিকৈ তেজপুৰৰ স্কুলত নাম লগাই দিলে।

: আপোনালোকে হয়তো শুনিছিল হিমাৰ বিয়াৰ আগদিনা যে কেইটামান ল’ৰা আহি চোতালত হিমাৰ দেউতাকৰ লগত তৰ্কাতৰ্কি কৰিছিল।তাৰে এটা ল’ৰাই সেন্দূৰৰ টেমা এটা লৈ আহিছিল;হিমাক হেনো সি সেন্দূৰ পিন্ধাব।

: ক’ৰ ল’ৰা?আমি কাকো চিনি নাপাওঁ,একমাত্ৰ হিমাৰ বাহিৰে।

তাইনো তেজপুৰলৈ অহা কেইদিন হৈছে ল’ৰাৰ লগত চিনাকি হ’বলৈ!ৰাঙলী বাইদেউৱে ল’ৰাৰ কাৰণে ছোৱালী বিচাৰি আছিল।তেওঁলোক একেষাৰতে মান্তি হ’ল।মই মনতে ভাবিলো দেখাত নিমাখিত যেন লগা ছোৱালীজনীয়ে তলে তলে কি কাণ্ড কৰি আছে! সেইবাবে হিমাৰ দেউতাকে ভয়তে একো নভবা- নিচিন্তাকৈ হিমাক ভাইটিলৈ বিয়া দি দিলে।এতিয়াহে বুজি পালোঁ লৰালৰিকৈ কিয় বিয়া দিলে।হিমাৰ বায়েক মীৰা আকৌ সম্পূৰ্ণ ওলোটা।তাই আহিয়েই দুই-এদিনতে কথাবতৰা পাতি মোৰ লগত একেবাৰে ঘৰুৱা হৈ পৰিল । কিন্তু বায়েকতকৈ আগতে অহা হিমাই তেতিয়ালৈকে আমাক মাত এষাৰ দিয়াৰো সুবিধা দিয়া নাই।তাই তললৈ মূৰ কৰি স্কুললৈ যায় আৰু আহে । কাৰো লগতে মাতবোল নকৰে।সেই ছোৱালীজনীয়ে তলে তলে এনে কাম কৰিব পাৰে বুলি ভাৱিবই নোৱাৰি।মানুহৰ সদায় দেখি থকা ৰূপটো সঁচা নহ’বও পাৰে।তাৰে উদাহৰণ হিমা।যি কি নহওক ইমান কম বয়সৰপৰাই বিয়াৰ পাছত হিমাৰ সংগ্ৰামী জীৱন আৰম্ভ হ’ল।

                                   (৫)

হিমা যে মাক হ’বলৈ ওলাইছে খবৰটো হিমাৰ মাকে মোক জনালে।পোন্ধৰ-ষোল্ল বছৰীয়া হিমাই ইমান কষ্টৰ মাজতে ছোৱালী এজনী জন্ম দিলে।শাহুৱেকে ঘৰতে দেলিভাৰী কৰালে।মোক বাটতে লগ পাই হিমাৰ শাহুৱেকে ক’লে যে বয়স কম হোৱা হেতুকে কেচুৱা জন্ম দিওঁতে হেনো বোৱাৰীয়েকে একো কষ্ট নাপালে।মই কি ক’ম!….’অঁ’…. বুলি কৈ তাৰ পৰা আঁতৰি আহিলো। খবৰটো পাই মনটো বিষাদৰে ভৰি পৰিল।হিমাৰ যে আৰু কষ্ট  বাঢ়িল,সেই কথাটো ভালকৈ বুজি পালোঁ ।  ইফালে ভাইটিৰ হিমাৰ ওপৰত দিনে দিনে অত্যাচাৰ বাঢ়ি গ’ল।লগত শাহুৱেকৰ ককৰ্থনা আছেই।সহায় কৰিবলৈ কোনো নাই,মাকৰ ঘৰতে দিনৰ দিনটো কিবা এটা খাই কেঁচুৱাটো লৈ সময় পাৰ কৰে।সেইটো গাৰেই মাকৰ ঘৰৰ চোতালত থকা কুঁৱাটোৰপৰা পানী কঢ়িয়াব লাগে। মই কেতিয়াবা আচৰিত হওঁ আৰু ভাবো কি খাই গাত ইমান বল পাইছে!ইপিনে মাকৰ ঘৰৰ অৱস্থা নাই।অতসোপা মানুহ যেনে তেনে চলি আছে।দেউতাকে ওচৰতে থকা স্কুলখনত ছুটীৰ সময়ত চানা ভুজিয়া বিক্ৰী কৰিবলৈ ল’লে।হিমাৰ ককায়েকেও ৰাজমিস্ত্ৰীৰ যোগালি কামত সোমাল।নহ’লে যে চলি থকাটোৱেই টান হ’লহেঁতেন।দেউতাকেও দৰ্মহা এমাহৰ পালে দুমাহৰ নাপায়।আমাৰ কিন্তু অসমীয়া মানুহে এনেকৈ কষ্ট কৰি ঘৰ-সংসাৰ চলাব নোৱাৰে।হিমাৰ দেউতাকে জোঁৱাই ভাইটিক বুজাই বুজাই ভাগৰি পৰিল।কেইবাদিনো ৰাইজ মেলো দিলে কিন্তু ভাইটি  ভাইটি হৈয়ে থাকিল। ভাইটিয়ে মাজে মাজে হাজিৰা কৰিবলৈ নোযোৱা নহয়,যায়।গ’লে কি হ’ব, যি পইচা পাই মদসোপা খাই আৰু বেছিহে উৎপাত কৰে।কেতিয়াবা বন্ধু দুজনমান আনি ঘৰতে মদৰ আড্ডা দিয়ে।আড্ডা ৰাতি দুপৰলৈকে চলে।হিমাই সকলো যোগান ধৰিব লাগে।মুখেৰে কিবা ক’লে মানুহৰ আগতেই মাৰধৰ কৰে।দিনক দিনে খোৱা-বোৱাৰ কষ্টৰ ফলত হিমাৰ স্বাস্থ্য ভাঙি আহিল।নিজেও একো নকৰে তাইকো একো কাম কৰিবলৈ নিদিয়ে।ঘৰৰ মাইকী মানুহে কাম কৰিলে তাৰ হেনো ইজ্জত যাব!এইবোৰেই তাৰ কথা।এনেকুৱা এজন অবুজন মানুহৰ লগত সংসাৰ চলাবলৈ কিমানখিনি ধৈৰ্য্য থাকিব লাগিব সেয়া হিমাক নেদেখিলে ভাৱিবই নোৱাৰি।

                                  (৬)

প্ৰথমজনী ছোৱালীৰ জন্মৰ চাৰি বছৰমানৰ পাছত হিমা দ্বিতীয়জনী ছোৱালীৰ মাতৃ হ’ল।পুনৰ ছোৱালী জন্ম দিয়াৰ অপৰাধত শাহুৱেকে সকলো দোষ তাইৰ ওপৰতে জাপি দিলে।তেওঁ হেনো ল’ৰাহে আশা কৰিছিল।ঘৰখনত ল’ৰা এটা নহ’লে আগলৈ বংশৰ নাম নাথাকিব।গতিকে ল’ৰা এটাৰ প্ৰয়োজন।কিন্তু হিমা এইবাৰ সৰ্তক হ’ল।তাই গৰ্ভ নিৰোধক পিল ভাইটি আৰু শাহুৱেকে গ’ম নোপোৱাকৈ খাবলৈ আৰম্ভ কৰিলে।এই গৰ্ভ নিৰোধক পিলবোৰ আশাকৰ্মী এগৰাকীয়ে যোগান ধৰে বুলি তাই মোক এদিন জানিবলৈ দিলে।কথাটো হিমাই মোক কাকো নক’বলৈ ক’লে।জানিলে ভাইটিয়ে তাইক কেতিয়াও খাবলৈ নিদিয়ে যে তাই ভালকৈ জানে। ইতিমধ্যে হিমাৰ বায়েক মীৰাৰ বিয়া হৈ গ’ল গহপুৰৰ ফালে।দেউতাকে চাই চিতি বিয়া দিছে।ল’ৰা জনৰ স্বভাৱ-চৰিত্ৰ ভাল,ব্যৱসায় কৰে।বিয়াৰ পাছত মীৰাই ভনীয়েক হিমাক দুই-এপদ বস্তু দি মাজে মাজে সহায় কৰে।নিজৰ নাথাকিলে আনে দিয়া সম্পদেৰে কি সংসাৰ তৰিব!মীৰাৰ বিয়াৰ দিনাও ভাইটিয়ে মদ খাই কমখন হুলস্থূল কৰা নাছিল।পাছত যেনিবা হিমাৰ ককায়েকে লগৰ কেইটামানৰ সহায়ত ভাইটিক দম দি আঁতৰাই পঠাইছিল বৰযাত্ৰী অহাৰ আগতেই।নহ’লে অচিনাকি মানুহখিনিৰ ওচৰত লাজ পাব লাগিব।এইবোৰ কথাই মীৰাৰ বৈবাহিক জীৱনত বিধি-পথালি হয় বুলি তেওঁলোকে বৰ ভয় খাই আছিল।পিছে মীৰাৰ মানুহজনে সকলো বুজি পায়।শহুৰৰ ঘৰৰ আচল সঁচা কথাবোৰ সি ঘৰত কেতিয়াও নকয়,মীৰাৰ মুখে গ’ম পালোঁ।সঁচাই মীৰাই ভাল জীৱন সংগী এজন পালে।

                                 (৭)

ইপিনে ছোৱালী দুজনী ডাঙৰ কৰিবলৈ হিমাৰ বহু কষ্ট হৈছিল।ভাইটিয়ে জানি শুনিয়েই এই উৎপাতবোৰ কৰেনে?নিজৰ মতাগিৰী দেখুৱাবলৈ কৰে সেয়া সিহে জানে।ঘৰৰ বস্তুবোৰ দলিয়াই,হাতেৰে ঠেকেচি ভাঙি ছিঙি ঘৰখন একেবাৰে লাওলোৱা কৰি পেলাইছে। এইবোৰ কৰিলে শাহুৱেকে কয় হিমাই মুখেৰে বকি থাকে কাৰণে পুতেকে হেনো খঙৰ ভমকত তেনে কামবোৰ কৰে।ঘৰৰ সকলোৱে পুতেকৰ দোষ নেদেখি হিমাৰে দোষ দেখে।হিমাৰ অৱস্থা দেখি দেউতাকে হিমাক ভাইটিক এৰি দিবলৈ ক’লে।সেই উদ্দেশ্যে পুনৰ ৰাইজ মেল দিলে।সকলোৱে হিমাক বুজালে কিবা এটা কৰি খাই থাকিব পাৰিবি,ভাইটিৰ পৰা আতঁৰি আহ।

: মই আতঁৰি আহিলেও সিতো মোক এৰি নিদিয়ে!মু্ঠতে সি জীয়াই থকালৈকে মই শান্তিত থাকিব নোৱাৰো।

হিমাই ক’লে।

দ্বিতীয়জনী ছোৱালী খুটি খাব পৰা হ’লত হাজাৰ বাধা নেওচি হিমা কামলৈ ওলাই আহিল।চুবুৰীৰে দুঘৰমান মানুহৰ ঘৰত মাহেকীয়া কামত সোমাল।দুই এপইচাৰ মুখ দেখিলেও ভাইটিৰ এইবাৰ হিমাৰ ওপৰত সন্দেহ।মোক বাটতে লগ পাই এদিন হিমাই বৰ দুখেৰে ক’লে………

: খুৰী,এই মানুহটোৰপৰা মোৰ লাজ মান সকলো গ’ল। আজি বুজিছে কামৰ ঘৰলৈ গৈ ‘ৰে….’ , ‘চুৱা চেলেকা’ , আদি অবাইচ মাতেৰে মোক যিহে গালি-গালাজ কৰিবলৈ ল’লে আধা কাম কৰি গুচি আহিবলগীয়া হ’ল। 

হে প্ৰভু!কি মাটিৰে গঢ়া এই হিমাজনী।আমাৰ দেখোন ধৈৰ্য্য বোলা কথাতো একেবাৰে নায়েই।সাধাৰণ সাধাৰণ কথাতে আমি ঘৰত মহাভাৰতৰ যুদ্ধ আৰম্ভ কৰি দিওঁ..!কিন্তু এই হিমাজনীৰ ধৈৰ্য্য অপৰিসীম।গিৰীয়েক আৰু শাহুৱেকৰপৰা ইমানখিনি কথা শুনাৰ পাছতো তাইৰ লগত কথা পাতিলে মুখত হাঁহিটো নুগুচেই।খং কৰা মই তাইক দেখাই নাই ।ইপিনে কামৰ পৰা আহি ঘৰুৱা কামবোৰ আছেই।পৰিয়ালৰ সকলোকে সন্তুষ্ট কৰি ৰাতি আকৌ শোৱাপাটিত গিৰীয়েকক সেই ভাগৰুৱা দেহাটোৱে সকলো সহ্য কৰি যায়।

        

                                    (৮)

হিমাৰ ছোৱালী দুজনী লাহে লাহে ডাঙৰ হ’ল।মাকে সিহঁত দুয়োজনীৰ প্ৰয়োজনীয় অভাৱবোৰ পূৰণ কৰিবলৈ আৰু দুঘৰমানত মাহেকীয়া কাম ল’লে।মই এদিন তাইক সুধিলোঁ……..

: চাৰিঘৰ মানুহৰ ঘৰত কেনেকৈ কাম কৰ?

তাই মোক ক’লে……. 

: খুৰী এঘৰতে এবাৰতে সকলো কাম নকৰোঁ।এবাৰত যদি কাঁহী বাতি ধুওঁ,এবাৰত আকৌ এঘৰত ঘৰখন সাৰি দিওঁ, এনেকৈয়ে দিনটো ইঘৰৰপৰা সিঘৰলৈ তাকুৰী ঘূৰাদি ঘূৰি থাকোঁতে ঘৰ পাওঁগৈ মানে সন্ধিয়া হয়গৈ।

হিমাৰ কামৰ বৰ্ণনা শুনি মোৰ চকু কপালত।হে ঈশ্বৰ!এজনী মানুহে অতসোপা কাম দিনটোত কেনেকৈ কৰে?আনহাতে ঘৰৰ অশান্তিবোৰ আছেই।ইতিমধ্যে ডাঙৰজনীয়ে মেট্ৰিক পাছ কৰি কলেজৰ দেওনাও পাৰ কৰিলে।দুয়োজনীয়ে দেউতাকৰ ভয়ত মোমায়েকৰ ঘৰত থাকে।কিন্তু দুয়োজনীৰ  সকলো খৰচ হিমাই নিজে বহন কৰে।আনৰ ওপৰত নিৰ্ভৰ নকৰে।হিমাৰ কামবোৰ বৰ পৰিপাটি আৰু চাফ-চিকুন।সেইবাবে তাইক সকলোৱে বিচাৰে।কাকো তাই না নকৰে।সময়বোৰ যে কেনেকৈ মিলাই এক মাত্ৰ হিমাইহে জানে।মই মাতি পঠিয়ালে কেতিয়াবা কি ধুনীয়াকৈ মাতে…….

: খুৰী অলপ দেৰি হ’ল দেই বেয়া নাপাব।

তাইৰ মুখৰ হাঁহিটো নুগুচেই।মোৰ কেতিয়াবা নিজৰ ওচৰতে লাজ লাগে,ইমান সৰু সৰু কথাতে অধৈৰ্য্য হৈ পৰোঁ আমিবোৰ।ঘৰৰ বন কৰা মানুহজনী এদিন নাহিলেও মূৰটো গৰম হৈ যায়।ঘৰৰ অতবোৰ কাম কেনেকৈ কৰিম!অথচ হিমাই গোটেই দিনটো ঘৰে ঘৰে কাম কৰিও মুখৰ হাঁহিটো নুগুচেই।

                                     (৯)

এদিন তাই ডাঙৰজনী ছোৱালীক মোৰ ওচৰলৈ লৈ আহিল।

: খুৰী,মোৰ ছোৱালীজনী আপোনাৰ ওচৰত ৰাখক,তাই আপোনাৰ আচাৰৰ ব্যৱসায়ত সহায় কৰি দিব।

মই হ’ব বুলি কোৱাত তাই পুনৰ ক’লে…..

: ঘৰুৱা কামবোৰ শিকাব,আমাৰ ঘৰততো তেনে পৰিবেশ নাই।হিমাৰ ডাঙৰ ছোৱালীজনীৰ নাম মামু । এদিন দেখিলোঁ মামুৰ হাতত তেজ ওলাই যোৱাকৈ এডোখৰ ঘা।

: কি অ’ ক’ত দুখ পালি?

তাই মোক ক’লে গা-ধোৱা ঘৰত বাল্টিত লাগি দুখ পালোঁ।ময়ো ঘৰতে থকা বিষৰ মলম ‘মুভ’ সানি দিলো বিষ টানিবৰ বাবে।পিছদিনা হিমাৰ মুখৰপৰাহে আচল কথাটো জানিব পাৰিলোঁ।মামুৱে লাজতে সঁচা কথা মোৰ আগত কোৱা নাই।হিমাই ক’লে ভাইটিয়ে মোক মাৰিব লওঁতে মামুৰ খং উঠি ওচৰতে থাক টাঙোন এডালেৰে দেউতাকক দুকোব মান লগালে।দেউতাকেও মামুক ঠেলা মাৰি দিলত বাল্টিত লাগি দুখ পালে।সিহঁত দুজনী ডাঙৰ হৈছে,বাপেকৰ কাণ্ডবোৰ একেবাৰে দেখিব নোৱাৰে।মামুৱেতো দেউতাকক নামাতেও আৰু দেউতাকে অনা একো বস্তুৱেই নাখায়।

: খুৰী আপুনি তাইক বুজাবচোন।

তাৰ পাছত হিমাই খঙতে ক’লে……

: ইমান ভাল ভাল মানুহ মৰি গৈছে আমাৰ ই হে মৰিবলৈ দেখা নাই।মদপানী খাই থাকে যদিও বেমাৰ এটাও নাই। খুৰী তাক হাজিৰা কামত নলগাব।সি পইচা পালে মদ খাই আৰু বেছিকৈহে উৎপাত কৰে। ক’লে কয়…..”তোৰ বাপেৰৰ পইচাৰে খোৱা নাই নহয়,নিজৰ পইচাৰে খাইছো।”….. মই মামুক বুজাওঁ বাপেৰক এনেকৈ মাৰপিট নকৰিবি।মদপী মানুহ কেনেবাকৈ মৰিবলৈ হ’লে পুলিচে তোক হে ধৰি জেলত সুমুৱাব।সি কিমান ভাল বেয়া সেইবোৰ বিচাৰ পিছত হ’ব। 

মনতে ভাৱিলোঁ তেনেকুৱা বাতৰিবোৰ টি.ভি আৰু মোবাইলত দেখিলে আমি সকলোৱে গৰিহনা দিওঁ। কথাটো হ’ল পৰিস্থিতিয়ে মানুহক তেনে কৰিবলৈ বাধ্য কৰায়।হিমাৰ ডাঙৰ ছোৱালী মামুৱে নিজৰ উপাৰ্জনৰ পইচাৰে কম্পিউটাৰ ক’ৰ্চ এটা কৰি সৰুকৈ চাকৰি এটাত সোমাই স্কুটি এখন ল’লে। ঘৰৰ যিটোহে পৰিবেশত সিহঁত ডাঙৰ হৈছে,তথাপি আজিৰ দিনত দুয়োজনী ছোৱালীৰ স্বভাৱ- চৰিত্ৰ ভাল।হিমাৰ সৰুজনী ছোৱালী কাকুৱে তেজপুৰৰ দৰং কলেজত স্নাতক দ্বিতীয় বাৰ্ষিকত পঢ়ি আছে।দেউতাকে ভাঙিব পাৰে বুলি স্কুটিখন ঘৰত নথয়,আনৰ ঘৰত থয়।এনেদৰে ঘৰত ভাইটিৰ কাৰণে অশান্তিত থাকিব নোৱাৰি হিমাৰ শাহুৱেক-শহুৰেকে জীয়েকৰ ঘৰলৈ গুচি গ’ল।এইবোৰ হিমাৰ মুখে শুনা কথা।মই মনতে ভাৱিলোঁ যিজনী মাকে পুতেকৰ কোনো কথাতে দোষ নেদেখে,কোনোবাই ক’লেও মাকে মুখ পাতি ধৰে,হিমাইতো একো ক’বই নোৱাৰে…..বিপৰীতে শাহুৱেকে পুতেকক ওচটাই দিয়ে আৰু ভাইটিয়ে হিমাক নানা ধৰণৰ লেতেৰা লেতেৰা অবাইচ মাতেৰে গালি পাৰি মাৰধৰ আৰম্ভ কৰি দিয়ে…. এতিয়া সেই পুতেকৰ বাবেই ঘৰ এৰি যাব ল’গা হ’ল কিয়?সেয়েহে মানুহে  ল’ৰা-ছোৱালীৰ ভুলক কেতিয়াও আঁৰ-বেৰ দি ঢাকি থ’বলৈ  চেষ্টা কৰিব নালাগে।এই ভুলেই আগলৈ গৈ কেতিয়া নিজৰ গালৈকে গধুৰ হ’ব গমেই নাপাব;আজি যিটো হিমাৰ শহুৰ-শাহুৱেকেৰ ক্ষেত্ৰত হ’ল।আমাৰ সমাজত নিজ পুত্ৰই মাক – দেউতাকৰ ওপৰত অত্যাচাৰ কৰিলে আঙুলি পোনে পোনে বোৱাৰীয়েকলৈ যায়।ইমানৰ পাচটো হিমাই শাহুৱেক-শহুৱেকক মৰম আৰু শ্ৰদ্ধা কৰে।

                                (১০)

:কি অ’ হিমা বৰ ধুনীয়াজনী হৈ পৰিছ?

কোৱাৰ লগে লগে কমলাবুলীয়া বেলিটো আহি যেন তাইৰ মুখতে পৰিল।তাইৰ মুখখন লাজতে ৰঙা পৰি গ’ল।

মই পুনৰ ক’লো ভাইটিৰ চেহেৰাটোও আগতকৈ ভাল দেখিছো। স্বামী-স্ত্ৰী দুয়োজনকে মই কেইবাদিনো সন্ধিয়া হাঁহি-মাতি বজাৰলৈ ওলাই যোৱা দেখিছো।হিমাৰ গিৰীয়েক ভাইটিৰ অন্য এটা ৰূপ দেখি মই আচৰিত। আচৰিত হোৱাৰ কথাই।অ’ত বছৰে তাৰ এনে ৰূপ কোনো দিন দেখাই নাই।হাজিৰা কাম কৰিলেও আধাতে কাম সামৰি পইচা লৈ উধাও।অবাইচ মাতেৰে গালি-গালাজ কৰিব পাৰে বুলি ভয়তে একো নকওঁ। সেই ভাইটিৰ ব্যৱহাৰ এতিয়া সম্পূৰ্ণ বেলেগ।হিমাৰ মুখে গম পালো ভাইটিয়ে হেনো মদ খাবলৈ এৰিছে।মাজে মাজে কেতিয়াবা আনে যদিও এঢোক মান খোৱাৰ পাছত খাব নোৱাৰে হেনো।বমি বমি লাগে।এইটো আকৌ কেনেকৈ সম্ভৱ হ’ল ! 

: জানে খুৰী ভাইটিৰ উৎপাত দেখি মানুহ এজনে এদিন মোক দৰৱ এটা আনি দিলে।

মই সুধিলো…..

: কি দৰৱ?

: দৰৱটোৰ নাম হৈছে ‘নিচা মুক্তি’।

তাই হেনো দৰৱটো গিৰীয়েকে গ’ম নোপোৱাকৈ দাইল বা আন তৰকাৰীত মিলাই দিয়ে সি গম নোপোৱাকৈ।গম পালে ফলা খৰিৰে তাইৰ পিঠি যে দবলা-দবল কৰিব সেইটো তাই ভালকৈ জানে।সেয়েহে তাই মোক ক’লে যে কথাটো যেন কাকো নকয়।

: হ’ব দে।মই কাকো নকওঁ।তই চিন্তা নকৰিবি।কথাটো শুনি ভাল লাগিল।এতিয়াৰপৰা অলপ শান্তিত থাকিব পাৰিবি।বিয়া হোৱাৰ দিন ধৰি বহুত কষ্ট কৰিলি।

তাই হাঁহি এটা মাৰি মোক ক’লে……..

: এতিয়া আৰু কি সুখ!বুঢ়ীয়েই হ’লো দেখোন!

: হেৰ’ তোৰনো বয়স হৈছে কিমান!এতিয়াও বুঢ়ী হ’বলৈ বহুত দিন বাকী।

তাই মিচিকিয়াই হাঁহি ক’লে……

: ভাইটিয়ে সিহঁত দুজনীলৈ এতিয়া মাজে মাজে ব্ৰেড-বাটাৰো আনে।

আকৌ ক’লে…..

: জানে খুৰী মোৰ ডাঙৰ ছোৱালী মামুৱে এতিয়া দেউতাকে অনা বস্তু খায় আৰু বাপেকক ‘দেউতা’ বুলিও মাতে।জনা হোৱাৰপৰা মামুৱে ভোকত থাকিলেও দেউতাকে অনা বস্তু নাখায়ো আৰু দেউতাকক ‘দেউতা’ বুলিও মতাও নাছিল।কিন্তু এটা কথা খুৰী।দৰৱটো খাই থাকিব লাগিব।এৰি দিলে হয়তো আকৌ খাব পাৰে।

মই ক’লো তেন্তে দি থাকিবি।

তাই পুনৰ ক’লে……

: খুৰী দৰৱটোৰ দাম অলপ বেছি । 

: কিমান দাম ? 

: দুশ পঞ্চাশ টকা ।

: নিজৰ সুখৰ কাৰণে এইখিনি পইচা খৰছ কৰিব লাগিব।

সঁচাই মদে কিমান যে পৰিয়াল ধ্বংস কৰিছে তাৰ কোনো হিচাপ নাই।

                      _____সমাপ্ত____

Leave a Reply

Your email address will not be published. Required fields are marked *